text
stringlengths
121
187k
ভাৰতত অনুবাদৰ লগত সম্পৰ্কিত সকলো কাৰ্যকলাপৰ কেন্দ্ৰীয় সংগঠন হিচাপে কাম কৰা।\nনানা তথ্যৰ লগতে ডেটাবেছৰ পৰিকল্পনাৰ ক্ষেত্ৰত নানা পৰামৰ্শ আগবঢ়োৱাৰ বাবে বৰোদাৰ ভাষা সংশোধন কেন্দ্ৰৰ প্ৰা. জি এন ডেভীলৈ বিশেষ ধন্যবাদ।\nগ্ৰন্থপঞ্জীৰ কিয় প্ৰয়োজন?\nগ্ৰন্থপঞ্জী হ'ল গ্ৰন্থৰ শৃংখলাবদ্ধ অধ্যয়ন আৰু বিৱৰণ। ই হ'ল গ্ৰন্থৰ এক তালিকা যি তালিকাত থকা গ্ৰন্থসমূহে বিষয়, ভাষা বা সময়কালৰ দৰে এটা উমৈহতীয়া বৈশিষ্ট্য অনুসৰণ কৰে। এনে তালিকাৰ প্ৰকৃতি সৰ্বাত্মক বা নিৰ্বাচনাত্মক হব পাৰে।\nএই গ্ৰন্থপঞ্জী নিৰ্মাণৰ উদ্দেশ্য হ'ল কোনো এটা বিষয়ত উপলব্ধ সামগ্ৰীৰ তথ্যসমূহৰ ব্যৱস্থাপন কৰা যাতে তথ্য-সন্ধানীসকলে সহজতে কোনো বিষয়ৰ তথ্য বিচাৰি ল'ব পাৰে। এই তথ্যসমূহ কোনো গ্ৰন্থৰ সৈতে সম্পৰ্কিত নাইবা সেই কাৰ্যকলাপসমূহৰ ফল। সেইবাবে, এফালৰ পৰা ক'বলৈ গ'লে গ্ৰন্থপঞ্জীয়ে আমাক এখন গ্ৰন্থৰ ইতিহাস সম্বন্ধে জানিবলৈ দিয়ে।\nঅনুবাদ গ্ৰন্থপঞ্জীৰ ডাটাবেছৰ বিকাশ সম্পৰ্কে অধিক জানিবৰ বাবে ইয়াত ক্লিক কৰক\n» অনুকৃতি(CIIL - সাহিত্য একাডেমি আৰু NBT)\n» ভাষা সংশোধন কেন্দ্ৰ (Bhasha Sanshodhan Kendra), বৰোদা\n» ব্ৰিটিছ লাইব্ৰেৰীৰ (British Library) অৰিয়েন্টেল এণ্ড ইণ্ডিয়া অফিচ কালেকচনছ (Oriental and India Office Collections)\n» নানা প্ৰকাশকৰ গ্ৰন্থ তালিকা\n» চেন্ট্ৰেল ৰেফাৰেন্স লাইব্ৰেৰী (Central Reference Library), ক'লকাতা\n» নেচনেল বিবলিঅ'গ্ৰফি অৱ ইণ্ডিয়া লিটাৰেশ্বাৰ (National Bibliography of India Literature -NBIL)\n» চাউথ এছিয়ান ইউনিয়ন কেটেলগ (South Asian Union Catalogue) ইউনিভাৰ্চিটি অৱ চিকাগো লাইব্ৰাৰীৰ (University of Chicago Library) চাউদাৰ্ণ এছিয়া বিভাগ (Southern Asia Dept)\n» ইউনিভাৰ্চিটি অৱ ইলিনইছ (University of Illinois), আৰবানা-চেম্পেইন NTM-এ বৰ্তমান আন বহু উত্সৰ পৰা তথ্য সংগ্ৰহ কৰি আছে আৰু সিবিলাকক 'ডিজিটাইজ' কৰি এই ডেটাবেছত অন্তৰ্ভুক্ত কৰা হ'ব।\nবিভিন্ন প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ গ্ৰন্থপঞ্জী শৈলী ব্যৱহাৰ কৰা দেখা যায়।\nএই আৰ্হিৰ বাবে সবাতোকৈ অধিক ৰূপত ব্যৱহৃত মূলনীতিসমূহ হ'ল - MLA (Modern Language Association) আৰু APA (American Psychological Association)। মডাৰ্ণ লেংগুৱেজ এছ'চিয়েচনৰ আৰ্হি গৱেষণা উত্সৰ উল্লেখ আৰু বিভিন্ন বিষয়ৰ ওপৰত গ্ৰন্থপঞ্জী নিৰ্মাণ কৰাৰ বাবে বহুল ৰূপত ব্যৱহাৰ কৰা হয়। NTM-এ অনন্য সাংখ্যিক চিনাক্তকৰণ ব্যৱস্থা এই শৈলীৰ লগত যোগ কৰি ব্যৱহাৰ কৰিছে।\nNTM-এ বিকাশ কৰা গ্ৰন্থপঞ্জীৰ বৈশিষ্ট্যসমূহ\nNTM-এ বিকাশ কৰা গ্ৰন্থপঞ্জীয়ে অনুদিত সাহিত্যিক আৰু অনা-সাহিত্যিক গ্ৰন্থক সামৰি লৈছে। ইয়াৰ উপৰিও, এই গ্ৰন্থপঞ্জীত ভাৰতৰ সংবিধানৰ স্বীকৃত 22 ভাষাৰ লগতে আন ভাৰতীয় ভাষাসমূহত প্ৰকাশিত অনুদিত গ্ৰন্থসমূহকো অন্তৰ্ভুক্ত কৰা হৈছে।\nআন ভাষাৰ পৰা ভাৰতীয় ভাষালৈ আৰু ভাৰতীয় ভাষাৰ পৰা আন ভাষালৈ অনুদিত গ্ৰন্থ সম্পৰ্কে তথ্য আহৰণ কৰি ডেটাবেছত অন্তৰ্ভুক্ত কৰাৰ আঁচনিও NTM-এ গ্ৰহণ কৰিছে।\nএই গ্ৰন্থপঞ্জী ডেটাবেছৰ যোগেদি NTM-এ এক অনন্য চিনাক্তকৰণ নম্বৰ প্ৰস্তাৱ কৰিছে, যাক ভাৰতীয় ভাষালৈ হোৱা অনুবাদসমূহৰ ISTN (Indian Standard Translation Number) নামেৰে জনা যাব। বিভিন্ন ভাৰতীয় ভাষাত প্ৰকাশিত অনুদিত গ্ৰন্থসমূহৰ সম্পৰ্কে তথ্য সংগ্ৰহেই হ'ল ISTN-ৰ মূল উদ্দেশ্য। এই পদক্ষেপে গৱেষক/বিশেষজ্ঞ/জ্ঞান-অন্বেষকক এটা নিৰ্দিষ্ট ভাষাত এক নিৰ্দিষ্ট বিষয়ত এক নিৰ্দিষ্ট বছৰত প্ৰকাশিত অনুদিত গ্ৰন্থৰ সংখ্যা সম্পৰ্কে এক ধাৰণা প্ৰদান কৰিবলৈ সক্ষম হ'ব।\nNTM-এ এই ডেটাবেছ ৱেব-আধাৰিত কৰি ৰাখিবৰ বাবে সিদ্ধান্ত কৰিছে, যাৰ ফলত ইয়ালৈ অভিগমণ সহজ হৈ উঠিব। লগতে সময়ে সময়ে নতুন তথ্য যোগ কৰি এই ডেটাবেছক উন্নীত কৰা কাৰ্যও সহজসাধ্য হৈ উঠিব।\nআপোনাৰ ওচৰত যদি এনে কিছুমান অনুদিত গ্ৰন্থৰ তথ্য আছে, যিবিলাক এই ডেটাবেছত নাই, তেন্তে আপুনি সেইবিলাক ডেটাবেছত যোগ কৰি NTM-ক সহায় কৰিব পাৰে। আপুনি এটা ব্যৱহাৰকৰ্তা একাউন্ট সৃষ্টি কৰি এনে তথ্য ডেটাবেছত যোগ দিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও আপুনি তথ্যসমূহ [email protected]লৈ ইমেইল কৰিব পাৰে, যিবিলাক আমি NTM-ৰ ডেটাবেছত অন্তৰ্ভুক্ত কৰিম। যদি আপুনি এজন প্ৰকাশক, তেন্তে আপুনি ব্যৱহাৰকৰ্তাৰ দ্বাৰা অন্তৰ্ভুক্তিৰ সুবিধা গ্ৰহণ কৰি আপোনাৰ দ্বাৰা শেহতীয়াভাৱে প্ৰকাশিত অনুদিত গ্ৰন্থৰ তথ্য প্ৰত্যক্ষভাৱে ডেটাবেছত যোগ দিব পাৰে। ইয়াৰ উপৰিও আপুনি তথ্যসমূহ [email protected]লৈ ইমেইল কৰিব পাৰে, যিবিলাক আমি NTM-ৰ ডেটাবেছত অন্তৰ্ভুক্ত কৰিম।\nভাৰতীয় ভাষাৰ যিকোনো অনুদিত গ্ৰন্থৰ তথ্যৰ বাবে ইয়াত অন্বেষণ কৰক।
ডিব্ৰুগড় জিলা প্ৰাশসনে জিলাখনৰ চাহ বাগিচাৰ মালিক সকলক ৭ অক্টোবৰৰ ভিতৰত বাগিচা সমূহৰ শ্ৰমিকক পূজাৰ বোনাচ আদায় দিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে মঙলবাৰে ডিব্ৰুগড় জিলা উন্নয়ন বিষয়া যাদৱ শইকীয়াৰ সভাপতিত্বত এখন ত্ৰিপাঠিক বৈঠক অনুষ্ঠিত হয়। আৰু এই বৈঠকতে বাগিচাৰ শ্ৰমিক সকলে ২০ ছেপ্টেম্বৰৰ ভিতৰত পূজা বানচৰ বানচৰ পৰিমাণৰ বিষয়ে জনাবৰ বাবে আহ্বান জনায়। এই ত্ৰিপাক্ষিক বৈঠকত অসম চাহ মজদূৰ সংঘ, আচাম ব্ৰান্স ইণ্ডিয়া টি এছ'চিয়েশ্যনকে ধৰি বহু কেইটা সংগঠনে অংশ গ্ৰহণ কৰে। ইফালে এই বৈঠকতে চাহ ঔদ্যোগিক সকলে পূৰ্বতে হাতে হাতে বানচ দিয়া নিয়মৰ সলনি এইবাৰ ডিজিটেল পদ্ধতিৰে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে এই বৈঠকতে অসম চাহ মজদূৰ সংঘই বাগিচাৰ শ্ৰমিক সকলক দুৰ্গা পূজা আৰম্ভ হোৱা তিনি সপ্তাহৰ আগতে বানচ আদায় দিবৰ বাবে আহ্বান জনায়। লগতে ২০ শতাংশ কৈ বাগিচাৰ শ্ৰমিক সকলক বানচ দিবলৈও আহ্বান জনায়। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
The Website design follows an integrated approach with the entire department and its sub-organisations form an Integrated Portal. This option provides the details of the sub organisations and links to their respective websites. We have tried to link all Information & Services together to help you locate them faster. Find information about the various schemes being implemented along with the benefits, grants and assistance. A document repository where all types of the documents of the organization can be searched and located in the shortest possible time. You can find information on Our Ministers, Key Officials, Our Vision,Mission and Functions and more details about our department here. অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে, প্ৰথম বাৰৰ বাবে ২০১৭-১৮ শিক্ষা বৰ্ষত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ সিদ্ধান্ত লয়। ২০১৭-১৮ৰ চলিত বৰ্ষতে আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো ২০১৮-১৯ বৰ্ষৰ পৰা সামৰি লোৱাৰ সিদ্ধান্ত কৰে। ৰাজ্য প্ৰাদেশিকীকৃত বিদ্যালয়সমূহত অনুপ্ৰৱেশ বৃদ্ধি আৰু বিদ্যালয় এৰাৰ সংখ্যা কমাবলৈ। অভিভাৱকৰ আয়ৰ ক্ষেত্ৰত কোনো বৈষম্য নাৰাখি নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰ-ছাত্ৰীকেই আঁচনিখনৰ নিৰ্ধাৰিত লক্ষ্য কৰি লোৱা হৈছে। আঁচনিখনে সকলো চৰকাৰী/প্ৰাদেশিকীকৃত হাই মাদ্ৰাছা আৰু অ-প্ৰাদেশিকীকৃত মদ্ৰাছাৰ (স্বীকৃতিপ্ৰাপ্ত) অন্তৰ্ভুক্তিৰে জ্যেষ্ঠ মাদ্ৰাছাসমূহ, সকলো চাহ বাগিচা/স্থানীয় বিদ্যালয়, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনৰ আদৰ্শ বিদ্যালয় আৰু সকলো অ-প্ৰাদেশিকীকৃত বিদ্যালয়, যিবোৰে এটা সময়ত আৰ্থিক সহযোগ লাভ কৰিছে, সামৰি লৈছে। মাধ্যমিক শিক্ষা সঞ্চালকে, মাধ্যমিক শিক্ষা বোৰ্ড, অসম আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰে পৰামৰ্শ কৰি দিয়া নিৰ্দ্দেশনাৰ মাধ্যম অনুসাৰে পাঠ্যপুথিসমূহৰ মূল্যায়ন কৰা হয়। "অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশ নিগম পৰিসীমিত"ক পাঠ্যপুথিৰ ছপা আৰু বিনামূলীয়া বিতৰণৰ বাবে ন্যস্ত কৰা হৈছে। মুঠ ১০৮০০০০০ সংখ্যক বিনামূলীয়া পাঠ্যপুথি ৭৬৬১০০জন ছাত্ৰ-ছাত্ৰীৰ মাজত অসমৰ জিলাসমূহৰ নৱম আৰু দশম শ্ৰেণীত বিদ্যালয় পৰিদৰ্শকৰ সহায়ত বিতৰণ কৰা হৈছে।
Shaktikanta Das RBI Governor: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ ফল পাইছে ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ শক্তিকান্ত দাসে। আজি কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ শক্তিকান্ত দাসৰ কাৰ্যকাল ২০২৪ চনৰ ডিচেম্বৰলৈকে তিনি বছৰৰ বাবে বৃদ্ধি কৰে। "কেবিনেটৰ নিযুক্তি সমিতিয়ে শক্তিকান্ত দাসক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে ২০২১ চনত ১০ ডিচেম্বৰত অন্ত পৰিব লগীয়া কাৰ্যকাল তিনি বছৰৰ বাবে বা পৰৱৰ্তী আদেশ লৈকে পুনৰ নিযুক্তি দিয়াত অনুমোদন জনাইছে।" এক চৰকাৰী বিবৃতিত এইদৰে প্ৰকাশ পাইছে। দাসে ২০১৫ চনৰ পৰা ২০১৭ চনলৈ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ প্ৰাক্তন সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শক্তিকান্ত দাসৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি কোৱা হয়। তেওঁ দীৰ্ঘদিন ধৰি মোডীৰ বিত্ত বিভাগৰ সচিব আছিল। ২০১৬ চনৰ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱাৰ সময়তো শক্তিকান্ত দাসে সচিবৰ দায়িত্ব বহন কৰি আছিল। তেওঁ কেন্দ্ৰৰ দ্বাৰা বিমুদ্ৰাকৰণৰ ওপৰত বহুতো স্পষ্টীকৰণ দিয়া শুনা গৈছে। শক্তিকান্ত দাসক ইয়াৰ বাবে পুৰস্কাৰ হিচাপে ৰিজাৰ্ভ বেংক (RBI)ৰ গভৰ্ণৰ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ ১৫ তম বিত্ত আয়োগৰ সদস্যও আছিল। ২০১৮ চনত উৰ্জিত পেটেলে ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ পদৰ পৰা অব্যাহতি লোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে শক্তিকান্ত দাসক গভৰ্নৰ পদত নিযুক্তি দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান মন্ত্ৰীত্ব কালত ৰিজাৰ্ভ বেংকৰ দুজন গভৰ্নৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰঘুৰাম ৰাজন আৰু উৰ্জিত পেটেল দুয়ো অৰ্থনীতিৰ বিদ্বান আছিল। আনহাতে বৰ্তমানৰ গভৰ্নৰ শক্তিকান্ত দাসৰ অৰ্থনীতিত কোনো ডাঙৰ ডিগ্ৰী নাই, কিন্তু প্ৰধানমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতাৰ সূত্ৰেই বুৰঞ্জীৰ ডিগ্ৰীধাৰী শক্তিকান্ত দাস ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ পদত অধিষ্ঠিত হৈছিল। শক্তিকান্ত দাসৰ কাৰ্যকালত ভাৰতীয় অৰ্থনীতিৰ অৱস্থা ক্ৰমাৎ ডুবিবলৈ আৰম্ভ কৰে । তেওঁৰ কাৰ্যকালতে ভাৰতীয় GDP ৰ হাৰ অভিলেখভাৱে হ্ৰাস পায়। তৎসত্বেও মোদী চৰকাৰে একমাত্ৰ ঘনিষ্ঠতাৰ সূত্ৰেই তেখেতৰ কাৰ্যকাল বৃদ্ধি কৰা বুলি বৰ্তমান চৰ্চিত হৈছে। Covid Update ৰাজ্যত নতুনকৈ কিমানজন আক্ৰান্ত হ'ল কোভিডত? কিমানে প্ৰাণ হেৰুৱালে মাৰাত্মক ভাইৰাছত? অসমৰ সন্তানেই নহয় বৰাকক অসমৰ পৰা পৃথক কৰিব খোজা স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰয়! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
দুৰ্নীতিৰ দৰ্পণ সেৱা ,আক্ৰাম হুছেইন শিকদাৰ , ৰামপুৰ ,৩০ জানুৱাৰী : আজি বৰক্ষেত্ৰীত প্ৰথিতযশা সাহিত্যিক-মাৰ্ক্সবাদী বুদ্ধিজীৱী প্ৰয়াত শশী শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হয় । তদুপলক্ষে নতুন সাহিত্য পৰিষদৰ বৰক্ষেত্ৰী শাখাৰ উদ্যোগত মুকালমুৱাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আকাশ জুনিয়ৰ কলেজ প্ৰাঙ্গণত এখন সভাৰ আয়োজন কৰা হয় । আবেলি ১-৩০ বজাৰ পৰা আৰম্ভ হোৱা উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰয়াত সাহিত্যিক শশী শৰ্মাৰ জীৱন-সাহিত্য বিষয়ক বক্তৃতানুষ্ঠানৰ লগতে বিশিষ্ট লেখক পৰীক্ষিত বৈশ্যৰ দ্বাৰা ৰচিত আৰু ৰদেবা প্ৰকাশনৰ স্বত্বাধিকাৰী আয়ুব আলীৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ 'শশী শৰ্মা : জীৱন-মহত্ত্ব-সাহিত্য' উন্মোচন কৰে বিশিষ্ট অভিনেতা তথা প্ৰয়াত শশী শৰ্মাৰ কনিষ্ঠ জোঁৱাই সুজিত শৰ্মাই । গ্ৰন্থখন লেখক পৰীক্ষিত বৈশ্যই নিজৰ সাহিত্যিক জীৱনত অনুপ্ৰেৰণা যোগোৱা সুলেখক মুকুল কলিতাৰ হাতত অৰ্পণ কৰে । উন্মোচনী ভাষণত শৰ্মাই কয় যে- শশী শৰ্মা কেৱল অসম বা ভাৰতৰে নহয় তেখেত পৃথিৱীৰেই এক বৰেণ্য ব্যক্তি। জনতা হাইস্কুল, ৰামপুৰৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক আয়ুব আলীৰ সঞ্চালনাত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ তথা কামৰূপ কলেজৰ অধ্যাপক আব্দুৰ ৰউফ । নিৰ্দিষ্ট বক্তা আব্দুৰ ৰউফে নিজৰ ভাষণ প্ৰসংগত কয় যে- সাহসেই সাহিত্য বোলা কথাষাৰ শশী শৰ্মাৰ ক্ষেত্ৰত প্ৰযোজ্য । গণ-সংস্কৃতি উপাদান বিচাৰি তেওঁ জনজাতীয় অঞ্চল বা চৰ-চাপৰি অঞ্চললৈও গৈছিল । উক্ত অনুষ্ঠানতে ইতিপূৰ্বে পতা 'শশী শৰ্মাৰ জীৱন আৰু সাহিত্য' বিষয়ক ৰচনা প্ৰতিযোগিতাৰ পুৰষ্কাৰসমূহ বিতৰণ কৰা হয় । প্ৰথম পুৰস্কাৰ লাভ কৰে লাজমী হাছিনা মেহমুদাই । বিশিষ্ট লেখক পৰীক্ষিত বৈশ্যই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত ৰমনী নাথ, ৰুবী চুলতানা আৰু ৱাজিদা মেহমুদাই কবিতা পাঠেৰে ৰাইজক আপ্লুত কৰে ।
সমগ্ৰ বিশ্বৰ লগতে বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত উদ্যানতো উদ্যানখনৰ কৰ্তৃপক্ষ, ডব্লিউ ডব্লিউ এফ আৰু মানাহ এভাৰ ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত ২২ ছেপ্টেম্বৰৰ দিনটো বিশ্ব গঁড় দিৱস হিচাপে উদযাপন কৰা হয়। এই উদ্দেশ্যে উদ্যানখনৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মা আৰু উদ্যানখনৰ বিশেষ কৰ্তব্যৰত বিষয়া ধৰণীধৰ বড়োৱে বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰত আয়োজন কৰা এক অনুষ্ঠানত বিশ্ব গঁড় দিৱস তথা গঁড়ৰ সংৰক্ষণ সন্দৰ্ভত বাখ্যা আগবঢ়ায়। লগতে তেওঁলোক দুজনে গঁড়ৰ খড়গক লৈ আমাৰ সমাজৰ একাংশ মানুহৰ মনত যি অন্ধবিশ্বাস আছে তাৰ ওপৰতো বক্তব্য আগবঢ়ায়। লাচিতলৈ সন্মান, নে অপমান? খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
আকৌ দীপলিনা ডেকা; দীপলিনা ডেকাৰ অনুৰাগীলৈ আন এক নতুন খবৰ। আহিবলগীয়া সময়ত দীপলিনা আৰু নীলিম জ্যোতি গগৈৰ কন্ঠৰে মুক্তি লাভ "লাং ফাং"। নীলিম জ্যোতি কথাৰে ৰচিত গীতটিত সুৰ দিছে বিদ্যুৎ বিকাশৰ লগতে নীলিম জ্যোতিয়ে নিজে। আনহাতে, শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত "দলিচা" ৰ ভিডিঅ'টোৰ পিছত আচলতে ইজন-সিজনকৈ আকৌ আগবাঢ়িছে দীপলিনাৰ অনুৰাগীৰ শাৰী। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত "লাং ফাং" ক লৈ এটা পোষ্ট শ্বেয়াৰ কৰে কন্ঠশিল্পী গৰাকীয়ে। ইয়াৰ উপৰিও, মাঘ বিহুক লৈ উৎসাহিত সাধাৰণ জনৰ লগতে দীপলিনা ডেকাই এপাক বিহু নাচিও যেন অনুৰাগীলৈ জনাইছে শুভকামনা। মুঠতে, অনুৰাগীক আমোদ প্ৰদান কৰাৰ স্বাৰ্থত প্ৰত্যেকটো বাটতেই যেন খোজ দিছে দীপলিনাই। "ভবাই নাছিলো" আৰু "দলিচা" ৰ সফলতাৰ পিছত দীপলিনা ডেকাৰ আন এটা গীতৰ মুক্তিয়ে প্ৰত্যেককে উৎসাহিত কৰাতো সক্ষম হৈছে। অসমীয়া শিল্পী সমূহৰ ভিতৰত দীপলিনা ডেকাই কৰা যিকোনো পোষ্ট কিছু মিনিটৰ ভিতৰত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়। আনকি, শিল্পীগৰাকীক "জাতীয় বা" হিচাপে ঘোষণা কৰিবলৈও একাংশ অনুৰাগীয়ে কমেন্ট যোগে প্ৰকাশ কৰে। এগৰাকী কন্ঠশিল্পী ৰূপত তেওঁ যিমানেই অনুৰাগীৰ প্ৰিয়; সমান্তৰালকৈ অনুৰাগী বোৰৰ বাবে প্ৰিয় তেওঁৰ অভিনীত চৰিত্ৰ সমূহো। শিল্পী গৰাকীয়ে অনুৰাগীৰ প্ৰশংসা ইমানেই লাভ কৰে যে তেওঁয়ো প্ৰায়ে প্ৰতিটো সময়তে অনুৰাগীৰ কাষ চাপিবলৈও প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। দীপলিনাৰ কন্ঠৰ মাদকতাই ইতিমধ্যে শ্ৰোতাক তেওঁৰ অনুৰাগী হ'বলৈ এক প্ৰকাৰ বাধ্য কৰি তুলিছে।
প্ৰথম খবৰ, শিমলুগুৰিঃ অ.এন.জি.চি অসম সম্পদত থলুৱা নিবনুৱাক প্ৰৱঞ্চনা তথা অ.এন.জি.চি কৰ্তৃপক্ষৰ অসমীয়া বিৰোধী বিৰুদ্ধে সদৌ টাই আহোম ছাত্ৰ সন্থা(আটাছু)ৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি পুৱা দহ বজাৰ পৰা সম্পদৰ নাজিৰাস্থিত কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত এক ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। তদুপলক্ষে, অ.এন.জি.চি কৰ্তৃপক্ষৰ থলুৱা বিৰোধী নীতি তথা বঞ্চনা-প্ৰতাৰণাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ জনোৱাৰ উদ্দেশ্যে শিৱসাগৰ জিলা সমিতিয়ে আহ্বান জনোৱা এই কাৰ্যসূচীলৈ সংগঠনটোৰ শতাধিক সদস্যই অংশ গ্ৰহণ কৰা দেখা যায়।
লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত সৰ্বকনিষ্ঠ প্ৰাৰ্থীজন হয়তো অসমৰেই হ'ব। মঙলবাৰে কোকৰাঝাৰ সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা চি পি আই (এম) প্ৰাৰ্থী বিৰাজ ডেকাৰ বয়স ২৬ বছৰ। ১৯৯৩ চনৰ ৩০ জুলাইত জন্ম লোৱা ডেকা '১৯ৰ সাধাৰণ নিৰ্বাচনত এতিয়ালৈকে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত সকলোতকৈ কনিষ্ঠ প্ৰাৰ্থী বিৰাজ ডেকা। সৰুৰে পৰা ছাত্ৰ ৰাজনীতিৰ লগত জড়িত ডেকা বৰ্তমান ভাৰতৰ ছাত্ৰ ফে'ডাৰে'চন (এছ এফ আই)ৰ অসম ৰাজ্যিক উপ সভাপতি। তেওঁ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। বাক্সা জিলাৰ গোৰেশ্বৰৰ দুখনকৈ শিক্ষা প্ৰতিষ্ঠানত তেওঁ শিক্ষকতাও কৰিছিল। বিৰাজ ডেকাৰ মনোনয়ন দাখিল যাত্ৰা, মঙলবাৰে কোকৰাঝাৰত। ছবি সৌজন্য- ফে'চবুক। মনোনয়ন দাখিলৰ পাছতেই নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চি পি আই (এম) প্ৰাৰ্থী বিৰাজ ডেকাই শাসনাধিষ্ঠিত বিজেপিক সাম্প্ৰদায়িক দল আখ্যা দি কয়, 'দেশৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য বিনষ্ট নোহোৱাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰাৰ প্ৰয়োজন আছে'। তেওঁ লগতে বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি মন্তব্য আগবঢ়াই ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে বুলিও কয়। ইপিনে কোকৰাঝাৰৰ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া সন্দৰ্ভত বিৰাজ ডেকাই এইদৰে প্ৰশ্ন উত্থাপন কৰে, 'যোৱাবাৰ কোকৰাঝাৰৰ ৰাইজে বহু আশা কৰি নৱ কুমাৰ শৰণীয়াক জয়ী কৰাইছিল। কিন্তু তেওঁ যোৱা পাঁচ বছৰে পৰিলে কি?'। অবড়ো ৰাইজৰ সুৰক্ষাৰ কথা কৈ থকা শৰণীয়াই সেই কামটোকে কৰিব পৰা নাই বুলিও বিৰাজ ডেকাই মন্তব্য কৰে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ডি এল এড চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বাবে সমগ্ৰ অসমৰ বিভিন্ন কেন্দ্ৰৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাতো পৰীক্ষাটো শনিবাৰে বাতিল কৰা হয়। নামনি অসমৰ কোনো পৰীক্ষা কেন্দ্ৰৰ পৰা ৱাটচএপ যোগেদি প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতেই যোগ বিষয়ৰ পৰীক্ষা বাতিল কৰা হয়। কিন্তু বিষয়টোৰ প্ৰশ্নকাকত পুৱা ৯.১৫ বজাতেই ফাদিল হোৱাত বিভাগীয় কৰ্তৃপক্ষই পৰীক্ষা বাতিল কৰে। জিলাখনৰ জয়সাগৰত থকা নিম্ন বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ, দিচাংমুখৰ বাবা চাহেব আম্বেদকাৰ জুনিয়ৰ কলেজ, চামগুৰিৰ নীলাক্ষি সোঁৱৰণী কেন্দ্ৰ আৰু সোণাৰিৰ জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান সহ মুঠ পাঁচটা কেন্দ্ৰৰ পৰীক্ষা বাতিল কৰা হয়। উল্লেখ্য যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে এই প্ৰশিক্ষণ বাধ্যতামূলক কৰা হৈছে। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
: অ' হেৰি। আমাৰ ইয়াৰনো এইকেইদিন কি হৈছে? ৰুমটোত অকলে অকলে সোমাই কিখন যে বলকি থাকিব লৈছে। কোনোবাই কিবা কাণত কোৱাও শুনা পাইছে হেনো। : তাকেই, ময়ো কথাটো মন নকৰা নহয়। নিশ্চয় কোনোবাই ক'লা যাদু কৰিছে অথবা ভূত প্ৰেত লাগিছে। মই আজিয়েই কালিৰাম বেজৰ ওচৰলৈ লৈ যাম। হয়, এয়া এক একবিংশ শতিকাৰ কাহিনী, আচলতে কাহিনী নহয় এয়া এক জীয়া সত্য। আপোনাৰ বা মোৰ কাষতে সচৰাচৰ ঘটি থকা কিছুমান ঘটনা।যিটো যুগত বিজ্ঞানে দুৰন্ত গতিত ধাৱমান হৈছে, সেইচোৱা সময়তে অধিকাংশ মানুহে মানসিক স্বাস্থ্যটোক এক নিষিদ্ধ বস্তু বুলি গণ্য কৰে। কথাবোৰ আমি ক'বলৈ লাজ কৰো, ভয় কৰো অথবা কিছুমান অতীতৰে পৰা প্ৰচলিত অন্ধবিশ্বাস বুকুত গুজি সত্যটো উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰো। আমি জানিবলৈ চেষ্টা নকৰো যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন মতে ভাৰতত ৭ জনৰ ভিতৰত ১জন মানুহ মানসিক ৰোগত আক্ৰান্ত। আমাৰ জানি কি লাভ যে মানসিক স্বাস্থ্যৰ অৱনতিৰ ফলত ১০০০ জনৰ ভিতৰত ২১ জন মানুহে আত্মহত্যাৰ দৰে পথ বাছি উলিয়াইছে। বিশ্বগুৰু হ'বলৈ সপোন দেখা ভাৰতবৰ্ষই ২০১২-২০৩০ ৰ ভিতৰত মানসিক স্বাস্থ্যৰ অৱনতিৰ ফলত ১.০৩ ট্ৰিলিয়ন ইউ এচ ডলাৰ (USD 1.03 trillion) হেৰুৱাই আছে। - যোৱা জনমৰ পাপৰ ফল, - ক'লা যাদু, - কোনোবা ভূত প্ৰেতৰ প্ৰভাৱ, - বিভিন্ন ধৰণৰ পূজা-পাতল, - কোনো চিকিৎসা বিজ্ঞানৰ দৰৱে এনেবোৰ বেমাৰ প্ৰতিকাৰ কৰিব নোৱাৰে ইত্যাদি ইত্যাদি। তাৰ পাছত আমাৰ একান্ত বিশ্বাসী বাবাজী, তান্ত্ৰিকসকলক আমি নিচেই কাষৰতে লগ পাও আৰু আমি তেওঁলোকৰ ওপৰত অগাধ বিশ্বাস উজাৰি সকলো সমৰ্পণ কৰি দিওঁ। প্ৰকৃততে তেওঁলোকৰ ওচৰত কিছুমান গুণ নথকা নহয়, যিবোৰে এজন ব্যক্তিক সহজভাৱে আকৰ্ষিত কৰিব পাৰে। বেশ-ভূষাৰ পৰা আৰম্ভ কৰি ব্যক্তিত্বলৈ, তেওঁলোকে অতি আলাসতে এজন মানুহক পতিয়ন নিয়াব পাৰে। তেওঁলোক এজন এজন সু-বক্তাৰ লগতে এজন ভাল শ্ৰোতা, আপোনাৰ-মোৰ সমস্যাটো ভালদৰে শুনিব, আবেগিকভাৱে সমস্যাটোৰ লগত জড়িত হ'ব। তাৰ পাছত কিছুমান হাতৰ খেলা, কিছু পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ কৌশল যথেষ্ট আপুনি আৰু মই মন্ত্ৰমুগ্ধ হ'বলৈ। কিন্তু এই সকলোবোৰ জানো যথেষ্ট আপুনি বা মই ভূগি থকা ৰোগটোৰ পৰা পৰিত্ৰাণ পাবলৈ? কাহানিও নহয়। বৰঞ্চ ৰোগটোক আৰু অলপ সময়হে দিছো ডাঙৰ-দীঘল হ'বলৈ। কিবা এটা কথা বা বস্তুৰ ওপৰত মানুহৰ বিশ্বাস থকাটো ভাল কথা কিন্তু যেতিয়া সেই বিশ্বাসে অন্ধবিশ্বাসৰ ৰূপ লৈ আমাৰ অপকাৰ সাধিব আৰম্ভ কৰে, সেয়া কাহানিও গ্ৰহণযোগ্য নহয়। মই ভাবো এতিয়াও আমাৰ হাতৰ সময়খিনি হেৰাই যোৱা নাই । এতিয়াও এই বিষয়টোক ন-দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে আমাৰ যথেষ্ট উপকাৰ হ'ব। আপুনি মই জ্বৰ হ'লে, হাড়ডাল ভাগিলে চিকিৎসকৰ ওচৰলৈ যাওঁ, ঠিক তেনেদৰে আমাৰ মানসিক স্বাস্থ্যৰো অৱনতি ঘটিব পাৰে, বিভিন্ন মানসিক ৰোগ আছে যিবোৰৰ উপযুক্ত চিকিৎসাৰ বাবে এই বিভাগৰ চিকিৎসক আছে। এনেবোৰ সমস্যাত সঠিক সময়ত চিকিৎসা লোৱাটো অত্যন্ত প্ৰয়োজনীয়। এইক্ষেত্ৰত চিকিৎসা বৃত্তিৰ লগত জড়িত থকা লোকসকলৰো যথেষ্ট কৰণীয় আছে। চেম্বাৰৰ পৰা আমি জনসাধাৰণৰ মাজলৈ ওলাই গৈ তেওঁলোকৰ বিশ্বাসবোৰক শ্ৰদ্ধা কৰি অন্ধবিশ্বাসবোৰক বৈজ্ঞানিকভাৱে অসত্য বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগিব। সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত গাঁৱে-ভূঞে গৈ বিষয়টোক জনমূখী কৰিব লাগিব আৰু সমাজৰ প্ৰতিজন মানুহৰে দায়িত্ব এনেবোৰ সমস্যাক নিষিদ্ধ বুলি অভিহিত নকৰি সঠিক সময়ত সঠিক চিকিৎসা প্ৰদান কৰোৱাত অনুপ্ৰেৰণা জনোৱা। : সেই দিনা অৰূপে নোকোৱা হ'লে আমি গমেই নাপালো হয় এনেবোৰ সমস্যাৰো চিকিৎসা থাকে বুলি। চোৱা, কেনেদৰে সি আজি মন খুলি হাঁহিছে, কথা পাতিছে লগৰ কেইটাৰ লগত।
চোৰে গিলিলে সোণৰ চেইন, উদ্ধাৰৰ বাবে আৰক্ষীয়ে ব্যৱহাৰ কৰিলে কল! Prag News : Best Assamese News Channel, Latest Assam News Live Today , North East Breaking News\nচোৰে গিলিলে সোণৰ চেইন, উদ্ধাৰৰ বাবে আৰক্ষীয়ে ব্যৱহাৰ কৰিলে কল!\nবেংগালুৰুঃ শনিবাৰে সন্ধিয়া বেংগালুৰু চহৰত এজন ২১ বছৰীয়া চিলনী চোৰে দুই সহযোগীৰ সৈতে এগৰাকী মহিলাৰ ডিঙিৰপৰা সোণৰ চেইন এডাল টানিবলৈ চেষ্টা চলাইছিল। বিজয় গুণ্ডা ঠালি বুলি চিনাক্ত হোৱা চোৰটো ঘটনাস্থলীৰ পৰা পলায়ন কৰাত ব্যৰ্থ হয়।\nঘটনাটো সংঘটিত হৈছিল বেংগালুৰুৰ এমটি ৰোডত। চেইনডাল লৈ চোৰকেইটা পলায়ন কৰিবলৈ লওঁতেই মহিলাগৰাকীয়ে চিঞঁৰ-বাখৰ কৰাত ৰাইজে বিজয়ক কৰায়ত্ত কৰে যদিও বাকী দুজন পলাবলৈ সক্ষম হয়। ৰাইজে উত্তম-মধ্যম সোধাওঁতে বিজয়ে সোণৰ চেইনডাল গিলি দিয়ে। পুলিচে চোৰটোক উদ্ধাৰ কৰে যদিও চেইনডালৰ সম্ভেদ উলিয়াব পৰা নাছিল। পাছত প্ৰাথমিক চিকিৎসাৰ বাবে বিজয়ক হাস্পতাললৈ লৈ যোৱাতহে ঘটনাৰ ৰহস্য ভেদ হয়। এক্স-ৰে ৰিপ'ৰ্টত বিজয়ৰ পেটত থকা চেইনডালৰ উপস্থিতি ধৰা পৰে।\nডাক্তৰৰ পৰামৰ্শমতে আৰক্ষীয়ে চোৰটোক বুজন পৰিমানৰ কল খাবলৈ বাধ্য কৰায় যাতে চেইনডাল তাৰ শৌচৰ লগত ওলাই আহে। এই পদ্ধতি বিফল হোৱাত ডাক্তৰে দৰব ব্যৱহাৰ কৰিহে চেইনডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইপিনে, আৰক্ষীয়ে চোৰ তিনিজনৰ স্বীকাৰোক্তিৰ ভিত্তিত চোৰাং তেলৰ ঘাটিৰ মাষ্টাৰ মাইণ্ড কালিয়া ওৰফে কুমুদ জামালক ভাড়াঘৰৰ পৰা আটক কৰে। উল্লেখযোগ্য যে, ধৃত চোৰ কেইজনৰ লগতে আৰক্ষীয়ে বৃহৎ পৰিমাণত ৰে'লৰ পৰা চুৰি কৰি অনা ডিজেল জব্দ কৰে। আনহাতে, আৰক্ষীয়ে আন এখন ৰিস্কাত চোৰাং তেল লৈ যোৱা অৱস্থাত তেল ভৰ্তি ৰিস্কাখন জব্দ কৰে। কালিয়া নামৰ তেল মাফিয়া গৰাকীয়ে ৰিস্কাখনত তেল সৰবৰাহ কাৰ্য্যত কেইটামান শিশুক জড়িত কৰিছিল। আৰক্ষীৰ দলটোক দেখাৰ লগে লগে শিশু কেইটাই ৰিস্কা এৰি পলায়ন কৰে। হেদাৎপুৰত দীৰ্ঘদিনৰ পৰা চোৰাং তেলৰ ৰমৰমীয়া বেহা চলি আছে বুলি ৰাইজে উল্লেখ কৰাৰ লগতে চোৰাং তেল সৰবৰাহৰ লগত জড়িত মাফিয়া কালিয়াই ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ লগতো জড়িত আছে বুলি অভিযোগ কৰে। ৰাইজৰ অভিযোগ অনুসৰি কালিয়া ওৰফে কুমুদ জামালৰ প্ৰকৃত ঘৰ বিহাৰত। কালিয়াই বিজেপি কৰ্মী জাহাংগীৰ আহমেদ আৰ সুজাতা আহমেদ সিঙৰ ঘৰত ভাড়া থাকি চোৰাং তেলৰ ৰমৰমীয়া বেহা চলাই আহিছে। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
কিশ্মা ভেঞ্চাৰ অসমৰ এক সামাজিক উদ্যোগ ষ্টাৰ্টআপে "মন পখিলা-এগৰাকী মহিলাৰ সপোন" শীৰ্ষক অনুষ্ঠানটোৰ চিজন ২ ঘোষণা কৰিছে। যিসকল বিবাহিত মহিলাই তেওঁলোকৰ সাংস্কৃতিক আৰু সৃষ্টিশীল প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ কোনো সমৰ্থন লাভ নকৰে তেওঁলোকক এই অনুষ্ঠানটোৱে প্ৰতিভা প্ৰদৰ্শনৰ এক মঞ্চ প্ৰদান কৰে। এই অনুষ্ঠানৰ ধাৰণাটোৱে মূলত সেই মধ্যবিত্ত মহিলাসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰে, যিসকল প্ৰতিভাশালী আৰু শিক্ষিত কিন্তু তেওঁলোকৰ বেছি ভাগেই ব্যক্তিগত আৰু পৰিয়ালৰ বাবে নিজৰ পৰিচয় হেৰুৱাইছে। মন পখিলাই তেওঁলোকৰ এই ৰূপান্তৰৰ পৰিক্ৰমা প্ৰতিভা, ব্যক্তিত্ব, নেতৃত্ব, আভ্যন্তৰীণ বিকাশ আৰু জীৱনসংগীৰ সৈতে পৰামৰ্শমূলক আলোচনাসহ এক বৃহৎ কভাৰেজসহ অধিক প্ৰভাৱশালী কৰি তোলে। মন পখিলাৰ ৱেবছাইট www.kishmaventure.com ত অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া উপলব্ধ আৰু ইচ্ছুক অংশগ্ৰহণকাৰী সকলে অডিচনৰ দিনা ৫ আৰু ৬ ফেব্ৰুৱাৰীত দিনৰ ১২ঃ৩০ বজাৰ পৰা বিয়লি ৪ বজালৈকে এন.একছ.টি জিম, এ.বি.চি., গুৱাহাটীত পঞ্জীয়ন কৰাব পাৰিব। অডিচনৰ বিচাৰকমণ্ডলী ৰূপে থাকিব প্ৰিয়াংকু বৰদলৈ-চেচন সংগীতজ্ঞ আৰু প্ৰযোজক, ৰুপক গগৈ- অভিনেতা আৰু পৰিচালক আৰু বনশ্ৰী শৰ্মা-মন পখিলা মাদৈ তথা মন পখিলা ভলিউম ১ থিম সংগীতৰ মুখ্য গায়িকা। এই উপলক্ষে প্ৰতিষ্ঠাপিকা মালবিকা শইকীয়াই কয়, "আমি মন পখিলা-এগৰাকী মহিলাৰ সপোনৰ দ্বিতীয় চিজন ঘোষণা কৰি সুখী আৰু উৎসাহিত, যোৱা ঋতুত আমি ৩০ ৰো অধিক অংশগ্ৰহণকাৰী লাভ কৰিছিলো। আমি এই ঋতুতো যথেষ্ট ভাল সঁহাৰি আশা কৰি আছো আৰু সেয়েহে আমি আনুষ্ঠানিকভাৱে আমাৰ অনলাইন পঞ্জীয়ন মুকলি কৰিছো আৰু পঞ্জীয়নৰ তাৰিখ ঘোষণা কৰিছো যি অডিচনৰ দিনা অনুষ্ঠিত হ'ব।" প্ৰথম চিজন সফলতাৰে পৰিচালনা কৰাৰ পিছত, কিশ্মা ভেঞ্চাৰে ধ্বনি ৰেকৰ্ডৰ সৈতে যৌথভাৱে ইয়াৰ প্ৰথম বাণিজ্যিক সংগীত এলবাম মন পখিলা ভলিউম ১ মুকলি কৰে। এলবামটোত ২০ মিনিটৰ ট্ৰেকৰ ৪ টা গীত আছে। সকলো গীতৰ লেখিকা আৰু গায়িকা বিবাহিত মহিলা আৰু তেওঁলোক সকলোৱে সকলো বাধা প্ৰাচীৰ ভাঙি প্ৰথমবাৰৰ বাবে এটা বাণিজ্যিক প্ৰকল্পত কাম কৰিছে। কিশ্মা ভেঞ্চাৰে বিশেষজ্ঞৰ দ্বাৰা তেওঁলোকৰ প্ৰতিভা আৰু ব্যক্তিত্ব ৰূপান্তৰ আৰু উন্নত কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে যি মহিলাসকলৰ আত্মবিশ্বাসৰ স্তৰ গঢ়ি তোলাত সহায় কৰে। বৰ্তমান তেওঁলোকৰ কিছুসংখ্যকে তেওঁলোকৰ নিজস্ব উদ্যোগ প্ৰতিষ্ঠাপানৰ দিশত আগবাঢ়িছে আৰু আান কিছুসংখ্যকে শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছে। কিশ্মা ভেঞ্চাৰে ২০২১ চনৰ চূড়ান্ত প্ৰতিযোগিতাৰ নিৰ্ণায়ক খণ্ড গুৱাহাটীত মে' মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। You may also read!
অসমত পুনৰ উদ্বেগজনকভাৱে বাঢ়িছে ক'ৰনা ! নতুনকৈ আক্ৰান্ত ৪১জন - Prag News\nHomeআঞ্চলিকঅসমত পুনৰ উদ্বেগজনকভাৱে বাঢ়িছে ক'ৰনা ! নতুনকৈ আক্ৰান্ত ৪১জন\nঅসমত পুনৰ উদ্বেগজনকভাৱে বাঢ়িছে ক'ৰনা ! নতুনকৈ আক্ৰান্ত ৪১জন\nগুৱাহাটী : নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত অসমত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্তৰ হাৰ। ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ কৰ'নাত আক্ৰান্ত হয় ৪১জন লোক। বুধবাৰৰ দিনটোত কামৰূপ মেট্ৰ'ত ১৯জন, শোণিতপুৰত ৮জন আক্ৰান্ত।\nইয়াৰ উপৰি শিৱসাগৰতো ৪জন কৰ'নাত আক্ৰান্ত হয়। চলিত সপ্তাহত ৰাজ্যত কৰ'নাত মৃতকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পায়। লগতে বুধবাৰে পুনৰ এজন ক'ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয়।\nইপিনে মঙলবাৰে জেএমচিএইচত এজন ক'ভিড ৰোগীৰ মৃত্যু হৈছিল। সোমবাৰে এছএমচিএইচত আন এজনৰ মৃত্যু হয়। বিগত বৰ্ষৰ পৰা এই মুহূৰ্তলৈকে ২,১৮,০৯৯জন ক'ৰোনাত আক্ৰান্ত হৈছে ৰাজ্যত। অৱশ্যে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ক'ভিড নিয়ন্ত্ৰণত আছে বুলিও কয়।\nPrevious articleশদিয়াত ৯৮ কাৰ্টন সুৰা জব্দঃ ভোটাৰৰ মাজত বিলাবলৈ অনাৰ অভিযোগ\nNext articleএদিনতে ক'ভিড আক্ৰান্ত ৫০হাজাৰতকৈ অধিক !
# ১৯৩৫ চনৰ এই দিনটোতে প্ৰকাশ হয় অসমীয়া দৈনিক বাতৰি কাকত 'দৈনিক বাতৰি' প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল [[নীলমণি ফুকন]]। # ১৭৬৫ চনৰ এই দিনটোতে বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰপৰা বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য'ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।
কেঁচা অমিতাৰ ঔষধি গুণ : কেঁচা অমিতাৰ ঔষধি গুণ : অমিতা আমি দুই ধৰনে সেৱন কৰোঁ, এবিধ কেঁচাকে আৰু আনবিধ পকাকে । পকা অমিতা অতি সু-স্বাদু আৰু পুষ্টিকৰ ফল । কিন্তু কেঁচা অমিতা আমি চবজি বা আঞ্জা কৰিহে খাওঁ । তেতিয়া ইয়াক পাচলি বুলিহে গণ্য কৰা হয় । অমিতা দি ৰন্ধা লোকেল মুৰ্গীৰ জোল, অমিতা দিয়া দাইল, কলখাৰ দি ৰন্ধা অমিতাৰ খাৰ আদি অমিতাৰ বিবিধ ব্যঞ্জন । খাহী মাংস ৰান্ধোওঁতে কেঁচা অমিতা দিলে মাংস সোনকালে সিজে । থাইলেণ্ডত কেঁচা অমিতাৰ চালাড খুবেই জনপ্ৰিয় । সেইবাবে দেশত কেঁচা বা কমকৈ সিজা পাচলি বেছি প্ৰচলিত । আমি পিছে কেঁচা অমিতা কেঁচা অমিতা সিজাইহে খাওঁ । দেখাত তেনেই সাধাৰণ এই কেঁচা অমিতাৰো বহু উপকাৰিতা আছে । ভিটামিন, এণ্টিঅক্সিডেণ্ট, এনজাইম, ফলেট, আঁহ আদিৰে ভৰপূৰ এই কেঁচা অমিতাই আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে চাওঁচোন আহক । ১) হজমী শক্তি বৃদ্ধি কৰাত (promotes digestion) কেঁচা অমিতা অতি উপকাৰী । কেঁচা অমিতাই পেপেইন (papain), কাইম'পেপেইন (chymopapain) আদি বিভিন্ন এনজাইম আছে, যিয়ে কাৰ্বহাইড্ৰেট, স্নেহ আৰু প্ৰ'টিনৰ বিপাকত সহায় কৰে । কেঁচা অমিতাৰ চবজি মাজে মাজে খালে আমাৰ পাচনতন্ত্ৰৰ কাৰ্য সুন্দৰভাৱে চলি থাকে । ২) কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগত কেঁচা অমিতা উপকাৰী । ইয়াত থকা আঁহে পেট পৰিষ্কাৰ কৰে । অৰ্শ ৰোগীয়ে নিয়মিতভাৱে কেঁচা অমিতাৰ আঞ্জা বা চবজি খালে ভালেখিনি উপশম লাভ কৰে । ৩) আমাৰ শৰীৰত নানাধৰণৰ বিপাকীয় কাৰ্য চলি থাকে (metabolism), যিবোৰত বহু অলাগতিয়াল বৰ্জিত পদাৰ্থ বা toxins উৎপন্ন হয় এইবোৰ শৰীৰত জমা হৈ গ'লে আমাৰ এলাৰ্জি, ছালৰ সমস্যা আদি নানান ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় । সেয়েহে সময়ে খাদ্য বা ঔষধিৰ দ্বাৰা এইবোৰ নিষ্কাশন কৰিবলৈ চেষ্টা কৰা উচিত । শৰীৰৰ শোধন (body detox) কৰাত কেঁচা অমিতা অতি উপকাৰী । খাৰধৰ্মী (alkaline) হোৱা বাবে আৰু ইয়াত থকা এনজাইম আৰু আঁহে (fiber) শৰীৰ শোধন কৰে । ৪) গেছ, বদহজম, বুকু জ্বলা-পোৰা, IBS আদিৰ সমস্যাত কেঁচা অমিতা উপকাৰী । ৫) কলেষ্টেৰল সমস্যাত কেঁচা অমিতা উপকাৰী । ই হাৰ্টৰ সুৰক্ষা কৰে । সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে-সময়ে কেঁচা অমিতাৰ আঞ্জা খাওক । ৬) প্ৰসূতিৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰাত কেঁচা অমিতা উপকাৰী । কিছুমান দুগ্ধৱতী মহিলাৰ দুগ্ধ উৎপাদন কম হয় । তেওঁলোকে অমিতাৰ খাৰ, অমিতা দিয়া মুৰ্গী মাংসৰ জালুকীয়া আঞ্জা নাইবা অমিতাৰ চবজি ৰান্ধি খালে সুফল পায় । ৭)কেটেৰেক্ট বা বয়সস্থ লোকৰ হোৱা চকুৰ বিভিন্ন সমস্যাতো কেঁচা অমিতা উপকাৰী । ৮) হাপানী, ব্ৰ্ংকাইটিছ, কাহ, জ্বৰ আদিত কেঁচা অমিতা উত্তম পথ্য । ৯) টনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদিতো খাৰ দি ৰন্ধা কেঁচা অমিতাৰ ব্যঞ্জন অতি উপকাৰী । ১০) মহিলাৰ মাহেকীয়া সময়ত হোৱা বিষত (dysmenorrhea) কেঁচা অমিতাৰ চবজি উপকাৰী । ১১) বাতবিষ, অষ্টিঅ'আৰথ্ৰাইটিছ (osteoarthritis), গাউটত (UTI) ই উপকাৰী । ১২) ওজন কমোৱাতো কেঁচা অমিতাই সহায় কৰে । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে । ডায়েট প্লেনত থকাসকলে মাজে-সময়ে কেঁচা অমিতাৰ চবজি খোৱা উচিত । ১৩) সুন্দৰ স্বাস্থ্য, উজ্জ্বল ছালৰ ৰহস্য আমাৰ খাদ্যাভ্যাসত নিহিত থাকে । পিম্পলছ, ক'লা দাগ, এলাৰ্জি আদি ছালৰ সমস্যা থকা লোকে কেঁচা অমিতাৰ চবজি মাজে মাজে সুফল পায় । ই পাচনতন্ত্ৰ পৰিষ্কাৰ কৰে, তেজ পৰিষ্কাৰ কৰে আৰু খাৰধৰ্মী হোৱাৰ বাবে ছালৰ সমস্যাত কেঁচা অমিতা উপকাৰী । ১৪) গৰ্ভৱতী মহিলাৰ বাবে অমিতা উপকাৰী । তেওঁলোকে অমিতা সেৱন কৰিলে গৰ্ভপাত হোৱাৰো আশংকা থাকে । আমাৰ সৰ্বসাধাৰণৰ দৃষ্টিত অমিতা এলাগী পাচলি । বজাৰৰ ৰং-বিৰঙি সতেজ যেন লগা পাচলিবোৰৰ মাজত অমিতাই যেন ফেৰ মাৰিব নোৱৰা হৈছে । কিন্তু ই যে ঔষধি গুণসম্পন্ন, সেয়া আমি পাহৰিয়েই যাওঁ । স্বাস্থ্যৱান হৈ থাকিব খোজা প্ৰতিজন লোকেই এই থলুৱা পাচলিবোৰ নিশ্চয় আদৰি লৈছে বুলি আশা কৰিছোঁ । Roll over stars then click to rate. © 2006-2019 C-DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws. এই পৰ্টেলৰ যোগেৰে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে এক ৰাষ্ট্ৰযোৰা প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে। আইএনডিজি প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ সহায়ত চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অব এডভান্স কম্পিউটিং, হায়দৰাবাদ (C-DAC) ৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে।
আমাৰ চিনাকি তচদ্দুক/মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা! - ৱিকিউৎস\nআমাৰ চিনাকি তচদ্দুক/মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা!\n←হৃদয়ত লিখি থোৱা এটি নাম\nলেখকঃ সমৰেন্দ্ৰনাৰায়ণ দেৱ\nএজন মহান অভিনেতাৰ মৃত্যুৰ বাতৰিৰে→\n42822আমাৰ চিনাকি তচদ্দুকসমৰেন্দ্ৰনাৰায়ণ দেৱ১৯৮২\nমৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা!\n'মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা।' - এয়া এজন কলংপৰীয়া কবিৰ জীৱনৰ গভীৰ উপলব্ধি। কলঙৰ পাৰত জন্ম আছে, কলঙৰ পাৰত শৈশৱ আছে, কলঙৰ পৰত কৈশোৰ আছে, কলঙৰ পাৰত যৌৱন আছে, কলঙৰ পাৰত প্ৰেম আছে, বিৰহ আছে, মিলন আছে, কলঙৰ পাৰত বাৰ্ধক্য আছে, মৃত্যু আছে। কিন্তু কলঙে অকালতে কাৰোবাক সাবতি লোৱাৰ বুৰঞ্জী আছে জানো? হয়তো আছে কোনোবাই কলঙৰ বুকুতেই চিৰশান্তি লোৱাৰ, জীৱনতকৈও মৃত্যুকেই শ্ৰেয় বুলি ভবাৰ। এয়া এক কৰুণ উপলব্ধি, এয়া মানৱ জীৱনৰ এক কৰুণ সমাপ্তি।\nবাপুদা - বাপুদায়ে হয়তো কলঙ পাৰত থিয় হৈ আকৌ এবাৰ কলং পনীয়া কবিৰ কবিতাটো আবৃত্তি কৰিছিল - 'মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা।' বহুদিন বাপুদাৰ কাষত বহি শুনিছিলোঁ অসমীয়া, বঙালী, উৰ্দু শ্বায়েৰ, ইংৰাজী নাটকৰ [ ২৭ ] সংলাপ আৰু কবিতা। বাপুদাৰ কণ্ঠৰ দৰে খুব কমৰেই ইমান মধুৰ আবৃত্তিৰ কণ্ঠ আছিল। বাপুদাৰ কণ্ঠ অসমৰ সকলোৰে বৰ চিনাকি, বৰ মৰমৰ; সেয়া নাটকৰ সংলাপেই হওক বা ফুটবলৰ চলন্ত ধাৰা বিবৰণীয়েই হওক। কিন্তু এই কণ্ঠ হঠাতে স্তব্ধ হৈ গ'ল, মৃত্যুৰ গভীৰ শীতে সোণালী কণ্ঠ সাৱতি ধৰিলে।\nভাতৃসম ল'ৰাজনে বৰ বিষন্ন মনে মোক সুধিছিল কথাটো সচাঁনে? মই উচপ্ খাই উঠিছিলোঁ। কি? কি ক'লা? কলঙৰ বুকুৰ পৰা তচদ্দুক ইউছুফৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই নিৰ্মম কথাটো তোমাক কোনে ক'লে? এৰা বহুতেই কৈছে, ৰেডিঅ'ই কৈছে, বাতৰি কাকতে কৈছে। মুহূৰ্ততে মোৰ মনৰ মাজত বহুতো স্মৃতি ভাঁহি উঠিল। টুকুৰা টুকুৰ কিছুমান দ্ৰুত ধাৱমান ছবি - যাক ফিল্মৰ ভাষাত কোৱা হয় 'মন্টাজ'। বাপুদা মানে তচদ্দুক ইউছুফৰ সতে মোৰ সম্বন্ধ ফিল্মৰ। ফিল্মৰ মাজেদিয়েই তচদ্দুক ইউছুফৰ সতে মোৰ গভীৰ সম্পক গঢ়ি উঠিছিল। ফিল্ম যিদৰে মোৰ প্ৰাণৰ বন্ধু, বাপুদাও আছিল মোৰ তেজৰ সম্বন্ধ থকা এজন আত্মীয়তকৈও বেছি অপোনজন। তিনিটা বিশেষ ঘটনাৰ বাবেই তচদ্দুক ইউছুফ [ ২৮ ] মোৰ জীৱনৰ স্মতিপটত এজন বিশেষ ব্যক্তি হিচাপে সদায় জিলিকি থাকিব।\nএক - জীৱনত মই প্ৰথম ছিনেমাৰ ছুটিং (দৃশ্য গ্ৰহণ) দেখোঁ তেজপুৰৰ আমাৰ ভিনদেউহ'তৰ ঘৰত স্বৰ্গীয় ফণী শৰ্মাদেৱৰ 'পুৱতি নিশাৰ সপোন'ৰ। ছবিখনৰ নায়ক আছিল বাপুদা। তচদ্দুক ইউছুফক মই জীৱনত প্ৰথম দেখিছিলোঁ মুখত মেক্আপৰে এজন ফিল্মৰ অভিনেতা হিচাপে তেজপুৰতেই। সিদিনা।\nদুই - মোৰ পৰিচালিত প্ৰথম তিনিখন ছবি অৰণ্য, কাজিৰঙাৰ কাহিনী (মুক্তি অৱশ্যে বহুত পিচত হৈছে), পুতলা ঘৰত একাদিক্ৰমে তেখেতে অভিনয় কৰিছে। অৰণ্য আৰু পুতলা ঘৰত তেওঁ যি আন্তৰিকতাৰে অভিনয় কৰিছিল, সিয়ে মোক ছুটিং কৰি থাকোঁতে এখন ভাল ছবি কৰাৰ মানসিকতাৰ সৃষ্টি কৰি দিছিল। তাৰ বাবে তেখেতৰ ওচৰত মই কৃতজ্ঞ।\nতিনি - তেখেতৰ ওচৰত মোৰ আটাইতকৈ বেছি শ্ৰদ্ধা উপজিছিল এটা বিশষে কাৰণতহে। এসময়ত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনটো 'জাতীয় নাট্যশালা' হ'ব লাগে বুলি বৰকৈ দাবী উঠিছিল। হঠাতে চৰকাৰেও ঘোষণা কৰিলে ৰবীন্দ্ৰ ভৱনটো 'জাতীয় [ ২৯ ] নাট্যশালা'লৈ ৰূপান্তৰিত কৰা হ'ব। শিল্পী সাহিত্যিক সকলৰ গাত তত্ নোহোৱা হৈ পৰিল - আমাৰ এটা 'জাতীয় নাট্যশালা' হ'ব - তাত ভাগ ল'বলৈ উখল-মাখল লাগি পৰিল। তাৰ মাজতে কিছুমানে অৱশ্যে প্ৰশ্ন কৰিলে 'জাতীয় নাট্যশালা' মানেনো কি? তাৰ উত্তৰখিনি ৰান্ধনি ঘৰৰ শিকিয়াত তুলি থোৱা হ'ল। মাথোন কমিটি কৰিব লাগে আৰু তাত ভাগ ল'ব লাগে। অসমৰ ইমূৰৰপৰা সিমূৰৰ স্বনামধন্য ব্যক্তি সকলেৰে এখন কমিটিও গঠন কৰা হ'ল; কিন্তু দুখৰ বিষয়, শেষত দেখা গ'ল কমিটিখনত এজনো মুছলমান লোক লোৱা ন'হল। গতিকে লৰালৰি কৰি তচদ্দুক ইউছুফৰ নামটো কমিটিত লোৱা হ'ল। হায়! সংস্কৃতিৰ কি কৰুণ প্ৰকাশ! তচদ্দুক ইউছুফে তাৰ প্ৰতিবাদ কৰিলে - মই যদি সংস্কৃতিৰ মানুহ নহওঁ, সংস্কৃতিৰ ক্ষেত্ৰত অসমত যদি মোৰ কোনো বৰঙণি নাই, তেনেহলে 'জাতীয় নাট্যশালা'ৰ কমিটিত এজন মুছলমান প্ৰতিনিধি হিচাপে মই নাথাকোঁ। এক তীব্ৰ প্ৰতিবাদ। লগতে তেওঁ প্ৰশ্নও কৰিলে 'জাতীয় নাট্যশালা' মানেনো আপোনালোকে কি বুজিছে? উত্তৰ শূন্য। টেঙৰ বুদ্ধিজীবীসকল আজিও নিমাত। সেয়েহে সংস্কৃতিক ভালাপোৱা, জ্ঞানক ভালপোৱা নতুন পুৰুষ এজনেও আজি শিক্ষা-সংস্কৃতিৰ কমিটি [ ৩০ ] এখন গঠন কৰিবলৈ গৈ ঘৃণনীয় সাম্প্ৰদায়িকতাৰ আশ্ৰয় লয়। আজিৰ অসমৰ এই পৰিবেশৰ মাজত তচদ্দুক ইউছুফে, মোৰ অগ্ৰজ বাপুদাই সেয়েহে কলং পাৰত থিয়হৈ কলংপাৰৰ কবিৰ উক্তিকেই পুনৰ আবৃত্তি কৰিলে - "মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা'। ইয়াতকৈ দুখৰ, ইয়াতকৈ মৰ্মান্তিক আৰু একোৱেই হ'ব নোৱাৰে, যদিহে সংস্কৃতিক উপলব্ধি কাৰোবাৰ আছে।\n"https://as.wikisource.org/w/index.php?title=আমাৰ_চিনাকি_তচদ্দুক/মৃত্যু_কিনো%3F_মাথোঁ_এটি_ক্ষণিকৰ_কথা!&oldid=84165"ৰ পৰা অনা হৈছে\nসমৰেন্দ্ৰনাৰায়ণ দেৱৰ সাহিত্যকৰ্ম\nএই পৃষ্ঠাটো শেষবাৰৰ কাৰণে ২৭ আগষ্ট ২০২০ তাৰিখে ১৪ঃ২৩ বজাত সলনি কৰা হৈছিল।
অভিনেত্ৰী গৰাকীয়ে আশা কৰিছে যাতে অনুৰাগীসকলে এই ৱেব চিৰিজখনক আদৰি লয় । আৰু যদি একতা কাপুৰে এই ৱেব চিৰিখনৰ দ্বিতীয় অংশ নিৰ্মাণ কৰে । তেন্তে সেইখনটো কৰিশ্মাই অভিনয় কৰাৰ কথা আশা প্ৰকাশ কৰে । The Sentinel Building, © 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd.
আজি সংসদত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে মোদী চৰকাৰৰ প্ৰথমখন বহু প্ৰত্যাশিত বাজেট উত্থাপন কৰিছে। ৬১ বছৰীয়া বিত্তমন্ত্ৰীজন ৰাজ্য সভাত বৰ্তমান শাসনাধিষ্ঠ দলটোৰ দলপতি হোৱাৰ অভিজ্ঞতা থকাৰ উপৰিও বিগত এন.ডি.এ চৰকাৰত বাণিজ্য আৰু আইন মন্ত্ৰী ৰূপেও সেৱা আগবঢ়াইছিল। এগৰাকী সফল আইনজ্ঞৰ পুত্ৰ জেটলীয়েও আইনজ্ঞৰ ৰূপতে পেশাগত কেৰিয়াৰ আৰম্ভ কৰিছিল। দেশৰ প্ৰতিৰক্ষা আৰু বিত্ত মন্ত্ৰীৰ গধুৰ দ্বায়িত্ব মূৰ পাতি লোৱা জেটলীদেৱে আজি উত্থাপন কৰা দেশৰ ৮৪তম সাধাৰণ বাজেটত দেশৰ সাধাৰণ মানুহলৈ সকাহ আৰু দেশৰ অৰ্থনৈতিক বিকাশৰ দিশত নতুন দিশ উন্মোচন কৰিব বুলি ৰাইজে আশা কৰিছিল। আজি পুৱা দেশৰ কেন্দ্ৰীয় কেবিনেটে এই সাধাৰণ বাজেটত অনুমোদন দিয়াৰ পাছতে তেখেতে সংসদত বাজেটৰ বিভিন্ন প্ৰস্তাৱ সমূহ দাঙি ধৰিছে। তেখেতৰ প্ৰস্তাৱিত বিভিন্ন দিশক ইয়াত থোৰতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। পোনপ্ৰথমেই বিত্তমন্ত্ৰীজনে জনে দেশত মূল্যবৃদ্ধি আৰু বৰ্ধিত মুদ্ৰাস্ফীতিৰ পৰা ৰেহাই দিবলৈ বিচাৰে বুলি প্ৰকাশ কৰিছে। দেশে নিবনুৱা সমস্যাক সহ্য কৰিব নোৱাৰে বুলিও মন্তব্য কৰি অনাগত ৩-৪বছৰত দেশে ৭-৮শতাংশ বিকাশৰ হাৰত উপনীত হব পাৰিব বুলিও আশা প্ৰকাশ কৰিছে। দেশে এতিয়া দ্ৰুত বিকাশ আশা কৰিছে বুলি উল্লেখ কৰি এই বাজেটত ৪.১ শতাংশ বিত্তীয় ঘাটিৰ কথাও সংসদক অৱগত কৰিছে। অনাগত বিত্তীয় বৰ্ষত ইয়াক ৩.৬ শতাংশ লৈ হ্ৰাস কৰাৰো লক্ষ্য স্থিৰ কৰিছে বুলিও প্ৰকাশ কৰিছে। দেশত কৰ ব্যৱস্থাৰ সৰলীকৰণৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি জি.এছ.টি (GST) ৰূপায়ন কৰাৰ সময় আহিল বুলিও প্ৰকাশ কৰিছে। এটা সুস্থিৰ, অনুমান কৰিব পৰা ভৰসাযোগ্য টেক্স ব্যৱস্থাইহে দেশৰ অৰ্থনীতিক সৱল কৰিব পাৰিব আৰু টেক্সৰ বিভিন্ন ব্যৱস্থাই বিনিয়োগকাৰী সকলকো প্ৰেৰণা দিবলৈ সক্ষম হব লাগিব বুলিও মত প্ৰকাশ কৰিছে। দেশত এতিয়া নিযুক্তি সৃষ্টিৰ সম্ভাৱনীয়তাক প্ৰসাৰ কৰাৰ প্ৰয়োজন। বিদেশী বিনিয়োগৰ বাবে গৃহ নিৰ্মাণ ক্ষেত্ৰ আৰু মেনুফেক্সাৰিং ক্ষেত্ৰত আদৰণি জনোৱা হব বুলিও তেখেতে ঘোষণা কৰিছে। প্ৰতিৰক্ষা সামগ্ৰীৰ নিৰ্মাণৰ ক্ষেত্ৰত বৰ্তমানৰ বিদেশী বিনিয়োগৰ সীমা ২৬শতাংশৰ পৰা ৪৯ শতাংশলৈ বৃদ্ধি কৰাৰো প্ৰস্তাৱ উত্থাপন কৰিছে। দেশৰ নটা এয়াৰপৰ্টত অচিৰেই ভিছা দিয়াৰ ব্যৱস্থা কৰা হব। ১০০খন স্মাৰ্ট চিটি গঢ়ি তোলাৰো প্ৰস্তাৱ। নেচনেল স্কিল ডেভেলপমেণ্ট মিচনো অতি সোনকালেই স্থাপন কৰা হব। প্ৰধানমন্ত্ৰী জলসিঞ্চন আঁচনিৰে দেশৰ খৰাং সদৃশ পৰিস্থিতিৰ পৰা কৃষক সকলক মুক্ত কৰিবলৈ ৰখা হৈছে প্ৰস্তাৱ। দেশৰ প্ৰতিটো ঘৰতে চাফচিকুনতাৰ বাবে অভিযান চলোৱা, দেশৰ বয়োজ্যেষ্ঠ নাগৰিক সকলৰ কল্যাণৰ বাবে ৬০০০কোটি টকাৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰা হৈছে। সকলো বয়োজ্যেষ্ঠ নাগৰিকলৈ এবছৰৰ পেঞ্চন দি বুলিও ঘোষণা কৰিছে। দৃষ্টিহীন লোকসকলৰ বাবে সুবিধা হোৱাকৈ ব্ৰেইলী পদ্ধতিৰেও দেশৰ টকাৰ নোটত প্ৰিণ্টিংৰ কৰিব ব্যৱস্থা। নতুন ব্ৰেইলী প্ৰিণ্টিং মেচিন প্ৰতিষ্ঠা আৰু পুৰণি সমূহ কাৰ্যক্ষম কৰাত গুৰুত্ব। প্ৰতিবন্ধী নাগৰিক সকলৰ বাবে সাহাৰ্য বৃদ্ধিৰ ঘোষণা। ১৫০কোটি টকা পথত নাৰীৰ সুৰক্ষাৰ বাবে খৰছ কৰাৰ প্ৰস্তাৱ। মহাত্মা গান্ধী নিশ্চিত নিয়োগ আঁচনিক অধিক কাৰ্যকুশল কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে বিত্তমন্ত্ৰীয়ে। বিশেষ স্পেচিয়েল ইকনমিক জ'নৰ ব্যৱস্থা কৰি ১০০ খন জিলাত মহিলাক বাণিজ্যৰে সৱলীকৰণ কৰাৰ প্ৰয়াস কৰা হৈছে। ৮০০০হাজাৰ কোটি টকা গ্ৰাম্য গৃহ নিৰ্মাণ আঁচনিৰ বাবে আছুতীয়াকৈ ৰখা হৈছে। পাঁচখনকৈ নতুন আই.আই.এম আৰু পাঁচখন নতুন আই.আই.টি স্থাপনেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ। চাৰিখনকৈ নতুন এইমছ প্ৰতিষ্ঠা কৰাৰো প্ৰস্তাৱ। কমিউনিটী ৰেডিঅ' ষ্টেচন স্থাপনৰ বাবে ১০০কোটি টকাৰ দিহা। চাৰি হাজাৰ কোটি টকা সুলভ হাউছিং প্ৰকল্পৰ বাবে ঋণ দানৰ বাবে বাজেটত কৰিছে ব্যৱস্থা। ২০লাখতকৈ অধিক লোকে বসবাস কৰা চহৰক মেট্ৰ'ৰ সুবিধা প্ৰদানৰ লক্ষ্য। পৰিবেশ পৰিবৰ্তনৰ বিষয়টো অধ্যয়নৰ বাবে প্ৰতিষ্ঠা হব নতুন প্ৰতিষ্ঠান। ২০১৪-১৫বৰ্ষৰ বাবে কৃষি খণ্ডত ঋণ প্ৰদান কৰিবৰ বাবে ৮লাখ কোটি টকাৰ লক্ষ্য স্থিৰ কৰাৰো সুখবৰ। বিজ্ঞান-সন্মত কৃষি সামগ্ৰী সংৰক্ষণ ভঁড়ালৰ বাবে পাঁচ হাজাৰ কোটি অনুমোদন দিয়াৰ প্ৰস্তাৱ। এইবৰ্ষতে কৃষক কলক উপকৃত কৰিবলৈ "কিষাণ টিভি" আৰম্ভ কৰিব বুলিও কৰিলে ঘোষণা। মোদী চৰকাৰৰ প্ৰস্তাৱিত সোণালী চতুৰ্ভূজত নতুন নতুন উদ্যোগিক অঞ্চল গঢ়ি তোলাৰো লক্ষ্য স্থিৰ কৰা হৈছে। সাতখন উদ্যোগিক স্মাৰ্ট নগৰী প্ৰতিষ্ঠাৰ লগতে ক্ষুদ্ৰ, মধ্যমীয়া উদ্যোগীৰ বাবে ১০হাজাৰ কোটি টকাৰ ধনৰ ব্যৱস্থা বাজেটত স্থিৰ কৰা হৈছে। এখন পৰামৰ্শৱলী কমিটিয়ে এই বিষয়টোত পৰামৰ্শ দিয়াৰ ব্যৱস্থা কৰাৰ কথাও ঘোষিত। নতুন ১৬টাকৈ জাহাজ বন্দৰৰ প্ৰকল্পও বিবেচনাধীন। ৰাষ্ট্ৰীয় পথৰ বিকাশ, পথ সংযোজনৰ বাবে ৮৫০০কোটি টকাৰ ব্যৱস্থা। টায়াৰ-১ আৰু টায়াৰ-২ চহৰটো এয়াৰপোৰ্ট নিৰ্মাণৰ প্ৰস্তাৱ। অত্যাধুনিক সৌৰশক্তি প্ৰকল্পৰ বাবে ৰাজস্থান, তামিলনাডু আৰু লেহৰ নাম নিৰ্বাচিত হোৱাৰ সুখবৰ। পাঁচশ কোটি কা সৌৰশক্তিৰ প্ৰকল্পৰ বাবে আগবঢ়োৱা হৈছে। পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলত গেছ পাইপলাইন নিৰ্মাণৰ বাবে প্ৰস্তাৱ ৰখাৰ খবৰ। সকলো পৰিয়ালকে বেংকিং সেৱাৰ লগত সংযোজিত কৰাৰ লক্ষ্য আৰু প্ৰতিটো পৰিয়ালত নুন্যতম দুটাকৈ বেংক একাউণ্ট খোলাৰ প্ৰস্তাৱ। সকলো বিত্তীয় লেনদেনৰ বাবে স্বচ্ছ আৰু সৰল গ্ৰাহকৰ বিষয়ে তথ্য ৰখাৰ পৰামৰ্শ । সকলো বেংক একাউণ্টতে ডিমেট একাউণ্ট যোগে ক্ষুদ্ৰ বিনিয়োগকাৰী সৃষ্টিৰ লক্ষ্য। চৰকাৰে ঋণদায়গ্ৰস্ত বেংক সমূহৰ উদ্ধাৰৰ বাবে হাতত লব প্ৰচেষ্টা। অনাদায় ঋণ মূহ আদায় কৰাৰ বাবে ছখনকৈ নতুন ডেবট ৰিকভাৰী ট্ৰিবিউনেল গঠন কৰাৰো প্ৰস্তাৱ। আন্তঃগাঁথনিমূলক লোণৰ বাবে বিশেষ সুবিধাৰ প্ৰতিশ্ৰুতি। পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত জমা থোৱা ধনৰ সীমা বাৰ্ষিক ডেৰ লাখ টকালৈকে বৃদ্ধি। ইয়াৰ জৰিয়তে ৫০০০টকালৈকে টেক্স ৰেহাই পোৱাৰ সম্ভাৱনা প্ৰকাশ। ছোৱালী সন্তানৰ বাবে বিশেষ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ঘোষণা। সীমান্তত ৰেলৱে নেটবৰ্ক বিকাশৰ বাবে ১০০০কোটি টকাৰ ব্যৱস্থা। ই.পি.এফ.অ'(EPFO)ৰ দৰমহাৰ সীমা ১৫হাজাৰ কোটিলৈকে বৃদ্ধি। দেশৰ প্ৰতিৰক্ষা বাজেটত ২.২৯লাখ টকাৰ ব্যৱস্থা কৰা গৈছে। দুই হাজাৰ কোটি টকাৰে গংগা সংৰক্ষণৰ প্ৰস্তাৱ। অতিৰিক্ত ২৩৭কোটি টকা নদী সমূহ চাফাইৰ কামত খৰছ কৰাৰ প্ৰস্তাৱ। সকলো ধৰণ ক্ৰীড়াৰ প্ৰশিক্ষণৰ বাবে স্থাপিত হব বিভিন্ন স্থানত নেচনেল স্পৰ্টছ একাডেমি গঢ়ি তোলাৰ প্ৰস্তাৱ। হিংসা-জৰ্জৰ কাশ্মীৰৰ পৰা ভগনীয়াত পৰিণত হোৱা সকলৰ পুনৰ্নিবাসৰ বাবে ৫০০কোটি টকাৰ ব্যৱস্থা। আৰু উত্তৰ পূৱত ৰেল'ৱেৰ বিকাশৰ বাবে ১০০০কোটি টকা ৰখাৰ প্ৰস্তাৱো তুলি ধৰা হৈছে। সৰ্বমুঠ ১২লাখ কোটি টকা পৰিকল্পিত শিতানত খৰছ কৰিবলৈ বিচৰা হৈছে। দিল্লীত শক্তি খণ্ডৰ সংস্কাৰ সাধনৰ বাবে ২০০কোটি টকা ঘোষণা কৰা হৈছে। মুঠ টেক্স আহৰণ ১৩লাখ কোটি টকা হব বুলিও ধাৰণা কৰা হৈছে। কৰ্পৰেট টেক্সৰ হাৰত কোনো সা-সলনি কৰা হোৱা নাই। ব্যক্তিগত টেক্সৰ ক্ষেত্ৰত আয়ৰ সীমা ২.৫লাখলৈ বৃদ্ধি কৰা হৈছে। চেকচন-৮০ চিৰ অধীনত কৰ ৰেহাইৰ সুবিধা ১.৫০লাখ টকালৈকে লাভ কৰিব পৰা যাব বুলিও ঘোষণা কৰিছে। বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে ৩লাখ টকা আয় পৰ্যন্ত আয়কৰ ৰেহাই দিয়া হৈছে। নিজে বসবাস কৰা ঘৰৰ ক্ষেত্ৰত গৃহ নিৰ্মাণ ঋণৰ সুতৰ ক্ষেত্ৰত ২লাখ টকালৈকে কৰ ৰেহাই পোৱাৰ ব্যৱস্থাৰেও সৰ্বসাধাৰণ লোকক কিছু সকাহ দিবলৈ চেষ্টা কৰা হৈছে। অচিৰেই "পোনপটীয়া কৰ ব্যৱস্থা"বা ডাইৰেক্ট টেক্স কোড (DTC) ব্যৱস্থা প্ৰৱৰ্তন কৰা হব। টেক্সৰ ক্ষেত্ৰত ৰেহাই ঘোষণাৰ ফলত দেশৰ ৰাজকোষলৈ ২লাখ কোটি কমকৈ আহিব বুলিও বিত্তমন্ত্ৰীজনে সংসদক অৱগত কৰিছে। শক্তিখণ্ডলৈ ১০বছৰলৈ কৰমুক্ত সুবিধা এই চৰকাৰৰ দিনতো বলবত থাকিৰ বুলিও ঘোষণা কৰিছে। লগতে অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সুবিধা হোৱাকৈ পিকচাৰ টিউব থকা টিভিত আবকাৰী শুল্ক নাইকীয়া কৰাৰো সুখবৰ । ৯০ ইঞ্চিৰ তলৰ এল.চি.ডি, এল,ই.ডি টিভি নিৰ্মাণৰ বাবে লগা সামগ্ৰীকো আবকাৰী শুল্কৰ পৰা মুক্ত কৰা হৈছে। পেপচী, কোকাকোলাৰ দৰে শীতল পানীয়ত ৫শতাংশ আবকাৰী শুল্ক বৃদ্ধি, চিগাৰেটতো ১১-৭২ শতাংশ আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে। সৌৰশক্তিৰে চলা লাইটক কম দামত উপলদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জোতাৰ ক্ষেত্ৰতো আৱকাৰী শুল্ক কম কৰাৰ প্ৰস্তাৱ। ইফালে বাতানুকূল বাচৰ যাত্ৰা আৰু ৰেডিঅ' টেক্সি সেৱাৰ ক্ষেত্ৰত সেৱা কৰ নতুনকৈ প্ৰৱৰ্তন কৰা হৈছে। আমদানিকৃত ইলেক্ট্ৰনিক সামগ্ৰীৰ ক্ষেত্ৰত নতুন চেচ(CESS) এই কেইটি ঘোষণাৰেই মূলত আজিৰ বাজেট ভাষণ সামৰিলে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে। বাজেট ভাষণৰ পাছতে বিভিন্ন জনৰ প্ৰতিক্ৰিয়াও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। শ্বেযাৰ মাৰ্কেটেও যোগাত্মক ইংগিত বহন কৰিছে, ছেনছেক্স ৩৫০সূচকাংক উৰ্ধগামী হোৱাৰ আৰু নিফটি ১১২ সূচকাংক উৰ্ধগামী হোৱাৰ খবৰ পোৱা গৈছে। এম.জে.আকবৰে এই বাজেটক এখন সমৃদ্ধিশীল বাজেট বুলি মন্তব্য কৰিছে। তাৰ বিপৰীতে কংগ্ৰছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে সামাজিক ক্ষেত্ৰৰ বাবে বাজেটত অতি কম ব্যৱস্থা ৰখা হৈছে বুলি মন্তব্য কৰিছে। কেন্দ্ৰীয় সাৰ মন্ত্ৰী অনন্ত কুমাৰে এই বাজেটক অৰ্থনীতিক উদ্ধাৰকৰাৰ বাবে এক উত্তম বাজেট বুলি প্ৰশংসা কৰিছে। লালকৃষ্ণ আদৱানিয়ে দেশে লাভ কৰা অন্যতম বাজেট বুলি মন্তব্য কৰিছে। আম আদমী পাৰ্টিৰ অৰবিন্দ কেজৰীৱালে মূল্যবৃ্দ্ধি ৰোধৰ বাবে কি প্ৰচেষ্টা হাতত ল'লে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। বিশিষ্ট সাংবাদিক অৰুণ পুৰীয়ে যিমান শক্তিশালী স্থিতি গ্ৰহণ কৰিব বুলি আশা কৰিছিল, সেয়া পৰিলক্ষিত নহ'ল বুলিও মত প্ৰকাশ কৰিছে। ইফালে অৰ্থনৈতিক ক্ষেত্ৰৰ ৰেংকিং সংস্থা "মোদী"(MOODY) য়ে বিত্তীয় ঘাটিৰ ক্ষেত্ৰত বাজেটখনে প্ৰত্যাশা পূৰণ কৰা বুলি মত কৰাৰ কথাও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।
ডিজিটেল ডেস্কঃ যিকোনো মুহূৰ্তত ভাৰতৰ হাতত ব্ৰিটেইনে গটাই দিব পাৰে একালৰ আলফা স্বাধীনৰ সভাপতি ডাঃ মুকুল হাজৰিকা ওৰফে অভিজিৎ অসমক। ভাৰত চৰকাৰৰ পৰা অভিজিৎ অসমক প্ৰত্যাৱৰ্তন কৰাৰ অনুৰোধ পোৱাৰ পাছতেই ইউ কে চৰকাৰৰ কেইবাটাও এজেন্সীয়ে লণ্ডনত বাস কৰা চিকিৎসক গৰাকীক সোধপোছ কৰিছে। উল্লেখযোগ্য যে, কিছুদিনৰ পূৰ্বে আলফা স্বাধীনে প্ৰকাশ কৰা নতুন কমিটীত নাম নাছিল অভিজিৎ অসমৰ। কিন্তু ইয়াৰ পূৰ্বে পৰেশ বৰুৱাৰ দ্বাৰা পৰিচালিত আলফা স্বাধীনৰ সভাপতি হিচাপে মুকুল হাজৰিকাই অভিজিৎ অসমৰ নাম লৈ দায়িত্ব লৈছিল। ব্ৰিটেইনৰ নাগৰিক তথা বিশিষ্ট চিকিৎসক গৰাকীক যোৱা কেইমাহত কেইবাবাৰো সোধপোছ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইফালে, আন এক খবৰ অনুসৰি উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাই ৰাজ্যৰ এক সংগঠনৰ সৈতে যোগাযোগ কৰিছে। অধিবক্তা গৰাকীয়ে জানিবলৈ দিয়া মতে লণ্ডনৰ মুকুল হাজৰিকাৰ অধিবক্তাই তেওঁৰ সৈতে যোগাযোগ কৰি মুকুল হাজৰিকাক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাৰ সন্দৰ্ভত সংগঠনটোৰ পৰা মতামত জানিব বিচাৰিছে। অধিবক্তাগৰাকীয়ে লিখা এক পত্ৰত কোৱা হৈছে যে ইউ কে আদালতত যাতে ভাৰতৰ এই অনুৰোধৰ বিপৰীতে অভিজিৎ অসমৰ পক্ষত ওকালতি কৰিবলৈ তেওঁলোকৰ মতামতৰ প্ৰয়োজন হৈছে। সেয়েহে অভিজিৎ অসমৰ সন্দৰ্ভত আৰু সমগ্ৰ বিষয়টোক লৈ তেওঁলোকৰ দিহা পৰামৰ্শ আৰু তথ্য লণ্ডনৰ অধিবক্তাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ বিশেষ অধিবক্তাৰ জৰিয়তে বিচাৰিছে বুলি পত্ৰখনত লিখা হৈছে। সেই সংগঠনটোৰ বিষয়ববীয়াৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰা হৈছে। তেনে কিবা পত্ৰ তেওঁলোকে পাইছে নেকি বুলি জানিব বিচৰাত এই সন্দৰ্ভত তেনে পত্ৰ বা বাৰ্তা পোৱা কথা অস্বীকাৰ কৰিলে সংগঠনটোৰ এজন বিষয়ববীয়াই। ইফালে, হোৱাটছএপ যোগে প্ৰেৰণ কৰা এই পত্ৰত লণ্ডনত মুকুল হাজৰিকাৰ হৈ ওকালতি কৰিব লগা অধিবক্তাজনৰ সৈতে যোগাযোগত থকা উচ্চতম ন্যায়ালয়ৰ অধিবক্তাজনৰ ফোন নম্বৰো দিয়া হৈছে।
অনলাইন গেমিং আৰু শিশুসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ\nভাৰতৰ জনসংখ্যাৰ প্ৰায় 41 শতাংশ অৰ্থাৎ প্ৰায় 55 কোটি লোকৰ বয়স 20 বছৰৰ তলত, যাৰ অৰ্থ হৈছে অনলাইন গেমিং আসক্তিয়ে এটা গোটেই প্ৰজন্মক ধ্বংস কৰিব। যদিও সমগ্ৰ বিশ্বৰ শিশুসকল চিকিৎসক, বিজ্ঞানী, অভিযন্তা হ'ব তথাপিও আমাৰ দেশৰ সন্তানে অনলাইন গেম খেলা অব্যাহত ৰাখিব। ৰাজস্থানৰ ঘটনাটোত, কিশোৰ ল'ৰাজনে অনলাইন গেম টোকেন ক্ৰয় কৰিবলৈ আৰু এই ধন পৰিশোধ কৰিবলৈ লাখ লাখ টকা ধাৰ লৈছিল। তেওঁ তেওঁৰ 12 বছৰীয়া সম্পৰ্কীয় ভাতৃক অপহৰণ কৰিছিল আৰু তেওঁৰ পৰিয়ালৰ পৰা মুক্তিপণ দাবী কৰিছিল। বৰ্তমান সমগ্ৰ দেশতে এনে ঘটনাৰ খবৰ পোৱা গৈছে, য'ত শিশুৱে অনলাইন গেম খেলিবলৈ নিজৰ ঘৰত চুৰি কৰি অপৰাধ কৰি আছে।\nইয়াৰ পূৰ্বে ছত্তীশগড়ৰ বিলাসপুৰত এজন ১৯ বছৰীয়া ল'ৰাই অনলাইন গেমিং আসক্তিৰ বাবে তেওঁৰ অপহৰণৰ মিছা কাহিনী সৃষ্টি কৰিছিল। ল'ৰাজন PUBG খেলিত আসক্ত আছিল আৰু আনকি পিতৃয়ে তেওঁৰ বাইকখন বিক্ৰী কৰিছিল। যিহেতু তেওঁৰ পৰিয়ালে তেওঁক খেলৰ পৰৱৰ্তী স্তৰত উপনীত হ'বলৈ প্ৰয়োজন হোৱা টকা দিবলৈ অস্বীকাৰ কৰিছিল যাৰ বাবে তেওঁ হাত আৰু ভৰি বান্ধি নিজৰ এখন ফটো তুলিছিল আৰু মাক-দেউতাকলৈ প্ৰেৰণ কৰিছিল। তেওঁ লিখিছিল যে তেওঁক অপহৰণ কৰা হৈছে আৰু যদি তেওঁলোকে নিৰ্ধাৰিত স্থানলৈ চাৰি লাখ টকা প্ৰদান নকৰে, তেন্তে তেওঁক হত্যা কৰা হ'ব। যেতিয়া আৰক্ষীয়ে এটা তদন্ত আৰম্ভ কৰিছিল, এইটো পোহৰলৈ আহিছিল যে এইটো ভুৱা অপহৰণৰ ঘটনা যিটো লৰা পৰিকল্পনা কৰিছিল কিয়নো তেওঁক অধিক ধনৰ প্ৰয়োজন আছিল।\nযোৱা বছৰ ভাৰতত কৰা এক জৰীপত, 20 বছৰৰ তলৰ 65 শতাংশ শিশুৱে কৈছিল যে তেওঁলোকে অনলাইন গেম খেলিবলৈ খাদ্য আৰু টোপনি এৰিবলৈ সাজু। বহুতে আনকি স্বীকাৰ কৰিছিল যে তেওঁলোকে অনলাইন গেম খেলাৰ বাবে তেওঁলোকৰ পিতৃ-মাতৃৰ ধন চুৰি কৰিবলৈ সাজু।কোভিড-19 মহামাৰীৰ পিছৰ পৰা, সমগ্ৰ দেশৰ শিশুসকলৰ মাজত অনলাইন গেমিং এপৰ আসক্তি যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰিছে।\nঅনলাইন গেমিং আসক্তিয়ে যুৱক কেনেদৰে প্ৰভাৱিত কৰিছেঃ\n1. অনলাইন গেমিং আসক্তিৰ বাবে, শিশুৰ মেদবহুলতা বৃদ্ধি পাইছে। এক প্ৰতিবেদন অনুসৰি, COVID19 প্ৰাদুৰ্ভাৱৰ পিছত ভাৰতত শিশুৰ ওজন 4-5 কিলোগ্ৰাম বৃদ্ধি হৈছে। ওজন বৃদ্ধিৰ কাৰণ হৈছে যে অনলাইন গেমিংৰ বাবে কোনো বাহিৰৰ স্থানলৈ যোৱাৰ প্ৰয়োজন নাই আৰু গোটেই দিনটো এটা ঠাইত বহি এই গেমবোৰ খেলিব পাৰে।\n2. অত্যাধিক অনলাইন গেম খেলিলে শিশুসকলৰ চকু প্ৰভাৱিত হয় যাৰ ফলত তেওঁলোক আগৰ তুলনাত দুৰ্বল হৈ পৰে।\n3.শিশুৰ টোপনিৰ আৰ্হিৰ অৱনতি ঘটিছে আৰু অনলাইন গেমিং আসক্তিৰ বাবে তেওঁলোকে এতিয়া কমকৈ টোপনি গৈছে।\n4. বেছিভাগ সময় অনলাইন গেম খেলাৰ বাবে শিশুৱে কম ভোক অনুভৱ কৰে।\n5. অনলাইন গেম খেলা শিশুৱে আন কামত লিপ্ত নহয়। তেওঁলোকে তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে কথা পতা বন্ধ কৰে, নিজকে পৃথক কৰে আৰু লগতে তেওঁলোকৰ পঢ়া-শুনা উপেক্ষা কৰে।\n6. প্ৰতিখন খেলৰ দৰে, অনলাইন গেমো একেই। যিহেতু ইয়াত টকা বিনিয়োগ কৰা হয়, শিশুৱে এইসমূহত পৰাজিত হ'লে বিৰক্ত হ'বলৈ আৰম্ভ কৰে আৰু সৰুৰে পৰা শিশুসকল হতাশাত ভুগিব পাৰে।\n7. অনলাইন গেমত অত্যাধিক হিংসাৰ ফলত শিশুসকল হিংসাৰ প্ৰতি আকৰ্ষিত হয়।
ওড়িশাৰ কোৰাটপুৰ জিলাত সোমবাৰে পুৱতি নিশা এখন যাত্ৰীৰে ঠাহ খাই থকা পিক আপ ভানে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি পিক আপ ভান খনে অত্যধিক যাত্ৰী কঢ়িয়াই অনাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনাটোত আহত বহু কেইজন লোকৰ সংখ্যা সংকটজনক হোৱালৈ লক্ষ্য কৰি নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। টুইটাৰত মোদীয়ে দুৰ্ঘটনাটোত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
ৰাজ্যত চলি থকা চোৰাং কাৰবাৰৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ মাজতে আজি কাছাৰত আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। জিলাখনৰ ঢলাই অঞ্চলৰ আৰক্ষীয়ে আজি অভিযান চলাই জব্দ কৰিছে বাৰ্মিজ মূলৰ গৰুভৰ্তি এখন ট্ৰাক। প্ৰকাশিত খবৰ অনুসৰি, গৰুৰ অবৈধ সৰবৰাহৰ এই তথ্য গোপনসূত্ৰে লাভ কৰাৰ পাছত এই তথ্যৰ আধাৰত আৰক্ষীয়ে ট্ৰাকখন আটক কৰিছিল। ট্ৰাকখন পৰীক্ষা কৰাৰ পাছত আৰক্ষীয়ে বাৰ্মিজ মূলৰ আঠটা গৰু উদ্ধাৰ কৰে। এই গৰু সমূহ ম্যানমাৰৰ পৰা মিজোৰামৰ মাজেৰে অনা হৈছিল আৰু বাংলাদেশ অভিমুখে নিয়াৰ চেষ্টা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। সূত্ৰ অনুসৰি আন্তৰ্জাতিক বজাৰত এই গৰুবোৰৰ মূল্য প্ৰায় ২৫ লাখ টকা বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত ইতিমধ্যে এগৰাকী ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে আৰু বিষয়টোৰ তদন্ত কৰি থকা হৈছে বুলি জানিবলৈ দিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
অৱশেষত অন্ত পৰিল অপেক্ষাৰ। ঘৰ্মলৈ উভতিল অসম তৰুণী লাভলীনা। বিগত কেইখনমান প্ৰতিযোগিতাত আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈ পদকহীন হৈ ৰোৱা অলিম্পিক ব্ৰঞ্জ বিজয়ী তাৰকা বক্সাৰগৰাকীয়ে অৱশেশত জৰ্ডান ভূমিত অন্ত পেলালে এই ব্যৰ্থতাৰ। জৰ্ডানৰ আম্মানত অনুষ্ঠিত হৈ থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শুকুৰবাৰে ভাৰতীয় বক্সাৰগৰাকীয়ে ৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয়েৰে ৰাজ্যৰ লগতে দেশকো পুনৰ গৌৰৱান্বিত কৰি তুলিছে। ৭৫ কিলোগ্ৰাম শাখাত নিজৰ প্ৰথমটো পদক লাভৰ পথত লাভলীনাই উজবেকিস্তানৰ ৰুজমেটোভা শ্ব'খিবাক ৫-০ ব্যৱধানত ধৰাশয়ী কৰি স্বৰ্ণ আজুৰি আনে। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত ফৰ্মৰ সৈতে যুঁজি থকা ২৫ বৰ্ষীয় বক্সাৰগৰাকীৰ বাবে এই জয় যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত ব্যৰ্থ হোৱা তাৰকাগৰাকীয়ে এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে নিজৰ মনোবল বঢ়াই তুলিলে। উল্লেখ্য যে, আগন্তুক পেৰিছ অলিম্পিকত লাভলীনাৰ পূৰ্বৰ ৬৯ কিলোগ্ৰাম ওজনৰ শাখা অন্তৰ্ভুক্ত নাথাকিব। সেয়েহে তাৰকাগৰাকীয়ে এতিয়া ৭৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ইফালে প্ৰতিযোগিতাখনত কালি লাভলীনাৰ লগতে পাৰবীন হুডাই ৬৩ কিলোগ্ৰাম শাখাত, ছুইটীয়ে ৮১ কিলোগ্ৰাম শাখাত আৰু আলফিয়া পাঠানে ৮১ কিলোগ্ৰাম উৰ্ধ শাখাত স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে মীনাক্ষীয়ে ৫২ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
যোৱা দুবছৰ ধৰি ভাৰতত এখনো বিয়া নোহোৱা ঘটনাই আজি গিনিজ বুক অৱ ৰেকৰ্ডচ স্থান লাভ কৰে। লগতে ভাৰত পৃথিৱীৰ ভিতৰতে সকলোতকৈ দ্ৰুতগতিত জনসংখ্যা হ্ৰাস পোৱা দেশ বুলিও পৰিগণিত হয়। আজিকালি সমগ্ৰ দেশতে দেখা গৈছে যৈ কোনো পুৰুষেই বিয়া পাতিবলৈ ইচ্ছা নকৰে। কোনো কোনো পুৰুষে সন্তান বিছাৰিলে ক্লনিং কৰাই লোৱা সুবিধা ইতমধ্যে ভাৰতৰ সকলো প্ৰাথমিক চিকিৎসা কেন্দ্ৰতে উপলব্ধ হৈছে। তথাপিও কিছুমান মানবীয় অনুভূতি জীয়াই ৰখাৰ প্ৰয়োজনীয়তা কথা উপলব্ধি কৰি আজি লিডুৰ জয়ৰামপুৰত এক গাম্ভীৰ্য পূৰ্ণ অনুস্থানত বিশ্বখ্যাত খাৰঘৰীয়া এণ্ড কোম্পানীৰ সহযোগত নিৰ্মান কৰি উলিওৱা "ইৰেজেবল, প্ৰগ্ৰামেবল, ডিচপ'জেবল হট এণ্ট ব্ল'ণ্ড ৱাইফ" নামৰ এটা ৰবট বজাৰলৈ মুকলি কৰি দিয়া হয়। অতি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মান কৰি উলিওৱা এই ৰবটে গৰাকীৰ মুড বা মানসিক অৱস্থা স্বয়ংক্ৰিয় ভাৱে অনুমান কৰি সেই মতে নিজৰ চেহেৰা, মাত, ড্ৰেছ, ফিগাৰ আদি সলাই লব পাৰে, আৰু গৰাকীৰ অকলে থাকিব বিছাৰিলে নিজে নিজে স্লীপ ম'ডত গুচি যায়। সম্পুৰ্ণ চ'লাৰ পাৱাৰত চলা এই ৰবটক কোনো ধৰণৰ মেইণ্টেনেন্সৰ প্ৰয়োজন নহয় বুলি কোম্পানীৰ মূখপাত্ৰ কিনাৰাম খাৰঘৰীয়াই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
তলালত ঘৰৰ চাৰিসীমাৰ ভিতৰত বেদখল উচ্ছেদ কৰাৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৰংপুৰ আঞ্চলিকে তলাতল ঘৰৰ প্ৰৱেশ দ্বাৰত তলা লগাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ঐতিহাসিক তলাতল ঘৰৰ চৌহদত গৰু ছাগলীৰ মুক্ত বিচৰণ হোৱাৰ লগতে পুৰাতত্ব বিভাগৰ অধীনত থকা তলাতল ঘৰৰ চৌহদৰ মাটি কিনা বেচা হোৱাৰ অভিযোগ কৰিছে আটাছুৱে। ঐতিহাসিক তলাতল ঘৰৰ চৌহদত ব্যাপক বেদখল দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ তলাতল ঘৰৰ সৌন্দৰ্য্য নাশ কৰি একাংশ দুষ্ট চক্ৰই শাৰী শাৰী কৈ গৃহ নিৰ্মাণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শিৱসাগৰত। তলাতল ঘৰৰ পুৰাতত্ব বিভাগৰ অধীনস্ত সংৰক্ষিত ভূমিত গৃহ নিৰ্মাণ কৰা কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছে আটাছুl আটাছুয়ে তাৎক্ষণিক ভাৱে এই গৃহ নিৰ্মাণ কাৰ্য উচ্চেদ কাৰিবলৈ প্ৰশাসনক দাবী জনাইছে। দুৰ্ভাগ্যজনকভাৱে তলাতল ঘৰৰ চৌহদত ব্যাপক ৰূপত গৃহ নিৰ্মাণ, গাহৰি ফাৰ্ম জাৰ্চী গৰুৰ ফাৰ্ম খোলাৰ ঘটনাই সচেতন ৰাইজক ক্ষুন্ন কৰি তুলিছে। এজন ব্যক্তিয়ে এই মাটি ক্ৰয় কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে শিৱসাগৰ জিলা প্ৰশাসনেই ভূমি হস্তান্তৰকৰণ প্ৰক্ৰিয়াত সহায় কৰা বুলি বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। শিৱসাগৰ জিলা প্ৰশাসন তথা পুৰাতত্ব বিভাগে অতি শীঘ্ৰে এই বেদখল উচ্ছেদ নকৰিলে আটাছুৱে নিজাববীয়াকৈ ব্যৱস্থা ল'ব বুলি জানিবলৈ দিয়ে। ইয়াৰ ফলত যিকোনো অপ্ৰতিকৰ ঘটনা সংঘটিত হ'লে আটাছু দায়ী নহয় বুলিও স্পষ্ট কৰি দিয়ে আটাছুৰ কর্মী সকলে। You may also read!
আজি নগাঁও আৰক্ষীৰ এটা দলে সফলতাৰে এ টি এমৰ পৰা ধন লুট কৰি অহা তিনি যুৱকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, দীর্ঘদিনৰে পৰা উত্তৰ প্ৰদেশৰ চাহৰাণপূৰৰ এই চাৰি যুৱকে নগাঁও জিলাৰ লগতে গুৱাহাটী, গোলাঘাট, যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ এ টি এমৰ পৰা ধন লুট কৰি আহিছিল। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ চুনু কুমাৰ, দীপক কুমাৰ আৰু জয়চান্দ সহ চাৰিজনীয়া দলটোৱে আজি নগাঁও চহৰৰ ডিমৌগুৰিৰ এচ বি আইৰ এ টি এমৰ পৰা ধন সৰকোৱাৰ চেষ্টা চলাইছিল। আৰু ঠিক সেই সময়তে নগাঁও আৰক্ষীয়ে ঘটনাৰ উমান পোৱাত অভিযান চলাই দলটোৰ মাষ্টাৰ মাইণ্ড চুনু কুমাৰক আটক কৰে। আৰক্ষীয়ে দলটোৱে ব্যৱহাৰ কৰা য়ু কে ১৭ এইচ ৩০৫০ নম্বৰৰ মাৰুতি চুজুকি চুইফট গাড়ীখনো জব্দ কৰিবলৈ সক্ষম হৈছে। ইফালে দলটোৰ আন তিনিজন চোৰ পলাই যোৱাৰ চেষ্টা চলাইছিল যদিও দীপক কুমাৰ আৰু জয় চান্দক চহৰখনৰ হয়বৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে দলটোৰ সৈতে জড়িত চতুৰ্থজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। পলাবলৈ সক্ষম হোৱা প্ৰবঞ্চকটোকো অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে, ডিমৌগুৰি এই এ টি এমৰ পৰা ৫ মাহৰ আগতে এই দলটোৱে ধন লুট কৰি নিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন? গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
আকাশবাণী গুৱাহাটীয়ে অতিশীঘ্ৰে নিজস্ব এফ এম চেনেল আৰম্ভ কৰিব। এই এফ এম চেনেলৰ প্ৰচাৰ চলিত বৰ্ষৰ ছেপ্তেম্বৰৰ আৰম্ভ কৰা হ'ব। আজি প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ ড০ এ সূৰ্য প্ৰকাশে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ অতিথি শালাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এই কথা সদৰী কৰে। তদুপৰি অসমৰ বাবে এটা নতুন চেনেল আৰম্ভ কৰাৰ প্ৰস্তাৱ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত বিবেচনাধীন হৈ আছে বুলিও তেওঁ মুখ্য মন্ত্ৰীক লগতে জনায়। আনহাতে মুখ্য মন্ত্ৰীয়ে প্ৰচাৰ ভাৰতীৰ সংবাদ শাখাই অসমৰ লগতে উত্তৰ-পূবক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ ক্ষেত্ৰত ল'ব পৰা ভূমিকাৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰে। উল্লেখযোগ্য যে তথ্য আৰু সমপ্ৰচাৰ মন্ত্ৰালয়ে ইয়াৰ সংবাদ শাখা অধিক সক্ৰিয় কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা ইতিমধ্যে যুগুত কৰিছে বুলিও অধ্যক্ষ গৰাকীয়ে মুখ্য মন্ত্ৰীক কয়। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
আমি মনৰ তৰ্ক-বিতৰ্ক আৰু ঐশ্বৰীক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা উদ্ধত বিষয়বোৰ ভাঙি পেলাই, সকলো ভাব বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ; সন্মুখত যি আছে, সেয়া আপোনালোকে স্পষ্ট দৃষ্টিৰে চাওক। কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাঁচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেনেহলে তেখেত যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেখেতে নিজে পুনৰায় বিবেচনা কৰি জানক। আমি অনুপস্থিত থকা সময়ত পত্ৰৰ দ্বাৰাই বিষয়বোৰ যেনেদৰে লিখিছোঁ, উপস্থিত হ'লে আমি কাৰ্যতো তেনেকুৱাই বুলি, সেই মানুহবোৰে বিবেচনা কৰি জানক। কিন্তু আমি হ'লে অপৰিমিত ৰূপে গৌৰৱ নকৰি, ঈশ্বৰে যিহৰ দ্বাৰাই আমাৰ অংশৰ পৰিমাণ নিৰূপণ কৰি, আপোনালোকৰ ওচৰলৈকে পোৱা কৰিলে, আমি সেই পৰিমাণ অনুসাৰে গৌৰৱ কৰিম। কিয়নো যি জনে নিজকে নিজে যোগ্য-পাত্ৰ দেখুৱাই, তেখেত পৰীক্ষাসিদ্ধ নহয়; কিন্তু যি জনক প্ৰভুৱে যোগ্য-পাত্ৰ জ্ঞান কৰে, তেখেতহে পৰীক্ষাসিদ্ধ।
আজি ১ ডিচেম্বৰ শনিবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন হেলিকপ্টাৰেৰে আহি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত উপস্থিত হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি প্ৰাৰ্থীগৰাকীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত আবেলি অনুষ্ঠিত কৰা নিৰ্বাচনী সমদলত মুখ্য মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক সম্বোধন কৰে। মুখ্য মন্ত্ৰীগৰাকীয়ে নাৰায়ণপুৰত মাত্ৰ ১৫ মিনিটৰ বাবে উপস্থিত থাকে আৰু উপস্থিত জনতাক বিজেপিত ভোট দিয়াৰ বাবে অনুৰোধ কৰে। তেওঁ কয় যে এখন নিকা আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰাৰ বাবে বিজেপিক ভোট দিব লাগে। মুখ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত মহিলা সৱলীকৰণ, নিয়োগ সৃষ্টি আৰু আন আন ক্ষেত্ৰত সাধিত হোৱা বিজেপি চৰকাৰৰ সাফল্যৰ এটা খতিয়ান ডাঙি ধৰে। তেওঁ বৰ্তমান চৰকাৰে জনসাধাৰণলৈ ভূমিপট্টা প্ৰদান কৰাৰো উল্লেখ কৰে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্য মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু অগপ দলক চোকা সমালোচনা কৰে। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই ১২ ফেব্ৰুৱাৰিত এখন সন্মিলনত অংশগ্ৰহণ কৰি নিৰ্বাচনত ভোটদানৰ বাবে ব্যৱহাৰ হোৱা ই ভি এম টেম্পাৰিং কৰিব নোৱাৰি বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। "অন্যান্য বাহনৰ দৰে ই ভি এমটো কিছু বিসংগতি ঘটিব পাৰে কিন্তু ই ভি এম টেম্পাৰিং কৰিব নোৱাৰি। গতিকে বেলট পেপাৰলৈ ঘূৰি যোৱাৰ কোনোধৰণৰ প্ৰশ্নই নুঠে," সুনীল আৰোৰাই কয়। আনহাতে, উচ্চতম ন্যায়ালয়েও ইলেক্ট'নিক ভোটিং মেচিনৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰি অহাত গুৰুত্ব প্ৰদান কৰি আহিছে। উল্লেখযোগ্য যে, বিভিন্ন সময়ত দেশত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত ই ভি এম টেম্পাৰিঙৰ অভিযোগ উত্থাপন হৈ আহিছে। বিশেষকৈ নিৰ্বাচনত ক্ষমতাত থকা দলটোৱে পুনৰ ক্ষমতালৈ আহিলে বিৰোধী দল সমূহে সততে ই ভি এম টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰা দেখা যায়। আপোনাৰ মানসিক চাপ আছে নেকি ? যদি আছে মানসিক চাপৰ পৰা হাত সাৰিবলৈ কৰক এই কেইটা কাম : Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
আয়োজন কৰিলে সৰ্বধৰ্মীয় প্ৰাৰ্থনা। বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে নগাঁও জিলাৰ গঞা ৰাইজৰ বনৰীয়া হাতীৰ পৰা ক্ষমা বিচৰাৰ এক ব্যতিক্ৰমী প্ৰদক্ষেপ। বনাঞ্চল ধ্বংসৰ ভয়াবহ পৰিনাম ভোগ কৰিছে ৰাজ্যৰ কেইবাখনো জিলাৰ ৰাইজে। দিনক দিনে বনাঞ্চল সংকুচিত হৈ অহাৰ ফলত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বনৰীয়া হাতীৰ জাকে পথাৰৰ ধান খাই খেতি পথাৰ নষ্ট কৰাৰ লগতে মানুহৰ ঘৰ-দুৱাৰ ভাঙি সন্ত্ৰাস চলাই অহাৰ খবৰ প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হয়। বিভিন্ন সময়ত বনৰীয়া হাতী আৰু মানুহৰ এই সংঘাত চৰম পৰ্যায়লৈ যোৱাত কেতিয়াবা যদি বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় মানুহ, কেতিয়াবা আকৌ মানুহৰ হাতত প্ৰাণ হেৰুৱাই বনৰীয়া হাতী। হাতী মানুহৰ এই সংঘাট ৰোধ কৰাৰ বাবে নগাঁও জিলা আৰু কাৰ্বি আংলঙ জিলাৰ সীমান্তৰ হাতীখুলি ৰংহাং গাঁৱত "হাতী বন্ধু" নামৰ এটা স্বেচ্ছাসেৱী সন্থা আৰু চাপানালাৰ প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰাই এক ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰিছে। বনৰীয়া হাতীৰ জাক যাতে পথাৰৰ ধান খাই খেতি তহিলং নকৰে ইয়াৰ বাবে "হাতী বন্ধু" নামৰ এটা স্বেচ্ছাসেৱী সন্থা আৰু চাপানালাৰ প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰাই বনৰীয়া হাতীৰ জাকক খাদ্য যোগান ধৰাৰ বাবে ২০০ বিঘা মাটিত ধান খেতি আৰু ৪০০ বিঘা মাটিত ঔটেঙা, কুম্ভীৰ আৰু নেফিয়াৰ ঘাঁহ ৰোপণ কৰিছিল।দীৰ্ঘদিন ধৰি গভীৰ অৰণ্যৰ মাজত ওৰে নিশা ওজাগৰে থাকি বিনোদ দুলু বৰাসহ পত্নী মেঘ্না ময়ুৰ হাজৰিকাই পৰ্যায় ক্ৰমে বনৰীয়া হাতীক খুৱাই আহিছিল খেতি সমূহ।বনাঞ্চলৰ কাষতে পাহাৰৰ দাঁতিতে ধান খাবলৈ পাই জনাঞ্চলত প্ৰৱেশ কৰা নাছিল বনৰীয়া হাতীৰ জাক। এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ ফলতে দাঁতি কাষৰীয়া অঞ্চল সমূহত দৰিদ্ৰ কৃষক সকলে সহজে চপাব পাৰিলে সোনোৱালী ধান মুঠি। বৰ্তমান বনৰীয়া হাতীৰ বাবে কৰা ধান খেতি বনৰীয়া হাতীৰ জাকে খাই শেষ কৰিলে। অঞ্চলটোত বসবাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকে হাতীখুলি ৰংহাং গাঁৱত এই ব্যতিক্ৰমী প্ৰচেষ্টা সফলতা অৰ্জন কৰাৰ পাছত অজানিতে হোৱা ভূল-ক্ৰতিৰ লগতে বনৰীয়া হাতীক ধন্যবাদ সূচক ভাৱে প্ৰাৰ্থনা কৰাৰ বাবে আয়োজন কৰিলে সৰ্বধৰ্মীয় প্ৰাৰ্থনা। সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠানত প্ৰতিটো ধৰ্মৰ লোক সকলে নিজা নিজা ধৰ্মৰ এটি এটি প্ৰাৰ্থনা গাই নেদেখা জনৰ ওচৰত সেৱা আগবঢ়াই। সকলো ধৰ্মাৱলম্বী লোকৰ এনে সমূহীয়া প্ৰাৰ্থনাই একটা আৰু ভাতৃত্ববোধৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ লগতে গজৰাজৰ প্ৰতি মানুহৰ মনত যে ভক্তি ভাৱ আজিও বিৰাজমান তাকেই পুনৰ এবাৰ প্ৰমান কৰিলে। "হাতী বন্ধু" নামৰ স্বেচ্ছাসেৱী সন্থাৰ লগতে বিনোদ দুলু বৰা আৰু স্থানীয় ৰাইজৰ এনে পদক্ষেপে আগন্তুক দিনত হাতী মানুহৰ সংঘাট ৰোধ কৰাত এক উল্লেখনীয় দিশ হিছাপে বিবেচিত হ'ব। সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত সংঘটিত হোৱা ৰাজ্যৰ অন্যান্য প্ৰান্তত যদি অনুৰূপ ধৰণে বনৰীয়া হাতীৰ বাবে খাদ্য যোগানৰ প্ৰচেষ্টা কৰা হয় তেন্তে বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত নিৰ্মূল কৰাটো অসম্ভৱ নহয়। বন বিভাগৰ মূৰৰ কামোৰণী হৈ পৰা বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধৰ বাবে বন বিভাগে "হাতী বন্ধু" নামৰ স্বেচ্ছাসেৱী সন্থা আৰু বিনোদ দুলু বৰাৰ এই প্ৰচেষ্টাক গ্ৰহণ কৰি সহজে এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰিব পাৰি বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে। You may also read!
প্ৰতিজন অসমীয়াই অসমখনক অত্যন্ত ভাল পায়। প্ৰত্যেকেই নিজৰ-নিজৰ সামৰ্থ্যৰ ভিতৰত অসমৰ বাবে কিবা এটা কৰিব বিচাৰে। অসমৰ বাবে বৰ্তমানৰ ইণ্টাৰনেটৰ জগতখনত ব'হুতো কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই কথা সেয়েহে ব'হুতো অসমীয়াৰ মনলৈ একেসময়তে আহিছে। তেনেকৈ ভাবি থকা আমি কিছু মানুহে অসমখনৰ বাবে কিবা এটা কৰাৰ প্ৰয়াসেৰে 'প্ৰত্যাহ্বান' ৰ কাম হাতত ললোঁ। প্ৰত্যাহ্বান প্ৰকাশনৰ হৈ ৰাজীৱ ভট্টাচাৰ্য্যক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। আগলৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হ'ব।
বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম এটা আৰবী বাক্যবন্ধ; যাৰ অৰ্থ- পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। সংক্ষেপত কোৱা হয়- বিছমিল্লাহ। পৱিত্ৰ কোৰআনৰ ১১৪টা ছূৰাৰ মাজত ছূৰা আত-তৌবাহৰ বাহিৰে অন্য বাকী ১১৩টা ছূৰা "বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম" দি আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰিও হাদিছৰ পৰা জনা যায়, মহানবী মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাময়ে প্ৰতিটো কামৰ আৰম্ভণি কৰাৰ আগতে "বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম" কোৱাৰ পাছত আৰম্ভ কৰিছিল। বহুত কামত "বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম" কোৱা বা লিখাৰ নিৰ্দেশনা আছে। বিধানগত বিচাৰত ই মাছনূন বা মুস্তাহাব হ'লেও ইয়াৰ তাৎপৰ্য অত্যন্ত গভীৰ। আৰবী দানাযুক্ত ৰূপ অনুসৰি, এই শব্দটোৰ অৰ্থ অতি দয়ালু, তেওঁলোক বিশ্বাসী (মুছলমান) হওঁক যি অবিশ্বাসী (অ-মুছলমান)। কোৰআনত, ইয়াক প্ৰতিটো চুৰাত ব্যৱহাৰ কৰা হয়। চুৰা আলহামদ (প্ৰথম চুৰা) প্ৰাৰম্ভিক শ্লোক (পদ) হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু নৱম সুৰাটো এট-তৌবাত ব্যৱহাৰ কৰা নহয়। [টোকা ১] ২৭ তম সুৰ আন-নামলৰ ৩০ তম শ্লোকৰ পাছতো ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াত শ্বেবাৰ ৰাণী চলোমন আৰু বিলকিছৰ বিষয়ে উল্লেখ কৰা হৈছে। মুছলমানসকলে প্ৰায়ে তেওঁলোকৰ দৈনন্দিন জীৱনত "বিছমিল্লা" ব্যৱহাৰ কৰে। প্ৰতিটো কাম আৰম্ভ কৰাৰ আগতে, তেওঁ আল্লাৰ প্ৰশংসা কৰে আৰু আল্লাৰ অনুগ্ৰহ প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰে। জবিহা কৰি জন্তুৰ মাংস বধ কৰাৰ প্ৰক্ৰিয়াত বিছমিল্লাক প্ৰয়োজনীয় বুলি গণ্য কৰা হয়। বিছমিল্লা খৱানী হৈছে এক ৰীতি য'ত ইছলামী নীতি অনুসৰি শিশুক বিদ্যা বুদ্ধি প্ৰদান আৰম্ভ কৰাৰ আচৰণ। বিছমিল্লাক এই ৰীতি-নীতিৰ ওপৰত অতি গুৰুত্বপূৰ্ণ বুলিও গণ্য কৰা হয়। তৌহিদ বা শাহাদা পঢ়াৰ আগতে "বিছমিল্লা" পঢ়াটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এইটো বহুতো হাদিছৰ পৰা প্ৰমাণিত হয় যিয়ে খোৱা আৰু খোৱাৰ আগতে "বিছমিল্লা" পঢ়িছিল। উদাহৰণ স্বৰূপেঃ মই আল্লাৰ বাৰ্তাবাহকজনক এইদৰে কোৱা শুনিছিলোঃ "যদি এজন ব্যক্তিয়ে ঘৰত প্ৰৱেশ কৰাৰ সময়ত বিছমিল্লা পঢ়ে, তেন্তে চয়তানে তেওঁৰ অনুগামীসকলক ক'ব, 'আজি আপোনাৰ বাবে খাদ্য নাই, বা আপোনাৰ বাবে বাস কৰাৰ ঠাই নাথাকিব।" যদি এজন ব্যক্তিয়ে বিছমিল্লা নকোৱাকৈ ঘৰত প্ৰৱেশ কৰে, চয়তানে তেওঁৰ অনুগামীসকলক কয়, "এতিয়া আপোনাৰ খাদ্য আৰু শুবলৈ ঠাই আছে।" - মুছলমানৰ পৰা হাদিছ। এটা পৰম্পৰা অনুসৰি, মুহাম্মাদে কৈছিলঃ ইমাম আলীৰ উল্লেখ অনুসৰিঃ[5] বিছমিল্লাৰ অৰ্থ হৈছে প্ৰথম আখৰ, বি, যিয়ে একতাৰ প্ৰতীক ৰূপ প্ৰকাশ কৰে। Type here.. Save my name, email, and website in this browser for the next time I comment. Learning, Awareness and Education is the purpose of this Blog/Website. If any mistake or error please kindly inform us. You can contact us with any suggestion.
আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব? ইয়াৰ উপৰিও ফে'চবুকত Assamese Wikipedia Community বুলি আমাৰ এটা আলোচনা গোট আৰু অসমীয়া ৱিকিপিডিয়া নামৰ এটা পৃষ্ঠা আছে। ৱিকিপিডিয়ানসকলক লগ পাবলৈ আৰু ৱিকিপিডিয়াৰ বিষয়ে জানিবলৈ আপুনিও সেইবোৰৰ সদস্য হৈ ল'ব পাৰে। আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। বিষ্ণু শইকীয়াবাৰ্তা 17:33, 10 এপ্ৰিল 2012 (UTC) আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। Bitopanৰ সৈতে সংযোগ আৰু সহযোগিতা কৰিবলৈ এটা নতুন আলোচনা আৰম্ভ কৰক। ইয়াত আপুনি যি লিখিব সেয়া আনৰ বাবে ৰাজহুৱা হ'ব। এই পৃষ্ঠাখন ১১ এপ্ৰিল, ২০১২ তাৰিখে ০৮ঃ১৩ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ প্রশংসনীয় পদক্ষেপ প্রতিদিনে ১০ গৰাকীকৈ চিকিৎসক, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু ধাত্ৰীলৈ প্রদান কৰিব গাড়ী চলােৱাৰ অনুজ্ঞাপত্র। Share this: গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীৰ নির্দেশ মর্মে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত ক'ভিড মহামাৰীৰ সময়ত ৰাইজৰ সেৱাত একনিষ্ঠভাৱে জড়িত চিকিৎসকসকলৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত ধাত্রীসকলক গাড়ী চলােৱাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ এক প্রশংসনীয় পদক্ষেপ গ্রহণ কৰিছে কামৰূপ মহানগৰ পৰিবহন বিভাগে। অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰী চিকিৎসক, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু ধাত্রীসকলক লৈ প্রথমে হােন্দা চেফটি ড্রাইভিং এডুকেছ চেণ্টাৰৰ সহযােগিতাত পথ-সুৰক্ষা আৰু যানবাহন চলােৱাৰ বিধি সন্দৰ্ভত প্রাথমিক জ্ঞান প্রদানৰ এক কাৰ্যসূচী অনুষ্ঠিত হ'ব। Search for: উজনিৰ সভাপতি লাগে ৰাজ্যিক বিজেপিক; কোনে ল'ব ভৱেশ কলিতাৰ স্থান?
বিয়া বাৰু কৰাই আমেৰিকাত সংসাৰ পাতিছে বলীউদৰ মোহময়ী অভিনেত্ৰী তথা প্ৰাক্তন বিশ্ব সুন্দৰী প্ৰিয়ংকা চোপ্ৰাই। বিয়াৰ পাছতে মুম্বাইৰ সেই ঘৰটো বিক্ৰী কৰি দিছে প্ৰিয়ংকাই। বাতৰি অনুসৰি, জুহুৰ প্ৰিয়ংকাৰ ঠিকনা হৈ উঠা সেই ঘৰটোতে থাকিব জেকুলিন। এই ঘৰটোৱে প্ৰিয়ংকা-নিকৰ বিয়াৰ সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বিয়াৰ পাছত প্ৰয়োজন নথকাৰ বাবে সেই ঘৰটো বিক্ৰী কৰি দিছে প্ৰিয়ংকাই। বৰ্তমান দেশী গাৰ্ল প্ৰিয়ংকা আহিলে মুম্বাইৰ ইয়াৰি ৰোডত থকা মাক মধু চোপ্ৰা আৰু ভাতং সিদ্ধাৰ্থ চোপ্ৰাৰ ঘৰতে থাকে। প্ৰিয়ংকাৰ সেই বিলাসবহুল ঘৰটো ৭কোটি টকাত বিক্ৰী কৰি দিয়া হৈছিল। জেকুলিনে ঘৰটো নতুন মালিকৰ পৰা ভাড়াত লৈছে। ইয়াতেই জেকুলিনে নিজৰ সংসাৰ আৰম্ভ কৰিব বিচাৰিছে। জেকুলিনে বৰ্তমান 'ভূত পুলিচ'ক লৈ ব্যস্ত আছে। ছবিখনত জেকুলিনৰ উপৰি আছে ছইফ আলী খান, অৰ্জুন কাপুৰ আৰু য়ামি গৌতম।
যিসকল লোকে শান্তিপূৰ্ণভাৱে কোনো আইনৰ বিৰোধিতা কৰে তেওঁলোকক ৰাষ্ট্ৰ বিৰোধী বা দেশদ্ৰোহী বুলি ক'ব নোৱাৰি। এই ৰায় বোম্বাই হাইকোৰ্টৰ। নাগৰিকত্ব সংশোধন আইনৰ বিৰুদ্ধে আন্দোলনৰ বাবে আৰক্ষীয়ে অনুমতি নিদিয়া সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰিছিল হাইকোৰ্টখনৰ ঔৰংগাবাদ বিচাৰপীঠখনে। এই সন্দৰ্ভত আদালতখনে বীড জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ আৰু মাজৰগাঁৱ চিটী পুলিচৰ দুটা আদেশো বাতিল কৰে। আৰক্ষীয়ে অতিৰিক্ত জিলা দণ্ডাধীশৰ ৰায়ৰ উল্লেখ কৰি আন্দোলনৰ অনুমতি প্ৰদান কৰা নাছিল। বিচাৰপীঠখনে লগতে কয় যে এইক্ষেত্ৰত চাবলগীয়া কথাটো হৈছে যে প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সময়ত নাগৰিকৰ মৌলিক অধিকাৰ উলংঘা হৈছে নেকি? কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব 'বোমা','বন্দুক'! অস্কাৰলৈ ৰাজামৌলীৰ 'আৰআৰআৰ'! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
সৰভোগ ৰে'ল ষ্টেশ্যন পথৰ ৰে'লৱে ক'লনিৰ ৩নং ৱাৰ্ডৰ বাসিন্দা কমল নাথৰ বাসগৃহৰ সন্মুখত সংঘটিত এই বিস্ফোৰণত হিমাংশু দাস নামৰ এজন যুৱক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে দুখন বাহন ক্ষতিগ্ৰস্ত হয় । বিস্ফোৰণত বাহন দুখনৰ লগতে পকী পথটোৰো সামান্য ক্ষতিসাধন হয়। আহত হিমাংশু দাস নামৰ লোকজনক ততালিকে চিকিৎসাৰ বাবে সৰভোগ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
বৰ্তমান পশ্চিম নৌ সেনা কমাণ্ডৰ মুৰব্বী ভাইচ এডমিৰেল আৰ হৰি কুমাৰক মঙলবাৰে পৰৱৰ্তী ভাৰতীয় নৌসেনা প্ৰধান হিচাপে মনোনীত কৰা হয়। বৰ্তমানৰ এডমিৰেল কৰমবীৰ সিঙে ৩০ নৱেম্বৰত চাকৰিৰ পৰা অৱসৰ ল'ব। ১৯৬২ চনৰ ১২ এপ্ৰিলত জন্মগ্ৰহণ কৰা ভাইচ এডমিৰেল আৰ হৰি কুমাৰক ১৯৮৩ চনৰ ১ জানুৱাৰীত নৌসেনাৰ কাৰ্যবাহী শাখাত নিযুক্তি দিয়া হয়। প্ৰায় ৩৯ বছৰ জুৰি তেওঁৰ দীঘলীয়া আৰু বিশিষ্ট সেৱাৰ সময়ছোৱাত, তেওঁ বিভিন্ন ধৰণৰ আদেশ, কৰ্মচাৰী আৰু নিৰ্দেশনামূলক নিযুক্তিত সেৱা আগবঢ়াইছে। ভাইচ এডমিৰেল হৰি কুমাৰৰ সাগৰীয় কমাণ্ডৰ ভিতৰত আছে আইএনএছ নিশাংক,মিছাইল কৰ্ভেট আইএনএছ কোৰা আৰু গাইডেড মিছাইল ধ্বংসকাৰী আইএনএছ ৰণবীৰ। তেওঁ ভাৰতীয় নৌসেনাৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ আইএনএছ বিৰাটকো কমাণ্ড কৰিছিল। তেওঁ ৱেষ্টাৰ্ণ ফ্লীটৰ ফ্লীট অপাৰেচন অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাইচ এডমিৰেল হৰি কুমাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌ যুদ্ধ মহাবিদ্যালয়, আৰ্মি ৱাৰ কলেজ, মহুআৰু ইউকেৰ ৰয়েল কলেজ অফ ডিফেন্স ষ্টাডিজত পাঠ্যক্ৰম সম্পন্ন কৰিছে। তেওঁক পৰম বিশ্ববাদী সেৱা পদক (Param Vishist Seva Medal), আতি বিষিষ্ট সেৱা পদক (Ati Vishist Seva Medal) আৰু বিষিষ্ট সেৱা পদক(Vishist Seva Medal)ৰে সজ্জিত কৰা হৈছে। MyNewsNE is a bi-lingual digital news platform based in Guwahati, Assam. It brings you latest and updated news stories from the entire Assam, North East, India and World as a whole. Stay with us and keep yourself updated.
চাৰ্লচ ডিকেঞ্চ (ইংৰাজীঃ Charles Dickens, সম্পূৰ্ণ নাম Charles John Huffam Dickens) (pron.: /ˈtʃɑrlz ˈdɪkɪnz/; ৭ ফেব্ৰুৱাৰী, ১৮১২ - ৯ জুন, ১৯৭০[1]) এজন ইংৰাজ লেখক আৰু সমাজ সমালোচক আছিল। তেখেতে দুখ কষ্টেৰে ভৰা নিজ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত সাহিত্য সৃষ্টি কৰি ইংৰাজী সাহিত্য সমৃদ্ধিশালী কৰি থৈ গৈছে। চাৰ্লচ ডিকেঞ্চৰ জন্ম ইংলেণ্ডৰ পৰ্টচ মাউঠ নামে ঠাইত ১৮১২ চনত হৈছিল[2]। চাৰ্লচৰ ১২ বছৰ বয়সত দেউতাক জন ডিকেঞ্চ ঋণৰ দায়ত পৰি জেললৈ যাবলগীয়া হয়। দেউতাকৰ ঋণ পৰিশোধ আৰু সংসাৰ চলোৱাৰ গুৰু দায়িত্ব মূৰ পাতি লৈ সেই বয়সতে চাৰ্লচে মজুৰি কৰিবলৈ লয়। কিন্তু অশেষ কষ্ট স্বীকাৰ কৰিও তেওঁ দেউতাকৰ ঋণৰ ৪০ পাউণ্ড ধন উপাৰ্জন কৰিবলৈ অক্ষম হয়। কাৰখানাত মজুৰি কৰি দিনে মাত্ৰ ১ চিলিং উপাৰ্জন হয়। ইয়াৰেই নিজৰ থকা-খোৱাৰ বন্দৱস্তৰ লগতে পঢ়া-শুনাৰ খৰচো আছে। দেউতাক জন ডিকেঞ্চে ঋণৰ ধন আদায় দিব নোৱাৰাৰ বাবে জেলত তিনিমাহ ম্যাদ সম্পূৰ্ণ কৰিবলগীয়া হয়। তিনিমাহৰ মূৰত জেলৰ পৰা ওলাই জন ডিকেঞ্চে পুনৰ চাকৰিত ধৰে আৰু চাৰ্লচক স্কুললৈ যোৱাৰ সুবিধা কৰি দিয়ে[3]। ১৮২৭ চনত, ১৫ বছৰ বয়সত স্কুল এৰি চাৰ্লচ লণ্ডনৰ এখন 'চলিচিটৰ ফাৰ্ম'ত (আইন-কানুন সম্পৰ্কীয় পৰামৰ্শ দিয়া প্ৰতিষ্ঠান) কেৰেণীৰ চাকৰিত সোমায়। দিনটো আইন-কানুন সম্পৰ্কীয় নথি-পত্ৰৰ মাজত বন্দী হৈ থাকি অফিচ ছুটিৰ পাছত চাৰ্লচ থিয়েটাৰ চাবলৈ যায়। মঞ্চস্থ একোখন নাটক চাই থাকোঁতে মনে মনে কল্পনা কৰে এজন অভিনেতা হোৱাৰ বা কেতিয়াবা হয়তো নাট্যকাৰ হোৱাৰ। কেতিয়াবা সেই নাটকৰ কপি কিনি আনি ঘৰত আইনাৰ সন্মুখত থিয় হৈ অভিনয়ৰ অনুশীলন কৰে। অৱশ্যে অভিনেতা বা নাট্যকাৰ নহ'লেও এই অনুশীলনে তেওঁ পৰৱৰ্তী জীৱনত বহুতো কথাত সহায় কৰে[3]। ১৮৩২ চনত ডিকেঞ্চে লণ্ডনৰ পৰা প্ৰকাশিত এখন বাতৰি কাকতৰ সম্পাদনা বিভাগত যোগ দিলে। এই কাকতৰ সংবাদদাতা হিছাপে চাৰ্লচে 'হাউচ অব কমন্চ'লৈ যোৱাৰ সুবিধা পায়। এই সময়ত ইংল্যণ্ডৰ সংসদীয় গণতন্ত্ৰত থকা কেতবোৰ আসোঁৱাহৰ শুধৰণিৰ প্ৰয়োজনীয়তা সম্পৰ্কে চাৰ্লচ ডিকেঞ্চে সংসদ তথা ইংলেণ্ডৰ জনসাধাৰণক সজাগ কৰি দিয়ে, কাকতত তেওঁৰ লিখনিৰ জৰিয়তে। সংসদ অধিবেশন সমূহৰ মাজে মাজে চাৰ্লচক দেশৰ বিভিন্ন অংশত ৰাজনৈতিক নেতাসকলে দিয়া ভাষণ আদিৰ ওপৰত সংবাদ প্ৰেৰণ কৰিবৰ বাবে পঠোৱা হয়। এই কামত চাৰ্লচ ডিকেঞ্চে যথেষ্ট সুনাম অৰ্জন কৰে। যিকোনো ঘটনা বিশেষৰ বৰ্ণনা তেওঁৰ লিখনিত ইমান সজীৱ হৈ উঠে যে পিছলৈ কেৱল চাৰ্লচৰ লিখনিৰ বাবেই সেই কাকতৰ বিক্ৰী বৃদ্ধি পাবলৈ ধৰে। কৰ্তৃপক্ষই তেওঁৰ দৰমহা বঢ়াই দিয়ে। কিন্তু এই বৰ্দ্ধিত উপাৰ্জনেৰেও তেওঁৰ পৰিয়ালৰ দুখ দৈন্য সম্পূৰ্ণৰূপে দূৰ কৰিবলৈ অসমৰ্থ হয়। কাৰণ সদায় দেনাৰ ওপৰতে চলা দেউতাকৰ ধাৰ-ঋণ গ্ৰহণ কৰাৰ প্ৰকোপ দিনে দিনে বাঢ়িহে যায়। এই আৰ্থিক সংকটৰ পৰা মুক্তি পোৱাৰ আশাৰে চাৰ্লচ ডিকেঞ্চে উপৰুৱাকৈ আৰু দুই-এখন মাহেকীয়া -পষেকীয়া কাকতত লিখিবলৈ ধৰে। ইংল্যণ্ডৰ বিভিন্ন পত্ৰ-পত্ৰিকাত প্ৰকাশিত ডিকেঞ্চৰ লিখনিৰ ওপৰত ইতিমধ্যে 'লিটাৰেৰী গেজেট' (Literary gazette) কৰ্তৃপক্ষৰ চকু পৰে। যিকোনো ধৰণৰ লিখনিৰ সমীক্ষা আৰু সমালোচনাৰে এই কাকতৰ ওপৰত নিৰ্ভৰ কৰিছিল সেই কালৰ বহুতো উদীয়মান লেখকৰ ভৱিষ্যত। ডিকেঞ্চৰ প্ৰথমাৱস্থাৰ লিখনিসমূহৰ ওপৰত এই কাকতে কৰা মন্তব্য আৰু ভূয়সী প্ৰশংসাই তেওঁক বিশেষভাৱে অনুপ্ৰাণিত কৰে আৰু তেতিয়াই তেওঁ ভৱিষ্যত জীৱনত এখন লিখক হোৱাৰ স্থিৰ সংকল্প গ্ৰহণ কৰে। ডিকেঞ্চৰ ২৪ বছৰ বয়সত প্ৰকাশ পায় তেওঁৰ 'স্কেটচেজ বাই বজঃ ইলাষ্ট্ৰেটিভ অৱ এভৰি ডে লাইফ এণ্ড এভৰি ডে পিপল' (Sketches by Boz. Illustrative of Everyday life and Everyday People)[4]। এই পুথি তেওঁ বজ (BoZ) ছদ্ম নামেৰে বিভিন্ন কাকতে-পত্ৰই প্ৰকাশ কৰা জনজীৱনৰ হাঁহি কান্দোন আৰু দৈনন্দিনতাৰ আলেখ্য সমূহৰ এখন সংকলন আছিল। এই পুথি প্ৰকাশৰ পিছত ইয়াৰ সাফল্যই ডিকেঞ্চক নতুন মনোবল দিলে[1]। তেওঁ সাংবাদিকতাৰ কাম সাময়িকভাৱে এৰি দি একনিষ্ঠভাৱে সাহিত্য সৃষ্টিৰ কামত মনোনিবেশ কৰিবলৈ লয়[3]। চাৰ্লচ ডিকেঞ্চৰ দ্বাৰা প্ৰকাশিত আৰু সম্পাদিত 'পিক্ উইক' আলোচনীখনৰ প্ৰকাশ পোৱাৰ কেইমানমানৰ আগতে ডিকেঞ্চে কেট্ হগাৰ্থ নামে এগৰাকী যুৱতীৰ সৈতে বিবাহত আবদ্ধ হয়। কিন্তু প্ৰথমা পত্নীৰ সৈতে বিবাহ-বিচ্ছেদ হোৱাত ডিকেঞ্চে তেওঁৰ এগৰাকী খুলশালীয়েক, জৰ্জিয়ানাক বিয়া কৰায়। দুয়োগৰাকী পত্নীৰ ফালৰ পৰা তেওঁ মুঠতে দহোতা সন্তানৰ পিতৃ হয়[3]। ১৮৩৬ চনৰ মাৰ্চ মাহ্ত চাৰ্লচ ডিকেঞ্চৰ দ্বাৰা প্ৰকাশিত আৰু সম্পাদিত 'পিক্ উইক' (Pickweek) আলোচনীৰ প্ৰথম সংখ্যা প্ৰকাশ পায়। আকাৰত ক্ষুদ্ৰ হ'লেও এই আলোচনীয়ে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। লিখা-মেলাৰ যোগেদি ডিকেঞ্চৰ সেই সময়ত যথেষ্ট উপাৰ্জন হৈছিল যদিও তেওঁ তেতিয়াও সেই উপাৰ্জনেৰে দেউতাকৰ ঋণ পৰিশোধ কৰোঁতেই গৈছিল। সেয়ে আৰু অধিক উপাৰ্জনৰ আশাত তেওঁ কামৰ মাত্ৰা বঢ়াই দিছিল। ডাঙৰ-সৰু, নামী-অনামী সকলো ধৰণৰ পত্ৰিকাৰ ফৰমাইচ অনুসৰি তেওঁ লিখি গৈছিল অক্লান্ত পৰিশ্ৰম কৰি। তেওঁৰ লিখনীৰ অতুলনীয় বিশিষ্ট 'ষ্টাইলে' (Style) পাঠকৰ মন কাঢ়ি নিছিল। অতি অলপ দিনৰ ভিতৰতে তেওঁৰ সৃষ্টিৰ গৰিমাই সমসাময়িক কালৰ এজন শীৰ্ষস্থানীয় সাহিত্যিক হিছাপে প্ৰতিষ্ঠিত কৰিছিল চাৰ্লচ ডিকেঞ্চক[3]। ১৮৪২ চনত চাৰ্লচ ডিকেঞ্চৰ দ্বাৰা ৰচিত চাৰিখন মহত্ কালজয়ী গ্ৰন্থ প্ৰকাশিত হৈ ওলাই ঠিক একে সময়তে। এই বিখ্যাত গ্ৰন্থ কেইখন হ'ল- সৰ্বজনবিদিত 'অলিভাৰ টুইষ্ট' (Oliver Twist), 'নিকলাচ নিকেলবী' (Necholas Neckleby), 'দি অল্ড কিউৰচিটি ছপ' (The Old Curiosity shop), আৰু 'বাৰ্নবি ৰজ' (Barnaby Rudge)। অৱশ্যে ইয়াৰ আগতেই তেওঁৰ পূৰ্বৱৰ্তী ৰচনা 'পিকউইক পেপাৰচ' (Pickweek Papers) আৰু 'স্কেট্চেজ বৈ বজ' (Sketches by Boz) গ্ৰন্থাকাৰে প্ৰকাশ হৈ ওলায়। কিন্তু 'অলিভাৰ টুইষ্ট' আৰু 'নিকেলবী'ৰ প্ৰকাশে তেওঁ যি অতুলনীয় যশ, খ্যাতি প্ৰদান কৰে তেনে যশস্যা বহু কমসংখ্যক লিখকৰ ভাগ্যতহে মিলিছে। এই দুই গ্ৰন্থত তেওঁ ইংল্যণ্ডৰ সমাজখনত বিৰাজমান বৈষমতা আৰু সেই সময়ৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত থকা ঘৃণনীয় বিধি-ব্যৱস্থাৰ লগতে কিছুমান সামাজিক কদৰ্য্যতাৰ ৰূপ জনসাধাৰণৰ চকুৰ আগত সুস্পষ্টভাৱে দাঙি ধৰে। সেই কালৰ ব্ৰিটিছ সাম্ৰাজ্যখনৰ ফোঁপোলা ৰূপটোও তেওঁৰ এই কেইখন গ্ৰন্থত সুন্দৰভাৱে প্ৰকাশ পায়[3]। ইয়াৰ দ্বিতীয় পৰ্যায়ত প্ৰকাশিত চাৰ্লচ ডিকেঞ্চৰ ৰচনাসমূহ হ'ল-মাৰ্টিন চাজলউইট (Martin Huzzlewit), ডম্বে এণ্ড চনচ্ (Dombay and Sons), ডেভিদ কোপাৰফিল (David Copperfield), খ্ৰীষ্টমাচ ষ্টৰিজ (Christmas Stories), ব্লীকহাউচ্ (Blead House), হাৰ্ডটাইমচ (Hard Times), আৰু লিটিল ডৰিট (Little Dorrit), এই সমূহ গ্ৰন্থৰ ৰচনা কাল হ'ল ১৮৪২/৪৩ ৰ পৰা ১৮৬২/৬৩ চন। ইয়াৰ মাজতে তেওঁৰ জীৱনত ঘটা দুটা উল্লেখযোগ্য ঘটনা হ'ল তেওঁ স্ত্ৰীৰে সৈতে বিবাহ-বিচ্ছেদ আৰু আমেৰিকা, পেৰিচ আৰু ইটালী ভ্ৰমণ[3]। চাৰ্লচ ডিকেঞ্চৰ জীৱনৰ শেষৰ কেইবছৰত ৰচিত আন তিনিখন মহত্ গ্ৰন্থ হ'ল-'এ টেল অৱ টু চিটিজ' (A Tale of Two Cities), 'গ্ৰেট এক্সপেকটেচন (Great Expectations), আৰু আওৱাৰ মিউচুৱেল ফ্ৰেণ্ডচ্ (Our Mutual Friends)। ইয়াৰ উপৰিও অৰ্ধ সমাপ্ত হৈ থাকি যায় 'এড্উইন ড্ৰদ' (Edwin Drood) নামৰ এখন কিতাপ[3]। 'এড্উইন ড্ৰদ'ৰ ৰচনাৰ কাম চলি থকা অৱস্থাতে ১৮৭০ চনত হঠাত্ অসুস্থ হৈ পৰি মহান কথা সাহিত্যিক চাৰ্লচ ডিকেঞ্চৰ তেওঁৰ 'কেণ্ট'ৰ ঘৰত পৰলোকপ্ৰাপ্তি ঘটে। ↑ 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 কনকসেন ডেকা (১৯৯৪). আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি. দিছপুৰ প্ৰিণ্ট হাউছ. পৃষ্ঠা. ১০৮-১১১.
চকুৰ ছানি পৰা ৰোগঃ - Vikaspedia\nচকু ছানি পৰা ৰোগ কি ?\nচকুৰ ছানি পৰা ৰোগ কিয় হয় ?\nচকুৰ ছানি পৰা ৰোগৰ লক্ষণঃ\nচকুৰ ছানি পৰা ৰোগৰ জটিলতাঃ\nচকুৰ ছানি পৰা ৰোগৰ চিকিৎসাঃ\nমানুহৰ দৃষ্টিশক্তি ক্ৰমান্বয়ে কমি আহি শেহলৈ একেবাৰে লোপ পোৱাৰ বহুতো কাৰণ থাকে। চকুত আঘাত পোৱা, কৰ্ণিয়াৰ ঘা, ভিটামিন 'এ'ৰ অভাৱ, ডায়েবেটিছ উচ্চ ৰক্তচাপ আৰু চকুৰ ছানি পৰা ইত্যাদি বিভিন্ন কাৰণ। এইবোৰৰ ভিতৰত প্ৰথম আৰু প্ৰধান কাৰণটো হ'ল চকুৰ ছানি পৰা ৰোগ। ইংৰাজীত ইয়াক 'কেটেৰেক্ট' বুলি কোৱা হয়। দৃষ্টিহীনতাত ভোগা প্ৰায় শতকাৰ আশী ভাগ লোকেই ছকুৰ ছানি পৰা ৰোগী। এই ৰোগবিধ জন্মাৱস্থাৰ পৰা বৃদ্ধকাল পৰ্যন্ত যিকোনো সময় বা বয়সৰ লোকৰ হ'ব পাৰে। তথাপি ইয়াক বিশেষকৈ বৃদ্ধাৱস্থাৰ মানুহৰ মাজত অধিক হোৱা দেখা যায়। প্ৰায় শতকৰা আশীভাগ চকুৰ ছানি পৰা ৰোগীয়ে ৬০ বছৰ বয়সৰ ঊৰ্ধ্বৰ ব্যক্তি।\nমানুহৰ চকুৰ ভিতৰত এখন স্বচ্ছ লেণ্স থাকে। ই এখন অতি উচ্চ ক্ষমতাসম্পন্ন লেণ্স। যাৰ মাজেৰে পোহৰৰ ৰশ্মি প্ৰতিসাৰিত হৈ চকুৰ ভিতৰৰ ৰেটিনাত পৰে। বাহিৰৰ বিভিন্ন বস্তুৰ আকৃতিৰ প্ৰতিবিম্ব পোহৰৰ মাধ্যমেৰে আহি ৰেটিনাত প্ৰতিবিম্বিত হয় আৰু আৰু তেতিয়াই আমি বস্তুটো চকুৰে দেখা পাওঁ। চকুৰ ছানি পৰা ৰোগ হ'লে এই লেণ্সখনৰ প্ৰ'টিনভাগৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ গোট মাৰে। ফলত লেণ্সখনে স্বচ্ছ অৱস্থাৰ পৰা অস্বচ্ছ ৰূপ ধাৰণ কৰে। তেতিয়া লেণ্সখনৰ এই অস্বচ্ছতাৰ বাবে বাহিৰৰ পৰা পোহৰৰ ৰশ্মি চকুৰ অন্তৰ্ভাগত প্ৰতিসাৰিত হোৱাত বাধাৰ সৃষ্টি হয়। ফলত সাধাৰণ অৱস্থাত হোৱাৰ দৰে বাহিৰৰ বিভিন্ন বস্তুৰ পৰা পোহৰৰ মাধ্যমেৰে অহা বস্তুবোৰৰ আকৃতিৰ প্ৰতিবিম্ব ৰেটিনাত প্ৰতিবিম্বিত নহয়। ফলত চকুত ছানি পৰা ৰোগীজনে ছানি পৰা চকুটোৰ বাহ্যিক বস্তুবোৰৰ আকাৰ, আকৃতি আদি পূৰ্ণৰূপত নেদেখা হৈ পৰে।\n(ক) বয়স বাঢ়ি অহাৰ লগে লগে যেনেকৈ চুলি পকে, দাঁত সৰে, ঠিক তেনেকৈ চকুত ছানি পৰিব পাৰে আৰু লাহে লাহে চকুৰ দৃষ্টিশক্তি কমি আহে।\n(খ) গৰ্ভাৱস্থাত মাতৃৰ পুষ্টিহীনতা, ক্ষতিকাৰক ঔষধ সেৱন, মাতৃৰ ডায়েবেটিছ, বিভিন্ন ভাইৰেল সংক্ৰমণ আদিৰ বাবেও জন্মৰ লগে লগে অথবা জন্মৰ কেইবছৰমান পাছতে কেঁচুৱাটিৰ চকুৰ ছানি পৰা ৰোগ হ'ব পাৰে।\n(গ) চকুত আঘাত পালেও সময়তকৈ আগতে চকুত ছানি পৰা ৰোগ হ'ব পাৰে।\n(ঘ) একেটা পৰিয়ালতে বহুকেইজন ব্যক্তিৰ বা বংশগতভাৱেও (প্ৰায় তিনি শতাংশ) কম বয়সতে চকুৰ ছানি পৰা ৰোগ হ'ব পাৰে।\n(ঙ) বয়সস্থ লোকৰ মাজত ডায়েবেটিছ, চকুৰ অন্তৰ্ভাগৰ ৰোগ, শৰীৰত বিদ্যুত্ প্ৰৱাহিত হোৱা, ৰেডিঅ'থেৰাপী লোৱা আদিৰ ফলতো চকুৰ ছানি পৰা ৰোগ হ'ব পাৰে।\n(১) প্ৰাৰম্ভিক পৰ্যায়ত ৰোগীয়ে পোহৰৰ ফালে চালে বা চাকিৰ চৌকাষে বৰ্ণালী বা ৰামধেনুৰ আকৃতি দেখা যায়। এটা বস্তুকে দুটা বা ততোধিকভাৱে দেখা যায়। পোহৰৰ চাকিবোৰ বেছি ডাঙৰ আকাৰত দেখা যায়।\n(২) চকুত কোনো ধৰণৰ বিষ অনুভৱ নোহোৱাকৈ দৃষ্টিশক্তি ক্ৰমান্বয়ে কমি আহে।\n(৩) ছানি ক্ৰমান্বয়ে বাঢ়ি আহিলে দূৰৈৰ বস্তু কমকৈ দেখা পোৱা যায়, কেৱল ছায়াকৃতি ৰূপতহে দেখা পোৱা যায়। ওচৰৰ বস্তু চোৱা বা পঢ়া-শুনা কৰা কাম ঠিকমতেই কৰিব পাৰে।\n(৪) লাহে লাহে ছানি ডাঠ হ'লে, সেইখিনি দৃষ্টিশক্তিও নাইকিয়া হৈ যায়। কেৱল চকুৰ এক বা ডেৰ ফুটমান আঁতৰতহে আঙুলি গণিব পাৰে বা হাত লৰচৰ কৰা গম পায়। পিছলৈ কেৱল পোহৰৰ ৰশ্মি অহাহে অনুভূত হয়। এই অৱস্থাটোক ছানি পূৰঠ হোৱা বুলি কোৱা হয়। এই পৰ্যায়ত ৰোগীৰ দৃষ্টিহীনতাৰ বাদে আন আন কোনো জটিলতা দেখা নিদিয়ে।\n(৫) কেতিয়াবা ৰোগীৰ চকুৰ মণিটো বগা বা হালধীয়া হোৱা বুলি বাহিৰৰ পৰা দেখিলেই অনুমান কৰিব পাৰি।\nছানি পূৰঠ হোৱা অৱস্থা বা তাৰ আগতে যদি চিকিত্সকৰ পৰামৰ্শ মতে উপযুক্ত চিকিত্সা কৰা নহয়, তেন্তে নানা জটিলতাই দেখা দিব পাৰে। কেতিয়াবা ছানি পূৰঠ হৈ বহুত দিন থাকিলেও ফাটি যোৱা, লেণ্সখন সৰি পৰা আৰু চকুৰ ভিতৰতে ক্ৰিয়া হৈ ছানি গলি গৈ চকুৰ ভিতৰৰ প্ৰেছাৰ বা চাপ বৃদ্ধি কৰি গ্লুক'মাৰ সৃষ্টি কৰিব পাৰে। তেতিয়া চকু ৰঙা পৰে, ফুলি উঠে, চকুৰ অসহ্য বিষ হয়, মূৰৰ বিষ আৰু বমিও হ'ব পাৰে। এই উপসৰ্গবোৰ হ'লে চকুৰ দৃষ্টি ঘূৰাই আনিব পৰা শক্তিখিনিও নাইকিয়া হৈ পৰিব পাৰে। তেতিয়া জৰুৰী অস্ত্ৰোপচাৰ কৰিলেহে আৰোগ্য লাভ কৰা দেখা যায়।\n(ক) ছানি পৰা ৰোগত ঔষধৰ বিশেষ ভূমিকা নাই। বহু ৰোগী বা অভিভাৱকে ভাবে ঔষধৰ দ্বাৰা ছানিটো নোহোৱা কৰিব পাৰি। কোনোধৰণৰ চকুত দিয়া ঔষধ বা খোৱা ঔষধে চকুৰ ছানি নোহোৱা কৰিব নোৱাৰে। প্ৰাৰম্ভিক অৱস্থাত ভিটামিন বা এণ্টিঅক্সিডেণ্ট কেপচুল খালে হয়তো ছানি পূৰঠ হোৱাত অলপ বিলম্ব ঘটাব পাৰি।\n(খ) অস্ত্ৰোপচাৰেই ছানি পৰা ৰোগৰ একমাত্ৰ চিকিত্সা। এই ৰোগৰ অস্ত্ৰোপচাৰ পদ্ধতি কেইবাপ্ৰকাৰৰ আছে। কিন্তু পদ্ধতি যিয়েই নহওক, অস্ত্ৰোপচাৰৰ উদ্দেশ্য এটাই অস্ত্ৰোপচাৰ কৰি ছানি পৰা অস্বচ্ছ লেণ্সখন চকুৰ ভিতৰৰ পৰা আঁতৰাই তাৰ ঠাইত এখন কৃত্ৰিম স্বচ্ছ লেণ্স মাইক্ৰ'স্কোপৰ সহায়ক চকুৰ ভিতৰত স্থাপন কৰে। ফলত নতুনকৈ স্থাপন কৰা কৃত্ৰিম স্বচ্ছ লেণ্সখনৰ মাজেদি পোহৰ প্ৰতিসাৰিত হ'ব পাৰে আৰু ৰোগীয়ে আগৰ নিচিনাকৈ বস্তুবোৰ দেখা হয়। ৰোগীয়ে পুনৰ সম্পূৰ্ণভাৱে দৃষ্টিশক্তি ঘূৰাই পায়। ৰোগীজনে অস্ত্ৰোপচাৰৰ পাছত বিনা চশমা বা অতি কম পাৱাৰৰ চশমাৰে দেখা হয়। কেৱল পঢ়াশুনা কৰাৰ বাবেহে চশমাৰ দৰকাৰ হয়। আজিকালি ফেক'ইমালছিফিকেচন নামৰ অত্যাধুনিক যন্ত্ৰ এটাৰ সহায়ত ছানিপৰা লেণ্সখন চকুৰ ভিতৰতে আলট্ৰাছনিক পাৱাৰেৰে ইমালছিফাই বা গুড়ি কৰি বাহিৰ কৰা হয় আৰু তাৰ ঠাইত এখন ভাঁজ কৰিব পৰা কৃত্ৰিম লেণ্স লগোৱা হয়। এটা সৰু ফুটা কৰি চিলাই নোহোৱাকৈ এই অস্ত্ৰোপচাৰ কৰা হয় বাবে অস্ত্ৰোপচাৰৰ সময়ত ৰোগীয়ে কোনো ধৰণৰ কষ্ট নাপায় আৰু একেদিনাই অস্ত্ৰোপচাৰৰ কেইঘণ্টামান পাছতে ঘৰলৈ যাব পাৰে। অতি কম দিনৰ ভিতৰতে দৈনন্দিন কাম কৰিব পৰা হয়। যিকোনো বয়সৰ লোকৰে, নৱজাতকৰ পৰা নব্বৈ-এশ বছৰীয়া বৃদ্ধলৈকে এনে অস্ত্ৰোপচাৰ কৰিব পাৰি। বহুলোকে চিন্তা কৰে সাধাৰণ চশমা বা কণ্টেক লেণ্সৰ দৰে চকুৰ ভিতৰত লগোৱা কৃত্ৰিম লেণ্সখনো সলনি কৰিব লাগে নেকি ? এই নতুনকৈ লগোৱা কৃত্ৰিম লেণ্সখন জীৱনযুৰি চকুৰ ভিতৰত থাকিলেও একো ক্ষতি নহয়।\nসেয়েহে চকুৰ ছানি পৰা অন্ধকাৰত ডুব গৈ থাকিব নালাগে, উপযুক্ত সুবিধা আৰু অভিজ্ঞ চিকিত্সকৰ দ্বাৰা অস্ত্ৰোপচাৰ কৰি দৃষ্টিশক্তি ঘূৰাই আনিব লাগে। আজিকালি অসমৰ আটাইকেইখন চিকিত্সা মহাবিদ্যালয় হস্পিতালতে বিনামূলীয়াকৈ আৰু অতি সুলভ মূল্যতে এনেধৰণৰ চিকিত্সা সম্ভৱ।
বেংককত আজিৰ পৰা আৰম্ভ হ'ব লগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে সাজু হৈ উঠিছে অসমৰ ষ্টাৰ বক্সাৰ শিৱ থাপাৰ লগতে লাভলিনা বৰগোহাঁই। দহ দিনলৈকে চলিব লগীয়া এছিয়াৰ এই সৰ্ববৃহৎ বক্সিং প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডত শিৱ থাপাই কোৰিয়াৰ কিম ওন হ'ৰ বিৰুদ্ধে বক্সিং ৰিঙত অৱতীৰ্ণ হ'ব। অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে প্ৰতিযোগিতাখনত পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱা থাপাই ৬০ কিলোগ্ৰাম শাখাত প্ৰতিদ্বণ্ডিতা আগবঢ়াব। উল্লেখ্য যে থাপাই ইতিপূৰ্বে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তিনিটাকৈ পদক লাভ কৰি থৈছে। বক্সাৰগৰাকীয়ে ২০১৩ চনত সোণ, ২০১৫ত ব্ৰঞ্জ আৰু ২০১৭ চনত ৰূপৰ পদক লাভ কৰিছিল। আনহাতে বৃহস্পতিবাৰে প্ৰকাশ পোৱা ড্ৰ অনুসৰি অসমৰ আন এগৰাকী প্ৰতিভাৱান মহিলা বক্সাৰ লাভলিনা বৰগোহাঁইয়ে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ বিশ্ব চেম্পিয়ন বক্সাৰ চেন নিন চিনৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে। মন কৰিব লগীয়া যে ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত হোৱা ৭০ সংখ্যক ষ্ট্ৰেঞ্জা স্মৃতি বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলিনা বৰগোহাঁইয়ে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৬৪ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখ্য যে প্ৰতিযোগিতাখনত মহিলাৰ ৮১ কেজি শাখাত প্ৰতিদ্বন্দ্বি কম হোৱাৰ বাবে ভাৰতৰ পূজা ৰাণীয়ে ছেমিত প্ৰৱেশ কৰিছে। সেয়ে পূজাৰ জৰিয়তে প্ৰতিযোগিতাখনত ভাৰতে প্ৰথমটো পদক নিশ্চিত কৰিবলৈ সক্ষম হয়। জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ') Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
this-bank-is-going-to-stop-atm-banking-service-from-1st-october-skd- News18 assam\nHome » photogallery » lifestyle »১ অক্টোবৰৰ পৰা বন্ধ হ'ব এই বেংকৰ ATM সেৱা!\n১ অক্টোবৰৰ পৰা বন্ধ হ'ব এই বেংকৰ ATM সেৱা!\nATM Banking Service: চাওক কিদৰে হ'ব টকাৰ লেনদেন।\nডিজিটেল বেংকিং ইনিচিয়েচন প্ৰগ্ৰামৰ বাবে ১ অক্টোবৰৰ পৰা এটিএম বেংকিং সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সূৰ্যোদয় স্মল ফাইনেন্স বেংকে (Suryoday Small Finance Bank)। মঙলবাৰে বেংকৰ ফালৰ পৰা এই বিষয়ে জনোৱা হৈছে। ২৩ জানুৱাৰী ২০১৭ত স্মল ফাইনেন্স বেংক হিচাপে যাত্ৰা আৰম্ভ কৰিছিল সূৰ্যোদয় বেংকে।\nমহাৰাষ্ট্ৰৰ এই বেংকৰ এটিএম আৰু ডেবিট কাৰ্ড আন বেংকৰ এটিএমত কাম কৰিব। ইয়াৰ উপৰি আন সেৱা যেনে পিন জেনেৰেচন, ফাণ্ড ট্ৰান্সফাৰ, মিনি ষ্টেটমেণ্ট, বেলেঞ্চ ষ্টেটমেণ্ট আদি ইণ্টাৰনেট বেংকিং বা ম'বাইল বেংকিঙৰ মাধ্যমেৰে কৰিব পাৰিব গ্ৰাহকে।\nভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ স্মল ফাইনেন্স বেংকসমূহৰ বাবে বেংকিং ৰেগুলেচন এক্ট ১৯৪৯ৰ ধাৰা ২২(১) অনুযায়ী বেংকৰ লাইচেঞ্চ জাৰি কৰিছিল।\nএই বেংকৰ ৱেবছাইটত দিয়া তথ্য অনুসৰি, সূৰ্যোদয় স্মল ফাইনেন্স বেংকে ৭ দিনৰ পৰা ১০ বছৰৰ এফডিত ৩.২৫ৰ পৰা ৬.৭৫ শতাংশ প্ৰদান কৰে।
সম্ৰাট অশোকক ঔৰংগজেৱৰে তুলনাঃ বিহাৰৰ নাট্যকাৰৰ মন্তব্যই আউল লগাইছে বিহাৰৰ ৰাজনীতিত -\nHomeৰাজনৈতিকসম্ৰাট অশোকক ঔৰংগজেৱৰে তুলনাঃ বিহাৰৰ নাট্যকাৰৰ মন্তব্যই আউল লগাইছে বিহাৰৰ ৰাজনীতিত\nসম্ৰাট অশোকক ঔৰংগজেৱৰে তুলনাঃ বিহাৰৰ নাট্যকাৰৰ মন্তব্যই আউল লগাইছে বিহাৰৰ ৰাজনীতিত\nডিজিটেল ডেস্কঃ সম্ৰাট অশোক মোগল সম্ৰাট ঔৰংগজেৱৰ দৰে আছিল, প্ৰখ্যাত হিন্দী লেখক দয়া প্ৰকাশ সিনহাৰ মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ। বিহাৰত জেডি(ইউ)য়ে অভিযোগ কৰিছে যে লেখক দয়া প্ৰকাশ সিনহাৰ বিজেপিৰ সৈতে সম্পৰ্ক আছে। দয়া প্ৰকাশ সিনহাৰ শেহতীয়া সাক্ষাৎকাৰত তেওঁ সম্ৰাট অশোক আৰু মোগল ৰজা ঔৰংগজেৱক সমান্তৰালভাৱে দৃষ্টিভংগীৰে ব্যাখ্যা কৰিছে। যিটো মন্তব্যই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডি(ইউ) আৰু ইয়াৰ সহযোগী বিজেপিৰ মাজত বৰ্ধিত পাৰ্থক্য বৃদ্ধি কৰিছে। প্ৰায় এসপ্তাহ আগতে এখন হিন্দী বাতৰিকাকতত প্ৰকাশিত এক সাক্ষাৎকাৰত এজন অৱসৰপ্ৰাপ্ত অসামৰিক কৰ্মচাৰী সিনহাই অশোকক ঔৰংগজেৱৰ সৈতে তুলনা কৰি অভিযোগ কৰি কৈছিল, তেওঁৰ ভাতৃসকলৰ বাহিৰেও তেওঁ বৌদ্ধ ভিক্ষুসকলকো হত্যা কৰিছিল।\n৮৬ বছৰীয়া এইগৰাকী পদ্মশ্ৰীপ্ৰাপক 'সম্ৰাট অশোক' নামৰ এখন হিন্দী নাটকৰ বাবে তেওঁ সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। যদিও সিনহাৰ দুয়োজন সম্ৰাটৰ তুলনা বিহাৰৰ শিক্ষাবিদসকলে খণ্ডন কৰিছে, পাটনা বিশ্ববিদ্যালয়ৰ প্ৰাচীন ইতিহাসৰ প্ৰাক্তন অধ্যাপক ড° জয়দেৱ মিশ্ৰাই বৃহস্পতিবাৰে দাবী কৰিছিল যে, ঔৰংগজেৱ আৰু সম্ৰাট অশোক নামৰ দুয়োজনৰ তুলনা কৰিব নোৱাৰি কিয়নো ঔৰংগজেৱে কেতিয়াও অশোকে কৰা বিশাল ভূমি শাসন কৰা নাছিল। তেওঁ লগতে কয়, লেখকৰ মন্তব্যৰ ৰাজনৈতিক পৰিণাম আৰু অধিক গুৰুত্বপূৰ্ণ।\nনাম প্ৰকাশত অনিচ্ছুক এজন জেডি(ইউ) বিধায়কে বৃহস্পতিবাৰে এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানক কয়, বৰ্তমানৰ কেন্দ্ৰীয় শাসনৰ অধীনত সিনহাই কেনেকৈ ইমানবোৰ পুৰস্কাৰ জিকিব পাৰে? অশোক সন্দৰ্ভত সিনহাৰ মন্তব্য বিজেপিৰ বাবে বেছি অসুবিধাজনক কাৰণ লেখকৰ দলৰ সৈতে থকা 'সম্পৰ্ক'। এজন জ্যেষ্ঠ বিজেপি নেতাই নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে সিনহা ২০০৪ চনত বিজেপিৰ সাংস্কৃতিক কোষৰ ৰাষ্ট্ৰীয় আহ্বায়ক আছিল আৰু বিজেপি নেতাসকলৰ ঘনিষ্ঠ আছিল। অৱশ্যে ২০১০ চনৰ পৰা বিজেপিৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই।\nআনহাতে, বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীয়ে বৃহস্পতিবাৰে কয়, সম্ৰাট অশোকক ঔৰংগজেৱৰ দৰে নিষ্ঠুৰ শাসকৰ সৈতে তুলনা কৰাটো অত্যন্ত নিন্দনীয়। কুশৱাহাৰ নেতা হিচাপে অশোকৰ উদযাপনে বুৰঞ্জীবিদ ৰোমিলা থাপাৰক সেই সময়ত মন্তব্য দিবলৈ প্ৰেৰিত কৰিছিল যে অশোকৰ জাতি সম্পৰ্কে কোনো ঐতিহাসিক প্ৰমাণ নাই। বৃহস্পতিবাৰে পাটনা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জয়দেৱ মিশ্ৰাই কয়, সেয়েহে জাতিৰ কোনো প্ৰমাণ নাই। কিন্তু সাধাৰণতে বিশ্বাস কৰা হয় যে তেওঁ কৃষক সম্প্ৰদায়ৰ আছিল।\nযদিও ২০১৫ চনৰ প্ৰচেষ্টা বিফল হৈছিল, আৰু বিজেপি য়ে জেডি(ইউ)-আৰজেডি মিত্ৰজোঁটৰ হাতত সাত শতাংশ ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত হৈছিল, কিন্তু বিজেপিৰ ভোট বেংকত প্ৰৱেশ কৰাৰ প্ৰচেষ্টাক লৈ জেডি(ইউ)ৰ তিক্ততা অব্যাহত আছে, বিজেপিৰ কিছুমান নেতাই অভিযোগ কৰে। তেওঁলোকে কয়, নীতিশজীয়ে আনকি আমি মিত্ৰতাত থাকিলেও, আমি উচ্চ বৰ্ণৰ ভোটৰ চোৱাচিতা কৰিব বুলি আশা কৰে, আনহাতে তেওঁ অ'বিচি আৰু ইবিচি ভোটৰ চোৱাচিতা কৰে। অ'বিচি ভোট একত্ৰিত কৰাৰ যিকোনো প্ৰচেষ্টাৰ ওপৰত ভ্ৰূকুটি কৰা হয়। নাম ল'ব নিবিচৰা এজন বিজেপি সাংসদে কয় যে দয়া প্ৰকাশ সিনহাই সম্ৰাট অশোকৰ বিৰুদ্ধে কৰা মন্তব্যৰ জৰিয়তে জেডি(ইউ)ক ২০১৫ চনৰ প্ৰচেষ্টাৰ বাবে বিজেপিলৈ ঘূৰি অহাৰ সুযোগ দিছে।\nPrevious articleব্ৰিটিছ সাংসদ বেৰী গাৰ্ডিনাৰৰ বিৰুদ্ধে অভিযোগঃ 'চীনা গুপ্তচৰ'ৰ পৰা পুঁজি লাভ কৰাৰ দাবী লণ্ডনৰ চোৰাংচোৱা সংস্থাৰ\nNext articleৰামৰ ওপৰতো নাই ভৰসা! অযোধ্যা এৰি গোৰখপুৰ পালেগৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ!
আজিৰ খবৰ, গুৱাহাটী, ২৯ অক্টোবৰঃ সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ এটা সজাতী দলে ২৮ অক্টোবৰ বৃহস্পতিবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুক সাক্ষাৎ কৰি ২০ দফীয়া দাবী সম্বলিত পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে সুদীৰ্ঘ সময় ধৰি প্ৰাথমিক শিক্ষক সকলৰ বিভিন্ন সমস্যা শিক্ষা বিভাগক অৱগত কৰি আহিছিল যদিও বহু সমস্যা সমাধান কৰাত চৰকাৰ তথা শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰা নাছিল । যাৰ ফলত শিক্ষকে বিদ্যালয় এৰি প্ৰাপ্য অধিকাৰৰ বাবে বহুবাৰ ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰাও দেখা গৈছিল । শিক্ষক সকলৰ মূল দাবী সমূহৰ ভিতৰত প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি নিযুক্তি ব্যৱস্থা কৰা,গ্ৰেড পে ৭৮০০ টকা বাহাল ৰখা,এন এছ পিৰ পৰিবৰ্তে অ পি এছৰ ব্যৱস্থা কৰা,শিক্ষকবিহীন বিদ্যালয়ত শিক্ষক নিযুক্তি,বেতন বঞ্চিত শিক্ষকক ন্যায় প্ৰদান,১৯-২০,২১-২২ বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলক মুখ্যমন্ত্ৰী বৃত্তি পৰীক্ষা ব্যৱস্থা কৰা,আৰ আই আই এম এছ এ পি পি অতি শীঘ্ৰে বাতিল কৰা আদি । বৰ্তমান সময়ত শিক্ষক সমাজে সন্মুখীন হৈ থকা এনেবোৰ বহু সমস্যা উল্লেখ কৰি পুনৰ শিক্ষমন্ত্ৰীক সমস্যাসমূহৰ সমাধান দাবী কৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিনিধি দলে । সন্থাৰ সভাপতি আয়ুব আলি আহমেদ আৰু ভাৰপ্ৰাপ্ত সম্পাদক টুটু বৰঠাকুৰে জানিবলৈ দিয়া মতে শিক্ষামন্ত্ৰীৰ সৈতে হোৱা সৌহাদ্যপূৰ্ণ আলোচনাত সমস্যাসমূহ গুৰুত্ব সহকাৰে লৈ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে ।
বিশ্বনাথৰ বামগাঁৱৰ ৪নং ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰত আজি সেই ৱাৰ্ডৰ বাবে অন্তিমটো ভোট দিয়ে কইনাৰ সাজত অহা মৃগাক্ষীয়ে । উল্লেখ্য যে আজি মৃগাক্ষীৰ জোৰোণ আৰু বিয়া । পুৱা জোৰোণ আহে আৰু জোৰোণ বিদায় দিয়াৰ পিছতে কইনা গৰাকীয়ে ঘৰৰ কাষতে থকা ভোট কেন্দ্ৰলৈ আহি ঠিক ৪ বজাৰ পূৰ্বে ভোটাধিকাৰ সাব্যস্ত কৰে কইনা গৰাকীয়ে । বামগাঁৱৰ দিলীপ শইকীয়া আৰু ছায়া শইকীয়াৰ জীয়ৰী মৃগাক্ষী শইকীয়াই বামগাঁৱৰ এই ভোটগ্ৰহণ কেন্দ্ৰটোত আজি অন্তিমটো ভোট দি আপ্লিুত হৈ পৰে। কিয়নো গুৱাহাটীলৈ আজি বিয়া হৈ যোৱাৰ পিছত বাকী নিৰ্বাচন বিলাকত গুৱাহাটীতে তেওঁ ভোটদান কৰিব। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
১. অসমৰ ১০০০খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে মাধ্যমিক শিক্ষা অভিযানৰ অধীনত ২২৯ কোটি টকাৰে বিজ্ঞানাগাৰ আৰু কম্পিউটাৰ লেবৰেটৰি নিৰ্মাণ কৰিবলৈ লোৱাৰ সুখবৰ। ২. নামেৰী ইক' কেম্পত বিশ্ব মতস্য প্ৰব্ৰজন দিৱস উদযাপন কৰা হয়। উদ্যোগীকৰণ, নদীবান্ধ, তৈল খাদ আদিয়ে মতস্য কুললৈকো ভাবুকি কঢ়িয়াই অনৰা দিশটোত অনুষ্ঠানটোত আলোকপাত কৰে অসম কৃষি বিশ্ববিদ্যালৰ অধ্যাপক ডাঃ অতুল বুঢ়াগোহাঁয়ে। ৩. অসমৰ নতুন টিভি চেনেল "আছাম টকছ" কালি গুৱাহাটী মেডিকেল কলেজ প্ৰেক্ষাগৃহত উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। চেনেলটোৰ মুখ্য সম্পাদক অতনু ভূঞা, পৰিচালন সম্পাদক বেদব্ৰত বৰা আৰু কাৰ্যবাহী সম্পাদক কুমুদ দাস বুলি জানিব পৰা গৈছে। ইণ্টাৰনেটত www.assamtalks.com যোগে চেনেলটোৰ সম্প্ৰচাৰ উপভোগ কৰিব পৰা যাব। ৪. অসমৰ শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিকৰ ৪৪৩টা পদ পূৰণৰ বাবে চৰকাৰৰ পৰা অনুমোদন বিচৰাৰ সুখবৰ। কালি কামৰূপ গ্ৰাম্য আৰু মহানগৰ জিলাৰ ৩৭খন ভেঞ্চাৰ বিদ্যালয় তথা জুনিয়ৰ কলেজলৈ ২০১৪-১৫ বিত্তীয় বৰ্ষৰ বিত্তীয় সাহাৰ্য প্ৰদান কৰা হয়। উচ্চ মাধ্যমিকলৈ ৫.৪০লাখ, উচ্চতৰ মাধ্যমিকলৈ ৭.৮০লাখ আৰু জুনিয়ৰ কলেজলৈ ৮.৫০ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই বিত্তীয় বৰ্ষচত ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সাহাৰ্যৰ বাবে চৰকাৰে মুঠ ৩৫কোটি ৬২ লাখ টকা মোকোলাই দিছে। ৫. কালি ঘোষণা হোৱা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৰাষ্ট্ৰীয় ভিত্তিত শীৰ্ষস্থান দখল কৰিছে দিল্লীৰ নিউ গ্ৰীন বিদ্যালয়ৰ পৰা ৫০০ৰ ভিতৰত ৪৯৬ নম্বৰ লাভ কৰা ছাত্ৰী এম গায়ত্ৰীয়ে। সৰ্বভাৰতীয় উত্তীৰ্ণৰ হাৰ ৮২.৮ শতাংশৰ বিপৰীতে গুৱাহাটী মণ্ডলত উত্তীৰ্ণৰ হাৰ ৭০.৩শতাংশ বুলি জানিব পৰা গৈছে। ইফালে বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ে এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে উজলি উঠিবলৈ সক্ষম হোৱাৰ সুখবৰ। ৬. অহা ১জনত ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি অসম কলাক্ষেত্ৰই চানমাৰিৰ পেঞ্চনাৰ ভৱনত গীতিকাৰ গৰাকীৰ গীতৰ এখনি কৰ্মশালা দিনজোৰাকৈ আয়োজন কৰা বুলি জানিব পৰা গৈছে। সমল ব্যক্তি হিচাবে জেপি দাসকে ধৰি আগশাৰীৰ শিল্পী সকলে অংশ লব। ৭. মুম্বাইত ছবি নিৰ্মাণত ব্যস্ত অসম সন্তান বিশ্বজিত বৰাৰ কাহিনী তথা পৰিচালনাত প্ৰথমখন হিন্দী ছবি "এইচা য়ে জাহা"ই আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। ইণ্ডোনেচিয়া এটি ছবি মহোতসৱত "ইণ্টাৰনেচনেল এৱাৰ্ড অৱ এক্সিলেন্স ২০১৫" বঁটা কৰিছে। ছবিখনৰ মূল চৰিত্ৰত অভিনয় তথা সংগীতেৰে সজাইজে বিখ্যাত গায়ক ডাঃ পলাশ সেনে। ৮. বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰা দাস বুঢ়া আতাৰ ভাৰ্যা সুমতী আইৰ স্মৃতিত শ্ৰীশ্ৰী মথুৰাদাস বুঢ়া আতা সেৱা সমিতিয়ে প্ৰৱৰ্তন কৰিবলৈ ওলাইছে এটা বঁটা। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বৰপেটা সত্ৰৰ অক্ষয় বন্তিগছ মৰসাহেৰে ৰক্ষা কৰা সাহসী নাৰীগৰাকীৰ স্মৃতিত প্ৰৱৰ্তন কৰিবলৈ ওলোৱা বঁটাটি ২০১৫ বৰ্ষৰ বাবে বৰপেটা সত্ৰ পাঠক বংশৰ মুখ্য পাঠকনী বনলতা পাঠকলৈ আগবঢ়োৱাৰ সিদ্ধান্ত ৰাজহুৱাকৈ প্ৰকাশ কৰিছে। ৯. অতুল বৰা নেতৃত্বতে অহা ২০১৬ৰ বিধান সভাৰ নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ সভাই। দলৰ সভাপতি পদক লৈ টনা-আজোৰাৰ অন্ত পেলাই বৰাক আৰু এবছৰৰ বাবে সভাপতিৰ দ্বায়িত্ব দিয়াৰ লগতে বিধায়ক কেশৱ মহন্তক কাৰ্যকৰী সভাপতি ৰূপে মনোনীত কৰি দলটোক শক্তিশালী কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ১০. নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰৰ বিষয়টো চালিজাৰি চাবলৈ অধিবক্তা-আয়োগ গঠন কৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে। ন্যায়াধীকৰণে কালি আছাম পাব্লিক ৱকৰ্ছে তৰা গোচৰৰ শুনানি গ্ৰহণ কৰে। অহা জুন মাহৰ প্ৰথম সপ্তাহত আয়োগে প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব বুলিও বাতৰি প্ৰকাশ পাইছে। ১১) শিশু বা কিশোৰসকলে যাতে নিজেই আহি থানাত গোচৰ তৰিব পাৰে , তাৰ ব্যৱস্থা লৈছে পশ্চিমবংগ চৰকাৰে । ৰাজ্যখনত প্ৰাৰম্ভিক পৰ্যায়ত ৯ খন আৰক্ষী চকীক 'শিশু-বান্ধৱ' আখ্যা দি বিষয়-ববীয়া এনেধৰণে নিযুক্তি দিয়া হৈছে যে এই থানাসমূহলৈ আহি শিশুৱে নিজৰ বা সমনীয়াৰ সতে হোৱা অন্যায়-অবিচাৰ নিজ মুখে বৰ্ণনা কৰি গোচৰ তৰিব পাৰে । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সন্ধানহীন হোৱা শিশুসকলৰ উদ্ধাৰৰ বাবে ইউনিছেফৰ সহযোগত TrackChild নামৰ আন এটা একে ধৰণৰ প্ৰকল্প চলাই আছে যিটো আমাৰ অসমতো বৰ্তমানে কাৰ্যকৰী হৈ আছে । (সৱিশেষ পাব - http://www.trackthemissingchild.gov.in ) ১২) অহা ইং. ২০১৭ বৰ্ষত হ'বলগীয়া ফিফা বিশ্বকাপৰ ১৭ বছৰৰ অনুৰ্দ্ধ খেলসমূহ অনুষ্ঠিত হ'বলগীয়া বাবে সম্ভাৱ্য স্থানসমূহৰ ভিতৰত স্থান পাইছে গুৱাহাটীয়ে । কালি গুৱাহাটীত এখন মেলত এই কথা উল্লেখ কৰে ফিফাৰ অন্যতম শীৰ্ষ বিষয়া জেভিয়াৰ চেপ্পীয়ে । ১৩) দৰঙৰ বালীবাৰা গাৱঁৰ এগৰাকী কিশোৰীক প্ৰলোভনেৰে অপহৰণ কৰি নিয়াৰ পাছত গুৱাহাটীৰ দীপৰ বিলৰ সমীপত দ্বিখণ্ডিত মৃতদেহৰ উদ্ধাৰ হৈছিল । এই ঘটনাটোত জড়িত কুখ্যত নাৰী ব্যৱসায়ী আব্দুল আলীক কালি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।
কটা যোৱা নাক,খাৰণী দি ঢাক - ৱিকিউৎস\n←তুলা আৰু তেজা\nকটা যোৱা নাক, খাৰণী দি ঢাক\n213কটা যোৱা নাক, খাৰণী দি ঢাকলক্ষ্মীনাথ বেজবৰুৱা\nএক ৰজাৰ সাতোটা কোঁৱৰ আছিল আৰু কোঁৱৰটোৱে প্ৰতি একোজনীকৈ কুঁৱৰী আছিল। কুঁৱৰীহঁতে সদায় গধূলি ভাত-পানী খোৱাৰ সময়লৈকে একেখন মজিয়াতে বহি সূতা কাটে আৰু তাত ভাৰস্তৰ কথা-উজাৰি মনৰ ভাগৰ পলুৱায়। যঁতৰৰ কেৰ্কেৰণিৰ লগে লগে সিহঁতৰ শাক-খোৱা, ভাত-খোৱা, মাছ-খোৱা সকলো কথাই ওলাই পৰে।\nচ'ত মাহ পৰিল। আজিৰ বাজে কাইলৈ ব'হাগ বিহু। বৰ বিহুৰ দিনা গা-পা ধুই আহি চোতালত থিয় হোৱা নিজৰ ল'ৰা-ছোৱালীক আৰু গিৰীয়েকক অতি কমেও এডুখৰি নিজে বোৱা ন-কাপোৰ সিহঁতে নিদিলেই নহয়, মিতিৰ-কুটুম, লা-লগুৱাবোৰৰতো কথাই নাই। সেইদেখি কুঁৱৰীহঁতৰ গাত তৰণিয়েই নাই- কেনেকৈনো ফুলাম গামোচা বওঁ, কেনেকৈ এখন মিহি সূতাৰ চুৰিয়া বওঁ, কেনেকৈ এখন চেলেং বওঁ, এইবোৰ ভাবিয়েই সিহঁত অস্থিৰ। সিহঁতে দিনৰ দিনটো তাঁত বৈ ৰাতি এপৰলৈকে পাঁজি বাটে, সূতা কাটে, মহুৰা ফুৰায়।\nআজি সাতোজনী কুঁৱৰীয়ে নিজৰ নিজৰ যঁতৰ আগত লৈ কোনোৱে বা দীঘৰ, কোনোৱে বা বাণিৰ সূতা কাটিছে। বিহু পালেহিয়েই বুলিব লাগে। বৰজনীয়ে মাজুজনীক মাত লগালে, "ৰুকুণীৰ মাক তই এইবাৰ বিহুৰ কেইদিন আগেয়ে মাৰৰ ঘৰলৈ যাবি? মই হ'লে উৰুকাৰ দিনাহে যাম, মোৰ বহুতো লেঠা, তাৰ আগেয়ে মাৰি অঁতাব নোৱাৰিম। তাৰ উপৰিও ল'ৰা-ছোৱালী এমখা লৈ আইৰ ঘৰতনো কিমান দিন থাকিমগৈ, ভাল নেলাগে চোন। তহঁত তিনি-চাৰি দিনৰ আগেয়ে যাঁহক আই হেৰেই, মই আগেয়ে ল'ৰা-ছোৱালীৰ মাইকী নোহোৱাত দহ-বাৰ দিনৰ আগেয়েই গৈছিলোঁ। আৰু আমাৰ সেইদিন নাই, আমাৰ খোলা উঠিল।" ৰুকুণীৰ মাকে ক'লে, "এৰা বাই, মোৰো চোন একে গতিয়েই; তোমাতকৈ অলপহে কম। তেও মই দুদিনৰ আগেয়ে যাম। তই কেইদিনৰ আগেয়ে যাবি গঙাইৰ মাক?" গঙাইৰ মাকে উত্তৰ দিলে, "মই তিনিদিনমানৰ আগেয়ে যাম বুলি ভাবিছোঁ।" গঙাইৰ মাকৰ পিছৰজনীয়ে ক'লে, "মই হ'লে চাৰিদিনৰ আগেয়ে যাম ; আৰু একেবাৰে গা খালি হ'লেহে আহিম। গোসাঁয়ে দোমাহীৰ যোৰাত একো বিঘিনি নঘটালেই ভাল হয়। উস্ মোৰ সোণামুৱা থকাহেঁতেন! সি মোমায়েকৰ ঘৰত কি ৰঙেৰেই বিহু খাবলৈ গ'লহেঁতেন। কণা গোসাঁইৰ মোতেহে চকু পৰিল।" এনেতে ধনঞ্জয়ৰ মাকে মাত লগালে, "মই পাঁচদিনৰ আগেয়ে যাম।" সৰু মাজিউজনীয়ে টপৰাই মাতিলে, "ময়ো পাঁচদিনৰ আগেয়েহে যাম, আৰু মোমায়েকৰ ঘৰতে মোৰ চন্দ্ৰৰ মুখত ভাত দিম।"\nএটাইকেউজনীয়ে এইদৰে কথা পাতিছে, কিন্তু এটাইতকৈ সৰুজনীয়ে একো নামাতি তললৈ মূৰ কৰি সূতা কাটি আছে আৰু একোটা হুমুনিয়াহ কাঢ়িছে। ইয়াকে দেখি মাজুজনীয়ে চেনেহৰ মাতেৰে ক'লে, "আমাৰ সৰু জাক মোৰ লগতে আইৰ ঘৰলৈ লৈ যাম দিয়া।" এই কথা শুনি সৰু জাকে ক'লে," নেলাগে বাই, মই ইয়াতে শাহুৱে যি দিয়ে, শাকেৰেই হওক বা শোকোতাৰেই হওক, বিহু খাম, ক'লৈকো নাযাওঁ বাই।" এই কথা শুনি বৰজনীয়ে ক'লে, "কিয়নো নেযাৱ আই হেৰে? তোৰ মাৰ নাই, বাপেৰ নাই, ককায়েৰ নাই, ভায়েৰ নাই, নাইতো নাই কোনোৱে নাই, আমি এটাইকেইজনীয়ে আই-বোপাইৰ ঘৰলৈ বিহু খাবলৈ যাম, তইনো অকলে ইয়াত থাকিবিনে? গোসাঁয়ে যেতিয়া তোক এনেকুৱা নিঠৰুৱা কৰিছে, কি কৰিবি মোৰ আই? বেজাৰ কৰিলে কি হ'ব" তোক ইয়াতে অকলৈ এৰি যাবলৈ আমাৰ বৰ বেয়া লাগিব।"\nকাইলৈ ব'হাগৰ বিহু, আজি উৰুকা। বাটে-পথে মানুহ হো-হো কৰে আহিছে, হো-হো কৰে গৈছে, কাৰো গাত তত-ভত নাই। গৃহস্থৰ ঘৰৰ বোৱাৰী জীয়ৰী মাকৰ ঘৰলৈ যোৰাই যোৰাই যাব লাগিছে। এনেতে আবেলি এটা লহঙা মানুহে ৰজাৰ হাউলি সোমাই ৰজাৰ ঘৈণীয়েকক মাত লগাই ক'লে, "আমৈ মই আমাৰ আইটীক নিবলৈ আহিছোঁ। ৰাণীয়ে আচৰিত মানি চকু থিয়কৈ সুধিলে, "কাক?" সি উত্তৰ দিলে, "আপোনাৰ সৰুজনী বোৱাৰীয়েকক।" ৰাণীয়ে ক'লে, "তাইৰতো কোনো নাই। তই আকৌ ক'ৰপৰা ওলালিহি?" সি ক'লে, "নহয় আমৈ, মই সৰুতে আই-বোপাইৰ লগৰ পৰা গৈ মোমাইৰ ঘৰত আছিলোগৈ। পিছে আই-বোপাই ঢুকালত, মই তাৰপৰা বস্তু-বেহানি সোপাকে লৈ গৈ মোমাইৰ গাঁৱতে ন-কৈ ঘৰ-বাৰী সাজি বিয়া-বাৰু কৰাই থিতাপি লৈ আছোঁ। কাইলৈ বিহু, সেইদেখি মই মোৰ ভনীটিক লৈ যাবলৈ আহিলোঁ। ক'তনো আছে?" ৰাণীয়ে উত্তৰ দিলে, "ভিতৰত আছে আহিব এতিয়া। হওঁতে যাদি সঁচাহে বৰ ভাল কথা। আন এটাইকেইজনী বোৱাৰী মাকহঁতৰ ঘৰলৈ গ'ল। এইজনী যাবলৈ ঠাই নাই বুলি মই মনতে অসন্তোষহে কৰি আছোঁ।"\nএনেতে ভিতৰৰপৰা সৰু বোৱাৰীয়েক ওলাই আহিল। শাহুৱেকে বোৱাৰীয়েকক সকলো কথা ক'লত বোৱাৰীয়েক আচৰিত হ'ল। তাই কোনোমতেই তাইৰ ককায়েক এটা আছে বুলি স্বীকাৰ নকৰে আৰু তাৰ লগত যাবলৈ মান্তি নহয়। কিন্তু সেই মানুহটোৱে নানা ছলাহী কথাৰে মিঠা মিঠাকৈ মৰমলগাই নানা কথা কোৱাত শাহুৱেকে তাৰ কথা পতিয়াই বোৱাৰীয়েকক যাবলৈ কোৱাত বোৱাৰীয়েকে যাওঁ-নাযাওঁকৈ অন্তত তাৰ লগত গ'ল।\nসিহঁত দুয়ো গৈ বহুত পৰৰ পিছত এখন হাবিৰ ভিতৰ সোমাই এটা ঘৰ পালেগৈ। সেই ঘৰটোত সি সৰু কুঁৱৰীক সুমাই ক'লে, "এইটো মোৰ ঘৰ। কাইলৈ তোৰ লগত মোৰ বিয়া হ'ব। এতিয়া তই ইয়াতে খাই-বৈ শুই থাক।" এইবুলি সি বুঢ়ী এজনী মাতি "আই, তই এইক চাবি, মই বিয়াৰ বস্তু গোটাবলৈ যাওঁ" বুলি কৈ গুচি গ'ল। কুঁৱৰীয়ে এতিয়াহে ভালকৈ বুজিব পাৰিলে যে তাইক চোৰে পালে। ভয়ত কুঁৱৰীৰ জ্বৰ-ঘামে ঘামিবলৈ ধৰিলে, মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে, থিয় হৈ থাকিব নোৱাৰি তাই বহি পৰিল। এনেতে এজনী বুঢ়ীয়ে মাত লগালে, "উঠা মোৰ আই, ভয় নাখাবা, বেজাৰ নকৰিবা। ৰজাৰ ঘৰতকৈও তুমি মোৰ পোৰ ঘৰত ভালকৈ সুখেৰে খাই-মেলি থাকিব পাৰিবা। উঠি দুটামান ভাত খোৱাহি, মই ভাত ৰান্ধি থৈছোঁ।" বুঢ়ীৰ কথা শুনি কুঁৱৰীয়ে মনটো অলপ ডাঠ কৰি মাত লগালে, "বুঢ়ী আই, তুমি কোন?" বুঢ়ীয়ে উত্তৰ দিলে, "মই তাৰ মাক হওঁ। সি মোৰ পো। আমি চহকী আৰু ভাল কুলীয়া মানুহ। সি গাঁৱৰপৰা, নগৰৰ পৰা ধন-সোণ লুতি-পুটি আনি মোৰ ঘৰ ভৰাই থৈছে, কিন্তু আজিলৈকে বিয়া কৰোৱা নাই। সিদিনা সি ৰজাৰ ঘৰত চুৰ কৰিবলৈ গৈছিল। তাতে বেৰৰ জলঙাইদি তাৰ নাকতো সুমাই তোমালোক আটাইকেইজনী কুঁৱৰীৰ কথা-বাৰ্তা শুনি আছিল। তাতে তুমি হেনো তোমাৰ কোনো নাই বুলি কৈ কান্দিছিলা, সেইদেখি সি তোমাক বুধি কৰি আনিছে। সি তোমাক বিয়া কৰাব। আজি সি গাঁৱলৈ গৈছে, তোমাৰ বিয়ালৈ বয়-বস্তু আনিবলৈ। কাইলৈ উভতি আহিব। আই, তুমি বেজাৰ নকৰিবা, তোমাৰ মহা সুখ হ'ব।" এইবুলি বুঢ়ীয়ে কুঁৱৰীক বুজাই ভাত খাবলৈ আনি দিলে। কুঁৱৰীয়ে কিন্তু ভাত হাতেৰে নুচুলে। ৰাতিটো কুঁৱৰী বুঢ়ীৰে সৈতে একেলগে থাকিল। কিন্তু ৰাতিপুৱাই বুঢ়ীক শোৱা চালপীৰাতে কট্কটীয়াকৈ বান্ধি থৈ তাৰ ঘোঁৰাশালৰপৰা ভাল তেজী ঘোঁৰা এটা মেলি লৈ ঘোঁৰাত উঠি ফাইদাং মাৰিলে। কুঁৱৰীয়ে ঘোঁৰাত উঠি ঘোঁৰা চেকুৰাই আহোঁতে বাটৰ এঠাইত দেখিলে যে সেই মানুহটো এজোপা গছৰ তলত বহি আছে। সি দূৰৈৰপৰা কুঁৱৰীক দেখি, ঘোঁৰাত উঠি ৰজাৰ চিপাহী আহিছে বুলি ভাবি সাউত্কৰে উঠি হাবিৰ মাজত সোমালগৈ। কুঁৱৰীয়ে সেই গছৰ তল পাই দেখিলে, যে গছৰ গুৰিতে কিছুমান বাখৰপতোৱা সোণৰ অলঙ্কাৰ পৰি আছে, মানুহটোৱে লৰালৰিকৈ উঠি পলাই যোৱা বাবে সেইবোৰ লৈ যাব নোৱাৰিলে। কুঁৱৰীয়ে সেই অলঙ্কাৰবোৰ বুটলি লৈ ঘোঁৰা চেকুৰাই ৰজাৰ হাউলি পালত, সকলোৱে দেখি আচৰিত মানিলে। কুঁৱৰীয়ে তেতিয়া সকলোবোৰ কথা আগৰ পৰা গুৰিলৈকে ভাঙি ক'লত সকলো অবাক হ'ল।\nমানুহটোৱে তাৰ ঘৰলৈ গৈ কুঁৱৰী পলাই যোৱা দেখি মাকৰ বান্ধ মোকোলাই দি তেতিয়াই ৰজাৰ নগৰৰ ফালে আহিল। গধূলি সৰু বোৱাৰীয়েকে শাহুয়েকৰে সৈতে কথা পাতি থাকোঁতে সি আকৌ আগৰ দৰে বেৰৰ জলঙাইদি নাকটো সুমাই কথা শুনি আছিল। চতুৰ সৰু কুঁৱৰীয়ে তাৰ কথা গম পাই লাহেকৈ উঠি গৈ খুৰ এখন আৰু খাৰণীসতাৰপৰা খাৰণী এবাটি আনি সাউত্কৰে গৈ খুৰেৰে তাৰ নাকৰ আগটো বেৰেৰে সৈতে সমান কৰি দিলে আৰু ততালিকে তাত খাৰণীবাটি ঢালি ফকৰাৰে ক'লে-\nকটা যোৱা নাক\nখাৰণী দি ঢাক।"\nচোৰে "বোপাই ঐ! আই ঐ!" কৈ চিঞৰিবলৈ ধৰিলত ৰজাৰ পহৰীয়াই লৰি গৈ তাক ধৰি পেলালে। তেতিয়া সেইটো চোৰেই কুঁৱৰীক ফাঁকি দি লৈ গৈছিল বুলি কুঁৱৰীয়ে ক'লত ৰজাই তাক শূলত দিয়ালে।\n"https://as.wikisource.org/w/index.php?title=কটা_যোৱা_নাক,খাৰণী_দি_ঢাক&oldid=2643"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাটো শেষবাৰৰ কাৰণে ২৩ জানুৱাৰী ২০১৩ তাৰিখে ২২ঃ৩৪ বজাত সলনি কৰা হৈছিল।
Ranju Hazarika টীয়কৰ পৰা প্ৰকাশিত ছমহীয়া কাব্যালোচনী "শিকলি"ৰ উদ্যোগত প্ৰৱৰ্তন কৰা চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণী টীয়কপৰীয়া সাহিত্য বঁটা আজি ঘোষণা কৰা হৈছে। ২০২১বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব কেইবা দশক ধৰি অসমীয়া কল্প-সাহিত্যৰ জগতত অভিলেখ সৃষ্টি কৰি সাহিত্যৰ ভঁৰাল চহকী কৰা কাহিনীকাৰ, বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাক। আগন্তুক বসন্ত ঋতুত ঔপন্যাসিক গৰাকীক এই বঁটা প্ৰদান কৰা হ'ব বুলি শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকা আৰু সহকাৰী সম্পাদক হেমন্তজ্যোতি গগৈয়ে জানিবলৈ দিছে। উল্লেখ্য যে টীয়কৰ এগৰাকী সাহিত্যনুৰাগী ব্যক্তি দেৱজিত হাজৰিকাৰ পৃষ্ঠপোষকতাত আগবঢ়োৱা এই বঁটা ২০২০ বৰ্ষত বিশিষ্ট সাহিত্যিক,গৱেষক অধ্যাপক তথা চিত্ৰকৰ ড° ভাৰত বৰাক প্ৰদান কৰা হৈছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজত মণ্ডপ আৰু অস্থায়ী নামঘৰৰ লাই খুঁটা স্থাপনেৰে আনুষ্ঠানিক শুভাৰম্ভ হৈছে শিৱসাগৰৰ জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত উদযাপিত হ'ব লগীয়া ৰাস উৎসৱৰ। শতাধিক ভকত-ভকতনীৰ উপস্থিতিত খোল-তাল, উৰুলি আৰু হৰিধ্বনিৰে মুখৰিত পৰিৱেশত জয়সাগৰৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত সোমবাৰে লাই খুঁটা স্থাপন কৰে গড়গাওঁ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বেণু গগৈ আৰু ৰংপুৰ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ভুৱন চন্দ্ৰ দত্তই। কেন্দ্ৰটোৰ উদ্যোগত বৃহত্তৰ জয়সাগৰ অঞ্চলৰ প্ৰায় ২১ খন গাঁৱৰ ৰাইজৰ সহযোগত ২২, ২৩ আৰু ২৪ নৱেম্বৰত এই ৰাস উৎসৱ অনুষ্ঠিত হ'ব। বন্তি প্ৰজ্বলন আৰু সমূহীয়া প্ৰাৰ্থনাৰে অনুষ্ঠানটো আৰম্ভ কৰে ধৰ্মপ্ৰাণ ব্যক্তি প্ৰফুল্ল বৈশ্যই। উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তাৰা নাথ শৰ্মা আৰু বিষয়ববীয়া প্ৰকাশ নাথে আঁত ধৰা অনুষ্ঠানত শিক্ষাবিদ বেণু গগৈয়ে ৰাসলীলাৰ তাৎপৰ্য্য আৰু আধ্যাত্মিকতাৰ ওপৰত বক্তব্য দাঙি ধৰে। লগতে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি ড০ হেমন্ত কুমাৰ ফুকন আৰু কাৰ্য্যকৰী সভাপতি সুশীল চন্দ্ৰ বৰুৱাই ৰাইজক উদ্দেশ্যি ৰাসলীলাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। ৰাস মহোৎসৱ সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে উদযাপন সমিতিয়ে সকলো ভকত-ভকতনী তথা ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
মানকাচৰ : আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তৰ মাজত থকা দক্ষিণ শালমাৰা-মানকাচৰ জিলাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পন্ন কৰি তোলা পৰিলক্ষিত হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় বাবে ৭৩ তম গণৰাজ্য দিৱসৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ গণৰাজ্য দিবসৰ অনুষ্ঠানত বাতিল কৰা হৈছে সংস্কৃতি অনুষ্ঠানত কেৱল পতাকা উত্তোলন আৰু মাৰ্চ পাষ্ট কৰিয়ে গণৰাজ্য দিৱসৰ কাৰ্যসূচী সম্পন্ন কৰা হ'ব। আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তৱৰ্তী জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। গণৰাজ্য দিৱসৰ দিনা যাতে কোনো কুঠাঘাটমুলক ঘটনা সংঘটিত নহয় তাৰ বাবে বিএছএফে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে আন্তঃৰাজ্যিক সীমান্তৰ মাজত সীমান্তৱৰ্তী এলেকাত জিলা আৰক্ষী প্ৰশাসনে তালাচী অভিযান অধিক তীব্রতৰ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ অসম-মেঘালয় সীমা্ন্তৱৰ্তী মানকাচৰৰ মিৰজুমালা, কালাপানী, হাটশিঙিমাৰীৰ তিনিআলী, বাহহাটী, দক্ষিণ শালমাৰা থানা এলেকাৰ বিভিন্ন চৰাঞ্চলৰ লগতে ফেৰীৰে জিলাখনত প্ৰৱেশ কৰা যাত্ৰী সকলৰ বাহন সমূহ আৰক্ষীয়ে তন্ন তন্নকৈ চালাচী চলোৱা পৰিলক্ষিত হৈছে। You may also read!
শুকুৰবাৰে আছুৰ মুখ্য উপদেষ্টা সমূজ্জল কুমাৰ ভট্টাচাৰ্য উপস্থিত হয় মুছলপুৰত। বাক্সা জিলা ছাত্ৰ সন্থাৰ তৃতীয় বাৰ্ষিক মুছলপুৰ অধিবেশত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমূজ্জল কুমাৰ ভট্টাচাৰ্যই বিজেপি চৰকাৰৰ কথা আৰু কামৰ মাজত পাৰ্থক্য আছে বুলি মন্তব্য প্ৰকাশ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। বাক্সা জিলা ছাত্ৰ সন্থাৰ তৃতীয় বাৰ্ষিক মুছলপুৰ অধিবেশত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমূজ্জল কুমাৰ ভট্টাচাৰ্যই কয় যে অসমৰ খিলঞ্জীয়া মানুহৰ হকে কাম কৰি যোৱাটোৱেই মোৰ কাম। দলীয় নিৰ্বাচনীৰ বাহিৰত থাকি অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে মই কাম কৰি যাম। আছু আছু হৈয়ে থাকিব আৰু আছুৱে নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিবই লাগিব। বিজেপি চৰকাৰক সমালোচনা কৰি আছুৰ উপদেষ্টা গৰাকীয়ে কয় যে বিজেপি চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সকলোবোৰ প্ৰতিশ্ৰুতি মিছা প্ৰমাণিত হৈছে। বিজেপিয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিদেশী নাগৰিকে টালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছিলে, এতিয়া বিজেপিয়ে কৈছে বিদেশী নাগৰিকে টালি টোপোলা বান্ধি আহিব লাগিব। বিজেপিয়ে অসম চুক্তিক উলংঘা কৰি "কা" আমাৰ ওপৰত জাপি দিছে। খিলঞ্জীয়া বিৰোধী, অসম চুক্তিক উলংঘাকাৰী, সাম্প্ৰদায়িক আৰু অসাংবিধানিক বিল এখন আমাৰ ওপৰত জাপি দিছে বিজেপিয়ে। "কা" কেতিয়াও মানি লৱ পৰা বিষয় নহয়। বিজেপি চৰকাৰৰ কথা আৰু কামৰ মাজত বহু পাৰ্থক্য আছে। অসম চুক্তিৰ ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ দিম বুলি উচ্চস্তৰীয় কমিটিয়ে চুক্তি গঠন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে প্ৰতিবেদন পালেই কাৰ্যকৰীকৰণ কৰিম বুলি কৈছিল। গৃহমন্ত্ৰীয়ে প্ৰতিবেদনৰ দীড়ি-কমাসহকাৰে কাৰ্যকৰীকৰণ কৰিম বুলি কৈছিল কিন্তু নকৰিলে বুলি মন্তব্য প্ৰকাশ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে আছুৰ উপদেষ্টা গৰাকীয়ে। ৰক্ষা কৱচ আমাৰ বাবে প্ৰাপ্য বুলিও মন্তব্য কৰে আছুৰ উপদেষ্টা সমূজ্জল কুমাৰ ভট্টাচাৰ্যই। আছুৰ বাক্সা জিলাৰ সভাপতি গোবিন্দ শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্মৰণিকা উন্মোচন কৰে কৰে জিলা সাহিত্য সভাৰ সভাপতি মাধৱ চন্দ্ৰ কলিতাই। মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ যোগেন চন্দ্ৰ কলিতাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। You may also read!
গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে যােৰহাট জিলাৰ নিমাতিঘাটৰ ওচৰত বুধবাৰে সংঘটিত হােৱা নাও দুর্ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু এন ডি আৰ এফ তথা এছ ডি আৰ এফে চলােৱা উদ্ধাৰ কাৰ্যৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে এখন যন্ত্রচালিত নাৱত উঠি প্রায় ৪৫ মিনিট সময় ধৰি উদ্ধাৰ অভিযান পর্যবেক্ষণ কৰে। দুর্ঘটনাস্থলী পৰিদৰ্শনৰ পিছতে সাংবাদিকৰ সৈতে হােৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে নাও দুর্ঘটনা সম্পর্কত যােৰহাট জিলা প্রশাসক এটা ফৌজদাৰী গােচৰ ৰুজু কৰিবলৈ নির্দেশ দিয়া হৈছে। তেওঁ লগতে কয় যে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ তিনিগৰাকী বিষয়াক ইতিমধ্যে নিলম্বিত কৰা হৈছে। ৰাজ্য চৰকাৰে এই দুর্ঘটনা সন্দৰ্ভত এক উচ্চ পর্যায়ৰ তদন্ত কৰিব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে মেৰিন ইঞ্জিন নথকা সকলাে ব্যক্তিগত ফেৰী সেবা বন্ধ কৰা হ'ব। ব্যক্তিগত খণ্ডৰ ফেৰীসমুহৰ গৰাকীসকলে একক ইঞ্জিনক মেৰিন ইঞ্জিনলৈ পৰিৱৰ্তন কৰিব বিচাৰিলে ৭৫ শতাংশ ৰাজ সাহায্যৰে ৰাজ্য চৰকাৰে ১০ লাখ টকাকৈ আগবঢ়াব। তেওঁ লগতে জনায় যে এতিয়াৰে পৰা ৪ খন আভ্যন্তৰীণ জল পৰিবহনৰ ফেৰী কমলাবাৰী আৰু নিমাতিঘাটত চলাচলৰ ব্যৱস্থা কৰা হ'ব আৰু অতিশীঘ্ৰে দুখন ফেৰী মাজুলীলৈ প্ৰেৰণ কৰা হ'ব। এই ফেৰী সেৱাৰ উপৰি দুখন ৰােপেক্সৰ সেৱা কার্যক্ষম কৰা হ'ব। তেওঁ লগতে কয় যে সমগ্র বছৰ জুৰি যাতে ৰােপেক্স সেৱা অব্যাহত ৰাখিব পৰা যায় সেয়া ৰাজ্য চৰকাৰে সুনিশ্চিত কৰিব। কমলাবাৰী আৰু নিমাতিঘাটৰ মাজত এই সেবা অব্যাহত ৰখাৰ বাৰে ব্ৰহ্মপুত্ৰৰ বুকু খনন কৰি এই জলপথছােৱা এই জাহাজ চলাচল কৰাৰ বাবে উপযােগী কৰি ৰখা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে যােৰহাট আৰু মাজুলী জিলাৰ উপায়ুক্তই ফেৰী সেৱাৰ সময়সমূহ পুনৰ নিৰ্দ্ধাৰণ কৰিব। মাজুলী জিলাৰ এগৰাকী আৰু যােৰহাটৰ এগৰাকী দণ্ডাধীশে সময়মতে ফেৰী সেৱা সুনিশ্চিত কৰাৰ দিশটো পর্যবেক্ষণ কৰিব বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰে এই নাওসমূহত কাম কৰা লােকসকলৰ বাবে স্বাস্থ্য পৰীক্ষাৰ বাবে নিৰ্দ্ধাৰিত বিধি-বিধান প্রস্তুত কৰিব। যােৰহাট আৰু মাজুলী সংযােগী দলং নিৰ্মাণৰ সাম্প্রতিক স্থিতিৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ যাৱতীয় পদক্ষেপ চলি আছে আৰু অহা নৱেম্বৰ মাহৰ পৰা এই দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। এই দলংখন ৪ বছৰৰ ভিতৰত সম্পূর্ণ হৈ উঠিব বুলি উল্লেখ কৰি তেওঁ কয় যে দলং নিৰ্মাণৰ অগ্রগতি পর্যালােচনাৰ বাবে এক মন্ত্রীগােট গঠন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই দুর্ঘটনাত গুৱাহাটীৰ কাহিলীপাৰাৰ পৰিমিতা দাস নিহত হােৱাত গভীৰ দুখ প্রকাশ কৰে। তেওঁ লগতে কয় যে পৰিমিতা দাসৰ পিতৃ-মাতৃক তেখেতে সাক্ষাৎ কৰিব আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেখেতসকললৈ প্রয়ােজনীয় সকলােধৰণৰ সহায়-সহযােগিতা আগবঢ়োৱা হ'ব। পৰিদৰ্শনৰ সময়ত পৰিবহন মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যােগেন মহন, শক্তিমন্ত্রী বিমল বৰা, সাংসদদ্বয় তপন গগৈ আৰু প্রদান বৰুৱা, বিধায়কসকল ক্রমে হিতেন্দ্র নাথ গােস্বামী, ভৱেন ভৰালী আৰু ৰেণুপমা ৰাজখােৱা, আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত উপস্থিত থাকে। আনহাতে, মুখ্যমন্ত্ৰীয়ে যােৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল পৰিদৰ্শন কৰি নাও দুর্ঘটনাত আঘাতপ্রাপ্ত হােৱা লােকসকলৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ চিকিৎসকলক উন্নত মানৰ চিকিৎসা প্রদান কৰিবলৈও নির্দেশ দিয়ে। নাও দুর্ঘটনা সংঘটিত হােৱাৰ সময়ত দুর্ঘটনাত পতিত হােৱা যাত্ৰীসকলক উদ্ধাৰ কার্য ক্ষিপ্রতাৰে চলাই বিৰল মানৱীয় দৃষ্টিভংগী আৰু অনন্য সাহস প্রদর্শন কৰা স্থানীয় লােকসকলৰ প্ৰতিও মুখ্যমন্ত্ৰীয়ে বিশেষভাবে কৃতজ্ঞতা প্রকাশ কৰি ধন্যবাদ জ্ঞাপন কৰে।।ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে মাজুলীত উপস্থিত হৈ আছু, টি এম পি কে, এজেৱাইচিপিকে ধৰি অন্যান্য সংগঠনসমূহৰ প্রতিনিধিসমূহৰ সৈতে আলােচনা কৰি তেওঁলােকে উত্থাপন কৰা বিষয়সমূহৰ বুজ লয়। তেওঁ আশ্বাস প্রদান কৰি কয় যে যাত্রীৰ নিৰাপত্তা সুনিশ্চিত কৰা, কমলাবাৰী আৰু নিমাতিঘাটৰ মাজত ফেৰী সেৱা সূচলতৰভাৱে চলাচল সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রয়ােজনীয় ব্যবস্থা গ্রহণ কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে প্রতিখন নাৱত কিমানজন যাত্রী যাব পাৰিব তাক নিৰ্ধাৰিত কৰি দিয়াৰ লগতে এই ক্ষেত্ৰত কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হ'ব। যদি কোনাে নাৱে নিৰ্ধাৰিত সংখ্যাতকৈ অধিক যাত্রী কঢ়িয়াই আনে তেতিয়াহ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয়। এই বার্তালাপৰ সময়ত পৰিবহন মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যােগেন মহন, শক্তিমন্ত্রী বিমল বৰা উপস্থিত থাকে। You may also read!
পুৰণিগুদাম উপস্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ভেৰভেৰিত এজন ব্যক্তিৰ গাত পোৱা গৈছে ক'ভিড-১৯ পজিটিভ । যোৱা জুন মাহতে আহিছিল গোৱাৰ পৰা বি.এছ.এফ.ৰ জোৱান পংকজ বৰা (৪৪)। নগাঁও ছোৱালী মহাবিদ্যালয়ত ৰখা হৈছিল কোৱাৰেণ্টাইন কৰি। যোৱা ২ জুলাইৰ পৰা হোমকোৱাৰেণ্টাইন হ'বলৈ দিছিল স্বাস্থ্য বিভাগে। প্ৰথমে SWAB পৰীক্ষাত নিগেটিভ। কিন্তু হোমকোৱাৰেণ্টাইন হৈ থকাৰ সময়তে আজি SWAB পৰীক্ষাত ধৰা পৰিল ব্যক্তিজন ক'ভিড-১৯ ত আক্ৰান্ত বুলি । লগে লগে গোটেই অঞ্চলটোত সৃষ্টি হৈছে ৰাইজৰ মাজত আতংকময় পৰিৱেশ। স্থানীয় ৰাইজৰ মতে, ব্যক্তিজনে নিজে এজন ভাৰতীয় সৈনিক হৈয়ো মনা নাছিল চৰকাৰী নীতি-নিয়ম। ব্যক্তিজনে হোম কোৱাৰেণ্টাইনৰ মাজতেই বঢ়মপূৰ দৈনিক বজাৰলৈ মাংস কিনিবলৈও গৈছিল। পংকজ বৰাৰ পত্নীৰ লগতে তেওঁৰ সন্তান দুটিও আহিছিল তেওঁৰ সংস্পৰ্শলৈ। দেখা পোৱা গৈছিল গাঁৱৰে বহুঠাইত বহুজন লোকৰ লগত স্পৰ্শলৈ অহা। লগতে পংকজ বৰা আহিছিল ঘৰৰ ওচৰৰে গোলোক বৰা নামৰ ব্যক্তিজনৰ দোকানলৈ আৰু পৰিয়ালৰ বহুকেইজন ব্যক্তিকে ধৰি আন কেইবাজনো স্থানীয় ব্যক্তি আহিছিল তেওঁৰ স্পৰ্শলৈ।
নিয়োগৰ প্ৰতাৰণামূলক আঁচনি\nby দ্বিপেন কাকতি\nJune 23, 2022 3:11 pm\nনিয়োগ সন্দৰ্ভত মোদী ডাঙৰীয়াৰ মুখত বহুতো আশাব্যঞ্জক কথা শুনি আহিছো। দুহেজাৰ চৈধ্য চনৰ নিৰ্বাচনী প্ৰচাৰত তেওঁ বছৰি দুই কোটি নিবনুৱাক চাকৰি দিয়াৰ কথা কৈছিল। পিছে, একমাত্ৰ বিমুদ্ৰাকৰণেই পোন্ধৰ লাখৰ অধিক চাকৰিয়ালক নিবনুৱা কৰিলে। এতিয়া তাৰ বিপৰীতে অহা ডেৰ বছৰত ১০ লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা কৈছে। অথচ ২০২২-২৩ চনৰ বাজেটত পৰৱৰ্তী পাঁচ বছৰত ৬০ লাখ লোকক চাকৰি দিয়া হ'ব বুলি ঘোষণা কৰিছিল।\nউল্লেখযোগ্য যে ২০২০-২১ বৰ্ষৰ হিচাপ মতেই কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু মন্ত্ৰ্যালয়সমূহত ৯ লাখৰ অধিক পদ খালি হৈ আছিল। এতিয়া সম্ভৱতঃ সেই পদখিনি পূৰণৰ কুচকাৱাজ চলোৱা হ'ব। নিয়োগৰ ক্ষেত্ৰত মোডী চৰকাৰে বাৰে বাৰে গ'ল প'ষ্ট সলাইছে; কিন্তু গ'ল দিব পৰা নাই। ৰসাতলে গতি কৰা অৰ্থনীতিত কৰ্মসংস্থান সৃষ্টি কৰাটো একপ্ৰকাৰ দুঃসাধ্য হৈ পৰিছে।\nআনফালে অৰ্থনীতিত উৎপাদনশীল বিনিয়োগ বৃদ্ধিৰ বাবে, আন আহিলাৰ লগতে, এক মজবুত আন্তঃগাঁথনি অপৰিহাৰ্য। কিন্তু যোৱা দুটা বছৰে আন্তঃগাঁথনিৰ বাবে এক লাখ কোটি টকাৰ বিনিয়োগ কেৱল ঘোষণাতে আছে, বাস্তৱত তাক ৰূপায়ন কৰিব পৰা নাই। আন্তঃগাঁথনিৰ ক্ষেত্ৰত গ'ল প'ষ্ট একে ঠাইতে ৰাখিও গ'ল দিব পৰা নাই। এই বিলাকৰ মাজেদিয়েই চৰকাৰটোৰ খেলৰ দক্ষতা ফুটি উঠে।\n২০২৪ চনত পৰৱৰ্তী সাধাৰণ নিৰ্বাচন আহি আছে। মাজত, ক'বলৈ গ'লে, ডেৰটা বছৰ আছে। এই ডেৰটা বছৰৰ ভিতৰতে নিয়োগৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰিছে। কোৱা বাহুল্য যে মোডী চৰকাৰৰ আমোলত নিবনুৱা সমস্যা এটা জলন্ত আঙঠা হৈ পৰিছে-হাতত ল'লেই হাত পোৰে। ইতিপূৰ্বে বিমুদ্ৰাকৰণ আৰু ক'ভিড-১৯এ বহু লোকক সংস্থাপনহীন কৰি পেলালে। এতিয়া এই দহ লাখ নিযুক্তিৰ ঘোষণাক প্ৰচাৰ মাধ্যম আৰু দলীয় মুখপাত্ৰসকলে তিলটোকে তালটো কৰি প্ৰচাৰ চলাইছে। এইখিনি কোনো নতুন পদ নহয়, খালি থকা পদ। কিন্তু নিযুক্তিৰ প্ৰক্ৰিয়াটো কেতিয়া সম্পূৰ্ণ হ'ব, হ'ব নে নহ'ব, আজিৰ তাৰিখত সেই কথা ন দি কোৱা টান। ই এটা জুম্লা হৈ গ'লেও আচৰিত হ'বলগীয়া নাথাকিব।\nশেহতীয়াকৈ প্ৰতিৰক্ষা বিভাগত বছৰি ৪৬,০০০ নিযুক্তিৰ কথাও ঘোষণা কৰা হৈছে। এই আঁচনিৰ নাম "অগ্নিপথ" আৰু এনে পদৱীত মকৰল হোৱাসকল হ'ব "অগ্নিবীৰ"। ১৭.৫-২১ বছৰৰ অগ্নিবীৰহঁতৰ ৭৫ শতাংশ চাকৰিয়ালৰ চাকৰিৰ ম্যাদ হ'ব চাৰি বছৰ আৰু বাকী ২৫ শতাংশৰ মাজৰ একাংশৰ পুনৰ আবেদনৰ ভিত্তিত নিয়মীয়া সৈনিক হিচাপে পুনৰ নিযুক্ত হ'ব, যাৰ চাকৰিৰ ম্যাদ হ'ব ন্যূনতম পোন্ধৰ বছৰ। তাৰ মাজত সোমাই থাকিব ছমহীয়া প্ৰশিক্ষণ। শিক্ষাগত অৰ্হতা ন্যুনতম দশম শ্ৰেণী উত্তীৰ্ণ। দৰমহা ৩০ হাজাৰ টকাৰ পৰা আৰম্ভ হৈ ৪০ হাজাৰ টকা পৰ্যন্ত হ'ব।\nতেওঁলোকৰ পেঞ্চন-গ্ৰেচুইটী নাথাকিব। প্ৰাক্তন সৈনিকৰ মৰ্যাদাও নাপাব। কৰ্তব্যত মৃত্যু হ'লে ৪৮ লাখ টকাৰ বীমা ৰাশি পাব, কিন্তু ছহিদৰ মৰ্যাদা নাপাব। চাৰি বছৰীয়া চাকৰিৰ শেষত অগ্নিবীৰসকলে "সেৱা নিধি" আঁচনিৰ অধীনত ১১-১২ লাখ টকা লাভ কৰিব, যাৰ অৰ্ধেক ধন আহিব তেওঁলোকৰ দৰমহাৰ পৰা কাটি ৰখা (মাহে ৩০ শতাংশকে) ধনৰাশিৰ পৰা। সৰ্ব্বোচ্চ যি ২৫ শতাংশ অগ্নিবীৰক যোগ্যতা আৰু প্ৰাতিষ্ঠানিক প্ৰয়োজনৰ ভিত্তিত নিয়মীয়া সৈনিক হিচাপে ৰাখি থ'ব, তেওঁলোকে নিয়মীয়া সৈনিকৰ মৰ্যাদা পাব।\nতেওঁলোকে ন্যূনতম ১৫ বছৰ চাকৰি কৰিব লাগিব। অস্ত্ৰ প্ৰয়োগৰ প্ৰশিক্ষণ লাভ কৰা ৭৫ শতাংশ অগ্নিবীৰৰ চাকৰি হ'ব অস্থায়ী। প্ৰতিৰক্ষা বিভাগৰ পৰা ওলাই অহাৰ পাছত তেওঁলোকে অৰ্ধ-সামৰিক বাহিনীত নিযুক্তি পোৱাৰ বাট খোলা থাকিব বুলিও কোৱা হৈছে। সঁচানে?\nদুহেজাৰ বিশ চনৰ মাৰ্চ মাহত দেশৰ সকলোবোৰ অৰ্ধ-সামৰিক বাহিনীত ১,৮০,০০০ খালি পদৰ বিপৰীতে ৬০,০০০ পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ৪৫,২৪৫ জনক নিযুক্তি দিয়ে। বাকী ৪,৭৫৫ জনে নিযুক্তিৰ দাবীত আজিও আন্দোলন অব্যাহত ৰাখিছে। অগ্নিবীৰসকলৰ বাবে অৰ্ধসামৰিক বাহিনীত যদিও ঘোষিত খালি পদৰ ১০ শতাংশ সংৰক্ষিত থাকিব বুলি কোৱা হৈছে, চাকৰিৰ নিশ্চয়তা থাকিব বুলি আশা কৰিব নোৱাৰি। তেওঁলোকৰ কোনোজনে হয়তো কোনো বিত্তীয় প্ৰতিষ্ঠান অথবা নিৰাপত্তা সংস্থাৰ অধীনত নিযুক্তি পাব।\nবহুজাতিকবোৰ নিয়মীয়া প্ৰাক্তন সৈনিকৰ নিযুক্তিৰ প্ৰতিয়েই আগ্ৰহী নহয়; অগ্নিবীৰ দূৰৰ কথা। উল্লেখযোগ্য, প্ৰাক্তন সৈনিকৰ মাত্ৰ দুই শতাংশইহে চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি পায়। তেনেস্থলত অগ্নিবীৰসকলৰ বেছি ভাগেই নিবনুৱা হৈ থাকিব। এনে নিবনুৱাৰ সংখ্যা বছৰি বাঢ়ি যাব আৰু সমাজত অপৰাধমূলক আৰু অসামাজিক কাৰ্য-কলাপ দিনে দিনে বৃদ্ধি পাব। আত্মহত্যাৰ সংখ্যাও বাঢ়ি যাব। মোদী চৰকাৰে কৰ্মসংস্থান সৃষ্টিত আৱশ্যকীয় গুৰুত্ব দিয়া হ'লে, কথাটো সুকীয়া হ'লহেঁতেন।\nদেশৰ যুৱ সম্প্ৰদায়ে এই আঁচনি গ্ৰহণ কৰিবলৈ বিচৰা নাই। ইয়াক তেওঁলোকে চৰকাৰৰ আভুৱা ভাঁৰা আঁচনি বুলি অনুভৱ কৰিছে। ভালেকেইজন অৱসৰী সামৰিক বিষয়াই ইয়াৰ বিৰোধিতা কৰি কৈছে-ই সামৰিক বাহিনীৰ আত্মিক বৈশিষ্ট [Ethos], নৈতিক মনোবল আৰু পেচাদাৰিত্বৰ ক্ষতি সাধন কৰিব। কিন্তু মোডী ডাঙৰীয়াৰ আনৰ পৰামৰ্শ লোৱাৰ অভ্যাস আছে জানো?\nদেশত বৰ্তমান নিবনুৱাৰ হাৰ ৭ শতাংশ অতিক্ৰম কৰি গৈছে, যদিও বহু নিবনুৱাই চাকৰি বিচাৰিবলৈকে বাদ দিছে। চাকৰি বিচৰা লোকৰ সংখ্যা ২০১৭ চনৰ ৪৬ শতাংশৰ পৰা ২০২২ চনত ৪০ শতাংশলৈ হ্ৰাস হৈছে। ইয়াৰ ভিতৰত ২ কোটি ১০ লাখ মহিলা নিবনুৱাও আছে। আনহাতে এইখন দেশত বছৰি প্ৰায় ১ কোটি ২০ লাখ লোকৰ নতুনকৈ শ্ৰম বজাৰত প্ৰৱেশ ঘটে [দ্য টেলিগ্ৰাফ, ১৬ জুন, ২০২২]। ক'বলৈ গ'লে, দেশখনত "নিবনুৱা মহামাৰী" হৈছে। ইয়াৰ ফলত সমাজত অশান্তি আৰু অস্থিৰতা বাঢ়িছে। মানুহৰ ধৈৰ্য আৰু সহিষ্ণুতা কমি গৈছে। আত্মহত্যাৰ হাৰও বৃদ্ধি পাইছে।\nহয়, বিশ্বৰ কুৰিখন মান দেশত এনে ধৰণৰ অস্থায়ী সৈনিক নিযুক্তিৰ ভিন ভিন ব্যৱস্থা আছে। এই দেশবিলাকৰ প্ৰায়বোৰেই উন্নত দেশ। তেওঁলোকে নিবনুৱাক বুজন পৰিমাণৰ ভাট্টাও দিয়ে। সেইবোৰ দেশৰ লগত ভাৰতক তুলনা কৰা নাযায়। নিৰাপত্তা থকা, সন্মানজনক আৰু আৱশ্যকীয় উপাৰ্জন কৰিব পৰা কৰ্মসংস্থাপনেহে দেশৰ অৰ্থনীতি তথা সমাজৰ উৎকৰ্ষ সাধিব পাৰিব। বিজেপি দলে ছলে-বলে-কৌশলে ক্ষমতাত থকাটোকে লক্ষ্য কৰি ল'লে, দেশৰ উন্নতি নহয়।\n(লেখক এগৰাকী বিশিষ্ট নিৱন্ধকাৰ। তেওঁৰ ফোন নম্বৰ -৯৪৩৫০৯০৮৯৯)
ময়িদুল ইছলাম বৰা - অসমীয়া ৱিকিপিডিয়া\nময়িদুল ইছলাম বৰা\n৫ মে', ১৯৪৪\nময়িদুল ইছলাম বৰা (জন্মঃ১৮৯৯ - মৃত্যুঃ১৯৪৪) এগৰাকী শিক্ষাবিদ আৰু সাহিত্যিক। ফাৰ্চী সাহিত্যৰ গৱেষণা কৰিছিল। অসম সাহিত্য সভাৰ ১৯৪০ চনত বহা যোৰহাট অধিবেশনৰ সভাপতি আছিল।\n1 জন্ম আৰু শিক্ষাজীৱন\n3 সাহিত্যিক জীৱন\nজন্ম আৰু শিক্ষাজীৱন[সম্পাদনা কৰক]\nময়িদুল ইছলাম বৰাৰ জন্ম হৈছিল শিৱসাগৰ চহৰত। তেখেতৰ পিতৃৰ নাম মেহেৰুদ্দিন। সৰু থাকোঁতেই পিতৃৰ মৃত্যু হোৱাত ময়িদুল ইছলাম বৰাই ককায়েকহঁতৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। ১৯১৭ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নাম লিখায়।\nকটন কলেজৰ পৰা আই.এ. পাছ কৰে ১৯১৯ চনত আৰু ১৯২১ চনত বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত উচ্চ শিক্ষাৰ বাবে ঢাকা বিশ্ববিদ্যালয়লৈ যায়। ঢাকা বিশ্ববিদ্যালয়ৰপৰা ফাৰ্চী সাহিত্যত ১ম শ্ৰেণীৰ প্ৰথম হৈ এম.এ. পাছ কৰে।\nএম.এ. পাছ কৰাৰ পাছতে ঢাকা বিশ্ববিদ্যলয়তে অধ্যাপকৰ পদত যোগদান কৰে। ১৯২৯ চনত বিলাতলৈ যায় আৰু ১৯৩০ চনত লণ্ডন বিশ্ববিদ্যালয়ত ফাৰ্চী কবি আমীৰ হাছানৰ ওপৰত গৱেষণা কৰি পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।\nমীৰ্জা নাথনে লিখা 'বাহাৰিস্তান-ই-গাইবী' ইংৰাজীলৈ অনুবাদ কৰিছিল। অসমীয়া ভাষাতো প্ৰৱন্ধ ৰচনা কৰিছিল। My First Reader, My Second Reader-কে ধৰি পাঁচখন পাঠ্যপুথিৰ ৰচয়িতা। ১৯৪০ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ সভাপতি আছিল।\n১৯৪৪ চনৰ ৫ মে'ত ময়িদুল ইছলাম বৰাৰ মৃত্যু হয়।\n↑ 1.0 1.1 1.2 1.3 বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃ লিঃ, গুৱাহাটী. পৃঃ ২১৫\n↑ Axom Xahitya Xabha (The Literary Society of Assam). www.assam.org আহৰণ কৰা তাৰিখঃ ১০-১২-২০১২\n↑ Presidents of Asam Sahitya Sabha since 1917. www.asamsahityasabha.com আহৰণ কৰা তাৰিখঃ ১০-১২-২০১২\n"https://as.wikipedia.org/w/index.php?title=ময়িদুল_ইছলাম_বৰা&oldid=181135"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ১০ আগষ্ট, ২০১৮ তাৰিখে ১৭ঃ৩৪ বজাত অন্তিম সংশোধন কৰা হৈছিল।
বিশ্বনাথ : জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ বিশ্বনাথ জিলাৰ বিহালী বনাঞ্চল পৰিদৰ্শন ৰাজ্যৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষণ অধীক্ষক এম কে যাদৱৰ। বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই যোৱা বিধানসভাৰ অধিবেশনত বিহালী বনাঞ্চলক লৈ এক প্ৰশ্ন উত্থাপন কৰি উক্ত বিষয়টো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি গোচৰ কৰিছিল। আনহাতে নেচাৰ্চ বেকন নামৰ বন্যপ্ৰাণী সংগঠন আৰু স্থানীয় ৰাইজো ১৯১৭ চনতে বনাঞ্চল হিচাপে মৰ্যাদা লাভ কৰা বনাঞ্চলখন অভয়াৰণ্য হিচাপে ঘোষনা কৰাৰ বাবে দাবী জনাই আহিছে। বিশ্বনাথ জিলাৰ বাবে ৰাজ্যৰ মুখ্য বন বিষয়াগৰাকীৰ পদাৰ্পণে এক সুখবৰ কঢ়িয়াই আনিলে। কাৰণ বন বিভাগৰ উচ্চ পদস্থ বিষয়া গৰাকীয়ে সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত কয় যে ৰাজ্য চৰকাৰ বিহালী বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীতকৰণৰ বাবে আগ্ৰহী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেখেতক এই বনাঞ্চলখন পৰিদৰ্শনৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে লগতে কয় যে এই সমস্ত বিষয় আৰু এই সন্দৰ্ভত এক পৰিকল্পনা যুগুত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰিব বুলি জানিব দিয়ে। আনহাতে বিহালী বনাঞ্চলৰ প্ৰতি অহা সকলো ধৰণৰ সমস্যাবোৰো অতি কম সময়ৰ ভিতৰত সমাধান কৰা হ'ব। সকলো ঠিকে থাকিলে অতি কম দিনৰ ভিতৰতে বিহালী বনাঞ্চলে অভয়াৰণ্যৰ মৰ্যাদা পোৱাটো নিশ্চিত। আনহাতে বিহালী বনাঞ্চলক পৰিদৰ্শনৰ বাবে মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ জনাম বুলি সদৰি কৰিছে বিধায়ক ৰঞ্জিত দত্তই। বিহালী বনাঞ্চলত মুখ্য বন সংৰক্ষণ অধীক্ষক গৰাকীয়ে বনাঞ্চলখন পৰিদৰ্শন কৰা সময়ত তেখেতক সংগ দিয়ে বন বিভাগৰ বহু উচ্চ পদস্থ বিষয়া, বিধায়ক ৰঞ্জিত দত্ত, জিলাৰ বন বিষয়া আৰু এইফালে নেচাৰ্চ বেকন বন্যপ্ৰাণী সংগঠন আৰু গৱেষক ছাত্ৰসকলে শীৰ্ষ বিষয়াজনক সাক্ষাৎ কৰি বনাঞ্চলখনৰ তথ্য সম্বলিত নথি পত্ৰ অৰ্পন কৰে। You may also read!
নিমিলা অংক (চলচ্চিত্ৰ) - অসমীয়া ৱিকিপিডিয়া\nছবিৰ এটা দৃশ্যত কমল নাৰায়ণ চৌধুৰী, মোৱাজ্জিন আলী আৰু লক্ষ্যধৰ চৌধুৰী\nনীলাচল চিত্ৰপীঠ, গুৱাহাটী\nনিমিলা অংক (ইংৰাজীঃ Nimila Anko) ১৯৫৫ চনত মুক্তি পোৱা একাদশ সংখ্যক অসমীয়া চলচ্চিত্ৰ। লক্ষ্যধৰ চৌধুৰীৰ একে নামৰ নাটক এখনক ভিত্তি কৰি এই চলচ্চিত্ৰৰ কাহিনী গঢ় লৈছিল। লক্ষ্যধৰ চৌধুৰীয়ে এই বোলছবিখনৰ চিত্ৰনাট্য লিখাৰ উপৰিও পৰিচালনা কৰিছিল। লঘু-ৰসাত্মক আৰু হাস্য-কৰুণ ৰস মিশ্ৰিত এই বোলছবিখনে প্ৰভুত জনপ্ৰিয়তা আৰ্জন কৰিবলৈ সক্ষম হৈছিল। সাধাৰণ মানুহৰ কাহিনীক ৰাইজৰ মাজলৈ আনি এই ছবিখনে অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাণৰ ধাৰা সলনি কৰি দিবলৈ সক্ষম হৈছিল। 'নিমিলা অংক'ৰ নিগেটিভ এতিয়া নাই। পশুপালন বিভাগত থকা প্ৰিণ্ট এটা গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰ কৰা হৈছিল।\n6 'নিমিলা অংক'ৰ গান\n১৯৪৮ চনত চাৰিখন অসমীয়া ছবি নিৰ্মাণ হৈছিল। তাৰ ভিতৰত ব্যৱসায়িক ভাৱে সফল হোৱা একমাত্ৰ ছবিখন আছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত ছিৰাজ। ইয়াৰ বাহিৰে কেউখন ছবিয়েই সাফল্যৰ মুখ নেদেখাত অসমীয়া ছবি নিৰ্মাণত স্থিতাৱস্থা আহি পৰে। সেইসময়তে লক্ষ্যধৰ চৌধুৰীয়ে নিজৰ ৰচিত 'নিমিলা অংক' নাটকৰ ভিত্তিত চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ে।\n১৯৫৪ চনত গুৱাহাটীৰ 'প্ৰাগজ্যোতিষ কলা সংঘ'ৰ পঞ্চম বাৰ্ষিক সভা উপলক্ষ্যে লক্ষ্যধৰ চৌধুৰীয়ে ৰচনা কৰে 'নিমিলা অংক' নামৰ নাট এখন। চহৰীয়া নিম্ন মধ্যবিত্ত পৰিয়াল এটাৰ কাহিনী থকা এই নাটকখন গুৱাহাটীৰ 'কুমাৰ ভাস্কৰ নাট্য মন্দিৰ'ত ১৩ আৰু ১৪ মাৰ্চ, ১৯৫৪ তাৰিখে আশাতীত কৃতকাৰ্যতাৰে মঞ্চস্থ কৰা হয়। এই নাটখনক চলচ্চিত্ৰ ৰূপ দিয়াৰ বাবে লক্ষ্যধৰ চৌধুৰীক প্ৰেৰণা যোগায় সংগীতজ্ঞ পুৰুষোত্তম দাসে। কিন্তু অসমীয়া চলচ্চিত্ৰৰ ব্যৱসায়িক বজাৰ বেয়া হোৱা বাবে প্ৰযোজক পোৱাটো কঠিন আছিল। চান্দা বৰঙনিৰে ছবিখন প্ৰযোজনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি 'নীলাচল চিত্ৰপীঠ' প্ৰতিষ্ঠা কৰা হয়। প্ৰথম খেপত প্ৰায় তিনি হাজাৰ টকা যোগাৰ হয়। তাৰ পাছত মাছখোৱাৰ বদিউৰজ্জামাল-এ দহ হাজাৰ টকা চান্দা দিয়ে। এনেকৈ মুঠ বাইছ হাজাৰ টকা সংগ্ৰহ হোৱাৰ পাছত চিত্ৰ নিৰ্মাণৰ কামৰ বাবে কলিকতালৈ যোৱা হয়। অভিনেতা-অভিনেত্ৰীয়ে কলিকতালৈ যোৱা খৰচ নিজেই বহন কৰিছিল। অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যক হে মাননি দি চুক্তিবদ্ধ কৰা হৈছিল, অন্য অভিনেতা-অভিনেত্ৰীক পাৰিশ্ৰমিক দিয়া হোৱা নাছিল। কাপোৰৰ টোপোলা উপহাৰ স্বৰূপে দিয়া হৈছিল।\nগুৱাহাটীৰ কাষৰ ছয়-মাইল, পঞ্জাবাৰী, ৰাজগঢ়, ফটাশিল আদি ঠাইত বৰ্হিদৃশ্যৰ চিত্ৰগ্ৰহণ কৰা হৈছিল। সৰ্বমুঠ ৬৪,০০০ টকা ব্যয় কৰি ছবিখন নিৰ্মাণ কৰা হৈছিল।\nঅৱসৰপ্ৰাপ্ত কেৰাণী হৰকান্ত কাকতি। অৱসৰৰ পাছতো ঘৰৰ জোৰা মাৰিব নোৱাৰি তেওঁ বেচৰকাৰী প্ৰতিষ্ঠান এটাত কাম কৰে। ইফালে পৰিয়ালত ল'ৰা-ছোৱালী এপাল। তেখেতৰ পত্নী দুগৰাকী। প্ৰথমা পত্নীৰ ফালৰ একমাত্ৰ পুত্ৰ গ্ৰেজুৱাট হোৱাৰ পাছতো ৰোগাক্ৰান্ত হৈ উপাৰ্জনহীন। দ্বিতীয় পক্ষৰ প্ৰথম পুত্ৰ এজন কবি কিন্তু নিবনুৱা, দ্বিতীয়পুত্ৰ উচ্ছৃংখল বিপ্লৱী, তৃতীয় আৰু চতুৰ্থ পুত্ৰ উদণ্ড আৰু মুৰ্খ। দ্বিতীয়া পত্নী বিমলাও দেশৰ কামত মতলীয়া সাংসাৰিক দায়িত্বহীন স্বভাৱৰ। নিতৌ বিভিন্ন অভাৱ অনাটনৰ মাজত জীয়াই থকাৰ তাৰণাই হৈছে ছবিখনৰ মূল বিষয় বস্তু। কাকতিৰ প্ৰথম পুত্ৰ বোৱাৰীয়ে শিক্ষয়িত্ৰীৰ কাম কৰে, আৰু নাতিনী ৰুণু ঘৰখনৰ একমাত্ৰ জেউতি। ৰোগত পৰি সৰু ল'ৰাটো ঢুকায়। অভাৱে ফঁণা তুলি আহে। অভাৱৰ নিমিলা অংক মিলাবলৈ কাকতিয়ে কি পথ লয়? অংক মিলিল নে?\nছবিখন যোৰহাট আৰু গুৱাহাটীত তিনিটা প্ৰিণ্ট কৰি মুক্তি দিয়া হৈছিল। দৰ্শকেও খুব ভালদৰেই আদৰি লৈছিল। আৰু এটা প্ৰিণ্ট গোলাঘাটত মুক্তি দিয়া হৈছিল। এইখন ছবিৰ প্ৰতি ৰাইজৰ সঁহাৰিয়ে অসমীয়া ছবিৰ ব্যৱসায়িক দিশ কিছু পৰিমাণে সবল কৰি তোলে। অতুলচন্দ্ৰ হাজৰিকাই মঞ্চলেখাত উল্লেখ কৰিছে--"...লক্ষ্যধৰ চৌধুৰীয়ে 'নিমিলা অংক' উলিয়াই অসমীয়া চিনেমাৰ অংক মিলাই দিলে। ..."\nজীৱন শ্ৰীৰাম মেধি\nআৰ. এন. গোৱেঙ্কা\nনিৰোদ (ডাঃ নিৰোদ দাস)\nগৌতম (গৌতম প্ৰসাদ বৰুৱা)\nধীৰু (ধীৰু ভূঞা)\nৰুণুমী (ৰুণুমী চক্ৰৱৰ্তী)\nসহকাৰী পৰিচালকঃ হৰেন্দ্ৰলাল চৌধুৰী\nসহকাৰীঃ জিণ্টু দত্ত\nসম্পাদনা সহকাৰীঃ গোবিন্দ চেটাৰ্জী\nশিল্প নিৰ্দেশনাঃ বিজয় বসু\nআলোক সজ্জাঃ কলিকতা মুভিটোন\nশব্দযন্ত্ৰীঃ বাণী দত্ত, হৃষিকেশ মুখাৰ্জী\nটেকনিকেল এডভাইজাৰঃ কল্যাণ গুপ্ত\nকণ্ঠ সংগীতঃ উষা বৰদলৈ, বীৰেন দত্ত, দিলীপ শৰ্মা\nযন্ত্ৰ সংগীতঃ গ্ৰেণ্ড অৰ্কেষ্ট্ৰা\nব্যৱস্থাপনাঃ হৰেন্দ্ৰলাল দাস, গান্ধী বসু, শৈলেন ৰায়, পুষ্প চৌধুৰী, ক্ষীৰদা বিষয়া, মুনিন মহন্ত\nপ্ৰধান পৃষ্ঠপোষকঃ বদিউৰজ্জামাল\nষ্টুডিঅ': কলিকতা মুভিটোন\n'নিমিলা অংক'ৰ গান[সম্পাদনা কৰক]\nছবিখনত মুঠ চাৰিটা গান আছিল। তিনিটা গানৰ ৰচনা আৰু সুৰ দিছিল পুৰুষোত্তম দাসে। এটি হিন্দী গীতৰ কথা আৰু সুৰ ক্ষীৰদা কান্ত বিষয়াৰ।\n1. "লুইতৰ পাৰৰে শুৱনি, কহুঁৱা ফুলৰে ফুলনি" পুৰুষোত্তম দাস বীৰেন দত্ত আৰু উষা বৰদলৈ\n2. "যাৰ জীৱনৰ জেউতি হেৰাল, তাৰ কথা নাভাবিবা" পুৰুষোত্তম দাস দিলীপ শৰ্মা\n3. "সেউজীয়া গছে বনে আমাৰে গাঁওখনি" পুৰুষোত্তম দাস বীৰেন দত্ত\n4. "আও মুন্না আও মুন্নী, খালে মেৰা চন পাপড়ী" ক্ষীৰদা কান্ত বিষয়া\n↑ 2.0 2.1 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 40.\n↑ Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 31.\n"https://as.wikipedia.org/w/index.php?title=নিমিলা_অংক_(চলচ্চিত্ৰ)&oldid=312370"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ৩১ জানুৱাৰী, ২০২২ তাৰিখে ২০ঃ২৭ বজাত অন্তিম সংশোধন কৰা হৈছিল।
নিউজ ডেস্ক - দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত দুটা বছৰ। তথাপি এতিয়াৰে পৰা শাসকীয় বিজেপি দলে এই নির্বাচন জয়ৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে দেশত অপাৰেশ্যন লোটাছৰ লক্ষ্য শেষ কৰিব লাগিব বিজেপিয়ে। তাৰ সমান্তৰালকৈ চলিত বৰ্ষৰে ডিচেম্বৰ মাহত গুজৰাট বিধানসভা নিৰ্বাচন। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ দুয়োৰে বাবে গুজৰাট দখল হ'ব এইবাৰ এক বৃহৎ প্ৰত্যাহ্বান। কিয়নো গুজৰাটত মুখ্যমন্ত্ৰী পদৰ বাবে নাই কোনো শক্তিশালী প্ৰাৰ্থী। ইফালে কংগ্ৰেছৰ চৰম দুৰ্বলতাত অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে। সেয়ে গুজৰাট দখলৰ ৰণকৌশলৰ সমান্তৰালকৈ শাসক দলটোৱে ঘাইকৈ লক্ষ্য কৰি লৈছে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পৰাজিত হোৱা সমষ্টিবোৰক। ২০২৪ ত বিজেপিৰ চকু ১৪৪ টা সমষ্টি। দেশৰ মুঠ লোকসভা সমষ্টিৰ ১৪৪ টা সমষ্টি বিজেপিয়ে হেৰুৱাবলগীয়া হৈছিল ২০১৯ৰ নিৰ্বাচনত। অপাৰেশ্যন লোটাছ আৰু গুজৰাট পুনৰ দখলৰ লগতে এই ১৪৪ টা সমষ্টি নিজৰ দখললৈ অনাৰ কাৰ্যপন্থা স্থিৰ কৰিছে বিজেপিয়ে। দলীয় সূত্ৰৰ পৰা জানিব পৰামতে বিজেপিৰ দখলত নথকা এই ১৪৪ টা সমষ্টিৰ ৪০ টা সমষ্টিত অনুষ্ঠিত কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল গণ সমাবেশ। ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বেই এই সমাবেশসমূহত মোডীয়ে অংশগ্ৰহণ কৰিব, ভাষণ দিব। তথ্য অনুসৰি একাধিক লোকসভা সমষ্টি সামৰি গঠন কৰা হ'ব ক্লাষ্টাৰ আৰু এই ক্লাষ্টাৰসমূহৰ এখনকৈ সমাবেশত বিজেপিৰ মুখ্য ষ্টাৰ কেম্পেইনাৰ হিচাপে মোডীয়ে অংশ ল'ব। কেৱল সেয়াই নহয়, লোকসভা সমষ্টিসমূহত বিজেপিৰ সভাপতি জে পি নাড্ডা, দলৰ বিভিন্ন পৰ্যায়ৰ নেতা আৰু কেন্দ্ৰীয় মন্ত্রীসকলে অনুষ্ঠিত কৰিব 'প্রভাস'। ঠিক একেদৰে বিজেপিৰ মুখ্যমন্ত্ৰীসকলে বিভিন্ন বিধানসভা পৰ্যায়ত বিশাল গণসভা অনুষ্ঠিত কৰিব লাগিব। লগতে মুখ্যমন্ত্ৰীসকলক টাৰ্গেট বান্ধি দিয়া হৈছে স্থানীয় বিসম্বাদ দূৰ কৰাৰ। উল্লেখ্য যে ক্লাষ্টাৰৰ দায়িত্বত থকা নেতাসকলে নির্বাচন পর্যন্ত প্রতি মাহতে এখনকৈ 'প্রভাস' অনুষ্ঠিত কৰিব লাগিব। ইফালে, ক্লাষ্টাৰৰ দায়িত্ব লাভ কৰা মন্ত্ৰীসকলে অনুষ্ঠিত হৈ যোৱা সভাসমূহৰ প্ৰভাৱ আৰু ফলাফক লৈ প্ৰস্তুত কৰিব লাগিব ৰিপ'ৰ্ট। এই ৰিপ'ৰ্টৰ ভিত্তিতে তেওঁলোকে গ্ৰহণ কৰিব লাগিব যাৱতীয় সিদ্ধান্ত। ইতিমধ্যে তালিকা সাজু হৈছে লোকসভা প্ৰভাৰীৰ বাবে। এই লোকসভা প্ৰভাৰীসকলে প্ৰতি সপ্তাহত ভোৰৰ গোটৰ লগত অনুষ্ঠিত কৰিব লাগিব বিশেষ সভা আৰু ইয়াত স্থানীয় সংবাদ মাধ্যমকো জড়িত কৰাব লাগিব। নিৰ্বাচনলৈ এতিয়াও দুবছৰ আছে যদিও বুথ পৰ্যায়ৰ পৰাই শক্তিশালী ৰূপত কাৰ্যপন্থা প্ৰস্তুত কৰিছে শাসকীয় দল বিজেপিয়ে। এনে অৱস্থাত বিৰোধী দলে কিদৰে ইয়াৰ মোকাবিলা কৰিব, সেয়া হ'ব লক্ষণীয় বিষয়। উজনিৰ সভাপতি লাগে ৰাজ্যিক বিজেপিক; কোনে ল'ব ভৱেশ কলিতাৰ স্থান? Search for: পৰ্তুগাল বনাম মৰক্কো । ইংলেণ্ড বনাম ফ্ৰান্স । কোৱাৰ্টাৰ ফাইনেল Preview (২)
Amantadine প্ৰথমে চিকিতসকৰ পৰামৰ্শ নোলোৱাকৈ গ্ৰহণ কৰা উচিত নহয় কাৰণ ইয়াৰ ফলত স্তন্যপায়ী মহিলাৰ গম্ভীৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়া হব পাৰে। Amantadineৰ কলিজাত মৃদু পাৰ্শ্ব-প্ৰতিক্ৰিয়া থাকিব পাৰে। বেছিভাগ মানুহেই কলিজা ত কেতিয়াও একো প্ৰভাৱ পৰা নেদেখিব। Amantadineএ হৃদয়ত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। আপুনি যদি তেনেকুৱা প্ৰভাৱ অনুভৱ কৰে তেন্তে এই ঔষধটো গ্ৰহণ কৰা বন্ধ কৰক আৰু চিকিতসকৰ পৰামৰ্শৰ পিছতহে পুনৰ আৰম্ভ কৰক। নহয়, মগজু খটাবলগা কোনো কাম আপুনি কৰাটো অনুচিত, আপুনি Amantadine লোৱাৰ পিছত সেয়া সক্ৰিয় কিয়নো আৰু সতৰ্ক থকাটো প্ৰয়োজনীয়। কেতবোৰ বিশেষ খাদ্যৰ সৈতে Amantadine লোৱাটোৱে দৰৱৰ প্ৰভাৱ বিলম্বিত কৰিব পাৰে। এইবিষয়ে আপোনাৰ ডাক্তৰৰ সৈতে কথা পাতক।
পূৰ্বে বিজেপিৰ কৰ্মীসভাৰ পৰা পলাইছিল সাংবাদিকৰ কেমেৰা দেখি; সাক্ষাৎ কৰিছিল মোহন ভাগৱতক\n"Assam Proper", অসমীয়াৰ ঐক্যত আন এটা আঘাত; অধ্যাপক ননীগোপাল মহন্ত পুনৰ বিতৰ্কত\nবিজেপিৰ কৰ্মীসভাৰ পৰা পলাইছিল সাংবাদিকৰ কেমেৰা দেখি; সাক্ষাৎ কৰিছিল মোহন ভাগৱতক; শিক্ষক দিৱসৰ দিনটোত উপস্থিত আছিল নেডাৰ বৈঠকত\nDecember 29, 2019 4:39 pm\nজাতিটোলৈ সংকট কঢ়িয়াই অনা CAA-ৰ বিৰোধিতাত সকলো অসমীয়া ঐক্যবদ্ধ হোৱাৰ সময়তে বিভাজনৰ এপাট অস্ত্ৰ এৰি দিছে বিজেপিৰে সম্পৰ্কিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিতৰ্কিত অধ্যাপক ড০ ননীগোপাল মহন্তই।\nমহন্তই এটা ব্যক্তিগত খণ্ডৰ বাতৰি চেনেলত ২৮ ডিচেম্বৰত এটা আলোচনাৰ সময়ত নাগৰিকত্ব (সংশোধন) আইনখনৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ উজনি অসমৰ জিলাবোৰৰ নাম লওঁতে "আছাম প্ৰপাৰ" শব্দটো ব্যৱহাৰ কৰে।\nবিষয়টোত এটা সমাধানৰ প্ৰস্তাৱ আগ বঢ়াই তেওঁ কয়, "আমাৰ যিখন আছাম প্ৰপাৰ- শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, চৰাইদেউ, শোণিতপুৰ, ধেমাজি, লখিমপুৰকে ধৰি অন্ততঃ দহখন জিলাক CAA-ৰ আওতাৰ পৰা বাহিৰত ৰাখক"।\nইতিপূৰ্বে কেন্দ্ৰৰ বিজেপি চৰকাৰে বিতৰ্কিত আইনখনৰ পৃষ্ঠভূমিক ব্যৱহাৰ কৰি অসমীয়াক ষষ্ঠ অনুসূচীৰ অধীন এলেকাৰ বাসিন্দা আৰু তাৰ বাহিৰৰ বাসিন্দা হিচাপে ভাগ কৰি থৈছে। উত্তৰ-পূবৰ ইনাৰলাইন পাৰ্মিট থকা ৰাজ্যবোৰ আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাবোৰ আইনখনৰ পৰা বাহিৰত ৰখাত আন্দোলনকাৰীৰ শক্তি কমি গৈছিল।\nবিজেপিৰ সৈতে থকা "সম্পৰ্ক"ৰ আধাৰত মহন্তৰ মন্তব্যকো ছ'চিয়েল মিডিয়াত তৎক্ষণাত "বিভাজনমূলক" বুলি চিহ্নিত কৰা হয় আৰু তীব্ৰ প্ৰতিক্ৰিয়া কৰে য়ুজাৰসকলে।\nবিতৰ্কৰ কেন্দ্ৰ হৈ পৰাৰ পিছত আজি মহন্তই এটা ফেইচবুক পোষ্টৰ জৰিয়তে নিজৰ বক্তব্যক যুক্তিযুক্ত প্ৰমাণ কৰাৰ চেষ্টা কৰে।\nতেওঁ Assam proper শব্দটো তেওঁৰ সৃষ্টি নহয় আৰু ইয়াৰ দ্বাৰা তেওঁ proper Assam বুজোৱা নাই বুলি দাবী কৰে। অমলেন্দু গুহ, এডৱাৰ্ড গেইট, হেৰম্বকান্ত বৰপূজাৰী প্ৰমুখ্যে অসমৰ বহুকেইজন ইতিহাসবিদে শব্দটো ব্যৱহাৰ কৰিছে বুলি দাবী মহন্তৰ।\nস্পষ্টীকৰণ সত্ত্বেও ইতিহাসবিদসকলে সেই সময়ৰ অসমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা শব্দযুগল বৰ্তমানৰ প্ৰেক্ষাপটত মহন্তই ব্যৱহাৰ কৰাটো গ্ৰহণযোগ্য বুলি মানিব পৰা নাই বিভিন্নজনে।\nআনকি মহন্তক নিজৰ ৱালত থকা স্পষ্টীকৰণৰ পোষ্টতে বহুজনে গৰিহণা দিছে তেওঁৰ সংকীৰ্ণ মনোভাবৰ বাবে। উজনি-নামনিৰ বিভাজন কৰা বুলি অভিযোগ কৰি নামনি অসম proper Assam নহয় নেকি বুলি মহন্তক উভতি ধৰি প্ৰশ্ন কৰিছে বহুকেইজনে?\nএজন মন্তব্যকাৰীয়ে মহন্তক "বিজেপিৰ দৰেই নিজৰ কুৎসিত মন্তব্যৰে আপুনিও বিভাজন সৃষ্টি কৰিব খুজিছে" বুলি সমালোচনা কৰে।\nএজনৰ মন্তব্য, "shame on you,you people do not think lower assam isapart of Assam,".\nআন এজনে কটাক্ষ কৰি কৈছে, "আপোনাৰ বৌদ্ধিক চৰ্চা সন্দেহৰ আৱৰ্তত"\nআন এজনে তেওঁৰ স্পষ্টীকৰণক মানি লৈ প্ৰশ্ন উত্থাপন কৰিছে, "বাৰু বুজিলো Assam proper ৰ কথা। কিন্তু কেৱল সেইকেইখন জিলাক কেলেই বাদ দিব লাগে? বাকী বোৰক কেলেই নালাগে? আৰু এতিয়া প্ৰায়ভাগ মানুহে পাহৰি পেলোৱা তেতিয়াৰ term এটাক আজি এনেকৈ ব্যৱহাৰ কৰাৰ উদ্দেশ্যে কি?"\n"যোৱা এক দশকৰো অধিক কাল শ্ৰেণীকোঠালৈ নোযোৱা আৰু মন্ত্ৰীৰ গাড়ীৰ পিছে পিছে ঘূৰি ফুৰা শিক্ষক" বুলিও তেওঁক ইতিকিং কৰা হৈছে ছ'চিয়েল মিডিয়াত।\nউল্লেখ কৰিব পাৰি যে পূৰ্বে বিজেপিৰ কৰ্মীসভা আৰু নেডাৰ বৈঠকত উপস্থিত থাকি বিতৰ্কৰ আৱৰ্তত সোমাই পৰাৰ উদাহৰণ আছে অধ্যাপকজনৰ।\nবিজেপি চৰকাৰ অহাৰ কিছুদিন পিছতে দিচপুৰত অনুষ্ঠিত বিজেপিৰ এখন কৰ্মীসভাত উপস্থিত থকা অধ্যাপক মহন্ত সাংবাদিকৰ কেমেৰা দেখি দৌৰিছিল। কৰ্মীসভাখনত মহন্তৰ নাম উল্লেখ আছিল বিজেপিৰ নীতি গৱেষণা কমিটীৰ সদস্য হিচাপে।\nতাৰ পিছত ২০১৭ চনত শিক্ষক দিৱসৰ দিনটোত দিল্লীত অনুষ্ঠিত "নেডা"ৰ বৈঠকত ঘোষক হিচাপে উপস্থিত থাকি বিতৰ্কত পৰিছিল অধ্যাপকজন।\n২০১৮ চনৰ জানুৱাৰিত অসম ভ্ৰমণলৈ অহা মোহন ভাগৱতকো তেওঁ থকা বালাজী মন্দিৰৰৰ অতিথিশালাত গোপনে সাক্ষাৎ কৰিছিল ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপকজনে।
অজ'ন হৈছে অক্সিজেনৰ এটা অৱৰূপ; নীলাভ ৰঙৰ এবিধ অতি সক্ৰিয় গেছ । ইয়াৰ IUPAC নাম ট্ৰাইঅক্সিজেন। ই এবিধ জাৰক । বায়ুৰ মাজেৰে শব্দহীন বৈদ্যুতিক ডিছচাৰ্জ পঠিয়াই উৎপন্ন কৰিব পৰা এইবিধ গেছৰ অণু একোটা তিনিটা অক্সিজেন পৰমাণুৰে গঠিত । ১৫ৰ পৰা ৩০ কিল'মিটাৰ উচ্চতাত থকা বায়ুমণ্ডলতহে কিছু অজ'ন থাকে । সূৰ্যৰপৰা অহা অতিবেঙুণী ৰশ্মি শুহি লৈ এই অজ'নে জীৱজগতক ৰক্ষা কৰে । তাপগতি বিজ্ঞানৰ তত্ত্বমতে অক্সিজেনৰ তুলনাত অ'জন দুঃস্থিত ।
চিলাৰায় বা বীৰ চিলাৰায়ৰ (জন্মঃ১৫১০ - মৃত্যুঃ১৫৭১) প্ৰকৃত নাম আছিল শুক্লধ্বজ।[1][2] তেওঁৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ।[3] তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়।[3][4] চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল।[4] তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল। ইতিহাসত পোৱা যায় যে, কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহই ১৯ গৰাকী কুঁৱৰী বিবাহ কৰাইছিল। কুঁৱৰী সকলৰ ভিতৰত জ্যেষ্ঠ গৰাকী নেপালৰ আছিল- তেওঁৰ পুত্ৰ নৰসিংহ। গৌড়ৰ দুগৰাকী কুঁৱৰী আছিলঃ হেমপ্ৰভা আৰু পদ্মাৱতী দেৱী। নৰ নাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ আৰু শুক্লধ্বজ পদ্মাৱতীৰ পুত্ৰ আছিল।[4] বিশ্ব সিংহৰ মুঠ ১৯ জন পুত্ৰৰ আছিল বুলি বুৰঞ্জীত পোৱা যায়। বিশ্ব সিংহই মৃত্যুৰ আগতেই পুত্ৰসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰি ৰাখিছিল। সেই মতে, জ্যেষ্ঠ পুত্ৰ নৰ সিংহই বিদেশলৈ যাবলৈ, নৰ নাৰায়ণে নিজ দেশত ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে ৰণধৰ্ম পালন কৰিবলৈ আদেশ পাইছিল। নৰ নাৰায়ণে সিংহাসনত উঠিয়েই পিতৃ ৰাজ্য বঢ়াবলৈ মন কৰে। শুক্লধ্বজৰ সহায়ত নৰ নাৰায়ণে কোঁচ ৰাজ্যৰ বিস্তাৰ কৰে। ১৫৬৩ চনৰ জুন মাহত চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে।[3][4] ইয়াৰ পিছত, তেওঁ কাছাৰ আক্ৰমণ কৰি আৰু তাৰ ৰাজধানী মাইবং দখল কৰে। ফলত কছাৰী ৰজাই কোঁচ ৰজাৰ বশ্যতা স্বীকাৰ কৰে। কাছাৰ জয় কৰি উঠিয়েই শুক্লধ্বজে মণিপুৰ, শ্ৰীহট্ট, খাইৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদি ৰাজ্য জয় কৰি বশ্যতা স্বীকাৰ কৰোৱায়।[4] জয়ন্তীয়া ৰজা, ত্ৰিপুৰাৰ ৰজা আৰু ছিলেটৰ ৰজাই তেওঁৰ সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল[5]। ভৱিষ্যতে গৌড়ৰাজ্য আক্ৰান্ত নহ'বলৈ বোধ হয়; ৰাজমাতাই এই মৈত্ৰিৰ ব্যৱস্থা কৰিছিল। বাস্তৱতে তেওঁ গৌড় আক্ৰমণ কৰিবলৈ যোৱা নাছিল। গৌড় ৰাজমাতা স্বৰ্গী হোৱাৰ পাছতহে মোগল বাদছাহৰ সেনাপতিৰ সৈতে যোগ হৈ গৌড় জয় কৰে। বীৰ চিলাৰায়ৰ স্মৰণত, ২০০৫ চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। চিলাৰায় দিবসত অসম চৰকাৰে বন্ধ ঘোষনা কৰে। [1]তদুপৰি, সাহসিকতাৰ পৰিচয় দিয়া লোকক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল[1]। ↑ 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 হৰিনাৰায়ণ দত্তবৰুৱা (১৯৯০). চিলাৰায় (পঞ্চম প্ৰকাশ). জ্যোতীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা, দত্তবৰুৱা এণ্ড কোম্পানী. পৃষ্ঠা. ১ৰ পৰা ১৫লৈ.
ৰোগাক্ৰান্ত কন্যাক চিকিৎসাৰ বাবে লৈ যোৱা মাতৃগৰাকীয়ে মাস্ক নিপিন্ধাৰ বাবেই চিকিৎসা কৰাৰ সলনি মৰিয়াই, গতিয়াই চিকিৎসালয়ৰ পৰা উলিয়াই দিয়ে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে। সেই সময় চোৱাত ডাক্তৰ মমতা যাদবেও মাক্স পৰিধান কৰা নাছিল বুলি অভিযোগ উঠিছে। চিকিৎসকৰ এনে দুৰ্ব্যৱহাৰৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। Share : Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.
আজি ১৯ নৱেম্বৰ ২০২২, অসম চৰকাৰে সকলো বিদ্যালয় সমূহত জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০তম জন্মজয়ন্তী উপলক্ষে অসমীয়াত লাচিত বৰফুকন বিষয়ে ৰচনা (Lachit Barphukan Essay in Assamese) দিছিল। বহুত ছাত্ৰ ছাত্ৰীৰ ফোন কল আমি পোৱাৰ পিছত আপোনালোকৰ বাবে আজি Essay in Assamese ত লাচিত বৰফুকন বিষয়ে ৰচনা লিখিব প্ৰয়াস কৰিছো। এই ৰচনা কেৱল যে জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০তম জন্মজয়ন্তী উপলক্ষে পতা প্ৰতিযোগিতাৰ বাবে প্ৰয়োজন তেনে নহয়। এজন অসমীয়া হিচাপে আমি সকলোৱে তেখেতৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ কথা জনা প্ৰয়োজন আৰু সেইবাবেই এই ক্ষুদ্ৰ প্ৰয়াস। আৰম্ভণিঃ অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম জিলিকি আছে সেইসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম।ইংৰাজী ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত ফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস হিচাপে পালন কৰা হয়। আজিৰ এই ৰচনাখনৰ জৰিয়তে আমি লাচিত বৰফুকনৰ বিষয়ে আভাস লম। শিক্ষাঃ- ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিত পৰিয়ালৰ পৰা দায়িত্ব, আনুগত্য আৰু সততাৰ গুণ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। আহোমসকলৰ অন্যতম বিখ্যাত ফৈদ হৈছে বিখ্যাত লন ফিমা বংশ। লাচিত আছিল এই ফৈদৰ। এই বংশৰ প্ৰথম পুৰুষ চুকাফাৰ সৈতে অসমলৈ আহিছিল। তেওঁক প্ৰথমে ঘোঁৰা বৰুৱাৰ পদত নিয়োজিত কৰা হৈছিল। এই অৱস্থাত থকা সময়ত তেওঁ অতি শক্তিশালী ঘোঁৰা নিয়ন্ত্ৰণ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছত চাওফা চুপুংমু ফুকনলুং হৈ পৰিল। তাৰ পিছত লাচিতক ফুকনলুঙৰ দায়িত্ব দিয়া হয়। ফুকলুঙৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে আন এক পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হৈছিল লাচিত। লাচিতক চাওফাৰ সন্মুখলৈ মাতি অনা হয়। চাওফাৰ আগত আঁঠু লৈ থাকোঁতে ক'ৰ পৰা এজন লগুৱা আহি লাচিতৰ মূৰৰ বস্ত্ৰ লৈ গল। চাওফাই এয়া ইচ্ছাকৃতভাৱে কৰিছিল । লাচিতে স্বাভাৱিকতে খাপৰ পৰা পৰা হেংদাঙখন লৈ লগুৱাজনক খেদি গল।পিছত যেনিবা লগুৱা বাচিল। লাচিত আছিল নিৰ্ভীক আৰু অতি সাহসী। শৰাইঘাটৰ যুদ্ধঃ শৰাইঘাট যুদ্ধৰ শেষৰ ফালে বৃহৎ মোগল সৈন্যৰ সন্মুখত আহোম বাহিনীয়ে পিছুৱাই যাবলৈ ধৰিলে। সেই সময়ত লাচিতৰ প্ৰচণ্ড জ্বৰ হৈছিল। ৰোগীয়া মানুহজনে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ নাও এখনত উঠি সৈনিকসকলক সম্বোধন কৰি ক'লে, "অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।"এই কথাবোৰে সৈনিকসকলক নতুনকৈ উৎসাহিত কৰিছিল আৰু তেওঁলোকে দুগুণ সাহসেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল। মৃত্যুঃ শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ পিছতেই লাচিতৰ মৃত্যু হয়। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ হৈছিল আৰু সেই জ্বৰৰ শৰীৰৰ সৈতে যুঁজিছিল। পিছলৈ চাওফা উদয়াদিত্য সিংহই যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ নিলগত ১৬৭২ চনত "লাচিত মৈদাম" নিৰ্মাণ কৰে।
অলপতে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত গো-মূত্ৰ, বন আৰু থলুৱা গছৰ পাতৰ সহায়ত অসমৰ দুই ছাত্ৰই প্ৰস্তুত কৰা কীটনাশক প্ৰকল্পটোৱে বিজ্ঞান মহোৎসৱত বিজ্ঞানীসকলৰ লগতে বিভিন্ন চৰকাৰী-বেচৰকাৰী মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এই প্ৰকল্পটো প্ৰস্তুত কৰি বিজ্ঞান মহোৎসৱত উপস্থাপন কৰে তেজপুৰৰ ঢেকীয়াজুলিৰ ছাত্ৰ গুঞ্জন নাথ আৰু বিশ্বজিৎ শৰ্মাই। ঢেকীয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ বিশ্বজিৎ শর্মা আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ গুঞ্জন নাথে বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা শোণিতপুৰ জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক গণেশ শৰ্মাৰ তত্ত্বাৱধানত বহুজন সমাদৃত এই প্ৰকল্পটো প্ৰস্তুত কৰি উলিয়ায় আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ জৰিয়তে এই মহোৎসৱত অংশ গ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰে। মন কৰিব লগীয়া যে এই প্ৰকল্পৰ জৰিয়তে প্ৰস্তুত কৰা কীটনাশক বহল ভিত্তিত উৎপাদনৰ আঁচনি গ্ৰহণ কৰিলে জৈৱিক কৃষিৰ দিশত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন হোৱাৰ বাট উন্মোচিত হোৱাৰ লগতে ই কৃষক সমাজক বহু উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে বিজ্ঞানী মহলে। আনহাতে ছাত্ৰ দুজনৰ এই কৃতিত্বৰ বাবে ব্যভিন্ন ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁলোকক অভিনন্দন জনাইছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
দেৱালীৰ ফটকাই শব্দ প্ৰদূষণ কৰাৰ লগতে বায়ু প্ৰদূষিত কৰে। ভৱিষ্যতৰ পৃথিৱীখনৰ বাবে নগাঁও কলেজ চৌহদত সোমবাৰে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড আৰু বেনাৰ লৈ তথা 'প্ৰদূষণমুক্ত দেৱালী : এয়ে আমাৰ ভৱিষ্যৎ' শীৰ্ষক শ্ল'গানেৰে এক বৃহৎ মানৱ শৃংখল গঢ়ি সেউজ দেৱালী উদযাপনৰ বাবে সচেতনতা সৃষ্টিৰ এক ব্যতিক্ৰমধৰ্মী প্ৰয়াস কৰে। পুৱা চাৰে দহ বজাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠাৰ পৰা ওলাই আহি এই মানৱ শৃংখলত অংশগ্ৰহণ কৰে। কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি-সাধাৰণ সম্পাদককে ধৰি এন-এছ-এছৰ সদস্যসকল, এন-চি-চিৰ সদস্যসকলে ভাগ লোৱা এই মানৱ শৃংখলত বেলুন ফুটাই ফটকাৰ দৰে শব্দৰ সৃষ্টি কৰি সেউজ ফটকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও দেৱালীৰ প্ৰাক্ মুহূৰ্তত ছাত্ৰ-ছাত্ৰীসকলে মিঠাই বিলাই ইজনে সিজনক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰি এক ব্যতিক্ৰমধৰ্মী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে প্ৰদূষণমুক্ত পৰিবেশ সৃষ্টিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ এনে প্ৰয়াসক আদৰণি জনায়। ছাত্ৰ একতা সভাৰ সভাপতি আয়াশ আহমেদ আৰু সাধাৰণ সম্পাদক কীৰ্তিকমল বৰাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই সচেতনতাৰ সৃষ্টি হ'লে ভৱিষ্যতে পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত ই এক বলিষ্ঠ পদক্ষেপ বুলি অভিহিত হ'ব। এন-এছ-এছৰ তত্ত্বাৱধায়ক ড০ ভুবন চন্দ্ৰ চুতীয়াই মানৱ শৃংখলত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী, অধ্যাপক- অধ্যাপিকা সকলোকে ধন্যবাদ জ্ঞাপন কৰি ব্যক্ত কৰে যে নগাঁও কলেজৰ চৌহদ ইতিমধ্যে আতচবাজী আৰু প্লাষ্টিকমুক্ত হিচাপে ঘোষণা কৰা হৈছে আৰু কলেজৰ এন-এছ-এছ গোটৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে ধাৰাবাহিকভাবে প্ৰতি বছৰে জীৱকুল আৰু মানৱ দেহৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰে নিৰ্মিত বিভিন্ন প্ৰদূষিত আতচবাজীৰ বিৰুদ্ধে সজাগতাৰ উদ্দেশ্যে মানৱ শৃংখল গঢ়ি আহিছে। কলেজৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ চিন্তামণি শৰ্মাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে উচ্চ প্ৰাবল্যৰ আতচবাজীয়ে আমাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাৰ লগতে মানৱ জাতি আৰু সমগ্ৰ পক্ষীকুলৰ বাবে ভয়াৱহতাৰ সৃষ্টি কৰিছে। নগাঁও কলেজৰ পৰিবেশ ৰক্ষাৰ এনে ব্যতিক্ৰমী কাৰ্যসূচীক নগাঁও জিলাৰ বৌদ্ধিক মহলে উষ্ণ আদৰণি জনোৱাৰ লগতে সমাজৰ বাবে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি মতপোষণ কৰিছে। আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক 'ক্ৰয়' কৰাৰ চেষ্টা বিজেপিৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ৰিয়ান ইমান ডাঙৰ খেলুৱৈ নহয়, যি খেল সলনি কৰিব পাৰে ! - Olympia Sports\nHomeOur PrideCricketৰিয়ান ইমান ডাঙৰ খেলুৱৈ নহয়, যি খেল সলনি কৰিব পাৰে !\nৰিয়ান ইমান ডাঙৰ খেলুৱৈ নহয়, যি খেল সলনি কৰিব পাৰে !\n" ৰিয়ান ইমান ডাঙৰ খেলুৱৈ নহয়, যি খেল সলনি কৰিব পাৰে । " এই মন্তব্য আমাৰ নহয় । ৰিয়ানৰ সম্পৰ্কত এই ভাষ্য আগবঢ়াইছে ভাৰতৰ এগৰাকী কিংবদন্তি ক্ৰিকেটাৰে । কিন্তু কিয় ৰিয়ানক লৈ এনে প্ৰতিক্ৰিয়া এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ\n? আছে তাৰ আঁৰৰ কাহিনী ।\nসদ্যসমাপ্ত আই পি এল ২০২২ বৰ্ষৰ ফাইনেলত গুজৰাট টাইটানছৰ হাতত বিধ্বস্ত হৈছিল ৰাজস্থান ৰয়েলছ । সেই পৰাজিত ৰাজস্থান ৰয়েলছৰে এজন সদস্য যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ । বিগত আই পি এলত ১৭ খন মেচ খেলি ৰিয়ানে সংগ্ৰহ কৰিলে মুঠ ১৮৩ ৰাণ । ফিল্ডিঙত অদমনীয় প্ৰদৰ্শন আগবঢ়ালেও বেটিঙত এটা অৰ্ধশতকৰ বাহিৰে ৰিয়ান বেটৰ পৰা নাহিল আশাজনক ফল । খেলপথাৰত ক্ৰীড়া প্ৰদৰ্শনৰ সলনি তেওঁৰ দ্বাৰা কৰা কিছুমান অনন্য আচৰণৰ বাবেহে বাতৰিৰ শিৰোনামাত থাকিল ৰিয়ান । সেয়া হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ।\nআই পি এলত ৰাজস্থান ৰয়েলছৰ দুৰ্বল প্ৰদৰ্শনৰ পাছত তীব্ৰ সমালোচনা কৰিছে বিশ্বকাপ জয়ী অলৰাউণ্ডাৰ মদন লালে । তেওঁ কেইবাটাও বিষয় সম্পৰ্কত মন্তব্য কৰাৰ লগতে অসম সন্তান ৰিয়ান পৰাগক কৰিছে মূল্যাংকন । দৰাচলতে, মদন লালে অনুভৱ কৰে যে, ৰিয়ান পৰাগ সেই কেইজন খেলুৱৈৰ মাজৰ এজন যিয়ে আই পি এলত উন্নত প্ৰদৰ্শন কৰিব পৰা নাই । অথচ তেওঁলোক আই পি এলৰ এটা ছিজনৰ পৰা আনটো ছিজন অতিবাহিত কৰিছে ।\nআই পি এল ২০১৯ ত আত্মপ্ৰকাশ কৰি ৰিয়ান পৰাগে সাতখন মেচৰ পৰা ১৬০ ৰাণ সংগ্ৰহ কৰিছিল । অভিষেক ছিজনতে দিল্লীৰ বিৰুদ্ধে তেওঁ অৰ্ধশতক কৰিছিল । সেইদৰে ২০২০ চনত ১২ খন মেচৰ পৰা সংগ্ৰহ কৰিছিল ৮৬ ৰাণ। ২০২১ চনত ১১ খন খেলৰ ভিতৰত ৰিয়ানৰ সংগ্ৰহ আছিল ৯৩ ৰাণ ।\nৰাজস্থান ৰয়েলছ দলৰ খেলুৱৈক সমালোচনা কৰিবলৈ গৈ মদল লালে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰিয়ানৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছে ।\n"ৰিয়ান পৰাগে সকলো মেচ খেলিছে, কিন্তু এখন মেচতো প্ৰদৰ্শন দিব পৰা নাই । তেওঁ ইমান ডাঙৰ খেলুৱৈ নহয়, যিয়ে খেল সলনি কৰিব পাৰে । ৰিয়ানে লাভ কৰা সুযোগৰ তুলনাত কোনো প্ৰগতি দেখা নাই । টি-২০ মেচত তেওঁ যি স্থানত খেলে সেয়া গুৰুত্বপূৰ্ণ, কাৰণ, এই খিনি বেটিং ক্ৰমতেই একোজন খেলুৱৈয়ে ৰাণ সংগ্ৰহ তৰান্বিত কৰিব পাৰে অথবা ৰাণৰ পাহাৰ গঢ়িব পাৰে ।"\nএইদৰে ৰিয়ানৰ সন্দৰ্ভত নিমৰ্ম ভাৱে স্পষ্টকৈ মতপোষণ কৰিলে মদন লালে । ৰিয়ান হ'ব বিচাৰে ভাৰতীয় ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ ফিনিচাৰ । কিন্তু ২০২২ ছিজনত তাৰ বিপৰীত ছবিহে প্ৰতিফলিত হ'ল ।\n১৯৮৩ ৰ বিশ্বকাপ জয়ী এজন কিংবদন্তি ক্ৰিকেটাৰৰ ৰিয়ানৰ সন্দৰ্ভত কৰা মন্তব্য গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । অগ্ৰজৰ উপদেশ, অনুপ্ৰেৰণা অসম সন্তান ৰিয়ানে কিদৰে গ্ৰহণ কৰিব, সেয়া হ'ব লক্ষণীয় । ক্ৰীড়া অনুৰাগীৰ আশা -ৰিয়ান এদিন ইণ্ডিয়ান জাৰ্ছিৰে ভাৰতৰ হৈ খেলপথাৰত নামিব । কিন্তু তাৰবাবে ৰিয়ানক হয়তো প্ৰয়োজন হ'ব কঠোৰ অনুশীলন, প্ৰচেষ্টা, অধ্যৱসায়, সাধনা আৰু ধাৰাবাহিকতা ।\nPrevious articleশেষ হ'ল বিৰাটৰ কেৰিয়াৰ ! সেহৱাগে ক'লে কেতিয়াও নোকোৱা এই কথা....\nNext articleমাষ্টাৰ্ছ এথলেটিকছ সমাপ্ত ; টেনিছত ছান্দোগ্য, অৰ্ণভীৰ দ্বিমুকুট\nলাভলীনাই ফ্লেগ অফ কৰিলে পে-ইণ্ডিয়া কেবৰ\nকৰ'নাতংকৰ মাজতে আজিৰে পৰা আৰম্ভ হ'ব এইখন ৰোমাঞ্চকৰ ক্ৰিকেট প্ৰতিযোগিতা...\nৰাষ্ট্ৰীয় ছাব জুনিয়ৰ কায়াকিং এণ্ড কেনয়িঙত স্বৰ্ণসহ তিনি পদক অসমৰ ।
how-cricketer-riyan-parag-spent-his-time-in-dubai-tv-bipul-skd- News18 Assam\n১৯ ছেপ্টেম্বৰৰ পৰা IPL, ডুবাইত কেনেদৰে সময় পাৰ কৰিছে ক্ৰিকেটাৰ ৰিয়ান পৰাগে?\nকেঁচুৱা কেনেকৈ পেটত সোমায়? ৫বছৰীয়া পুত্ৰৰ প্ৰশ্নৰ কি উত্তৰ দিব? 'অপ্ৰস্তুত' মাতৃক বিশেষজ্ঞাই দিলে এইটো সমাধান\nস্বামী ৰোহণপ্ৰীতৰ Ex ক মুকলি ধমক নেহা কক্কৰৰ! কল নকৰিবলৈ সকীয়নি! Video Viral\nমুম্বাইৰ বাহিৰত ছেফ, গৰ্ভৱতী কৰীণা আৰু পুত্ৰ তাইমুৰ থকা ঘৰৰ বাহিৰত কটকটীয়া নিৰাপত্তা, হঠাৎ নামি অহা শংকাৰ কাৰণ এইটো...\nআমন্ত্ৰিত অতিথিৰ সৈতে প্ৰাণ ভৰি নাচিলে কইনাই, দেখি অবাক দৰা! চাওক ভিডিঅ'\nUpdated:August 23, 2020, 10:53 PM IST\nঅসমৰ ৰিয়ান পৰাগৰ সোফালৰ ৰুমটোতে আছে টীমমেট ১৯ বছৰৰ অনূৰ্ধ্বৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ চণ্ডীগড়ৰ মনন ভোহৰা।\nLast Updated: August 23, 2020, 10:53 PM IST\nকোভিড-১৯ৰ মাজতে ১৯ ছেপ্টেম্বৰৰ পৰা ইউনাইটেড আৰব এমিৰেটছত আৰম্ভ হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ২০২০। বিশ্ব ক্ৰিকেটৰ গ্লেমাৰাছ লীগখনত অংশগ্ৰহণৰ বাবে ইতিমধ্যে ডুবাইত গৈ উপস্থিত হৈছে ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ অসমৰ ৰিয়ান পৰাগ। খবৰ পোৱা অনুযায়ী, বিমানবন্দৰ, হোটেল আৰু অনুশীলনৰ ক্ষেত্ৰত সকলোতে কোৰোণা ভাইৰাছৰ বাবেই বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। হোটেলত পূৰ্বতে এটা কোঠাত দুজন খেলুৱৈ ৰাখিছিল যদিও এইবাৰ সামাজিক দূৰত্বৰ বাবে এটা কোঠাত এজনকৈ খেলুৱৈ থকাৰ ব্যৱস্থা কৰি দিছে কৰ্তৃপক্ষই।\nঅসমৰ ৰিয়ান পৰাগৰ সোফালৰ ৰুমটোতে আছে টীমমেট ১৯ বছৰৰ অনূৰ্ধ্বৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ চণ্ডীগড়ৰ মনন ভোহৰা। ২০১২ বৰ্ষতে আই পি এলত অভিষেক ঘটোৱা ভোহৰা ৰাজস্থান ৰয়েলছৰ নৱাগত সদস্য। মননে পূৰ্বে কিংছ ইলেভেন পঞ্জাৱ আৰু ৰয়েল চেলেঞ্জ বেংগালুৰু দলৰ হৈ সফলতাৰে খেলিছিল। প্ৰতিভাৱান খেলুৱৈগৰাকীক ওচৰতে পাই উৎফুল্লিত হৈ পৰে ৰিয়ান পৰাগ। সেয়ে অনুশীলনৰ মাজতে অৱসৰৰ সময়ত দূৰৰ পৰাই ধেমালি কৰিছে দুয়োগৰাকী ক্ৰিকেটাৰে।
দৰমহাভোগী কৰ্মচাৰীৰ বাবে বেয়া এয়া খৱৰ। কিয়নো ২০২০ বিত্তীয় বৰ্ষত তেওঁলোকৰ প্ৰভিডেন্ট ফাণ্ড (পি এফ)ত জমা কৰা ধনৰ সুতৰ হাৰ হ্ৰাস কৰা হৈছে। কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ সংস্থা দ্য চেন্ট্ৰেল বোৰ্ড অফ ট্ৰাষ্টিছ ফৰ এমপ্ল'য়িজ প্ৰভিডেন্ট ফাণ্ড অ'ৰ্গেনাইজেশ্যন (ইপিএফঅ')ই প্ৰভিডেন্ট ফাণ্ডৰ জমাত প্ৰায় ৬ কোটি গ্ৰাহকৰ বাবে চলিচ বিত্তীয় বৰ্ষত যোৱা পাঁচ বছৰৰ সৰ্বনিম্ন ৮.৫ শতাংশ সুতৰ হাৰত অনুমোদন জনাইছে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা চেন্ট্ৰেল বোৰ্ড অফ ট্ৰাষ্টিছৰ বৈঠকত ইপিএফঅ'ই কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ জমা ধনত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে ৮.৫ শতাংশ সুতৰ হাৰ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ জমা ধনত দিয়া এই সুতৰ হাৰ পূৰ্বৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ৮.৬৫ শতাংশতকৈ নিম্ন হাৰ। বৈঠকৰ পাছত শ্ৰম মন্ত্ৰ্যালয়ে সদৰী কৰে যে নতুন ইপিএফৰ সুতৰ হাৰ ৮.৬৫ শতাংশৰ বিপৰীতে ৮.৫০ শতাংশ হ'ব। এতিয়া বিষয়টোত শ্ৰম মন্ত্ৰ্যালয়ে বিত্ত মন্ত্ৰ্যালয়ৰ সন্মতি লোৱা প্ৰয়োজন হ'ব। বিত্ত মন্ত্ৰ্যালয়ে পাব্লিক প্ৰভিডেন্ট ফাণ্ড আৰু প'ষ্ট অফিচ চেভিং আঁচনিৰ দৰে চৰকাৰৰ দ্বাৰা পৰিচালিত আন ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ দৰে ইপিএফৰ সুতৰ হাৰ নিৰ্দ্ধাৰণৰ বাবেও পৰোক্ষভাৱে হেচা দিয়ে। ইপিএফঅ'ই ইয়াৰ গ্ৰাহকক ২০১৬-১৭ বৰ্ষত ৮.৬৫শতাংশ আৰু ২০১৭-২০১৮বৰ্ষত ৮.৫৫ শতাংশ সুতৰ হাৰ আগবঢ়াইছিল। আনহাতে, ২০১৫-১৬ বিত্তীয় বৰ্ষত সুতৰ হাৰ আছিল ৮.৮শতাংশ। সেইদৰে ২০১৩-১৪বিত্তীয় বৰ্ষত ই ৮.৭৫ শতাংশ আৰু তাৰ আগেয়ে ২০১২-১৩ বিত্তীয় বৰ্ষত ৮.৫ শতাংশ সুতৰ হাৰ আগবঢ়াইছিল। উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ভাৰতৰ বাবে আসন্ন বিপদ! এই সতৰ্কবাণী কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁ দাবী কৰিছে যে শাসনাধিষ্ঠ বিজেপিৰ নীতিয়ে দেশৰ শত্ৰুসকলক একত্ৰিত কৰিছে। লোকসভাত এক উল্লেখনীয় ভাষণ আগবঢ়োৱাৰ পিছতে টুইটাৰ যোগে ৰাহুল গান্ধীয়ে কয় যে বিজেপিয়ে বুজি নোপোৱা বিষয়ৰ সৈতে খেলিমেলি কৰি আছে। "তেওঁলোকৰ নীতিয়ে আমাৰ শত্ৰুসকলক একত্ৰিত কৰিছে। দেশৰ বাবে ভাবুকি আসন্ন। ভাৰতবৰ্ষ ক্ৰমাৎ বিচ্ছিন্ন হৈ পৰিছে। মই যি কৈছো সেয়া আমাৰ ৰাষ্ট্ৰৰ অৱস্থাৰ ওপৰত এক অস্বস্তিৰ বিষয়। আমি দ্ৰুততাৰে আৰু নিৰ্ণায়ক ভাৱে কাম কৰিব লাগিব।" এটা টুইটত গান্ধীয়ে কয়। ভাৰতত দুটা পৃথক দৃষ্টিভংগী আছে বুলি উল্লেখ কৰে ৰাহুল গান্ধীয়ে। তেওঁ কয় যে এটা দৃষ্টিভংগী হৈছে ভাৰতবৰ্ষ ৰাজ্যসমূহৰ এক সংঘ। ইয়াত আলোচনা আৰু মীমাংসাৰ জৰিয়তে সিদ্ধান্ত লোৱা হয়। আনহাতে আনটো দৃষ্টিভংগীক শ্বাহেনশ্বাহ বা একচত্ৰী ৰজাৰ আদেশৰ দ্বাৰা শাসন বুলি উল্লেখ কৰে গান্ধীয়ে। তেওঁ লগতে এই দ্বিতীয় দৃষ্টিভংগীটোৱে যোৱা ৩০ বছৰত কাম কৰা নাই বুলিও সোঁৱৰাই দিয়ে। বিজেপিৰ ত্ৰুটিপূৰ্ণ দৃষ্টিভঙ্গীয়ে আমাৰ দেশক দুৰ্বল কৰি তুলিছে বুলি অভিযোগ কৰে ৰাহুল গান্ধীয়ে। উল্লেখ্য যে সংসদত ৰাহুল গান্ধীয়ে এটা ভাষণৰ জৰিয়তে বিজেপিক কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে বিজেপি চৰকাৰৰ ধাৰণা অনসৰি ভাৰতত ৰাজতন্ত্ৰ চলি আছে। তেওঁলোকে দেশক ৰাজ্যসমূহৰ সংঘ নহয় বুলি গণ্য কৰিছে। তেওঁ কয় যে চৰকাৰে ৰাজ্যসমূহৰ সংঘক আক্ৰমণ কৰিবলৈ ন্যায়পালিকা আৰু নিৰ্বাচন আয়োগৰ দৰে প্ৰতিষ্ঠানৰ অপব্যৱহাৰ কৰাৰ লগতে স্পাইৱেৰ পেগাচাছৰ ব্যৱহাৰ কৰিছে। "তেওঁলোকে এটা বিভাজন সৃষ্টি কৰিছে য'ত অতি ধনী খণ্ডৰ এটা শ্ৰেণীয়ে সকলো খণ্ডক একচেটিয়া কৰি তুলিছে। আনহাতে "দুখীয়াৰ ভাৰতবৰ্ষ"ত ২০২১ চনত ৩ কোটি যুৱকে চাকৰি হেৰুৱাইছিল।" তেওঁ কয়। জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
সকলোৱেই একে আত্মিক জল পান কৰিছিল। কিয়নো যি শিল তেওঁলোকৰ লগত গৈছিল, তাৰ পৰাই তেওঁলোকে পানীয় পান কৰিছিল; সেই শিলেই খ্ৰীষ্ট। তথাপি তেওঁলোকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহ'ল; কিয়নো তাৰ প্ৰমাণ এই যে, তেওঁলোকক অৰণ্যতে নিপাত কৰা হ'ল। তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তিপূজক হৈছিল, আপোনালোক তেনে নহ'ব; সেই বিষয়ে এনেদৰে লিখা আছে; "মানুহবোৰে ভোজন-পান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল"। তেওঁলোকৰ কিছুমানে যেনেকৈ যৌনপাপ কৰাত; একেদিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহক। তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ'ল, তেনেকৈ আমি যেন খ্ৰীষ্টক পৰীক্ষা নকৰোঁ। আমি যি আশীৰ্বাদৰ পানপাত্ৰক আশীৰ্বাদ কৰোঁ, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টৰ সহভাগিতা নহয় নে? ইস্ৰায়েল জাতিৰ কথা চিন্তা কৰক। চোৱা; যি লোকে উৎসৰ্গ কৰা বলিৰ মাংস খায়, তেওঁলোক বেদিৰ সহভাগী নহয় নে? তেনেহলে মই কি কথা কৈছোঁ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে? তেনে নহয়; কিন্তু অনা-ইহুদী লোকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত, পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছোঁ; আৰু আপোনালোক ভূত, পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই। আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ'ব নোৱাৰে। খ্ৰীষ্টত বিশ্বাস নকৰা সকলৰ কোনোৱে আপোনালোকক নিমন্ত্ৰণ কৰিলে, আপোনালোক যদি যাবলৈ সন্মত হয়, তেনেহলে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি, যি কোনো বস্তু আপোনালোকৰ আগত থোৱা হয়, সেই বস্তুকে ভোজন কৰিব। কিন্তু কোনোৱে যদি আপোনালোকক, "এয়ে বলি দিয়া আহাৰ হয় বুলি কয়", তেনেহলে সেই কথা জনোৱা জনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে, সেই দ্ৰব্য ভোজন নকৰিব। দোষাদোষ জ্ঞান বুলি যে কৈছোঁ, সেয়ে আপোনাৰ নহয়, আনৰহে; কিয়নো মোৰ স্বাধীনতা অন্যৰ দোষাদোষ জ্ঞানৰ দ্বাৰাই কিয় সোধ-বিচাৰ কৰা হয়?
বুধবাৰে কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰা বিধায়ক জিগনেশ মেৱানীৰ জামিন আবেদন আজি কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে নাকচ কৰে। লগতে বিধায়ক জনক তিনি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। উল্লেখ্য যে গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় বিধায়ক জনৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোচৰৰ ভিত্তিত যোৱা নিশা ১১.৩০ বজাত গুজৰাটৰ পালনপুৰ চাৰ্কিট হাউছৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰিছিল। কোকৰাঝাৰ আৰক্ষীয়ে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কাৰণ এতিয়ালৈকে ৰাজহুৱা কৰা নাই যদিও বিধায়কগৰাকীয়ে কিছুদিন পূৰ্বে টুইটাৰত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। মেৱানীৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষী থানাত অনুপ কুমাৰ ডে নামৰ লোক জনে অভিযোগ দাখিল কৰিছিল। জানিব পৰা মতে কোকৰাঝাৰ আৰক্ষীয়ে বিধায়ক মেৱানীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৪, ৫০৬, ১২০(খ), ১৫৩(ক),২৯৫(ক) কে ধৰি আন কেইবাটাও ধাৰাত গোচৰ পঞ্জীয়ন কৰিছে। বিধায়ক মেৱানীয়ে মোদীক নাথুৰাম গডছেৰ ভক্ত বুলি উল্লেখ কৰি টুইটাৰত একাধিক টুইট কৰিছিল। ইয়াৰ পিছতে কোকৰাঝাৰৰ ভৱানীপুৰৰ অনুপ কুমাৰ ডে নামৰ লোক জনে মেৱানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিতে কোৰাঝাৰ আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি মেৱানীক যোৱা নিশা গ্ৰেপ্তাৰ কৰে। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
শেহতীয়াকৈ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাই আহিছে যে সুস্থ হ'লেই ৰোহিত শৰ্মা আৰু ঈশান্ত শৰ্মাই অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দলত যোগ দিবগৈ। সদ্যহতে প্ৰকাশ পোৱা এটা বাতৰি অনুসৰি ক্ৰিকেটাৰ দুগৰাকীয়ে আঘাতৰ সমস্যাৰ পৰা এতিয়াও মুক্ত হৈ উঠা নাই। ফলত দুয়োগৰাকী ক্ৰিকেটাৰেই ভাৰতীয় দলত যোগ দিয়াৰ কোনো সম্ভাৱনা নাই। বি চি চি আইয়ে ক্ৰিকেট অনুৰাগীৰ এনে জল্পনা কল্পনাৰ ওৰ পেলাই মন্তব্য কৰিছে যে ৰোহিত শৰ্মা আৰু ঈশান্ত শৰ্মাৰ নামত সংবাদ মাধ্যমত বিভিন্ন ভুল বাতৰি প্ৰকাশ পাই আহিছে। প্ৰকৃততে আঘাতৰ সমস্যাৰ বাবে ৰোহিত আৰু ঈশান্তৰ নাম অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে বিবেচনাই কৰা হোৱা নাছিল। বিৰাট কোহলিয়ে সন্তান সম্ভৱা পত্নী অনুস্কাৰ কাষত থিয় দিয়াৰ বাবে প্ৰথমখন টেষ্টৰ পিছতেই দেশলৈ ঘূৰি অহাৰ কথা। তেনে স্থলত ক্ৰিকেট মহলত চর্চা হৈছে বিৰাটৰ ঠাই পূৰাবলৈ হয়তো ৰোহিত শৰ্মা অষ্ট্ৰেলিয়ালৈ ৰাওনা হ'ব পাৰে। কিন্তু বি চি চি আইয়ে স্পষ্টৰূপত মন্তব্য প্ৰকাশ কৰিছে যে বিৰাটৰ ঠাইত শ্ৰেয়াছ আয়াৰক দলত স্থান দিয়া হ'ব পাৰে।
ইয়াৰ ফলত দেশত ক'ৰ'না সংক্ৰমিত লোকৰ সংখ্যা ৬৫,৪৯,৩৭৪ গৰাকীলৈ বৃদ্ধি পাইছে। আনহাতে, দেশত যোৱা ২৪ ঘন্টাত নতুনকৈ ৯৪০গৰাকী লোকৰ কৰ'নাত মৃত্যু হৈছে। উল্লেখযোগ্য যে, ভাৰতৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ ফলত এক লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে। ইপিনে, কৰ'না প্ৰতিৰোধৰ বাবে পুনৰ লকডাউন বৃদ্ধিৰ সিদ্ধান্ত লৈছে মহাৰাষ্ট্ৰ চৰকাৰে। অহা ৩১ অক্টোবৰলৈকে ৰাজ্যখনত লকডাউন বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ কথা জানিব পৰা গৈছে।
তিৰুপতি মন্দিৰ - অসমীয়া ৱিকিপিডিয়া\n13°40′59.7′′N 79°20′49.9′′E / 13.68325°N 79.347194°E / 13.68325; 79.347194\n853 মিটাৰ (2,799 ফুট)\nতিৰুপতি মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল'মিটাৰ উত্তৰ-পশ্চিমত, পালক'ণ্ডা (ইংৰাজীঃ Palkonda) পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা ভেংকটেশ্বৰৰ আবাসভূমি বুলি জনা যায়। তেলেগু ভাষাত 'তিৰু'ৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু 'পতি'ৰ অৰ্থ স্বামী; অৰ্থাৎ লক্ষ্মীৰ পতি বিষ্ণু। ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন আৰু পূজা কৰা হয়। মানুহৰ মুখত তিৰুপতি নামেৰে প্ৰচলিত হ'লেও ই তিৰুমালা-তিৰুপতি দেৱস্থানম নামে প্ৰখ্যাত। মন্দিৰৰ ভিতৰত আছে প্ৰস্ফুটিত পদুমৰ ওপৰত দণ্ডায়মান দুই মিটাৰ ওখ বিষ্ণুৰ ক'লা শিলৰ বিগ্ৰহ বা মূৰ্তি। চতুৰ্ভুজ এই মূৰ্তিৰ পিছফালৰ দুই হাতত শংখ আৰু চক্ৰ, সন্মুখৰ এহাত অভয় মুদ্ৰাৰ ভংগিত আৰু আনখন হাত কঁকালত অৱস্থান কৰা। নানান মণি-মুকুতা আৰু স্বৰ্ণালংকাৰে ভূষিত এটা মুকুট আছে মূৰ্তিটোৰ শিৰত। ১৯৮৪ চনত ১২ কিলোগ্ৰাম সোণ আৰু ৯০০০ ডোখৰ হীৰাৰে ন-কৈ নিৰ্মিত এই মুকুটটোৰ অৰ্থমূল্য ৫ কোটি টকাৰো অধিক। গোটেই মূৰ্তিটো ফুলৰ মালাৰে ঢকা। কেৱল ভৰিৰ পতা আৰু মুখমণ্ডলহে দৰ্শনাৰ্থীৰ চকুত পৰে। শিলেৰে নিৰ্মিত মূল মন্দিৰটোৰ বেৰৰ কাৰুকাৰ্যও অনন্য আৰু দৃষ্টিনন্দন। এই মন্দিৰৰ চোতাল তথা চৌহদত আছে ১৯৯৫ চনত আঢ়ৈ কোটি টকা ব্যয়ৰে নিৰ্মিত ৭৮০.৭ কিলোগ্ৰাম তামৰ ওপৰত ২৯.৯২২ কিলোগ্ৰাম সোণেৰে মেৰোৱা ২১.৫ ফুট ওখ সোণৰ ৰথ, সোণৰ তালগছ, মূল মন্দিৰৰ গম্বুজৰ ওপৰত সুবিশাল সোণৰ কলচি, সোণৰ সিংহমূৰ্তি, দৃষ্টিনন্দন অগণন দেৱমূৰ্তি আদি। দেশ-বিদেশৰ অসংখ্য তীৰ্থযাত্ৰী প্ৰতি বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। ভৌগোলিকভাৱে তিৰুপতি অন্ধ্ৰপ্ৰদেশৰ (দক্ষিণ প্ৰান্তত) যদিও সমীপবৰ্তী তামিলনাডুৰ চেন্নাইৰ পৰাহে ঘাইকৈ ইয়ালৈ যাতায়তৰ অধিক সুবিধা আছে।\nতিৰুপতিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰ-পশ্চিমত, প্ৰায় ৭৫০ মিটাৰ উচ্চতাত হিন্দুসকলৰ পবিত্ৰ পাহাৰ তিৰুমালা অৱস্থিত। এই পাহাৰক ইমান পবিত্ৰ বুলি গণ্য কৰা হৈছিল যে ১৮৭০ চনৰ আগলৈকে তালৈ অহিন্দুসকলক যাবলৈকে দিয়া নহৈছিল। তিৰুমালা পাহাৰৰ শৃংগতে আছে বৈশিষ্টমণ্ডিত দ্ৰাবিড়ীয় শৈলীৰে নিৰ্মিত ভেংকটেশ্বৰ মন্দিৰ। ভেংকটেশ্বৰ বা ভেংকটেশ্বৰ স্বামী মন্দিৰ আৰু তাৰ বিস্তীৰ্ণ চোতাল দৰ্শনাৰ্থী আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী। এই মন্দিৰটোক কেন্দ্ৰ কৰিয়ে প্ৰায় ৪ বৰ্গকিলোমিটাৰ এলেকাজুৰি গঢ়ি উঠিছে এখন সৰু নগৰ। বৰ্তমান এই মন্দিৰত প্ৰায় ১৩০০০ কৰ্মী কৰ্মৰত হৈ আছে। \nতিৰুপতি মন্দিৰৰ জনশ্ৰুতিঃ[সম্পাদনা কৰক]\nপৌৰাণিক আখ্যানমতে ভগৱান ভেংকটেশ্বৰে হেনো বিয়াৰ সময়ত কুবেৰৰপৰা বহু টকা ধাৰ কৰিছিল। সেই ধাৰ আজিও পৰিশোধ নোহোৱাত ভক্তসকলেই প্ৰণামিৰ ৰূপত ধন দিয়ে। অতীতৰ ৰজা-মহাৰজাৰ দান-বৰঙণিৰে তিৰুপতি মন্দিৰ ভাৰতৰ (সম্ভৱতঃ বিশ্বৰে) আটাইতকৈ সম্পদশালী দেৱ মন্দিৰ। মন্দিৰটোৰ বাৰ্ষিক আয় পাঁচ কোটি টকাৰো অধিক। মন্দিৰৰ উপাৰ্জিত ধনেৰে নানান সেৱামূলক আৰু শিক্ষামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়।\n↑ "Tirumala Tirupati Devastanamulu". Tirumala.org. http://www.tirumala.org/maintemple_main.htm। আহৰণ কৰা হৈছেঃ 17 June 2013.\n↑ জ্ঞানাঞ্জন, প্ৰান্তিক, সংখ্যাঃ ১-১৫ ফেব্ৰুৱাৰী, ২০১৫, পৃষ্ঠাঃ ২১, লেখক শান্তনু কৌশিক বৰুৱা\n"https://as.wikipedia.org/w/index.php?title=তিৰুপতি_মন্দিৰ&oldid=174381"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ০৬ ফেব্ৰুৱাৰী, ২০১৮ তাৰিখে ১৮ঃ৩৫ বজাত অন্তিম সংশোধন কৰা হৈছিল।
সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে বিশ্বকৰ্মা পূজাৰ উলাহ আনন্দৰ মাজতে বিয়লি ৩ বজাত শিৱসাগৰ জিলাৰ গেলেকীস্থিত অ'এনজিচি'ৰ ৰিগ E 1406 ত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। গেলেকীৰ আঠখেলত অৱস্থিত এই ৰিগটোত কাম কৰি থকা অৱস্থাত এয়াৰ উইংচৰ পুলি খহি পৰাৰ ফলত মূৰ আৰু ভৰিত গুৰুতৰভাৱে আঘাত পায় উজ্জল মৰাণ নামৰ ৰিগ মেন জনে। উজ্জলক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও ইতিমধ্যে তেওঁৰ মৃত্যু ঘটে। আনহাতে, অ'এনজিচি কৰ্তৃপক্ষই সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে। অ'এনজিচি'ৰ একাংশ বিষয়াৰ গাফিলতিৰ বাবেই সোমবাৰে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হ'ল বুলি অভিযোগ উত্থাপন কৰিছে ৰিগটোত কামকৰা একাংশ কৰ্মচাৰীয়ে। তেওঁলোকৰ অভিযোগ যে বেয়া হৈ থকা পুলিটো মেৰামতি নকৰাকৈ ৰিগটোত কাম কৰিবলৈ বাধ্য কৰিছিল কেইজনমান শীৰ্ষ বিষয়াই। কৰ্মচাৰীসকলে ৰিগটোত বহুদিনৰ পৰাই সুৰক্ষা সামগ্ৰীৰ লগতে এম্বুলেঞ্চৰ দাবী কৰি আহিছিল যদিও অ'এনজিচি কৰ্তৃপক্ষই আজি পৰ্য্যন্ত এনে সুবিধাৰ ব্যৱস্থা কৰা নাছিল। যাৰ বাবে এজন অসমীয়া যুৱকে অকালতে প্ৰাণ হেৰোৱাব লগা হ'ল। উজ্জল মৰাণৰ ঘৰ মৰাণৰ বটামৰাত আছিল। ২০১৫ চনত উজ্জলে ৰিগমেন হিচাপে প্ৰতিষ্ঠানটোত যোগদান কৰিছিল। অ'এনজিচি কৰ্তৃপক্ষই কৰ্মচাৰীসকলৰ প্ৰতি কৰা এনে অন্যায়ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ শিৱসাগৰ নগৰ সমিতি। সংগঠনটোৱে এই ঘটনাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰিছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
আজি উকলিব কুইপোৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ ক্ষেত্ৰত আলফা(স্বা)ই নিৰ্ধাৰিত কৰি দিয়া চূড়ান্ত সময়সীমা। আলফা(স্বা)ই ২৭ জানুৱাৰীত এক বিবৃতিযোগে ৰাম কুমাৰৰ ক্ষেত্ৰত ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপো কোম্পানীয়ে দাবী কৰা ধন আদায় নিদিলে মৃত্যুদণ্ড বিহিব বুলি জনাইছিল। ইয়াৰ পিছতে দুয়োটা পৰিয়ালে আলফা(স্বা)ক দুই বিষয়াৰ মুক্তিৰ বাবে কাতৰ অনুৰোধ জনাইছিল। অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো আলফা(স্বা)ক ৩১ জানুৱাৰীত শিৱসাগৰত উপস্থিত হৈ বিষয়াদ্বয়ৰ মুক্তিৰ বাবে আহ্বান জনাইছিল। আনহাতে যোৱা পৰহি আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভাতৃক সাক্ষাৎ কৰিছিল দুয়োটা পৰিয়ালৰ লোকে। কিন্তু আলফা(স্বা)ৰ ফালৰ পৰা কুইপোৱে সংগঠনটোৰে মীমাংসাৰ সলনি ভাৰতীয় সেনাক ব্যৱহাৰ কৰি চাপ বৃদ্ধি কৰা বুলি বিবৃতি জাৰি কৰে যদিও শেহতীয়াকৈ দুই বিষয়াৰ মুক্তি সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা নাই। ইয়াকে লৈ চৰম উৎকণ্ঠাৰ মাজত আছে প্ৰণৱ কুমাৰ গগৈৰ লগতে ৰাম কুমাৰৰ পৰিয়ালৰ লোক। উল্লেখ্য, আলফা(স্বা)ই ইতিমধ্যে বহিঃৰাজ্যৰ আনকি বিদেশৰ অপহূত লোকক মৃত্যুদণ্ড বিহাৰ উদাহৰণ আছে। এনেস্থলত ৰাম কুমাৰক লৈ সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠা।
১৯০৯ চনৰ ৩১ জানুৱাৰী,তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ঢাকা চহৰৰ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰাইফলছৰ আৱাসিক এলেকাত আনন্দৰ ৰোল উঠিল। বংগৰ গৱৰ্ণৰৰ এডিকং চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ পত্নী গেঠী ৰাভাই এক সুদৰ্শন পুত্ৰ সন্তান জন্ম দিছে। পুত্ৰ সন্তানটিৰ নাম ৰাখিলে বিষ্ণুপ্ৰসাদ। আৰু সকলোৱে ঘৰত মৰমতে মাতে 'সুটো' বুলি। বিষ্ণুপ্ৰসাদ আছিল পিতৃ-মাতৃৰ অষ্টম সন্তান। বিষ্ণুপ্ৰসাদ ৰাভাক ৫ বছৰ বয়সত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰোৱা হৈছিল। প্ৰথমতে তেওঁক ইংৰাজী স্কুলত নাম লগাই দিছিল কিন্তু বিষ্ণুপ্ৰসাদে চাহাবৰ ল'ৰা-ছোৱালীৰ লগত পঢ়িবলৈ মন নকৰাত তেওঁক উৰ্দু মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি দিলে। বিষ্ণুপ্ৰসাদ ৰাভাক পাঁচটা ঘোঁৰাই টনা ঘোঁৰাবাগিৰে স্কুললৈ অনা-নিয়া কৰিছিল। পঢ়া-শুনাৰ লগতে বিষ্ণু ৰাভাই সংগীত,বাদ্য আৰু নৃত্যৰ শিক্ষাও লাভ কৰে। বিষ্ণু ৰাভাৰ পিতৃ গোপাল ৰাভাই অৱসৰ গ্ৰহণ কৰি তেজপুৰত স্থায়ীভাৱে বাস কৰাৰ উদ্দেশ্যে তাতে ঘৰ-দুৱাৰ নিৰ্মাণ কৰে। অৱসৰৰ পাছত তেওঁ তেজপুৰত ব্ৰিটিছ চৰকাৰৰ পৰা দুহেজাৰ বিঘা ভূমি লাভ কৰে। তাৰপাছত ৰাভাদেৱৰ পৰিয়াললৈ নামি আহে ঘোৰ অন্ধকাৰ। ১৯১৭ চনৰ নৱেম্বৰ-ডিচেম্বৰত ৰাভাদেৱৰ পিতৃ গোপাল ৰাভাদেৱ স্বৰ্গগামী হয়। তাৰপাছতেই ৰাভাদেৱৰ পৰিয়ালৰ আৰ্থিক অৱস্থা নিম্নগামী হৈ আহিব ধৰে। সকলো আওকাণ কৰি বিষ্ণু ৰাভাই পুনৰ তেজপুৰতে তেওঁৰ স্কুলীয়া শিক্ষা আৰম্ভ কৰে আৰু লগতে সংগীত,নৃত্য,বাদ্য আৰু শিল্পকলাৰ চৰ্চাও অব্যাহত ৰাখে। তেজপুৰ হাইস্কুলত তেওঁ সকলোফালেই পাৰদৰ্শিতা দেখুৱাই সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। স্কুলৰ বাৰ্ষিক ক্ৰীড়াত তেওঁ সকলোতকৈ বেছি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। বিষ্ণু ৰাভাদেৱে এই সকলোবোৰৰ লগতে খেলা-ধূলাটো পাৰ্গত আছিল। ফুটবল তেওঁৰ প্রিয় খেল আছিল। তেওঁ চেণ্টাৰ ফৰৱাৰ্ড খেলি ভাল পাইছিল। স্কুলৰ সভাবিলাকত তেওঁ নিজে গীত ৰচি সুৰ দি গাইছিল। ১৯২৬ চনত ৰাভাদেৱে প্ৰৱেশিকা পৰীক্ষাত জিলাৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে আৰু তাৰপাছত তেওঁ কলিকতাৰ চেইণ্ট পলচ্ কলেজৰ বিজ্ঞানত প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰে। এই কলেজৰ পৰাই তেওঁ সুখ্যাতিৰে প্ৰথম বিভাগত আই এছ চি পাছ কৰে। বিষ্ণু ৰাভা চেইণ্ট পলচ্ কলেজৰ ফুটবল দলৰ কেপ্টেইনো আছিল। তাতেই তেওঁৰ মনত স্বাধীনতা আন্দোলনৰ বীজ ৰোপণ হয়। স্বাধীনতা সংগ্ৰামীক সহায় কৰা বাবে তেওঁক এই কলেজৰ পৰা বহিষ্কাৰ কৰে। তাৰপাছত তেওঁ 'ৰিপন কলেজ'ত বিজ্ঞানৰ ডিগ্ৰীত নামভৰ্তি কৰে আৰু কলেজৰ ভিতৰত প্ৰথম স্থান পাই প্ৰমোচন পায়। তেওঁ কলেজৰ হোষ্টেলত থাকি পঢ়িছিল আৰু পঢ়া শুনাৰ লগতে ৰাভাই সকলো ক্ষেত্ৰতে আগভাগ লৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি তেতিয়া তাত চাঞ্চল্যৰ সৃষ্টি হ'ল। প্ৰশাসনে বিষ্ণু ৰাভাক সন্দেহ কৰিলে আৰু তেওঁক কোচবিহাৰত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিলে। ৰাভাদেৱে তাৰপাছত বাধ্যতামূলক ট্ৰেন্সফাৰ চাৰ্টিফিকেট লৈ ৰংপুৰৰ কাৰমাইকেল কলেজৰ স্নাতক দ্বিতীয় বাৰ্ষিকত নাম লগালে। কিন্তু তাতো তেওঁৰ ওপৰত পুলিচে জুলুম চলালে। শেষত ডিগ্ৰী পৰীক্ষালৈ কিছুদিন বাকী থকা অৱস্থাত একমাত্ৰ ভায়েক ৰঞ্জিতৰ টান নৰিয়াৰ খবৰ পাই অসমলৈ আহে কিন্তু আহি ভায়েকক নাপালেহি। আৰু তাৰ পাছতে বিষ্ণুপ্ৰসাদ ৰাভাৰ মাতৃৰো বিয়োগ ঘটিল। আৰু সিমানতে তেওঁৰ পঢ়া জীৱনৰ যতি পৰিল। নিয়ম আৰু চৰ্তাৱলীসমূহ মানি চলিবলৈ মই দায়বদ্ধ আৰু সন্মত হৈছো। 'সাৰথি' হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ শেহতীয়া ঘটনাৱলীক আপোনাৰ আগত বস্তুনিষ্ঠ ভাৱে আগবঢ়াই দিবলৈ কৰা এক ক্ষুদ্ৰ প্ৰয়াস। ইয়াত অসমীয়া সাহিত্যৰ এটি উন্নত মানৰ ই-সংগ্ৰহালয় গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে। 'সাৰথি'ৰ জৰিয়তে আপোনালোকৰ মানসিক প্ৰয়োজন পুৰাবলৈ মনোৰঞ্জনৰ বিভিন্ন সমলো যোগান ধৰিবলৈ বিচৰা হৈছে লগতে নিবনুৱা যুৱক-যুৱতীসকলৰ সহায়ক হোৱাকৈ নিয়মীয়াকৈ নিয়োগ-বাৰ্তাও যোগান ধৰিবলৈ চেষ্টা কৰা হৈছে। আশা কৰিছো আপোনালোক উপকৃত হʼব আৰু আপোনালোকৰ যোগাত্মক সঁহাৰিৰে আমাৰো সাৰথি হৈ উঠিব।
তাৰ পাছত যীচুৱে সেই ঠাই এৰি যৰ্দ্দনৰ সিপাৰে থকা যিহুদীয়াৰ সীমালৈ গ'ল; আৰু লোক সকল আহি আকৌ তেওঁৰ ওচৰত গোট খালে। তেওঁ নিজৰ অভ্যাস অনুযায়ী তেওঁলোকক পুনৰ উপদেশ দিব ধৰিলে। তেতিয়া ফৰীচী সকল আহি তেওঁক সুধিলে, "পুৰুষে নিজৰ তিৰোতাক ত্যাগ কৰাতো বিধান সন্মত হয় নে?" এই প্রশ্ন তেওঁক পৰীক্ষা কৰিবৰ বাবে সুধিছিল। পাছত লোক সকলে শিশুবোৰক স্পর্শ কৰাৰ আশাৰে তেওঁৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁৰ শিষ্য সকলে তেওঁলোকক ডবিয়ালে। তেতিয়া যীচুৱে দেখা পাই তেওঁলোকৰ ওপৰত কুপিত হৈ ক'লে, "শিশু সকলক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা; কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা এজনৰ বাবেহে। সেই কথাত তেওঁৰ মুখ ক'লা পৰিল, আৰু তেওঁ বৰ দুখিত হৈ গুচি গ'ল, কিয়নো তেওঁ বহু ধন-সম্পত্তি থকা মানুহ আছিল। তেওঁৰ সেই কথাত শিষ্য সকলে বিস্ময় মানিলে। কিন্তু যীচুৱে পুনৰ তেওঁলোকক ক'লে, "হে সন্তান সকল, যি সকলে ধনত ভাৰসা কৰে, তেওঁলোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য! যীচুৱে ক'লে, "মই তোমালোকক সত্যৰূপে কওঁ, কোনোৱে যদি মোৰ কাৰণে বা মোৰ শুভবার্তাৰ কাৰণে ঘৰ-বাৰী, ভাই-ভনী, পিতৃ-মাতৃ, সন্তান, মাটি ত্যাগ কৰি আহিছে, তেনেহলে তেওঁলোকে এইবোৰৰ সলনি এশ গুণ ওভোতাই পাব। তাড়না ভোগ কৰি হলেও এই জগতত এশ গুণ ঘৰ-বাৰী, ভাই, ভনী, মাতৃ, সন্তান আৰু মাটি পাব; ইয়াৰ উপৰি পৰকালত অনন্ত জীৱন পাব। তাৰ পাছত তেওঁলোকে যিৰূচালেমলৈ যোৱা বাটেৰে যাত্ৰা কৰি আছিল; আৰু যীচু তেওঁলোকৰ আগে আগে গৈ আছিল। এনেতে শিষ্য সকলে বিস্ময় মানিলে, আৰু পাছে পাছে যোৱা সকলৰো ভয় লাগিল। তেতিয়া তেওঁ আকৌ বাৰ জন পাঁচনিক চপাই লৈ, নিজ জীৱনত যিবোৰ ঘটনা অলপতে ঘটিবলগীয়া আছে, সেই বিষয়বোৰ তেওঁলোকক ক'বলৈ ধৰিলে, তেওঁলোকে তেওঁক ক'লে, "আমি পাৰিম।" তেতিয়া যীচুৱে তেওঁলোকক ক'লে, "মই যি পাত্ৰত পান কৰোঁ, তাত তোমালোকেও পান কৰিবা; আৰু মই যি বাপ্তিস্মেৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হ'বা। যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক'লে, "অনা-ইহুদী সকলৰ শাসনকর্তা ৰূপে যি সকল গণ্য, তেওঁলোকে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে; আৰু বিষয়া সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা। কিন্তু তোমালোকৰ মাজত তেনে নহয়। তোমালোকৰ মাজত যি কোনোৱে মহান হ'বলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক, তাৰ পাছত তেওঁলোক যিৰীহো নগৰলৈ আহিল। তেওঁ যি সময়ত নিজৰ শিষ্য সকলৰ সৈতে বহু লোকৰ লগত যিৰিহো নগৰৰ পৰা গৈ আছিল, সেই সময়ত পথৰ দাঁতিত তীময়ৰ পুতেক বাৰতীময় নামৰ এজন অন্ধ ভিখাৰী বহি আছিল। তেতিয়া যীচুৱে তেওঁক ক'লে, "যোৱা। তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।" তেওঁ তেতিয়াই দৃষ্টি পালে আৰু তেওঁ গৈ থকা পথেৰে তেওঁক অনুসৰণ কৰি যাব ধৰিলে।
Published on : ডিজিটেল সংবাদ, চেঙাঃ "আমাৰ ভাষা সংস্কৃতি ধ্বংস হ'ব ধৰিছে গতিকে এই সময়ত ক্ষান্ত হৈ থকাৰ প্ৰশ্ন নাই। ক'লা আইন তথা জাতিধ্বংসী আইন "কা" বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব।" বৰপেটাৰ ভেল্লাত অনুষ্ঠিত জনতাৰ জাগৰণ সভাত উপস্থিত হৈ এইদৰে কয় জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই। "আমাৰ অসমত ৰঙা, হালধীয়া, সোণ বৰণীয়া ধুনীয়া ফুলনিখনত জাবৰ জাপি দি আমাৰ বাৰেৰহনীয়া ফুলনি খন ধ্বংস কৰি দিবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিছে" বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সংগ্ৰামী সাংবাদিক অজিত কুমাৰ ভূঞাই। এই প্ৰতিবাদী জনসভাতে তেওঁ সৰ্বানন্দ সোণোৱালক দিল্লীৰ চাবি দিয়া পুতলা বুলি আখ্যা দিয়ে। ক্ষমতাৰ বাবে জাতিক বিক্ৰী কৰা সকলক জনতাৰ আদালতে কেতিয়াও ক্ষমা নকৰে বুলি তেওঁ ব্যক্ত কৰাৰ লগতে বদন বৰফুকনে মানক মাতি অনা বাবেই আমি হাৰিছিলোঁ আৰু সেইবাবেই আজি বদন বৰফুকনবোৰক আমি চিনাক্ত কৰি ৰাইজৰ আদালতত বিচাৰ কৰিব লাগিব বুলি ব্যক্ত কৰে। এই আইনখনক লৈ তীব্ৰ অপপ্ৰচাৰ চলাই মিথ্যাচাৰেৰে ৰাইজক আভুৱা ভাৰি আছে বুলি কোৱাৰ লগতে অজিত কুমাৰ ভূঞাই অসমৰ কাৰণে এই জঘন্য আইন অনা হৈছে আৰু সামৰিক বাহিনী আৰু পুলিচ বাহিনীৰ জৰিয়তে অসমৰ ৰাইজক দমন কৰি এই আইন প্ৰয়োগ কৰিব বিচৰা হৈছে বুলিও ব্যক্ত কৰে। এই আইনৰ বাবে আজি ক্ষমতাৰ মোহত অন্ধ হৈ থকা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰ মোহন পাটোৱাৰীয়ে নিৰ্বাচন খেলিবলৈ এদিন সমষ্টি বিচাৰি নাপাব বুলিও মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই। হিন্দু বঙালীসকলক উদ্দেশ্য কৰি অজিত কুমাৰ ভূঞাই কয় যে, "আপোনালোকে এই ষড়যন্ত্ৰত ভৰি নথ'ব। নহ'লে হিন্দু বাংলাদেশী অসমলৈ আহিলে আমাৰ অসমত থকা বঙালীসকল সদায় সন্দেহৰ পাত্ৰ হৈ থাকিব লাগিব।" উল্লেখযোগ্য যে, সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত বুধবাৰে ভেল্লাত অনুষ্ঠিত হয় এক প্ৰতিবাদী সভা। ভেল্লা আঞ্চলিক "কা" বিৰোধী মঞ্চৰ উদ্যোগত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত জনতাৰ জাগৰণ সভাত উপস্থিত হৈ ভাষণ প্ৰদান কৰে সংগ্ৰামী নেত্ৰী মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰে ভাষণ প্ৰদান কৰি কয় যে, হিন্দু ভোটাৰ সৃষ্টিৰ লক্ষ্যৰে এক ৰাজনৈতিক সমীকৰণৰে ক্ষমতা দখলৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে। জাতি, মাটি, ভেটিৰ সলনি ক্ষমতাৰ বাবেহে লালায়িত এইখন চৰকাৰ। মীৰা বৰঠাকুৰে অসমৰ চৰণীয়া পথাৰ নতুবা চৰ -চাপৰিত যাতে কোনো কাৰণতে বাংলাদেশীয়ে টিনৰ চালি দি সংস্থাপিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক এই বাংলাদেশীসকলক উচ্চেদৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই প্ৰতিবাদী জনসভাত মনজিত মহন্তই ভাষণ প্ৰদান কৰি জাতিৰ নায়ক হিচাপে ফুলৰ মালা লৈ ডিঙি বেঁকা হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ- ভৈয়াম বুলি কৈ অসমখনক চাৰিটা ভাগত বিভক্ত কৰিছে বুলি মন্তব্য কৰে। চৰকাৰৰ দমন নীতি আৰু ৰঙা চকুক কোনো কাৰণতে ভয় নকৰে বুলি ব্যক্ত কৰি মনজিত মহন্তই কয় যে, খেলপথাৰত সীমাবদ্ধ আন্দোলনে চৰকাৰক লৰাব নোৱাৰিব, এই "কা" বিৰোধী আন্দোলন পুনৰ ৰাজপথলৈ ওলাই আহিব লাগিব আৰু তীব্ৰ হ'ব লাগিব। সভাত অংশ লৈ জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে কয় যে, "অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ যুঁজত যদি এইবাৰ আমি হাৰো তেতিয়া হ'লে অসমীয়া জাতিৰ স্বাভিমান আৰু জাতিসত্বা কেতিয়াও ৰক্ষা কৰিব নোৱাৰোঁ। কেইবা হাজাৰ লোক উপস্থিত থকা এই প্ৰতিবাদী জনসভাত সন্মিলিত সংগ্ৰামী মঞ্চৰ আহ্বায়ক লাচিত বৰদলৈ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সম্পাদক আজিজুল ৰহমান, কটন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, সংগীত শিল্পী নেকিব, বাবু, অজয় ফুকন, ৰেকিব, বৰপেটা জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি গুণজিৎ চৌধুৰী আদিয়ে অংশ লৈ ভাষণ প্ৰদান কৰে। সংগীত পৰিবেশন কৰাৰ মাজতে এই হিন্দু- মুছলমানৰ নামত হোৱা আন্দোলনৰ মাজত একাংশ মুছলমান লোকে সুবিধা লৈ আছে আৰু সেই সকলক চিনাক্ত কৰিবলৈ আহ্বান জনায় কন্ঠশিল্পী নেকিবে। আমি অসমীয়া সংস্কৃতিহে শিকিব লাগিব আমি ব'হাগ বিহু পাতিব লাগিব আৰু আমি ধৰ্মীয় ৰাজনীতি ওফৰাই দিব লাগিব বুলিও নেকিবে উদাক্ত কন্ঠে আহ্বান জনায়। আলী বা হুছেইন চাই ভোট দিয়াৰ সলনি এগৰাকী ভাল মানুহ চাই ভোট প্ৰদান কৰিবলৈও কন্ঠশিল্পী নেকিবে আহ্বান জনায়। একেদৰে জনপ্ৰিয় কন্ঠশিল্পী বাবুই মানুহ হত্যাকাৰী বিজেপিক পুনৰ ভোট নিদিবলৈ স্পষ্ট ভাবে আহ্বান জনায় আৰু অসমীয়া ভাষা সংস্কৃতি বিপন্ন কৰিব খোজা এই সংশোধিত নাগৰিকত্ব আইন কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে। অসম বেচিব বিচৰা বেপাৰী চৰকাৰ আখ্যা দি এই প্ৰতিবাদী জনসভাৰ পৰাই চৰকাৰক কঠোৰ সকিয়নী প্ৰদান কৰে কন্ঠশিল্পী বাবু বৰুৱাই।
एक साल में बाइबल - ইণ্ডিয়ান ৰিভাইচ ভাৰচন - मार्च 15\nগণনা পুস্তক 27:1-23\n1. পাছত যোচেফৰ পুত্ৰ মনচিৰ গোষ্ঠীৰ মাজৰ মনচিৰ বৃদ্ধ পৰিনাতি, মাখীৰৰ পৰিনাতি, গিলিয়দৰ নাতি হেফৰৰ পুত্র চলফাদৰ জীয়েক যি মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা, তেওঁলোক মোচিৰ ওচৰলৈ আহিল।\n2. তেওঁলোকে মোচি, পুৰোহিত ইলিয়াজৰ, অধ্যক্ষসকল আৰু গোটেই মণ্ডলীৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ সন্মুখত থিয় হৈ এই কথা ক'লে বোলে,\n3. "আমাৰ পিতৃৰ মৰুপ্রান্তত মৃত্যু হ'ল; তেওঁ কোৰহৰ দলৰ মাজত, যিহোৱাৰ বিৰুদ্ধে আলচ পতাসকলৰ দলৰ মাজত নাছিল, তেওঁৰ নিজ পাপতেহে মৃত্যু হৈছিল; অৰ্থাৎ তেওঁৰ নিজ পাপৰ কাৰণেই তেওঁৰ মৃত্যু হৈছিল।\n4. আমাৰ পিতৃৰ পুত্ৰ সন্তান নথকাত তেওঁৰ গোষ্ঠীৰ মাজৰ পৰা তেওঁৰ নাম কিয় লোপ পাব? আমাৰ পিতৃ বংশৰ ভাইসকলৰ মাজত আমাকো আমাৰ উত্তৰাধীকাৰ দিয়ক।"\n5. তেতিয়া মোচিয়ে সেই বিষয়ে যিহোৱাৰ আগত তেওঁলোকৰ কথা ক'লে।\n6. তেতিয়া যিহোৱাই মোচিক কলে,\n7. "চলফাদৰ জীয়েকসকলে ঠিকেই কৈছে। তুমি তেওঁলোকৰ পিতৃ বংশৰ ভাইসকলৰ মাজত অৱশ্যে তেওঁলোকক উত্তৰাধিকাৰ দিবা আৰু তেওঁলোকৰ পিতৃৰ উত্তৰাধীকাৰ তেওঁলোকে যেন পাই সেই বিষয়ে নিশ্চিত কৰিবা।\n8. আৰু ইস্ৰায়েলৰ সন্তান সকলক কোৱা, 'কোনো এজন লোকৰ যদি মৃত্যু হয় আৰু তেওঁৰ যদি কোনো পুত্ৰ নাথাকে তেতিয়া তোমালোকে তেওঁৰ উত্তৰাধিকাৰ তেওঁৰ জীয়েকক গতাই দিবা।\n9. যদি তেওঁৰ জীয়েক নাথাকে, তেন্তে তেওঁৰ ভায়েক-ককায়েকক তেওঁৰ উত্তৰাধিকাৰ দিবা।\n10. যদি তেওঁৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তেওঁৰ পিতৃৰ ভাইসকলক তেওঁৰ উত্তৰাধিকাৰ দিবা।\n11. যদি তেওঁৰ পিতৃৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তাৰ গোষ্ঠীৰ মাজৰ আটাইতকৈ ওচৰৰ সম্বন্ধীয়া লোক জনক তেওঁৰ উত্তৰাধীকাৰ দিবা; আৰু তেওঁ তাক নিজ অধিকাৰ কৰিব। মোচিলৈ কোৱা যিহোৱাৰ আজ্ঞাৰ দৰে এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ স্বত্ববিষয়ক বিধি হ'ব'।"\n12. যিহোৱাই মোচিক পুনৰায় কলে, "তুমি অবাৰীম পৰ্ব্বতত উঠি, যি দেশ মই ইস্ৰায়েলৰ সন্তান সকলক দিলোঁ, তাক চোৱা।\n13. তাক দেখাৰ পাছত তোমাৰ ভাই হাৰোণৰ নিচিনাকৈ তোমাকো নিজ লোকসকলৰ ওচৰলৈ নিয়া হ'ব।\n14. কিয়নো ছিন মৰুপ্রান্তত মণ্ডলীৰ বিবাদত, শিলৰ পৰা জল বৈ যোৱা সময়ত তোমালোকে লোকসকলৰ আগত মোক পবিত্ৰৰূপে মান্য কৰিবলৈ দিয়া আজ্ঞা উলঙ্ঘন কৰিলা।" সেই জল ছিন অৰণ্যৰ কাদেচত থকা মিৰীবাৰ জল।\n15. তেতিয়া মোচিয়ে যিহোৱাক ক'লে,\n16. "হে যিহোৱা, আপুনি সকলোৰে শৰীৰত থকা আত্মাৰ ঈশ্বৰ, আপুনি মণ্ডলীৰ ওপৰত এজন লোকক নিযুক্ত কৰক, যি জন লোকে\n17. ইস্ৰায়েলৰ সন্তান সকলৰ আগত অহা-যোৱা কৰিব পাৰে আৰু তেওঁলোকক বাহিৰলৈ-ভিতৰলৈ নিব পাৰে যাতে যিহোৱাৰ মণ্ডলী ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনা নহয়।"\n18. তেতিয়া যিহোৱাই মোচিক ক'লে, "মোৰ আত্মাই বাস কৰা নুনৰ পুত্ৰ যিহোচূৱাক লৈ তেওঁৰ মূৰত হাত দিয়া,\n19. আৰু ইলিয়াজৰ পুৰোহিত আৰু গোটেই মণ্ডলীৰ আগত তেওঁক উপস্থিত কৰি তেওঁলোকৰ আগতে তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁক আদেশ দিয়া।\n20. ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে তেওঁৰ আজ্ঞা মানিবৰ কাৰণে তেওঁক নিজ সন্মানৰ ভাগী কৰা।\n21. তেওঁ পুৰোহিত ইলিয়াজৰ সন্মুখত থিয় হ'ব, আৰু ইলিয়াজৰে তেওঁৰ কাৰণে ঊৰীমৰ বিচাৰৰ দ্বাৰাই যিহোৱাক সুধিব, তেতিয়া তেওঁ আৰু তেওঁৰ লগত ইস্ৰায়েলৰ সকলো সন্তান সকলে, গোটেই মণ্ডলীয়ে সৈতে ইলিয়াজৰৰ আজ্ঞাতে বাহিৰলৈ-ভিতৰলৈ অহা-যোৱা কৰিব।"\n22. পাছত মোচিয়ে যিহোৱাই দিয়া আজ্ঞাৰ দৰেই কাৰ্য কৰিলে; তেওঁ যিহোচূৱাক নি, গোটেই মণ্ডলীৰ আগত উপস্থিত কৰিলে।\n23. তেওঁ তেওঁৰ মূৰত হাত দি, মোচিৰ দ্বাৰাই কোওৱা যিহোৱাৰ বাক্য অনুসাৰে তেওঁক আদেশ দিলে।\nগণনা পুস্তক 28:1-31\n2. "তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া আৰু কোৱা, 'তেওঁলোকে যেন মোৰ উপহাৰ আৰু মোৰ সুঘ্ৰাণাৰ্থক মোৰ ভক্ষ্যস্বৰূপ মোৰ অগ্নিকৃত উপহাৰ নিজ নিজ নিয়মিত সময়ত মোৰ অৰ্থে উৎসৰ্গ কৰিবৰ বাবে তেওঁলোক যেন সজাগে থাকে'।\n3. এই হেতুকে তুমি ইয়াকো তেওঁলোকক কোৱা যে, 'তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব লগা অগ্নিকৃত উপহাৰ এই, প্ৰতিদিনে নিত্য হোমৰ অৰ্থে দুটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি ল'বা।\n4. এটা মেৰ পোৱালি ৰাতিপুৱা উৎসৰ্গ কৰিবা আৰু আনটো মেৰ পোৱালি সন্ধিয়া পৰত উৎসৰ্গ কৰিবা।\n5. আৰু ভক্ষ্য নৈবেদ্যৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ খুন্দি উলিওৱা তেল মিহলোৱা ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি ল'বা।\n6. এয়ে নিত্য হোম; যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰস্বৰূপে চীনয় পৰ্ব্বতত এই আজ্ঞাই নিৰূপিত হৈছিল।\n7. আৰু তাৰ প্ৰথম মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰি ভাগৰ এভাগ তাৰ পেয় নৈবেদ্য হ'ব; তুমি পবিত্ৰ স্থানত যিহোৱাৰ উদ্দেশ্যে পেয় নৈবেদ্যস্বৰূপে ৰাগীয়াল ৰস ঢালি দিবা।\n8. আৰু দ্বিতীয় মেৰ পোৱালিটো সন্ধিয়া পৰত উৎসৰ্গ কৰিবা; ৰাতিপুৱা দিয়া ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যৰ দৰে তাকো যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা।\n9. আৰু বিশ্ৰাম-দিনত দুটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি, আৰু তেল মিহলোৱা ঐফাৰ দহ ভাগৰ দুভাগ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা;।\n10. নিত্য হোম আৰু পেয় নৈবেদ্যৰ বাহিৰেও প্ৰতি বিশ্ৰাম-বাৰে এই হোম হ'ব।\n11. আৰু প্ৰত্যেক মাহৰ আৰম্ভণিতে তোমালোকে যিহোৱাৰ উদ্দেশ্যে হোমৰ বাবে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিঘূণ মতা মেৰ পোৱালি, এই সকলোকে উৎসৰ্গ কৰিবা।\n12. আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে ঐফাৰ দহ ভাগৰ তিনি ভাগ, তেল মিহলোৱা মিহি আটাগুড়ি, আৰু মতা মেৰটোৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে দহ ভাগৰ দুভাগ, তেল মিহলোৱা মিহি আটাগুড়ি,\n13. আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি উৎসৰ্গ কৰিবা; সেয়ে সুঘ্ৰাণাৰ্থক হোম-বলি, যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ।\n14. আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে হীনৰ আধা ভাগ, আৰু মতা মেৰটোৰ কাৰণে হীনৰ তিনি ভাগৰ এভাগ আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰস সেইবোৰৰ পেয় নৈবেদ্য হ'ব; এয়ে বছৰৰ প্ৰত্যেক মাহত কৰিব লগীয়া মাহেকীয়া হোম।\n15. আৰু যিহোৱাৰ উদ্দেশ্যে পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক কৰিব লাগিব।\n16. পাছত প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব হ'ব।\n17. আৰু সেই মাহৰ পঞ্চদশ দিনা উৎসৱ হ'ব, সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব।\n18. প্ৰথম দিনা পবিত্ৰ সভা হ'ব; সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।\n19. কিন্তু যিহোৱাৰ উদ্দেশ্যে হোম-বলিৰ অৰ্থে অগ্নিকৃত উপহাৰস্বৰূপে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; সেইবোৰ নিঘূণ পশু হ'ব।\n20. আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনিভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ।\n21. আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ'ব।\n22. আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা।\n23. নিত্য হোমৰ অৰ্থে ৰাতিপুৱাৰ যি হোম-বলি, তাৰ বাহিৰেও এই সকলোকে উৎসৰ্গ কৰিবা।\n24. এই নিয়ম অনুসাৰে তোমালোকে সাত দিনলৈকে প্ৰতি দিনে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে ভক্ষ্যস্বৰূপ অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক উৎসৰ্গ কৰিবা।\n25. আৰু সপ্তম দিনা তোমালোকৰ পবিত্ৰ সভা হ'ব। সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা।\n26. যি দিনা তোমালোকে সাত সপ্তাহৰ অন্তত হোৱা পৰ্ব্বত যিহোৱালৈ কোনো নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰা, প্ৰথমে পকা ফল দিয়া সেই দিনা তোমালোকৰ পবিত্ৰ সভা হ'ব। সেই দিনা কোনো ব্যৱসায় কৰ্ম নকৰিবা।\n27. কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলিস্বৰূপে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি\n28. আৰু প্রত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ।\n29. আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।\n30. আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ এটা মতা ছাগলী উৎসৰ্গ কৰিবা।\n31. নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে আৰু এইবোৰৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা; এই সকলো নিঘূণ পশু হ'ব লাগিব'।"\n8. যিহোৱা যে মঙ্গলময় তাক তোমালোকে আস্বাদন কৰি চোৱা; তেওঁত আশ্ৰয় লোৱা লোক ধন্য।\n9. হে যিহোৱাৰ পবিত্ৰ লোকসকল, তোমালোকে তেওঁলৈ ভয় ৰাখা; কিয়নো যিসকলে তেওঁলৈ ভয় ৰাখে, তেওঁলোকৰ একোৰে অভাৱ নহয়।\n10. ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়ঃ কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।\n11. হে সন্তান সকল আহাঁ, তোমালোকে মোৰ বাক্য শুনা; মই তোমালোকক যিহোৱাৰ ভয় শিকাম।\n12. তোমালোকৰ মাজত কোনে এই জীৱন ভোগ কৰিব বিচাৰে? সুখ ভোগ কৰিবৰ কাৰণে কোনে দীর্ঘায়ু বিচাৰে?\n13. তুমি দুষ্টতাৰ পৰা তোমাৰ জিভা আৰু ছলনা বাক্যৰ পৰা তোমাৰ ওঁঠক ৰাখা।\n14. তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম কৰা,; তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা।\n29. যিজনে নিজৰ পৰিয়ালক দুখ দিয়ে, তেওঁৰ বায়ুৰূপ আধিপত্য হ'ব; আৰু অজ্ঞানী লোক বুদ্ধিমানৰ দাস হ'ব।\n1. নিস্তাৰ-পৰ্ব আৰু খমিৰ নোহোৱা পিঠাৰ পৰ্বলৈ দুদিন আছিল; এনে সময়ত প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক গোপনে ধৰি বধ কৰিব পাৰে, সেই বিষয়ে উপায় বিচাৰিলে;\n2. এনেতে তেখেত সকলে ক'লে, "পৰ্বৰ সময়ত যেন নহয়, কিয়নো মানুহৰ মাজত হুলস্থুল দৃষ্টি গোচৰ হব নালাগে।"\n3. পাছত তেওঁ যেতিয়া বৈথনিয়া গাঁৱৰ চিমোন কুষ্ঠৰোগীৰ ঘৰত ভোজন কৰিবলৈ আহিল, তাতে তেওঁ ভোজনৰ মেজ পুনৰ পৰিষ্কাৰ কৰিলে; তেতিয়া এজনী তিৰোতাই বহুমুলীয়া বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল লৈ আহিল। তাতে তাই সেই টেমাটো ভাঙি যীচুৰ মুৰত তেল বাকী দিলে।\n4. সেই সময়ত তাত উপস্থিত থকা কিছুমান লোকে কুপিত হৈ ইজনে- সিজনক ক'ব ধৰিলে, "এনেদৰে নষ্ট হোৱাৰ কাৰণ কি?\n5. কিয়নো এই সুগন্ধি তেল বিক্ৰী কৰি, তিনি শ আধলি তকৈয়ো অধিক পালোহেঁতেন আৰু দৰিদ্ৰ সকলক দান দিব পাৰিলেহেঁতেন।" তাতে তেওঁলোকে সেই মহিলা গৰাকীক নিন্দা কৰিলে।\n6. কিন্তু যীচুৱে ক'লে, "তেওঁক এৰি দিয়া; তেওঁক কিয় অশান্তি কৰি আছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে।\n7. দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব আৰু যেতিয়া তোমালোকৰ ইচ্ছা হয়, তেতিয়াই তেওঁলোকৰ উপকাৰ কৰিব পাৰা; কিন্তু তোমালোকে মোক সদায় তোমালোকৰ লগত নাপাবা।\n8. তেওঁ যি পাৰিলে তাকে কৰিলে; মোক মৈদামত থোৱা কাৰ্যৰ কাৰণে আগেয়ে মোৰ শৰীৰত তেল সানিলে।\n9. মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ'ব, সেই সকলো ঠাইত তেওঁক সুঁৱৰিবৰ অৰ্থে, তেওঁ যি কৰ্ম কৰিলে, এই কৰ্মকো ঘোষণা কৰা হ'ব।"\n10. পাছত ঈষ্কৰিয়োতীয়া যিহূদা সেই বাৰ জনৰ এজন, তেওঁ যীচুক প্ৰধান পুৰোহিত সকলৰ হাতত শোধাই দিবলৈ তেখেত সকলৰ ওচৰলৈ গ'ল।\n11. তেখেত সকলে তেওঁৰ কথা শুনি আনন্দিত হৈ তেওঁক ধন দিবলৈ প্ৰতিজ্ঞা কৰিলে। তাতে তেওঁ যীচুক সুবিধা অনুসৰি শোধাই দিবলৈ উপায় বিচাৰিলে।\n12. খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা অৰ্থাৎ নিস্তাৰপৰ্বৰ মেৰ পোৱালি বলি দিয়াৰ দিনা তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, "আপোনাৰ বাবে নিস্তাৰ-পৰ্বৰ ভোজ কোন ঠাইত যুগুত কৰিবলৈ আপুনি ইচ্ছা কৰে?"\n13. তেতিয়া যীচুৱে নিজৰ দুজন শিষ্যক পঠিয়ালে আৰু ক'লে, "তোমালোক নগৰলৈ যোৱা; তাতে একলহ পানী লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব; তেওঁৰ পাছে পাছে যাবা;\n14. আৰু তেওঁ যি ঘৰত সোমায়, সেই ঘৰৰ গৰাকীক ক'বা, 'গুৰুৱে কৈছে, মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ-পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠা ক'ত'?"\n15. তেতিয়া তেওঁ আচ-বাবেৰে সজোৱা ওপৰ-মহলৰ এটা কোঠালি দেখুৱাই দিব; তাতে আমাৰ বাবে ভোজন যুগুত কৰাগৈ।\n16. তেতিয়া শিষ্য দুজন ওলাই নগৰলৈ গ'ল আৰু যীচুৱে যেনেকৈ কৈছিল, তেনেকৈয়ে তেওঁলোকে সকলোবোৰ পালে। পাছত তেওঁলোকে তাতে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলে।\n17. পাছত সন্ধিয়া সময়ত তেওঁ বাৰ জন শিষ্যৰ লগত সেই ঠাইলৈ আহিল।\n18. তাতে তেওঁলোকে যেতিয়া ভোজনৰ মেজত বহিল আৰু খাব ধৰিলে, তেতিয়া যীচুৱে ক'লে, "মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে অৰ্থাৎ মোৰ লগত ভোজন কৰা জনেই মোৰ বিশ্ৱাসঘাতক হব।"\n19. তেতিয়া তেওঁলোক সকলোৱে দুখ কৰিলে, আৰু এজন এজনকৈ তেওঁক ক'লে, "সেই জন নিশ্চয় মই নহয়?"\n20. তাতে তেওঁ তেওঁলোকক ক'লে, "এই বাৰ জনৰ মাজৰ যি জনে মোৰে সৈতে ভোজন-পাত্ৰত পিঠা জুবুৰিয়ায়, তেৱেঁই সেই জন।\n21. কিয়নো মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ'ব; কিন্তু যি জন মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হ'ল, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহ জনৰ জন্ম নোহোৱা হ'লেই তেওঁৰ ভাল আছিল।"\n22. তেওঁলোকে ভোজন কৰোঁতে, তেওঁ পিঠা লৈ, আশীৰ্বাদ কৰিলে আৰু ভাঙি তেওঁলোকক দি ক'লে, "লোৱা; এয়ে মোৰ শৰীৰ।"\n23. পাছত তেওঁ পান পাত্ৰটো লৈ স্তুতি কৰি তেওঁলোকক দিলে। তাতে সকলোৱে তাক পান কৰিলে।\n24. তেওঁ তেওঁলোকক ক'লে, "বিধানৰ মতে মোৰ যি তেজ অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই নিয়মৰ তেজ।\n25. মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যত ৰস পান নকৰা দিনলৈকে এতিয়াৰ পৰা দ্ৰাক্ষাগুটিৰ ৰস পুনৰ পান নকৰোঁ।"\n26. পাছত তেওঁলোকে গীত গাই গাই বাহিৰলৈ ওলাই আহি জৈতুন পৰ্বতলৈ গ'ল।
"অসম গণ পৰিষদ দলৰ মন্ত্ৰিত্বৰ লগতহে সম্পৰ্ক আছে, ৰাইজৰ সমস্যাৰ লগত কোনো সম্পৰ্ক নাই।" এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক তথা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হৰিশ ৰাৱতৰ। বৰপেটা জিলাৰ জনিয়াত আজি বিয়লি অনুষ্ঠিত এখন পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাৱতে বিজেপি, এ আই য়ু ডি এফ আৰু অগপক তুলাধুনা দিয়ে। সম্প্ৰতি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ যুঁজ চলা বুলি উল্লেখ কৰি অগপ, এ আই য়ু ডি এফ দলক ভোট দিয়া মানে বিজেপিকে ভোট দিয়া বুলিও মন্তব্য কৰে নেতাজনে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
আজিৰ খবৰ, গুৱাহাটী, ৯ নৱেম্বৰঃ অসমৰ প্ৰাক্তন সাতোঁৰবিদ তথা বৰ্তমানৰ চেনেল ছুইমাৰ এলভিছ আলী হাজৰিকাই বুকুত অদম্য সাহস লৈ পুনৰ সাতোঁৰিবলৈ ওলাইছে ইংলিছ চেনেল। ২০১৮ত সাতোঁৰবিদজনে ইংলিচ চেনেল সাতোঁৰাৰ প্ৰয়াস কৰিছিল যদিও ক্ষীণমান দুৰত্বৰ বাবে ব্যৰ্থ হৈছিল। তাৰপাছতো আশা এৰি দিয়া নাই এলভিছে। এলভিছে অহাবৰ্ষৰ ১৭-২২ জুনৰ ভিতৰত ইংলিছ চেনেল সাতোঁৰাৰ চেষ্টা কৰিব। পূৰ্বতে এলভিছে ইংলেণ্ডৰ পৰা ফ্ৰান্স সংযোগী ইংলিছ চেনেলত 'ৱান ৱে ছুইম' কৰিবলৈ চেষ্টা কৰিছিল যদিও এইবাৰ 'টু ৱে ছুইম' কৰিব। অৰ্থাৎ ইংলেণ্ডৰ পৰা ফ্ৰান্স পোৱাৰ পাছত পুনৰ ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ উভতি আহিব। এই সাতোঁৰৰ মূঠ দুৰত্ব হ'ল ৭৮ কিলোমিটাৰ।এই ৰীলে সাতোঁৰত প্ৰতিগৰাকী সন্তৰণবিদক এটা নিদিষ্ট দুৰত্ব সাতোঁৰিবলৈ দিয়া হ'ব। আজি এই সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰি এলভিছে কয় যে ইংলিছ চেনেল সাতোঁৰাৰ বাবে প্ৰয়োজন হ'ব প্ৰায় ১৫ লাখ টকা। ইয়াৰ বাবে অসম চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান সমূহক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে এলভিছ আলী হাজৰিকাই। স্মৰ্তব্য যে, চলিত ছেপ্টেম্বৰত এলভিছে নৰ্ডান আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ড সংযোগী নৰ্থ চেনেল সফলতাৰে অতিক্ৰম কৰিছিল। তদুপৰি ২০১৯ত আমেৰিকাৰ পৰা মেক্সিকো সংযোগী কেটেলিনা চেনেলো সাতোঁৰিবলৈ সক্ষম হৈছিল সাতোঁৰবিদজনে। আজিৰ সংবাদলমেলত অসম অলিম্পিক সন্থাৰ উপসভাপতি ঋতুবৰণ শৰ্মা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰণয় বৰদলৈ আৰু সুবোধ মল্ল বৰুৱা, কামৰূপ মহানগৰৰ ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি কলিতা তথা অসম অলিম্পিক সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।
দৰ্শন (ইংৰাজীঃ Philosophy) জ্ঞানৰ অন্যতম প্ৰাচীন এটি শাখা। ফিল'ছফী শব্দটোৰ প্ৰথম ব্যৱহাৰ কৰিছিলে গ্ৰীক চিন্তাবিদ আৰু গণিতজ্ঞ পাইথাগাৰাছে। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ সময়ত শব্দটো প্ৰথম ব্যৱহৃত হয়। পাইথেগাৰাছে প্ৰথম ফিল'ছফী শব্দটো ব্যৱহাৰ কৰে love of wisdom অৰ্থাত্ প্ৰজ্ঞাৰ প্ৰতি অনুৰাগ হিচাপে। দৰ্শনৰ সংজ্ঞা হিছাপে এই বিষয়টোকেই গ্ৰহণ কৰা যায়। আৰু নিৰ্দিষ্টভাৱে ক'ব গ'লে দৰ্শন জ্ঞানৰ এনে এটা ধাৰা য'ত, মানুহে কিভাবে জীৱন নিৰ্বাহ কৰা উচিত (নীতিবিদ্যা); কোন ধৰণৰ বস্তুৰ অস্তিত্ব আছে আৰু সিহঁতৰ প্ৰকৃতি কি (অধিবিদ্যা); প্ৰকৃত জ্ঞান বুলিলে যি বুজায় আৰু কাৰণ প্ৰদৰ্শনৰ সঠিক নীতি কি কি (যুক্তিবিদ্যা); এই বিষয়সমূহ সম্পৰ্কে আলোচনা কৰে।\nফিল'ছফী শব্দটি প্ৰাচীন গ্ৰীক ভাষাৰ পৰা উত্পত্তি হৈছে। গ্ৰীক ভাষাত φιλοσοφία (philosophía) শব্দটো φίλος (ফিলছঃ বন্ধু, ভালপোৱাৰ পাত্ৰ) আৰু σοφία (ছফিয়াঃ প্ৰজ্ঞা) শব্দদুটা জড়িত হৈ উত্পত্তি হৈছে। ইয়াৰ পৰা স্পষ্টভাৱে বুজা যায় যে, দৰ্শনৰ লগত প্ৰজ্ঞা, আৰু নিৰ্দিষ্টভাৱে ক'ব গ'লে প্ৰজ্ঞাৰ প্ৰতি ভালপোৱাৰ মূল সম্পৰ্ক আছে। জ্ঞান আৰু প্ৰজ্ঞা একেই নহয়। ঘটনা আৰু তথ্য সম্পৰ্কে স্পষ্ট আৰু নিৰ্ভুল ধাৰণাৰ পৰা জ্ঞান লাভ কৰা যায়, কিন্তু দাৰ্শনিক (যিয়ে দৰ্শন চৰ্চা কৰে সেই ব্যক্তিক দাৰ্শনিক বোলা হয়) কেৱল তথ্যগত জ্ঞানৰ ওপৰতে নিৰ্ভৰ নকৰে। দৰ্শনৰ প্ৰধান কাম্য বিষয় প্ৰজ্ঞা। প্ৰজ্ঞাৰ অনুসন্ধান আৰু চৰ্চাৰ মাধ্যমৰে দৰ্শনে বিকাশ লাভ কৰে।\nড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে, "দৰ্শন হৈছে বাস্তৱ প্ৰকৃতিৰ তৰ্কমূলক অনুসন্ধান।"(Philosophy is the logical enquiry into the nature of reality.)\n"https://as.wikipedia.org/w/index.php?title=দৰ্শন&oldid=283423"ৰ পৰা অনা হৈছে\nশেষ সম্পাদনা কৰা হৈছে 24 June 2021 তাৰিখে 18:55 বজাত\nএই পৃষ্ঠাখন ২৪ জুন, ২০২১ তাৰিখে ০০ঃ২৫ বজাত অন্তিম সংশোধন কৰা হৈছিল।\nআন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 3.0 ৰ আওতাত উপলব্ধ। এই পৃষ্ঠাটোৰ সংক্ষিপ্ত ইউ.আৰ.এল. : https://as.wikipedia.org/?curid=37974।
কানাডা - Howling Pixel\n45°24′N 75°40′W / 45.4°N 75.667°W\n- জলভাগ (%) ৮.৯২ ( বৰ্গ কিমি)\n- 2019 আনুমানিক '"`UNIQ--ref-০০০০০০০৪-QINU`"' (৩৫)\nকানাডাৰ চৰকাৰ ব্যৱস্থা এখন সংসদীয় গণতন্ত্ৰভিত্তিক আৰু এখন সাংবিধানিক ৰাজতন্ত্ৰ ইয়াত প্ৰচলিত। কানাডাৰ চৰকাৰ দুভাগত বিভক্ত। কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰাদেশিক বা আঞ্চলিক চৰকাৰ। প্ৰশাসনিক অঞ্চলসমূহৰ তুলনাত প্ৰদেশসমূহত স্বায়ত্তশাসনৰ পৰমাণ বেছি। কানাডাৰ বৰ্তমানৰ সংবিধান খন ১৯৮২ চনত ৰচনা কৰা হয়। এই সংবিধানে পূৰ্বৰ সাংবিধানিক আদেশসমূহক একত্ৰিত কৰি এক হয় আৰু ইয়াৰ অধিকাৰ আৰু স্বাধীনতাৰ ওপৰত এখন চাৰ্টাৰ যোগ কৰা হয়। এই সংবিধানে কানাডাৰ নিজস্ব স্থানীয় চৰকাৰক সেই সংবিধানৰ ওপৰত পূৰ্ণ ক্ষমতা প্ৰদান কৰে।\nকানাডা বিশ্বৰ সকলোতকৈ ধনী দেশসমূহৰ অন্যতম। দেশখন অৰ্গানাইজেচন ফৰ ইক'নমিক কোঅপাৰেচন এণ্ড ডেভেল'পমেন্ট (অ'ইচিডি) আৰু জি৮ গ্ৰুপৰ সদস্য। অন্যান্য উন্নত দেশসমূহৰ দৰেই কানাডাৰ অৰ্থনীতিৰ সিংহভাগ সেৱামূলক শিল্প লৈয়ে গঠিত। কাঠ আৰু খনিজ তেল আহৰণ শিল্প কানাডাৰ দুটি প্ৰধান বৃহৎ উদ্যোগ। আনহাতে দক্ষিণ অণ্টেৰিয়'ক কেন্দ্ৰ কৰি উৎপাদনৰ এক উদ্যোগ গঢ় লৈ উঠিছে। ইয়াৰোপৰি মটৰযান উৎপাদন উদ্যোগও কানাডাৰ অন্যতম প্ৰধান উদ্যোগ।\n↑ "Canada's population clock". Statistics Canada. http://www.statcan.gc.ca/pub/82-003-x/pop/pop-h-clock-eng.htm। আহৰণ কৰা হৈছেঃ 2019-10-17.\nঅসম বিশ্ববিদ্যালয় অসমৰ কাছাৰ জিলাত অৱস্থিত এখন বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় খনত মুঠ ষোল্লখন বিদ্যাপীঠ আছে, এইসমূহত সমাজ বিজ্ঞান, কলা, জীৱ বিদ্যা, ভোতিক বিদ্যা, পৰিৱেশ বিদ্যা, তথ্য বিজ্ঞান, প্ৰযুক্তি আৰু ব্যৱস্থাপনা বিদ্যাপীঠ আদি অন্তৰ্ভুক্ত। এই ষোল্লখন বিদ্যাপীঠৰ অধীনত বিশ্ববিদ্যালয়খনত মুঠ ৩৫ টা বিভাগ আছে। অসমৰ পাঁচখন জিলাত বিশ্ববিদ্যালয়খনৰ অধীনত মুঠ ৫৬খন স্নাতক মহাবিদ্যালয় আছে।\nবিশ্ববিদ্যালয় খনৰ মূল চৌহদৰ মাটিকালি প্ৰায় ৬০০ একৰ (২.৪ বৰ্গ কি.মি.), ই শিলচৰৰ পৰা ২০ কি.মি. নিলগৰ দূৰ্গাকোনাত অৱ্স্থিত, আনহাতেদি বিশ্ববিদ্যালয়খনৰ দ্বিতীয়টো চৌহদ কাৰ্বি আংলং জিলাৰ ডিফুত অৱস্থিত।\nআন্তৰ্জাতিক অলিম্পিক কমিটি (ইংৰাজীঃ International Olympic Committee চমুকৈ IOC) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য'ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়। প্ৰতিটো সংকেতেই সাধাৰণতে ৰাষ্ট্ৰীয় অলিম্পিক কমিটি (National Olympic Committee) চিহ্নিত কৰে। কিন্তু আগৰ অলিম্পিক সমুহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ ক'ড ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায়, যেনে বিভিন্ন দেশৰ এথলিটেৰে গঢ়া দল সমূহ, বা এনে দল যি কোন দেশকে পোনপটীয়াকৈ প্ৰতিনিধিত্ব নকৰে।\nকিছু সংখক আইঅ'চি সংকেত আদৰ্শ আইঅ'চি ৩১৬৬-১ আলফা-৩ সংকেততকৈ বেলেগ। অন্যান্য ক্ৰীড়া প্ৰতিষ্ঠান, যেনে ফিফা, ফিবা বা কমনৱেলথ গেমছ ফেডাৰেছন আদিয়েও নিজ দলক প্ৰকাশৰ বাবে একেধৰনৰ চমুকৈ দেশৰ বাবে একোটা সংকেত ব্যৱহাৰ কৰে।\nআমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত পঞ্চাশখন ৰাজ্য আৰু এখন যুক্তৰাষ্ট্ৰীয় জিলাৰে গঠিত এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক গণতন্ত্ৰিক ৰাষ্ট্ৰ। এই দেশ ইউনাইটেড ষ্টেট্চ অব আমেৰিকা নামেৰেও জনাজাত। পশ্চিমে প্ৰশান্ত আৰু পূবে আটলান্টিক মহাসাগৰৰ মধ্যস্থলত এই ৰাষ্ট্ৰ অৱস্থিত; উত্তৰ আৰু দক্ষিণ সীমান্তত যথাক্ৰমে কানাডা আৰু মেক্সিকো ৰাষ্ট্ৰদ্বয় অৱস্থিত। আলাস্কা ৰাজ্যখন মহাদেশৰ উত্তৰ-পশ্চিমত অৱস্থিত; এই ৰাজ্যৰ পূব সীমাত কানাডা আৰু পশ্চিমে বেৰিং প্ৰণালী; তাৰ কাষতে ৰাছিয়া। আনহাতে হাৱাই ৰাজ্যখন মধ্য-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অৱস্থিত এটি দ্বীপপুঞ্জ। ইয়াৰোপৰি কেৰিবিয়ান আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অসংখ্য দ্বীপপুঞ্জ আমেৰিকা যুক্তৰাষ্ট্ৰ অন্তৰ্ভুক্ত।\nআমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়তন ৩.৭৯ মিলিয়ন বৰ্গমাইল (৯.৮৩ মিলিয়ন বৰ্গকিলোমিটাৰ)। দেশখনৰ জনসংখ্যা প্ৰায় ৩০৯ মিলিয়ন। সামগ্ৰিক আয়তনৰ হিচাপ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ তৃতীয় অথবা চতুৰ্থ বৃহত্তম ৰাষ্ট্ৰ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমাজ বিশ্বেৰ সকলোতকৈ বৈচিত্ৰ মণ্ডিত বহুজাতিক সমাজব্যৱস্থা। আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ বিভিন্ন দেশৰ বহু মানুহৰ সংমিশ্ৰণত গঠন হোৱা এক বহুসংস্কৃতিবাদী ৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ বৃহত্তম অৰ্থনীতি। ২০০৮ চনত দেশৰ আনুমানিক জিডিপি হাৰ আছিল ১৪.৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ (বিশ্বৰ জিডিপিৰ এক চতুৰ্থাংশ)।\nউত্তৰ আমেৰিকা (ইংৰাজীঃ North America; স্পেনীছঃ América del Norte বা Norteamérica; ফৰাচীঃ Amérique du Nord; ওলন্দাজঃ Noord-Amerika; পাপিয়ামেন্টোঃ Nort Amerika; গ্ৰীণলেণ্ডিকঃ Amerika Avannarleq) পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভূক্ত এখন মহাদেশ। মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত। ইয়াৰ উত্তৰত উত্তৰ মহাসাগৰ, পূৱত উত্তৰ আটলান্টিক মহাসাগৰ, দক্ষিণ-পূৱত কেৰিবীয় সাগৰ, আৰু দক্ষিণ আৰু পশ্চিমৰ প্ৰশান্ত মহাসাগৰ অৱস্থিত। ইয়াৰ দক্ষিণ-পূৱত দক্ষিণ আমেৰিকা মহাদেশে অৱস্থান কৰিছে। উত্তৰ আমেৰিকাৰ মাটিকালি ২,৪৭,০৯,০০০ বৰ্গ কিমি, যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ৪.৮% আৰু ভূ-ভাগৰ ১৬.৫%। ২০০৮ চনৰ পিয়ল অনুসৰি এই মহাদেশৰ জনসংখ্যা হৈছে প্ৰায় ৫২ কোটি। মাটিকালিৰ দিশৰ পৰা উত্তৰ আমেৰিকা এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পাছতে তৃতীয় বৃহত্তম আৰু জনসংখ্যাৰ ফালৰপৰা এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ পাছতে চতুৰ্থ বৃহত্তম মহাদেশ। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজীঃ The Americas) বুলা হয়।\nউৰ্দু ভাষা (اُردُو) ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইন্দো-আৰ্য শাখাৰ ভাষা। পাকিস্তানৰ প্ৰায় ১ কোটি লোক আৰু ভাৰতৰ প্ৰায় ৫ কোটি লোকৰ মাতৃভাষা উৰ্দু। তদুপৰি আফগানিস্তানৰ চহৰ সমূহত আৰু পাৰস্য উপসাগৰীয় দেশ সমূহত উৰ্দু ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, কানাডা, নৰৱে, অষ্ট্ৰেলিয়াৰ পাকিস্তানী অধিবাসী সকলে উৰ্দুত কথা পাতে। গোটেই বিশ্বত উৰ্দু মাতৃভাষীৰ সংখ্যা প্ৰায় ৬ কোটি।\nগুজৰাটী ভাষা (ইংৰাজীঃ Gujarati language; গুজৰাটী ভাষাতঃ ગુજરાતી গুজৰাতী) ইণ্ডো-আৰ্য ভাষা । ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।\nগুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।\nজৈনধৰ্ম (সংস্কৃতঃ जैन धर्म; ইংৰাজীঃ Jainism) প্ৰাচীন ভাৰতৰ প্ৰৱৰ্তিত এক ধৰ্মমত। বৰ্তমান বিশ্বৰ নানা দেশত এই ধৰ্মমতাৱলম্বীসকলক দেখা যায়। জৈনধৰ্মৰ মূল বক্তব্য হ'ল সকল জীৱৰ প্ৰতি শান্তি আৰু অহিংসাৰ পথ গ্ৰহণ। জৈন দৰ্শন আৰু ধৰ্মানুশীলনৰ মূল কথা হ'ল দৈৱ চৈতন্যেৰ আধ্যাত্মিক সোপানত স্বচেষ্টাৰ যোগেৰে আত্মাৰ উন্নতি সাধন কৰা। যি ব্যক্তি বা আত্মায়ে অন্তৰৰ শক্ৰক জয় কৰি সৰ্বোচ্চ অৱস্থা প্ৰাপ্ত কৰে তাকে জিন (জিতেন্দ্ৰিয়) আখ্যা দিয়া হয়। প্ৰাচীন ধৰ্মগ্ৰন্থবোৰত জৈনধৰ্মক শ্ৰমণ ধৰ্ম বা নিৰ্গ্ৰন্থৰ ধৰ্মও বোলা হৈছিল। কথিত আছে, তীৰ্থঙ্কৰ নামে ২৪ জন মহাজ্ঞানী কৃচ্ছ্বসাধকৰ এটা দলে পৰ্যায়ক্ৰমে জৈনধৰ্মক পুনৰুদ্ধাৰ কৰিছিল। ইয়াৰ মাজত ত্ৰাবিংশ তীৰ্থঙ্কৰ আছিল পাৰ্শ্বনাথ (খৃষ্টপূৰ্ব নৱম শতাব্দী) আৰু সৰ্বশেষ তীৰ্থঙ্কৰ আছিল মহাবীৰ (খৃষ্টপূৰ্ব ষষ্ঠ শতাব্দী)। আধুনিক বিশ্বত জৈনধৰ্মাৱলম্বীসকলৰ সংখ্যা তুলনামূলকভাৱে অনেক কম হ'লেও এই ধৰ্ম বেছ প্ৰভাৱশালী। ভাৰতত জৈন ধৰ্মাবলম্বীসকলৰ সংখ্যা প্ৰায় ১০,২০০,০০০। ইয়াৰ বাহিৰেও মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা, ইউৰোপ, জাপান, হংকং, ছিঙ্গাপুৰ, অষ্ট্ৰেলিয়া আদি বিশ্বৰ অন্য প্ৰান্তটো কিছু জৈনধৰ্মী দেখা পোৱা যায়।\nজৈনসকলে প্ৰাচীন শ্ৰমণ অৰ্থাৎ, কৃচ্ছ্বসাধনাৰ ধৰ্মক আজিও বহন কৰি চলি আহিছে। ভাৰতৰ ওপৰত ইয়াৰ ধৰ্মমত, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এই প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত হয়। শিক্ষাৰ ক্ষেত্ৰটো বৃত্তিদানৰ এক প্ৰাচীন প্ৰথা জৈনসকলৰ মাজত আজিও বিদ্যমান; আৰু ভাৰতত এই সম্প্ৰদায়ৰ সাক্ষৰতাৰ হাৰ অত্যন্ত বেছি।\nন'বেল বঁটা (২০০৯)\nন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০০৯ বৰ্ষত নিম্নোক্ত সকললৈ এই বঁটা আগবঢ়োৱা হৈছে।\nনাটো (North Atlantic Treaty Organisation) হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মুঠ ২৬ খন দেশৰ এক সন্ধি। ১৯৪৯ চনৰ ৪ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত বেলজিয়াম, কানাডা, পৰ্টুগাল, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নৰৱে, নেদাৰলেণ্ডছ, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰিয়েই নৰ্থ আটলাণ্টিক ট্ৰিয়েটি অৰ্গেনাইজেছন, সংক্ষেপে নাটো গঠন কৰা হয়। ১৯৯৯ চনত পোলেণ্ড, হাংগেৰী আৰু চেক গণৰাজ্যই নটোত যোগদান দিয়াত ইয়াৰ সদস্যৰ সংখ্যা ১৯-লৈ বৃদ্ধি পায়। ২০০৪ চনত আৰু কেইখনমান ৰাষ্ট্ৰই নাটোত যোগদান দিয়ে।\nফিফা (FIFA)ত অংশগ্ৰহণ কৰা সদস্য বা অ-সদস্য দেশসমূহৰ বাবে তিনিটা আখৰৰ দেশীয় সংকেত (country code বা trigramme / trigram)থাকে। These are the official codes used by FIFA and its continental confederations (AFC, CAF, CONCACAF, CONMEBOL, OFC and UEFA) as name abbreviations of countries and dependent areas, in official competitions. The FIFA designations are also sometimes used outside of association football in other sports[উদ্ধৃতিৰ প্ৰয়োজন], e.g. snooker.\nফেব্ৰুৱাৰী (ইংৰাজীঃ February; /ˈfɛbjuːˌɛri/) হৈছে গ্ৰেগ'ৰিয়ান আৰু জুলিয়ান পঞ্জিকা অনুসৰি বছৰৰ দ্বিতীয় মাহ। ই ইংৰাজী বছৰৰ সকলোতকৈ চুটি মাহ আৰু একমাত্ৰ মাহ যাৰ দিনৰ সংখ্যা ত্ৰিশতকৈ কম। অধিবৰ্ষত এই মাহত মুঠ ২৯ দিন আৰু অন্যান্য বছৰত ২৮ দিন থাকে।\nউত্তৰ গোলাৰ্ধত ফেব্ৰুৱাৰী হৈছে শীতৰ তৃতীয় মাহ আৰু দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মৰ তৃতীয় মাহ (উত্তৰ গোলাৰ্ধৰ আগষ্ট মাহৰ সমতুল্য)। সাধাৰণ বছৰত ফেব্ৰুৱাৰী, মাৰ্চ আৰু নৱেম্বৰ মাহৰ প্ৰথম তাৰিখত একেই বাৰ হয়। সেই সময়ত এই মাহ আৰু জানুৱাৰীৰ শেষ দিনত একে বাৰ হয়। অধিবৰ্ষত ফেব্ৰুৱাৰী আৰু আগষ্ট মাহ একে বাৰত আৰম্ভ হয়। এই মাহৰ এটি আমোদজনক দিশ হৈছে অধিবৰ্ষ হওক বা নহওক, ফেব্ৰুৱাৰী মাহৰ শেষ দিনত যি বাৰ হয়, অক্টোবৰ মাহৰ শেষ দিনতো সেই একেই বাৰ হয়।\nড॰ ভূপেন হাজৰিকা (১৯২৬-২০১১), অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তাৰোপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, বোলছবি পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও তেখেত চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল।\nউৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড° ভূপেন হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গানত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ প্ৰভূত উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। সংগীত, সাহিত্য, নিষ্পাদন কলা (performing arts), চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এচিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল। সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড° হাজৰিকা কেৱল অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান শংকৰদেৱ বঁটা, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় 'সংগীত নাটক একাডেমী বঁটা' উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ড° হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতি আছিল। সংগীত নাটক অকাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা ড০ হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি।তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৯ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।\nএয়া মানৱ উন্নয়ন সূচক অনুযায়ী সকলো দেশৰ তালিকা। এই তালিকা ৰাষ্ট্ৰ সংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমছ হ্যুমেন ডেভেলপমেণ্ট ৰিপ'ৰ্টৰ ওপৰত আধাৰিত। শেহতীয়া ১৪ ডিচেম্বৰ ২০১৫ চনৰ অনুমানৰ মতে তৈয়াৰ কৰা হৈছে।২০১০ চনত ইনিকুৱেলিটি-এডজাষ্টেড হ্যুমেন ডেভেলপমেণ্ট ইণ্ডেক্স (IHDI) বা অসমতা-সজ্জিত মানৱ উন্নয়ন সূচক পৰিচত কৰা হ'ল। আই-এইচ-ডি-আই মানৱ উন্নয়নৰ প্ৰকৃত স্তৰ বুলিব পাৰি, আন হাতে, এইচ-ডি-আই "সাম্ভাব্য" মানৱ উন্নয়ন সূচক বুলি অভিহিত কৰা হৈছে। সম্পূৰ্ণ সমতা অবিহনে সৰ্বোচ্চ আই-এইচ-ডি-আই লাভ কৰা সম্ভৱ নহয়।\nশীতল যুদ্ধ (ইংৰাজীঃ Cold War; ৰুছঃ холо́дная война́, kholodnaya voĭna) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰসমূহ আৰু চোভিয়েট ইউনিয়ন আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থা। ইতিহাসবিদসকল শীতল যুদ্ধৰ সঠিক কাল সম্পৰ্কে একমত নহয় কিন্তু ১৯৪৭-১৯৯১ চনলৈকে এই অৱস্থা বিৰাজ কৰা বুলি মানি লোৱা হয়। দুই পক্ষৰ মাজত মুকলিকৈ কোনো যুদ্ধ হোৱা নাছিল বাবে ইয়াক "শীতল" বোলা হৈছিল। কিন্তু প্ৰক্সী যুদ্ধ বোলা কেইবাখনো যুদ্ধ কোৰিয়া, ভিয়েটনাম আৰু আফগানিস্তানৰ সংঘটিত হৈছিল য'ত দুই পক্ষই বিপৰীত গোটলৈ সমৰ্থন আগবঢ়াইছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ দেশসমূহ আছিল গণতন্ত্ৰ আৰু পুঁজিবাদৰ সপক্ষে; আৰু চোভিয়েট ইউনিয়ন আৰু তাৰ মিত্ৰ দেশসমূহ আছিল সাম্যবাদী বা সমাজতন্ত্ৰপন্থী। শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰধান মিত্ৰ আছিল সংযুক্ত ৰাজ্য, ফ্ৰান্স, পশ্চিম জাৰ্মানী, জাপান আৰু কানাডা। চোভিয়েট ইউনিয়নৰ পক্ষত আছিল পূব ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ, যেনে বুলগেৰিয়া, চেকোস্লোভাকিয়া, হাংগেৰী, পোলেণ্ড, পূব জাৰ্মানী আৰু ৰোমানিয়া। শীতল যুদ্ধৰ কিছুকাল কিউবা আৰু চীন-এ চোভিয়েটক সমৰ্থন দিছিল। যিবোৰ দেশে দুই পক্ষক চৰকাৰীভাৱে সমৰ্থন দিয়া নাছিল সেইবোৰক নিৰপেক্ষ দেশ বোলা হৈছিল। তৃতীয় বিশ্বৰ নিৰপেক্ষ দেশবোৰ জোট-নিৰপেক্ষ আন্দোলনৰ অংশ আছিল। অবশেষত চোভিয়েট ইউনিয়নৰ নাটকীয় পৰিৱৰ্তন আৰু পতনৰ পাছত এই যুদ্ধৰ সমাপ্তি হয়।\nইংৰাজীত 'Cold War' শব্দৰাজী পোনপ্ৰথমে মাৰ্কিন সাংবাদিক ৱাল্টাৰ লিপমেনে ১৯৪৭ চনত সাধাৰণভাৱে ব্যৱহাৰ কৰে। এই ঐতিহাসিক ঘটনাৱলীক বিশেষভাৱে বুজাবলৈ শব্দৰাজী আমেৰিকাৰ ডেম'ক্ৰেটিক ৰাষ্ট্ৰপতিসকলৰ পৰামৰ্শদাতা বাৰ্নাড বাৰুকে ব্যৱহাৰ কৰে। proclaimed, "Let us not be deceived: we are today in the midst ofacold war."\n৫ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৫তম (অধিবৰ্ষত ৯৬তম) দিন। বছৰ শেষ হৰলৈ আৰু ২৭০ দিন বাকী থাকে।\n৬ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৬তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হৰলৈ আৰু ২৬৯ দিন বাকী থাকে।\nৰাষ্ট্ৰসংঘ (ইংৰাজীঃ United Nations) এক আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ইয়াৰ মুল লক্ষ্যসমুহ হ'ল আন্তৰ্জাতিক আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। দ্বিতীয় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিস্থা কৰা হয়। ই ইয়াৰ পুৰ্বসুৰী জাতিসংঘ (League of Nations)-ৰ স্থান দখল কৰে। ৰাষ্ট্ৰসংঘৰ আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ ইয়াৰ অধীনত কেইবাটাও সংগঠন আছে।\nৰাষ্ট্ৰসংঘৰ মুঠ সদস্য ৰাষ্ট্ৰ ১৯৩ খন। ইয়াৰ প্ৰধান ৬টা অংশ হৈছে সাধাৰণ সভা, সুৰক্ষা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, সচিবালয়, আন্তৰ্জাতিক ন্যায়ালয় আৰু ট্ৰাষ্টী পৰিষদ (বৰ্তমান নিস্ক্ৰিয়)। ইয়াৰ বাদেও বিশ্ব স্বাস্থ্য সংস্থা (WHO), বিশ্ব খাদ্য কাৰ্যসূচী (WFP), ইউনিচেফ আদিৰ নাম উল্লেখযোগ্য। ৰাষ্ট্ৰসংঘৰ আটাইতকৈ দায়িত্বশীল পদবী হ'ল সচিবপ্ৰধান। পৰ্তুগালৰ এণ্টনিও গুটেৰছ এই পদত ২০১৭ৰ পৰা আছে।\nৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক মহানগৰত আছে। ইয়াৰ বাদেও জেনেভা, নাইৰোবি আৰু ভিয়েনাত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয় আছে। ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ পৰা অৰ্থসাহাৰ্য্য লাভ কৰে। ৬টা ভাষাত ইয়াৰ কাম কাজ সমূহ কৰা হয়- আৰবী, চীনা, ইংৰাজী, ফৰাছী, ৰুছ আৰু স্পেনিছ।
প্ৰাগডেস্ক,গুৱাহাটী, ৭ এপ্ৰিলঃ ক'ৰ'ণা ভাইৰাছে সমগ্ৰ দেশজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে কোভিড - ১৯ কোৱাৰেণ্টাইন কেন্দ্রৰ বিষয়ে বিৰূপ তথা সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগৰ ভিত্তিত অসম পুলিছে অল ইন্ডিয়া ইউনাইটেড ডেমোক্রেটিক ফ্রন্ট (এআইইউডিএফ)ৰ বিধায়ক আমিনুল ইছলামক আজি ৰাতিপূৱা গ্রেপ্তাৰ কৰিছে। সোমবাৰে ৰাতি সোধপোচৰ বাবে বিধায়কজনক আটক কৰাৰ পিচত মঙ্গলবাৰে ৰাতিপূৱা অসম পুলিছে তেওঁক গ্রেপ্তাৰ কৰে। প্ৰাপ্ত খৱৰ মতে, নাগাঁও পুলিছে এটা অ'ডিঅ ক্লিপ লাভ কৰিছিল য'ত নিজামুদ্দিন মাৰকাজৰ তাবলিগী জামায়াতৰ উপস্থিতসকলক কোভিড -১৯ ৰ ইতিবাচক পৰীক্ষাৰ পিচত কেবাগৰাকীকো পজিটিভ পোৱাৰ পিচত আমিনুল ইছলামে সম্পূৰ্ণ পৰিস্থিতিটোতে সাম্প্রদায়িক ৰহণ সনাৰ চেষ্টা আৰম্ভ কৰাৰ তথ্য ধৰা পৰে।
(অদিতীৰ পৰা পুনঃনিৰ্দেশিত)\nঅদিতি (সংস্কৃতঃ अदिति = "অসীম" বা "সীমাহীন"[lower-alpha 1]) হৈছে অসীমক প্ৰকাশ কৰা হিন্দু ধৰ্মৰ এগৰাকী বৈদিক দেৱী। অদিতি আকাশ, চেতনা, অতীত, ভৱিষ্যত আৰু উৰ্বৰতাৰ অধিকাৰী দেৱী তেঁও হৈছে আদিত্যসকল তথা বিষ্ণু আৰু অগ্নিকে ধৰি বহুতো দেৱতাৰ মাতৃ। সকলো অস্তিত্বৰ আদি মাতৃ হিচাপে অদিতি মহাকাশ ("আকাশ") আৰু মাত−কথা ("বাক")ৰ সৈতে জড়িত। অদিতীক ব্ৰহ্মাৰ স্ত্ৰীলিংগ হিচাহে গণ্য কৰিব পাৰি আৰু প্ৰাথমিক অস্তিত্ব ( "মূলপ্ৰকৃতি")ৰ সৈতে জড়িত। ঋকবেদত প্ৰায় ৮০ বাৰতকৈও অধিক অদিতিৰ নাম উল্লেখ কৰা হৈছে।\n"একে দৈৱিক বৈশিষ্ট আৰু দৈৱ জ্ঞানৰ অন্তহীন পুনৰজনম"ক নিৰ্দেশ কৰিবলৈ "অদিতিৰ পৰা দক্ষৰ আৰু দক্ষৰ পৰা অদিতিৰ আৱিৰ্ভাৱ" হোৱা শ্লোক দৈৱজ্ঞানীসকলে উল্লেখ কৰা দেখিবলৈ পোৱা যায়।।\n'পৃথিৱীৰ নাভিত মই তোমাক স্থাপন কৰিলোঁ!' আৰু পিছলৈ, 'অদিতিৰ কোলাত (সীমাহীন বা পবিত্ৰ পৃথিৱী)!' কাৰণ কোনোৱে যেতিয়া কোনো বস্তু অতি সাবধানে সুৰক্ষা প্ৰদান কৰে, তেতিয়া সাধাৰণতে 'তেওঁলোকে, তাক, কোলাত লৈ আহিছিল;' আৰু সেইকাৰণে তেওঁ কৈছে, 'অদিতিৰ কোলাত!'\nঅদিতি আৰু কাশ্যপ ঋষিৰ ৩৩ জন পুত্ৰ আছিল, ইয়াৰে ভিতৰত সূৰ্যকে ধৰি ১২ জনক আদিত্য বুলি কয়, ১১ জনক ৰুদ্ৰ আৰু আঠ জনক বাসু বুলি কোৱা হয়। অদিতিক দেৱৰাজ ইন্দ্ৰ, মহাৰাজ আৰু দেৱতাৰ (Mandala 1.113.19) মাতৃ বুলি কোৱা হয়। বেদৰ মতে, অদিতি হৈছে দেৱমাতা (দেৱতাৰ মাতৃ) কিয়নো তেওঁৰ পৰাই আৰু তেওঁৰ মহাজাগতিক শক্তিৰ পৰাই সমস্ত স্বৰ্গীয় দেহৰ জন্ম হৈছিল বুলি বৰ্ণনা কৰা হৈছে। তেওঁ প্ৰাথমিকভাবে যি বাৰজন আদিত্যৰ মাতৃ তেওঁলোকৰ নাম বিবস্বান (সূৰ্য (দেবতা)), অৰ্যমা, পুসা, ত্বষ্ট্ৰ, সবিতা, ভগ, ধাতা, বৰুণ, মিত্ৰ, সক্ৰ (ইন্দ্ৰ (দেবতা)), আৰু বিষ্ণু (ভগবান বিষ্ণু বামন অৱতাৰ লৈ অদিতিৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল) বেদৰ মতে, ভগবান বিষ্ণু শ্ৰৱণা নক্ষত্ৰৰ অধীনত শাওণ মাহত (হিন্দু বৰ্ষপঞ্জীৰ পঞ্চম মাহ, অবনী নামেও খ্যাত) অদিতিৰ পুত্ৰ হিচাপে বামন অৱতাৰ লৈ জন্মগ্ৰহণ কৰিছিল। এই সন্তানৰ সৌভাগ্যৰ ভবিষ্যদ্বাণী কৰি স্বৰ্গত অনেক শুভ লক্ষণ দেখা গৈছিল।\nঅদিতি মানে স্বাধীনতা। অদিতি নামটোৰ মূল "দ" ধাতু অন্তৰ্ভুক্ত আছে যি তেওঁৰ চৰিত্ৰ আৰু বৈশিষ্ট্যৰ ইঙ্গিত দিয়ে। অ-দিতি হিচাপে তেওঁ এগৰাকী সীমাহীন, মুক্ত আত্মা আৰু তেওঁৰ উদ্দেশ্যে লিখা স্তোত্ৰাৱলীত আবেদন কৰা হৈছে যে আবেদকক তেওঁ বিভিন্ন বাধা, বিশেষকৈ পাপ আৰু অসুস্থতাৰ পৰা মুক্ত কৰে (মণ্ডল ২.২৭.১৪)। এই স্তোত্ৰত তেওঁ এনে এগৰাকী আবেদনকাৰীক মুক্তি দিয়ে বুলি কোৱা হৈছে যাক চোৰৰ দৰে বান্ধি ৰখা হৈছে (মন্ডল ৮.৬৭.১৪)। অদিতিৰ অন্য অৰ্থ হৈছে 'অননুকৰণীয়' বা 'অনন্য'।\nহিন্দু ধৰ্মৰ অন্য দেৱ−দেৱীৰ দৰে অদিতিৰো বিশেষ বাহন আছে, অদিতিৰ বাহন হৈছে "পৰ্বত"। ফনিক্স পক্ষীৰ দৰে অদিতি আকাশত উৰিব পাৰে। ফনিক্স পক্ষীয়ে শক্তি আৰু সন্মানক প্ৰতিনিধিত্ব কৰে। অদিতিয়ে ধাৰণ কৰা অস্ত্ৰ হৈছে বিখ্যাত "ত্ৰিশূল" আৰু তৰোৱাল।\nকেৰেলাৰ বিজনিজামৰ শিলৰ গুহাত থকা অদিতি মন্দিৰ এটা অতি বিখ্যাত অদিতি মন্দিৰ।\n"https://as.wikipedia.org/w/index.php?title=অদিতি&oldid=232996"ৰ পৰা সংকলিত\nএই পৃষ্ঠাখন ৩০ মে', ২০২০ তাৰিখে ২২ঃ৪৩ বজাত অন্তিম সংশোধন কৰা হৈছিল।
মাৰ্ক মিলিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম ফক্স নিউজত এনে আশংকা প্ৰকাশ কৰিছে। মাৰ্ক মিলিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম ফক্স নিউজত এনে আশংকা প্ৰকাশ কৰিছে। Share this: তালিবানে ক্ষমতা দখল কৰাৰ পিছৰে পৰা আফগানিস্তান ভয়ানক সংকটত আছে। এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ পদবীৰ সামৰিক বিষয়া মাৰ্ক মিলিয়ে মন্তব্য কৰে যে এনে পৰিস্থিতিত দেশখন গৃহযুদ্ধৰ দিশে আগবাঢ়ি আছে। ৰাজধানী কাবুলৰ পতনৰ পিছতে আফগানিস্তান তালিবানৰ নিয়ন্ত্ৰণলৈ আহিছিল। বৰ্তমান সম্পূৰ্ণ আফগানিস্তান নিজ দখললৈ অনাৰ বাবে তালিবানে দেশখনৰ পঞ্জশীৰ প্ৰদেশত আহমদ মাছুদ বাহিনীৰ সৈতে যুঁজ দি আছে। দুয়োটা পক্ষই বহুতো হতাহত হোৱাৰ দাবী কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথা হৈছে আফগানিস্তানৰ অৰ্থনীতিও ধ্বংসৰ দিশে গতি কৰিছে। দেশৰ বেংকবোৰ এতিয়া প্ৰায় অৰ্থহীন হৈ পৰিছে। বিভিন্ন বিত্তীয় সহায়ো বন্ধ কৰা হৈছে। ইফালে, কাবুল, হেৰাটসহ বিভিন্ন অঞ্চলত নিজ অধিকাৰ বিচাৰি ওলাই আহিছে আফগান মহিলা। এই প্ৰতিবাদক ছত্ৰভংগ দিয়াবলৈ তালিবানে আক্ৰমণো কৰা পৰিলক্ষিত হৈছে। মাৰ্ক মিলিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম ফক্স নিউজক কয়, 'মোৰ সামৰিক হিচাপ-নিকাচে কয় যে পৰিস্থিতি গৃহযুদ্ধৰ দিশলৈ গতি কৰিছে।' গৃহযুদ্ধৰ ফলত আল-কায়দা আৰু ইছলামিক ষ্টেট (আইএছ)ৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহ পুনৰ সন্মুখলৈ আহিব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰে। সেনা বিষয়াজনৰ মতে, অহা ১২, ২৪ বা ৩৬ মাহত আফগানিস্তানত সন্ত্ৰাসবাদ পুনৰুজ্জীৱিত হ'ব পাৰি। CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
এই হেতুকে দায়ূদে তেওঁৰ নিজ দুজনী ভাৰ্য্যা, যিজ্ৰীয়েলৰ অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবীগলক লগত লৈ সেই ঠাইলৈ গ'ল। তেতিয়া দায়ূদে যাবেচ-গিলিয়দৰ লোকসকলৰ ওচৰলৈ দূত পঠাই তেওঁলোকক এইবুলি কোৱালে, "তোমালোকে নিজ প্ৰভু চৌলক মৈদাম দি, আনুগত্য দেখুৱাই যি দয়া ব্যৱহাৰ কৰিলা, তাৰ বাবে তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ-প্ৰাপ্ত থ'লো। এতিয়া যিহোৱাই তোমালোকলৈ আনুগত্য অংগীকাৰ আৰু বিশ্ৱস্ততাৰে ব্যৱহাৰ কৰক। আৰু তোমালোকে সেই কাৰ্য কৰা হেতুকে, ময়ো তোমালোকলৈ সেই দয়াৰ বাবে অনুগ্ৰহ কৰিম। তেওঁ ঈচবোচতক গিলিয়দৰ, অচুৰীয়াসকলৰ, যিজ্ৰিয়েলৰ, ইফ্ৰয়িমৰ, বিন্যামীনৰ আৰু গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে। চৌলৰ পুত্ৰ ঈচ্বোচতৰ চল্লিশ বছৰ বয়সত ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰি দুবছৰলৈ ৰাজ্য শাসন কৰিলে। কিন্তু যিহূদাৰ বংশ দায়ূদৰ পাছত চলোঁতা আছিল। এনেতে চৰূয়াৰ পুত্ৰ যোৱাব আৰু দায়ূদৰ দাসবোৰ ওলাই গিবিয়োনৰ পুখুৰীৰ ওচৰত তেওঁলোকৰ সন্মুখত উপস্থিত হ'ল। এদল পুখুৰীৰ ইপাৰে আন দল পুখুৰীৰ সিপাৰে বহিল। তেতিয়া সেই ডেকা লোকসকলে সংখ্যা অনুসাৰে, চৌলৰ পুত্ৰ ঈচ্বোচতৰ আৰু বিন্যামীনৰ পক্ষে বাৰজন আৰু দায়ূদৰ দাসবোৰৰ বাৰজন, উঠি একে লগে গোট খালে। সিহঁত প্ৰতিজনে নিজৰ অহিতে যুদ্ধ কৰাজনৰ মূৰত ধৰি কাষত তৰোৱালেৰে খোচাত, সকলো একেলগে মৰা পৰিল; এই হেতুকে সেই ঠাই "হিল্কৎ-হচুৰীম" বা "তৰোৱালবোৰৰ ক্ষেত্ৰ" নামেৰে প্ৰখ্যাত হ'ল; সেয়ে গিবিয়োনত আছে। সেই ঠাইত যোৱাব, অবীচয় আৰু অচাহেল নামেৰে চৰূয়াৰ এই তিনিজন পুত্ৰ আছিল। অচাহেল বনৰীয়া হৰিণৰ নিচিনা বেগী আছিল। তাতে অবনেৰে তেওঁক ক'লে, "তুমি সোঁহাতে বা বাওঁহাতে ঘূৰি, সৌ ডেকাসকলৰ কোনো এজনক ধৰি তেওঁ পিন্ধা গাৰ কৱচ লোৱাগৈ।" কিন্তু অচাহেলে তেওঁৰ পাছত খেদি যোৱাৰ পৰা ঘূৰিবলৈ মান্তি নহ'ল। তথাপি অচাহেলে ঘূৰিবলৈ মান্তি নহ'ল; এইকাৰণে অবনেৰে বৰছাৰ কুৰাৰে তেওঁৰ পেটত এনেকৈ খুচিলে যে, কুৰাডাল পিঠিয়েদি বাহিৰ ওলাল। তেতিয়া তেওঁ সেই ঠাইতে পৰি তেতিয়াই মৰিল। যি ঠাইত অচাহেল পৰি মৃত্যু হৈছিল, সেই ঠাইত যিমান লোক আহিল, সেই সকলো তাতেই থিয় হৈ ৰ'ল। তাৰ পাছত অবনেৰ আৰু তেওঁৰ লোকসকলে অৰাবায়েদি গোটেই ৰাতি যাত্ৰা কৰিলে। তেওঁলোকে যৰ্দ্দন পাৰ হৈ পাছদিনা ৰাতিপুৱা যাত্ৰা কৰি মহনয়িম গৈ পালে। তেতিয়া যোৱাবে অবনেৰৰ পাছত খেদি যোৱাৰ পৰা উভতি আহিল আৰু আটাই লোকক তেওঁ গোট খুৱালে; কিন্তু দায়ূদৰ ঊন্নৈশজন সৈন্য আৰু অচাহেলকক নাপালে। কিন্তু দায়ূদৰ দাসবোৰে বিন্যামীন আৰু অবনেৰৰ লোকসকলক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ তিনিশ ষাঠিজন লোক মৰিল। তেতিয়া লোকসকলে অচাহেলক তুলি কৰিলে যে, বৈৎলেহেমত থকা তেওঁৰ পিতৃৰ মৈদামতে মৈদাম দিলে। যোৱাব আৰু তেওঁৰ লোকসকল ওৰে ৰাতি যাত্ৰা কৰি ৰাতিপুৱা হিব্ৰোণ পালেগৈ।
indian-company-detel-launched-e-bike-know-all-details-skd- News18 assam\nHome » photogallery » lifestyle »Detel E-Bike । পেট্ৰ'লৰ দুশ্চিন্তাৰ পৰা মুক্তি! বজাৰলৈ আহিল অতি কম দামৰ ই-বাইক, এবাৰ চাৰ্জত চলিব ৬০ কিলোমিটাৰ\nDetel E-Bike । পেট্ৰ'লৰ দুশ্চিন্তাৰ পৰা মুক্তি! বজাৰলৈ আহিল অতি কম দামৰ ই-বাইক, এবাৰ চাৰ্জত চলিব ৬০ কিলোমিটাৰ\nডেটেল মূলতঃ হাৰিয়ানাৰ প্ৰতিষ্ঠান। এবাৰ চাৰ্জ দিলে অন্তত ৬০ কিলোমিটাৰ চলিব এই বাইকখন।\n। September 23, 2021, 17:29 IST\nপেট্ৰ'লৰ দামক লৈ এতিয়া বিমোৰত সাধাৰণ জনতা। ইতিমধ্যে পেট্ৰ'লে পাৰ কৰিছে চেঞ্চুৰী। সেয়েহে এতিয়া আৰু পেট্ৰ'লৰ দুশ্চিন্তা বাদ দিয়ক। ওলা স্কুটীৰ পিছত দেশীয় কোম্পানী ডেটেলে লৈ আহিছে ই-বাইক। এই বাইক বুক কৰিব পাৰিব প্ৰতিষ্ঠানটোৰ ৱেবছাইটলৈ গৈ। বুকিং কৰিবলৈ দিব লাগিব মাত্ৰ ১৯৯০ টকা।\nপেট্ৰ'লচালিত গাড়ীৰ তুলনাত প্ৰায় আধা দাম এই বাইকখনৰ। জিএছটি বাদ দি গাড়ীখনৰ দাম ৩৯ হাজাৰ ৯৯৯ টকা। জিএছটি মিলাই গাড়ীখনৰ নাম ৪১ হাজাৰ ৯৯৯ টকা।\nবুকিং মূল্য দিয়া থাকিলে বাইকখন ঘৰলৈ অনাৰ আগদিনা এই টকা জমা দিলেই হ'ব।\nএবাৰ চাৰ্জ দিলে এই বাইকখন ন্যূনতম ৬০ কিলোমিটাৰ চলিব। ল' স্পীড বাইকৰ গতি সৰ্বোচ্চ ২৫ কিলোমিটাৰ।\nবাইকখনৰ আৰোহীৰ আসনৰ তলত এটা বেটাৰী আছে। লিথিয়াম বেটাৰী চাৰ্জ হ'বলৈ সময় লাগে চাৰিৰ পৰা ৫ ঘণ্টা।\nপ্ৰতিষ্ঠানটোৰ অন্যতম প্ৰতিষ্ঠাতা ড০ যোগেশ ভাটিয়াৰ মতে, দেশত ই স্কুটাৰৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিব বিচাৰে ডেটেলে। সেইবাবে বজাৰত চলি থকা দামৰ তুলনাত কম ধাৰ্য কৰা হৈছে এই বাইকখনৰ দাম। তিনিটা ৰঙত উপলব্ধ হ'ব এই ডেটেল বাইক।
মূল- অমৃতা শেখৰ\n'জ্ঞান অৰ্জনৰ সঠিক পথ হৈছে পৰীক্ষা', এটি শিশুৱে যিমান সোনকালে নিজৰ চৌপাশৰ পৃথিৱীখনৰ সৈতে মত বিনিময় কৰি পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰে সিমান সোনকালে শিশুটিৰ জ্ঞানৰ ভাণ্ডাৰ টনকীয়াল হয়। এই বিশ্বাসেৰে অঞ্জনা মেনন আৰু তেওঁৰ স্বামীয়ে ২০১২ চনৰ নৱেম্বৰত গুৰগাঁৱত 'Stellar's Children Museum' আৰম্ভ কৰে।\nএগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত অভিযন্তা আৰু কাৰিকৰী ব্যৱস্থাপক অঞ্জনাই কৰ্মসূত্ৰে আমেৰিকা যুক্তৰাষ্ট্ৰত বহুবছৰ কটাইছিল। সন্তান জন্ম হৈ অলপ ডাঙৰ হোৱাৰ পিছতে অঞ্জনাই তেওঁলোকক যুক্তৰাষ্ট্ৰৰ বিভিন্ন শিশুৰ যাদুঘৰ আৰু বিজ্ঞানৰ যাদুঘৰলৈ (আমেৰিকা যুক্তৰাষ্ট্ৰত ৩০০ ৰো অধিক এনে যাদুঘৰ আছে) লৈ গৈছিল জগতখনৰ বিভিন্ন বিষয়ে পৰিচয় কৰাবলৈ। ভাৰতলৈ উভটি আহি এনেধৰণৰ সুবিধাৰ অভাৱ প্ৰত্যক্ষ কৰি অঞ্জনা আচৰিত হৈছিল।অঞ্জনাৰ মতে, "অতি দুখৰ কথা ইয়াত অভিভাৱকৰ হাতত সপ্তাহৰ বন্ধৰ দিনকেইটাত নিজৰ সন্তানক চিনেমা দেখুৱাবলৈ নিয়া অথবা ভিডিঅ' আৰ্কেডলৈ নিয়াৰ বাহিৰে অন্য কোনো বিকল্প নাথাকে।' এই পুতেৌলগা অৱস্থাৰ বাবে ২০১২ চনত অঞ্জনাই ২বছৰৰ পৰা ১০ বছৰ বয়সৰ শিশুৰ বাবে আন্তঃবিনিময়মূলক এক যাদুঘৰ খোলাৰ পৰিকল্পনা গ্ৰহণ কৰে। ২০১২ চনৰ নৱেম্বৰত এই যাদুঘৰ মুকলি কৰা হয় আৰু বৰ্তমান প্ৰতিমাহে ইয়াৰ দৰ্শনাৰ্থীৰ সংখ্যা কমেও ৬৫০০ গৰাকী। গুৰগাঁৱৰ Ambience মলত অৱস্থিত এই যাদুঘৰে ১১০০০ স্কোৱাৰ ফুটৰ এক এলেকা আগুৰি আছে আৰু ইয়াত আছে সাতটাকৈ গেলাৰী, এক থিয়েটাৰ আৰু এখন কেফে।\nএগৰাকী উদ্যমী আৰু কৰ্মঠ মাতৃ অঞ্জনাৰ পৰা Your Storyয়ে তেওঁৰ স্বপ্ন আৰু প্ৰকল্পটোক লৈ দৃষ্টিভংগীৰ বিষযে জানিবলৈ চেষ্টা কৰিছিল।\nYS- শিশুৰ যাদুঘৰ, এক সম্পূৰ্ণ নতুন আৰু সৃজনীমূলক এই প্ৰকল্পৰ প্ৰতি আপুনি কেনেদৰে আকৰ্ষিত হ'ল?\nঅঞ্জনা-মোৰ সন্তান সৰু হৈ থাকোতে মই সিঁহতক প্ৰায়ে তাত থকা যাদুঘৰসমূহলৈ লৈ গৈছিলো। সিঁহতৰ বাবে এই ভ্ৰমণ আছিল অতি মনোৰঞ্জক আৰু তেতিয়াই মই অনুভৱ কৰিছিলো যে শিশুয়ে আনকি সৰু সৰু ব্লকেৰে ঘৰ আদি নিৰ্মাণ কৰিও বহুধৰণৰ কথা শিকিব পাৰে। এনেদৰে সময়ৰ সৈতে কণমানিহতে খেল-ধেমালিৰ মাজত ৰং, আকাৰৰ দৰে সৰল ধাৰণাসমূহ আয়ত্ত কৰে আনহাতে কিছু ডাঙৰ বয়সৰ শিশুৱে কেতবোৰ জটিল ধাৰণা যেনে মাধ্যাকৰ্ষণ, চুম্বকত্ব আদিৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। খেল-ধেমালি যিহেতু মনোৰঞ্জক আৰু ইয়াত সামূহিকতাৰ ভাৱ নিহিত হৈ থাকে সেয়েহে ইয়াৰ প্ৰতি যিকোনো এটি শিশু সহজেই আকৰ্ষিত হয়। কিন্তু মই ভাৰতলৈ উভটি আহি আচৰিত হৈছিলো যে ইয়াত শিশুৰ বাবে তেনেধৰণৰ আন্তঃবিনিময়মূলক যাদুঘৰৰ ব্যাপক অভাৱ। সেইবাবে মই তেনেধৰণৰ এটা যাদুঘৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। এই স্থান হ'ব এনেধৰণৰ য'ত শিশুৱে আহি ইযাৰ সামগ্ৰীৰ সৈতে খেলা-ধূলা কৰি নিজৰ চৌপাশৰ পৃথিৱীখনৰ বিষয়ে জানিব পাৰিব।\nYS-যাদুঘৰটোৰ বিষয়বস্তু কি আৰু শিশুক ইয়াৰ মাধ্যমত কেনেদৰে শিক্ষা প্ৰদান কৰা হয়?\nঅঞ্জনা-যাদুঘৰটোত সাতটা গেলাৰী আছে এইসমূহক বিজ্ঞান, ভূগোল, কলা আৰু শিল্প, দুঃসাহসিক অভিযান, সম্প্ৰদায়ৰ জীৱন আদিত ভাগ কৰা হৈছে। ইয়াত শিশুৱে আহি খেলাৰ মাধ্যমত জ্ঞান আহৰণ কৰিব পাৰে। যাদুঘৰটোত দুজন শিক্ষক আৰু প্ৰতিটো গেলাৰীত এজনকৈ নিৰ্দেশক আছে আৰু এওঁলোকে শিশুসকল যিকোনো বিষয়ক লৈ দোমোজাত পৰিলে সহজে বুজাই দিয়ে।কিছুমান অতি সহজ ধাৰণা যেনে 'সম্প্ৰদায়ৰ জীৱন' আদিৰ দ্বাৰা শিশুসকলে খেলৰ মাজেদিয়েই যুক্তিৰ ব্যৱহাৰ আৰু সমস্যা সমাধানৰ দক্ষতা আহৰণ কৰে। বিচাৰি উলিওৱা, গণনা আৰু অনুমান কৰা আদি কাৰ্যই শিশুৰ বুদ্ধিদীপ্ততা বৃদ্ধি কৰে।\nYS-বিশেষকৈ কোন বয়সৰ শিশুৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি যাদুঘৰটো নিৰ্মাণ কৰা হৈছে? আপুনি কেনেদৰে যাদুঘৰটোৰ ডিজাইন আৰু বিষয়বস্তু নিৰ্ধাৰণ কৰিছিল?\nঅঞ্জনা-২বছৰৰ পৰা ১০ বছৰ বয়সৰ শিশুৰ বাবে প্ৰধানকৈ এই যাদুঘৰ নিৰ্মাণ কৰা হৈছে তেওঁলোকক ইয়াত সহায় কৰিবলৈ প্ৰশিক্ষিত আৰু অৰ্হতাসম্পন্ন শিক্ষক ৰখাৰ ব্যৱস্থা কৰা হৈছে। কমবয়সীয়া শিশুক উদ্ভাৱনীমূলক পদ্ধতিৰে শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত এই শিক্ষকসকল দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট। যাদুঘৰটোৰ নিৰ্মাণৰ বাবে আমি চিকাগোৰ এনে ডিজাইনাৰ সহায় লৈছো যিয়ে আজি ২৫ বছৰে শিশুৰ বাবে যাদুঘৰ নিৰ্মাণ কৰি আহিছে। ছমাহৰ মুৰত এই ডিজাইন সম্পূৰ্ণ হৈ উঠিছে। ডিজাইনাৰ আৰু শিক্ষকসকলে একেলগে বিভিন্ন গেলাৰীৰ বিষয়বস্তু আৰু আহিলা-পাতিৰ বিষয়ে সিদ্ধান্ত লৈছে। নিজে আহিব বিচৰা শিশুসকলৰ উপৰিও আমি বিভিন্ন বিদ্যালয়ৰ সৈতে যোগাযোগ কৰি ইয়াত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰিদৰ্শনৰ ব্যৱস্থা কৰিছো।\nYS-পূঁজি আৰু সম্প্ৰসাৰণৰ বিষয়ে কি ক'ব বিচাৰে?\nঅঞ্জনা- নয়দাস্থিত এক নিৰ্মাণকাৰী সংস্থা তথা অভিভাৱক কোম্পানী Stellar groupয়ে Stellar's Children Museumক আংশিকভাৱে পূঁজি প্ৰদান কৰে। বিভিন্ন কৰ্পৰেট স্পনচৰ যেনে 'ডেটল' আদিৰ পৰাও আমি অনুদান লাভ কৰোঁ। ইয়াৰ লগতে হাৰপাৰ কলিনছ, ট্ৰেভেলাৰ কিডছ, ফ্ৰেংক টয়ছ আদি কোম্পানীৰ পৰাও আংশিক স্পনছৰ হিচাপে আমি অনুদান পাওঁ। শিশুৰ বাবে প্ৰয়োজনী গ্ৰন্থ আৰু আন আন সামগ্ৰী তেওঁলোকে আমাক প্ৰদান কৰে। লাভৰ বাবে আৰম্ভ কৰা ব্যৱসায় হিচাপে আমি এইপৰ্যন্ত চৰকাৰী অনুদান বিচৰা নাই।\nআমি আন ঠাইলৈও সম্প্ৰসাৰিত হ'ব বিচাৰোঁ। বৰ্তমান আমি দিল্লীত আন এক এনেধৰনৰ যাদুঘৰ স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰিছো। ফ্ৰেনচাইজিৰ জৰিয়তে ভাৰতৰ আন আন চহৰসমূহতো আমি এই আৰ্হি নিব বিচাৰোঁ। অৱশ্যে এইক্ষেত্ৰত আমি কেতবোৰ নিৰ্বাচিত চহৰকহে প্ৰাধান্য দিছো। এই ব্যৱসায় গ্ৰহণ কৰিব বিচৰা ব্যক্তিৰ আমাৰ দৰে একে মানসিকতা থকাটো কাম্য। যাদুঘৰটো মুকলি কৰাৰ অতি কম সময়হে পাৰ হোৱাৰ বাবে এতিয়াই সম্প্ৰসাৰণৰ দিশটো কিছু চালুকীয়া অৱস্থাত আছে।\nYS-সময় আৰু ফীজৰ প্ৰকৃতি ইয়াত কেনেকুৱা?\nঅঞ্জনা-সপ্তাহৰ আটাইকেইটা দিনতে এই যাদুঘৰ পুৱা ১০বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকে। আমাৰ সদস্যভৰ্তিৰ ব্যৱস্থা আছে য'ত সদস্যসকলে কিছু ৰেহাই লাভ কৰিব পাৰে। আমাৰ বৰ্তমান সদস্যৰ সংখ্যা ১৪০ জন। আমি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ দৰ্শনীৰ ব্যৱস্থাও কৰিছো আৰু ইয়াৰ সময় হৈছে দুঘণ্টা।\nসাধাৰণভাৱে যাদুঘৰটোত প্ৰৱেশ কৰিবলৈ প্ৰতি ৩০ মিনিটত ২০০ টকা নিৰিখ আৰু যাদুঘৰটোত থকা সময়ৰ ওপৰত নিৰ্ভৰ কৰি মুঠ দাম গ্ৰহণ কৰা হয়। বিশেষ বুধবাৰসমূহৰ লগতে জন্মদিন আৰু বিশেষ উপলক্ষ্যত ফীজৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ ব্যৱস্থা আছে।\nYS-কিহে আপোনাক অনুপ্ৰাণিত কৰিছে আৰু পৰিয়াল আৰু কামৰ মাজত ভাৰসাম্য কেনেদৰে ৰক্ষা কৰিছে?\nঅঞ্জনা-মোৰ আগ্ৰহেই হৈছে মোৰ অনুপ্ৰেৰণা। এগৰাকী অভিভাৱিকা হিচাপে মই এনেধৰণৰ এক যাদুঘৰৰ অভাৱ ইয়াত অনুভৱ কৰিছিলো। প্ৰযুক্তিৰ ধামখুমীয়াৰ পৰা আমি ইচ্ছাকৃতভাৱে এই যাদুঘৰক পৃথক কৰি ৰাখিছো।প্ৰতিটো বিষয়ে পৰীক্ষামূলক শিক্ষণৰ ওপৰত নিৰ্ভৰশীল আৰু সেইবাবে ইয়াত পুৰণিকলীয়া পদ্ধতিক অগ্ৰাধিকাৰ দিয়া হৈছে। মই কেৱল ব্যৱসায়ৰ লক্ষ্যৰে এই যাদুঘৰটো মুকলি কৰা নাই।ইয়াক আৰু ডাঙৰ কৰি তোলাটো মোৰ স্বপ্ন। এনেধৰণৰ আৰু অধিক যাদুঘৰ মুকলি হোৱাটো মোৰ সপোন যাতে ইয়াত শিশুৱে খেল-ধেমালিৰ মাধ্যমত নিজৰ পৃথিৱীখনৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে।\nমই দৈনিক নয়দাৰ পৰা গুৰগাঁৱলৈ যাওঁ। মই বিশ্বাস কৰো যে যদিহে কোনো ব্যক্তিয়ে নিজে কৰা কামটো ভালপায় তেনেহ'লে সকলো বাধা অতিক্ৰম কৰাটো সহজ হৈ পৰে। মোৰ স্বামীৰ পৰিয়ালৰ পৰা মই যথেষ্ট সঁহাৰি লাভ কৰিছো আৰু মোৰ স্বামী অক্ষয়ে যাদুঘৰটোৰ সকলো বিত্তীয় দিশ পৰিচালনা কৰে।\nYS-আন মহিলা বিশেষকৈ উদ্যোগশীলতাৰ বাট গ্ৰহণ কৰিব খোজাসকলক কি উপদেশ দিব?\nঅঞ্জনা-মই জীৱনত প্ৰত্যাহ্বান গ্ৰহণ কৰি ভালপাওঁ আৰু সৌভাগ্যক্ৰমে মোৰ স্বামী অক্ষয়ো মোৰ দৰেই।যদিহে কোনো দিশত আপোনাৰ আত্মবিশ্বাস দৃঢ় আৰু আপুনি আৰম্ভ কৰিব বিচাৰে মোৰ মতে আপুনি সেই কামত জঁপিয়াই পৰা উচিত। পৰৱৰ্তী সকলো দিশ নিজে আগবাঢ়িব।এক বৃহৎ পৰিসৰত যিকোনো কাম আৰম্ভ কৰাটো আপোনাৰ স্বপ্ন হ'ব নালাগে বৰং এই কাম আপোনাৰ প্ৰিয় হোৱাটোহে বাঞ্ছনীয়।ব্যৱসায়ৰ আকাৰ ডাঙৰ কথা নহয়।এয়া হৈছে এটি শিশুৰ দৰে, যিমানেই ভালকৈ আপুনি ইয়াক লালন-পালন কৰিব সিমান ভালদৰে ইয়াৰ বৃদ্ধি হ'ব। ভাৰতত নতুন কাম আৰম্ভ কৰাৰ বহুতো অৱকাশ আছে।মানুহে আজিকালি নতুন ধাৰণা আগ্ৰহেৰে আদৰি লয়।যদি আপোনাৰ কোনো ভাল ধাৰণা আছে তেনেহ'লে আপুনি নিশ্চিত হৈ থাকক মানুহে ইয়াক গ্ৰহণ কৰিবই।প্ৰথম আৰম্ভ কৰাটোহে কঠিন পৰৱৰ্তী সময়ত আপোনাৰ সাফল্যৰ কোনো সীমা নাথাকে।
আৰক্ষীৰ হাতত কি কি ক্লু? মাৰ্চি বৰাৰ ৰহস্যজনক আত্মহত্যাৰ পিছতে ডকমকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে স্বামী প্ৰণৱ বৰাক- News18 Assam\nআৰক্ষীৰ হাতত কি কি ক্লু? মাৰ্চি বৰাৰ ৰহস্যজনক আত্মহত্যাৰ পিছতে ডকমকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে স্বামী প্ৰণৱ বৰাক\nভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৬ৰ অধীনত গোচৰ নম্বৰ ৯/২০২০ৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।\nNews18 Assam । News18 Assam । February 20, 2020, 9:56 PM IST\nনিজৰ বিয়াত নৃত্য কৰি ছচিয়েল মিডিয়াত চৰ্চালৈ অহা প্ৰতিভাশালী নাৰী মাৰ্চি বৰাই কিহৰ তাড়নাত বিয়াৰ দুমাহ নৌহওতেই নিজৰ জীৱনৰ মোহ এৰিলে? চিনেমাত কাম কৰিবলৈ আশা বান্ধি ৰখা, গীত-নাচ সকলোতে পাকৈত মাৰ্চি বৰাই মাকৰ ঘৰলৈ যাম বুলি সাজু হৈ আছিল। নিজৰ প্ৰতিভা সকলোৰে আগত তুলি ধৰাৰ হেঁপাহ পুহি ৰখা মাৰ্চিয়ে হঠাৎ কি কাৰণে ভেলেণ্টাইনছ ডে'ৰ দিনা নিজৰ শোৱনীকোঠাত চিলিং ফেনত ওলমি দিলে?\nসকলোকে হতভম্ব কৰা এই 'আত্মহত্যা'ৰ পিছত বন্ধুবৰ্গই প্ৰশ্ন তুলিছিল স্বামী প্ৰণৱ বৰাৰ বিৰুদ্ধে। শৈশৱৰ পৰাই মাৰ্চিৰ সৈতে প্ৰেমপাশত বান্ধ খাই থাকিলেও মাৰ্চিৰ স্বামী আছিল অত্যন্ত সন্দেহপৰায়ণ, মাৰ্চিক হোৱাই-নোহোৱাই মানসিক নিৰ্যাতন কৰিছিল স্বামী প্ৰণৱ বৰাই। অত্যন্ত আশাৰে দীৰ্ঘদিনৰ প্ৰেমিকৰ সৈতে জীৱন আৰম্ভ কৰা মাৰ্চিৰ কাৰণে স্বামী হৈ পৰিছিল বেদনা দিয়া এজন অসুৰ।\nসহি সহি এটা সময়ত নোৱাৰা হৈ পৰা মাৰ্চিয়ে ওলাই অহাৰ বাট বিচাৰি পোৱা নাছিল। মৃত্যুৰ আগমুহূৰ্তত কোনো ধৰণৰ ছুইচাইড নোট আদি নিলিখাকৈ, সকলো ছচিয়েল মিডিয়া একাউণ্ট ডিএক্টিভেট কৰি মাৰ্চিয়ে চিৰবিদায় লয়। টিকটকত মাৰ্চিয়ে এটা দিন পূৰ্বে ৰংমনে আপলোড কৰিছিল নৃত্য-অভিনয়ৰ ভিডিও।\nৰাজ্যবাসীক হতভম্ব কৰা এই ৰহস্যজনক আত্মহত্যাৰ পিছতে মাৰ্চিৰ পৰিয়ালে ১৭ ফেব্ৰুৱাৰীত স্বামী প্ৰণৱ বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। অগ্নিনিৰ্বাপক বাহিনীৰ চাকৰিয়াল প্ৰণৱ সেই সময়ত ছমহীয়া প্ৰশিক্ষণত মুম্বাইত আছিল।\nআৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে আৰু তদন্তত স্বামী প্ৰণৱ বৰাৰ বিৰুদ্ধে মাৰ্চিক আত্মহত্যা কৰিবলৈ উচতনি (Abetment of suicide) ৰ যথেষ্ট ক্লু লাভ কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩০৬ধাৰাৰ অধীনত গোচৰ নম্বৰ ৯/২০২০ৰ ভিত্তিত ডকমকা আৰক্ষীয়ে তদন্ত চলাই স্বামী প্ৰণৱ বৰাক গ্ৰেপ্তাৰ কৰে। এই গোচৰত আদালতত দোষী সাব্যস্ত হ'লে মাৰ্চিৰ স্বামীৰ দহবছৰ পৰ্যন্ত জে'ল বা জৰিমনা অথবা দুইটাই হ'ব পাৰে। শাস্তিৰ ম্যাদ যিয়ে নহওক এপাহ ফুলকলি হেন এজনী ছোৱালী হেৰাই গ'ল কেৱল সন্দেহৰ নামত! ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু কি হ'ব পাৰে!
২০২০ চনত কোভিডে সংহাৰৰ সৃষ্টি কৰা ব্ৰিটেইনত কোভিডৰ এক্সবিবি আৰু বিকিউ.১-নামৰ দুটা নতুন প্ৰজাতিত আক্ৰান্ত হৈছে বহু লোক। ৭০০ জনৰো অধিক লোক নতুনভািরাছ প্ৰজাতিত সংক্ৰমিত হোৱাৰ খবৰ আহিছে। বিজ্ঞানীসকলে প্ৰকাশ কৰা নতুন প্ৰজাতি দুবিধে মানুহৰ ৰোগ প্ৰতিৰোধ প্ৰণালীক শক্তিহীন কৰি তোলে । আনকি কোনো ভেকছিনেও কাম নকৰে। ভাইৰাছবিধকলৈ অধ্যয়ন কৰি থকা বাছেল বিশ্ববিদ্যালয়ৰ গৱেষক সকলেও এই প্ৰজাতি দুটাক লৈ চিন্তা ব্যক্ত কৰিছে। ইপিনে অমিক্ৰনৰ নতুন প্ৰজাতি ধৰা পৰাৰ পিছতেভাৰততো পুনৰ কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ ভাৰতত অমিক্ৰনৰ নতুন উপ-প্ৰকাৰ বি.এ.৫.১.৭ আৰু বি.এফ.৭ ধৰা পৰাৰ পিছতে স্বাস্থ্য বিজ্ঞানীসকল অধিক চিন্তিত হৈ পৰিছে। এই উপ-প্ৰকাৰসমূহ অতি সংক্ৰামক বুলি প্ৰমাণিত হৈছে আৰু চীনৰ মঙ্গোলিয়া অঞ্চলৰ পৰা বিয়পি পৰাৰ পিছত অধিক শক্তিশালী হৈ উঠিছে বুলি বিজ্ঞানীসকলে কৈছে। এনে উপ-প্ৰকাৰবোৰে এতিয়া পৃথিৱীৰ আন প্ৰান্ততো বিয়পি পৰিছে আৰু ইয়াৰ ফলতে কোভিড সংক্ৰমণৰ এক নতুন ঢৌ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। শেহতীয়াকৈ গুজৰাট জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰই ভাৰতত বিএফ.৭-ৰ প্ৰথম সংক্ৰমণৰ ঘটনা চিনাক্ত কৰিছে। ভেকছিনৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাকো হাৰ মনাব পৰা এইবিধ প্ৰজাতিয়ে সেয়ে সংহাৰৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ডিব্ৰুগড়ৰ লেপেটকটাত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। বৰযাত্ৰী কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মৃত্যুক সাৱটে ৬ জনকৈ লোকে। বৃহস্পতিবাৰে পুৱা ৩৭ নং ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰেইলাৰত খুন্দা মাৰে বৰযাত্ৰীৰ লগত যোৱা এখন বলেৰ' গাড়ীয়ে। দুৰ্ঘটনাত নিহত হোৱা সকলৰ নাম হেম বৰা, মদন বৰা, জীৱক শইকীয়া, প্ৰকাশ দাস, কনপাই ভূঞা, দেৱ বৰা বুলি জানিব পৰ গৈছে। ধেমাজিৰ পৰা ডিব্ৰুগড়ৰ কুটোহা অভিমুখে আহি থাকোতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। নিহত সকলৰ ৫ জনৰ ঘৰ ডিব্ৰুগড়ৰ ভগামূৰত। আনহাতে নিহত বলেৰ' খনৰ চালক প্ৰকাশ জ্যোতি দাসৰ ঘৰ লেপেটকটা নতুন গাঁৱত। উল্লেখযোগ্য যে ডিব্ৰুগড় ভগামূৰৰ প্ৰফুল্ল ভূঞাৰ পুত্ৰ প্ৰাঞ্জল ভূঞাৰ বিয়া আছিল। ধেমাজিৰ চিচিৰবৰ গাঁৱৰ পৰা সামাজিক ৰীতি নীতি অনুসৰি আনিবলৈ গৈছিল কইনা।
এলবাৰ্ট আইনষ্টাইন - অসমীয়া ৱিকিপিডিয়া\n১৪ মাৰ্চ, ১৮৭৯\n১৮ এপ্ৰিল, ১৯৫৫ (৭৬ বছৰ)\nআমেৰিকা যুক্তৰাষ্ট্ৰ (১৯৪০-১৯৫৫)\nচুইজাৰলেণ্ড পেটেণ্ট অফিচ (বাৰ্ন)\nচুইচ কেন্দ্ৰীয় অভিযন্ত্ৰিক প্ৰতিষ্ঠান,জুৰিখ\nকাইজাৰ উইলহেল্ম প্ৰতিষ্ঠান\nএলবাৰ্ট আইনষ্টাইন (ইংৰাজীঃ Albert Einstein) (pron.: /ˈælbərt ˈaɪnstaɪn/; জাৰ্মানঃ [ˈalbɐt ˈaɪnʃtaɪn] ( শুনক); জাৰ্মানীৰ উইটেনবাৰ্গ অঞ্চলৰ উল্ম চহৰত ১৮৭৯ খৃষ্টাব্দৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা এজন তাত্ত্বিক পদাৰ্থ বিজ্ঞানী। তেওঁৰ আপেক্ষিকতাবাদ তত্ত্ব আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটিস্বৰূপ। তাত্ত্বিক পদাৰ্থবিদ্যালৈ অৱদান বিশেষকৈ আলোক বিদ্যুৎ পৰিঘটনাৰ বাবে ১৯২১ চনত তেওঁক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।। এই আলোক বিদ্যুত পৰিঘটনাই পাচলৈ কোৱাণ্টাম তত্ত্বৰ সূচনা কৰে[উদ্ধৃতিৰ প্ৰয়োজন]।\nআইনষ্টাইনে ভাবিছিল যে নিউটনীয় বলবিদ্যাই ধ্ৰুপদী পদাৰ্থবিজ্ঞান আৰু বিদ্যুত চুম্বকীয় সূত্ৰসমূহৰ মাজত যোগসূত্ৰ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে তেওঁ বিশেষ আপেক্ষিকতাবাদ তত্ত্ব গঢ় দিয়ে। পাছলৈ তেওঁ আপেক্ষিকতাবাদ সূত্ৰ মহাকৰ্ষণীয় ক্ষেত্ৰৰ বাবেও প্ৰয়োগ কৰে আৰু ১৯১৬ চনত সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব প্ৰকাশ কৰে। কোৱাণ্টাম তত্ত্ব আৰু পাৰিসাংখ্যিক বলবিদ্যালৈ আইনষ্টাইনে আগবঢ়োৱা অৱদানৰ ভিতৰত কণিকা তত্ত্ব আৰু অণুৰ গতি উল্লেখযোগ্য।\n১৯৩৩ চনত হিটলাৰে যেতিয়া জাৰ্মানীত ক্ষমতা দখল কৰে আইনষ্টাইনে যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰি আছিল। সেই সময়ত বাৰ্লিন অকাদেমী অৱ ছায়েন্সৰ অধ্যাপক আইনষ্টাইন আৰু জাৰ্মানীলৈ ঘূৰি নগ'ল। তেওঁ যুক্তৰাষ্ট্ৰতে বসবাস কৰিবলৈ লয় আৰু ১৯৪০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰে। ২য় বিশ্বযুদ্ধৰ কালত আইনষ্টাইনৰ এখন চিঠিয়ে সেইসময়ৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰুজভেল্টক পৰমাণু অস্ত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰে। আৰু এইদৰেই মানহাট্টান প্ৰকল্পৰ সূচনা হয়। পাচলৈ হিৰোচিমা আৰু নাগাচাকিত আণৱিক বোমাৰ ভয়াৱহতা দেখি অনুশোচনাত ভোগে। আণৱিক বোমাৰ ভয়াৱহতাৰ বিষয়ে বৰ্ণনা কৰি লিখা ৰাছেল-আইনষ্টাইন ইস্তাহাৰত বাৰ্ট্ৰাণ্ড ৰাছেলৰ সৈতে তেওঁ স্বাক্ষৰ কৰে।\nআইনষ্টাইনে প্ৰায় ৩০০ বৈজ্ঞানিক প্ৰবন্ধ আৰু প্ৰায় ১৫০ সাধাৰণ প্ৰবন্ধ ৰচনা কৰে।\n1.1 ল'ৰালিকাল আৰু শিক্ষা\n1.2 মিলানলৈ যাত্ৰা\n2 কৰ্মজীৱন আৰু গৱেষণা\n3 দ্বিতীয় বিবাহ আৰু গৱেষণা\n4 অন্তিম জীৱন কাল\n6 আইনষ্টাইনৰ সুখৰ তত্ত্ব\nল'ৰালিকাল আৰু শিক্ষা[সম্পাদনা কৰক]\nতিনি বছৰ বয়সত আইনষ্টাইন, ১৮৮২ চন\nচৈধ্য বছৰ বয়সত আইনষ্টাইন, ১৮৯৩ চন\nআইনষ্টাইনৰ স্কুলৰ চাৰ্টিফিকেট\n১৮৭৯ চনৰ ১৪ মাৰ্চত সেইসময়ৰ জাৰ্মান সাম্ৰাজ্যৰ ওল্ম চহৰত এই মহান বিজ্ঞানীজনৰ জন্ম হয়। আইনষ্টাইনৰ পিতৃ হাৰমেন আইনষ্টাইন আছিল এজন ব্যৱসায়ী। তেওঁৰ দেউতাকৰ এজন ইঞ্জিনিয়াৰ ভায়েক আছিল। এলবাৰ্টৰ দেউতাক আৰু এই খুৰাকজনে মিলি বৈদ্যুতিক আহিলাপাতি তৈয়াৰ কৰা কাৰখানা এটা চলাইছিল। কাৰখানাৰ কামৰ বাহিৰে আজৰি সময়খিনি খুৰাকে এলবাৰ্টৰ লগতে কটাইছিল-অংকৰ নানান খেলা কৰি। বয়স অলপ বুজন হোৱাৰে পৰা এলবাৰ্টেও খুৰাকৰ লগত এই অংকৰ খেলাত সমানে অংশ ল'ব পৰা হ'ল। এনেকৈয়ে নিচেই কম সময়তে এলবাৰ্টৰ মনত অংকৰ প্ৰতি এক গভীৰ অনুৰাগৰ সৃষ্টি হয়। ইহুদীধৰ্মী আইনষ্টাইনসকল গোড়া নাছিল। ৫ বছৰ বয়সৰ পৰা আইনষ্টাইনে এখন কেথেলিক প্ৰাথমিক বিদ্যালয়ত ৩ বছৰ শিক্ষাগ্ৰহণ কৰে। ইয়াৰ পাচত তেওঁ লুইপ'ল্ড জিমনেচিয়ামত মাধ্যমিক শিক্ষাগ্ৰহণ কৰে। এবাৰ দেউতাকে শিশু আইনষ্টাইনক এডাল চুম্বকশলা উপহাৰ দিছিল। তেওঁ এই কথা অনুভৱ কৰিব পাৰিছিল যে চৌদিশে শূন্য হ'লেও নিশ্চয় কিহবাই শলাডালক বান্ধি ৰাখিছে।\nমিলানলৈ যাত্ৰা[সম্পাদনা কৰক]\n১৮৯৪ চনত এলবাৰ্টৰ দেউতাকৰ কাৰখানাটো বন্ধ হৈ যোৱাত নতুন ভাগ্যৰ সন্ধানত তেওঁলোকৰ পৰিয়াল মিউনিখৰ পৰা ইটালিৰ মিলানলৈ যায়, তাৰ কিছুমাহৰ পিছত পাভিয়ালৈ গমন কৰে। তেতিয়া আইনষ্টাইনৰ বয়স আছিল ১৫ বছৰ। চুইজাৰলেণ্ডৰ জুৰিখত থকা এখন আন্তৰ্জাতিক নাম থকা পলিটেকনিক স্কুলত এলবাৰ্টে শিক্ষা গ্ৰহণ কৰে। এলবাৰ্টৰ পদাৰ্থ বিদ্যা আৰু অংকৰ প্ৰতি থকা গভীৰ অনুৰাগৰ বাবে একে শ্ৰেণীৰে মিলেভা মেৰিক লাহে লাহে এলবাৰ্টৰ প্ৰতি আকৃষ্ট হয়। স্কুলৰ শ্ৰেণীসমূহ শেষ হোৱাৰ পিছতো যথেষ্ট সময়লৈ এলবাৰ্ট আৰু মিলেভাই গৱেষণাগাৰত তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষা চলাই গৈছিল।\n১৯০৩ চনৰ জানুৱাৰী মাহত এলবাৰ্টে তেওঁৰ একালৰ স্কুলৰ লগৰী মিলেভা মেৰিকক বিয়া কৰায়। পিছে গৱেষণাগাৰৰ চাৰিবেৰৰ বাহিৰত যে তেওঁলোকৰ কোনো কথাতে মিল নাই সেইটো অতি সোনকালেই প্ৰকাশ পালে। ১৯১৪ চনৰ পৰা পাঁচ বছৰ বেলেগে বেলেগে থকাৰ পাছত ১৯১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তাৰ কিছুদিন পিছতেই ১৯১৯ চনৰ ২ জুনত আইনষ্টাইনে এলছা লৱেন্থেল নামৰ এগৰাকী দূৰ সম্পৰ্কীয় মহিলাক বিয়া কৰায়। ১৯৩৬ চনৰ ডিচেম্বৰ মাহত এলছা আইনষ্টাইন মৃত্যু হয়।\nকৰ্মজীৱন আৰু গৱেষণা[সম্পাদনা কৰক]\nপলিটেকনিকৰ পৰা পাছ কৰি এলবাৰ্টে বাৰ্ণ চহৰৰ এটা পেটেণ্ট অফিচত চাকৰি কৰি কৰ্মজীৱনৰ আৰম্ভণি কৰে। পেটেণ্ট অফিচত আইনষ্টাইনৰ বিশেষ ব্যস্ততা নাছিল। তেওঁৰ কামৰ ভিতৰত পৰিছিল কেৱল নতুন নতুন আৱিষ্কাৰ সমূহৰ তালিকা একোখন প্ৰস্তুত কৰি ৰখা। এই কাম কৰি তেওঁ অনেক আজৰি সময় পাইছিল। এই আজৰি সময়ত তেওঁ আত্মনিয়োগ কৰিছিল নিজৰ বৈজ্ঞানিক গৱেষণাত। ১৯০৫ চনত এলবাৰ্ট আইনষ্টাইনে পোহৰৰ উত্স আৰু পৰিৱৰ্তন সম্পৰ্কে এটি প্ৰবন্ধ প্ৰকাশ কৰে। এই নতুন তথ্য সম্বলিত প্ৰবন্ধটো প্ৰকাশ হোৱাৰ লগে লগে শিক্ষা জগতত এই বিষয়ে গভীৰ চিন্তা চৰ্চা হ'বলৈ ধৰে আৰু আইনষ্টাইনক জুৰিখ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হয়। জুৰিখ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ চাকৰিত অতি কম দৰ্মহাৰে তেওঁ বৰ কষ্টত চলিবলগীয়া হয়। আইনষ্টাইনে পিছৰ জীৱনত এইকেইটা দিনৰ কথা মনত পেলাই ৰসিকতা কৰি কৈছিল, "মই আপেক্ষিকতাবাদৰ গৱেষণা কালত অন্তৰীক্ষৰ প্ৰতিটো চুকতে একোটাকৈ ঘড়ী ওলোমাই লৈছিলোঁ; কিন্তু প্ৰকৃতপক্ষে মোৰ কোঠাটোৰ বাবে ঘড়ী এটা মই যোগাৰ কৰিব নোৱাৰিছিলোঁ। "\n১৯১১ চনত তেওঁ অধিক দৰ্মহাত প্ৰাগ বিশ্ববিদ্যালয়ত এটি চাকৰি পায়; কিন্তু ইয়াতো তেওঁ বেছি দিন থাকিব নোৱাৰিলে; কিয়নো ইতিমধ্যে ইহুদীসকলৰ প্ৰতি জাৰ্মান সকলৰ মনত ক্ৰোধ আৰু ঘৃণাৰ ভাৱ ক্ৰমাৎ বৃদ্ধি পাই আহিছিল। তাৰ ৩০ বছৰৰ পিছত জাৰ্মানিত হ'বলগীয়া ইহুদী নিধনযজ্ঞৰ সূত্ৰপাত ইতিমধ্যেই হৈছিল। এলবাৰ্টলৈ এনে সময়তে আমন্ত্ৰণ আহে চুইজাৰলেণ্ডৰ জুৰিখত থকা সেই পলিটেকনিকৰ পৰা য'ত তেওঁ এসময়ত ছাত্ৰ আছিল। মিলেভাইও এই কথাত মনে মনে বৰ ভাল পালে।\nএই পলিটেকনিকত কাম কৰি থকা অৱস্থাতেই তেওঁ আৰু কেইটামান আলোড়নকাৰী বৈজ্ঞানিক তথ্য আৱিষ্কাৰ কৰে আৰু এইবোৰ প্ৰবন্ধ আকাৰে প্ৰকাশ পায়। এইবাৰ তেওঁলৈ প্ৰুচীয় ৰাজকীয় বিজ্ঞান একাডেমীৰ সদস্য পদৰ লগতে বাৰ্লিনত নতুনকৈ আৰম্ভ হোৱা কেইজাৰ উইলহেম ইনষ্টিটিউটৰ পৰিচালকৰ পদ আগবঢ়োৱা হয়। কোনো বিজ্ঞানীৰ পক্ষেই এই ধৰণৰ সুবিধা দলিয়াই পেলোৱাটো সম্ভৱ নহয়। এই চাকৰিৰ পৰা তেওঁৰ অৰ্থাভাৱ দূৰ হোৱাৰ লগতে গৱেষণাৰ কাৰণেও পৰ্যাপ্ত সময় ওলাব। গতিকে তেওঁ এই চাকৰি গ্ৰহণ কৰিলে; কিন্তু তেওঁৰ পত্নী মিলেভা বাৰ্লিনলৈ যাবলৈ ৰাজী নহ'ল। আইনষ্টাইনে তেওঁৰ দুই পুত্ৰ আৰু পত্নী মিলেভাক জুৰিখতে এৰি বাৰ্লিনলৈ যাত্ৰা কৰিলে।\nদ্বিতীয় বিবাহ আৰু গৱেষণা[সম্পাদনা কৰক]\n১৯১৯ চনৰ ২ জুনত আইনষ্টাইনে এলছা আইনষ্টাইন নামৰ এগৰাকী দূৰ সম্পৰ্কীয় মহিলাক বিয়া কৰায়। ইয়াৰ পিছত ১৯১৩ চনৰ পৰা ১৯৩৩ চনলৈ প্ৰায় কুৰি বছৰ কাল তেওঁ বাৰ্লিনত কটায় আৰু ইয়াতেই তেওঁ গৱেষণাৰ কাম শেষ কৰি পৃথিৱীৰ বিজ্ঞানী মহলৰ আগত ডাঙি ধৰে তেওঁৰ আলোড়নকাৰী আবিষ্কাৰ আপেক্ষিকতাবাদ তত্ত্বৰ। প্ৰায় ২৫ বছৰৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে কৰা তেওঁৰ সাধনাৰ ফল তেওঁ লাভ কৰে আৰু সমগ্ৰ বিশ্বৰ বিজ্ঞানী মহলত এক আলোড়নৰ সৃষ্টি কৰাৰ লগতে নিউটনৰ সূত্ৰ সমূহৰ খুতি-নাটিৰ ওপৰত এক নতুন চিন্তাৰ জোৱাৰ আনি দিয়ে। সেইটো আছিল যুদ্ধোত্তৰ কাল। প্ৰথম বিশ্বযুদ্ধ ইতিমধ্যে শেষ হৈছে। পৃথিৱী জুৰি তেতিয়া কেৱল সদ্যসমাপ্ত হোৱা যুদ্ধখনৰে চৰ্চা; কিন্তু এই সকলোবোৰ চিন্তা তল পেলাই ১৯১৯ চনৰ ৭ নৱেম্বৰ তাৰিখে ইংলেণ্ডৰ 'দ্য টাইমচ' কাকতে লিখিলে, "It is the discovery ofawhole continent of new scientific ideas. It is the greatest discovery in connection with gravitation since Newton enumerated his principles."\nআইনষ্টাইনৰ গৱেষণাৰ বিষয় কেৱল এটা নাছিল। তেওঁ পোহৰ, গতি, সময়, শক্তি আৰু পদাৰ্থ আদিৰ ওপৰত একে সময়তে গৱেষণা চলাইছিল। আইনষ্টাইনে প্ৰতিষ্ঠা কৰা সত্য সমূহৰ এটা হ'ল 'পদাৰ্থ মাত্ৰেই শক্তি' এটাক আনটোলৈ ৰূপান্তৰিত কৰিব পৰা যায়। ইয়াৰ আগতে মানুহে বিশ্বাস কৰিছিল যে পদাৰ্থ আৰু শক্তি দুটা সম্পূৰ্ণ বেলেগ বস্তু। ইটা এটুকুৰা পদাৰ্থ। উত্তাপ শক্তি। এই ইটা আৰু উত্তাপ দুটা ভিন্ন বস্তু, কিন্তু আইনষ্টাইনে এই ধাৰণা ভুল বুলি প্ৰমাণিত কৰে। সমসাময়িক পদাৰ্থবিদ সকলে চিন্তা কৰিলে যে আইনষ্টাইনৰ এই তথ্য সত্য হ'লে বহুতো অসম্ভৱ কথা সম্ভৱ হ'ব।\nএই তত্ত্বৰ কেইবছৰমানৰ ভিতৰতে তৈয়াৰ কৰা হৈছিল পৰমাণু বোমা আৰু বৰ্তমান যুগৰ পৃথিৱীত পৰমাণু শক্তিৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে। আইনষ্টাইনৰ এই তথ্য তেওঁৰ আপেক্ষিকতাবাদৰ এটা অংশহে মথোন। আইনষ্টাইনৰ আবিষ্কাৰ সমূহৰ বাবে তেওঁলৈ আগবঢ়োৱা হয় ১৯২২ চনৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বটা।\nইতিমধ্যে ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা বক্তৃতা দিবৰ বাবে আইনষ্টাইনক অনেকবাৰ আমন্ত্ৰণ জনোৱা হয়। ১৯৩২ চনত আমেৰিকাত আন্তৰ্জাতিক উচ্চ বিজ্ঞান পৰিষদৰ পৰা এনে এক আমন্ত্ৰণ পাই তেওঁ আমেৰিকালৈ যায়। এই যাত্ৰাত আমেৰিকাৰ পৰা ঘূৰি অহাৰ পিছত তেওঁ জাৰ্মানিত প্ৰৱেশ কৰিব নোৱাৰিলে, কাৰণ এই সময়ছোৱাৰ ভিতৰত জাৰ্মানিত আৰম্ভ হৈছিল ইহুদী নিধন পৰ্ব। <input type= textbox>\nঅন্তিম জীৱন কাল[সম্পাদনা কৰক]\nআইনষ্টাইনে ইয়াৰ পিছত বেলজিয়ামত থাকিবলৈ লয়। এখন সমুদ্ৰবৰ্তী গাঁৱত তেওঁ স্বেচ্ছাই নিৰ্বাসিত জীৱন গ্ৰহণ কৰে; কিন্তু আমেৰিকাৰ প্ৰিন্সটন কলেজত অধ্যাপনাৰ বাবে পোৱা আমন্ত্ৰণ গ্ৰহণ কৰি তেওঁ আমেৰিকালৈ যায় আৰু তাতেই থাকিবলৈ লয়। ১৯৩৬ চনৰ ১৫ জানুৱাৰীত তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে। জীৱনৰ শেষ কালছোৱাত তেওঁ আন এটা বৈজ্ঞানিক সত্য উদঘাটন কৰে যাৰ নাম 'একত্ৰিত ক্ষেত্ৰ তত্ত্ব' (The unified Field Theory)। এই তত্ত্বত তেওঁ দেখুৱায় যে গ্ৰহ, তৰা, অণু-পৰমাণু তড়িৎ এই সকলোবোৰ একেটা প্ৰাকৃতিক নিয়মৰেই অধীন।\nআইনষ্টাইনৰ গৱেষণাৰ আহিলা আছিল এডাল পেঞ্চিল আৰু কাগজ আৰু সত্যবোৰ উদঘাটন কৰিছিল সেই কাগজত পেঞ্চিল টুকুৰাৰে অংক কৰি। আন কোনো যন্ত্ৰপাতিয়েই তেওঁৰ নাছিল।\n১৯৫৫ চনৰ ১৮ এপ্ৰিল তাৰিখে এই বিৰাট প্ৰতিভা সম্পন্ন ব্যক্তি, বিজ্ঞানীসকলৰো বিস্ময় এলবাৰ্ট আইনষ্টাইনৰ ইহলীলাৰ অন্ত পৰে।\nআইনষ্টাইনৰ সুখৰ তত্ত্ব[সম্পাদনা কৰক]\nসুখ সম্বন্ধে এলবাৰ্ট আইনষ্টাইনে পোষণ কৰা ধাৰণা এটি এতিয়া 'আইনষ্টাইনৰ সুখৰ তত্ত্ব'(Einstein's Theory of Happiness) হিচাপে পৰিগণিত। ১৯২২ চনৰ নৱেম্বৰ মাহ। জাপানী প্ৰকাশক এজনৰ আমন্ত্ৰণক্ৰমে এলানি বিশেষ বক্তৃতাত অংশগ্ৰহণ কৰিবলৈ আইনষ্টাইন জাপানলৈ গৈছিল। যাত্ৰা কৰি থাকোঁতেই আইনষ্টাইনে জানিবলৈ পালে যে তেওঁক সেই বছৰৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটাটি প্ৰদান কৰা হৈছে। মুহূৰ্তৰ ভিতৰতে এই সুখবৰে গৈ জাপানৰ আকাশ-বতাহ স্পৰ্শ কৰিলে। মহান বিজ্ঞানীজনক এপলক চাবলৈ জাপানী মানুহসকল অতিশয় অধীৰ আৰু ব্যাকুল হৈ পৰিল। আইনষ্টাইনো গৈ কিছু বেলিৰ মূৰত জাপানত উপস্থিত হ'ল। কিন্তু ৰাইজৰ মাজলৈ নগৈ তেওঁ গ'ল টকিঅ'স্থিত ইমপেৰিয়েল হোটেলৰ এটা আছুতীয়া কোঠালৈ। জাপানী মানুহৰ এই আদৰ-সাদৰ আৰু উছাহ দেখি আইনষ্টাইনে সুখ পাইছিল যদিও ভিতৰি ভিতৰি বৰ বিব্ৰতবোধ কৰিছিল। তথাপিতো ন'বেল বঁটা-প্ৰাপ্তিৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ৰাইজক জনোৱাৰ উদ্দেশ্যে আইনষ্টাইনে মনৰ অনুভৱ কাগজ এখনত লিখিবলৈ বহিল। তেনেতে হোটেলৰ পিয়নজনে তেওঁৰ দুৱাৰত টোকৰ দিলেগৈ। সেই পিয়নজন আহিছিল কোনোবাই পঠিওৱা বস্তু এটা আইনষ্টাইনক চমজাই দিবলৈ। বস্তুটো আইনষ্টাইনক চমজাই দি ল'ৰাজন যাবলৈ ওলাল। কিন্তু আইনষ্টাইনে ভাবিলে-এনেকৈ সুদা হাতে ল'ৰাজনক পঠিয়ালে ভাল নহ'ব। সেয়ে তেওঁ ল'ৰাজনক সৰু 'টিপ্' এটা দিব বিচাৰিলে। পিছে সেইয়া সম্ভৱ হৈ নুঠিল। (বোধহয় আইনষ্টাইনৰ হাতত সেইমুহূৰ্তত খুচুৰা নাছিল নাইবা ল'ৰাজনে স্থানীয় ৰীতি মানি চলি আইনষ্টাইনৰ পৰা 'টিপ্' ল'বলৈ অস্বীকাৰ কৰিছিল। ) উপায়বিহীন হৈ আইনষ্টাইনে তেওঁৰ হাতত তুলি দিলে দুখন সৰু কাগজ। এখনত লিখিলে- "য'তে ইচ্ছা,ত'তে বাট(When there isawill, there isaway)"। আনখন কাগজত লিখিলে সুখসম্বন্ধীয় এষাৰি গুৰুত্বপূৰ্ণ কথা-"নীৰৱচ্ছিন্ন অস্থিৰতাৰে সম্পৃক্ত হৈ থকা সফলতাৰ সন্ধানতকৈ এটা শান্ত আৰু সৰল জীৱনে অধিক সুখ প্ৰদান কৰে। " (A calm and modest life brings more happiness than the pursuit of success combined with constant restlessness.) কোৱাটো নিষ্প্ৰয়োজন, এইটো শাৰীয়েই এতিয়া আইনষ্টাইনৰ 'সুখৰ তত্ত্ব' বুলি পৰিচিত। কাগজখন চমজাই উঠি আইনষ্টাইনে ল'ৰাজনক ক'লে-"যদি তুমি ভাগ্যৱান,তেন্তে কাগজত লিখা এই টোকা দুটা এসময়ত খুচুৰাতকৈ অধিক মূল্যৱান বুলি বিবেচিত হ'ব। " ২০১৭ বৰ্ষত উদ্ধাৰ হোৱা পুৰণি পত্ৰ দুখন সেই বছৰৰে অক্টোবৰ মাহত প্ৰায় দুই মিলিয়ন ডলাৰত নিলামযোগে বিক্ৰী হৈ গ'ল। সুখসম্বন্ধীয় বাৰ্তাটোৱেও বৌদ্ধিক আৰু বিজ্ঞান মহলত শেহতীয়াকৈ বিশেষ পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে। \n↑ ১৯২১ চনৰ পদাৰ্থবিজ্ঞানৰ নোবেল (২৩ ডিচেম্বৰ ২০১১). "১৯২১ চনৰ পদাৰ্থবিজ্ঞানৰ নোবেল". আইনষ্টাইন. নোবেল ফাউণ্ডেচন. পৃষ্ঠাসমূহঃ ১. http://www.nobelprize.org/nobel_prizes/physics/laureates/1921/। আহৰণ কৰা হৈছেঃ ২৩ ডিচেম্বৰ ২০১১.\n↑ 3.0 3.1 নোবেল ফাউণ্ডেচন (December 24, 2011). "আইনষ্টাইন-জীৱনী". নোবেল ফাউণ্ডেচন. http://www.nobelprize.org/nobel_prizes/physics/laureates/1921/einstein-bio.html। আহৰণ কৰা হৈছেঃ December 24, 2011.\n↑ John J. Stachel (2002), Einstein from "B" to "Z", Springer, pp. 59-61, ISBN 9780817641436, http://books.google.com/books?id=OAsQ_hFjhrAC&pg=PA59, r কৰা হৈছেঃ ২৪ ডিচেম্বৰ ২০১১\nHighfield, Roger; Carter, Paul (1993). The Private Lives of Albert Einstein. প্ৰকাশক London: Faber and Faber. ISBN 978-0571167449.\nAlbert Einstein প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰেঃ\nThe MacTutor History of Mathematics archive, School of Mathematics and Statistics, University of St Andrews, Scotland, April 1997, http://www-history.mcs.st-andrews.ac.uk/Biographies/Einstein.html, r কৰা হৈছেঃ 14 June 2009\nগুগল স্কলাৰত প্ৰকাশনৰ তালিকা\nThe ICCU id CFIV035853 is not valid.\n"https://as.wikipedia.org/w/index.php?title=এলবাৰ্ট_আইনষ্টাইন&oldid=300726"ৰ পৰা অনা হৈছে\nএই পৃষ্ঠাখন ২৬ ছেপ্টেম্বৰ, ২০২১ তাৰিখে ০৮ঃ৩৩ বজাত অন্তিম সংশোধন কৰা হৈছিল।
প্ৰতিদিন টাইমৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞা আৰু জুৰীয়াৰ প্ৰাক্তন ছাত্ৰনেতা তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী প্ৰসন্ন খাতনীয়াৰ অকাল বিয়োগত জুৰীয়াৰ সংবাদ ক্লাৱ আৰু একেখন নাৱৰে যাত্ৰী গ্ৰুপৰ যৌথ উদ্যোগত জুৰীয়া শাখা ছাত্ৰ সন্থা, সমন্বয় গোষ্ঠীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জুৰীয়াৰ সংবাদ ক্লাৱৰ সকলো সাংবাদিকৰ লগতে জুৰীয়া ছাত্ৰ সন্থা আৰু নগাঁও মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, জুৰীয়া সমন্বয় গোষ্ঠী, একেখন নাৱৰে যাত্ৰী গ্ৰুপ, জুৰীয়া মণ্ডল বিজেপি, তেলীয়া বেবেজীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰবীণ বৰা, জ্যেষ্ঠ নাগৰিক উৎপল বৰা, নাট্যকাৰ দিলীপ বৰদলৈৰ লগতে জুৰীয়াৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি পৰাগ ভূঞা আৰু প্ৰসন্ন খাতনীয়াৰ প্ৰতিছবিত পুষ্পঞ্জলি অৰ্পন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে উজনি অসমৰ কাকপথাৰৰ প্ৰতিদিন টাইমৰ সাহসী সাংবাদিক পৰাগ ভূঞাৰ মৃত্যু যিটো পৰিৱেশত হৈছে সেইটোৰ ওপৰত সন্দেহ প্ৰকাশ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে পৰাগ ভূঞাৰ মৃত্যুৰ চি বি আই তদন্তৰ দাবী জনায়। You may also read!
পৰেশ বৰুৱা ককাইদেউলৈ মনৰ বতৰা\nপোনতে আপোনালৈ শ্ৰদ্ধা যাঁচিলো। আশাকৰো আপোনাৰ কুশল মংগল ।চাঁওতে চাঁওতে আৰু এটা বছৰ শেষ হ'লহি । এই সুযোগতে আপোনালৈ নৱবৰ্ষ ও মাঘ বিহুৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলো ।\nএই খিনিতে আপোনাক এটা কথা কৈ থঁও। ককাইদেউ বুলি সম্বোধন ধৰাৰ কাৰণে বেয়া নাপায় যেন । ব্যক্তিগতভাবে আপোনাৰ লগত মোৰ একো চা-চিনাকি নাই যদিও ল'ৰালি কালৰ পৰা আপোনাৰ নাম শুনি শুনি হয়তো কিবা বৰ আপোন আপোন লাগে,সেই কাৰণেই আপোনাক ককাইদেউ বুলি সম্বোধন কৰিলো ।\nককাইদেউ, এই চিঠি খন আপোনালৈ লিখাৰ উদেশ্য কেবাটাও। আজি বহুবছৰ ধৰি মনৰ ভিতৰতে লাগি থকা খু-দুৱনিৰ কাৰণেহে এই পত্ৰ আপোনালৈ লিখিলো। কিবা বুজি পোৱা নোপোৱা দিনতে হয়তো আপোনাৰ তথা আপোনাৰ সংগঠনৰ নাম প্ৰথম বাৰৰ বাবে শুনিছিলো । কিবা কালক্ৰমে আমাৰ ঘৰখনৰ লগত লেনিন, মাৰ্ক্স, মাও, গুৱেভাৰাৰ চিনাকী মোৰ জন্ম লগ্নৰে পৰা। সৰুতেই এই বীৰ সকলৰ কথা সাধু কথাৰ নিচিনাকৈ শুনাৰ সোভাগ্য হৈছিল ।\nএনেকুৱা কিবা এটা সন্ধিক্ষণত আপোনালোকৰ সংগঠনৰ জন্ম তথা উত্থানৰ কাহিনী শুনি হয়তো সেইসময়ত আপোনালোকৰ মাজত একো একো জন লেনিন, মাৰ্ক্স, মাও, গুৱেভাৰাক কল্পনা কৰিব ধৰিলো । সমাজবাদ- সাম্যবাদ সেইবোৰ ভালদৰে বুজিব পৰা হোৱা নাছিলো যদিও মনে মনে কল্পনা কৰিব ধৰিছিলো আমাৰ দৰেই যেন বিষ্ণু, নন্দনহঁতৰো যাতে নিজৰ এটা ঘৰ হয়, আমাৰ দৰেই যাতে সিঁহতে সদায় স্কুল যাব পাৰে । কিন্তু সেই সপোন দেখো আজিও কেৱল সপোন হৈয়ে থাকিল ।আজিও মোৰ বোধগম্য ন'হল কিনো ধৰণৰ সমাজবাদৰ কথা কয় আপোনালোকে। কেনেকুৱানো সমাজ এখন পাম আমি তাৰ কাল্পনিক হ'লেও ৰুপ এটা কেতিয়া কেনেকৈনো দেখিম তাৰো কোনো উত্তৰ আজিও আপোনালোকে নিদিলে আমাৰ দৰে সহস্ৰজনক ।আৰু যে কেতিয়াবা দিব পাৰিব তাৰো একো এটা আশা আজিলৈ নাই দেখা ।\nককাইদেউ, আপোনাৰ তথা আপোনাৰ সংগঠনৰ আমাৰ অসম তথা অসমবাসী ৰাইজলৈ যি সামাজিক অথবা সাংস্কৃতিক বৰঙনি যোগালে তাক নুই কৰাৰ ধৃষ্টতা আপোনাৰ ঘোৰ শতৰুৱেও কৰিব নোৱাৰে। মই অৱশ্যে সেইবোৰৰ ভাল বেয়াৰ বিচাৰ কৰিব নাযাও।\nআপোনাৰ সংগঠন হোৱাৰ আগতে কেইজন অসমীয়াই ব্যৱসায় কৰিব জানিছিল ? কিন্তু আজি চাওক কিমান অসমীয়াই ব্যৱসায় বাণিজ্য কৰি অসমখনক আগুৱাইলৈ গৈছে, সঁচা অৰ্থত এইটোৰ কাৰণে মই ব্যক্তিগতভাৱে আপোনাক আৰু আপোনাৰ সংগঠনক ধন্যবাদ দিম । অসমৰ মানুহে তথা আমিবোৰেনো ক'ত কয়লা চিণ্ডিকেট ,আলু -কচুৰ চিণ্ডিকেট, মাছ চিণ্ডিকেট, এইবোৰ শুনিছিলো, এইবোৰবাদেই দিয়ক চিণ্ডিকেট নামটো শুনাই আমাৰ দৰে মানুহৰ মনতেই নাই , কিন্ত্ত কালক্ৰমত এইবোৰ শব্দ আমাৰ সমাজৰ অলংকাৰ হৈ পৰিলগৈ । ক'ম কথানে এইবোৰ, তাৰবাবে আপোনাৰ সংগঠনক ধন্যবাদ দিলে বেয়া নিশ্চয় নেপাব আপুনি।\nককাইদেউ এটা কথা জানেনে, মোৰ দৰে বহুতৰে হয়তো শৈশৱত আপোনাকৰ কিছুজনৰ কিছুমান বীৰত্বৰ কাহিনী শুনি হয়তো আমাৰ দৰে হাজাৰজনক আপোনালোকৰ ঘোৰ সমৰ্থক কৰি তুলিছিল। আপোনালোকক ওচৰৰ পৰা নেদেখিলেও আপোনালোকক একো একোজন বীৰৰ ৰুপত কল্পনা কৰিব ধৰিলো । আপোনালোকৰ বিষয়ে পেপাৰে পত্ৰই ওলালে তাক গোগ্ৰাসে পঢ়িব ধৰা হ'লো ।কিবা যেন আশা দেখিব ধৰিলো আপোনালোকৰ মাজত ।\nআপোনালোকৰ কোনোবা আহত বা নিহত হোৱাৰ বাতৰি পঢ়িলে বা শুনিলে অন্তৰখন কিবা কৰি নিয়া হ'ল । বিশ্বাস কৰে নে নাই নেজানো, উদিপ্ত হাজৰিকা, কবিৰঞ্জনৰ মৃত্যুৰ খবৰ পোৱাৰ দিনা মনে মনে গোটেই ৰাতি কান্দিছিলো ।কিবা আপোনজনক হেৰুৱাৰ দৰে । আপোনালোকৰ কোনোবা গ্ৰেপ্তাৰ হোৱাৰ বা আত্মসমৰ্পন হোৱা জনৰ ফটো দিলে পেপাৰত তণ্ণ তণ্ণকৈ চাইছিলো, হয়তো তেঁওলোকৰ মাজত একো একো জন চে গুৱেভাৰা , কাষ্ট্ৰোক বিচাৰিছিলো ।\nকিন্তু লাহে লাহে মোহ ভংগ হ'ল । আমাৰ দৰে হাজাৰজনে হয়তো আপোনালোকক কল্পনা কৰিছিলো যুদ্ধ ক্ষেত্ৰত যুঁজি থকা আটিল অথচ ভগ্ন দেহৰ কিছুমান দৃঢ় অৱয়ব। কিন্ত্ত আপোনালোকৰ নেতা পালি নেতাৰ নোদোকা নিপোতল দেহাত ব্ৰেণ্ডেদ কপোৰ পিন্ধি টিভিৰ পৰ্দা বা স্বচক্ষে ধৃত বা তথাকথিত আত্মসমৰ্পন কৰা অৱস্থাত দেখিলো তাৰ পাছত বিশ্বাস কৰক মই আৰু কেতিয়াও আপোনালোকৰ মাজত গুৱেভাৰা বা কাষ্ট্ৰোক বিচৰাৰ ধৃষ্টতা কৰা নাই । এই খিনিটো কেৱল দৈহিক অৱয়বৰ কথাহে কলো, মানসিক দৃঢ়তাৰ মাপকাঠিৰ কথাটো নোকোৱাই ভাল ।\nআমাৰ সাংস্কিতিক ক্ষেত্ৰখনটো আপোনালোকৰ কম অৱদান নে ? বিহু আদি সংস্কৃতি আপোনালোকে দিয়া সংৰক্ষণাবেক্ষণৰ কাৰণেই জীয়াই আছে বুলিয়েই আপোনালোকে ভাবে নিশ্চয়। সেইবোৰটো বাদেই আপোনালোকে কম সোপা নতুন নতুন সংস্কৃতিৰও জন্ম দিয়া নাই জানো ? পইচা তোলা তথা সহজে ধন ঘটা সংস্কৃতি, মাফিয়া তথা কমিছন খোৱা সংস্কৃতি,বন্দুক সংস্কৃতি আৰু বা ক'ত।\nএই খিনি কোৱাৰ বাবে মোক যদি আপুনি শাসক গোষ্ঠীৰ সুৰত কোৱা বুলি কয় তেতিয়া মোৰ একো উপায় নাই বুইছে ককাইদেউ।\nককাইদেউ আজিৰ দিনটোত মোৰ আৰু আপোনাৰ মাজত আদৰ্শগতভাবে একো মিল নাই যদিও আজিও আপোনালৈ অলপ হলেও শ্ৰদ্ধা আছে বিভিন্ন কাৰণত। এই সুযোগতে আপোনাক এটা অনুৰোধ কৰো, সময় থাকোতেই আপুনি আপোনাৰ স্ংগঠনটোত এক কৰ্ম্ম সংস্কৃতিৰ জন্ম দিয়ক যিটো আপোনাৰ স্ংগঠনৰ চালিকা শক্তি হওক। কিমান দিন আৰু বহিৰাগত ব্যৱসায়ী, বহু-জাতিক কোম্পানিৰ পা পইচাৰে স্ংগঠন চলাব। আৰু আপুনি আপোনাৰ স্ংগঠনত এনেকুৱা যোদ্ধা তৈয়াৰ কৰক যাতে তেওলোক জীৱন যুদ্ধত হাৰি কিবা কাৰণত স্ংগঠনৰ পৰা ওলাই আহিলেও যাতে কয়লা বেপাৰৰ দালালি বা মাছৰ বেপাৰৰ ছিণ্ডিকেট কৰিবহি নেলাগে।\nআজিৰ অসম নামৰ ভৌগালিকসীমা টুকুৰাত যদি দৰকাৰী সংস্কৃতি তেনেহলে সেই সংস্কৃতি হব লাগে- কৰ্ম্ম সংস্কৃতি,দুৰ্নীতি নকৰাৰ সংস্কৃতি । আৰু যদি বাদ দিব লগা সংস্কৃতি আছে সেইয়া হব লাগে-চান্দা সংস্কৃতি, মাফিয়া সংস্কৃতি,বন্দুক সংস্কৃতি,বন্ধ সংস্কৃতি আদি। হয়তো সেইটো কৰিব পাৰিলেহে অসমীয়া জাতিটোৰ কিবা ভাল হব। আপুনি জনা বুজা মানুহ গতিকে কথা বিলাক বুজি পাব বুলি ধৰি ললো।