text
stringlengths
121
187k
নতুন দিল্লীঃ ২১ দিনৰ লকডাউনৰ ম্যাদ বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিছে কেন্দ্ৰ চৰকাৰে। সোমবাৰে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে লকডাউনৰ ম্যাদ বৃদ্ধি হ'ব পাৰে বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে যদিও উক্ত খবৰৰ কোনো ভিত্তি নাই। উল্লেখ্য যে কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশতে যোৱা মঙলবাৰৰ পৰা ৩ সপ্তাহৰ বাবে লকডাউন ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সকলোকে ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে সকলোকে এই সময়ছোৱাত ছ'চিয়েল ডিছটেন্সিং মানি চলিবলৈকো পৰামৰ্শ আগবঢ়াইছিল মোদীয়ে। ইয়াৰ পিছতে কৰ'না আক্ৰান্তৰ সংখ্যা দেশত ক্ৰমাৎ বৃদ্ধি পোৱালৈ চাই বহুতেই ধাৰণা কৰি লয় যে এই লকডাউনৰ ম্যাদ চৰকাৰে আৰু বৃদ্ধি কৰিব পাৰে। ছ'চিয়েল মিডিয়াত এই লৈ চৰ্চা চলাৰ মাজতে কেবাটাও সংবাদ প্ৰতিষ্ঠানেও এই লৈ বাতৰি প্ৰকাশ কৰাৰ পিছত সৰ্বসাধাৰণ অধিক শংকিত হৈ পৰে। অৱশেষত আজি সেই বাতৰিক ভিত্তিহীন আখ্যা দি দেশবাসীক সকাহ প্ৰদান কৰে চৰকাৰে। আমাৰ লক্ষ্য 'News Next One'ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch। প্ৰকৃতাৰ্থত আপোচহীন বাতৰি পৰিৱেশনৰ লক্ষ্যৰে বিশ্বব্যাপী গঢ়ি উঠা Independent & Nonprofit সাংবাদিকতাৰ আন্দোলনত ভাগ লোৱা অসমীয়া ভাষাৰ অনলাইন সংবাদ প্ৰতিষ্ঠান News Next One। সততা আৰু দায়ৱদ্ধতাসহকাৰে সাংবাদিকতা কৰিব বিচৰা প্ৰতিজনেই হ'ব পাৰে News Next Oneৰ এই বিপদসংকুল যাত্ৰাৰ অংশীদাৰ। Thank you for contacting us! © News Next One. All rights Reserved. Contact [email protected] for any query. Powered by: Rongjeng Technologies.
চৈয়দ আব্দুল মালিকৰ জন্ম ১৯১৯ চনৰ ১৫ জানুৱাৰীত হয়[5]। গোলাঘাট জিলাৰ নাহৰণিত[6] জন্ম গ্ৰহণ কৰা অসমীয়া কথা সাহিত্যৰ প্ৰবাদ পুৰুষ মালিকে যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা, যোৰহাট মহাবিদ্যালয়ৰ পৰা আই এ আৰু কটন মহাবিদ্যালয়ৰ পৰা ১৯৪১ ত সুখ্যাতিৰে বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। কেইবা বছৰ চাকৰি কৰাৰ পাছত ১৯৫১ ত বিশ্ববিদ্যালয়ৰ (?) পৰা অসমীয়া বিভাগত এম.এ. পৰীক্ষা প্ৰাইভেটকৈ দি সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯৪২ ত আবকাৰী বিভাগৰ চাব ইন্সপেক্টৰ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা মালিকে সৈন্য বিভাগতো কাম কৰিছিল। ১৯৪৬ ত যোৰহাট মহাবিদ্যালয়ত পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে দুবছৰ কাম কৰি শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত প্ৰ'গেম এচিষ্টেণ্ট হিচাপে যোগ দিয়ে। ডেৰ বছৰ এই কাম কৰাৰ পাছত ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰে। ১৯৫১ৰ পৰা ১৯৭৬ লৈ যোৰহাটৰ জে বি কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰে। ১৯৬৩ৰ পৰা ১৯৬৯ লৈ সাহিত্য অকাডেমি কাউন্সিলৰ সদস্য হিচাপে থকা মালিক ১৯৬৯ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ১৯৭৬ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত মালিকে তাৰ পাছৰ বছৰত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। জীৱনৰ কোনো এক নিৰ্দিষ্ট দিশৰ সূত্ৰতে সীমাবদ্ধ নথকা মালিক ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ডেকা বয়সত ওতপ্ৰোতভাৱে জড়িত আছিল।
বহুতে কাতি বিহুক কঙালী নামেৰে শুকান কৰিব বিচাৰে। কিন্তু ঢোলে- ডগৰে নাচি-বাগি আনন্দ-উল্লাসেৰে উদযাপন কৰা ব'হাগ বিহু আৰু মাঘ বিহুতকৈ বছৰটোৰ বাবে জোৰাকৈ অন্নমুঠি লাভৰ বাবে অদৃষ্টজনক অন্তৰেৰে কাতৰ মিনতি জনোৱা কাতি বিহুৰ তাত্ত্বিক আৰু আধ্যাত্মিক দিশৰ গুৰুত্ব অধিক। ব'হাগ বিহুত কৃষিকৰ্মৰ বাবে সাজু হ'বলৈ বতৰৰ লগত মিলাই নিজৰ কৰ্মক্ষমতা বৃদ্ধিৰ বাবে ৰাইজে ৰং-ৰহইচ কৰে। কাতি বিহুত শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে পূজা-অৰ্চনা, পথাৰত চাকি-বন্তি জ্বলায় আৰু মাঘ বিহুত পথাৰৰ শস্য চপাই ৰং-তামাচাৰে ভোগালীৰ ভোগ উপভোগ কৰে। এই বিহু সম্পৰ্কে কিছু লেখকৰ গ্ৰন্থ প্ৰকাশ পাইছে যদিও সামগ্ৰিক তথ্যসহ অসমৰ সাহিত্য জগতত কোনো গ্ৰন্থ নাই। ১৯৯৬ চনত প্ৰতিষ্ঠা লাভ কৰা অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'শতদল'ৰ জৰিয়তে অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত ধৰ্ম, গোষ্ঠী, স্থানভেদে উদযাপন কৰা বিহু তিনিটাৰ বিষয়ে গ্ৰন্থ প্ৰকাশৰ দিহা কৰি অসমৰ সাহিত্য- সংস্কৃতিৰ ভঁৰাললৈ অৰিহণা যোগোৱা হয়। এই ক্ষেত্ৰত দেখা যায় যে ব'হাগ বিহু আৰু মাঘ বিহুৰ যি গুৰুত্ব আৰু তাৎপৰ্য্য, তাতকৈ কাতি বিহুৰ গুৰুত্ব আৰু তাৎপৰ্য্য কোনোগুণে কম নহয়। ভোগ আৰু বাহ্যিক আনন্দৰ প্ৰয়োভৰ নহ'লেও আধ্যাত্মিক আৰু তাত্ত্বিক দিশত কাতি বিহুৰ সমান চহকী আন দুটা বিহু নহয়। ২০০৩ চনত অসমৰ ইমুৰৰ পৰা সিমূৰলৈ কাত বিহুৰ তথ্য সংগ্ৰহ কৰি 'কাতি বিহুৰ ৰূপৰেখা' শীৰ্ষকেৰে 'শতদল'ৰ সভাপতি ড° যতীন মিপুনদেৱৰ সম্পাদনাত প্ৰকাশ হোৱা গ্ৰন্থখন কেতিয়াবাই শেষ হ'ল যদিও গ্ৰন্থখনৰ গুৰুত্ব প্ৰমাণ কৰে ফোনযোগে 'কাতি বিহুৰ ৰূপৰেখা' বিচৰা পাঠক, গৱেষকসকলে। সেয়ে ২০২০ বৰ্ষত গ্ৰন্থখনত আৰু অধিক তথ্য সন্নিৱিষ্ট কৰি বৰ্দ্ধিত সংস্কৰণৰ সম্পাদনাৰ দায়িত্ব আমাৰ হাতত অৰ্পণ কৰাত 'পাঞ্চজন্য বুকছ'ৰ স্বত্বাধিকাৰী ধীৰাজ লহকৰৰ কাষ চাপোঁতে গ্ৰন্থখনৰ গুৰুত্ব বুজি তেওঁ প্ৰকাশৰ দায়িত্ব বহন কৰে আৰু যোৱা ২৯ ছেপ্তেম্বৰ ২০২২ তাৰিখে অধিক তথ্যসম্বলিত গ্ৰন্থখন ৰাইজৰ হাতত তুলি দিবলৈ সক্ষম হওঁ। ৩২৬ পৃষ্ঠাৰ গ্ৰন্থ 'কাতি বিহুৰ ৰূপৰেখা'ই দাঙি ধৰিছে কাতি বিহুৰ এখন মনোৰম ছবি। বাৰেবৰণীয়া সংস্কৃতিৰে পূৰ্ণ অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত কাতি বিহুত কিযে ৰূপ, কলা, পৰম্পৰা, লোকবিশ্বাস, অন্তৰ্নিহিত হৈ আছে, সেয়া বৰ্ণনাতীত। শদিয়াৰ পৰা ধুবুৰীলৈ কাতি বিহুৰ নানান ৰূপ, কলা, নানা ৰীতি-নীতি, বিশ্বাস, লোকবিশ্বাসকে আদি কৰি কিমান যে ৰহস্য লুকাই আছে...পূবত যদি মেধিৰ ঘৰত কাতি বিহুৰ ৰীতি-নীতি মানি বৰমেধিয়ে গোটেই কাতি মাহটো ব্ৰত মানি ৰাতিৰ এসাঁজ খায়, পশ্চিমত আকৌ 'কাতি পূজন' কৰি নিসন্তানসকলে সন্তান লাভৰ বাবে শিৱ-পাৰ্বতী, কাৰ্তিক আদিৰ ভূমিকা লৈ গীত-নৃত্য পৰিৱেশন কৰি স্ত্ৰী-প্ৰধান কাতি পূজা পাতে, মনোবাঞ্ছা পূৰণাৰ্থে বিবস্ত্ৰ হৈয়ো পূজা পতাৰ পৰম্পৰা আছে। কোনো জনগোষ্ঠীয়ে আকৌ পৰম্পৰাগত লোকবিশ্বাস, লোক-কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি কাতি বিহুৰ ৰীতি-নীতি পালন কৰে। বৰ'সকলে 'গাসা সাৱনায়', ৰাভাসকলে 'কাতি দল বা কাতি গাছা',কোচসকলে 'কাতি গাছা', আদি ভিন্ন ৰূপত স্বকীয়ভাৱে কাতি বিহু উদযাপন কৰি আহিছে। কাতি বিহুত চাকি জ্বলোৱাৰ আগতে কিয় ঔ টেঙা নাখায়, কাতি মাহত বগলীয়ে কিয় মাছ নাখায় আদিৰ লগতে কেনেকৈ তুলসীৰ জন্ম হ'ল, তুলসীৰ তলত-ধাননিত-ভঁৰালত-গোহালতচাকি জ্বলোৱাৰ তাৎপৰ্য্য ইত্যাদিৰ আমোদজনক বৰ্ণনাৰে ভৰা গ্ৰন্থ 'কাতি বিহৰ ৰূপৰেখা' ৰাইজৰ হাতত তুলি দিবলৈ পাই নিজেও সন্তোষ লভিছোঁ। এয়া ২০২২ চনত অসমবাসীলৈ 'শতদল'ৰ এক অমূল্য উপহাৰ।।
এতিয়া সকলোতে হেপাঁহৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যবাসীৰ লগতে দেশৰ অন্য প্ৰান্তত থকা প্ৰতিজন অসমীয়াই নিজৰ বাপতি সাহোন ৰঙালী বিহুটি উদযাপনত ব্যস্ত হৈ থকাৰ সময়তে ক্ৰিকেটৰ ভগৱান হিচাপে বিশ্ব পৰিচিত শচীন তেণ্ডুলকাৰে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছে। ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তেণ্ডুলকাৰে আজি নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে সমগ্ৰ দেশবাসীকে বৈশাখী, বিশ্বু, পয়লা বৈশাখ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনায়। Wishing everyone a Happy Baisakhi, Vishu, Poila Boisakh & Rongali Bihu. May the harvest season bring new energy, hope and prosperity to your lives. তেওঁ লগতে এই কৃষিভিত্তিক উৎসৱে সকলোৰে জীৱনলৈ এক নতুন শক্তি, আশা তথা সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে সীমাৰ পৰিধি ভাঙি বিশ্ব প্ৰেক্ষাপটত উজলি উঠিছে অসমৰ বিহু। ৰাজ্যৰ লগতে দেশ তথা বিদেশতো প্ৰৱাসী অসমীয়াই ব্যাপক উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰা পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালভাৱে শনিবাৰে অৰ্থাৎ ১৩ এপ্ৰিলত মহাৰাষ্ট্ৰৰ পুনেস্থিত অসমীয়া লোকসকলে পালন কৰে ৰঙালী বিহু। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ শিক্ষা ব্যৱস্থাটো সংশোধন কৰিবলৈ ওলাইছে আৰু সেয়েহে কিছু সংখ্যক বিদ্যালয় বন্ধ কৰা হ'ব য'ত এজনো ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হোৱা নাই। তেওঁ লগতে কয় যে ৰাজ্যখনত চৰকাৰী বিদ্যালয়সমূহৰ সংখ্যা তিনি হাজাৰৰো অধিকলৈ বৃদ্ধি পাইছে। এই সংখ্যা স্বাধীনতাৰ সময়ত আছিল মাত্ৰ তিনিখন। ডিজিটেল যুগে ৰাজনীতি, অৰ্থনীতি, সমাজনীতিৰ নতুন সংজ্ঞা লিখিছে, একেসময়তে ভাবুকিও কঢ়িয়াই আনিছেঃ চিডনী সংলাপত মোডী..
বিজেপি শাসিত অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৰ কনভয়ৰ পৰা নিৰ্বাচনী ব্যয় নিৰীক্ষকে ১কোটি ৮০লাখ টকা জব্দ কৰাৰ অভিযোগৰ মাজতে আসন্ন লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূবৰ বেংকসমূহত সন্দেহজনক ধনৰ বৃ্হৎ লেনদেন হোৱাৰ কথা সদৰী কৰিছে খোদ আয়কৰ বিভাগে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিন ধৰি বুধবাৰলৈকে উত্তৰ-পূবত জব্দ কৰা হৈছে মুঠ ৩.৭৬কোটি টকা (অৰুণাচলৰ মুখ্য মন্ত্ৰীৰ কনভয় বাদ দিও)। সাধাৰণ নিৰ্বাচন, ২০১৯ৰ অধিসূচনা জাৰি হোৱাৰ পৰা উত্তৰ-পূবৰ আয়কৰ (তদন্ত) সঞ্চালকালয়ে এলেকাটোত নিয়োগ কৰিছে ১৫০গৰাকীৰো অধিক বিষয়া। গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত আয়কৰ ভৱনত এক সংবাদমেলযোগে বিভাগটোৰ মুখ্য সঞ্চালক সঞ্জয় বাহাদুৰে এই কথা সদৰী কৰিছে। "নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা সময়ত বেংকসমূহত হৈ থকা এনে দুষ্কাৰ্য্য প্ৰতিৰোধ কৰাৰ বাবে নিৰ্বাচনী আয়োগে জিলা নিৰ্বাচনী বিষয়াসমূহলৈ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। লগতে বেংকসমূহেও কোনো লোকে ১০ লাখ টকাতকৈ অধিক লেনদেন কৰাৰ তথ্য থাকিলে আয়কৰ বিভাগলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক বুলি নিৰ্বাচনী আয়োগে নিৰ্দেশনা দিছে," ইতিমধ্যে প্ৰাথমিক তথ্যসমূহ ভাৰতীয় নিৰ্বাচনী আয়োগৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি উল্লেখ কৰি বিষয়াগৰাকীৰ মন্তব্য। কিন্তু ভাৰতৰ নিৰ্বাচনী আয়োগেৰ নিৰ্দেশনা জিলা নিৰ্বাচনী বিষয়াসকলৰ লগতে বেংক পৰিচালকসকলেও এৰাই চলিছে বুলি অভিযোগ কৰিছে বিষয়াজনে। ইয়াৰোপৰি, বিত্তীয় চোৰাংচোৱা সংস্থা, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু উত্তৰ-পূবৰ মুখ্য বেংকসমূহক ১০ লাখ টকাতকৈ বেছি ধনৰ লেনদেন কৰাৰ ডিজিটেল তথ্য সৰবৰাহ কৰিবৰ বাবে জনোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
নাগালেণ্ড - অসমীয়া ৱিকিপিডিয়া\n(৩০৮.২ প্ৰতি বৰ্গ মাইল)\n১ ডিচেম্বৰ ১৯৬৩ স্থাপন হোৱা নাগালেণ্ড ভাৰতৰ ১৬শ ৰাজ্য, ৰাজ্যখন মুঠ ১১খন ৰাজ্যত বিভক্ত, সেইবোৰ হ'লঃ ক'হিমা জিলা, ফেক জিলা, মুককচাং জিলা, ৱ'খা জিলা, জুনহেবুট' জিলা, টুৱেনচাং জিলা, মন জিলা, ডিমাপুৰ জিলা, কিপহিৰে জিলা, লংগ্লেং জিলা আৰু পেৰেণ জিলা. পাৰ্বত্য ৰাজ্যখনৰ কৃষিয়েই অৰ্থব্যৱস্থাৰ মূল। চাউল, গোমধান, ধপাতজাতীয় সামগ্ৰী, তৈলবীজ, কুহিঁয়াৰ, কপাহ, আলু, আহঁজাতীয় শস্য, মতৰ আদি ৰাজ্যখনৰ প্ৰধান শস্য। বনজ সম্পদ, পৰ্যটন, গৃহনিৰ্মাণ ঊদ্যোগ আদিয়েও ৰাজ্যৰ অৰ্থব্যৱস্থা বৰঙণি যোগাই।\n1.1 ৰাজ্যৰ মৰ্যাদা\n2 ভৌগোলিক অৱস্থান আৰু জলবায়ু\n4 ধৰ্ম আৰু ভাষা\n6.1 হৰ্ণবিল (ধনেশ পক্ষী) উৎসৱ\n8.2 ঘাইপথ সমূহ\nৰাজ্যৰ মৰ্যাদাসম্পাদনা কৰক\nপ্ৰথম বিশ্বযুদ্ধৰ সময়ত ইংৰাজসকলে বহু সংখ্যক নগা লোকক যুদ্ধ কৰিবলৈ ফ্ৰান্স আৰু ইউৰোপৰ আন আন দেশলৈ প্ৰেৰণ কৰে, ইউৰোপত তেওঁলোকে জনজাতীয় হোৱাৰ বাৰে বাৰে অপমানিত হয়। তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ স্বাৰ্থ আদায় আৰু প্ৰতিষ্ঠাৰ বাবে তেওঁলোক একগোট হোৱাটো প্ৰয়োজনীয়। ইয়াৰ পাছত যি সকল লোক যুদ্ধ কৰিবলৈ বিদেশলৈ গৈছিল তেওঁলোকে ভাৰতলৈ পুনৰ ঘূৰি আহি নগা জাতীয় আন্দোলন গঢ়ি তোলে। ভাৰতৰ স্বাধীনতাৰ সময়ত নাগালেণ্ড অসমৰ অন্তৰ্গত আছিল, পাছৰ কালত নগা জাতীয়তাবাদী সংগঠন সমূহে নিজৰ বিকাশৰ বাবে এখন নগা ইউনিয়ন গঢ়াৰ দাবী কৰে, নগা জাতীয় কাউঞ্চিলে এই দাবী কৰাৰ লগতে বিভিন্ন আন্দোনধৰ্মী কাৰ্যকলাপ চলাই যায়, চৰকাৰী মানুহ আৰু ভাৰতৰ আন প্ৰদেশৰ লোকক তেওঁলোকে আক্ৰমণ কৰিবলৈ লয়। ১৯৫৭ চনৰ পৰা নগা জনজাতীৰ প্ৰতিনিধি সকলৰ সৈতে চৰকাৰে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰে, আৰু নাগালেণ্ডক অসমৰ পৰা পৃথক কৰি এক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা দিয়ে, কিন্তু এয়া ৰাজ্যখনৰ লোকসকলৰ বাবে যথেষ্ট নাছিল। নাগালেণ্ডত পুনৰ হিংসা বৃদ্ধি পায়। চৰকাৰী কৰ্মচাৰীৰ ওপৰত আক্ৰমণ আৰম্ভ হয়। নগালোকে চৰকাৰী কৰ দিয়া বন্ধ কৰি দিয়ে আৰু অৱশেষত ১৯৬০ চনত হোৱা প্ৰধানমন্ত্ৰী আৰু নাগা পিপ'ল কনভেনচনৰ আলোচনাৰ ১৬দফাৰ চুক্তি মৰ্মে নাগালেণ্ডক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয়।। ১৯৬৩ত কহিমাক নাগালেণ্ডৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়। ১৯৬৪ত হোৱা প্ৰথম নিৰ্বাচনৰ পাছত ১১ ফেব্ৰুৱাৰী ১৯৬৪ত প্ৰথম নাগালেণ্ড বিধানসভা গঠন হয়।\nভৌগোলিক অৱস্থান আৰু জলবায়ুসম্পাদনা কৰক\nনাগালেণ্ডৰ ভূ-ভাগৰ অধিকাংশই পাহাৰেৰে আগুৰা। ব্ৰহ্মপুত্ৰ উপত্যকাতকৈ প্ৰায় ২০০০ফুট ঊচ্চতাত এই ৰাজ্য অৱস্থিত, দক্ষিণ-পূব নাগালেণ্ডত এই ঊচ্চতা প্ৰায় ৬০০০ফুট। ১২৫৫২ ফুট ঊচ্চতাৰ মাউণ্ট সাৰামতি ৰাজ্যখনৰ সৰ্বোচ্চ শৃংগ, ইয়াতেই নগা পাহাৰ পাটকাই পৰ্বতমালাৰ লগ লাগিছে। উত্তৰে দৈয়াং আৰু ডিফু নদী, দক্ষিণ পশ্চিমে বৰাক নদী আৰু দক্ষিণ পূবে চেংদং নদীয়ে ৰাজ্যখনক চুই গৈছে। জৈৱবৈচিত্ৰ্যৰে ভৰপূৰ অৰণ্য অঞ্চলে ৰাজ্যখনৰ মুঠ মাটিকালিৰ প্ৰায় ২০শতাংশ অধিকাৰ কৰি আছে। ৰাজ্যখনত ঘাইকৈ চিৰসেউজ আৰু নাতিশীতোষ্ণ বনাঞ্চল দেখিবলৈ পোৱা যায়।\nনাগালেণ্ড বৰ্ষাপ্ৰধান ৰাজ্য, জলবায়ুৰ আদ্ৰতাৰ মাত্ৰা যথেষ্ট। বাৰ্ষিক বৃষ্টিপাত প্ৰায় ১,৮০০মি.মি.ৰ পৰা ২,৫০০মি.মি.। মে' মাহৰ পৰা চেপ্টেম্বৰ মাহলৈকে সৰ্বাধিক বৃষ্টিপাত হোৱা দেখা যায়। ঊষ্ণতা ১৮ৰ পৰা ৪০ ডিগ্ৰী ছেলচিয়াছ, শীত কালত সাধাৰণতে ঊষ্ণতা ৪ ডিগ্ৰীতকৈ তললৈ নানামে, অৱশ্যে ওখ অঞ্চলবোৰত এই সময়ত হিমপাত দেখা যায়। ৰাজ্যখনৰ জলবায়ু সাধাৰণভাবে যথেষ্ট স্বাস্থ্যকৰ। গ্ৰীষ্ম আটাইতকৈ চুটী ঋতু (ঊষ্ণতা ১৬ৰ পৰা ৩১ ডিগ্ৰী ছেলচিয়াছ)। শীতকাল দীঘল, এই সময়চোৱাত প্ৰচণ্ড শীতৰ প্ৰভাৱ পৰে, লগতে জলবায়ু শুকান হৈ পৰে। শীতকালৰ ঊচ্চতম ঊষ্ণতা প্ৰায় ২৪ডিগ্ৰী মান হয়। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত প্ৰবল উত্তৰ-পশ্ছিম বায়ু ৰাজ্যখনত বোৱা দেখা যায়।\nনাগালেণ্ড জৈৱবৈচিত্ৰ্যত চহকী ৰাজ্য, ৰাজ্যৰ প্ৰায় ছভাগৰ এভাগ ঠাই বৰ্ষাৰণ্য আৰু নাতিশীতোষ্ণ অৰণ্য সমূহে আগুৰি আছে, বগৰীজাতীয় গছ, বাঁহ, মেহগনি আৰু বিভিন্ন প্ৰকাৰৰ গছে এই অঞ্চলবোৰ ঢকা। অৱশ্যে এনে অৰণ্যৰ বহুবোৰ বৰ্তমান ঝুম খেতিৰ বাবে কাটি পেলোৱা হৈছে, যথেষ্ট পৰিমাণৰ ঘাঁহনি অঞ্চলো এই বনাঞ্চল সমূহত দেখা যায়। জন্তুৰ ভিতৰত বনৰীয়া কুকুৰ, হাতী, বান্দৰ, বিভিন্ন প্ৰকাৰৰ পহু, ভালুক, নাহৰফুটুকী, বনৰীয়া ম'হ, বনৰীয়া ষাঁড় আদি নাগালেণ্ডৰ অৰণ্যত দেখিবলৈ পোৱা যায়। ভাৰতীয় ধনেশ পক্ষী (The Great Indian Hornbill), কুকুৰাজাতীয় ব্লাইথচ ট্ৰেগ'পেন নামৰ বিলুপ্তপ্ৰায় চৰাইবিধো নাগালেণ্ডত পোৱা যায়। ব্লাইথচ ট্ৰেগ'পেন নাগালেণ্ডৰ ৰাজ্যিক চৰাই। জাফু পৰ্বত, ক'হিমা জিলাৰ জুকাও উপত্যকা, জুহনেবুট'ৰ চাত'ই পৰ্বতমালা আৰু ফেক জিলাৰ ফুতেৰ' অঞ্চলত ব্লাইথচ ট্ৰেগ'পেন দেখিবলৈ পোৱা যায়। পৃথিৱীৰ প্ৰায় ২,৫০০০ ব্লাইথচ ট্ৰেগ'পেনৰ প্ৰায় ১,০০০টাই নাগালেণ্ডৰ জুকাও উপত্যকাত আছে।\nধৰ্ম আৰু ভাষাসম্পাদনা কৰক\nখ্ৰীষ্টিয়ান ধৰ্ম নাগালেণ্ডৰ মুখ্য ধৰ্ম। ৰাজ্যখনৰ মুঠ জনসংখ্যা ১.৯৮৮ নিযুত তাৰে প্ৰায় ৯০.০২% লোক খ্ৰীষ্টিয়ান। ২০০১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ মুঠ খ্ৰীষ্টিয়ান লোকৰ সংখ্যা ১,৭৯০,৩৪৯জন, এই মতে মেঘালয় আৰু মিজোৰামৰ সৈতে নাগালেণ্ড হৈছে ভাৰতৰ খ্ৰীষ্টিয়ান সংখ্যাগুৰু তিনিখন ৰাজ্যৰ এখন, আৰু একমাত্ৰ ৰাজ্য য'ত ৯০%ৰো অধিক লোক এই ধৰ্মালম্বী। ৰাজ্যখনৰ চহৰ আৰু গ্ৰামাঞ্চল ঊভয়তে যথেষ্টসংখ্যক গীৰ্জা দেখিবলৈ পোৱা য়ায়। ক'হিমা, ডিমাপুৰ আৰু মুককচাং চহৰ বৃহদাকাৰ গীৰ্জাৰে ভৰা।\nনাগালেণ্ডক পৃথিৱীৰ একমাত্ৰ বেপ্টিষ্ট প্ৰধান ৰাজ্য বুলি জনা যায়। নাগালেণ্ডৰ খ্ৰীষ্টিয়ানসকলৰ ভিতৰত অধিকাংশই বেপ্টিষ্ট, (ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৭৫% শতাংশৰো অধিক), যিটো দক্ষিণ আমেৰিকাৰ মিছিছিপি অঞ্চলতকৈ অধিক, য'ত ব্যপ্টিষ্ট লোক মুঠ জনসংখ্যাৰ ৫৫%। ৰোমান কেথলিক, ৰিভাইভেলিষ্ট আৰু পেণ্টাকোষ্টেলচ আদিসকল ৰাজ্যখনৰ আন আন খ্ৰীষ্টধৰ্মালম্বী লোক। কেথলিক সকলক সাধাৰণতে ৱ'খা জিলা আৰু ক'হিমা জিলাৰ লগতে ডিমাপুৰৰ নগৰাঞ্চলত পোৱা যায়। হিন্দু আৰু মুছলমানসকল সাধাৰণতে নাগালেণ্ডত থকা আনজাতিৰ (নগা নোহোৱা) লোকসকল, এইসকল সংখ্যালঘু হিন্দু আৰু ইছলাম ধৰ্মৰ লোক প্ৰায় ৭.৭% আৰু ১.৮%।\nতদুপৰি অসমীয়া আৰু স্থানীয় উপভাষা সমূহৰ সংমিশ্ৰিত নাগামিজ ভাষা নাগালেণ্ডৰ এটা বহুল প্ৰচলিত ভাষা, প্ৰতিটো জনজাতিৰে নিজস্ব ভাষা আছে, কিন্তু এটা জনজাতিয়ে আন এটাৰ লগত নাগামিজেৰে যোগাযোগ কৰে। মণিপুৰৰ কেঁচা নগাসকলে মণিপুৰৰ সাধাৰণ ভাষা মেইটেই ব্যৱহাৰ কৰা দেখা যায়।\nনাগালেণ্ডৰ ১৬টা প্ৰধান জনজাতি হ'ল আঙ্গামি, আও, চাখেচাং, চাঙ, খাইমনিউনগান, কঁয়াক, ল'থা, ফ'ম নগা, প'চুৰী, ৰেঙ্গমা, চাঙ্গতাম, চুমী, য়িমচুংগাৰ, কুকি, আৰু জেলিয়াংগ্ৰং। কয়াঁক, আঙ্গামি, আও, ল'থা আৰু চুমী সকল বৃহত্তম নগা জনগোষ্ঠী। এইবোৰৰ উপৰিও আন আন সৰু সৰু জনগোষ্ঠীও নাগালেণ্ডত দেখিবলৈ পোৱা যায়। জনগোষ্ঠীয় পৰম্পৰাসমূহৰ নগা সমাজত গুৰুত্ব বেছি। তাঁতশালত কাপোৰ বোৱা পৰম্পৰা নগা সমাজত বহু প্ৰজন্মৰ পৰা চলি আহিছে। প্ৰত্যেকটো জনগোষ্ঠীৰে কাপোৰত নিজস্ব কলাশৈলী আৰু ৰঙ দেখিবলৈ পোৱা যায়, তাঁতশালত নগাসকলে গাত লোৱা কাপোৰ, মেজত পৰা কাপোৰ, সাধাৰণ বস্ত্ৰ প্ৰস্তুত কৰে। কাঠ আৰু বাঁহৰ সঁজুলি নিৰ্মাণতো নগাসকল পাকৈত। প্ৰায় সকলোবোৰ জনগোষ্ঠীৰ ক্ষেত্ৰতে গাত লোৱা কাপোৰ(শ্বাল)খনে নগা সমাজত মানুহ জনৰ সামাজিক স্থান সূচিত কৰে। নগা সমাজত প্ৰচলিত জনপ্ৰিয় শ্বালবোৰ হৈছে আওসকলৰ চাংকটেপচু আৰু ৰংচো, ল'থাসকলৰ চুটাম, ইথাচু, লংপেনচু, চাংটামসকলৰ চুপং, য়িমচুংগাৰসকলৰ ৰংখিম, চুংগ্ৰেম খিম, আঙ্গামি সকলৰ ল'হে ইত্যাদি। লোক নৃত্য আৰু লোক সংগীত নগা সংস্কৃতিৰ এৰাব নোৱৰা অংগ। লোক সংগীত আৰু সাধুবোৰ মুখে মুখে এটা প্ৰজন্মৰ পৰা আনটোলৈ চলি আহিছে। নগা লোক সংগীত সমূহ ৰোমান্তিক আৰু ঐতিহাসিক দুয়ো বিষয়ৰ হোৱা দেখা যায়, ঐতিহাসিক গীত সমূহত বিখ্যাত পূৰ্বপুৰুষসকলৰ আৰু বিভিন্ন কাহিনীৰ বৰ্ণনা পোৱা যায়। তদুপৰি কিছুমাত গীতত বিভিন্ন ঋতু আৰু প্ৰকৃতিৰ বৰ্ণনাও পোৱা যায়। লগতে তেওঁলোকৰ বিভিন্ন ঋতুত কৰা খেতিৰ বৰ্ণনাও এই গীতসমূহত পোৱা যায়। নগাসকলৰ যুদ্ধ নৃত্য নাগালেণ্ডৰ প্ৰধান নৃত্য।\nহৰ্ণবিল (ধনেশ পক্ষী) উৎসৱসম্পাদনা কৰক\nৰাজ্যখনৰ জনজাতি সমূহৰ মাজত সমন্বয় আৰু ৰাজ্যৰ কলা কৃষ্টি প্ৰসাৰৰ ঊদ্দেশ্যে ২০০ চনত নাগালেণ্ড চৰকাৰে এই উৎসৱ আৰম্ভ কৰে। বৰ্তমানে ৰাজ্যৰ পৰ্যতন আৰু কৃষ্টি বিভাগে আয়োজন কৰা উৎসৱটিত একেখন মঞ্চতে ৰাজ্যখনৰ সকলোবোৰ জনজাতিৰ কলা কৃষ্টিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। প্ৰতি বছৰে ১ৰ পৰা ৭ ডিচেম্বৰলৈকে হৰ্ণবিল উৎসৱ পালন কৰা হয়।\nক'হিমাৰ পৰা ১২ কিমি দূৰত থকা ঐতিহ্যমণ্ডিত নগা গাওঁ কিছামাত এই সপ্তাহযোৰা উৎসৱটি পালন কৰা হয়। নগালেণ্ডৰ প্ৰায় সকলোবোৰ জনজাতিয়েই এই উৎসৱত ভাগ লোৱা দেখা যায়, ৰাজ্যখনৰ কলা-কৃষ্টি আৰু পৰম্পৰাৰ প্ৰদৰ্শনেই উৎসৱটিৰ মূল লক্ষ্য।\nভাৰতত পোৱা ধনেশ পক্ষী (Great Indian Hornbill)ৰ নামেৰে এই উৎসৱটিৰ নাম ৰখা হৈছে। যাৰ ঊল্লেখ ৰাজ্যৰ প্ৰায়বোৰ জনজাতিৰেই লোকসংগীতত দেখিবলৈ ওৱা যায়। চিত্ৰশিল্প, কাঠৰ শিল্প, আন আন ভাষ্কৰ্য, খাদ্যসম্ভাৰ আদিৰ প্ৰদৰ্শনী উৎসৱটিত দেখিবলৈ পোৱা যায়, তদুপৰি বিভিন্ন পৰপ্মৰাগত সজূঁলি, বনৌষধ, ফুল আদিৰো প্ৰদৰ্শনীৰ লগতে বিক্ৰী হয়, সোণ্দৰ্য প্ৰতিযোগিতা, ফেশ্বন প্ৰতিযোগিতা, কাড়ঁ মৰা প্ৰতিযোগিতা, মল্লযুদ্ধ, সংগীতানুষ্ঠান, গাহৰি মঙহ খোৱা প্ৰতিযোগিতা, কঁয়াক সকলৰ জুই ভক্ষণ কৰা প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা আৰু সাহিত্যালোচনা, হৰ্ণবিল ক'ৰেল পেন'ৰমা, হৰ্ণবিল গ্ল'বেল চলচ্চিত্ৰ মহোৎসৱ, উত্তৰ পূৰ্বীয় ঢোলৰ সমূহীয়া বাদন, নগা জলকীয়া খোৱা প্ৰতিযোগিতা, হৰ্ণবিল জাতীয় পাহাৰ বগোৱা প্ৰতিযোগিতা, হৰ্ণবিল আন্তঃৰাষ্ট্ৰীয় মটৰ ৰেলী আৰু WW-II ভিণ্টেজ কাৰ ৰেলী আদি হৈছে ধনেশ উৎসৱত অনুষ্ঠিত হোৱা আন আন অনুষ্ঠান।\nৰাজ্যপাল সাংবিধানিকভাবে ৰাজ্যৰ মুৰব্বী আৰু ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি। ৰাজ্যপালে সাধাৰণতে শাসনকাৰ্যৰ পৰিৱৰ্তে বিভিন্ন আনুষ্ঠানিক দায়িত্বসমূহ পালন কৰে। নাগালেণ্ড বিধানসভাহে প্ৰধান কাৰ্যপালিকা, মুঠ ৬০খন আসনেৰে গঠিত নাগালেণ্ড বিধানসভা। প্ৰতিখন আসনৰ বাবে সদস্য নিৰ্বাচিত কৰা হয়, সদস্যৰ সংখ্যাত সংখ্যাগৰিষ্ঠ দলে চৰকাৰ গঠন কৰে আৰু তেওঁলোকৰ নেতাজনক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হয়। ভাৰতৰ আন ৰাজ্যতকৈ কিছু ক্ষেত্ৰত নাগালেণ্ডৰ স্বায়ত্ত্বশাসন ক্ষমতা অধিক, তদুপৰি নগা জনজাতিৰ বাবে আন কিছুমান বিশেষ ক্ষমতাও ভাৰত চৰকাৰে প্ৰদান কৰিছে। তদুপৰি প্ৰতিটো জনজাতিৰ বাবে আন কিছুমান শাসন পৰিষদ দেখা যায়। জিলা - জিলা সদৰ\nডিমাপুৰ জিলা- ডিমাপুৰ - চুমুকেডিমা\nকিফিৰে জিলা- কিফিৰে\nক'হিমা জিলা- গ্ৰেটাৰ ক'হিমা\nলংলেং জিলা- লংলেং\nমোককচাং জিলা- মোককচাং\nৱখা জিলা- ৱখা\nজুনহেব'ট' জিলা- জুনহেব'ট'\nৰাজ্যখনৰ ৰেলপথৰ দৈৰ্ঘ্যসীমিত। ৰাজ্যখনৰ মুঠ ব্ৰড গজ ৰেলপথ ৭.৯৮ মাইল (১২.৮৪ কি.মি.), ৰাষ্ট্ৰীয় ঘাইপথ ২২৭.০ মাইল (৩৬৫.৩ কি.মি), আৰু ৰাজ্যিক পথ ৬৮০.১ মাইল (১,০৯৪.৫ কি.মি.)। ৰাজ্যখনৰ বিমানঘাটি এটা ডিমাপুৰ।\nঘাইপথ সমূহসম্পাদনা কৰক\n↑ 4.0 4.1 "Naga Hills Tuensang Area Act, 1957". http://www.indiankanoon.org/doc/727141/.\n↑ Nagaland struggles to save state bird- The Telegraph Calcutta Monday, July 5, 2010\n↑ NRCM Nagaland\nৱিকিমিডিয়া কমন্সত নাগালেণ্ড সম্পৰ্কীয় মিডিয়া ফাইল আছে।\nNagaland ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা\n"https://as.wikipedia.org/w/index.php?title=নাগালেণ্ড&oldid=321618"ৰ পৰা অনা হৈছে\nশেষ সম্পাদনা কৰা হৈছে 19 মে' 2022 তাৰিখে 13:59 বজাত\nএই পৃষ্ঠাখন 19 মে' 2022 তাৰিখে ১৯ঃ২৯ বজাত অন্তিম সংশোধন কৰা হৈছিল।
এক সুখী দম্পতীয়ে নাচি নাচি বিবাহৰ অনুষ্ঠানত হোমৰ গুৰিত সাত পাক ঘূৰাৰ এক ভিডিঅ'ই খলকনিৰ সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াত। এক সুখী দম্পতীয়ে নাচি নাচি বিবাহৰ অনুষ্ঠানত হোমৰ গুৰিত সাত পাক ঘূৰাৰ এক ভিডিঅ'ই খলকনিৰ সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াত। Share this: নিজৰ বিবাহ কাৰ্যসূচীত আনন্দিত দৰা-কইনাই নাচি নাচি হোমৰ গুৰিৰ চাৰিওফালে ঘূৰি ল'লে যুগ্ম জীৱনৰ প্ৰতিশ্ৰুতি। ভিডিঅ' ভাইৰেল ছ'চিয়েল মিডিয়াত। মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সন্মুখীন দৰা-কইনা। ভাৰতীয় বিবাহৰ কাৰ্যসূচী পৰম্পৰাসমূহ অতি আকৰ্ষণীয় আৰু গাম্ভীৰ্যপূৰ্ণ। সামাজিক ৰীতি-নীতিৰে আয়োজন কৰা ভাৰতীয় বিবাহ কাৰ্যসূচী হৈছে দৰা-কইনাৰ লগতে পৰিয়াল, বন্ধুবৰ্গলৈ সকলোৰে বাবে এক চিৰস্মৰণীয় ক্ষণ। যাৰ বাবে বিবাহৰ এই ক্ষণ চিৰস্মৰণীয় কৰি ৰাখিবলৈ কোনোধৰণৰ ত্ৰুটি কৰা নহয়। সাম্প্ৰতিক সময় যদি চোৱা হয়, ইণ্টাৰনেটত উপলব্ধ বিবাহৰ ভিন্ন ফটো, ভিডিঅ'ত বহু হাস্যকৰ অভিজ্ঞতা দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ এক সুখী দম্পতীয়ে নাচি নাচি বিবাহৰ অনুষ্ঠানত হোমৰ গুৰিত সাত পাক ঘূৰাৰ এক ভিডিঅ'ই খলকনিৰ সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াত। য'ত ভাল বেয়া দুয়োটা অৰ্থাৎ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সন্মুখীন হ'বলগীয়া হৈছে দৰা-কইনাই। ভাৰতীয় পৰম্পৰা আৰু হিন্দু বিবাহসমূহত ফেৰা লোৱা অৰ্থাৎ পবিত্ৰ হোমৰ জুইৰ চাৰিওফালে পদক্ষিণ কৰি যুগ্ম জীৱনৰ পাতনি মেলাটো এক গুৰুত্বপূৰ্ণ নিয়ম। এই ৰীতি অনুসৰি পৰিয়ালৰ লগতে আত্মীয়-স্বজন আৰু বন্ধুবৰ্গৰ সন্মুখত দৰা আৰু কইনাই পুৰোহিতৰ ভজন আৰু প্ৰাৰ্থনা পাঠ লগে লগে সাতবাৰ পবিত্ৰ জুইৰ চাৰিওফালে পদক্ষিণ কৰে। অতি পবিত্ৰ এই সময়ছোৱাতে দৰা-কইনাই নৃত্য কৰি এনেদৰে পদক্ষিণ কৰাৰ এটা ভিডিঅ' বেদান্ত বিৰলা নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰে টুইটাৰত। য'ত হিন্দীত মন্তব্য কৰি বিৰলাই নৱবিবাহিত দম্পতীৰ এই কাণ্ডক সমালোচনা কৰিছিল আৰু ইয়াৰ দ্বাৰা তেওঁলোকে পৰম্পৰাৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা বুলি উল্লেখ কৰিছিল। বিৰলাই শ্বেয়াৰ কৰা ভিডিঅ'টোত, বহুতে দৰা-কইনাই নাচি নাচি হোমৰ গুৰিত পদক্ষিণ কৰা কাৰ্যক উৎসাহিত কৰা দেখা গৈছিল। ভিডিঅ' ক্লিপটো শ্বেয়াৰ কৰি বিৰলাই লিখিছিল "এয়া এক বিবাহ নে আমাৰ পৰম্পৰাগত মূল্যবোধৰ ত্যাগ?" তেওঁ লগতে কয়, "পাহৰিব নালাগে যে যদি আপুনি এই পৃথিৱীত পূজনীয় তেন্তে এয়া কেৱল আপোনাৰ সংস্কৃতি আৰু মূল্যবোধৰ বাবেহে।" শ্বেয়াৰৰ লগে লগে ভিডিঅ'টো তাৎক্ষণিকভাৱে ভাইৰেল হৈ পৰিছিল আৰু ৬.৩ লাখতকৈ অধিক লোকে ভিডিঅ'টো চাইছিল। এই ভিডিঅ'ই টুইটাৰত এক তৰ্ক-যুদ্ধৰো সৃষ্টি কৰিছে। বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে পবিত্ৰ ক্ষণত কৰা এক কাৰ্যক সমালোচনাও কৰিছে। বিৰলাৰ মতামতৰ সৈতে একমত হৈ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছিল যে, পৰিয়ালৰ জ্যেষ্ঠসকলে ইয়াক কেনেদৰে অনুমতি দিছিল? যদি আপোনালোকে ৰীতি-নীতি নামানে তেন্তে এইবোৰ কি কৰিছে, আদালতত বিবাহ কাৰ্য সম্পাদন কৰি অভ্যৰ্থনা দিলেই হয়। আন এগৰাকীয়ে লিখিছে, "আজিৰ বিবাহসমূহ কেৱল ফেচবুক, ইনষ্টাত শ্বেয়াৰ কৰিবলৈ কৰা ফটোগ্ৰাফীৰ বাবেহে, য'ত পৰম্পৰা , নীতি-নিয়মৰ প্ৰতি কোনো সন্মন নাই।" ইয়াৰ বিপৰীতে আন এগৰাকীয়ে সমৰ্থন জনায় লিখে, "ইয়াত কি সমস্যা আছে, তেওঁলোকে নিজে বিচৰা ধৰণে নিজৰ বিবাহ পাতিছে। আপোনাক কোনেও এই ভিডিঅ' চাবলৈ জোৰ কৰা নাই।" এনেদৰে টুইটাৰত ভাইৰেল ভিডিঅ'টোত ভিন্ন সমালোচনা আৰু সমৰ্থনেৰে ভৰি পৰিছে কমেণ্ট বক্স। Beetroot Benefits: স্বাস্থ্যৰ বাবে শীতকালৰ মহৌষধ বীট, ভিন্ন ৰোগৰ পৰা আপোনাক কেনেদৰে দূৰত ৰাখে বীটে? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
ট্ৰাইবেল বে'ল্টক লৈ কি হৈছিল কেবিনেটৰ সিদ্ধান্ত? ট্ৰাইবেল বে'ল্টক লৈ কি হৈছিল কেবিনেটৰ সিদ্ধান্ত? Share this: যোৱা ৭ জুলাইত অনুষ্ঠিত কেবিনেট বৈঠকৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৃহস্পতিবাৰে অসম চৰকাৰৰ মুখপাত্ৰ, কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই এখন সংবাদমেল যোগে ঘোষণা কৰে। এতিয়াৰ পৰা অসমৰ গাঁওবুঢ়া সকলক গাঁওপ্ৰধান হিচাপে নামাকৰণ কৰা হয়। গাঁওপ্ৰধান সকলে ৩০ বছৰৰ পৰা সৰ্বোচ্চ ৬৫ বছৰ বয়স পৰ্যন্ত এই পদত কাম কৰি থাকিব পাৰিব। একচনীয়া অথবা চৰকাৰী আবণ্টন যোগ্য ভূমিত বসবাস কৰা ভূমিহীন খিলঞ্জীয়া লোকসকলৰ ক্ষেত্ৰত ধুমুহা, বানপানী আদি প্ৰাকৃতিক দুৰ্যোগত তেওঁলোকৰ বাসগৃহ ক্ষতিগ্ৰস্ত হ'লে চৰকাৰীভাৱে পুনৰ সংস্থাপনৰ বাবে তেওঁলোকে সাহায্য লাভ কৰিব । কিন্তু ইয়াৰ বাবে সেই লোক সকল প্ৰকৃত হিতাধিকাৰী নে স্বভাৱগত বেদখলকাৰী তাৰ পৰীক্ষা কৰা হব। নিবনুৱা যুৱক-যুৱতী সকলৰ সুবিধাৰ্থে সকলোৱে এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰ (Employment Exchange) ত নোযোৱাকৈ অনলাইন যোগে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব। CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
ক'ৰ'না ভাইৰাছৰ আতংকই সমগ্ৰ বিশ্বতে সংহাৰীৰূপ ধাৰণ কৰাৰ সময়তে শিলচৰত এজন যুৱক আৰু পৰিয়ালৰ বিৰুদ্ধে লোৱা হৈছে আইনী ব্যৱস্থা। জানিব পৰা মতে নিজৰ বিদেশ ভ্ৰমণ হিষ্ট্ৰী লুকুৱাই ৰখাৰ বাবে শিলচৰ আৰক্ষী তথা জিলা প্ৰশাসনে যুৱকজনৰ লগতে পিতৃৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হৈছে। উল্লেখ্য যে যুৱকজন অলপতে চীন ভ্ৰমণ কৰি ভাৰতলৈ ওভতি আহিছিল। কালি যুৱকজনে বিদেশ ভ্ৰমণ সামৰি নিজ গৃহত উপস্থিত হোৱাৰ পিছতো প্ৰশাসনৰ পৰা বিদেশ ভ্ৰমণৰ কথা লুকুৱাই ৰাখিছিল। আজি শিলচৰ আৰক্ষী আৰু প্ৰশাসনে যুৱকজনৰ বাসগৃহত উপিস্থিত হৈ যুৱকজনক আটক কৰে। আটক কৰি যুৱকজনক ইতিমধ্যে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কোৱাৰেন্টাইন কৰাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰাৰ হৈছে। ইফালে যুৱকজনৰ লগতে পিতৃৰ বিৰুদ্ধেও শিলচৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে। যুৱকজনৰ লগতে পিতৃৰ বিৰুদ্ধে প্ৰশাসনক নজনোৱা আৰু লুকুৱাই ৰখাৰ অপৰাধ গোচৰ তৰা হৈছে। যুৱকজনৰ পিতৃ গাঁও পঞ্চায়তৰ সভাপতি বুলি জানিব পৰা গৈছে। বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক বাঙালী বিদ্বেষৰ ৰূপ দিব খোজা অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তপোধীৰ ভট্টাচাৰ্যই পুনৰ বিতৰ্কিত মন্তব্য কৰিছে এন আৰ চিক লৈ। ৩০ জুলাইত চূড়ান্ত খচৰা প্ৰকাশৰ পাছত কলকাতাৰ পৰা প্ৰকাশিত 'আজকাল' নামৰ কাকতখনত ভট্টাচাৰ্যই এন আৰ চিক একাংশ মানুহক ৰাষ্ট্ৰহীন কৰাৰ চক্ৰান্ত বুলি অভিহিত কৰিছে। তেওঁ এন আৰ চিৰ খচৰাৰ পৰা বাঙালীসকলক ষড়যন্ত্ৰমূলকভাৱে আৰু ইচ্ছাপূৰ্বক বাদ দিয়াৰ অভিযোগ আনি আপত্তিজনক মন্তব্যৰে কয়, "আমি ৰোহিংহা নে ইহুদি?" তেওঁ বাঙালী মানেই অস্পৃশ্য হৈ পৰিছে বুলিও মন্তব্য কৰে। "বাঙালী ভাষা কোৱাটো কি অপৰাধ নেকি?" এইবুলি প্ৰশ্ন কৰিছে বুদ্ধিজীৱীজনে। তেওঁ অসত্য তথ্য দাঙি ধৰি এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত ৰাজ্যত ৰুদ্ধশ্বাস পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি কাকতখনক জানিবলৈ দিছে। তেওঁৰ মতে শিলচৰ চহৰকে ধৰি বৰাক উপত্যকাৰ বিভিন্ন এলেকাত মানুহ শংকিত হৈ পৰিছে। আনহাতে তপোধীৰ ভট্টাচাৰ্য্যই মমতা বেনাৰ্জীক সমৰ্থন কৰি কয় যে দিদিয়ে স্পষ্ট বক্তব্য ৰাখিছে আৰু তেওঁ ধন্যবাদৰ পাত্ৰ। উল্লেখযোগ্য যে তপোধীৰ ভট্টাচাৰ্যৰ পৰিয়ালৰ কেইবাজনো লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নহ'ল বুলি জানিব পৰা গৈছে। মন কৰিব লগীয়া যে শিলচৰস্থিত বাঙালী বুদ্ধিজীৱীজনৰ বিৰুদ্ধে পূৰ্বেও এন আৰ চি সন্দৰ্ভত অপপ্ৰচাৰ চলোৱা আৰু উচটনিমূলক তথা জাতিগত বিদ্বেষ বিয়পাব পৰা মন্তব্য দিয়াৰ অভিযোগত দিচপুৰ থানাত গোচৰ ৰুজু হৈছিল। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত পথ দুৰ্ঘটনাই প্ৰাণ ললে গুৱাহাটীৰ একে পৰিয়ালৰ ৫ সদস্যৰ। আজি সন্ধিয়া প্ৰায় ৭ বজাত দিখৌমুখত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। এ এছ ০১ ডিকিউ ৯৭৮৮ নম্বৰৰ ছুইফট ডিজায়াৰখনেৰে আত্মীয়ৰ ঘৰৰ পৰা উভতি অহাৰ সময়তে দুৰ্ঘটনাত পতিত হয় পৰিয়ালটো। মহানগৰীৰ বেলতলা অঞ্চলৰ ব্যৱসায়ী হৰেন বৰা(৫২)ই ৫ জনীয় পৰিয়ালসহ ছুইফট ডিজায়াৰখনেৰে শুকুৰবাৰে গুৱাহাটীৰ পৰা প্ৰকৃত ঘৰ শিৱসাগৰ জিলাৰ নকটানী অঞ্চললৈ আহিছিল। এটা দিন ঘৰখনত কটাই আজি বিয়লিৰ ভাগত দিখৌমুখৰ ৰঘুবাৰী অঞ্চলৰ সম্পৰ্কীয় এঘৰলৈ বুলি ওলাই গৈছিল বৰা। লগত লৈ গৈছিল মাতৃ পুনৌ বৰা(৮৬), পত্নী ফুনু বৰা (৪৮), দুই কন্যা দিক্ষিতা বৰা (২১) আৰু নিক্ষিতা বৰা(১৭)ক। আলহী ঘৰত সকলোৰে লগত হাঁহি-মাতি তৃপ্তিৰে এসাজ খাই ঘৰমুৱা হৈছিল তেওঁলোক। দিখৌ নৈৰ মথাউৰিৰে উভতনি যাত্ৰা কৰাৰ সময়ত এনে এটা ঘটনাই তেওঁলোকৰ বাবে যে খাপ পিটি ৰৈ আছিল সেয়া ভাবিবই পৰা নাছিল। কিন্তু সেয়াই হ'ল। মথাউৰিৰ বিধ্বস্ত পথত নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন বাগৰি পৰে দিখৌৰ পানী যুঁৱলিত। সহায়ৰ বাবে আটায়ে চিঞৰ-বাখৰ কৰে যদিও ওচৰ-চুবুৰীয়া আহি পোৱাৰ আগতেই গাড়ীখন নৈখনৰ আৰু গভীৰতাত সোমাই পৰে। পিছত স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে। বাতৰি যুগুতোৱা পৰলকৈ আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ ডুবাৰুৰ দলে দিখৌৰ বুকুত অভিযান আৰম্ভ কৰিছে যদিও গাড়ীখন উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱা নাই। আজি পুৱাৰে পৰা নৈখনত পানীৰ পৰিমাণ বৃদ্ধি পোৱাত উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দলটো।
ৰক্তদল (বা তেজৰ গ্ৰুপ) তেজৰ এক শ্ৰেণীবিভাজন। লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত কিছুমান এণ্টিজেন আৰু প্লাজমাত তেনে এণ্টিবডিৰ উপস্থিতি-অনুপস্থিতিৰ ওপৰত ভিত্তি কৰি এই বিভাজন কৰা হয়। ৰক্তদল প্ৰণালী ভেদে এই এণ্টিজেন প্ৰ'টিন, কাৰ্ব'হাইড্ৰেট, গ্লাইক'প্ৰ'টিন বা গ্লাইক'লিপিড হ'ব পাৰে। ইয়াৰে কোনো কোনো এণ্টিজেন আন কলাৰ কোষতো থাকে। ৰক্ত কণিকাৰ পৃষ্ঠত থকা এনে কেইবাটাও এণ্টিজেন এটা এলিল (allele)ৰ পৰা উদ্ভুত হৈ এটা ৰক্তদল প্ৰণালী গঠন কৰে।[1] ৰক্তদলত পিতৃ-মাতৃ দুয়োজনৰ অৱদান থাকে। ইণ্টাৰনেচনেল ছ'ছাইটী অৱ ব্লাড ট্ৰান্সফিউজন ((ISBT) সংস্থাই এতিয়ালৈকে ৩৬টা মানৱ ৰক্তদল পদ্ধতি আৰু ৩৪৬টা এটিজেন চিনাক্ত কৰিছে।[2] আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা ৰক্তদল প্ৰণালী হৈছে ABO আৰু Rh ৰক্তদল পদ্ধতি। এটা সম্পূৰ্ণ ৰক্তদল বৰ্ণনা কৰিবলৈ হ'লে লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত থকা প্ৰায় ৩০টা উপাদান উল্লেখ কৰিব লাগিব আৰু এজন লোকৰ ৰক্তদল তেজত এণ্টিজেনৰ ভিন ভিন মিশ্ৰণত ফুটি উঠে।[3] সাধাৰণতে এজন মানুহৰ জীৱনকালত একেটা ৰক্তদলেই থাকে, কাচিৎ সংক্ৰমণ, কৰ্কট ৰোগ বা স্ব-অনাক্ৰম্য ৰোগত এণ্টিজেনৰ সালসলনি হৈ ৰক্তদলো সলনি হ'ব পাৰে।[4][5][6][7] অস্থি মজ্জা সংস্থাপনৰ (bone marrow transplant) পাছতো ৰক্তদল সলনি হ'ব পাৰে। এজন মানুহে অন্য ABO প্ৰকাৰৰ মানুহৰ পৰা অস্থি মজ্জা গ্ৰহণ কৰিলে (যেনে- A গোটৰ ৰোগীয়ে O গোটৰ মজ্জা), ৰোগীৰ ৰক্তদলো দিয়াজনৰ দললৈ সলনি হ'ব। ABO ৰক্তদল পদ্ধতিত দুবিধ এণ্টিজেন আৰু দুবিধ এণ্টিবডি জড়িত থাকে। এণ্টিজেন দুবিধ এণ্টিজেন A আৰু B। এণ্টিবডি দুবিধ এণ্টিবডি A আৰু B। এণ্টিজেনবোৰ লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত থাকে আৰু এণ্টিবডি ৰক্তপ্ৰৰসত (প্লাজমা) থাকে। এইদৰে সকলো মানুহকে চাৰিটা গোটত ভগাব পাৰি- এণ্টিজেন A থকা লোক (A গ্ৰুপ), এণ্টিজেন B থকা লোক (B গ্ৰুপ), A আৰু B দুইটা এণ্টিজেন থকা লোক (AB গ্ৰুপ) আৰু এটাও এণ্টিজেন নথকা লোক (O গ্ৰুপ)। এইসকল লোকৰ তেজত থকা এণ্টিবডি এনেধৰণৰঃ একে এণ্টিজেন আৰু এণ্টিবডিৰ মাজত এগ্লুটিনেচন বিক্ৰিয়া (এণ্টিজেন-এণ্টিবডি বিক্ৰিয়া) হয় (যেনে, A এণ্টিজেনে A এণ্টিবডিৰ লগত বিক্ৰিয়া কৰে আৰু B এণ্টিজেনে B এণ্টিবডিৰ লগত বিক্ৰিয়া কৰে)। Rh পদ্ধতি (Rhৰ অৰ্থ Rhesus) মানুহৰ ৰক্ত সংচাৰণত দ্বিতীয় গুৰুত্বপূৰ্ণ পদ্ধতি। ইয়াৰে মূল Rh এণ্টিজেনবিধ D কাৰণ ই আনবোৰতকৈ বেছিকৈ প্ৰতিৰক্ষা প্ৰণালীৰ প্ৰতিক্ৰিয়া উৎপন্ন কৰিব পাৰে। D-ঋণাত্মক লোকৰ (অৰ্থাৎ Rh নিগেটিভ) স্বাভাৱিকভাৱে কোনো Rh এণ্টিবডি নাথাকে। কিন্তু গৰ্ভধাৰণৰ সময়ত গৰ্ভৰ শুশুৰ তেজ মাকলৈ আহিলে, বা D-ধণাত্মক লোকৰ তেজ ঋণাত্মক লোকে গ্ৰহণ কৰিলে এণ্টিবডি উৎপন্ন হ'ব।[12] Rh(D) এণ্টিজেনৰ উপস্থিতি-অনুপস্থিতি + বা − চিনেৰে দেখুওৱা হয়। যেনে A− গ্ৰুপ মানে ABO প্ৰকাৰ A আৰু Rh (D) এণ্টিজেন নাই। ইণ্টাৰনেচনেল ছ'ছাইটী অৱ ব্লাড ট্ৰান্সফিউজন সংস্থাই এতিয়ালৈকে প্ৰায় ৩৬টা ৰক্তদল পদ্ধতি চিনাক্ত কৰিছে।[13] ABO আৰু Rh এণ্টিজেনৰ লগতে আন বহু এণ্টিজেন লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত থাকে। যেনে এজন মানুহ AB, D পজিটিভ, আৰু একেসময়তে M আৰু N পজিটিভ (MNS পদ্ধতি), K পজিটিভ (Kell পদ্ধতি), Lea বা Leb নিগেটিভ (লিৱিছ পদ্ধতি) আদি হ'ব পাৰে।
১. ৰঘুৰাম ৰাজনক জিভা চম্ভালিবলৈ আহ্বান জনাইছে সদৌ ভাৰত হাফপেণ্ট সচেতন সংস্থাই। অন্যথা অচিৰেই ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ হিচাবে গজেন্দ্ৰ সিঙৰ নিযুক্তি নিশ্চিত বুলিও গোপন সূত্ৰত প্ৰকাশ! ২. দালি কিনিব নোৱাৰে যদি গালিৰেই কাম চলাবলৈ আহ্বান জনাইছে খাদ্য মন্ত্ৰী আৰামবিলাস পাছোৱানে। সাম্প্ৰদায়িক গালি-গালেজেৰে পেট ভৰাই ৰখাৰ পৰিবেশৰ ব্যৱস্থা সেই কাৰণেই কৰা হৈছে বুলিও স্পষ্ট কৰি দিছে খাদ্য মন্ত্ৰীজনে। ৩. কৰুণ কেটলীয়ে এইবাৰ 'Where is Intolerance' নামৰ ৰহস্যধৰ্মী গ্ৰন্থ এখন লিখি উলিয়াইছে বুলি জানিব পৰা গৈছে। গ্ৰন্থখনত কেনেকৈ চেকুলাৰ সৃষ্টিশীল মানুহে অসহিষ্ণুতা সৃষ্টি কৰে, তাৰ গোপন ফৰ্মূলাও কেটলী চাহাবে বৰ্ণনা কৰিছে বুলি জানিব পৰা গৈছে। এই গ্ৰন্থখন তেওঁৰ প্ৰভুভক্তিৰ পৰীক্ষাৰ বাবে এখন অতি স্পৰ্শকাতৰ গ্ৰন্থ বুলিও তেখেতৰ অন্তৰংগ বন্ধু মহলত চৰ্চিত হৈছে। ৪. অবৈধ ধন সৰবৰাহ অহা দুবছৰৰ পাছৰ পৰা কঠিন হব বুলি প্ৰকাশ কৰিছে কৰুণ কেটলী চাহাবে। এই দুবছৰ এই বিজনেচৰ বাবে অনকূলতম হব আৰু তাত কোনো চৰকাৰী দৰকাৰী হকা-বাধা নহব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰাও চাহাব বিৰত থকা বুলি জানিব পৰা গৈছে। 'Ease of Doing Business' ৰ ৰেংকিং ভাল কৰাটোও জৰুৰী বুলি আঙুলিয়াই দি নিৰৱে থকাটোৱে কি কথালৈ ইংগিত কৰিছে, সেয়া সমালোচকেও এতিয়া নিৰ্ণয় কৰিবলৈ সক্ষম হোৱা নাই বুলিও জানিব পৰা গৈছে। ৫. নিখিল ভাৰত ভিত্তিত আয়োজিত 'বঁটা ঘূৰোৱা প্ৰতিযোগিতা'ৰ খেলখনৰ জনপ্ৰিয়তাই আই.পি.এল, ফুটবল আদি লীগলৈকো প্ৰত্যাহ্বান কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে। সেয়ে ক্ৰিকেট, ফুটবল আদি বেপাৰ কৰা সংস্থা সকলে এই প্ৰতিযোগিতাখন সোনকালে শেষ কৰিবলৈকো খেল মন্ত্ৰীক আহ্বান জনাইছে। ৬. ডাউদক মাৰিবলৈ কেৱল কলেষ্টৰেলহে পাৰিব বুলিও সদৌ ভাৰত গো-ভক্ত বিজ্ঞানী সংস্থাই প্ৰকাশ কৰিছে। সেয়ে দেশভক্ত গো-পালক সংস্থাই খাটি ঘিউৰ বটল কৰাছীৰ ডাউদৰ ঘৰলৈ অচিৰেই নিয়মীয়াকৈ পঠিওৱাৰ ব্যৱস্থা কৰিব বুলিও গুজৱ প্ৰকাশ পাইছে। ৭. নগেন মোদীৰ ভক্তসকলৰ বাবে ছ'চিয়েল মেডিয়াৰ হাতপুথি প্ৰণয়ন কৰা বুলি জানিব পৰা গৈছে। চেকুলাৰ সকলক কেনেকৈ গালি পাৰিব, ব্যক্তিগত কথাৰে আক্ৰমণ কৰিব, লিবাৰেল বুলি শপনি দিব আদি বিভিন্ন কিটিপ সমৃদ্ধ কিতাপখন ২৬টা ভাষাত প্ৰণয়ন কৰা হব। অশ্ৰাব্য ভাষাৰ প্ৰয়োগ, সাম্প্ৰদায়িক উত্তেজক মন্তব্যৰ সহজ উপায় আদি অধ্যায় সমৃদ্ধ কিতাপখনৰ পিডিএফো অনলাইন ডাউনলোডৰ বাবে উপলব্ধ কৰিবলৈ ভক্ত সমাজে টুইটাৰ যোগে আহ্বান জনোৱা বুলিও জানিব পৰা গৈছে! ৮. বিদেশত ধৰা পৰা ছোটা কাজিন নামৰ ডনটোক অচিৰেই লোকসভালৈ পোনে পোনে মনোনীত কৰিব লাগে বুলি সদৌ ভাৰত ডন ফেন ক্লাৱে দাবী কৰিছে। হিন্দু ডন বুলি দাবী কৰা ছোটা কাজিনক হাফ-পেণ্ট সংস্থাৰ ব্ৰেণ্ড এম্বেছাদৰ বনাব লাগে বুলিও নাগপুৰলৈ ফেক্স কৰা বুলিও ক্লাৱে সদৰী কৰিছে। ৯. সাম্প্ৰদায়িক সম্প্ৰীতি সৃষ্টিৰ বাবে স্বেচ্ছাসেৱক সংস্থা ৰঙীন-মনে অসমৰ চুবুৰীয়ে চুবুৰীয়ে টিন-পাট্টি খেলৰ আয়োজন কৰিব বুলি জানিব পৰা গৈছে। সকলো জাতি-ধৰ্মৰ লোককে চুবুৰীৰ প্ৰতিবেশীৰ সৈতে এই খেলত ধন-জন সহ অংশ লৈ সদ্ভাৱ সৃষ্টি কৰিবলৈ লৈকো ৰঙীন-মনে আহ্বান জনাইছে। খেলৰ ব্ৰেকৰ সময়ত ৰঙীন পানীয়ৰো ব্যৱস্থা থাকিব বুলিও জানিব পৰা গৈছে! ১০. জীৱনত যি কেইজন লেখকৰ এখনো কিতাপ পঢ়া নাই আৰু এটা পেৰেগ্ৰাফো দশক জুৰি লেখা নাই তেনেকুৱা মানুহেই সাহিত্যিক সকলক ফেচবুক, টুইটাৰত আক্ৰমণ কৰা দলৰ আচল যোদ্ধা হৈ পৰিছে বুলি সদৌ ভাৰত লিবাৰেল মহলে সন্দেহ প্ৰকাশ কৰিছে। এই পোষ্টৰ লগে লগেই কিমানজনে হোৱাটচএপত অহা বৌদ্ধিক জ্ঞান আহৰণ কৰিছে তাৰ পৰিমান প্ৰদৰ্শন কৰাতহে ভক্তগণ দলে বলে লাগি পৰা বুলিও জানিব পৰা গৈছে।
ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত ২৩ ফ্ৰেব্ৰুৱাৰীৰ পৰা ২৮ ফ্ৰেব্ৰুৱাৰী ২০২১ তাৰিখলৈ ছয় দিনীয়াকৈ মঙলদৈ প্ৰেছ ক্লাবৰ সন্মুখত জিলা পুথিভঁৰাল বাকৰিত মঙলদৈ গ্ৰন্থ মেলা ২০২১ আৰম্ভ হ'ল । মঙ্গলবাৰে বিয়লি ৩ বজাত দৰং জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই দ্বাৰ উন্মোচন কৰি মুকলি কৰে গ্ৰন্থ মেলাৰ। ইয়াৰ পিছতেই গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক গুৰুজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় উদ্বোধনী সভা । সভাতেই বহু কেইজন নবীন প্ৰবিনৰ গ্ৰন্থ উন্মোচন কৰা হ'ল।
আমাৰ সৌৰ জগতখন - ড০ ৰাস্না ৰাজখোৱা - সাহিত্য ডট অৰ্গ\nSeptember 17, 2017 March 10, 2021 1 Comment\nআমাৰ সৌৰ জগতখন 'হাতীপটি' তাৰকাৰাজ্য বা নক্ষত্ৰপুঞ্জৰ অন্তৰ্ভুক্ত। তাৰকাৰাজ্য কি জানানে? তাৰকাৰাজ্য বা নক্ষত্ৰপুঞ্জ হৈছে নিযুত-নিযুত তৰা বা নক্ষত্ৰ, গ্ৰহ, উপগ্ৰহ আদিৰে ভৰা এক বিশাল আকাৰৰ ক্ষেত্ৰ। এই আটাইবোৰ গ্ৰহ, উপগ্ৰহ অথবা নক্ষত্ৰ প্ৰবল মাধ্যাকষৰ্ণ শক্তিৰ দ্বাৰা ইটোৱে সিটোৰ সৈতে আকৰ্ষিত হৈ থাকে আৰু এটা বিশেষ কেন্দ্ৰক এই তাৰকা ৰাজ্যখনে প্ৰদক্ষিণ কৰি থাকে। পৃথিৱীখনকে ধৰি আমাৰ সৌৰ জগতখন হাতীপটি তাৰকাৰাজ্যৰ অন্তৰ্গত। মহাবিশ্বত এনে অসংখ্য তাৰকাৰাজ্য বা নক্ষত্ৰপুঞ্জ আছে। তাৰকাৰাজ্যবোৰৰ আকাৰ সৰ্পিল, উপবৃত্তাকাৰ বা নিৰ্দিষ্ট আকাৰবিহীন হ'বও পাৰে। হাটীপটি হৈছে এক সৰ্পিলাকাৰ তাৰকাৰাজ্য। সূৰ্যটো আৰু আঠটা গ্ৰহ-বুধ, শুক্ৰ, পৃথিৱী, মঙল, বৃহ্স্পতি, শনি, ইউৰেনাছ, নেপচুন আমাৰ সৌৰ জগতখনৰ অন্তৰ্গত। সূৰ্যটো, আঠটা গ্ৰহ আৰু উপগ্ৰহ্সমূহ, গ্ৰহানুপুঞ্জ, ধুমকেতু আৰু উল্কাৰ দৰে অসংখ্য মহাজাগতিক বস্ত্ত লৈ সৌৰজগতখন গঠিত। 'ৰেডিও মেট্ৰিক ডেটিং' নামৰ পদ্ধতিৰ দ্বাৰা বিজ্ঞানী সকলে হিচাপ কৰি সৌৰ জগতখনৰ বয়স প্ৰায় ৫০০ কোটি বছৰ বুলি থিৰাং কৰিছে। আহাচোন আমি সূৰ্যটো আৰু আঠটা গ্ৰহৰ বিষয়ে কিছু কথা আলোচনা কৰো।\nফৰকাল বতৰত ৰাতি আকাশলৈ চালে আমি বিভিন্ন আকাৰৰ আৰু বিভিন্ন উজ্জ্বলতাৰ অসংখ্য তৰা বা নক্ষত্ৰ দেখিবলৈ পাওঁ। এই তৰাবোৰৰ মাজৰে এটা মধ্যম বয়সৰ আৰু মজলীয়া আকাৰৰ তৰা বা নক্ষত্ৰ হ'ল আমাৰ সূৰ্য; যাক তুলনামূলকভাৱে ওচৰতে থকা বাবে আমি ডাঙৰকৈ দেখো। আমাৰ সূৰ্য বুলি এই কাৰণেই কোৱা হৈছে যে আমি বাস কৰা পৃথিৱী আৰু অন্যান্য গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে অহৰহ পৰিভ্ৰমণ কৰি আছে আৰু পৃথিৱীত বসবাস কৰা সকলোৱেই পোনপটীয়াকৈ বা আওপকীয়াকৈ সূৰ্যৰ ওপৰত নিৰ্ভৰশীল। সূৰ্যৰ চাৰিওফালে সৌৰজগতৰ আঠটা গ্ৰহ আৰু তাৰ উপগ্ৰহবোৰ ঘূৰে। ইয়াৰ ব্যাস প্ৰায় ১৩, ৯২, ০০০ কিঃ মিঃ, ভৰ প্ৰায় ২x১০৩০ কিঃ মিঃ আৰু ঘনত্ব ১.৪ গ্ৰাম প্ৰতি ঘন ছেঃ মিঃ। ইয়াৰ তিনিটা স্তৰ আছে - ফট'স্ফিয়েৰ, ক্ৰম'স্ফিয়েৰ আৰু কৰ'না। দৃশ্যমান ফট'স্ফিয়েৰৰ উষ্ণতা ৬০০০০ ছেলছিয়াছ আৰু ইয়াৰ অৰ্ন্তভাগৰ উষ্ণতা ১, ৫০, ০০, ০০০০ ছেলছিয়াছ। সূৰ্যত সোণ, òপ, তাম, লো, ৰেডিয়াম, মেগনেছিয়াম, ছডিয়াম, কেলছিয়াম, এলুমিনিয়াম, সীহ আদি ধাতু আৰু হাইড্ৰজেন, অক্সিজেন, হিলিয়াম আদি গেছৰ সংমিশ্ৰণৰ সৈতে প্ৰায় ৬০ বিধ বিভিন্ন উপাদান গেছীয় অৱস্থাত আছে। ইয়াত প্ৰায় ৯০% হাইড্ৰজেন, ৮% হিলিয়াম আৰু ২% আনগধুৰ মৌলৰে গঠিত। নিউক্লীয় সংযোজন বিক্ৰিয়াৰ ফলত হাইড্ৰজেন হিলিয়ামলৈ òপান্তৰিত হৈ উৎপন্ন হোৱা তাপ শক্তিখিনিকে আমি সূৰ্যৰ তাপ আৰু পোহৰ হিচাপে পাঁও। সূৰ্যৰ মাধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ তুলনাত ২৮ গুণ বেছি। পৃথিৱীৰ সূৰ্যৰ দূৰত্ব ১৫ কোটি কিঃ মিঃ। সূৰ্যৰ আৱৰ্তন কাল ২৫ দিন ১ ঘণ্টা ১২ মিনিট। সূৰ্যই ইয়াৰ সৌৰজগতখনৰ সৈতে হাতীপটিৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে। এবাৰ সৰ্ম্পূণ প্ৰদক্ষিণ কৰোঁতে ২০ কোটি বছৰ লাগে। অথচ ইয়াৰ প্ৰদক্ষিণ বেগ প্ৰতি ঘণ্টাত ৭০০০০ কিল'মিটাৰ। ইয়াৰ পৰা অনুমান কৰিব পাৰি সূৰ্যৰ গতিপথ কিমান দীঘলীয়া। সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে সময় লাগে ৮ মিনিট ১৮ ছেকেণ্ড।\nসূৰ্যৰ চুম্বকীয় ক্ষেত্ৰ প্ৰাবল্য পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ প্ৰাবল্যতকৈ ২৫, ০০০ গুণ বেছি। যেতিয়া পূৰ্ণগ্ৰাস সূৰ্য গ্ৰহণ হয়, তেতিয়া চন্দ্ৰই সূৰ্যটো ঢাকি ৰখাৰ অংশৰ চাৰিওফালে পাতল ৰঙা বৰণৰ পোহৰ দেখিবলৈ পোৱা যায়। এই পাতল ৰঙা ৰঙৰ ৰশ্মি দেখা অংশবোৰ নিচেই সৰু দেখা যায় যদিও ইয়াৰ ব্যাস বহুত হেজাৰ কিলোমিটাৰ। এই অংশটোক ক্ৰোমস্ফিয়েৰ বোলা হয়। সূৰ্যৰ চুম্বকীয় ক্ষেত্ৰই ফট'স্ফিয়েৰ আৰু ক্ৰম'স্ফিয়েৰত সদায় প্ৰভাৱ বিস্তাৰ কৰি আহিছে। সূৰ্যৰ মাধ্যাকৰ্ষণ শক্তি ২৭৪ মি/ছে২, পৃথিৱীৰ তুলনাত ২৮ গুণ বেছি। সূৰ্যৰ মাধ্যাকৰ্ষণ শক্তিয়ে সূৰ্যৰ পৰা ছয় হেজাৰ নিযুত কিলোমিটাৰ দূৰত থকা গ্ৰহ-নক্ষত্ৰ আদিক আকৰ্ষণ কৰি থকাৰ হেতু এই গ্ৰহ-নক্ষত্ৰবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। পৃথিৱীৰ সূৰ্যৰ দূৰত্ব ১৫ কোটি কিঃ মিঃ। সূৰ্যৰ আৱৰ্তন কাল ২৫ দিন ১ ঘণ্টা ১২ মিনিট। সূৰ্যই ইয়াৰ সৌৰজগতখনৰ সৈতে হাতীপটিৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে। এবাৰ সৰ্ম্পূণ প্ৰদক্ষিণ কৰোঁতে ২০ কোটি বছৰ লাগে। অথচ ইয়াৰ প্ৰদক্ষিণ বেগ প্ৰতি ঘণ্টাত ৭০০০০ কিল'মিটাৰ। ইয়াৰ পৰা অনুমান কৰিব পাৰি সূৰ্যৰ গতিপথ কিমান দীঘলীয়া। সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে সময় লাগে ৮ মিনিট ১৮ ছেকেণ্ড।\nনিউক্লীয় সংযোজন বিক্ৰিয়াৰ ফলত হাইড্ৰজেন হিলিয়ামলৈ òপান্তৰিত হৈ উৎপন্ন হোৱা তাপ শক্তিখিনিকে আমি সূৰ্যৰ তাপ আৰু পোহৰ হিচাপে পাঁও। নিউক্লীয় সংযোজন বিক্ৰিয়াৰ ফলত প্ৰতি ছেকেণ্ডত ৫০০ মিলিয়ন টন হাইড্ৰজেন গেছ হিলিয়ামলৈ ৰূপান্তৰিত হৈ আছে আৰু ৪ মিলিয়ন টন বিভিন্ন পদাৰ্থ শক্তিলৈ ৰূপান্তৰিত হৈ আছে। অন্তঃভাগত উৎপন্ন হোৱা শক্তি বহিঃভাগলৈ ওলাই আহে। সূৰ্যৰ আলোক মণ্ডলৰ যি অংশৰ উত্তাপ ২০০০ ৰ পৰা ৩০০০ ডিগ্ৰী কম ছেলছিয়াছৰ, তেনে অংশবোৰক ক'লা দেখা যায়। এনেধৰণৰ ক'লা অংশক সৌৰ কলংক বোলে। সৌৰ কলংকত চুম্বকীয় ক্ষেত্ৰ প্ৰাবল্যৰ পৰিমাণ তাৰ চাৰিওফালে আগুৰি থকা আন অংশৰ তুলনাত ১০০০ গুণ বেছি। সাধাৰণতে সৌৰ কলংকবোৰ চুম্বকীয় ক্ষেত্ৰৰ সৈতে যুৰীয়াভাবে দেখা যায়। এটা সৌৰ কলংকৰ পৰা চুম্বকীয় ক্ষেত্ৰ ওলাই আৰু আনটোত প্ৰবেশ কৰে। সৌৰ কলংক, আলোক মণ্ডলৰ এটা অস্থায়ী পৰিঘটনা। এটা সৌৰ কলংকৰ আয়ুস সাধাৰণতে একৰ পৰা এশ দিন হ'ব পাৰে আৰু সমূহীয়া সৌৰ কলংকৰ ক্ষেত্ৰত আয়ুস সাধাৰণতে ৫০ দিন মান হয়। একোটা সৌৰ কলংকৰ আকাৰ আমাৰ পৃথিৱীতকৈ বহুত ডাঙৰ হ'ব পাৰে।\nজ্যোৰ্তি বিজ্ঞানী কেৰিংটন আৰু ৰিচাৰ্ড হজছনৰ মতে সূৰ্যৰ চাৰিওফালে থকা গেছীয় আৱৰণৰ মাজেদি বিদ্যুৎ চুম্বকীয় বিকিৰণ হঠাৎ আঁতৰি বাহিৰ হৈ আহে। ইয়াক সৌৰ শিখা বুলি কোৱা হয়। এই আঁতৰি অহা বিকিৰণত প্ৰচুৰ সংখ্যক ইলেক্ট্ৰন, প্ৰটন আৰু গধুৰ নিউক্লিয়াচ অতি উত্তপ্ত অৱস্থাত থাকে বাবে উজ্জ্বল দেখি। সূৰ্যৰ গেছীয় আৱৰণৰ মাজত বিদ্যুৎ আৰু চুম্বকীয় ক্ষেত্ৰৰ পৰিৱৰ্তন হ'লেই সৌৰ শিখা সৃষ্টি হয়। সৌৰ শিখাক তিনি ভাগত ভাগ কৰা হয় - -বিদ্যুৎ চুম্বকীয় বিকিৰণ, মহাজাগতিক ৰশ্মি আৰু কণিকাময় বিকিৰণ। বিদ্যুৎ চুম্বকীয় বিকিৰণত ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ ছেকেণ্ডত প্ৰায় ৫০০ কিলোমিটাৰ বেগেৰে মহাকাশলৈ ঢাপলি মেলে। ইহঁতে সৌৰ মণ্ডলত বায়ুৰ সৃষ্টি কৰে। সৌৰ মণ্ডলৰ পৰা বায়ু পৃথিৱী পাবলৈ প্ৰায় ৪ দিন সময় লাগে। অৱ্শ্যে বিভিন্ন সময়ত বিশেষকৈ সৌৰ কলংকৰ সময়ত সূৰ্যৰ গেছৰ তীব্ৰ বিস্ফোৰণ হয়। লগে লগে সৌৰ মণ্ডলত বায়ুৰ বেগ বাঢ়ি যায়। ইয়াক সৌৰ ধুমুহা বোলে।\nসূৰ্যই একেৰাহে ৪.৬ বিলিয়ন বছৰ সুস্থিৰভাৱে তাপ আৰু পোহৰ দি আছে, আৰু অনাগত একে সময়ৰ বাবে সূৰ্যটো সুস্থিৰ হৈ থাকিব বুলি বিজ্ঞানী সকলে ক'ব বিচাৰে। সূৰ্যৰ ফালে কেতিয়াও খালী চকুৰে চোৱা উচিত নহয়, সূৰ্যৰ ৰশ্মিয়ে চকুৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকে।\nবুধ সূৰ্যৰ নিকটতম গ্ৰহ আৰু গ্ৰহবোৰৰ ভিতৰত এইটোৱেই আটাতকৈ সৰু গ্ৰহ। ইয়াৰ বায়ুমণ্ডল নাই। মাধ্যাকষৰ্ণিক বল নিচেই কম হোৱা হেতুকে বায়ুমণ্ডল ধৰি ৰাখিব নোৱাৰে। বুধ গ্ৰহটো সূৰ্যৰ ওচৰতে হোৱাৰ বাবে ইয়াৰ এটা পৃষ্ঠ অতি উত্তপ্ত আৰু আনটো পৃষ্ঠ খুব চেঁচা হৈ থাকে। শুকান শিলাময় ইয়াৰ পৃষ্ঠভূমিত বহুতো জ্বালামুখী আছে। আটাইতকৈ ডাঙৰ জ্বালামুখীটোৰ নাম হ'ল কেল'ৰিছ বেছিন। ১৯৯১ চনত চলোৱা ৰেডিঅ' তৰংগ এটাৰ পৰীক্ষামূলক অনুসন্ধানৰ পাছত বুধৰ উত্তৰ মেৰুৰ তলৰ গহ্বৰ কি ছুমানত ভালেখিনি বৰফ থাকিব পাৰে বুলি এদল মহাকাশ বিজ্ঞানীয়ে অনুমান কৰিছে। বুধ গ্ৰহটোৰ,\nসূৰ্যৰ পৰা গড় দূৰত্ব ৫৭, ৯১০, ০০০ কিঃ মিঃ\nব্যাসাৰ্দ্ধ ২, ৪৪০ কিঃ মিঃ\nভৰ, পৃথিৱী ভৰৰ ০.০৫৫ গুণ\nপৃষ্ঠভাগৰ উষ্ণতা -১৮০০ ছে ৰ পৰা ৪৩০০ ছে\nপৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ৮৮ দিন\nআৱৰ্তন কাল ৫৮ দিন ১৫ ঘণ্টা ৩০ মিনিট\nপৃষ্ঠভাগৰ ক্ষেত্ৰফল ৭৪, ৮০০, ০০ বৰ্গ কিঃ মিঃ\nআৰু ইয়াৰ কোনো উপগ্ৰহ নাই।\nশুক্ৰ পৃথিৱীৰ আটাতকৈ ওচৰত থকা গ্ৰহ। সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৱেই হৈছে শুক্ৰগ্ৰহ। ইয়াৰ উজ্জ্বলতা সূৰ্য আৰু চন্দ্ৰৰ পিছতে। শুক্ৰগ্ৰহ ৰাতিপুৱা আৰু সন্ধিয়া আকাশত খালী চকুৰে দেখা যায়। সেয়ে ইয়াক পুৱতি তৰা আৰু সন্ধ্যা তৰা বোলা হয়। শুক্ৰগ্ৰহৰ উজ্জ্বলতাৰ কাৰণ হ'ল ইয়াৰ বায়ুমণ্ডলে সূৰ্যৰ পোহৰ বহুত পৰিমাণে প্ৰতিফলিত কৰে।\nইয়াৰ বায়ুমণ্ডলৰ ঘনত্ব ইমানেই বেছি যে সূৰ্যৰ বিকিৰিত তাপ বায়ুমণ্ডল ভেদ কৰি সোমাব পাৰে যদিও ওলাই আহিব নোৱাৰে। সেয়ে শুক্ৰৰ উষ্ণতা প্ৰায় ৪৬০০ ছে। ইয়াৰ বায়ুমণ্ডল কাৰ্বন ডাইক্সাইড গেছেৰে পূৰ্ণ। এই গেছে পৃথিৱীৰ তুলনাত বৃহৎ পৰিমাণৰ তাপ শোষণ কৰি সেউজ গৃহ প্ৰক্ৰিয়া সংঘটিত কৰে। তাৰ ফলস্বৰুপে শুক্ৰগ্ৰহত উষ্ণতাৰ মাত্ৰা অতি বেছি হয়। ১৯৭৮ চনত 'পায়'নিয়াৰ ভেনাছ অৰবিটা' নামৰ মহাকাশযানৰ যোগেদি শুক্ৰগ্ৰহৰ উচ্চ বায়ুমণ্ডলত কাৰ্বন ডাইক্সাইড, কাৰ্বন মন'ক্সাইড, নাইট্ৰ'জেন অক্সাইড, হিলিয়াম আৰু হাইড্ৰজেন থকা বুলি জনা গৈছে। তদুপৰি শুক্ৰগ্ৰহত থকা নিষ্ক্ৰিয় গেছবোৰ হ'ল - আৰ্গন, নিয়ন আৰু ক্ৰিপ্টন। বিজ্ঞানীসকলে মত পোষণ কৰিছে যে শুক্ৰগ্ৰহত ছালফাৰ আৰু ইয়াৰ যৌগ থকা বাবে ই হালধিয়া ৰংৰ।\nপৃথিৱীৰ বায়ুমণ্ডলৰ সৈতে শুক্ৰগ্ৰহৰ বায়ুমণ্ডলৰ তুলনা কৰিবলৈ সুবিধা বাবে ৬০ কিলোমিটাৰ তলৰ বায়ুমণ্ডলক ট্ৰপ'স্ফিয়েৰ আৰু ৬০ কিলোমিটাৰৰ পৰা ১০০ কিলোমিটাৰ অঞ্চলটোক ষ্ট্ৰেট'মেছোস্ফিয়েৰ বুলি কোৱা হয়। শুক্ৰগ্ৰহৰ ক্ষেত্ৰত অ'জন স্তৰ নোহোৱাৰ বাবে অতি বেঙুনীয়া ৰশ্মি পোনে পোনে বায়ুমণ্ডলত প্ৰৱেশ কৰে। ইয়াৰ উচ্চ বায়ুমণ্ডলত টাৰব'পজ(Turbopause), এগজ'বেজ (Exobase) আৰু আয়ন'পজ (Ionopause) নামৰ অঞ্চলসমূহ চিহ্নিত কৰা হৈছে। শুক্ৰগ্ৰহৰ টাৰব'পজ ১৪০ কিলোমিটাৰ উচ্চতাত আছে কিন্ত্ত পৃথিৱীত ই আছে ১০০ কিলোমিটাৰ উচ্চতাত। আনহাতে শুক্ৰগ্ৰহৰ এগজ'বেজ ২০০ কিলোমিটাৰ উচ্চতাত আছে কিন্ত্ত পৃথিৱীত ই আছে ৫০০ কিলোমিটাৰ উচ্চতাত। ইয়াৰ পৃষ্ঠভূমিত থকা বহুতো আগ্নেয়গিৰিৰ পৰা ওলোৱা ছালফাৰ ডায়্ক্সাইড গেছ ইয়াৰ বায়ুমণ্ডলৰ ডাৱৰবোৰত ছালফিউৰিক এছিডৰ কণিকা হিচাপে জমা হৈ থাকে, যাৰ পৰা অতি ঘন ছালফিউৰিক এছিডৰ বৰষুণ হয়। ইয়াৰ দুই প্ৰাথমিক ভূ-খণ্ডৰ নাম এফ্ৰডাইটি টেৰা আৰু ইশ্বটাৰ টেৰা। ইশ্বটাৰ টেৰাত অৱস্থিত ১১ কিঃ মিঃ ওখ মেক্সৱেল মণ্টেছ নামৰ পৰ্বতটোৱেই ইয়াৰ আটাইতকৈ ওখ পৰ্বত।\nশুক্ৰ গ্ৰহটো সূৰ্য আৰু পৃথিৱীৰ মাজত একেডাল সৰল ৰেখাত অৱস্থান কৰিলে পৃথিৱী পৃষ্ঠৰ কোনো কোনো অংশৰ পৰা শুক্ৰ গ্ৰহটোক সূৰ্যৰ কাঁহী সদৃশ আকৃতিটোৰ ওপৰৰে ক'লা ফোঁট এটা পাৰ হৈ যোৱা যেন লাগে। এই পৰিঘটনাটোকে কোৱা হ্য় শুক্ৰ গ্ৰহৰ সূৰ্য অতিক্ৰমণ। শুক্ৰ গ্ৰহৰ দৰে বুধ গ্ৰহৰো সূৰ্য অতিক্ৰমণ হোৱা দেখা যায়। শুক্ৰৰ কক্ষপথ পৃথিৱীৰ কক্ষপথৰ সৈতে প্ৰায় ৩.২৫ ডিগ্ৰী কৌণিকভাৱে হেলনীয়া হোৱা বাবে যুগ্মভাবে প্ৰতি ১২১.৫ বছৰ আৰু ইয়াৰ পাছত ৮ বছৰৰ মূৰত একোবাৰকৈ শুক্ৰৰ সূৰ্য অতিক্ৰমণ হয়। এই অতিক্ৰমণ এবাৰ যুগ্মভাবে ৮ বছৰৰ পাছত জুন মাহত আৰু আনবাৰ যুগ্মভাবে ডিচেম্বৰ মাহত হয়। ১৭শ শতিকা আৰু ১৮শ শতিকাৰ শুক্ৰ অতিক্ৰমণৰ ঘটনাসমূহ আছিল অতি তাৎপৰ্যপূৰ্ণ। কাৰণ এই অতিক্ৰমণ নিৰীক্ষণ কৰি জ্যোৰ্তিবিজ্ঞানী সকলে সূৰ্য, শুক্ৰগ্ৰহ আৰু সৌৰজগতৰ বিষয়ে নানান তথ্য আৱিষ্কাৰ কৰিছিল। শুক্ৰগ্ৰহৰ আৱেশিক চুম্বক ক্ষেত্ৰ আছে। সেইবাবে সৌৰ বতাহে শুক্ৰগ্ৰহৰ বায়ুমণ্ডল তথা আয়ন'স্ফিয়েৰৰ লগত পোনে পোনে বিক্ৰিয়া কৰে। ইয়াৰ ফলত এখন চুম্বক প্ৰতিবন্ধক গঠন হয়। যিয়ে শুক্ৰগ্ৰহৰ চাৰিওফালে হোৱা সৌৰ বতাহৰ পথৰ দিশ পৰিৱৰ্তন কৰে। শুক্ৰ গ্ৰহটোৰ,\nসূৰ্যৰ পৰা গড় দূৰত্ব ১০৮, ২০০, ০০০ কিঃ মিঃ\nব্যাসাৰ্দ্ধ ৬, ০৫২ কিঃ মিঃ\nভৰ, পৃথিৱী ভৰৰ ০.৮১৫ গুণ\nপৃষ্ঠভাগৰ উষ্ণতা ৪৬০০ ছে\nপৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ২২৫ দিন\nআৱৰ্তন কাল ১১৬ দিন ১৮ ঘণ্টা ০ মিনিট\nপৃষ্ঠভাগৰ ক্ষেত্ৰফল ৪৬০, ২৩৪, ৩১৭ বৰ্গ কিঃ মিঃ\nসৌৰজগতত জীৱজগতৰ বাসোপযোগী একমাত্ৰ গ্ৰহ আমাৰ পৃথিৱী। জীৱ জগতৰ অনুকূল অক্সিজেন থকা বায়ুমণ্ডল আন কোনো গ্ৰহত নাই। ইয়াক সেউজ গ্ৰহ বুলিও কোৱা হয়। পৃথিৱীৰ পৃষ্ঠভাগৰ দুই-তৃতীয়াংশই পানীয়ে আগুৰি আছে। এনে বিভিন্ন কাৰকৰ বাবেই ইয়াত মানুহকে ধৰি বিভিন্ন তৰহৰ জীৱ-জন্ত্ত আৰু গছ-বিৰিখৰ বসতি সম্ভৱ হৈছে। পৃথিৱীৰ একেবাৰে ভিতৰভাগত গলিত লো আৰু নিকেলৰ তৰপ আছে। পৃথিৱীৰ তেনেই ওপৰভাগত ১৬ ৰ পৰা ৪৮ কিঃ মিঃ প্ৰস্থবিশিষ্ট শিলাময় তৰপ এটা আছে। ইয়াক লিথ'স্ফিয়েৰ বোলে। ইয়াৰে ওখ অঞ্চলবোৰ হ'ল আমাৰ মহাদেশসমূহ আৰু চাপৰ অঞ্চলবোৰত আছে মহাসাগৰকেইখনৰ লগতে বিভিন্ন সাগৰ, উপসাগৰ আৰু হ্ৰদ আদি। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম চন্দ্ৰ। পৃথিৱীৰ\nসূৰ্যৰ পৰা গড় দূৰত্ব ১৪৯, ৫০০, ০০০ কিঃ মিঃ\nব্যাসাৰ্দ্ধ ৬, ৩৭১ কিঃ মিঃ\nভৰ ৫.৯৭২ x ১০২৪ কেজি\nপৃষ্ঠভাগৰ উষ্ণতা -৭০০ ছে ৰ পৰা ৫৫০ ছে\nপৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ৩৬৫। ২৫ দিন\nআৱৰ্তন কাল ২৪ ঘণ্টা\nআৰু ইয়াৰ উপগ্ৰহ এটা।\nশিলাময় আৰু ধূলিৰে আবৃত, ৰঙা গ্ৰহ বুলি জনাজাত মঙ্গল গ্ৰহটোৰ দুয়োটা মেৰু শুকুলা আৰু পৃষ্ঠভাগ ৰঙচুৱা। ইয়াৰ ব্যাসাৰ্দ্ধ ৩, ৩৯০ কিঃ মিঃ আৰু ভৰ, পৃথিৱী ভৰৰ ০.১০৭ গুণ। ১৯৭৬ চনত ভাইকিং-১ আৰু ভাইকিং-২ অভিয়ানৰ সহায়ত মঙ্গল গ্ৰহটোৰ মাটি পৰীক্ষা কৰি প্ৰমাণ পাইছে যে ইয়াত প্ৰচুৰ মাত্ৰাত আয়ৰণ অক্সাইডৰ গুৰি আছে। মঙ্গল গ্ৰহ সূৰ্যৰ কাষ চপাৰ লগে লগে ঘণ্টাত প্ৰায় ১০০ কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হয়। এই ধুমুহাত আয়ৰণ অক্সাইডৰ গুৰিবোৰ প্ৰায় ৩০ কিলোমিটাৰ উচ্চতালৈ উৰি মঙ্গল গ্ৰহক ৰঙা কৰি তোলে। ধুমুহা শাম কটাৰ পিছত গুৰিবোৰ পুনৰ মাটিলৈ সৰি পৰে। আয়ৰণ অক্সাইড নামৰ ৰঙচুৱা পদাৰ্থবিধৰ আধিক্যৰ বাবেই পৃথিৱীৰ পৰা মঙ্গল গ্ৰহক ৰঙা দেখা যায়। ইয়াৰ পৃষ্ঠভাগত ভালেমান আগ্নেয়গিৰি আৰু গিৰিখাত আছে। পৃষ্ঠভাগ ৪, ০০০ কিঃ মিঃ ৰো অধিক দীঘল গিৰিখাতলানিয়ে গ্ৰহটোৰ এক-পঞ্চমাংশ অঞ্চল অধিকাৰ কৰি আছে। ওপৰৰ পৰা চালে মঙ্গল গ্ৰহটোক এখন শিলাময় মৰুভূমি যেন দেখি। ইযাতেই আছে সৌৰজগতৰ আটাতকৈ গভীৰ গাঁত, আচহুৱা বতৰ আৰু তাপমাত্ৰা। পৃষ্ঠভাগৰ উষ্ণতা -১৪৩০ ছে ৰ পৰা ৩৫০ ছে পৰ্যন্ত। ইযাৰ বায়ুমণ্ডল অতি পাতল। বায়ুমণ্ডলত আছে নাইট্ৰজেন ২.৭ শতাংশ, আৰ্গন ১.৬ শতাংশ, অক্সিজেন ০.১৩ শতাংশ, ০.০৮ শতাংশ পৰিমাণৰ কাৰ্বন মনো-অক্সাইড গেছৰ অস্তিত্ব পোৱা গৈছে. লক্ষণীয়ভাৱে ৯৫.৩২ শতাংশ পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড গেছ পোৱা গৈছে। মঙ্গল গ্ৰহটোৰ, সূৰ্যৰ পৰা গড় দূৰত্ব ২২৭, ৯০০, ০০০ কিঃ মিঃ। পৃথিৱীৰ তুলনাত মঙল গ্ৰহটো সূৰ্যৰ পৰা বহুত আঁতৰত থকা বাবে ইযাৰ দিনবোৰ পৃথিৱীৰ তুলনাত বেছি দীঘল। ইযাৰ পৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ৬৮৭ দিন। মঙ্গল গ্ৰহৰ দুটা উপগ্ৰহ আছে - ফ'ব'ছ আৰু ডিম'ছ। এই উপগ্ৰহ দুটাও আচহুৱা ধৰণৰ। ইহঁত আচলতে দেখিবলৈ গ্ৰহাণুৰ দৰে। বহু বিজ্ঞানীয়ে উপগ্ৰহ দুটা একালত গ্ৰহাণু আছিল বুলিযে সন্দেহ কৰে। মঙ্গল গ্ৰহৰ পৰা ফ'ব'ছৰ গড় দূৰত্ব ৯৩৭৭ কিলোমিটাৰ আৰু ডিম'ছৰ গড় দূৰত্ব ২৩৪৩৬ কিলোমিটাৰ।\n২০১৫ চনৰ ২৮ ছেপ্তেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা ন নাছাই মঙল গ্ৰহত নিশ্চিতভাৱে পানীৰ সন্ধান পোৱা বুলি জনোৱাৰ পাছত ৰঙা গ্ৰহটোত অতীতত বা বৰ্তমানো জীৱ থকা সম্পৰ্কে বিজ্ঞানীসকলৰ মনত নতুন চিন্তা-চৰ্চা আৰম্ভ হৈছে। ২০০৬ চনৰ পৰা বৰ্তমানলৈকে মঙ্গল গ্ৰহক প্ৰদক্ষিণ কৰি থকা নাছাৰ 'মাৰ্ছ ৰেক'নেইছেন্স অৰ্বিটাৰ' (Mars Reconaissance Orbiter) সন্ধানী যানখনে প্ৰেৰণ কৰা ফটো আৰু তথ্য-পাতি অধ্যয়ন কৰি নিশ্চিতভাৱে প্ৰমাণ পাইছে যে মঙ্গল গ্ৰহৰ পৃষ্ঠত লুণীযা (briny water) পানীৰ ধাৰা নিযমীযাকৈ বৈ থাকে। এই পানী ইমান নিমখীয়া যে সাধাৰণ দৃষ্টিত জীৱ থকাতো সম্ভৱ নহয। কিন্তু 'নেচাৰ জিঅ'ছাইন্স' নামৰ আলোচনীত প্ৰকাশিত নাছাৰ প্ৰতিবেদন অনুসৰি, মঙলপৃষ্ঠৰ লুণীযা পানীৰ পৰিৱেশত কেৱল অতীতৰ সেমেকা পৰিৱেশতো জীৱ থাকিব পাৰে।\nনাছাৰ বিজ্ঞানীসকলে ২০১১ চনতে মাৰ্ছ ৰেক'নেইছেন্স অৰ্বিটাৰ যানখনৰ শক্তিশালী কেমেৰাই গ্ৰহণ কৰা ছবি বিশ্লেষণ কৰি মঙলত পানী থকাৰ প্ৰমাণ পাইছিল। এই য়ানৰ লগত থকা কেমেৰা ইমান বেছি শক্তিশালী যে মঙ্গল গ্ৰহৰ পৃষ্ঠৰ 0.২ মিটাৰ আকাৰৰ বস্তুৰো ছবি গ্ৰহণ কৰি ই প্ৰেৰণ কৰিব পাৰে। ছবিবোৰ বিশ্লেষণ কৰি সিদ্ধান্ত কৰা হৈছে যে মঙলপৃষ্ঠৰ কিছুমান ঘন ৰঙৰ সাঁচ বা পটি ঋতু পৰিৱৰ্তনৰ লগে লগে বৃদ্ধি আৰু হ্ৰাস পায। সেই পটিবোৰৰ ওপৰত তাপৰ প্ৰভাৱ পৰে। বসন্তকালৰ পাছৰফালে আৰু গ্ৰীষ্মকালত পটিবোৰ দীঘল হয়, হেমন্ত আৰু শীতকালত সংকুচিত হয। প্ৰতিবছৰ মঙলৰ আওগৰীযা অঞ্চলবোৰত সেই পটিবোৰ পুনৰ আবিৰ্ভাৱ ঘটে কাৰণে বিজ্ঞানীসকলে ইহঁতক 'ঢালত পুনৰ উৎপাদিত ৰেখা' (Recurring slope lines-RSL) বুলি নামকৰণ কৰিছে।\n২০০৮ চনৰ ২৫ মাৰ্চত নাছাৰ ফিনিক্স লেণ্ডাৰ নামৰ যানখনে মঙলৰ মেৰু অঞ্চলত প্ৰায় এমাহ ধৰি অধ্যয়ন চলাই প্ৰমাণ কৰে যে মঙলৰ মেৰু প্ৰদেশৰ বৰফৰ তলত পানীৰ ভাণ্ডাৰ আছে। নাছাই মঙলত জীৱৰ অনুসন্ধান কৰাৰ উদ্দেশ্যে ২০১১ চনৰ নৱেম্বৰত কিউৰিঅ'ছিটি (Curiosity)নামৰ এটা গৱেষণাগাৰ (Mars Science Laboratory)প্ৰেৰণ কৰে, আৰু ই ২০১২ চনৰ আগষ্টত মঙ্গল গ্ৰহৰ পৃষ্ঠত নামি অধ্যয়ন কৰে। কিউৰিঅ'ছিটিয়ে মঙ্গল পৃষ্ঠৰ গেইল গৰ্তৰ একাংশত (John Klein drill site) বিন্ধা কৰি পোৱা শিলৰ গুড়িৰ নমুনা বিশ্লেষণ কৰি নাছাই জনায় যে অতীতত মঙলত অণুজীৱৰ বাসোপযোগী পৰিৱেশে বিৰাজ কৰিছিল। এই যানখনে মঙ্গলত মিথেন থকাৰ প্ৰমাণ পাইছিল।\nউল্লেখযোগ্য যে ভূ-পৃষ্ঠত আৱিষ্কাৰ হোৱা মঙ্গল গ্ৰহৰ কেইটামান উল্কাৰ বিশ্লেষণে গ্ৰহটোত একালত জীৱথকাৰ সম্ভাৱনা প্ৰকট কৰিছে। ১৯৮৪ চনত এণ্টাৰ্কটিকাৰ এলান হিলত আৱিষ্কাৰ হৈছিল এটা বিশেষ ধৰণৰ উল্কাপিণ্ড, যাৰ নাম ৰখা হৈছিল ALH84001। সেই উল্কাত পোৱা মেগনেটাইট নামৰ মণিকবিধ পৃথিৱীতো পোৱা যায, আৰু এই মণিক বিভিন্ন অণুজীৱৰ আবাসস্থল। সেই উল্কাপিণ্ড মঙলত কমেও ১৬ নিযুত বছৰৰ পূৰ্বে সৃষ্টি হৈছিল বুলি ভবা হৈছে, আৰু ই প্ৰায় ১৩০০০ বছৰৰ পূৰ্বে পৃথিৱীত পৰিছিল। উল্কাপিণ্ডটোত থকা কাৰ্বনেট পদাৰ্থৰ পৰাও বুজা যায় যে ইযাৰ গঠন হোৱাৰ সময়ত মঙলত পানী আছিল। বহুতো বিজ্ঞানীয়ে মত প্ৰকাশ কৰে যে উল্কাখণ্ডত থকা ক্ষুদ্ৰ গাঁথনিবোৰ প্ৰকৃততে তাত থকা নেন'বেক্টেৰিয়াৰ ফছিল। ২০০০ চনত এণ্টাৰ্ক্টিকাত ইযামাটো নামৰ মণিকবিধ পৃথিৱীত পোৱা মণিকৰ লগত একে, আৰু কিছুমান বিশেষ গঠন থকা অংশ মঙ্গল পৃষ্ঠৰ পানীৰ দ্বাৰা সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে। তদুপৰি এই উল্কাপিণ্ডও ক্ষুদ্ৰ অণুজীৱৰ আবাসস্থল আছিল বুলি অনুমান কৰা হৈছে।\nসৌৰ জগতৰ আটাতকৈ ডাঙৰ গ্ৰহ হ'ল বৃহ্স্পতি। ইয়াৰ ব্যাস পৃথিৱীৰ ১১.২ গুণ আৰু ইয়াৰ মাধ্যাকৰ্ষণিক বল পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ প্ৰায় তিনিগুণ। ইয়াৰ অভ্যন্তৰভাগ তৰল হাইড্ৰজেনৰে গঠিত। আন্তঃগ্ৰহ মহাকাশযান পাইওনিয়াৰ আৰু ভয়েজাৰ পঠোৱা তথ্য অনুসৰি ইয়াৰ দৃশ্যমান পৃষ্ঠতল আচলতে বায়ুমণ্ডলীয় ডাৱৰ। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব বহুত বেছি কাৰণে ই সূৰ্যৰ পোহৰ আৰু তাপ নাপায় বুলিয়েই কব পাৰি। বৃহ্স্পতিৰ পৃষ্ঠভাগ ডাঠ বৰফৰ চামনি এটাই আগুৰি আছে। বৃহ্স্পতিৰ উপগ্ৰহ ৬৭ টা। উল্ল্যেখযোগ্য যে বৃহ্স্পতিৰ উপগ্ৰহ 'জেনিমিড' সৌৰ জগতৰ আটাতকৈ ডাঙৰ উপগ্ৰহ। বৃহ্স্পতি গ্ৰহটোৰ,\nসূৰ্যৰ পৰা গড় দূৰত্ব ৭৭৮, ৫০০, ০০০ কিঃ মিঃ\nব্যাসাৰ্দ্ধ ৬৯, ৯১১ কিঃ মিঃ\nভৰ, পৃথিৱী ভৰৰ ৩১৭.৮ গুণ\nপৃষ্ঠভাগৰ উষ্ণতা -১৫০০ ছে\nপৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ১২ বছৰ\nআৱৰ্তন কাল ৯ ঘণ্টা ৫০ মিনিট\nআৰু ইয়াৰ উপগ্ৰহ ৬৭ টা।\nসৌৰ জগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ হ'ল শনি। ইয়াৰ ব্যাস পৃথিৱীৰ ৯.৪ গুণ। ই সৌৰ জগতৰ একমাত্ৰ গ্ৰহ যাৰ ঘনত্ব পানীতকৈ কম, অৰ্থাৎ পানীত ই ওপঙি থাকিব। শনিৰ আন এটা বৈশিষ্ট্য হ'ল মূলগ্ৰহটোৰ চাৰিওকাষে কেইবাটাও আঙঠি আছে। আঙঠিৰ কাৰণেই সৌৰ জগতৰ আটাইতকৈ ধুনীয়া গ্ৰহ হ'ল শনি। শনি গ্ৰহৰ চাৰিওফালে প্ৰায় ৪০০,০০০ কিলোমিটাৰ দূৰলৈকে বিয়পি থকা এই বলয়কেইটা প্ৰকৃততে প্ৰত্যেকটোৱেই একোটা গাইগুটীয়া বা অবিচ্ছিন্ন বলয় নহয়। প্ৰত্যেকটো বলয়েই বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ বলয়ৰ সমষ্টি। এনে ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বলয়ৰ মুঠ সংখ্যা এশৰো ওপৰ হ'ব পাৰে। এই আঙঠিবোৰ ধূলিকণা, নানাবিধ গোটা পদাৰ্থ আৰু বৰফকণাৰে গঠিত। বিজ্ঞানী সকলৰ মতে, শনি গ্ৰহক আৱৰি থকা আঙঠি বা বলয়বোৰ প্ৰায় ৪.৪ কোটি বছৰ পুৰণি। তদুপৰি শনি গ্ৰহৰ আঙঠিৰ বয়স হেনো বেলেগ বেলেগ। নাছাৰ মহাকাশ যান কেছিনিয়ে পৃথিৱীলৈ পঠিওৱা ফটো আৰু তথ্যবোৰক বিশ্লেষণ কৰি বিজ্ঞানী সকলে মত ব্যক্ত কৰিছে যে শনি গ্ৰহক আৱৰি থকা বৃহৎ আঙঠিটো বাকীবোৰ আঙঠিতকৈ বহু বেছি পুৰণি। এই বলয় বা আঙঠিটোৰ দীঘ হৈছে প্ৰায় ২ লাখ ৮০ হাজাৰ কিল'মিটাৰ আৰু ব্যাসাৰ্দ্ধ প্ৰায় ৩৩ ফুট।\nশনিৰ বায়ুমণ্ডল হাইড্ৰজেন আৰু হিলিয়াম গেছেৰে ভৰা। ইয়াৰ ডাৱৰবোৰত যথেষ্ট পৰিমাণৰ এম'নিয়া দেখা যায়। শনিৰ ভূ-পৃষ্ঠত পৃথিৱীত বলা ধুমুহাতকৈ প্ৰায় ১০ গুণ প্ৰাবল্যৰ ধুমুহা সঘনাই বলি থাকে। আয়'বা বিশ্ববিদ্যালয়ৰ বিজ্ঞানী সকলে প্ৰকাশ কৰা মতে এই ধুমুহা গ্ৰহটোৰ অন্তৰ্ভাগৰ উষ্ণতাৰ লগত সৰ্ম্পকিত। আঙঠিযুক্ত গ্ৰহটোৰ দক্ষিণ গোলাৰ্দ্ধত দেখা দিয়া এই ধুমুহাৰ সন্ধান দিছে নাছাৰ মহাকাশ যান কেছিনিয়ে। শনিৰ ৬২ টা উপগ্ৰহৰ ৫৩ টাৰহে নামকৰণ কৰা হৈছে। আটাইতকৈ ওচৰত থকা উপগ্ৰহটোৰ নাম জানুছ। শনি গ্ৰহৰ কেন্দ্ৰৰ পৰা ই ১৫৭, ৮০০ কিল'মিটাৰ দূৰৈত আছে। মহাকাশ যান কেছিনিয়ে শনি গ্ৰহৰ আটাতকৈ ডাঙৰ উপগ্ৰহ টাইটানৰ বুকুত এখন নদীৰ উপস্থিতি ধৰা পেলাইছে। কেছিনিয়ে পঠিওৱা এই বিৰল আলোকচিত্ৰ খন পৰ্যবেক্ষণ কৰি বিজ্ঞানী সকলে জানিবলৈ দিছে যে উৎসৰ পৰা সাগৰলৈ নদীখন প্ৰায় ৩২০ কি। মি দীঘল। টাইটানৰ পৃষ্ঠভূমিত গভীৰ ক'লা ৰঙৰ দৰে দেখা যোৱা নৈ খন জুলীয়া হাইড্ৰজেনেৰে ভৰি আছে বুলি বিজ্ঞানী সকলে অনুমান কৰিছে। পৃথিৱীৰ বাহিৰে আমাৰ সৌৰজগতত প্ৰথমবাৰৰ বাবে এনে বিশালাকাৰ এক নদীৰ সন্ধান পোৱা গৈছে। শনি গ্ৰহৰ বৰফৰে ঢাক খাই থকা এনছেলাডাছ নামৰ উপগ্ৰহটোক আৱৰি থকা বৰফৰ খোলাটোৰ তলত প্ৰচুৰ পানীৰে উপচি থকা এখন বিশাল মহাসাগৰ আছে। নাছাৰ বিজ্ঞানী সকলে অনুমান কৰিছে যে বৰফৰ চামনি বা খোলাটোৰ তলত থকা সেই মহাসাগৰখন ১০ কিলোমিটাৰ গভীৰ। আনহাতে, বিজ্ঞানী সকলে কৈছে যে শনি গ্ৰহৰ উপগ্ৰহটোক ঢাকি ৰখা বৰফৰ খোলাটো ৩০ ৰ পৰা কিল'মিটাৰ পৰ্যন্ত ডাঠ। বিজ্ঞানী সকলে কৈছে যে ২০০৪ চনৰ জুলাই মাহত শনি গ্ৰহৰ নিচেই ওচৰ চপা মহাকাশ যান কেছিনিয়ে পঠিওৱা তথ্য মতে, শনি গ্ৰহৰ এই উপগ্ৰহটোৰ ব্যাস মাত্ৰ প্ৰায় ৫০০ কিলোমিটাৰহে। এনছেলাডাছ নামৰ উপগ্ৰহটোৰ এই পানীৰ মহাসাগৰখনত নিশ্চয় কিছুমান অনুজীৱই বাস কৰিছে বুলি বিজ্ঞানী সকলে অনুমান কৰিছে। মহাকাশযান কেছিনিয়ে এই উপগ্ৰহটোৰ দক্ষিণ মেৰুৰ ওপৰত পানীৰ বাষ্প আৰু বৰফ ছিটিকি পৰাৰ দৃশ্যৰ ফটো তুলিব পাৰিছে। শনি গ্ৰহটোৰ,\nসূৰ্যৰ পৰা গড় দূৰত্ব ১, ৪৩৩,০০০,০০০ কিঃ মিঃ\nব্যাসাৰ্দ্ধ ৫৮,২৩২ কিঃ মিঃ\nভৰ, পৃথিৱী ভৰৰ ৯৫.১৬ গুণ\nপৃষ্ঠভাগৰ উষ্ণতা -১৮০০ ছে\nপৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ২৯ বছৰ\nআৱৰ্তন কাল ১০ ঘণ্টা ৩৯ মিনিট\nআৰু ইয়াৰ উপগ্ৰহ ৬২ টা।\nসৌৰ জগতৰ সপ্তম আৰু তৃতীয় বৃহত্তম গ্ৰহ হ'ল ইউৰেনাছ। গ্ৰহটোৰ ভিতৰভাগ মিথেন, এম'নিয়া, শিল আৰু পানীৰে গঠিত বুলি বিজ্ঞানী সকলে অনুমান কৰিছে। ইউৰেনাছকো ১৩ টা আঙঠিয়ে আগুৰি আছে যদিও এইবোৰ বৰ পাতল। সকলো গ্ৰহেই নিজ অক্ষদণ্ডৰ চাৰিওফালে আৱৰ্তন কৰে। ইউৰেনাছৰ বাহিৰে আন গ্ৰহবোৰে পশ্চিমৰ পৰা পূৱলৈ আৱৰ্তন কৰে। কৰে। ইউৰেনাছৰ পূৱৰ পৰা পশ্চিমলৈ আৱৰ্তন কৰে। ইউৰেনাছ গ্ৰহটোৰ,\nসূৰ্যৰ পৰা গড় দূৰত্ব ২, ৮৭৭, ০০০, ০০০ কিঃ মিঃ\nব্যাসাৰ্দ্ধ ২৫, ৩৬২ কিঃ মিঃ\nভৰ, পৃথিৱী ভৰৰ ১৪.৫৪ গুণ\nপৃষ্ঠভাগৰ উষ্ণতা -২১৬০ ছে\nপৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ৮৪ বছৰ\nআৱৰ্তন কাল ১৭ ঘণ্টা ১৪ মিনিট\nআৰু ইয়াৰ উপগ্ৰহ ২৭ টা।\nসৌৰ জগতৰ অষ্টম গ্ৰহটো হ'ল নেপচুন। ই সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থিত। ১৮৪৬ চনৰ ২৩ চেপ্তেম্বৰত বিজ্ঞানী জোহান জি. গেলিয়ে নেপচুন গ্ৰহ আৱিষ্কাৰ কৰে। পৃথিৱী আৰু নেপচুনৰ মাজৰ গড় দূৰত্ব ৪,৫০০,০০০,০০০ কিলোমিটাৰ। ইয়াৰ বায়ুমণ্ডলত অত্যধিক পৰিমাণৰ মিথেন গেছ থকা বাবে গ্ৰহটোক নীলা দেখা যায়। ইয়াত সকলো গ্ৰহতকৈ বেছি বেগত বতাহ বলি থাকে। নেপচুনৰ অন্তৰ্ভাগৰ গঠনো ইউৰেনাছৰ দৰে প্ৰায় একে হ'ব বুলি বিজ্ঞানী সকলে ঠাৱৰ কৰিছে। নাছাৰ মহাকাশ যান ভয়েজাৰ-২ ৰ পৰাহে নেপচুন গ্ৰহটোৰ বিষয়ে বিস্তৃতভাৱে জানিব পৰা গৈছে। বিজ্ঞানী সকলে প্ৰমাণ কৰিছে যে নেপচুনে সূৰ্যৰ পৰা যিমান অৱলোহিত ৰশ্মি শোষণ কৰে তাৰ দুগুণ বিকিৰণ কৰে। এনে হ'বলৈ হ'লে গ্ৰহটোৰ অন্তঃভাগত এক তাপৰ উৎস থাকিব লাগিব। উল্লেখয্যোগ্য যে, নেপচুনৰ পৃষ্ঠভাগত বহু সংখ্যক মহাসাগৰ আছে। নেপচুনৰ আৱিষ্কাৰৰ সময়তে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক জেমছ চেলিছে গ্ৰহটোক 'মহাসাগৰীয় গ্ৰহ' বুলি ঘোষণা কৰিছিল। বিজ্ঞানী সকলৰ মতে, গভীৰ পানীৰ তলতে আছে গৰম আৰু ঘন অন্তঃভাগ। ইয়াৰ অন্তঃভাগ লো আৰু শিলৰ দ্ধাৰা গঠিত। নেপচুনৰ বায়ুমণ্ডল প্ৰধানকৈ হাইড্ৰ্জেন, হিলিয়াম আৰু মিথেনৰ দ্ধাৰা গঠিত।\nনেপচুনৰ দক্ষিণ গোলাৰ্দ্ধত উপবৃত্তাকাৰ আকাৰৰ বৃহৎ ক'লা অঞ্চল আছে। এই অঞ্চলটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে ১২০০০ আৰু ৮০০০ কিলোমিটাৰ। বিজ্ঞানী সকলে ইয়াৰ নাম থৈছে 'বৃহৎ ক'লা চিহ্ন'। 'বৃহৎ ক'লা চিহ্ন'ৰ কাষত কিছুপৰিমাণৰ বগা ডাৱৰ থাকে। এই বগা ডাৱৰবোৰ গোট মৰা মিথেনৰ স্ফটিক। ইয়াৰ বাহিৰেও কোনো কোনো স্থানত কমলা ৰঙৰ মেঘো দেখা যায়। মহাকাশ যান ভয়েজাৰ-২ য়ে পঠোৱা তথ্য মতে নেপচুনৰ পৃষ্ঠভাগত কেইবাটাও সৰু সৰু ক'লা অঞ্চল আছে। ইয়াৰ এটাৰ নাম ৰখা হৈছে ডি-২। ই দক্ষিণ মেৰুৰ ওচৰত অৱস্থিত। ডি-২ ৰ কাষতো বগা ৰঙৰ মেঘ আছে। বৃহৎ ক'লা চিহ্নটো ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰে আৰু ডি-২ য়ে ঘড়ী কাটাৰ দিশত ঘূৰে।\nশনি, বৃহস্পতি আৰু ইউৰেনাচৰ দৰে নেপচুনৰ চাৰিওকাষে বলয় আছে। ইয়াৰ বলয় চাৰিটা। ইয়াৰে দুটা বলয় যথেষ্ট ঠেক। নেপচুনৰ বায়ুমণ্ডলত থকা মেঘৰ ওপৰৰ পৰা ক্ৰমে ২৭, ৫০০ আৰু ৩৮, ০০০ কিলোমিটাৰ দূৰত্বত মুখ্য বলয় দুটাই অৱস্থান কৰিছে। অতি পাতল আন্তঃবলয়টো ১৭,০০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। নেপচুনৰ বলয় অখণ্ড নহয়, বৃত্ত চাপৰ দৰে খণ্ডিত। বলয়টোৰ ব্যাসাৰ্ধ গ্ৰহটোৰ ব্যাসাৰ্ধৰ তিনিগুণ। দেখা গৈছে যে, নেপচুনৰ বলয় কেইটা ক'লা বৰণৰ শীতল পদাৰ্থৰ দ্ধাৰা গঠিত। তদুপৰি নেপচুনৰ বলয় কেইটা অতিশয় অনুজ্জ্বল। নেপচুনৰ বলয়ত থকা পদাৰ্থৰ পৰিমাণ তেনেই কম। বলয়ৰ আধা পদাৰ্থই ধূলি আকৃতিৰ। অনুমান কৰা হৈছে যে বলয়ত থকা আপেক্ষিকভাবে ডাঙৰ বস্তুখণ্ডই সঘনাই সংৰ্ঘষ কৰাৰ বাবে ইমান বেছি ধূলিৰ সৃষ্টি হৈছে। বলয় সমূহত থকা কণাবোৰৰ বেগ ইহঁতৰ আকাৰৰ ওপৰত নিৰ্ভৰশীল।\nনেপচুনৰ চুম্বকীয় ক্ষেত্ৰখনো বৰ বিচিত্ৰ ধৰণৰ। নেপচুনৰ অন্তঃভাগৰ উষ্ণতা প্ৰায় ৭০০০ ডিগ্ৰী ছেলছিয়াছ। উচ্চ চাপ আৰু অন্তঃভাগৰ উচ্চ উষ্ণতাৰ বাবে নেপচুনৰ সাগৰৰ তলিত থকা পদাৰ্থসমূহৰ ৰাসায়নিক বন্ধন ভাগি যায়। গতিকে পদাৰ্থসমূহ আয়ন হিচাপে থাকিব পাৰে। গ্ৰহটো ঘূৰ্ণীয়্মান, গতিকে এই আয়নসমূহো ঘূৰি থাকিব। আয়নিত কণাৰ ঘূৰ্ণনৰ কাৰণে বিদ্যুত প্ৰৱাহৰ সৃষ্টি হয়। আকৌ বিদ্যুত প্ৰৱাহৰ কাৰণে চুম্বকক্ষেত্ৰৰ সৃষ্টি হয়। নেপচুনৰ গৰ্ভৰ পৰা বহু দূৰত প্ৰায় দক্ষিণ গোলাৰ্ধৰ তলতে প্ৰবল বিদ্যুত প্ৰৱাহ সঞ্চালিত হয়। ইয়াৰ ফলত চুম্বকীয় মেৰুটো বিষুব অঞ্চলৰ দক্ষিণ অংশত ৪৭ ডিগ্ৰী কোণ কৰি থাকে। অৰ্থাৎ নেপচুনৰ নিজস্ব অক্ষডালৰ লগত চুম্বকীয় অক্ষডালে প্ৰায় ৫০ ডিগ্ৰী কোণ কৰি থাকে। প্ৰথমতে নেপচুন গ্ৰহটোৰ দুটা উপগ্ৰহ ট্ৰাইটন আৰু নেৰেড বুলি ভবা হৈছিলে। কিন্ত্ত এতিয়ালৈকে আৰু ১২ টা উপগ্ৰহ আৱিষ্কাৰ কৰিছে। নেপচুন গ্ৰহটোৰ\nসূৰ্যৰ পৰা গড় দূৰত্ব ৪, ৫০৩, ০০০, ০০০ কিঃ মিঃ\nব্যাসাৰ্দ্ধ ২৪, ৬২২ কিঃ মিঃ\nভৰ, পৃথিৱী ভৰৰ ১৭.১৫ গুণ\nপৃষ্ঠভাগৰ উষ্ণতা -২১৪০ ছে\nপৰিভ্ৰমণ কাল (সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে লোৱা সময়) ১৬৫ বছৰ\nআৱৰ্তন কাল ১৬ ঘণ্টা ৬ মিনিট\nগড় ঘনত্ব ১.৬৭ গ্ৰাম/চে.মি.৩\nআৰু ইয়াৰ উপগ্ৰহ ১৪ টা।\nউল্লেখযোগ্য যে ২০০৬ চনলৈকে প্লুটোক সৌৰ জগতৰ নৱম গ্ৰহ হিচাপে জনা গৈছিল। কিন্তু গ্ৰহ্সমূহৰ বাহিৰে সৌৰমণ্ডলত আন কোনো বৃহত্তৰ জ্যোতিষ্কৰ উপস্থিতিৰ বিষয়ে অনুসন্ধানৰত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সন্থাই আকাৰ, ভৰ আৰু কিছুমান বিশেষ কাৰণত প্লুটোক গ্ৰহৰ মৰ্য্যদা দিয়া যুক্তিযুক্ত নহয় বুলি অভিমত প্ৰকাশ কৰে। সূৰ্যৰ পৰা গড় দূৰত্ব ৫,৮৯০,০০০,০০০ কিঃ মিঃ আৰু ৫ টা উপগ্ৰহ থকা প্লুটোক বৰ্তমান 'বাওনা গ্ৰহ' বুলি কোৱা হ্য়। ইয়াৰ পৃষ্ঠভাগৰ উষ্ণতা -২৩০০ ছে।\n← বডি শ্বেমিং - কুইলিন কটকী\nসমন্বয়ৰ গান - চাও নাম টি লাও →\nকল্পবিজ্ঞানঃচমু অৱলোকন (ৰক্তিম গগৈ)\nঅমাৱশ্যা কেনেকৈ হয় ?
ওদালগুৰি জিলাৰ নলখামাৰা গাঁৱত দেওবাৰে নিশা ১৪ ফুট দীঘল আৰু প্ৰায় ২১ কেজি ওজনৰ এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয়। ওদালগুৰি আৰক্ষী তথা ধনশিৰি বন উপ-সংমণ্ডলৰ এটা দলে বহু প্ৰচেষ্টাৰ অন্তত স্থানীয় ৰাইজৰ সহযোগত অজগৰডাল উদ্ধাৰ কৰে। জানিব পৰা মতে, কালি নিশা গাঁওখনৰ এটা পৰিয়ালৰ ঘৰৰ সমীপৰে নলা এটাত প্ৰকাণ্ড অজগৰডাল স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় ৰাইজে ওদালগুৰি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত আৰক্ষী আৰু ধনশিৰি বন উপ-সংমণ্ডলৰ বিষয়া মৃন্ময় হাজৰিকাৰ নেতৃত্বত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰ পাছতে বন বিভাগৰ দলটোৱে স্থানীয় লোকৰ সহযোগত বহু সময় ধৰি কৰা প্ৰচেষ্টাৰ অন্তত নিশা প্ৰায় ৯.৪০ বজাত অজগৰটো উদ্ধাৰ কৰে। ইফালে অজগৰ উদ্ধাৰৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজগৰ প্ৰত্যক্ষ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় বহু লোক। উল্লেখযোগ্য যে ধনশিৰি বন উপ-সংমণ্ডলৰ কাৰ্যালয়তে নিশা অজগৰটি ৰাখি থয় আৰু আজি ৰাতিপুৱা অজগৰটোৰ স্বাস্থ্য পৰীক্ষা কৰি বৰনদ্দী সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
লটিঘটি-ৰাজশ্ৰী শৰ্মা - ফটাঢোল\nMay 1, 2021 লটিঘটি\t28 Comments\nমানুহৰ জীৱনত কিমান কি যে ঘটনা ঘটে, সকলো ঘটনাই পিছলৈ স্মৃতি হৈ থাকি যায়। কিছুমান ভাল লগা স্মৃতি, কিছুমান বেয়া লগা স্মৃতি। বেয়া লগা স্মৃতিৰপৰা যেনেকৈ কিবা এটা শিকিব পাৰি তেনেদৰেই ভাল লগা স্মৃতিৰপৰা পাব পাৰি ভৱিষ্যতৰ বাবে কিছু সুখৰ খোৰাক।\nপিচে আমুকীৰ জীৱনত ভাল লগা, বেয়া লগা স্মৃতিতকৈও বিভিন্ন ধৰণৰ লটিঘটিৰ ঘটনাবোৰহে মেইন। কেতিয়াবা কেতিয়াবা ভাবোঁ, ভাল লগা স্মৃতি মানে ক'ত কেতিয়া মন খুলি হাঁহিছিলোঁ সেইবোৰ যদি গন্তি কৰিবলৈ হয় তেতিয়া দেখোন ক'ৰবাত মানুহৰ আগত চিৎভোলোঙা খাই পৰা, ৰাস্তাত চেণ্ডেল এপাত ছিঙা, হাৱাই চেণ্ডেলযোৰ পিন্ধি বিয়া খাবলৈ যোৱা- এইবোৰ ঘটনাহে মূৰত আহে। তথাপিও তেনেকৈয়ে চলি আহিছোঁ, স্মৃতিও আছে বিধে বিধে। আজিৰ লটিঘটিটোও লটিঘটিয়েই কিন্তু তাত মোৰ কোনো ধৰণৰ দোষ নাছিল কিন্তু।\nঘটনাটো ঘটিছিল আমাৰ বিয়াৰ ঠিক পিছতে। জনাই জানে মোৰ পতিদেৱৰ স্বভাৱবোৰ। মানে ছাত্ৰ-ছাত্ৰী আৰু পঢ়োৱা শুনোৱাতেই ব্যস্ত থাকি ভাল পোৱা মানুহ তেখেত। আমাৰ বিয়া বুলি দুসপ্তাহমান ছুটী লৈছিল যদিও অন্যমনস্ক হৈয়েই থাকে। বিয়াৰ দহ-বাৰ দিন পিছৰ কথা। নতুন ঘৰত, নতুন পৰিবেশত এডজাষ্ট হ'বলৈ ময়ো তেতিয়া শিকি আছোঁ। অফিচৰপৰা সন্ধিয়া ঘূৰোঁতে নিজৰ ঘৰৰেই গলিটো পাহৰি যোৱা সময় তেতিয়া। তেনেকুৱাতে এওঁ এদিন ক'লেহি যে তেওঁৰ কলেজৰ বন্ধু এজনৰ বিয়া। সন্ধিয়া তেওঁ অফিচৰপৰা আহি মোক লৈ বিয়ালৈ যাব। ননদকো লগ ধৰিলোঁ যদিও তাই ক'লে আজি তুমিয়েই যোৱাচোন বাৰু, নতুন নতুন বিয়া হৈছা ভাল লাগিব। ময়ো বিয়াত ইমান কাপোৰ লৈছোঁ, এযোৰ পিন্ধিয়েই চাওঁ বুলি ফূৰ্তিতে গধূলি চাৰে সাতমান বজাতে ৰেডি। আঠটামানত তেওঁ আহি পোৱাৰ লগে লগে আমি ওলালোঁ বিয়াঘৰলৈ বুলি।\nবিয়াঘৰত গৈয়েই এওঁ দৰাৰ লগত চিনাকি কৰাই দিলে। আমেৰিকাত থকা হাই-ফাই দৰা যদিও দাদাজনেও বৰ ধুনীয়াকৈ চিনাকি হ'ল। গিফ্টটো দি আমি বহিলোঁ। এনেতে এওঁৰ লগৰবোৰক তেওঁ দেখা পাই মোক অলপ বহাচোন বুলি কৈ মাত দিবলৈ গ'ল। ময়ো কফি পকৰী যি দিছে খাই লৈ বহি আছোঁ চকীখনতেই। পতিদেৱে বন্ধুবোৰক লগ পাই আড্ডা জমোৱাত লাগিল। এনেকৈ আধা ঘণ্টামান বহি বহি মোৰো লাহে লাহে আমনি লাগিবলৈ ধৰিলে। ভোকো লাগিছে, দিনতে এখন ৰুটি খাইয়ে আছোঁ। ঘড়ীটোলৈ চাওঁ, চাৰে নটা বাজিলেই। ইপিনে এওঁৰ লগতে গৈছোঁ বুলি মোবাইলটোও ঘৰতে এৰি থৈ গৈছিলোঁ। বিয়াঘৰত কাকো চিনিও নাপাওঁ, কথা পাতিবলৈকো কোনো নাই। নতুনকৈ বিয়া হৈছোঁ কাৰণে অলপ লাজ সংকোচো হৈ আছিল। মোৰ ওচৰত বহা মানুহবোৰো দুবাৰ সলনি হ'ল। খাবলৈ মাতিছিল যদিও এওঁৰ লগতে খাম বুলি ময়ো উঠি নগ'লোঁ।\nআকৌ এবাৰ ঘড়ীটোলৈ চকু গ'ল, দহটা বাজিবলৈ দহ মিনিটহে আছে। ইতিমধ্যে অভ্যাগত মানুহখিনি পাতল হ'বলৈ ধৰিছিলেই, দৰাঘৰীয়া বয়োজ্যেষ্ঠ মানুহকেইজনে এঘাৰটাত দৰা ওলাব বুলি, দৰাৰ লগত লোৱা বস্তু বাহানিবোৰ সামৰিবলৈ ধৰিছেহি। ইপিনে মই তেতিয়াও বহিয়েই আছোঁ একে ঠাইতে, এখেতৰ দেখাদেখিয়েই নাই। অলপ সময় পাছত দৰাই ড্ৰেছ সলাবলৈ যাবলৈ ওলাই মোক তাতে বহি থকা দেখিলে। তেৱোঁ আচৰিত। বোলে, "তুমি ইয়াত বহি আছা যে?"\nমই আৰু কি ক'ম, চকুপানী ওলাওঁ ওলাওঁ তেতিয়া। ক'লোঁ, "বোলে এওঁ বহি থাকিব কৈ ক'ৰবাত গ'ল।" দৰা দাদাই ইচ ৰাম বেচেৰীজনী, বহুৱাই থৈ ক'ত গ'ল ই বুলি আথে বেথে মোৰ কাষতে বহি ল'লেহি। কথাই কথাই মই একো খোৱা নাই বুলি শুনি তেওঁ জাঁপ মাৰি উঠি মোক ক'লে,\n: ব'লা ব'লা। মইয়েতোমাক খোৱা ঠাইলৈ লৈ যাওঁ। ই চাগে আড্ডাত ব্যস্ত।\nময়ো চকুপানী লুকুৱাই কোনোমতে মুখত হাঁহি এটা উলিয়াই পিছে পিছে খোজ ল'লোঁ ডাইনিং হললৈ।\nডাইনিং হলত তেতিয়া মানুহ নাইয়ে বুলিব পাৰি। দৰাৰ ঘৰৰ মানুহ কেইজনমান আৰু বিলনীয়াকেইজনে খাবলৈ আৰম্ভ কৰিছে। দুটামান আইটেম শেষ হওঁ হওঁ। তথাপিও যি পাইছোঁ তাকে থালখনত অকণমান লৈ চকী এখনত বহিলোঁহি। ইপিনে লাজে, খঙে চকুৰ পানী ওলাই বাৰে বাৰে ভাতকেইটা নেদেখা হোৱা অৱস্থা!\nখাই থাকোঁতেই এপাকত মূৰ দাঙি চাওঁ যে এওঁ হাতত একাপ কফি লৈ খাই আছে, ওচৰত বন্ধু-বান্ধৱৰ দলটো। ময়ো দেখি তেওঁৰ ফালে চাই আছোঁ বোলো চকুত চকু পৰিলে মাতিম। তেনেতে এওঁ মোক দেখিলে। দেখিলে মানে ভূত দেখিলে মানুহৰ যেনেকুৱা হয়, ঠিক তেনে অৱস্থা! হাতত কাপটো লৈয়েই আছে, না মুখত নিছে না তলত থৈছে। তেওঁ হতভম্ব হোৱা দেখি মই ভাবিছো এওঁৰ আকৌ হ'ল কি!\n: তুমি, মানে মই মানে হিঃ হিঃ হিঃ হাঃ হাঃ হাঃ। মই তোমাৰ কথা পাহৰিয়ে গৈছিলোঁহে। তোমাক কি, বিয়া হ'লোঁ বুলিয়েই পাহৰি গৈছোঁ। হাঃ হাঃ হাঃ"\nবুলি হাঁহিবলৈ ধৰিলে, আপোনালোকক কৈছোঁ নহয়, তাতেই ভেএএ কৈ কান্দি দিবলৈ মন গৈছিল সঁচাকৈয়ে। হাঁহি হাঁহি তেওঁ কথাই ক'ব নোৱাৰে মানে তেতিয়া। লগৰবোৰেও হাঁহিৰ উৎস বিচাৰি আমাৰ ফালে চাইহে গম পালে যে আচলতে এওঁ অকলে নহয়, মোকো লৈ গৈছিল বিয়ালৈ আৰু নিজগুণে মোক পাহৰি আড্ডাত ব্যস্ত হৈ পৰিছিল। আটাইতকৈ ডাঙৰ কথা, তাৰ মাজত দুজনমানে হেনো তেওঁক ৱাইফক কিয় নানিলি বুলিও সুধিছিল আৰু তথাপি তেওঁৰ মোক যে লগত লৈ বিয়া খাবলৈ গৈছিল মনতে নপৰিল। তেওঁৰ দুজনমান বন্ধুৰ পত্নীসকলো আহিছিল আৰু মোক চিনি নোপোৱা কাৰণে মাতো দিব পৰা নাছিল। মইতো কাকো নিচিনোৱেই আগতে মাত দিবলৈকো।\nসিদিনা ঘৰলৈ ঘূৰি আহি ননদক কাহিনীটো কোৱাত তাই কৈছিল, "\n: এয়াতো আৰম্ভণিহে!\nসঁচাকৈয়ে সেইটো আৰম্ভণিয়েই আছিল, জীৱনৰ সৰু সৰু লটিঘটিৰ, সৰু সৰু কাহিনীৰ.... হ'লেও এতিয়াও সেইটো কথা মনত পেলাই দি ইমোচনেল অত্যাচাৰ কৰি থাকোঁ দিয়কচোন ময়ো\n« জেড জি উই লভ ইউ-শ্ৰুতিমালা মিশ্ৰ\nবৰুৱাৰ বিয়া - দিব্যজ্যোতি কলিতা »\nহয় অ, ইমান যে দুখ লাগিছিল।\nৰাজশ্ৰী বা ভাল লাগিল দেই\nনাপায় নাপায়। 😂\nসজাই পৰাই ধুনীয়াকৈ লিখিলে বা\nধন্যবাদ দেই পঢ়ি চোৱা বাবে অজান\nজাষ্ট ভাবক মোৰ কথা বা।\nআইঔ, মোৰ ঘৰত সেইটো কাহিনী হলে মই কমেণ্ট দিবলৈ জিন্দা নেবাছিলো হেতেন!\nহা হা দাদা। মই শান্ত মানুহ বুলিহে\nভাল লাগিল। তোমাকটো হ'লেও লগ পালেই শেষত। মোক যে এৰি থৈ আহিছিল পাৰ্টি এটাত বিয়াৰ পিছতে। ঘৰত আহিহে মনত পৰিল তলা দেখি মোক নিছিল বুলি লগত।\nঅ বা, কিয় এনেকুৱা বা!\nজমনিও, দুখলগাও। কেনেকুৱা লাগিছিল চাগৈ।ইছ্\nকেনেকুৱা লাগিছিল মানে নক'বা আৰু\nহে ভগৱান। তাৰপিছতো তুমি একো নক'লা!\nকি ক'ম আৰু! মুখৰ মাত নোহোৱা হৈ গৈছিল😁\nজমনি যদিও ন ছোৱালীজনীলৈ দূখো লাগিছিল 😊... পঢ়ি কিন্তু ভাল লাগিল .... সুন্দৰ লিখনি\nহে ভগৱান 😂 😂 😂\nইচ্ ৰাম ! জোঁৱাই বৰ ব'মভোলা মানুহ যেন লাগিছে দেই ।\nইমান বৌমভোলা !! হে ৰাম !\nআকৌ পঢ়িলো, দৰা দাদাটো কিন্তু ভাল আছিল\nতেওঁ ভাল, মৰমিয়াল।
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১ ফেব্ৰুৱাৰীঃ সম্পূৰ্ণ ৪৪ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে স্কুলীয়া দিনৰ বন্ধুক লগ পাই চকুলো নিগৰি আহিল অৰ্দ্ধশতাধিক লোকৰ । হয় দেওবাৰে এক স্বৰ্ণীল মূহুৰ্তৰ সাক্ষী হৈ ৰল দৰং জিলাৰ দলাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৭ চনৰ দশম শ্ৰেণীৰ ছাত্র ছাত্ৰী সকল । ১৯৭৭ চনলৈকে স্কুলীয়া জীৱন অতিবাহিত কৰা তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত উচ্চ শিক্ষাৰ বাবে দিহিঙে-দিপাঙে গুচি যোৱা আৰু পৰৱৰ্তী সময়ত জীৱন জিৱীকাৰ তাগিদাত বিভিন্ন স্থানত থকা এইসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী দেওবাৰে দলগাঁও বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত এক গোটহৈ হেৰুৱা স্মৃতিৰ সুৱাস বিচাৰি গভীৰ নষ্টালজিত বুৰ গল অৰ্ধশতাধিক । সেই সময়ৰ দলগাঁও হাইস্কুল আৰু বৰ্তমানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা দলগাঁও বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ তপন কুমাৰ হাজৰিকাৰ প্ৰচেষ্টাত ল'ৰালি কালতে বিচিন্ন হোৱা বন্ধু বান্ধৱীক একগোট কৰি এক স্বৰ্ণীল পৰিবেশৰ সুচনা কৰে । পুৱা প্ৰাক্তন ছাত্র ছাত্ৰীৰ পঞ্জীয়নৰে আৰম্ভ হোৱা এই অনুষ্ঠানত হেৰুৱা স্মৃতিৰ সুৱাস লবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা দলগাঁওলৈ প্ৰাক্তন সকলৰ সোঁত বয় । ল'ৰালিটে আঁতৰি যোৱা বন্ধু আজি প্ৰায় ৬০ বছৰ বয়সত ইজনে সিজনক দেখিও চিনি নোপোৱাৰ পিছত পৰিচয় জানি ইজনে সিজনক সাৱটি ধৰি হুকহুকাই কান্দি পেলোৱা ঘটনাই সচাকৈ কৰুণ মূহুৰ্ত আছিল । অনুষ্ঠানত প্ৰাক্তন ছাত্র ছাত্ৰী সকলক জীৱনৰ আদিপাঠ শিকোৱা তথা দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেই সময়ৰ চিৰনমস্য শিক্ষা গুৰু সকলক আমন্ত্ৰণ কৰি বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত বিগত প্ৰায় ৪৪ বছৰ কাল একান্তই বন্ধুক লগ পোৱাৰ পিছত তেওঁ লোকৰ অনুভৱবোৰ ব্যক্ত কৰি প্ৰাক্তন সকল গভীৰ আবেগিক হৈ পৰা পৰিলক্ষিত হয় ।
বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়নে (বিঅ'এনএছইউ) পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত এক আন্দোলন আৰম্ভ কৰিছে। বৃহস্পতিবাৰে সংগঠনটোৱে কোকৰাঝাৰত এই আন্দোলন আৰম্ভ কৰিছে। সংগঠনটোৱে উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও দাখিল কৰে। বিঅ'এনএছইউৰ সভাপতি বনজিৎ মঞ্জিল বসুমতাৰীয়ে কয় যে তেওঁলোক বিটিআৰ চুক্তিত সন্তুষ্ট নহয় কিয়নো ই বড়ো জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ নকৰে। তেওঁ লগতে কয় যে এখন পৃথক ৰাজ্য গঠন নকৰালৈকে ভূমি, পৰিচয়, অৰ্থনীতি, সংস্কৃতি আৰু ভাষাৰ বিকাশৰ সুৰক্ষা সম্ভৱ নহ'ব। বসুমতাৰীয়ে কয় যে বিঅ'এনএছইউয়ে কোকৰাঝাৰৰ কেডিএছএ-ৰ পৰা বড়োলেণ্ড ৰাজ্য গঠনৰ বাবে গণতান্ত্ৰিক আন্দোলনৰ চতুৰ্থ পৰ্যায় আৰম্ভ কৰিছিল আৰু ইয়াৰ লক্ষ্য প্ৰাপ্ত নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব। লগতে পঢ়কঃ একেলগে প্ৰায় ২০টা কুকুৰৰ আক্রমণ; ভনীয়েকক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশুৱে! তেওঁ দোহাৰে যে ভাৰত চৰকাৰে যিমান সম্ভৱ সোনকালে বড়ো ৰেজিমেণ্ট গঠন কৰা, খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ ৰাষ্ট্ৰসংঘৰ ঘোষণা কাৰ্যকৰী কৰা আৰু কাৰ্বি আংলঙত আৰু ডিমা হাচাওত বাস কৰা বড়োসকলক অনুসূচীত জনজাতি (এছ টি হিলছ )ৰ তালিকাত অন্তৰ্ভুক্ত কৰি এক পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰিব লাগে। কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
কিদৰে সংঘটিত হ'ল দুৰ্ঘটনা? 'ট্ৰাই চাৰ্ভিছ তদন্ত'ৰ নিৰ্দেশ কেন্দ্ৰৰ -\nHomeব্ৰেকিং নিউজকিদৰে সংঘটিত হ'ল দুৰ্ঘটনা? 'ট্ৰাই চাৰ্ভিছ তদন্ত'ৰ নিৰ্দেশ কেন্দ্ৰৰ\nডিজিটেল ডেস্ক : দেশক স্তব্ধ কৰি তোলা এটা দুৰ্ঘটনা। এটা শোকাৱহ দুৰ্ঘটনা। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ যিজনে নিজৰ কান্ধত বহন কৰি ফুৰিছিল তেৱেঁই হেৰাই গ'ল এই দুৰ্ঘটনাত। বুধবাৰে দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ মৃত্যু হ'ল দুৰ্ঘটনাত। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে সংসদত আনুষ্ঠানিকভাৱে ৰাৱটৰ মৃত্যুৰ তথ্য সদৰি কৰে। পত্নী মধুলিকা ৰাৱট আৰু সেনাৰ কেইবাগৰাকীও বিষয়া জোৱানৰ সৈতে বুধবাৰে আৰম্ভ কৰা এটা যাত্ৰাৰ অতি অপ্ৰত্যাশিত কৰুণ পৰিণতি ঘটিল।\nছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। এই দুৰ্ঘটনাই দেশৰ প্ৰতিৰক্ষা খণ্ডৰ অতি গুৰুত্বপূৰ্ণ এগৰাকী প্ৰতিনিধিক কাঢ়ি লৈ গ'ল। দেশৰ প্ৰথমগৰাকী চীফ অব ডিফেন্স ষ্টাফৰ এনে শোকাৱহ মৃত্যুৰ পাছত দেশজুৰি শোক আৰু স্তব্ধতা বিয়পি পৰিছে।\nআজি প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে এই ভয়াৱহ দুৰ্ঘটনাৰ বিষয়ে লোকসভা আৰু ৰাজ্যসভাত আনুষ্ঠানিকভাৱে সদৰি কৰে। তেওঁ দুৰ্ঘটনাত নিহতসকলৰ সবিশেষ সদৰি কৰাৰ লগতে এই ভয়াৱহ দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰা একমাত্ৰ আৰোহী গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ বিষয়েও সদৰি কৰে।\nপ্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে লগতে প্ৰকাশ কৰে যে, ইতিমধ্যে এই দুৰ্ঘটনাৰ 'ট্ৰাই চাৰ্ভিছ তদন্ত'ৰ নিৰ্দেশ দিয়া হৈছে। এই তদন্তৰ নেতৃত্ব দিব এয়াৰ মাৰ্শ্বাল মানৱেন্দ্ৰ সিঙে। মানৱেন্দ্ৰ সিং হৈছে ট্ৰেইনিং কমাণ্ডৰ কমাণ্ডিং ইন চীফ। সিঙে সদৰি কৰে যে, সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে জেনেৰেল ৰাৱটৰ শেষকৃত্য সম্পন্ন কৰা হ'ব? তেওঁ সদনত এই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়া লোকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে পৰিয়াললৈ সমবেদনা জনায়। ইয়াৰ আগেয়ে দুয়োখন সদনতে নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জনাই দুই মিনিটকৈ মৌনতা অৱলম্বন কৰা হয়।\nPrevious articleএম আই ভি-৫; কিহত বিশেষ আছিল ৰাৱটৰ মৃত্যুদূত হেলিকপ্টাৰ?\nNext articleসেনাৰ সুৰক্ষাত ক'ৰবাত খুঁত আছে নেকি?
৫০ লাখ বিনিয়োগ কৰি ২০০০ কৌটি উপাৰ্জন : কি গোচৰত ৰাহুল গান্ধীক জেৰা ই ডিৰ ? - The Cross Current\nBy The CrossCurrent\t Last updated Jun 13, 2022\nকংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমবাৰে হাজিৰ হ'ল ই ডিৰ কাৰ্যালয়ত । ছোনিয়া গান্ধীলৈও ই ডিয়ে চমন জাৰি কৰিছে । অহা ২৩ জুনত ছোনিয়া গান্ধীক ই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে । কিন্তু কংগ্ৰেছ সভানেত্ৰীগৰাকী কোভিডত আক্ৰান্ত হোৱা বাবে সম্প্ৰতি চিকিৎসাধীন হৈ আছে । 'নেচনেল হেৰল্ড'ৰ অধিগ্ৰহণ সংক্ৰান্তীয় গোচৰত ই ডিয়ে আজি ৰাহুল গান্ধীক জেৰা কৰে ।\n২০১৩ চনত বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীয়ে দিল্লীৰ এখন আদালতত অভিযোগ উত্থাপণ কৰিছিল যে নেচনেল হেৰল্ড কাকতৰ প্ৰকাশক কোম্পেনী এ জে এলৰ ধন আৰু সম্পত্তি বে আইনীভাৱে হস্তগত কৰিছে কংগ্ৰেছৰ নিজা কোম্পেনী ইয়ং ইণ্ডিয়া লিমিটেড চমুকৈ ৱাই আই এলে । প্ৰায় ২ হাজাৰ কৌটি টকাৰ সম্পত্তি কংগ্ৰেছৰ নিজা কোম্পেনীয়ে হস্তগত কৰাৰ অভিযোগ উত্থাপণ কৰে সুব্ৰমনিয়াম স্বামীয়ে ।\nনেচনেল হেৰল্ড কাকতখন প্ৰকাশ কৰিছিল দ্য এছোচিয়েটেড জাৰ্ণালছ লিমিটেড চমুকৈ এ জে এল নামৰ এটা কোম্পেনীয়ে । ১৯৩৮ চনত এই কাকতখন প্ৰথম প্ৰকাশ পায় । নেচনেল হেৰল্ডৰ লগতে এ জে এলে আন দুখন কাকত নৱজীৱন আৰু কোৱামি আৱাজ ক্ৰমে হিন্দী আৰু উৰ্দু ভাষাত প্ৰকাশ কৰি উলিয়াইছিল । স্বাধীনতাৰ পাছত নেচনেল হেৰল্ড কাকতখন কংগ্ৰেছ দলৰ মুখপত্ৰৰ ৰূপত প্ৰকাশ পাই থাকে । ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপৰিও প্ৰায় ৫ হাজাৰ স্বাধীনতা সংগ্ৰামী কাকতৰ প্ৰকাশক কোম্পেনী এ জে এলৰ শ্বেয়াৰ হোল্ডাৰ আছিল । ২০০৮ চনত বিত্তীয় সংকটৰ কাৰণে কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে । ২০১০ চনত শ্বেয়াৰ হোল্ডাৰৰ সংখ্যা প্ৰায় ১ হাজাৰলৈ হ্ৰাস পায় ।\n২০০৮ চনত নেচনেল হেৰল্ড কাকতখন পুণৰুজ্জীৱিত কৰি তুলিবলৈ কংগ্ৰেছ দলে এ জে এলক ৯০ কৌটি টকা সুদবিহীন ঋণ হিচাপে আগবঢ়াইছিল ।\nইয়াৰ পাছত ২০১০ চনত গঠন কৰা হয় আন এটা কোম্পেনী । নাম ইয়ং ইণ্ডিয়া লিমিটেড । এই কোম্পেনীটোৰ সঞ্চালক হিচাপে আছে ছোনিয়া গান্ধী , ৰাহুল গান্ধী , ছেম পিট্ৰোডা , পৱন কুমাৰ বানছাল , অস্কাৰ ফাৰ্ণাণ্ডেজ আৰু সুমন ডুবে । কোম্পেনীটোত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ মুঠ ৭৬ শতাংশ অংশীদাৰীত্ব আছে । কংগ্ৰেছ দলে নতুনকৈ গঠন হোৱা এই কোম্পেনীটোক এ জে এলক দিয়া ঋণ আদায় কৰিবলৈ দায়িত্ব দিয়ে ।\nপৰৱৰ্তী সময়ত ইয়ং ইণ্ডিয়া লিমিটেডে ৫০ লাখ টকাৰ বিনিময়ত এ জে এল কোম্পেনীটো অধিগ্ৰহণ কৰি লয় । ৯০ কৌটিৰ ঋণ পৰিশোধ কৰিব নোৱাৰাত এ জে এলক ইয়ং ইণ্ডিয়াই অধিগ্ৰহণ কৰে । ফলত এ জে এলৰ নামত থকা সকলো সম্পত্তিৰো গৰাকী হৈ পৰে ইয়ং ইণ্ডিয়া লিমিটেড । এই কোম্পনীত আছে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ ৭৬ শতাংশ অংশীদাৰীত্ব ।\nবিজেপি নেতা সুব্ৰমনিয়াম স্বামীৰ অভিযোগ আছিল যে মাত্ৰ ৫০ লাখ টকাৰ বিনিময়ত নেচনেল হেৰল্ডৰ প্ৰকাশক এ জে এলৰ নতুন দিল্লী , লক্ষ্ণৌ , ভূপাল , মুম্বাই আৰু ইণ্ডোৰত থকা প্ৰায় ২০০০ কৌটিৰ সম্পত্তি হস্তগত কৰিছে গান্ধী পৰিয়ালৰ সৰ্বাধিক অংশীদাৰীত্ব থকা ইয়ং ইণ্ডিয়া লিমিটেডে । তদুপৰি বাণিজ্যিক কাৰণত কংগ্ৰেছ দলে ৯০ কৌটিৰ ঋণ দিয়া বিষয়টোকো অবৈধ বুলি অভিহিত কৰিছিল সুব্ৰমনিয়াম, স্বামীয়ে। পৰৱৰ্তী সময়ত দিল্লী উচ্চ ন্যায়ালয়ত গোচৰটো খাৰিজ কৰিবলৈ আবেদন জনোৱা হৈছিল যদিও আদালতে সেই আবেদন খাৰিজ কৰে ।\nই ডিৰ কি ভূমিকা ?\nপ্ৰায় ৯ মাহ আগতে প্ৰিভেনশ্যন অৱ মানি লণ্ডাৰিঙ এক্টৰ অধীনত ইয়ং ইণ্ডিয়া লিলিটেডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । সুব্ৰমনিয়াম স্বামীৰ গোচৰত ২০১৩ চনত দিল্লীৰ আদালতে বিষয়টো আয়কৰ বিভাগৰ দ্বাৰা তদন্তৰ পোষকতা কৰিছিল । ২০১৮ চনত আয়কৰ বিভাগে দাবী কৰে যে আয়কৰৰ পূৰ্বৰ সমীক্ষাৰ সময়ত ৰাহুল গান্ধীয়ে ইয়ং ইণ্ডিয়াৰ সঞ্চালকৰ পদবীৰ বিষয়টো লুকুৱাই ৰাখিছিল । লগতে কোম্পেনীটোত থকা শ্বেয়াৰৰ বিষয়টোও সদৰী কৰা নাছিল । আয়কৰ বিভাগৰ এনে মন্তব্যৰ ভিত্তিতেই ই ডিয়ে গোচৰ ৰুজু কৰে । গোচৰ সংক্ৰান্তত এ জে এলৰ সঞ্চালক পৱন কুমাৰ বানছাল আৰু মল্লিকাৰ্জুন খৰ্গেক ইতিমধ্যে জেৰা কৰিছে ই ডিয়ে । তাৰ পাছতেই জেৰাৰ সন্মুখীন হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী ।\nআৰক্ষীয়েই এতিয়া আইন। আৰক্ষীয়েই আদালত। আৰক্ষীয়ে বিচাৰক।
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) নগাঁও জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পুৰন গন্জ্ঞুৰ নেতৃত্বত চামগুৰি সমষ্টিৰ অন্তৰ্গত ৰঙাগৰা চাৰি আলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অসম চৰকাৰৰ উদ্যোগ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে অসম চৰকাৰৰ উদ্যোগ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে আদিবাসী চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকা বৃদ্ধিৰ দাবীত আন্দোলন কৰা সংগঠন সমূহৰ ওপৰত কৰা এক বিতৰ্কিত মন্তব্য আৰু শ্ৰমিকৰ মজুৰি ৩৫০ টকা বৃদ্ধি কৰাটো অসম্ভৱ বুলি কোৱা মন্তব্যৰ প্ৰতিবাদত আছাৰ নগাঁও জিলা সমিতিয়ে আজিৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকা বৃদ্ধি কৰা, বাগিচা এলেকাত এম ই, হাই স্কুল স্থাপন কৰাৰ দাবী জনাই পৰিৱৰ্তনকামী চৰকাৰখনক। তাৰোপৰি দাবী পূৰণ নহ'লে গোটেই অসমতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে আগন্তুক নিৰ্বাচনত বিজেপি কৰ্মী সকলক বাগিচাত প্ৰৱেশ নিষেধ কৰা হ'ব বুলিও প্ৰতিবাদকাৰী সকলে হুংকাৰ প্ৰদান কৰে। আজি প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী সকলে 'চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ মিছা প্ৰতিশ্ৰুতি দিয়া বন্ধ কৰক, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰক, আছা জিন্দাবাদ, প্ৰদীপ নাগ জিন্দাবাদ' আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত প্ৰতিবাদত আজি সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পুৰন গন্জ্ঞু, নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰীথানেশ্বৰ গড়, সহসম্পাদক জেমছ ভেংৰা, শিক্ষা সম্পাদক বিন্দেশ্বৰ গন্জ্ঞু আৰু ৰঙাগড়া আঞ্চলিক সমিতিৰ সদস্য তথা আছাৰ বিষয়ববীয়াৰ লগতে শতাধিক শ্ৰমিক উপস্থিত থাকে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
জীৱনশৈলীৰ পৰিৱৰ্তন আৰু ঔষধৰ সহায়ত মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। মেডিকেল নিউজ টুডেৰ মতে, কিছুমান ঘৰুৱা উপায় অৱলম্বনেৰে আপুনি প্ৰকাৰ ২ Diabetes নিয়ন্ত্ৰণ বা উন্নত কৰিব পাৰে । Share this: ছাল কুঁৱৰী বা Aloe Veraৰ হৈছে এনে এবিধ উদ্ভিদ, যাক ভিন্ন বস্তুত ব্যৱহাৰ কৰা হয় । বেছিভাগ লোকে ইয়াক ছালৰ যত্নৰ বাবে ব্যৱহাৰ কৰে, কিন্তু জানি লওক যে ইয়ে ডায়েবেটিচৰ প্ৰকাৰ২ হ্ৰাস কৰাতো অতি কাৰ্যকৰী। ইয়াত এণ্টিঅক্সিডেণ্ট গুণ আছে, যি বিটা চেল মেৰামতি কৰাত অতি উপযোগী। আপুনি ইয়াক ৰস বা কেপচুল হিচাপে ব্যৱহাৰ কৰিব পাৰে। ঘৰৰ পাকঘৰত সদায়েই থকা ডালচেনি গ্ৰহণেৰেও ব্লাড চুগাৰৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি ৰাতিপুৱা চাহ খোৱাৰ আগতে দৈনিক ইয়াক গ্ৰহণ কৰা উচিত। দৈনিক ১ গ্ৰাম ডালচেনি গ্ৰহণে আপোনাক ডায়েবেটিচৰ পৰা আঁতৰাই ৰাখিব পাৰে। আয়ুৰ্বেদত চজিনাৰ গুৰুত্ব অধিক । আয়ুৰ্বেদৰ মতে, যদি আপুনি চজিনাৰ লগতে ইয়াৰ পাত গ্ৰহণ কৰে,তেন্তে ইয়ে আপোনাৰ ব্লাড চুগাৰৰ স্তৰ নিয়ন্ত্ৰণ কৰি আৰু ডায়েবেটিচ প্ৰতিৰোধ কৰিব । নিম পাতত ইনচুলিন ৰিচেপ্টৰ সংবেদনশীলতা বৃদ্ধি কৰাৰ গুণাগুণ আছে। এয়াই নহয়, ইয়ে শৰীৰত ৰক্ত সঞ্চালন বজাই ৰখাত সহায় কৰে, যাতে আপোনাৰ ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে । এই ক্ষেত্ৰত, ডায়েবেটিচ ৰোগীসকলে প্ৰতিদিনে খালী পেটত নিম পাতৰ ৰস খাব লাগে । যদি আপুনি ডায়েবেটিচৰ পৰা আঁতৰি থাকিব বিচাৰে, আপুনি প্ৰতিদিনে খালী পেটত ২ৰ পৰা ৩টা তুলসী পাত চোবাব লাগে। দৰাচলতে ইয়াত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট উপাদান থাকে, যি শৰীৰত ইনচুলিন মুকলি কৰাত আৰু কোষবোৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে। মেথিও সকলোৰে পাকঘৰত পোৱা যায়। এই ক্ষেত্ৰত, আপুনি বিচাৰিলে ইয়াক দৈনিক সেৱন কৰি ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিব পাৰে। ৰাতি শুবলৈ যোৱাৰ পূৰ্বে যদি আপুনি এগিলাচ পানীত ১ চামুচ মেথিগুটি তিয়াই ৰাখি ৰাতিপুৱা খালী পেটত সেই পানী সেৱন কৰে, তেনেহ'লে স্বাস্থ্যৰ বাবে ই যথেষ্ট উপকাৰী হিচাপে বিবেচিত হ'ব পাৰে । চলমান খানে 'কিচি কা ভাই কিচি কি জান'ত ৮০০ গৰাকী নৃত্যশিল্পীৰ সৈতে কি কৰিব ? এজন বেটছমেনে এটা অভাৰত মাৰিছিল ৮টা ছয় আৰু ৫টা চাৰি, আপুনি জানেনে সেই খেলুৱৈজনৰ নাম? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
এদিন চৌলৰ পুত্ৰ যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক'লে, "আহাঁ আমি পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্য দলৰ আন দিশে যাওঁ।" কিন্তু তেওঁ এই কথা পিতৃক নক'লে। সেই সময়ত চৌল গিবিয়াৰ বাহিৰ ভাগৰ মিগ্ৰোণত থকা এজোপা ডালিম গছৰ তলত আছিল। তেওঁৰ লগত প্ৰায় ছশ লোক আছিল, তেওঁলোকৰ সৈতে যিহোৱাৰ পুৰোহিত এলী চীলোত আছিল, তেওঁৰ পৰিনাতি পীনহচৰ নাতি ঈখাবোদৰ ককায়েক অহীটুবৰ পুত্ৰ যি অহিয়া তেওঁ এফোদ বস্ত্ৰ পিন্ধি তেওঁৰ লগত আছিল; আৰু যোনাথন যে গ'ল, সেই কথা লোকসকলে জনা নাছিল। যিবোৰ বাটেৰে যোনাথনে পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলৰ ওচৰলৈ যাব খুজিছিল, সেইবোৰ বাটৰ দুয়োকাষে ওখ শিলৰ পাহাৰ আছিল। এফালৰ শিলৰ পাহাৰটোৰ নাম বোচেচ আৰু আন ফালৰ পাহাৰটোৰ নাম চেনি। যদি তেওঁলোকে আমাক কয়, 'আমি তোমালোকৰ ওচৰলৈ নোযোৱালৈকে অপেক্ষা কৰা, তেনেহ'লে আমি নিজ ঠাইতে থাকিম, তেওঁলোকৰ ওচৰলৈ নাযাওঁ। যোনাথনে হাতে-ভৰিয়ে বগাই উঠি গ'ল আৰু তেওঁৰ অস্ত্ৰবাহক তেওঁৰ পাছত গ'ল; সেই সময়ত লোকসকল যোনাথনৰ সন্মুখত মৃত্যু মুখত পৰিল আৰু তেওঁৰ অস্ত্ৰবাহকে তাৰে কিছুমানক বধ কৰিলে। যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকে কৰা এই প্ৰথম আক্ৰমণত এক একৰ মাটিৰ প্ৰায় আধা সীৰলু দৈর্ঘ্যত প্ৰায় বিশ জন মান লোকক বধ কৰিলে। তাতে ছাউনিত, পথাৰত, আৰু লোকসকলৰ মাজত আতংক হ'ল, আনকি নগৰৰ প্ৰহৰী সৈন্যদল আৰু আক্ৰমণকাৰীসকলৰ মাজতো আতংকৰ সৃষ্টি হ'ল। তাতে ভয়ানক আতংকৰ সৃষ্টি হ'ল। তেতিয়া বিন্যামীনৰ গিবীয়াত থকা চৌলৰ প্ৰহৰীসকলে দেখিলে যে, লোক সমূহ ছিন্ন-ভিন্ন হৈ ইফালে-সিফালে গৈছে। তাতে চৌলে তেওঁৰ লগত থকা লোকসকলক ক'লে, "গণি চোৱা আমাৰ মাজৰ কোন হেৰাল।" যেতিয়া তেওঁলোকে গণি চালে, তেতিয়া যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকক নাপালে। চৌলে অহিয়াক ক'লে, "ঈশ্বৰৰ কার্যৰ বাবে ব্যৱহাৰিত হোৱা এফোদ বস্ত্ৰ ইয়ালৈ আনা।" কাৰণ সেই দিনা ইস্ৰায়েলৰ সৈন্যসকলৰ সৈতে অহিয়াই এফোদ বস্ত্ৰ পিন্ধি আছিল। তাৰ পাছত চৌল আৰু তেওঁৰ লগত থকা লোকসকল গোট খাই ৰণলৈ গ'ল। প্ৰত্যেক জন ফিলষ্টীয়ানৰ তৰোৱাল তেওঁৰ দেশৰ লোকসকলৰ বিৰুদ্ধে উঠিল আৰু তাত অধিক ভুল বুজা-বুজি হ'ল। পূর্বৰে পৰা পলেষ্টীয়াসকলৰ লগত থকা ইব্ৰীয়াসকল, আৰু যি সকল তেওঁলোকৰ লগত ছাউনিলৈ গৈছিল, তেওঁলোকেও চৌল আৰু যোনাথনৰ লগত থকা ইস্ৰায়েলী লোক সকলৰ লগত যোগ দিছিল। যেতিয়া ইস্ৰায়েল লোকসকল ইফ্ৰয়িম পৰ্বতীয়া অঞ্চলত লুকাই আছিল, তেতিয়া তেওঁলোকে পলেষ্টীয়াসকলৰ পলোৱাৰ বাতৰি শুনাৰ পাছতো তেওঁলোকৰ পাছে পাছে যুদ্ধ ক্ষেত্ৰলৈ খেদি গ'ল। সেইদিনা ইস্ৰায়েল লোকসকল ক্লেশত পৰিলে কাৰণ চৌলে তেওঁলোকক শপত দি ক'লে, "মই শত্ৰুবোৰক প্ৰতিশোধ নোলোৱলৈকে সন্ধ্যাৰ আগেয়ে যি কোনোৱে আহাৰ কৰিব, সি অভিশপ্ত হ'ব।" এই কাৰণে কোনেও আহাৰ গ্ৰহণ নকৰিলে। কিন্তু যোনাথনে তেওঁৰ পিতৃয়ে লোকসকলক দিয়া শপতৰ কথা শুনা নাছিল। সেই কাৰণে তেওঁ নিজৰ হাতত থকা লাখুটিৰ আগ মৌ-ছাকৰ মাজত সোমোৱাই দিলে আৰু হাতত লৈ মুখত দিলে; তাতে তেওঁৰ চকু উজ্জ্বল হ'ল। তেতিয়া যোনাথনে ক'লে, "মোৰ পিতৃয়ে ৰাজ্যক সঙ্কটত পেলাইছে। চোৱা, এই অকণমান মৌ চাকি চোৱাত মোৰ চকু কেনেদৰে উজ্জ্বল হৈ গ'ল! সেইদিনা তেওঁলোকে মিকমচৰ পৰা অয়ালোনলৈকে পলেষ্টীয়াসকলক আক্ৰমণ কৰিলে। সেয়ে লোকসকল অতিশয় ক্লান্ত হ'ল। তাতে লোকসকল লুভীয়া লোকৰ দৰে লুটদ্ৰব্যৰ ওচৰলৈ দৌৰি গৈ মেৰ, ছাগলী, গৰু, আৰু দামুৰি ধৰি মাটিত বধ কৰিলে আৰু তেজেৰে সৈতে মঙহ খাবলৈ ধৰিলে। তেতিয়া তেওঁলোকে চৌলক ক'লে, "চাওক, লোক সকলে তেজেৰে সৈতে মঙহ ভোজন কৰি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছে।" চৌলে ক'লে, "তোমালোক অবিশ্বাসীৰ দৰে কাম কৰিছা, এতিয়া, মোৰ ওচৰলৈ এটা ডাঙৰ শিল আনা"; চৌলে পুনৰ ক'লে, "তোমালোকে লোকসকলৰ মাজলৈ যোৱা আৰু এইদৰে তেওঁলোকক কোৱা, 'তোমালোক প্ৰতিজনে নিজ নিজ গৰু, মেৰ আৰু ছাগলী মোৰ ওচৰলৈ আনি ইয়াতে বধ কৰি ভোজন কৰা; কিন্তু তেজেৰে সৈতে মঙহ খাই যিহোৱাৰ বিৰুদ্ধে পাপ নকৰিবা'।" সেয়ে প্ৰত্যেকজন লোকে নিজ নিজ গৰু লগত আনি সেই ৰাতি সেই ঠাইতে বধ কৰিলে। চৌলে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; যিহোৱাৰ উদ্দেশ্যে তেওঁ নিৰ্মাণ কৰা সেয়ে প্ৰথম বেদি। তাৰ পাছত চৌলে ঈশ্বৰ গুৰিত সুধিলে, "মই পলেষ্টীয়াসকলৰ পাছত যামনে? তুমি সিহঁতক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিবানে?" কিন্তু সেইদিনা যিহোৱাই উত্তৰ নিদিলে। তেতিয়া চৌলে ক'লে, "হে লোকসকলৰ অধিপতি সকল, তোমালোক ওচৰ চাপি আহাঁ, আৰু আজিৰ এই পাপ কি দোষত হ'ল, তাৰ বুজ-বিচাৰ কৰি চোৱা। কিয়নো ইস্ৰায়েলৰ উদ্ধাৰকৰ্তা যিহোৱাৰ জীৱনৰ শপত, যদি মোৰ পুত্ৰ যোনাথনৰ দোষত এয়া হৈছে, তেনেহলে সিও নিশ্চয়কৈ মৰিব।" কিন্তু লোকসকলৰ মাজত কোনেও তেওঁক উত্তৰ নিদিলে। তেতিয়া চৌলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক'লে, প্ৰকৃততে কি হয়, তাক দেখুৱাই দিয়া। তাতে চিঠি খেলৰ দ্বাৰাই যোনাথন আৰু চৌলক নিৰ্ণয় কৰা হ'ল, কিন্তু লোক সমূহ এৰা পৰিল। তেতিয়া লোকসকলে চৌলক ক'লে, "যিজনে ইস্ৰায়েলৰ মাজত এনে উদ্ধাৰ কাৰ্য সাধন কৰিলে, সেই যোনাথন মৰিব লাগিব নে? এনে নহওক; যিহোৱাৰ জীৱনৰ শপত, তেওঁ মুৰৰ এডালি চুলিও মাটিত নপৰিব; কিয়নো তেওঁ আজি ঈশ্বৰেৰে সৈতে কাৰ্য কৰিলে।" এইদৰে লোকসকলে যোনাথনক ৰক্ষা কৰা বাবে তেওঁৰ মৃত্যু নহ'ল। চৌলে ইস্ৰায়েলৰ সম্পূৰ্ণ ক্ষমতা নিজৰ হাতত ল'লে। তাৰ পাছত ইস্ৰায়েলৰ চৌদিশে যিমান শত্ৰু আছিল, সেই সকলোৰে বিৰুদ্ধে তেওঁ যুদ্ধ কৰিলে। তেওঁ মোৱাব, অম্মোনীয়া, চোবাৰ ৰজা ইদোম আৰু পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰিলে। তেওঁ যি দিশত গৈছিল, সেই দিশতে শত্ৰুৰ ওপৰত জয় লাভ কৰিছিল। চৌল অতি সাহিয়াল আছিল। তেওঁ অমালেকীয়াসকলকো পৰাজয় কৰিছিল। আনকি যিসকল শত্ৰুৱে ইস্ৰায়েলসকলক লুট কৰিব বিচাৰিছিল, সেই শত্ৰুবোৰৰ পৰা ইস্ৰায়েলক তেওঁ ৰক্ষা কৰিছিল। চৌলৰ পুত্ৰসকলৰ নাম আছিল, যোনাথন, যিচবী, আৰু মল্কীচুৱা। তেওঁৰ দুজনী জীয়েক আছিল; ডাঙৰ জনীৰ নাম মেৰব, আৰু সৰুজনীৰ নাম মীখল। চৌলৰ ভাৰ্য্যাৰ নাম আছিল অহীনোৱম, তেওঁ অহামাচৰ জীয়েক আছিল; আৰু তেওঁৰ সেনাপতিৰ নাম অবনেৰ, তেওঁ চৌলৰ দদায়েক নেৰৰ পুত্ৰ আছিল। চৌলৰ জীৱনৰ সকলো সময়তে পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ হৈ আছিল; সেয়ে তেওঁ শক্তিশালী আৰু সাহসী বলৱান পুৰুষক দেখিলেই নিজৰ লগত ৰাখিছিল।
গুৱাহাটী, ২১ নৱেম্বৰ : ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ (News impact of ETV Bharat)। অসম জাতীয় পৰিষদে চাফাই অভিযান চলালে কৰ্দযময় ৰূপত থকা লাচিত উদ্যানত (AJP conducts cleanliness drive at Lachit Ghat) । সোমবাৰে বিয়লি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদকদ্বয় ৰাজীৱ ভট্টাচাৰ্য আৰু প্ৰিন্স ফাইজুৰ হক, সংগঠনিক সম্পাদক সঞ্জীৱ বৰাৰ নেতৃত যোৱা প্ৰায় ৩০ জনীয়া এটা দলে উদ্যানখনত চলাই চাফাই অভিযান । অৱশ্যে সোমবাৰে নিশা হোৱাৰ বাবে সম্পূৰ্ণ ৰূপে উদ্যানখন পৰিষ্কাৰ কৰিব নোৱাৰিলে অসম জাতীয় পৰিষদৰ দলটোৱে । সেয়ে মঙলবাৰে পুনৰ এই লাচিত উদ্যানত দলটোৱে চাফাই অভিযান চলাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে সম্পাদক প্ৰিন্স ফাইজুৰ হকে । ২০১১ চনতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাছখোৱাত ব্ৰহ্মপুত্ৰৰ বুকুত লাচিত বৰফুকনৰ ব্ৰঞ্জৰ এই প্ৰতিমূৰ্তি স্থাপনৰ দিহা কৰিছিল (Statue of Lachit Barphukan in Guwahati) । সেইমৰ্মে স্থাপন কৰা হৈছিল আধাৰশিলাও । ২০১৬ চনত প্ৰতিমূৰ্তিটো মুকলি কৰিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েই । লগতে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষতে মুকলি কৰিছিল উদ্যান এখনো । য'ত ফলকত লিখা আছিল লাচিত বৰফুনৰ ইতিহাস (History of Lachit Barphukan) ।
শিৱসাগৰ নগৰৰ হৃদপিণ্ড স্বৰূপ দলমুখ চাৰিআলিত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ সংঘৰ্ষ। হাতে হাতে দা, লাঠী, ৰড, চিচাৰ বটল লৈ নিশাৰ ভাগত দুই গোট লিপ্ত হয় ভয়ংকৰ সংঘৰ্ষত। সংঘৰ্ষ ইমানেই ভয়াবহ আছিল যে দীৰ্ঘ সময় ধৰি ব্যস্ত দলমুখ চাৰিআলি স্তব্দ হৈ পৰিছিল। ৰাজপথৰ ওপৰত হাতে হাতে দা, লাঠী, চিচাৰ বটল লৈ দৌৰা, দৌৰি, খেদা, খেদিৰ ফলত পৰিস্থিতি ভয়াবহ হৈ পৰিছিল। সংঘৰ্ষৰ ফলত ৰাইজ আতংকিত হৈ শিৱসাগৰ সদৰ আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উথাপিত হৈছে। হিন্দী চিনেমাৰ আৰ্হিত নিশা শিৱসাগৰৰ ব্যস্ত দলমুখ চাৰিআলিত দুই গোটৰ মাজত চলে ভয়ংকৰ সংঘৰ্ষ। You may also read!
"হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা; দেখিবলৈ চকু থকাতো তেওঁলোকে নেদেখে, শুনিবলৈ কাণ থকাতো তেওঁলোকে নুশুনে, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ। এই হেতুকে হে মনুষ্য সন্তান, তুমি নিজৰ বাবে দেশান্তৰৰ সামগ্ৰী যুগুত কৰা আৰু দিনতে তেওঁলোকৰ চকুৰ আগতে নিজ দেশান্তৰলৈ প্ৰস্থান কৰা। তুমি তেওঁলোকৰ চকুৰ আগতে নিজ ঠাইৰ পৰা আন ঠাইলৈ যোৱা। তেওঁলোক বিদ্ৰোহী বংশ হ'লেও কিজানি বিবেচনা কৰিব। তুমি দিনতে তেওঁলোকৰ চকুৰ আগতে দেশান্তৰৰ সামগ্ৰীৰ দৰে তোমাৰ সামগ্ৰী বাহিৰ কৰি নিবা আৰু দেশান্তৰলৈ ওলোৱা লোকৰ নিচিনাকৈ তুমি তেওঁলোকৰ চকুৰ আগতে গধূলি নিজে ওলাবা। গতিকে মই আজ্ঞামতে কাম কৰিলোঁ; মই দিনতে দেশান্তৰৰ সামগ্ৰীৰ নিচিনাকৈ মোৰ সামগ্ৰী উলিয়াই নিলোঁ আৰু গধূলি মোৰ হাতেৰেই দেৱালখন খানিলোঁ; মই আন্ধাৰত তাক উলিয়াই তেওঁলোকৰ চকুৰ আগত কান্ধত তুলি লৈ গ'লো। তুমি তেওঁলোকক কোৱা, 'প্ৰভু যিহোৱাই এই কথা কৈছেঃ এই ভাৱে যিৰূচালেমত থকা অধিপতিজনক আৰু তাৰ মাজত থকা ইস্ৰায়েলৰ আটাই বংশক বুজায়। তুমি কোৱা, মই তোমালোকৰ পক্ষে চিনস্বৰূপ; মই কৰা নিচিনাকৈ তেওঁলোকলৈ কৰা হ'ব; তেওঁলোক দেশান্তৰলৈ বন্দী-অৱস্থালৈ যাব। মোৰ জালখন মই তেওঁৰ ওপৰত মেলিম দিম আৰু তেওঁ মোৰ ফান্দত পৰিব; আৰু মই তেওঁক কলদীয়াসকলৰ দেশলৈ অৰ্থাৎ বাবিললৈ লৈ যাম, তথাপি তেওঁ তাক নেদেখিব। অথচ তেওঁ তাতেই মৰিব। আৰু তেওঁৰ চাৰিওফালে থকা তেওঁৰ আটাই সহায়কাৰীক আৰু তেওঁৰ সকলো সৈন্যক মই আটাই বায়ুত উড়ুৱাই দিম; আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম। যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিম আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম, তেতিয়া মই যে যিহোৱা তাক তেওঁলোকে জানিব। আৰু তুমি দেশৰ লোকসকলক কোৱা, 'ইস্ৰায়েল দেশত থকা যিৰূচালেম-নিবাসীসকলৰ বিষয়ে প্ৰভু যিহোৱাই এই কথা কৈছেঃ তাৰ নিবাসী আটাইবোৰৰ অত্যাচাৰৰ কাৰণে তাত থকা সকলো নষ্ট হৈ তেওঁলোকৰ দেশ উচ্ছন্ন হ'বৰ কাৰণে, তেওঁলোকে সাৱধানেৰে তেওঁলোকৰ আহাৰ ভোজন কৰিব আৰু বিস্ময়েৰে তেওঁলোকৰ জল পান কৰিব। কাৰণ ময়েই যিহোৱা! মই ক'ম আৰু মই কোৱা বাক্য সিদ্ধ হ'ব। তাক আৰু আগলৈ থোৱা নহ'ব। কিয়নো হে বিদ্ৰোহী বংশ, প্ৰভু যিহোৱাই কৈছে, তোমালোকৰ দিনতেই মই বাক্য ক'ম আৰু তাক সিদ্ধও কৰিম।
ইতিহাস (চলচ্চিত্ৰ) ইতিহাস হৈছে ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত অন্তিমখন অসমীয়া চলচ্চিত্ৰ। ৰূপকমল প্ৰডাকচনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল লীনা বৰাই। ইতিহাসে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ছবি শিতানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰিছিল। পৃথিৱীৰ ইতিহাস বুলিলে পৃথিৱী নামৰ গ্ৰহটোৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময় পৰ্যন্ত সমগ্ৰ সময়ছোৱাকেই বুজোৱা হয়। অতীতৰ মূল ঘটনাবোৰোৰ সম্পৰ্কে অধ্যয়ন কৰাত প্ৰাকৃতিক বিজ্ঞানৰ শাখাসমূহে সহায় কৰে। পৃথিৱীৰ বয়স মহাবিশ্বৰ বয়স প্ৰায় এক তৃতীয়াংশ। এই বিপুল সময়ছোৱাত পৃথিৱীত অজস্ৰ ভূতত্ত্বীয় পৰিবৰ্তন ঘটিছে, জীৱনৰ উদ্ভৱ হৈছে আৰু সেই জীৱনৰ বিৱৰ্তন ঘটিছে। বিপন্ন সময় হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। উপন্যাসখনৰ বিষয়বস্তু হৈছে ইতিহাস-সচেতনতা আৰু ইতিহাস বিশ্লেষণ। উল্লেখযোগ্য যে, বিশেষ উপন্যাসখনৰ বাবে ঔপন্যাসিক মেদিনী চৌধুৰীয়ে ১৯৯৯ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। জেৰিফা ৱাহিদে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত বিভাগটোৰ ভিতৰত শীৰ্ষস্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। একে বিষয়তে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰি তেওঁ আইন বিষয়ৰো স্নাতক ডিগ্ৰীধাৰী। Publication Date: ইতিহাস (চলচ্চিত্ৰ) © as.google-info.org 2020 । This website uses cookies. Cookies remember you so we can give you a better online experience.
গতিকে মহাকাশৰ এনে বিশাল দূৰত্ব অতিক্রম কৰিবলৈ আমাক লাগিব এখন অত্যন্ত বেগী মহাকাশযান। যাৰ বেগ পোহৰৰ বেগৰ প্রতি ছেকেণ্ডত তিনি লাখ কিলোমিটাৰৰ প্রায় ওচৰা-উচৰি হ'ব লাগিব। ২০১৬ চনত ষ্টিফেন হকিং, য়ুৰি মিলনাৰ(Yuri milner) তথা নাছাৰ বিজ্ঞানীসকলে গৱেষণা অব্যাহত ৰখা এটা বিশেষ প্রজেক্টৰ বিষয়ে অৱগত কৰাইছিল। সেই প্রজেক্টটোৰ নাম ৰখা হৈছিলBreakthrough Starshot। প্রজেক্টটো আছিল এনে এখন মহাকাশযানৰ বিষয়ে, যাৰ দ্বাৰা অতি কম সময়ৰ ব্যৱধানতেই ব্রহ্মাণ্ডীয় ভ্রমণ সম্ভৱ হৈ উঠিব পাৰে। বিজ্ঞানীসকলে এনে এখন মহাকাশযানৰ কথা ভাবিছে, যিখন মাত্র এটা ডাক টিকটৰ সমান। আচলতে মহাকাশযান বুলি ক'লে আমাৰ মনত সচৰাচৰ যেনেকুৱা এটা ভাব আহে,Starshot প্রজেক্টৰ ক্ষেত্রত কিন্তু তেনে নহয়, মহাকাশযানৰ ৰূপত তৈয়াৰ কৰা হ'ব কিছুমান ক্ষুদ্র 'ছিলিকন চিপ'হে। অর্থাৎ কেইচেণ্টিমিটাৰমান দীঘল মহাকাশযানখনৰ গাটোত অতি ক্ষুদ্রকায়ী ছিলিকন চিপ একোট (Nano chip) সংযুক্ত হৈ থাকিব, য'ত লাখৰো অধিক ড্রেছিট'ৰৰ এখন নেটৱর্ক থাকিব। আশ্চর্যজনক কথা যে এই যানখনক ত্বৰান্বিত কৰিবলৈ কোনো ৰাসায়নিক ইন্ধনৰ প্রয়োজন নহ'ব। ইয়াৰ বাবে পৃথিৱীত কেইবাটাও শক্তিশালী লেজাৰ ৰশ্মি উৎপন্ন কৰিব পৰা 'মেচিন' সংস্থাপিত কৰা হ'ব। আৰু এই শক্তিশালী লেজাৰৰ ৰশ্মিবোৰে যানখনক (চিপবোৰক) ত্বৰান্বিবত কৰিব। বিশেষ ব্যৱস্থাৰে এনে ধৰণৰ চিপবোৰক প্রথমে পৃথিৱীৰ মধ্যাকর্ষণ বলৰ পৰা মুক্ত কৰি মহাকাশত এৰি দিয়া হ'ব। তাৰ পাছতেই মহাকাশত ওপঙি থকা এই চিপবোৰক লেজাৰ ৰশ্মিৰ দ্বাৰা ত্বৰান্বিত কৰি সঠিক গতিপথ দিয়া হ'ব। এনেদৰে এটা গ্রহলৈ কেইবাহাজাৰো 'নেন' চিপ' পঠিওৱা হ'ব, কাৰণ মহাকাশৰ বিপদসংকুল পৰিৱেশত কিছুসংখ্যক বিকল হৈ পৰিলেও যাতে বাকীবোৰে তথ্য সংগ্রহ কৰি যাব পাৰে। বিজ্ঞানীসকলৰ মতে যানখনে পোহৰৰ বেগৰ ২% গতিবেগ লাভ কৰাত সক্ষম হ'ব। অর্থাৎ প্রতি ঘণ্টাত ২১৫.৮৫ মিলিয়ন কিলোমিটাৰ বেগেৰে যাবলৈ সক্ষম হ'ব। আৰু এই বেগেৰে যানখনক 'প্রক্সিমা চেঞ্চুৰী' পাবলৈ সময় লাগিব মাত্র ২০-২৫ বছৰ। কিন্তু লেজাৰৰ পোহৰেনো যানখনক কেনেকৈ ত্বৰান্বিত কৰিব? অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত। ২০১১ চনৰ ৪ মাৰ্চত বাতৰিকাকখন প্ৰথম প্ৰকাশ পায়। কাকতখনৰ সম্পাদক নৰেশ কলিতা। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰাৰ পৰা একেসময়তে প্ৰকাশ পায়।
মুখ্যমন্ত্ৰী মহাশয় আমাৰ চাকৰি বচাওক। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আমাক চাকৰিৰ পৰা নেখেদিব।কৰ্মসংস্থাপনহীন হোৱাৰ দিশে ৰাজ্যৰ ১৪০০ অসমীয়া যুৱক-যুৱতী। লকডাউনৰ মাজতো যথেষ্ট কষ্টৰে সেৱা আগবঢ়োৱা অসমৰ ১৪০০ অসমীয়া যুৱক-যুৱতীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ প্ৰস্তুতি চলাইছে অসমৰ স্বাস্থ্যবিভাগে। সেয়েহে অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক কাতৰ আহ্বান জনালে ১৪০০ অসমীয়া যুৱক-যুৱতীয়ে। আমাক চাকৰিৰ পৰা নেখেদিব হিমন্ত বিশ্ব ডাঙৰীয়া, আমাক ৰক্ষা কৰক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এই আহ্বান চাকৰি হেৰুৱাৰ উপক্ৰম হোৱা যুৱক-যুৱতী সকলৰ। লকডাউনত সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীৰ মাজত হাহাকাৰ পৰিস্থিতি। লকডাউনৰ মাজতো যথেষ্ট কষ্টৰে সেৱা আগবঢ়োৱা অসমৰ ১৪০০ আয়ুস্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰক কৰ্মসংস্থাপনহীন কৰাৰ দিশে আগবাঢ়িছে অসমৰ স্বাস্থ্যবিভাগ। জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ আমোলত বৰ্তমান গভীৰ অনিশ্চয়তাত ১৪০০ অসমীয়া যুৱক-যুৱতীৰ কৰ্মসংস্থাপন। স্বাস্থ্যবিভাগৰ এক বিজ্ঞাপনৰ পিচতে কাল অমানিশা নামি আহিছে এইসকল যুৱক-যুৱতীৰ ভৱিষ্যতলৈ। বিগত দুবছৰ ধৰি প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত যোঁজনাৰ অধীনত আয়ুস্মান মিত্ৰ হিচাপে কৰ্মৰত ১৪০০ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দি সেইসকলৰ ঠাইত নতুন প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ দিশত আগবাঢ়িছে অসমৰ স্বাস্থ্যবিভাগ। স্বাস্থ্য বিভাগৰ নতুন বিজ্ঞাপন অনুসৰি এতিয়াৰে পৰা আয়ুস্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰ উচ্চত্বৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উৰ্ত্তীণ হোৱাটো বাধ্যতামূলক লগতে তেঁওলোকৰ বয়সৰ উৰ্দ্ধতম সীমা ৩০ বছৰ হ'ব লাগিব। এই বিজ্ঞাপন প্ৰকাশ পোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ১৪০০ অসমীয়া যুৱক-যুৱতীৰ মাজত। সেয়ে তেঁওলোকে জাতি-মাটি-ভেটিৰ কথা কোৱা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাইছে তেওঁলোকৰ চাকৰি ৰক্ষা কৰাৰ বাবে। ইপিনে বিগত ৩ মাহে দৰমহা নোপোৱা এইসকল কৰ্মচাৰীয়ে ক'ৰণাৰ সময়ত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। দৰমহা নোপোৱাৰ বাবেই বহু কৰ্মচাৰীয়ে পৰিশোধ কৰিব পৰা নাই ঘৰভাড়া। আনহাতে প্ৰথম অৱস্থাত এম ডি ইণ্ডিয়া নামৰ এটা কোম্পানীয়ে ২০১৮ চনৰ অক্টোবৰ মাহত এইসকল কৰ্মচাৰীক চাকৰিত মকৰল কৰিছিল যদিও ২০২০ চনৰ মাৰ্চ মাহত সেই কোম্পানীৰ সৈতে চৰকাৰৰ চুক্তিৰ ম্যাদ অন্ত পৰাত স্বাস্থ্য বিভাগৰ 'ষ্টেট নডেল চেল'ৰ অধীনত এই কৰ্মচাৰী সকল কৰ্মৰত হয় যদিও আজিপৰ্য্যন্ত এই কৰ্মচাৰী সকলে নাপালে নিযুক্তি পত্ৰ। এতিয়া প্ৰশ্ন হয় জাতীয় নায়ক হিচাপে পৰিচিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমীয়া যুৱক-যুৱতীৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা কোৱা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত সুৰক্ষিত হ'বনে এইসকল দুৰ্ভগীয়া অসমীয়াৰ ভৱিষ্যত? You may also read!
উক্ত প্ৰৱন্ধত কোৰআন হাদীছৰ দৃষ্টিত ভালপোৱা আৰু বিশ্ব ভালপোৱা দিৱসৰ বিশ্লেষণ কৰা হৈছে লগতে বিশ্ব ভালপোৱা দিৱসৰ কিছু আঁৰৰ কথা দাঙি ধৰি ইয়াক পৰিহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। এই প্ৰবন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে। এই প্ৰতিবেদনত পৃথিৱীৰ সকলো ধৰ্মৰ নাৰী সকলৰ প্ৰতি পৰ্দাৰ বিষয়টো সুস্থ বিবেকেৰে সুবিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছে।
থ'মাছ হেৰিছৰ উপন্যাস "দ্য ছাইলেন্স অৱ দ্যা লেম্বছ", ৰবাৰ্ট ব্লখেৰ উপন্যাস যেনে- "ছাইকো" আৰু "আমেৰিকান গথিক", ষ্টিফেন কিঙৰ উপন্যাস যেনে- "কেৰি", "মিজাৰি", "দ্য ছাইনিং" হৈছে মনোবৈজ্ঞানিক হ'ৰৰ উদাহৰণ। কল্পনাশ্ৰয়ী সাহিত্যৰ ক্ষেত্ৰত চাৰ্লি জেকচনৰ "উই হেভ অলৱেইছ লিভড ইন দ্য কেচল"ক প্ৰায়েই এখন মনোবৈজ্ঞানিক হ'ৰৰ হিচাপে চিহ্নিত কৰা হয়। পৰম্পৰাগত আতংকধৰ্মী ছবিৰ পৰা মনোবৈজ্ঞানিক আতংকধৰ্মী ছবিক সাধাৰণতে পৃথককৈ ৰখা হয়। সাধাৰণতে আতংকধৰ্মী ছবিবোৰত জন্তু, দানৱ, ছিৰিয়েল কিলাৰ, বৰ্হিজগতৰ প্ৰাণীক ভয়ংকৰভাৱে আৰু বীভৎসৰূপত উপস্থাপন কৰা হয়।[2] একেদৰে splatter বা slasher শ্ৰেণীৰ ছবিৰ পৰাও এই শ্ৰেণীৰ ছবি পৃথক; যিবোৰৰ আধাৰ হয় হিংসা নাইবা ৰক্তাক্তমূলক প্ৰভাৱ।[2] মনোবৈজ্ঞানিক হ'ৰৰ ছবিৰ ভেটিটো তৈয়াৰ কৰা হয় পৰিৱেশৰ জৰিয়তে; য'ত সাধাৰণতে আজৱ শব্দ ব্যৱহাৰ কৰা হয় আৰু চৰিত্ৰৰ মনস্তাত্তিক ভয়বোৰক দৰ্শকৰ সমুখত উপস্থাপন কৰা হয়। পৰ্দাত সৃষ্টি হোৱা ভয়ৰ বিপৰীতে এইশ্ৰেণীৰ ছবিয়ে দৰ্শকৰ নিজা কল্পনাজগতখনতহে সংকটৰ সৃষ্টি কৰে। অৱশ্যে এইটো শ্ৰেণীৰে কিছুমান ছবিত আতংকসৃষ্টিকাৰী পাৰ্থিৱ উৎস থাকিব পাৰে, নতুবা ৰক্তাক্ত পৰিৱেশৰ সূচনা হ'ব পাৰে। ৰোমান পল'নস্কিয়ে পৰিচালনা কৰা দুখন বিশেষ ছবিক বিশুদ্ধ মনোবৈজ্ঞানিক হ'ৰৰ ছবি বুলি কোৱা হয়ঃ ৰিপালছন (১৯৬৫) আৰুৰ'জমেৰিছ বেবি (১৯৬৮).[5][6] ষ্টেনলি কুবৰিকে ১৯৮০ চনত নিৰ্মাণ কৰা দ্য ছাইনিং নামৰ ছবিখন ওপৰত উল্লেখ কৰা ষ্টিফেন কিঙৰ একেনামৰ উপন্যাসৰ আধাৰত। এইখন ছবিকো এইটো শ্ৰেণীৰে এখন উল্লেখযোগ্য ছবি হিচাপে বিবেচিত কৰা হয়।[7] জনাথন ডেমিয়ে পৰিচালনা কৰা দ্য ছাইলেন্স অৱ দ্যা লেম্বছ (১৯৯১) হৈছে মনোবৈজ্ঞানিক হ'ৰৰ ছবিৰ আৰু এটা উদাহৰণ। অৱশ্যে এইখন ছবিত থ্ৰিলাৰৰ বৈশিষ্ট্যসমূহো পৰিলক্ষিত হয়।[8][9] এইটো শ্ৰেণীৰ কেইখনমান শেহতীয়া ছবি হৈছে- ডাৰেন এৰনোফেস্কিৰ ব্লেক শ্বান (২০১০), "দ্য বাবডুক" (২০১৪), ইট ফলৌছ (২০১৫), জৰ্দান পিলেৰ গেট আউট (২০১৭), হেৰিডিটেৰি (২০১৮), দ্য লাইটহাউছ (২০১৯) আদি। গিয়াল্লো (giallo) নামৰ ইটালী ছবিৰ শ্ৰেণীটোত সাধাৰণতে মনোবৈজ্ঞানিক হ'ৰৰ বা মনোবৈজ্ঞানিক হ'ৰৰৰ উপাদান ব্যৱহৃত হয়। এছিয়াৰ দেশসমূহতো এইটো উপশ্ৰেণীৰ ছবি দেখিবলৈ পোৱা যায়। জাপানৰ হ'ৰৰ ছবিক সাধাৰণতে জে-হৰৰ (J-horror) বুলি জনা যায়। এই শ্ৰেণীতো সচৰাচৰ মনোবৈজ্ঞানিক হ'ৰৰৰেই বৈশিষ্ট্য পৰিলক্ষিত হয়।[10] উল্লেখযোগ্য উদাহৰণ হৈছে- ৰিং (১৯৯৮) আৰু জু-অন চিৰিজ।[10] কোৰিয়াৰ হ'ৰৰ ছবিক কে-হৰৰ বুলি কোৱা হয়।[10] উদাহৰণস্বৰূপে এ টেল অৱ টু চিছটাৰ্ছ (২০০৩), হানছেল এণ্ড গ্ৰিটেল (২০০৭), আৰু হুইছপাৰিং কৰিডৰছ্ (১৯৯৮)।[10] ফিলিপাইনৰ এখন প্ৰভাৱশালী মনোবৈজ্ঞানিক হ'ৰৰ ছবি হৈছে কিছাপমাতা (Kisapmata, ১৯৮১)।
পূজাত উখল-মাখল বৰষাৰ ঘৰ, শহুৰৰ ঘৰৰ পূজাৰ আলহী হৈ উগুল-থুগুল মন ন-জোঁৱাই ভাস্কৰৰ -\nHomeআঞ্চলিকপূজাত উখল-মাখল বৰষাৰ ঘৰ, শহুৰৰ ঘৰৰ পূজাৰ আলহী হৈ উগুল-থুগুল মন ন-জোঁৱাই...\nপূজাত উখল-মাখল বৰষাৰ ঘৰ, শহুৰৰ ঘৰৰ পূজাৰ আলহী হৈ উগুল-থুগুল মন ন-জোঁৱাই ভাস্কৰৰ\nমুছফিক হুছেইন : সকলো দুৰ্যোগ-দুৰ্ভাৱনাৰ কথা পাহৰি ৰাজ্যবাসীয়ে এতিয়া পালন কৰিছে শাৰদীয় দুৰ্গোৎসৱ। আজি অষ্টমী পূজাৰ দিনা দেৱী বন্দনাৰে মুখৰিত হৈ উঠে ৰাজ্যৰ চৌদিশ। শংখ, দবা, ঘণ্টা, আয়তীৰ নাম-উৰুলি, পুৰোহিতৰ মন্ত্ৰধ্বনিৰে মহিষমৰ্দিনীৰ পূজা-অৰ্চনাত ব্যস্ত ভক্তপ্ৰাণ ৰাইজ। অৱশ্যে ক'ভিড মহামাৰীৰ বাবে পূৰ্বৰ দৰে প্ৰস্তুতি আড়ম্বৰপূৰ্ণ নহ'লেও ভক্তি-অঞ্জলিৰে দেৱীৰ চৰণত অতি আগ্ৰহেৰে সেৱা জনাইছে ভক্তপ্ৰাণ ৰাইজে। দুৰ্গোৎসৱৰ ইমানবোৰ আয়োজনৰ মাজতো গুৱাহাটীৰ এখন পূজাস্থলী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই পূজাভাগ আয়োজন কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই।\nঅভিনেত্ৰীগৰাকীৰ পূৰ্বপুৰুষসকলে অৰ্থাৎ আজো ককাকৰ দিনৰে পৰা অবিৰতভাৱে এই দুৰ্গা পূজা ভাগৰ আয়োজন কৰি অহা হৈছে। ৯৬ বছৰ অতিক্ৰম কৰা মহানগৰীৰ এই পূজাখনে বহন কৰি আহিছে বিশেষ তাৎপৰ্ষ। উল্লেখ্য যে, পূজাখন প্ৰথমে অভিনেত্ৰীগৰাকীৰ আজো ককা স্বৰ্গীয় বৰদাকান্ত বিষয়াই আৰম্ভ কৰিছিল ঘট পূজাৰে। তাৰ পাছত তেওঁৰ ককাক খেৰদাকান্ত বিষয়াই প্ৰতিমা আকাৰত পূজা আয়োজন কৰিলে। পূজাখন তাহানিৰ দিনৰে পৰা বৰ্তমানলৈকে অনুষ্ঠিত হৈ আহিছে অভিনেত্ৰীগৰাকীৰ গুৱাহাটীৰ উজানবজাৰত থকা পুৰণি বাসভৱনত।\nঅভিনেত্ৰীগৰাকীৰ ককাক খেৰদাকান্ত বিষয়াই দেৱ-দেৱীৰ, দুৰ্গামাৰ বাহন সিংহ লগতে অসূৰলৈকে সকলোৰে বাবে নিগাজীকৈ সোণৰ আ-অলংকাৰ গঢ়ি থৈ গৈছে। তদুপৰি দুৰ্গা দেৱীৰ সাজ-পোছাকৰ লগতে আনুষংগিক সকলো সামগ্ৰী কলিকতাৰ কুমাৰতোলীৰ পৰা আনিছিল তেওঁৰ পূৰ্ব-পুৰুষসকলে আৰু বৰ্তমানলৈকে সেই পৰম্পৰা অব্যাহত আছে। পূৰ্বৰ পৰাম্পৰা অব্যাহত ৰাখি এইবাৰো বৰষাৰাণী বিষয়াৰ বাসগৃহত আয়োজন কৰিছে এই পূজাভাগ। অৱশ্যে ক'ভিড মহামাৰীৰ বাবে এইবাৰ জাক-জমকতাৰ পৰিৱৰ্তে কেৱল আধ্যত্মিকতাৰ দিশটোক গুৰুত্ব দি আয়োজন কৰা এই পূজাভাগে তাহানিৰ পৰাই চৰ্চা লাভ কৰিছে।\nতদুপৰি এইবাৰৰ পূজাখন অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাবেও বিশেষ হৈ পৰিছে কিয়নো অভিনেত্ৰীগৰাকীৰ জীৱনলৈ অহা বহুতো ঘাত-প্ৰতিঘাত দুৰ্গা মাৰ আৰ্শীবাদৰ বাবে দূৰ হ'ল বুলি তেওঁ বিশ্বাস কৰে। এইবাৰ এই পূজাৰ আছে এগৰাকী বিশেষ অতিথি। তেওঁ আন কোনো নহয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ স্বামী ভাস্কৰ বৰুৱা। সদ্য বিবাহিত ভাস্কৰ-বৰষাৰ প্ৰেম আৰু বিবাহৰ কাহিনীয়ে বিগত সময়ছোৱাত ব্যাপক চৰ্চা আৰু জনপ্ৰিয়তা লাভ কৰিছিল। হাস্যমুখৰ ভাস্কৰ বৰুৱাই এইবাৰ তেওঁৰ ন শহুৰৰ ঘৰৰ পূজাত বিশেষ আলহী হৈ ভাগ লৈছে। সদায় থকাৰ দৰে পত্নী বৰষাৰ কাষে-কাষে থাকি পূজাৰ তদাকৰ কৰিছে ভাস্কৰ বৰুৱাই। শহুৰৰ ঘৰৰ ঐতিহ্যমণ্ডিত পূজাখনত প্ৰথমবাৰ আলহী হৈ যেন উগুল-থুগুল হৈ পৰিছে ন-জোঁৱাই ভাস্কৰৰ মন। বৰষা ৰাণী বিষয়াৰ জীৱনলৈ ৰঙৰ আকৰ লৈ অহা ভাস্কৰ বৰুৱাৰ উপস্থিতিয়ে যেন এইবাৰ উজান বজাৰৰ এই পূজাথলী অধিক উজলাই তুলিছে।\nPrevious articleআজি নৱমীঃ ৰাশিফলত আজিৰ দিনটো কেনে হ'ব আপোনাৰ?\nNext articleআৰিয়ানৰ হোৱাটছএপত বিস্ফোৰক তথ্য! দীঘলীয়া হ'ব কাৰাবাস, আদালতত কি ক'লে এনচিবি-এ?
3. কােনো পৰীক্ষাৰ্থীয়ে যদি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত উত্তৰ বহী আপলোড্ কৰিবলৈ চেষ্টা নকৰে, তেন্তে পৰীক্ষাৰ্থীৰ কাৰণে আপলোড্সৰ সময়সীমা শেষ হৈ যাব। 3. এই ই-মেইলটো প্ৰতিখন মহাবিদ্যালয়ৰ কাৰণে বেলেগ বেলেগ হ'ব আৰু মাত্ৰ সেই মহাবিদ্যালয়ৰ পৰীক্ষাৰ্থীৰ কাৰণেহে প্ৰযোজ্য হ'ব। মহাবিদ্যালয়ৰ এই উক্ত মেইলটো পাবৰ কাৰণে পৰীক্ষাৰ্থীসকলে নিজৰ নিজৰ মহাবিদ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে। (যিটো মেইলত পৰীক্ষাৰ্থীজনে FILE ৰ সৈতে আপলোড্ কৰিব নোৱাৰাৰ প্ৰমাণ পঠাব।) বিঃ দ্ৰঃ - উপৰোক্ত আটাইবোৰ তথ্য় গুৱাহাটী বিশ্ববিদ্য়ালয়ে দিয়া জাননী অনুসৰি সহজ ভাষাত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰকাশ কৰা হৈছে। N. B - All the Above information is collected from Gauhati University Official Guidelines. If anyone wants to see the official guidelines of the GU OTB Exam new update, click below the link :
Ezetimibe এ গৰ্ভাবস্থাৰ সময়ত কি প্ৰভাৱ পেলাব সেয়া জনা নাযায় কাৰণ এইটোৰ ওপৰত এতিয়ালৈকে কোনো গৱেষনা কৰা হোৱা নাই। স্তন্যপায়ী মহিলাই Ezetimibeৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়া অনুভৱ কৰিব পাৰে। আপুনি যদি কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া দেখা পায় তেন্তে এই Ezetimibe গ্ৰহণ কৰা লগে লগে বন্ধ কৰক। আপোনাৰ চিকিতসকৰ সৈতে কথা পাতক আৰু আপোনাৰ চিকিতসকৰ পৰামৰ্শ লৈহে পিছত ব্যৱহাৰ কৰিব। বৃক্ক can be affected by Ezetimibeৰ দ্বাৰা [Organ] প্ৰভাবিত হব পাৰে। আপুনি যদি এইবিধ ঔষধৰ ক্ষতিকৰ প্ৰভাৱ অনুভৱ কৰে, তেন্তে এই ঔষধটো গ্ৰহণ কৰা বন্ধ কৰক। চিকিতসকৰ পৰামৰ্শৰ পিছতহে আপুনি ইয়াক পুনৰাই গ্ৰহণ কৰা উচিত। Ezetimibe গ্ৰহণ কৰাৰ পিছত কলিজা ত প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে। আপুনি আপোনাৰ দেহত যদি কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া দেখা পায় তেন্তে এই ঔষধটো গ্ৰহণ কৰা বন্ধ কৰক। কেৱল আপোনাৰ চিকিতসকে পৰামৰ্শ দিলেহে পুনৰ আৰম্ভ কৰিব। এই বিষয়ত এতিয়ালৈ কোনো গৱেষণা হোৱা নাই। সেয়ে Ezetimibeৰ সৈতে মদ্যাপন কৰাৰ ক্ষেত্ৰত প্ৰভাৱক লৈ এতিয়ালৈ পাৰ্শ্চক্ৰিয়াৰ বিষয়ে জনা হোৱা নাই।
দীৰ্ঘদিন ধৰি চৰ্চাত থকা 'জামতাৰা ছিজন২'ৰ দৰে ৱেব ছিৰিজ এই মাহত মুক্তি পাব। এই অক্টোবৰত মুক্তি পাব কেইবাখনো ৱেব চিৰিজ আৰু চলচ্চিত্ৰ (Web series and films)। মাহটোত মুক্তি পাবলগীয়া সকলোবোৰ ৱেব ছিৰিজ আৰু চলচ্চিত্ৰৰ সুন্দৰ কণ্টেণ্ট আৰু তাৰকাৰ বাবে চৰ্চাত আছে। অনুৰাগীসকলে ইয়াৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। লিটল থিংছ চিজন 4: 'লিটল থিংছ'ৰ নতুন ছিজন ১৫ অক্টোবৰ, ২০২১ তাৰিখে আহিব। ছিৰিজটোৱে বিবাহৰ পিছত দম্পতীটোৰ জীৱনযাত্ৰা খুব ভালদৰে দেখুৱাইছে। নেটফ্লিক্সে ইয়াৰ চতুৰ্থ ছিজন দেখুৱাবলৈ সাজু হৈছে। জামটাৰা ছিজন ২ঃ নেটফ্লিক্সে ইতিমধ্যে ৱেব ছিৰিজৰ দ্বিতীয় অংশটো মুকলি কৰাৰ কথা প্ৰকাশ কৰিছে, যিটো অক্টোবৰ ২০২১ত আহিব পাৰে। ইয়াৰ প্ৰথম ছিজনটো দৰ্শকে নেটফ্লিক্সত আটাইতকৈ বেছি চাইছিল। অনুৰাগীসকলে ইয়াৰ দ্বিতীয় ছিজনটো আৰু অধিক ৰোমাঞ্চকৰ হ'ব বুলি আশা কৰিছে। স্পেচিয়েল অ'পছ ১.৫ : পৰিচালক নীৰজ পাণ্ডেই ইতিমধ্যে উল্লেখ কৰিছিল যে 'স্পেচিয়েল অ'পছ ১.৫' আহি আছে। অনুৰাগীসকলে অক্টোবৰৰ শেষত ইয়াৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে। কে কে মেননক এই নতুন ৱেব ছিৰিজটোত হিম্মত সিঙৰ চৰিত্ৰত দেখা যাব। ই ডিজনী প্লাছ হটষ্টাৰতো মুক্তি পাব। ২০২০ চনৰ মাৰ্চ মাহত 'স্পেচিয়েল অ'পছ'ৰ প্ৰথম ছিজন মুকলি কৰা হৈছিল। ইয়াত বহুতো তাৰকা আছিল। চৰ্দাৰ উধম সিংঃ 'চৰ্দাৰ উধম সিং' (Sardar Udham Singh) ছবিখন ২০২১ চনৰ ১৬ অক্টোবৰত আমাজন প্ৰাইম ভিডিঅ'ত মুক্তি পাব, য'ত অভিনেতা বিকি কৌশলে (Vicky Kaushal) স্বাধীনতা সংগ্ৰামী চৰ্দাৰ উধম সিঙৰ চৰিত্ৰত অভিনয় কৰিছে। ময়দান : 'ময়দান' (Maidaan) চলচ্চিত্ৰখন ১৫ অক্টোবৰত মুক্তি পাব, য'ত অজয় দেৱগণে ভাৰতীয় ফুটবল প্ৰশিক্ষক চৈয়দ আব্দুল ৰহিমৰ চৰিত্ৰত অভিনয় কৰিছে। প্ৰিয়ামণি ছবিখনৰ মুখ্য অভিনেত্ৰী। পৰিচালক অমিত শৰ্মাই ছবিখনৰ জৰিয়তে ভাৰতীয় ফুটবল দলৰ সোণালী যুগ দেখুওৱা হৈছে। ৰশ্মি ৰকেটঃ চলচ্চিত্ৰ 'ৰশ্মি ৰকেট' (Rashmi Rocket) ১৫ অক্টোবৰত জি-৫ত মুক্তি পাব। ইয়াত তাপসী পান্নুৱে খেলুৱৈ ৰশ্মিৰ চৰিত্ৰত অভিনয় কৰিছে, যি এখন সৰু গাঁওৰ অন্তৰ্গত। অৱশ্যে, তেওঁ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা এগৰাকী সফল খেলুৱৈ হৈ পৰে, কিন্তু লিংগ পৰীক্ষাত বিফল হোৱাৰ পিছত তেওঁক নিলম্বিত কৰা হয়। ৰাজ্যত বাঢ়িছে অপৰাধী, কিন্তু কমিছে কাৰাগাৰৰ কৰ্মচাৰী, কিমান খালী আছে কাৰাগাৰ কৰ্মচাৰীৰ পদ? CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
১ যোহন 4:4\nহে প্ৰিয় সন্তানসকল, অাপোনালোক হ'ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।\n১ তীমথিয় 4:1\nপবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,\n২ কৰিন্থীয়া 2:11\nকিয়নো চয়তানে যেন আমাৰ ওপৰত ছল নাপায়। কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ।\nযেতিয়া মোৰ আগেদি এক ছাঁ পাৰ হৈ গ'ল; তেতিয়া মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল।\nতেতিয়া যীচুৱে তাক সুধিলে, "তোৰ নাম কি?" তেতিয়া সি ক'লে, "বাহিনী"; কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাই আছিল।\n১ কৰিন্থীয়া 10:20-21\n তেনে নহয়; কিন্তু অনা-ইহুদী লোকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত, পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছোঁ; আৰু আপোনালোক ভূত, পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই। আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ'ব নোৱাৰে।\n এনে কি, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্র-কন্যাবোৰক বলি দিলে। তেওঁলোকে নিৰ্দ্দোষীবোৰৰ ৰক্তপাত কৰিলে, তেওঁলোকৰ পুত্র-কন্যাবোৰৰ ৰক্তপাত কৰিলে, কনানীয়া মূর্তিবোৰৰ উদ্দেশ্যে সন্তানবোৰক বলি দিলে, গোটেই দেশ তেজেৰে অপবিত্ৰ হ'ল।\n তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক'লে, "মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ'ল। যিহোৱাৰ নাম ধন্য হওক।"\n অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক। ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে। কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে।\n কিন্তু দেশ ভ্ৰমি ফুৰা কেইজনমান ইহুদী ভূত খেদাওঁতাই, ভূতৰ আত্মাই ধৰা সকলৰ আগত প্ৰভু যীচুৰ নাম, নিজৰ কামত ব্যৱহাৰ কৰি কয়, "যি জনাৰ কথা পৌলে প্রচাৰ কৰিছে, সেই যীচুৰ শপত দি তোমালোকক আজ্ঞা দিছোঁ।" স্কিবা নামৰ যিহুদী প্ৰধান পুৰোহিত এজনৰ সাত জন পুতেকে এই কর্ম কৰিছিল। তাতে ভূতৰ আত্মাই উত্তৰ দি তেওঁলোকক ক'লে, "যীচুক জানো, পৌলকো চিনি পাওঁ; কিন্তু তোমালোক নো কোন?" এই বুলি সেই ভূতৰ আত্মাই ধৰা মানুহ জনে তেওঁলোকৰ ওপৰত জাঁপ মাৰি আটাইকে বশ কৰি বলেৰে পৰাজয় কৰিলে; তেতিয়া তেওঁলোক উলঙ্গ আৰু আঘাত পাই, সেই ঘৰৰ পৰা পলাল।\n২ পিতৰ 2:4-10\n স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হবলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে। ঈশ্বৰে সেই পুৰণি জগতকো এৰি দিয়া নাছিল; ঈশ্বৰৰ প্রতি ভক্তিহীন লোক সকলৰ ওপৰলৈ তেওঁ জলপ্লাৱন আনিলে; কেৱল নোহ আৰু তেওঁৰ লগত আন সাত জনক তেওঁ ৰক্ষা কৰিলে। এই নোহে লোক সকলক ধাৰ্মিকতাৰ পথত চলাৰ সম্বন্ধে প্রচাৰ কৰিছিল। চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোক সকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবী কালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হ'ব তাকেই উদাহৰণ স্বৰূপে স্থাপন কৰিলে। কিন্তু লোটক তেওঁ ৰক্ষা কৰিছিল। লোট ধাৰ্মিক লোক আছিল। সেই নগৰৰ বিধানহীন মানুহবোৰৰ অনৈতিক চাল-চলনত তেওঁ অতি ব্যথিত হৈছিল। সেই ধাৰ্মিক লোক জনে বিধানহীন মানুহবোৰৰ মাজত বাস কৰিছিল আৰু তেওঁৰ ধার্মিক আত্মাই প্রতিদিনে এই লোক সকলৰ অধার্মিক কার্যবোৰ দেখি আৰু সেইবোৰৰ বিষয়ে শুনি যন্ত্রণা ভোগ কৰিছিল। গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ'ব, সেই বিষয়েও প্রভুৱে জানে। এই দণ্ড বিশেষভাৱে তেওঁলোকৰ বাবে, যি সকলে অশুচিতাৰ মাংসিক অভিলাষবোৰত চলে আৰু প্রভুৰ কতৃত্বক হেয়জ্ঞান কৰে। এই ভণ্ড শিক্ষক সকল দুঃসাহসী আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলে। তেওঁলোকে এনে কি স্বর্গৰ দূত সকলকো নিন্দা কৰিবলৈ ভয় নকৰে।\nপ্ৰকাশিত বাক্য 9:1-7\n তেতিয়া পঞ্চম দূতে তেওঁৰ তূৰী বজালে। আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিবলৈ পালোঁ। অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ'ল। তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলোতে, কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধুঁৱাৰ নিচিনাকৈ ধুঁৱা উঠিল; তাতে সেই কুণ্ডৰ ধুঁৱাৰে সূৰ্য্য আৰু আকাশ অন্ধকাৰময় হ'ল। সেই ধুঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল; আৰু সেইবোৰক, পৃথিৱীৰ কেঁকোৰা-বিছাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ'ল। আৰু পৃথিৱীৰ কোনো তৃণ, বা কোনো কেচা শাক বা কোনো গছ অনিষ্ট নকৰি, যি সকলৰ কপালত ঈশ্বৰৰ ছাব নাই, অকল তেনে লোক সকলক অনিষ্ট কৰিবলৈ সেইবোৰক কোৱা হ'ল। সেই লোক সকলক বধ কৰিবলৈ তেওঁলোকক অনুমতি দিয়া হোৱা নাই, কিন্তু লোক সকলক পাঁচ মাহলৈকে যাতনা দিবৰ বাবে, সেইবোৰক ক্ষমতা দিয়া হ'ল। কেঁকোৰা-বিছাই মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনাও তেনে। সেই কালত লোক সকলে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব; তেওঁলোকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা পলাব। সেই ফৰিংবোৰৰ আকৃতি, যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা। তেওঁলোকৰ মুৰত সোণৰ কিৰীটি থকা যেন দেখা যায় আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা।\n পাছত তেওঁলোকে কফৰনাহূমলৈ গ'ল আৰু বিশ্ৰামবাৰ আহিলত নাম-ঘৰত সোমাই উপদেশ দিলে। তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ বিধানৰ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে। সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি ক'লে, "হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো। আপুনি ঈশ্বৰৰ পবিত্ৰ জন"। কিন্তু যীচুৱে তাক ডবিয়াই ক'লে, "মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!" তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ'ল। তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, "এইয়া কি? ক্ষমতাপন্ন জনৰ দৰে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে"।\n কিন্তু যিয়ে জীৱনলৈ নিয়ে, সেই দুৱাৰ সৰু আৰু বাটো ঠেক। অতি কম লোকেহে ইয়াক বিচাৰি পায়। ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেৰৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ। সিহঁতৰ জীৱনৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা। মানুহে জানো কাঁইটীয়া জোপোহাৰ মাজৰ পৰা আঙুৰ ফল বা কাঁইট গছৰ পৰা ডিমৰু ফল পাব পাৰে? ঠিক তেনেদৰে প্রত্যেক ভাল গছত ভাল ফল ধৰে আৰু বেয়া গছত বেয়া ফল ধৰে। ভাল গছত বেয়া ফল আৰু বেয়া গছত ভাল ফল ধৰিব নোৱাৰে। যি গছত ভাল ফল নধৰে, সেই গছ কাটি জুইত পেলোৱা হয়। এতেকে সিহঁতৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা।\n তাৰ পাছত যীচু গালীল প্ৰদেশৰ কফৰনাহূম চহৰলৈ গ'ল। তাত এদিন বিশ্ৰামবাৰে তেওঁ লোক সকলক নাম-ঘৰত উপদেশ দি আছিল। তেওঁৰ উপদেশত তেওঁলোকে বিস্ময় মানিলে; কিয়নো তেওঁ ক্ষমতাৰে সৈতে শিক্ষা দিছিল। নাম-ঘৰত সেইদিনা অশুচি আত্মাৰ ভূতে পোৱা এজন মানুহ আছিল। তেওঁ বৰ মাতেৰে চিঞৰি কৈছিল, "হে, নাচৰতীয়া যীচু! আপোনাৰ লগত আমাৰ কি প্রয়োজন? আপুনি আমাক ধ্বংস কৰিবলৈ আহিছে নেকি? মই জানো আপুনি কোন, আপুনি ঈশ্বৰৰ পবিত্ৰ জন।" যীচুৱে তাক ডবিয়াই কলে, "মনে মনে থাক আৰু তাৰ পৰা বাহিৰ ওলা!" তেতিয়া সেই ভূতৰ আত্মাই মানুহ জনক সকলোৰে মাজতে আচাৰি পেলালে আৰু তেওঁৰ একো ক্ষতি নকৰাকৈ তেওঁৰ ভিতৰৰ পৰা বাহিৰ ওলাই গ'ল। ইয়াকে দেখি সকলোৱে অবাক হৈ নিজৰ মাজতে কোৱা-কুই কৰিবলৈ ধৰিলে, "ই কেনেকুৱা কথা? ক্ষমতা আৰু পৰাক্ৰমেৰে এওঁ দেখোন অশুচি আত্মাবোৰকো আজ্ঞা দিয়ে আৰু সিহঁত বাহিৰ ওলাই যায়?" পাছত তেওঁৰ বিষয়ে সকলো কথা সেই অঞ্চলৰ চাৰিওফালে থকা সকলো ঠাইতে বিয়পি গ'ল। যীচু নাম-ঘৰৰ পৰা ওলাই চিমোনৰ ঘৰলৈ গ'ল। তাতে চিমোনৰ শাহুয়েক ভীষণ জ্বৰত কষ্ট পাই আছিল। তেওঁক সুস্থ কৰিবৰ কাৰণে তেওঁলোকে যীচুক অনুৰোধ কৰিলে। তেতিয়া যীচুৱে চিমোনৰ শাহুয়েকৰ ওচৰত থিয় হৈ জ্বৰক ডবিয়ালে। তেতিয়া তেওঁৰ পৰা জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব ধৰিলে। সূর্য অস্ত যোৱাৰ সময়ত লোক সকলে নানা ধৰণৰ ৰোগত আক্রান্ত সকলো ৰোগীকে যীচুৰ ওচৰলৈ লৈ আনিলে। তেওঁ তেওঁলোকৰ প্রত্যেকৰে ওপৰত হাত ৰাখি সুস্থ কৰিলে। তেওঁলোকৰ মাজৰ অনেকৰ পৰা ভূতবোৰ ওলাই আহিল। সিহঁতে আটাহ পাৰি কবলৈ ধৰিলে, "আপুনি ঈশ্বৰৰ পুত্ৰ!" কিন্তু তেওঁ সিহঁতক ডবিয়াই মুখ বন্ধ কৰি দিলে; কাৰণ সিহঁতে জানিছিল যে, তেৱেঁই খ্ৰীষ্ট।\n হে সন্তান সকল, তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো ঈশ্বৰৰ, দৃষ্টিত এয়ে উচিত। "তোমালোকে নিজৰ পিতৃ-মাতৃক সন্মান কৰা" এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা। তেতিয়াহে তোমালোকৰ কল্যাণ হব আৰু পৃথিৱীত দীৰ্ঘায়ুলৈ জীৱিত থাকিবা।" হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলৰ খং নোতোলোব; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক। দাস সকল, তোমালোক যেনেকৈ খ্ৰীষ্টৰ, তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু কম্পনেৰে সৈতে নিজ নিজ জগতৰ প্ৰভু সকলৰ আজ্ঞাধীন হোৱা; কেৱল চকু-চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ, বৰং নিজকে খ্ৰীষ্টৰ দাস ৰূপে আন্তৰিকতাৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰভু সকলৰ সেৱাকর্ম কৰা। তোমালোকে আনন্দ মনেৰে এনেদৰে কাম কৰিবা যাতে মানুহক নহয় ঈশ্বৰৰহে সেৱা কৰিছা। মনত ৰাখিবা, তোমালোক দাস বা স্বাধীন যিয়েই নহোৱা প্রতিজনে সকলো সৎকর্ম্মৰ কাৰণে নিজে প্ৰভুৰ পৰা পুৰস্কাৰ পাবা। আপোনালোক যি সকল প্রভু, আপোনালোকেও আপোনালোকৰ দাস সকলক সেই একে ব্যৱহাৰ কৰক। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ আপোনালোকে জানে যে স্বৰ্গত তেওঁলোক আৰু আপোনালোকৰ একেই হব আৰু তেওঁত কোনো পক্ষপাত নাই। অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক। ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে। কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে। এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক। এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি, শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক। যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময় শৰ সমূহ নুমাব পাৰে, এনে বিশ্বাসৰ ঢাল লওঁকঃ পৰিত্রাণ শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰক। সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।
গুৱাহাটীলৈ যাম বুলি ওলাই অহা যুৱক গ'ল আলফালৈ! আদবাটতে গ্ৰেপ্তাৰ\nগুৱাহাটীলৈ যাম বুলি ওলাই অহা যুৱক গ'ল আলফালৈ! আদবাটতে গ্ৰেপ্তাৰ\nNovember 22, 2021 3:26 pm\nওদালগুৰি জিলাৰ টংলাৰ যুৱক এজনে আলফাত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱাৰ কথাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।\nগুৱাহাটীলৈ যাম বুলি ঘৰৰ পৰা ওলাই আহিছিল টংলাৰ বিকাশ ডেকা। কিন্তু গুৱাহাটীৰ সলনি নগালেণ্ড পালেগৈ বিকাশে।\nশেহতীয়া ভাৱে টংলাৰ এইগৰাকী যুৱক নগালেণ্ডৰ ম'ন জিলাত আচাম ৰাইফলছৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ওদালগুৰি জিলাত।\nASSAM RIFLES APPREHEND A CADRE OF ULFA (I) AND TWO NEW RECRUITS IN NAGALAND #AssamRifles, on 20 Nov, inajoint operation with Nagaland Police apprehendedacadre of ULFA (I) and two new recruits from Mon Town, Mon District, Nagaland.@adgpi @PIBHomeAffairs @ANI pic.twitter.com/6MEIgd4NRZ\n - The Assam Rifles (@official_dgar) November 22, 2021\nউল্লেখযোগ্য যে টংলা থানাৰ অন্তৰ্গত জলাহ গাঁৱৰ কৃষক মহেন্দ্ৰ ডেকাৰ পুত্ৰ বিকাশ ডেকাই টংলা চহৰত এখন সৰু কম্পিউটাৰৰ দোকান দি চলি আহিছিল। কিন্তু যোৱা মঙলবাৰে গুৱাহাটীলৈ যাম বুলি ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা ৰহস্য জনক ভাৱে সন্ধানহীন হৈ পৰে বিকাশ ডেকা।\nইপিনে অসম ৰাইফলছৰ Twitter ত সদৰী কৰা মতে, দুই যুৱকৰ সৈতে অসম ৰাইফলছৰ হাতত বিকাশ ডেকা ধৰা পৰিছে নগালেণ্ড'ৰ মন জিলাত।\nদুৰ্ভগীয়া পিতৃয়ে আজি টংলা থানাত পুত্ৰৰ সন্ধানত এজাহাৰ দাখিল কৰিছে।
তিৱা অসমৰ এটা জনজাতি। অসমৰ নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাতেই এওঁলোকৰ ঘাই বসতি যদিও কামৰূপ জিলাৰ দক্ষিণ-পূব অংশত, লখিমপুৰ জিলাৰ কেইখনমান গাঁৱত আৰু যোৰহাটৰ ওচৰত তিতাবৰত কিছুসংখ্যক তিৱালোক আছে। পূৰ্বে এই জন-জাতিৰ লোকসকল 'লালুং' নামে পৰিচিত আছিল যদিও বৰ্তমানে এওঁলোকে নিজকে 'তিৱা' বুলি চিনাকি দিহে ভাল পায়। কাৰ্বিসকলৰ লগত তিৱাসকলৰ যথেষ্ট সাদৃশ্য দেখা যায়। বহুক্ষেত্ৰত তেওঁলোকক দুটা সুকীয়া জনজাতি হিচাপে ঠাৱৰ কৰাই কঠিন। দুয়োটা জনজাতিৰ সামাজিক প্ৰথা, ৰীতি-নীতি আদিৰ মাজত পাৰ্থক্যতকৈ সাদৃশ্যই বেছি। তিৱাসকল কেইবাটাও কুলত বিভক্ত। যেনেঃ মছৰং, কোৱঁৰ, পাটৰ, মাছেৰেং, মাগৰ, মাদুৰ, লাদুৰ, পুৰু, ছাগাৰা, মালৈ, আগাৰা, চঞ্চৰ, কচ, চলং, মুনি, মেলাং, লৱম আদি। ইয়াৰ ভিতৰত মছৰং আৰু মাছৰেং কুলক শ্ৰেষ্ঠ বুলি কোৱা হয়। উল্লিখিত প্ৰতিটো কূলেই বহিৰ্বিবাহী। বিশেষ এটা কুলে আন এটা বিশেষ কুলৰ লগতহে বৈবাহিক সম্পৰ্ক পাতিব আৰু ৰাখিব পাৰে। তিৱাসকল হিন্দু ধৰ্মাৱলম্বী। অতীজতে তেওঁলোকৰ নিজা ধৰ্মীয় বিশ্বাস আৰু ক্ৰিয়া-কাণ্ড আছিল যদিও বৰ্তমানে তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। মহাদেৱ আৰু কেঁচাইখাতী গোসাঁনী তেওঁলোকৰ আৰাধ্য দেৱ-দেৱী। বুধবাৰ তিৱাসকলৰ গুৰুবাৰ। তিৱাসকলৰ অৰ্থনৈতিক জীৱন অসমৰ অন্যান্য জনগোষ্ঠীৰ সৈতে একে। তেওঁলোকৰ সৰহসংখ্যক লোকেই কৃষিজীৱী। ধান, সৰিয়হ, মাহ, আলু আদিৰ খেতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে। অৰ্থনৈতিক দিশত তিৱাসকল এতিয়াও অনুন্নত। একেদৰে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতো সৰহ-সংখ্যক তিৱালোক পিছপৰা। তিৱাসকলৰ নিজস্ব কথিত ভাষা বা দোৱান আছে যদিও ভৈয়ামৰ সৰহসংখ্যক তিৱালোকে তাক পাহৰি পেলাইছে। বৰ্তমান অসমীয়া ভাষাকেই তেওঁলোকে মাতৃভাষাৰূপে ব্যৱহাৰ কৰিছে। উৎসৱ-পাৰ্বণৰ ক্ষেত্ৰত ভৈয়ামৰ তিৱাসকলে স্থানীয় আন অসমীয়াসকলে পালন কৰা উৎসৱকেই পালন কৰে। তিৱাসকলৰ জীৱন-নিৰ্বাহৰ পদ্ধতিঅৰ অসমীয়া ভাষা-ভাষী হিন্দুসকলৰ লগত বহুখিনি মিল আছে।
মৌলিক অধিকাৰ, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য ভাৰতীয় সংবিধানৰ তিনিটা প্ৰধান অংশ। এই তিনিটা অংশত নাগৰিকসকলৰ প্ৰতি ৰাষ্ট্ৰৰ ° মৌলিক দায়দায়িত্ব আৰু ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকসকলৰ কৰ্তব্যসমূহৰ বিশদ ব্যাখ্যা দিয়া হৈছে। এই অংশসমূহে চৰকাৰী নীতিনিৰ্ধাৰণ আৰু নাগৰিকসকলৰ আচাৰ-আচৰণৰ ক্ষেত্ৰত এটা সাংবিধানিক অধিকাৰ পত্ৰৰ ভূমিকা পালন কৰে। এই অংশ তিনিটা ১৯৪৭ পৰা ১৯৪৯ চনৰ মধ্যবৰ্তী সময়ত গণপৰিষদৰ দ্বাৰা ৰচিত মূল সংবিধানৰ অত্যন্ত গুৰুত্বপূৰ্ণ তিনিটা অংশ হিচাপে বিবেচিত হয়। মৌলিক অধিকাৰ হ'ল সকলো নাগৰিকৰ মানবাধিকাৰৰ মূলভিত্তি। সংবিধানৰ তৃতীয় খণ্ডত বৰ্ণিত এই অধিকাৰসমূহ জাতি, জন্মস্থান, ধৰ্ম, বৰ্ণ, বিশ্বাস আৰু লিঙ্গ নিৰ্বিশেষে সকলোতে সমভাৱে প্ৰযোজ্য। এই অধিকাৰসমূহ আদালতত বিচাৰযোগ্য। তথাপিটো এইসমূহৰ ওপৰত কিছু নিৰ্দিষ্ট বিধিনিষেধ আৰোপ কৰা যায়। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি হ'ল চৰকাৰৰ দ্বাৰা আইন প্ৰণয়নৰ নীতি-সংক্ৰান্তিয় নিৰ্দেশিকা। সংবিধানৰ চতুৰ্থ খণ্ডত বৰ্ণিত এই নীতিসমূহ আদালতত বিচাৰযোগ্য নহয়। তথাপিটো আশা কৰা হয়, চৰকাৰ পৰিচালনাৰ মৌলিক নিৰ্দেশিকাৰ যি আদৰ্শসমূহৰ ওপৰত এই নীতিসমূহ প্ৰতিষ্ঠিত, আইনৰ ৰূপদান আৰু প্ৰণয়নৰ সময়ত চৰকাৰে সেইসমূহ মানি চলিব। মৌলিক কৰ্তব্য হ'ল সকল নাগৰিকেৰ নৈতিক দায়দায়িত্ব। এইসমূহৰ উদ্দেশ্য, দেশৰ জনগণৰ মাজত দেশাত্মবোধ জাগৰিত কৰা আৰু দেশৰ ঐক্য ৰক্ষা কৰা। সংবিধানৰ চতুৰ্থ -ক খণ্ডত বৰ্ননা কৰা এই কৰ্তব্যসমূহ দেশৰ প্ৰতিজন ব্যক্তি আৰু জাতিৰ ক্ষেত্ৰতেই প্ৰযোজ্য। নিৰ্দেশাত্মক নীতিসমূহৰ দৰেই এইসমূহ আদালতত বিচাৰযোগ্য নহয়। ৫) ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভ্ৰাতৃভাৱৰ সৃষ্টি কৰা আৰু মহিলা সকলৰ প্ৰতি মৰ্যদা হানিকৰ আচৰণ ত্যাগ কৰা; ৭) বননি, হ্ৰ্দ, নদ-নদী, বন্য জন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াপৰৱশ হোৱা; ৮) বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা, মানৱতাবোধ ভাৱৰ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰ মনোভাৱৰ বিকাশ সাধন কৰা; ১০) ব্যক্তিগত আৰু সামূহিক সকলো কাম-কাজৰ ক্ষেত্ৰ্ত উৎকৰ্ষ সাধনৰ চেষ্টা কৰা আৰু ৰাষ্ট্ৰই যাতে প্ৰগতিৰ পথত আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰা; ১৯১৯ চনত ব্ৰিটিছ চৰকাৰে দমনমূলক ৰাওলাট আইন জাৰি কৰে। এই আইন অনুসৰি আৰক্ষীৰ লোকসকলক বিনা পৰোৱানাতে খানতালাছী, বাজেয়াপ্তকৰণ, বন্দী আৰু আটকৰ কৰাৰ অধিকাৰ প্ৰদান কৰা হয়; সভা-সমিতি পতাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হয়; আৰু গণমাধ্যমৰ কণ্ঠৰোধ কৰা হয়। এই আইনৰ প্ৰতিবাদে ১৯২০-ৰ দশকত ভাৰতত এটা গণআন্দোলনৰ সূচনা হয়। এই আন্দোলনৰ পৰিপ্ৰেক্ষিততেই ১৯২৮ চনত ভাৰতৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলে এখন সৰ্বদলীয় সন্মীলনত ভাৰতৰ বাবে সাংবিধানিক সংস্কাৰৰ প্ৰস্তাৱ ৰাখে। ইয়াৰ পাছত মতিলাল নেহৰুৰ নেতৃত্বাধীন এগাৰো সদস্যবিশিষ্ট এই কমিটিয়ে ভাৰতীয় সংবিধানৰ এটা আনুষ্ঠানিক ৰূপৰেখা তুলি ধৰে। ভাৰতৰ বাবে অধিৰাজ্যৰ মৰ্যাদা বা ডোমিনিয়ন ষ্টেটাছ আৰু সৰ্বজনীন ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠানৰ দাবীৰ লগতে এই কমিটিয়ে মৌলিক অধিকাৰৰ ৰক্ষাকবচ, ধৰ্মীয় আৰু জাতিগত সংখ্যালঘুসকলৰ প্ৰতিনিধিত্ব আৰু চৰকাৰী ক্ষমতাৰ সীমাবদ্ধকৰণৰ দাবী উত্থাপন কৰে। ১৯৩১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰাছী অধিবেশনত মৌলিক নাগৰিক অধিকাৰৰ সংজ্ঞা আৰু এই অধিকাৰ ৰক্ষাৰ সপক্ষে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অধিকাৰৰ মাজত অন্তৰ্ভুক্ত আছিল ন্যূনতম মজুৰিৰ সীমা নিৰ্দ্ধাৰণ, আৰ্থ -সামাজিক অধিকাৰ, অস্পৃশ্যতা আৰু ভূমিদাসপ্ৰথা বিলোপৰ প্ৰস্তাৱনা।[2] [3] ১৯৩৬ চনত সমাজতন্ত্ৰৰ আদৰ্শৰে উদ্বুদ্ধ হৈ কংগ্ৰেছ নেতৃবৃন্দই ছোভিয়েট সংবিধানৰ কথিত নাগৰিকসকলৰ মৌলিক অধিকাৰৰ ধাৰণাটিৰ উদাহৰণ গ্ৰহণ কৰে। এই অধিকাৰ সেইখন দেশত সমষ্টিগত দেশাত্মবোধ জাগৰণৰ এটা পন্থা হিচাপে ব্যৱহৃত হয়। স্বাধীন ভাৰতত সংবিধান ৰচনাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত নিৰ্বাচিত সদস্যসকলক লৈ গঠিত ভাৰতৰ গণপৰিষসকলৰ ওপৰত। গণপৰিষদে ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত এটা সংবিধান খচৰা কমিটি গঠন কৰে। সংবিধান ৰচনাৰ কাম চলি থকাৰ সময়তেই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘ সাধাৰণ সভাই বিশ্ব মানবাধিকাৰ চনদখনৰ ঘোষণা কৰে। এই ঘোষণাপত্ৰত সকলো সদস্য ৰাষ্ট্ৰকে নিজ নিজ সংবিধানৰ উক্ত অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনোৱা হয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান প্ৰস্তাব গৃহীত হোৱাৰ কিছুদিন পূৰ্বে সংবিধানৰ চূড়ান্ত খচৰাত মৌলিক কৰ্তব্য আৰু নিৰ্দেশাত্মক নীতিসমূহ সংযোজিত কৰা হয়; আনহাতে ১৯৭৬ চনত সংবিধানৰ ৪২তম সংশোধনী আইনৰ যোগেদি মৌলিক কৰ্তব্যসমূহ সংবিধানৰ অন্তৰ্ভুক্ত হয়।[4] মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মৌলিক কৰ্তব্যসমূহৰ ক্ষেত্ৰত সংশোধনৰ প্ৰয়োজন হ'লে ভাৰতীয় সংসদত সংবিধান সংশোধনীৰ প্ৰস্তাব উত্থাপন কৰিব লাগে আৰু এই প্ৰস্তাবক সংসদৰ উভয় কক্ষৰেই সদস্যসকলৰ সমৰ্থনযোগে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব লাগে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পূৰ্বৰে পৰা ভাৰতৰ সমাজ ব্যৱস্থাত প্ৰচলিত থকা দুৰ্বল শ্ৰেণীৰ লোকৰ ওপৰত অত্যাচাৰ, উৎপীড়ন, ব্যভিচাৰ আৰু শোষণ প্ৰতিহত কৰাৰ উদ্দেশ্যে সংবিধান ৰচকসকলে 'শোষণৰ বিৰুদ্ধে অধিকাৰ" সংবিধানত সন্নিৱিষ্ট কৰিছে। সংবিধানৰ ২৩ নং অনুচ্ছেদ অনুসৰি (ক) মানুহক পণ্য দ্ৰব্যৰ দৰে ক্ৰয়-বিক্ৰয় কৰা; (খ) কোনো লোকক বিনা-বেতনে কামত নিয়োগ কৰা; (গ) জোৰ জুলুম কৰি কাম আদায় কৰা আদি নিষিদঅধ কৰা হৈছে। সংবিধানৰ ২৪ নং অনুচ্ছেদত ১৪ বছৰৰ কম বয়সীয়া ল'ৰা-ছোৱালীক কল-কাৰখানা, খনি নাইবা আন বিপদসংকুল কামত নিয়োগ কৰা নিষিদ্ধ কৰিছে। এনে নিষেধাজ্ঞা ভংগ কৰা ব্যক্তিক আইন অনুসৰি শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰৰ বৃহত্তৰ স্বাৰ্থ নাইবা নিৰাপত্তাৰ বাবে প্ৰয়োজন হলে চৰকাৰে জাতি, বৰ্ণ, ধৰ্ম আদিৰ ভিত্তিত বৈষম্যমূলক আচৰণ প্ৰদৰ্শন নকৰি বাধ্যতামূলক কাম আদায় কৰিব পাৰে। বিশেষ দ্ৰষ্টব্য °: "ৰাষ্ট্ৰ" শব্দটি ভাৰতীয় ভূখণ্ডৰ মাজত যিকোনো চৰকাৰী কৰ্তৃপক্ষৰ ক্ষেত্ৰত প্ৰযোজ্য। সংবিধানৰ দ্বাদশ অনুচ্ছেদত ৰাষ্ট্ৰ শব্দৰে বুজোৱা হৈছে (১) ভাৰত চৰকাৰ, ভাৰতীয় সংসদ; (২) ভাৰতীয় ৰাজ্যসমূহৰ চৰকাৰ আৰু বিধানসভা; (৩) পৌৰসংস্থা, পৌৰসভা, জিলা পৰিষদ, পঞ্চায়ত ইত্যাদি স্থানীয় আৰু অন্যান্য স্বশাসিত সংস্থা; (৪) ভাৰতৰ অন্তৰ্গত আৰু ভাৰত চৰকাৰৰ নিয়ন্ত্ৰণাধীন অন্যান্য সংস্থা। প্ৰসঙ্গত উল্লেখ্য, ইংৰাজী ভাষাত ভাৰতৰ অঙ্গৰাজ্য আৰু ৰাষ্ট্ৰ উভয়েই State নামে পৰিচিত। এই সম্পৰ্কে বিভ্ৰান্তি আতৰোৱাৰ বাবে ৰাষ্ট্ৰৰ অৰ্থ State (S বৰফলা আখৰ) আৰু ৰাজ্যৰ অৰ্থে states (s সৰুফলা আখৰ) লেখাৰ নিয়ম প্ৰচলিত আছে।
'নিশাৰ পূৰবী' (১৯৬২)উপন্যাসৰদ্বাৰা যাত্ৰা আৰম্ভ কৰা এইজনা প্ৰথিতযশা সাহিত্যিকৰ অসমীয়া সাহিত্যলৈ অন্যতম উল্লেখযোগ্য অৱদান হ'ল- 'যাকেৰি নাহিকে উপাম' আৰু 'গঙা-চিলনিৰ পাখি'। ১৯৬৩ চনত ৰচিত 'গঙা-চিলনিৰ পাখি'ৰ আধাৰতে প্ৰয়াত পদূম বৰুৱাই একে নামেৰে চলচ্চিত্ৰও নিৰ্মাণ কৰে।'পাতাল ভৈৰবী'ৰ বাবে ১৯৮৮ চনৰ সাহিত্য অকাডেমী বঁটাৰে বিভূষিত এইজনা মানৱদৰদী সাহিত্যিকে ২০০৮ চনত আন এখন ব্যতিক্ৰমধৰ্মী কল্পবিজ্ঞান উপন্যাস 'কায়কল্প'ৰ বাবে 'সৰস্বতী' সন্মান লাভ কৰে। বৰাদেৱে "ৰামধেনু"ত গল্পকাৰৰূপে আত্মপ্ৰকাশ কৰে । তেখেতৰ গল্পসমূহ ৰামধেনু, নতুন অসমীয়া, অৰুণাচল আদিত প্ৰকাশ হৈছিল । সাংবাদিকতাৰ লগতো জড়িত বৰাৰ বাৰটি গল্প সংকলন আৰু পঁচিছখনৰো অধিক উপন্যাস প্ৰকাশ হৈছে । ১৯৮৮ চনত তেখেতে "পাতাল ভৈৰৱী"গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু২০০৪ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে । ড. বৰা অসম সাহিত্য সভাৰ ১৯৯৬চনৰ বোকাখাত অধিৱেশনৰ সভাপতি আছিল। "আমাৰ অসম"কে ধৰি কেইবাখনো কাকতৰ সম্পাদনাৰ অভিজ্ঞতাৰে পুষ্ট বৰাদেৱ বৰ্তমান "গৰীয়সী" আলোচনীৰ সম্পাদক । "গঙা চিলনীৰ পাখি" হ'ল তেখেতৰ অন্যতম উপন্যাস । "কাল বলুকাত খোজ" তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ । গঙা চিলনীৰ পাখি,মেঘালী দুপৰ,বলুকাত বিজুলী,উত্তৰ পুৰুষ, বিশেষ এৰাতি,পতন, পাতাল ভৈৰৱী,নায়ক অধিনায়ক, মৎস্যকন্যা, সেহি গুণনিধি, মেঘত মাদল বাজে, চতুৰংগ, কাঁচিয়লিৰ কুঁৱলী,মন মাটি মেঘ,গৌৰি ৰূপক,নিষিদ্ধ চেতনা, মাজত তৃষাৰ নৈ,মাটিত মেঘৰ ছাঁ,কায়কল্প, আকৌ শৰাইঘাট,এৰাবাৰীৰ লেছেৰী, প্ৰেয়সী, পাখি, হিয়াত তিৰেবিৰায় ইত্যাদি বহুকেইখন কালজয়ী উপন্যাসৰ ৰচনা কৰি তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। মূলতঃ মেহনতী মানুহৰ দুখ-দুর্দশা,কৃষকৰ অর্থনৈতিক স্বাৱলম্বীতাৰ সূত্র তৈয়াৰত আদি সময়ছোৱাত ৰাজনৈতিক সামাজিক পটভূমিত গুৰুত্ব দি তেখেতে যুগজয়ী সৃষ্টিত অৰিহনা যোগাইছিল।অসমৰ সমাজ জীৱনৰ অন্যতম সুঁতি স্বৰূপ শংকৰী কলা-কৃষ্টিৰ প্রতিও শ্রদ্ধাশীল আছিল বৰাদেৱ। এজন আধুনিক সমাজ সচেতক সংগঠক ৰূপে তেখেতে নিজৰ ৰচনাৱলীৰ জৰিয়তেও দায়বদ্ধতা পালন কৰিছিল।তেখেতৰ নাটক "মহে গুণ গুণ কৰে" এখন সমাজ সচেতনধর্মী ৰচনা। গল্পকাৰ ৰূপে বহু সমাদৃত লক্ষ্মীনন্দন বৰাৰ প্রায়বোৰ গল্পতে কৃষক সমাজৰ দুখ দুর্দশাৰ ছবি অংকিত হৈছে।গল্পকাৰে কৃষিপ্রধান গ্রাম্যজীৱনৰ কর্মব্যস্ত ছবি এখন তুলি ধৰাৰ সার্থক প্রয়াস কৰিছে। গাওঁ অঞ্চলত দেখা দিয়া বানপানী,মহামাৰীৰ সমস্যাৰ ক্ষয়ংকৰী স্বৰূপ নির্দেশ কৰা হৈছে অন্য কিছুমান গল্পত। শ্রমজীৱি মানুহৰ জীৱন-যন্ত্রণা,সুখ- দুখ,পৰম্পৰা, খেতি-খোলা আদিকে ধৰি অন্য বহু দিশ অকৃত্রিম ৰূপত উপস্থাপনৰ কষ্টসাধ্য প্রয়াস কৰাটো বৰাদেৱৰ সাফল্য। এই বিশেষ কর্মসম্পাদনত তেওঁ যথেষ্ট সফলতা লাভ কৰিছে। "পকা ধানৰ গোন্ধ,মাটিৰ গোন্ধে কৃষকৰ মন মতলীয়া কৰে।গৰুহালেৰে মাটি চহাই থকা কৃষকজনৰ দুচকুত তিৰবিৰণি।দুখ-কষ্টৰ মাজতো এক অনামী আনন্দ-উৎকণ্ঠা।সেয়া যেন সৃষ্টিৰ সাধনা,ধৰাৰ বুকুত সোণসেৰীয়া শইচৰ উৎপাদনৰ প্রতীক্ষাৰ আনন্দ।"এই সকলোবোৰ উপাদানেৰেই সমাহিত বৰাদেৱৰ গল্পৰাজি। গোহালিত জাগ দিয়া, বিহুৱান লোৱা, হুঁচৰি গোৱা,আদি পৰম্পৰাগত বিষয়ো কোনো কোনো গল্পত সন্নিৱিষ্ট কৰা হৈছে। "সখা দামোদৰ"বৰাদেৱৰ এনে এক মনোগ্রাহী সৃষ্টি। ডঃ নমিতা ডেকাই গল্পকাৰজনৰ বিষয়ে উল্লেখ কৰি প্রকাশ কৰিছে"গ্রাম্য জনজীৱনৰ মাদকতাই আপ্লুত কৰা লক্ষ্মীনন্দন বৰাৰ গল্পৰ প্রতি ছাত্রে ছাত্রে অনুৰণিত হৈ আছে গাঁৱৰ সুখ-দুখ,হাঁহি কান্দোন আৰু গাঁৱলীয়া জীৱনৰ মূল্যৰ খতিয়ান।কৃষি,পথাৰ,প্রাকৃতিক সৌর্ন্দয,সংস্কৃতিৰ সঁফুৰাক বাদ দি গ্রাম্যজীৱন সম্পূর্ণ হ'ব নোৱাৰে। এই আটাইবোৰৰ ওপৰেদি বৈ যোৱা প্রেমৰ বা ছাটিয়ে গাৱৰ জীৱনত কেতিয়াবা সুখ আৰু কেতিয়াবা বিৰহৰ জোৱাৰ তোলে।" ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰ সকলৰ অন্যতম লক্ষ্মীনন্দন বৰা দেৱৰ প্রথম গল্প ভাওঁনা প্রকাশ হৈছিল ৰামধেনুৰ পাততে(১৯৫৪চনত)।গোপন গধূলি,মন মাটি মেঘ,মন বিৰিখৰ জোখ দৃষ্টি ৰূপা আদিকে ধৰি বহুকেইখন সংকলনৰ লেখক জনে তেওঁৰ গল্পসমূহত গ্রাম্যজীৱনৰ চিত্রসমূহ সঠিক ৰূপত উপস্থাপনৰ চেষ্টা কৰিছে।কলাত্মক শৈলীত বিভিন্ন চৰিত্রক তেওঁ নির্ভৰযোগ্য ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰিছে।ই হৈছে তেওঁৰ সাহিত্যক জীৱনৰ অন্যতম প্রাপ্তি। পদার্থ বিজ্ঞানৰ কৃতী ছাত্রজনৰ সুক্ষ্ম সমাজ অধ্যয়ন আৰু মানৱ মনস্তত্বৰ বীক্ষণে তেখেতৰ লেখনিক গুণগত ভাৱে অনন্য মাত্রা প্রদান কৰি আহিছে।অসম সাহিত্য সভাৰ ৬৩ তম অধিৱেশনত ভাষণ পাঠ কৰি তেখেতে কৈছে "অসম সাহিত্য সভাৰ সুচিন্তিত কাৰ্যসূচীয়েই কেৱল সাম্প্ৰতিক বিভেদশীল পৰিস্থিতিত ঐক্য স্থাপন কৰিব পাৰে। কাৰণ আজিৰ ৰাজনীতিয়ে মানুহক ভাগ ভাগ কৰে, সাহিত্য-সংস্কৃতিয়েহে একগোট কৰে। মোৰ কাৰ্যকালত ইয়াৰ প্ৰমাণ পালোঁ। চৰ-চাপৰিৰ দুৰ্গম ঠাইলৈ গৈ দেখিলোঁ যে তাত যুৱক-যুৱতী আৰু প্ৰবীণ ব্যক্তিয়ে অসমীয়া সমাজৰ মূল সূঁতিৰ মাজত সোমাই অসমীয়া গল্প, কবিতা লিখি নিজ খৰচত ছপা কৰিছে। এনে প্ৰচেষ্টা দেখিছোঁ মিছিং-দেউৰী প্ৰভৃতি জনজাতীয় অঞ্চলত। চাহ বাগিছাৰ ব্যস্ত আৰু বৰ্ণাঢ্য জীৱনে অসম সাহিত্য সভা আৰু অসমীয়া সাহিত্য-সংস্কৃতিক আদৰিছে"- সমাজৰ প্ৰতি শ্ৰেণীৰ মানুহৰ প্ৰতি ভিন্ন ভিন্ন ৰূপত কলম চলাই অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা ড° লক্ষ্মীনন্দন বৰাৰ বক্তব্যত স্পষ্টবাদীতা প্রকাশ পাইছে। এঠাইত সাক্ষাৎকাৰ প্রসংগত বৰাদেৱে অসমীয়া সমালোচক আৰু সমালোচনাৰ ধাৰাটো সম্পর্কত অসন্তুষ্টি ব্যক্ত কৰিছে।প্রকৃত সমালোচনাই যদিও সোণ পুৰি উজ্বল কৰে বৰাদেৱে কিন্তু সমালোচনাৰ দ্বাৰা ব্যক্তিগত ভাৱে উদ্গতি লাভ কৰা নাই বুলিহে মত প্রকাস কৰিছে। এই মন্তব্যৰ গভীৰতালৈ লক্ষ্য কৰিলে অনুভৱ হয় তেখেতে যেন সাম্প্রতিক সময়ৰ সমালোচনাৰ ধাৰাটোক লৈ এই বিষোদগাৰ প্রকাশ কৰিছে।অগ্রজচামক অনুজ সকলে প্রেৰণা দিয়া উচিত।সমালোচনা আৰু সমালোচনাত্মক মূল্যায়ন নিৰপেক্ষ,গঠনমূলক ভাৱে চর্চিত হ'লেহে তাৰ সঠিক উপস্থাপনৰ সার্থকতা অনুভৱ হয়। প্রশ্ন হয় বোলছবি ৰূপে বহু বছৰ পিছত নির্মিত হৈ সমাদৃত হোৱা গঙা চিলনীৰ পাঁখিৰ কাহিনীভাগ অসমীয়া সমালোচক পণ্ডিত সকলে বহু পূর্বতেই আলোচনাৰ আওঁতালৈ আনিব নালাগিছিল জানো? বৰাদেৱৰ বিষোদগাৰৰ নির্মোহ পষ্ট'মর্টেম সাপেক্ষে ক'ব পাৰি যে অসমীয়া সাহিত্যৰ সমালোচনাত্মক আধাৰত পুঙ্খানুপুঙ্খ চর্চাৰ দিশটো এতিয়াও অতি দুর্বল পর্যায়তেই আছে। আশাব্যঞ্জক দিশ এয়াই যে সাম্প্রতিক অসমীয়া সাহিত্য চর্চাকাৰী সকলৰ একাংশই অসমীয়া সাহিত্য ইতিহাসৰ অধ্যয়ন আৰম্ভ কৰিছে। এই ক্ষেত্রত লক্ষ্মীনন্দন বৰাদেৱৰ ৰচনাৰাজিৰ উপযুক্ত চর্চা আৰু আলোচনাৰ নিশ্চয় প্রাসংগিকতা আছে। সর্বোপৰি আমাৰ এই লেখনিৰ উদ্দেশ্য বৰাদেৱৰ ৰচনাৰাজিৰ বিশ্লেষণ নহয় অথবা সেই দুঃসাহস কৰিব পৰাকৈ আমাৰ অধ্যয়ন এতিয়াও অসম্পূর্ণ।বৰঞ্চ এই লেখাত বিভিন্ন সময়ত অত তত অধ্যয়ন আদি সহ সাহিত্যকজনৰ সর্ম্পকে লব্ধ অভিজ্ঞতাৰে সৃষ্ট কিছু ভাৱৰ বুৰবুৰণিহে প্রতিফলিত হৈছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দিয়া নিৰ্দেশনা আৰু কোভিড-১৯ মহামাৰীৰ নতুন প্ৰজাতি অমিক্ৰণৰ প্ৰাদুৰ্ভাৱ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনত সভা-সমাৱেশ আদি অনুষ্ঠিত কৰাত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি বন্ধ স্থান বা মুকলি ঠাইত ব্যক্তিগত বা ৰাজহুৱা অনুষ্ঠান পতাত আৰু চৰকাৰী কাৰ্যালয়ৰ লগত জড়িত বা ধৰ্মীয় অনুষ্ঠান পাতিলে তাত বা সভা-সমাৱেশ আদিত (২০০ জন পৰ্যন্ত) সম্পূৰ্ণ টিকা লোৱা লোকসকলেহে উপস্থিত থাকিব পাৰিব। তদুপৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ আন আন নিৰ্দেশনাসমূহো জিলাখনত পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বলবৎ থাকিব। উক্ত নিৰ্দেশনা উলংঘা কৰিলে অসম কোভিড-১৯ নিয়ামক-২০২০, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইন-২০০৫,মহামাৰী আইন-১৮৯৭ আৰু দেশৰ অন্যান্য প্ৰাসংগিক বিধিৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা জনোৱা হৈছে। লাচিতলৈ সন্মান, নে অপমান? খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
This page is a translated version of the page Privacy policy/Definitions and the translation is 95% complete. Other languages: Deutsch (Sie-Form) অনুবাদত সহায় কৰিব বিচাৰে? নথকা বাৰ্তাসমূহ অনুবাদ কৰক। ...আমি বুজাওঁঃ "ৱিকিমিডিয়া ফাউণ্ডেশ্যন" / "ফাউণ্ডেশ্যন" / "আমি" / "আমাক" / "আমাৰ" দ্য ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্কৰ্পৰেটেড, ৱিকিমিডিয়া ছাইটসমূহ পৰিচালনা কৰা অলাভকাৰী সংস্থা। "ৱিকিমিডিয়া ছাইটসমূহ" / "আমাৰ সেৱাসমূহ" ৱিকিমিডিয়া ৱেবছাইট আৰু সেৱাসমূহ (ভাষা নিৰ্বিশেষে), আমাৰ মূল প্ৰকল্পসমূহ, যেনে ৱিকিপিডিয়া আৰু ৱিকিমিডিয়া কমঞ্ছ, লগতে ম'বাইল এপ্লিকেনশ্য, এপ্লিকেশ্যন প্ৰ'গ্ৰেমিং ইণ্টাৰফে'চ (এপিআই), ইমেইল আৰু জাননীসমূহকে ধৰি; অৱশ্যে, তলত থকা "এই গোপনীয়তা নীতিৰ আওতাত কি কি নাই" অনুচ্ছেদটোত তালিকাভুক্ত ছাইট আৰু সেৱাসমূহৰ বাহিৰে। "আপুনি" / "আপোনাৰ" / "মই" You, regardless of whether you are an individual, group, or organization, and regardless of whether you are using the Wikimedia Sites or our services on behalf of yourself or someone else. "এই নীতি" / "এই গোপনীয়তা নীতি" এই "ৱিকিমিডিয়া ফাউণ্ডেশ্যন গোপনীয়তা নীতি" শীৰ্ষক নথিপত্ৰ। "বৰঙণি" ৱিকিমিডিয়াৰ যিকোনো ছাইটত আপুনি যোগ কৰা বিষয়বস্তু বা আপুনি কৰা সাল-সলনি। "ব্যক্তিগত তথ্য" আপুনি আমাক প্ৰদান কৰা তথ্য বা আমি সংগ্ৰহ কৰা তথ্য যিবোৰ আপোনাক ব্যক্তিগতভাৱে চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। স্পষ্টকৈ ক'বলৈ গ'লে― আমি তলত দিয়া সকলো ধৰণৰ তথ্য সংগ্ৰহ কৰাটো বাধ্যতামূলক নহ'লেও, আমি অন্ততঃ তলত দিয়াখিনি "ব্যক্তিগত তথ্য" বুলি বিবেচনা কৰোঁ যদিহে ই অন্যথা অৰাজহুৱা আৰু আপোনাক চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিঃ (ক) আপোনাৰ প্ৰকৃত নাম, ঠিকনা, ফোন নম্বৰ, ইমেইল ঠিকনা, পাছৱৰ্ড, চৰকাৰে প্ৰদান কৰা আইডিত থকা চিনাক্তকৰণ নম্বৰ, আইপি ঠিকনা, ব্যৱহাৰকাৰী-এজেণ্টৰ তথ্য, পেমেণ্ট একাউণ্টৰ নম্বৰ; (খ) যেতিয়া উপ-অনুচ্ছেদ (ক)ৰ কোনো এটা বস্তুৰ সৈতে জড়িত হয়, তেতিয়া যিকোনো স্পৰ্শকাতৰ তথ্য যেনে জন্মৰ তাৰিখ, লিংগ, যৌন অভিমুখীতা, বৰ্ণ বা জাতিগত মূল, বৈবাহিক বা পাৰিবাৰিক অৱস্থা, চিকিৎসাজনিত অৱস্থা বা অক্ষমতা, ৰাজনৈতিক সম্পৰ্ক আৰু ধৰ্ম। "তৃতীয় পক্ষ" / "তৃতীয় পক্ষসমূহ" ব্যক্তি, সত্তা, ৱেবছাইট, সেৱা, উৎপাদন, আৰু এপ্লিকেশ্যনসমূহ যিবোৰ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা নিয়ন্ত্ৰিত বা পৰিচালিত নহয়। ইয়াৰ ভিতৰত অন্যান্য ৱিকিমিডিয়া ব্যৱহাৰকাৰী আৰু ৱিকিমিডিয়া আন্দোলনক প্ৰচাৰ কৰাত সহায় কৰা স্বতন্ত্ৰ সংস্থা বা গোট যেনে ৱিকিমিডিয়া অধ্যায়, বিষয়ভিত্তিক সংস্থা আৰু ব্যৱহাৰকাৰী গোটসমূহৰ লগতে সেই সংস্থা বা গোটসমূহৰ স্বেচ্ছাসেৱক, কৰ্মচাৰী, পৰিচালক, বিষয়া, অনুদান প্ৰাপক আৰু ঠিকাদাৰসকলো অন্তৰ্ভুক্ত। Retrieved from "https://meta.wikimedia.org/w/index.php?title=Privacy_policy/Definitions/as&oldid=24134268"
অসমত বৰ্ণসংকৰ ধানেৰে ইউ পি এলৰ সেউজ বিপ্লৱৰ সূচনাঃ অসমত বৰ্ণসংকৰ ধানেৰে ইউ পি এলৰ সেউজ বিপ্লৱৰ সূচনাঃ অতীজৰ পৰা অসম এখন কৃষিপ্ৰধান দেশ। চাহ খেতিৰ পৰা আৰম্ভ কৰি ধান, মাকৈ, ৰবি শস্য, বিভিন্ন ফলমূল আৰু শাক-পাচলি ইয়াৰ ভিতৰত অন্যতম। অসমৰ কৃষিক্ষেত্ৰখন ভালদৰে অধ্যয়ন কৰিলে দেখা পোৱা যায় যে লাহে লাহে কৃষিভূমিৰ উৰ্বৰতা কমি যোৱা, উপযুক্ত বীজৰ অভাৱ, কীটনাশক দ্ৰব্যৰ উপযুক্ত ব্যৱহাৰ আৰু বৈজ্ঞানিক ভাবধাৰাৰ অভাৱত ব্যৱসায়িক দিশত সফল হ'ব পৰা নাছিল। এনে অৱস্থাৰ পৰা মুক্তি পাবলৈকে হওক বা অন্য কোনো কাৰণতে হওক, কৃষকসকলে নতুন কৃষি পদ্ধতিৰ প্ৰতি আগ্ৰহান্বিত হয় আৰু এই অগ্ৰণী ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰাও বিভিন্ন সহায়-সহযোগ আগবঢ়োৱা হয়। তাৰ ভিতৰত উন্নত মানৰ বীজৰ যোগান, কৃষিকৰ্মৰ প্ৰশিক্ষণ, কৃষিভূমিৰ উৰ্বৰতা পৰীক্ষা কৰা, বিভিন্ন কৃষি প্ৰযুক্তিৰ প্ৰদৰ্শনীৰ আয়োজন কৰা ইত্যাদি। এনে সদ ইচ্ছাৰ ফলত লাহে লাহে কৃষিক্ষেত্ৰখন ঠন ধৰি উঠিছে আৰু এনেক্ষেত্ৰত ইউ পি এল এডভান্টা আদিৰ দৰে কোম্পানীৰ কথা উল্লেখ কৰিব পাৰি। ই পি এল এডভান্টা নামৰ কৃষি ৰসায়ন আৰু বীজ উৎপাদক বহুজাতিক ভাৰতীয় কোম্পানীটোৱে বিগত কেইবা বছৰৰ পৰা অসমৰ কৃষিক্ষেত্ৰখনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আহিছে। ইউ পি এল এডভান্টাই মূলতঃ বৰ্ণসংকৰ বৰ্ণসংকৰ ধান, মাকৈ সৰিয়হ, বেলিফুল, ঘাঁহৰ বীজ, শাক-পাচলিৰ বীজ ভাৰতবৰ্ষ আৰু পৃথিৱীৰ অন্যান্য দেশবোৰৰ কৃষকৰ বাবে যুগুত কৰি আহিছে। এনেধৰণৰ বৰ্ণসংকৰ ধান ফিলিপাইনছ, ভেয়েটনাম আৰু আফ্ৰিকাৰ দেশত বহুলভাৱে প্ৰচলিত। এডভান্টাই নিজা গৱেষণা কেন্দ্ৰ থকা বাবে ধানৰ বিভিন্ন প্ৰজাতিসমূহ সংৰক্ষণ কৰি ঠাইবিশেষে থলুৱা চাহিদাৰ ওপৰত ভিত্তি কৰি নতুন নতুন বৰ্ণসংকৰ ধান প্ৰস্তুত কৰাত সফল হৈছে। সেই হেতুকে ইউ পি এল এডভান্টাই ভাৰতবৰ্ষৰ ভিতৰত বৰ্ণসংকৰ ধান প্ৰস্ততকাৰী শীৰ্ষতম কোম্পানীবোৰৰ লগত সমানে খোজ পেলাবলৈ সক্ষম হৈছে। এডভান্টা বৰ্ণসংকৰ ধানৰ শস্যকাল(গুটিৰ পৰা গুটি) ১০০ৰ পৰা ১৪০ দিনত পোৱা যায় আৰু এই শস্যকালৰ পৰীক্ষামূলক খেতি ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যত বিজ্ঞানীসকলে সফলভাৱে কৰি কৃষকসকলক আৰ্হি দেখুৱাইছে। বৰ্তমান ইউ পি এল এডভান্টাই মূলতঃ পাঁচবিধ বৰ্ণসংকৰ ধানৰ প্ৰজাতি ভাৰতবৰ্ষৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে। ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে বিশেষভাৱে অসমৰ জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি ইউ পি এল এডভান্টাই অসমৰ কৃষকসকলক যোৱা কেইবাবছৰ ধৰি পিএচি ৮৩৫, পিএচি ৮৩৭ যোগান ধৰি আহিছে। পিএচি ৮৩৫ মূলতঃ মধ্যমীয়া মিহি বৰ্ণসংকৰ ধান। ইয়াৰ শস্যকাল ১৩০, ১৩৫ দিন। পিএচি-৮৩৭ মধ্যমীয়া মোটা বৰ্ণসংকৰ ধান। ইয়াৰ শস্যকাল ১৩-১৩৫ দিন। এই দুয়োটা প্ৰজাতিৰ বৰ্ণসংকৰ ধানেই প্ৰথমৰ পৰাই কৃষকৰ মাজত আলোড়নৰ সৃষ্টি কৰি আহিছে। পিএচি-৮৩৭ ধানবিধ মধ্যমীয়া মোটা কম আঠাযুক্ত আৰু ইয়াৰ পৰা উৎপাদিত চাউল সোৱাদযুক্ত। এইবিধ ধান মধ্য আৰু নামনি অসমৰ কৃষকৰ মাজত অতি জনপ্ৰিয়। পিএচি-৮৩৫ বৰ্নসংকৰ ধানবিধ মধ্যমীয়া মিহি আৰু অধিক উৎপাদনশীল। এইবিধ ধান মধ্য আৰু উজনি অসমৰ কৃষকৰ মাজত জনপ্ৰিয়। এই দুয়োবিধ বৰ্ণসংকৰ ধানৰ খেতিয়ে খেতিয়কক আৰ্থিকভাৱে লাভান্বিত কৰিছে। প্ৰতি হেক্টৰ মাটিৰ খেতিত দুয়োবিধ ধানে দুইৰ পৰা তিনি মেট্ৰিকটন বেছি ফলন দিয়ে আৰু খেতিয়কক ২৪০০ৰ পৰা ৩৬০০ টকাপৰ্যন্ত প্ৰতি হেক্টৰত বেছিকৈ আমাদানি হয়। কৃষকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ইউ পি এল এডভান্টা কোম্পানীয়ে প্ৰতিবছৰে থলুৱা কৰ্মীৰ দ্বাৰা বহু কৃষি কৰ্মশালা, কৃষক সভা অসমৰ বিভিন্ন জিলাত আয়োজন কৰে। ইয়াৰ উপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীয়ে অসম চৰকাৰৰ অধীনৰ কৃষিবিজ্ঞানীসকলৰ লগত পৰামৰ্শ কৰি কৃষকৰ উন্নতিৰ কাৰণে কাম কৰি আহিছে। চৰকাৰৰ ফালৰ পৰা আয়োজিত কৃষি প্ৰদৰ্শনীবোৰতো অংশগ্ৰহণ কৰি কৃষিভিত্তিক পৰামৰ্শ প্ৰদান কৰি আহিছে। ইউ পি এল(এডভান্টা)ৰ পিএচি-৮৩৫ আৰু পিএচি-৮৩৭ এই দুয়োবিধ বৰ্ণসংকৰ ধানেই অসম কৃষি বিশ্ববিদ্যালয়ে যুগুত কৰা কৃষি প্ৰণালী হাতপুথিত অন্তৰ্ভুক্ত হৈছে আৰু অসমত এই দুয়োবিধ প্ৰজাতিয়ে বৰ্ণসংকৰ ধান খেতিৰ বাবে স্বীকৃতি লাভ কৰিছে। পিএচি-৮৩৫ আৰু পিএচি-৮৩৭ বৰ্ণসংকৰ ধানে অসমত সেউজ বিপ্লৱৰ এক অংশ হিচাপে পৰিগণিত হৈছে। Roll over stars then click to rate. © 2006-2019 C-DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws. এই পৰ্টেলৰ যোগেৰে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে এক ৰাষ্ট্ৰযোৰা প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে। আইএনডিজি প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ সহায়ত চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অব এডভান্স কম্পিউটিং, হায়দৰাবাদ (C-DAC) ৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে।
Ecc7। AsmULB । STEP । সুগন্ধি তেলতকৈ সুনাম উত্তম, আৰু জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।\n1সুগন্ধি তেলতকৈ সুনাম উত্তম, আৰু জন্মৰ দিনতকৈ মৰণৰ দিন ভাল। 2ভোজনৰ ঘৰলৈ যোৱাতকৈ বিলাপৰ ঘৰলৈ যোৱা ভাল; কিয়নো সেয়ে সকলো মানুহৰ শেষ গতি, আৰু জীয়াই থকা লোকে তাক মনত ৰাখিব।\n3হাঁহিতকৈ শোক ভাল? কাৰণ মুখৰ বিবৰ্ণৰ দ্বাৰাই মনক আনন্দিত কৰা হয়। 4জ্ঞানৱান বিলাকৰ মন বিলাপৰ ঘৰত থাকে; কিন্তু অজ্ঞানবোৰৰ মন আমোদৰ ঘৰত থাকে।\n5মানুহে অজ্ঞানবোৰৰ গীত শুনাতকৈ জ্ঞানৱানৰ অনুযোগ শুনা ভাল। 6কিয়নো কেৰাহীৰ তলত কাঁইট খৰিৰ ফুটফুটনিৰ শব্দ যেনে অজ্ঞান মানুহৰ হাঁহি তেনে; ইও অসাৰ।\n7স্বৰূপতে অত্যাচাৰে জ্ঞানৱানক বলিয়া কৰে আৰু ভেঁটিয়ে বিবেচনা-শক্তি নষ্ট কৰে।\n8কাৰ্য্যৰ আৰম্ভণতকৈ তাৰ শেষ ভাল আৰু অহঙ্কাৰী মনৰ লোকতকৈ ধীৰ মনৰ লোক ভাল। 9তোমাৰ মনক হঠাৎ খং উঠিবলৈ নিদিবা; কিয়নো অজ্ঞানবোৰ বুকুৱেই খঙৰ আশ্ৰয়।\n10বৰ্ত্তমান কলতকৈ আগৰ কাল কিয় ভাল আছিল? এনে কথা নকবা; কিয়নো এই বিষয়ে তুমি এনে প্ৰশ্ন কৰা জ্ঞান মুলক নহয়।\n11পৈত্ৰিক ধন-সম্পত্তি যিমান ভাল, প্ৰজ্ঞাও সিমান ভাল; এনেকি, সুৰ্য্যক দেখোঁতাবিলাকৰ নিমিত্তে তাতকৈ প্ৰজ্ঞা বেছি উপকাৰী। 12কিয়নো ধন যেনে ৰক্ষক, প্ৰজ্ঞাও তেনে ৰক্ষক; কিন্তু জ্ঞানৰ উপকাৰ এই, যে, প্ৰজ্ঞাই নিজৰ গৰাকীৰ জীৱন ৰক্ষা কৰে। ঈশ্বৰৰ কাৰ্য্য চোৱা;\n13কিয়নো তেওঁ যিহক বেঁকা কৰে, তাক কোনে পোনাব পাৰে?\n14সুখৰ দিনত আনন্দ কৰা, আৰু দুখৰ দিনত বিবেচনা কৰা; মানুহৰ পাছত কি ঘটিব, তাৰ একোকে যেন মানুহে জানিব নোৱাৰে, এই নিমিত্তে ঈশ্বৰে সেই দুয়োকো ওচৰা-ওচৰি কৰি থৈছে।\n15মই মোৰ অসাৰ জীৱনৰ দিন কেইটাত এই সকলো দেখিলো, যে, কোনো কোনো ধাৰ্ম্মিক লোক নিজ নিজ ধাৰ্ম্মিকতাত বিনষ্ট হয়, আৰু কোনো কোনো দুষ্ট লোকে নিজ নিজ দুষ্টতাত দীৰ্ঘকাল নিয়াই। 16অতিৰিক্ত ধাৰ্ম্মিক নহবা, আৰু নিজকে অতিৰিক্ত জ্ঞানী নেদেখুৱাবা; কিয় নিজকে নষ্ট কৰিবা?\n17অতি দুষ্ট নহবা, আৰু অজ্ঞানো নহবা; তোমাৰ কাল নৌহওঁতেই কিয় মৰিবা? 18তুমি ইয়াক ধৰি ৰখা ভাল; এনেকি, সিটোৰ পৰাও হাত নুগুচাবা; কিয়নো ঈশ্বৰলৈ ভয় কৰোঁতা লোকে সেই সকলোৰে পৰা সাৰিব।\nপৰস্ত্ৰী-গমণ, বিদ্ৰূপ, আৰু অধিপতিৰ উপদ্ৰৱৰ বিৰুদ্ধৰ কথা\n19নগৰত থকা দহজন পৰাক্ৰমীয়ে যি পৰিমাণে নগৰ দৃঢ় কৰে, তাতকৈ প্ৰজ্ঞাই জ্ঞানৱানক অধিক পৰিমাণে বলৱান কৰে। 20বাস্তৱিকে পাপ নকৰি সৎকৰ্ম্ম কৰা ধাৰ্ম্মিক মানুহ পৃথিবীত নাই।\n21লোকে কথা পতা আটাই কথালৈ মন নিদিবা; কিয়নো দিলে, কিজানি তোমাৰ দাসে তোমাক শাও দিয়াহে শুনিবা। 22কাৰণ তুমিও যে আনবিলাকক সেইদৰে শাও দিয়া, তাক তোমাৰ মনে অনেক বাৰ জানিবলৈ পাইছে।\n23মই প্ৰজ্ঞাৰ দ্বাৰাই সেই সকলোকে পৰীক্ষা কৰি চালোঁ; মই ক'লোঁ, মই জ্ঞানৱান কিন্তু জ্ঞান মোৰ পৰা দুৰত আছিল। 24যি আছে, সেয়ে অতি দুৰ, আৰু অতি গভীৰ, তাক কোনো পাব পাৰে? 25মই ঘুৰি, জানিবলৈ আৰু অনুসন্ধান কৰিবলৈ, প্ৰজ্ঞা আৰু কথাৰ হেতু বিচাৰ কৰিবলৈ, আৰু দুষ্টতা যে অজ্ঞান, আৰু মুৰ্খতা যে পাগলামী, তাক জানিবলৈ মনোযোগ কৰিলো।\n26তাতে মই মৃত্যুতকৈয়ো এক বিষম বস্তু দেখিলোঁ, অৰ্থাৎ যি তিৰোতাৰ মন ফান্দ আৰু জাল, হাত বান্ধ স্বৰূপ, এনে তিৰোতাক; যি মানুহ ঈশ্বৰৰ দৃষ্টিত উত্তম সি তাইৰ পৰা সাৰিব, কিন্তু পাপী তাইৰ দ্বাৰাই ধৰা পৰিব।\n27উপদেশকে কৈছে, চোৱা, মই কথাৰ কাৰণ উলিয়াবলৈ এটাৰ পাছত এটা বিচাৰ কৰি চাই তাকে পালোঁ। 28মোৰ প্ৰাণে এতিয়াও যিহক বিচাৰিছে, মই তাক পোৱা নাই; হাজাৰৰ মাজত এজনহে নৰ পালোঁ, কিন্তু সেই সকলোৰ মাজত এজনী নাৰী নাপালো।\nচোৱা, মই ইয়াকেহে পালোঁ, যে, ঈশ্বৰে মানুহক সৰল কৰি স্ৰজন কৰিছিল; কিন্তু অবাটে যাবৰ নিমিত্তে তেওঁবিলাকে নানা উপায় বিচাৰিলে।
মোৱামৰিয়া গণ বিদ্ৰোহ [প্ৰশ্ন উত্তৰ] নৱম শ্ৰেণীৰ ইতিহাস অধ্যায় 3\nমোৱামৰিয়া গণ বিদ্ৰোহ নৱম শ্ৰেণীৰ ইতিহাস অধ্যায় 3\nমোৱামৰিয়া গণ বিদ্ৰোহ Class IX\nমোৱামৰিয়া গণ বিদ্ৰোহ\nবিষয় সামজ বিজ্ঞানৰ ইতিহাস\nঅধ্যায়/ পাঠ 3\nমোৱামৰিয়া গণ বিদ্ৰোহ পাঠভিত্তিক প্রশ্নোত্তৰ\nঅধ্যায় - 3\n১। মায়ামৰা কি ?\nউত্তৰঃ মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম।\n২। সত্ৰ বুলিলে কি বুজা?\nউত্তৰঃ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধর্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।\n৩। সংহতি কি?\nউত্তৰঃ সংহতি হ'ল শংকৰদেৱৰ মহাপ্রয়াণৰ পিছত তেওঁৰ শিষ্য-প্রশিষ্যসকলৰ মাজত হােৱা মতভেদৰ ফলস্বৰূপে সত্ৰসমূহক চাৰিটা ভাগত ভাগ কৰিছিল। এই ভাগসমূহক প্রতিটো ভাগকে সংহতি বুলি কোৱা হয়।\n৪। মােৱামৰীয়া বিদ্রোহ কোনজন আহােম ৰজাৰ দিনত আৰম্ভ হৈছিল?\nউত্তৰঃ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত।\n৫। মােৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?\nউত্তৰঃ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।\n৬। কোনজন আহােম ৰজাই প্রথম স্বৰ্গদেউ /স্বৰ্গনাৰায়ণ উপাধি গ্রহণ কৰা বুলি অনুমান কৰা হয়?\n৭। চুৰুমফা ভগাৰজাৰ দিনত কোনজন মােৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল ?\nউত্তৰঃ গুৰু নিত্যানন্দদেৱক।\n৮। ৰুদ্ৰ সিংহৰ ৰাজসভাত কোনজন মােৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল ?\nউত্তৰঃ চতুর্ভুজদেৱ মহন্তক ।\n৯। আহােমসকলৰ প্রধান উপাস্য দেৱতাজনৰ নাম লিখা।\n১০। জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?\nউত্তৰঃ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত।\n১১। ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল?\nউত্তৰঃ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত।\n১২। কৃষ্ণৰাম ভট্টাচার্য কোন আছিল ?\nউত্তৰঃ কৃষ্ণৰাম ভট্টাচার্য বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্রাহ্মণ আছিল।\n১৩। কোনজন আহােম ৰজাৰ দিনত শাক্তধৰ্মই অধিক গা কৰি উঠিছিল?\nউত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ দিনত।\n১৪। গাগিনি কোন?\nউত্তৰঃ মােৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্র।\n১৫। মােৱামৰীয়াসকলে পােন প্রথমে কাক ৰজা পাতিছিল ?\nউত্তৰ : ৰমাকান্ত বা ৰমানন্দক।\n১৬। কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?\nউত্তৰঃ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে' মাহলৈ অসমত আছিল।\n১৭। অসমৰ ক'ত লােণ উৎপাদন হৈছিল ?\nউত্তৰঃ শদিয়া আৰু নগাপাহাৰত।\n১৮। অসমৰ সৰ্বসাধাৰণ মানুহে লােণ কিয় ব্যৱহাৰ কৰিব নােৱাৰিছিল?\nউত্তৰঃ সেই সময়ত লােণ বৰ দামী বস্তু আছিল সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে লােণ ব্যৱহাৰ কৰিব নােৱাৰিছিল।\nমোৱামৰিয়া গণ বিদ্ৰোহ Class9চমু আৰু দীঘল উত্তৰৰ প্রশ্ন\n১। মােৱামৰীয়াসকল কোন? এই বিদ্রোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায়?\nউত্তৰঃ মােৱামৰীয়াসকল মূলতঃ মৰাণ সম্প্রদায়ৰ লােক। অসমত থকা বিভিন্ন জনজাতি যেনে - কছাৰী, চুতীয়া, আহােম, কৈবত্ত আদি লােকৰ মাজত মায়ামৰা সত্ৰই যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল। এই জনপ্রিয়তাৰ আঁৰত থকা এটা বিশেষ কাৰণ হ'ল এই সত্ৰৰ সত্ৰাধিকাৰসকল শূদ্র সম্প্রদায়ভুক্ত আছিল। আগতে অসমৰ এই জনজাতি সকলক সমাজত হীন বা নীচ বুলি জ্ঞান কৰা হৈছিল। গতিকে শূদ্র সত্ৰাধিকাৰদ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলােকে এক সুকীয়া মর্যাদা পাইছিল যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল।\nপিছলৈ সত্ৰৰ এই বাঢ়ি অহা শক্তিৰ লগত আহােম ৰাজশক্তিৰ মাজত মনােমালিন্য ঘটিছিল। তাৰ পৰিণতিয়েই অসমৰ ইতিহাসত আটাইতকৈ দীর্ঘকাল জুৰি সংঘটিত হােৱা ভয়াবহ "মােৱামৰীয়া গণ বিদ্ৰোহৰ আৰম্ভণী হৈছিল। এই বিদ্রোহক গণ অভ্যুত্থান বুলি কোৱাৰ অন্যতম কাৰণ আছিল ইয়াত যােগদান কৰা অজস্র সাধাৰণ প্ৰজা যাৰ ভিতৰত অধিক সংখ্যকেই সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লােক আছিল।\n২। মােৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।\nউত্তৰঃ মােৱামৰীয়া বিদ্রোহ ধৰ্মক লৈ আৰম্ভ হৈছিল যদিও ৰাজনৈতিক কাৰণাে ইয়াৰ লগত জড়িত আছিল। ইয়াৰ ৰাজনৈতিক কাৰণবােৰ তলত উল্লেখ কৰা হ'ল।\n(ক) আহােম ৰজা স্বৰ্গদেউ চুৰমফা ভগা ৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দদেৱক ষড়যন্ত্র কৰিবধ কৰা হৈছিল। ফলশ্রুতিত মােৱামৰীয়াসকল গুৰু হত্যাৰ প্রতিশােধ ল'বলৈ দৃঢ় প্রতিজ্ঞ হৈছিল।\n(খ) স্বৰ্গদেউ গদাধৰ সিংহই ল'ৰাৰজাৰ কোপদৃষ্টিৰ পৰা হাত সাৰিবলৈ কিছুবছৰ দিহিঙে-দিপাঙেআত্মগােপন কৰি ঘূৰি ফুৰিব লগা হৈছিল। সেই সময়ত তেওঁ মােৱামৰীয়া সত্ৰাধিকাৰসকলৰ ধন-সম্পত্তি আৰু প্রতিপত্তিৰ বিষয়ে নিজ চকুৰে দেখা পাই শংকিত হৈ পৰিছিল। সেয়ে গদাধৰ সিংহই ৰাজপাটত উঠিয়েই সত্রানুষ্ঠান সমূহক ধ্বংস কৰি সেইবােৰত থকা ধন- সম্পত্তিসমূহ বাজেয়াপ্ত কৰিছিল। বৈষ্ণৱ মহন্তসকলক শাৰীৰিকভাৱে শ্ৰমদান কৰিবলৈ বাধ্য কৰােৱা হৈছিল। কিছুমানক নির্বাসন দিছিল। প্রতিবাদ কৰাসকলক শাস্তি দিছিল। ৰজাৰ এনে স্বেচ্ছাৰী কার্যকলাপত মােৱামৰীয়াসকল অতিকৈ ক্ষোভিত হৈ আহােমৰাজৰ বিৰুদ্ধে বিদ্রোহআৰম্ভ কৰিছিল।\n(গ) শিৱসিংহৰ পত্নী বৰৰজা ফুলেশ্বৰীয়ে শাক্ত ধর্ম গ্রহণ কৰি, পূজা পাতি, পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে বৈষ্ণৱ মহন্ত, ভকত আৰু সত্ৰাধিকাৰক ফোট দিয়াত মােৱামৰীয়াসকল অপমানিত হৈ আহােম ৰজাৰ বিৰুদ্ধে উঠি পৰি লাগিছিল। এনেদৰে মােৱামৰীয়া বিদ্ৰোহৰ সূচনাত ৰাজনৈতিক কাৰণে ইন্ধন যােগাইছিল।\nপ্রশ্ন ৩। আহােমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মােৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলােচনা কৰা।\nউত্তৰঃ আহােমৰ ধর্মীয় নীতিৰ পৰিৱৰ্তন মােৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে গণ্য কৰা হয় । তাৰ কেইটামান কাৰণ হ'ল-\n(ক) আহােমসকলে অসমত ৰাজত্ব কৰাৰ আৰম্ভণীৰে পৰা তেওঁলােকে নিজস্ব ধর্ম পালন কৰি আহিছিল। ছােমদেউ আছিল তেওঁলােকৰ প্রধান উপাস্য দেরতা। কিন্তু সময়ৰ লগে লগে তেওঁলােকে হিন্দু ধর্মীয় পৰম্পৰাৰ প্রতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিল। পিছলৈ। জয়ধ্বজ সিংহই আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্রতি ৰাজঅনুগ্রহ প্রদর্শন কৰিছিল। বিভিন্ন ঠাইত সত্র স্থাপন কৰি মাটি-বাৰী, ধন- পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নীত কৰিছিল। যাৰ ফলত সত্ৰবােৰৰ মাজতাে ৰাজঅনুগ্রহ লাভৰ বাবে প্রতিযােগিতা চলিছিল।\n(খ) গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবােৰৰ প্রতিপত্তি ৰােধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল। সেয়েহে গদাধৰ সিংহই আহােমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিকে উপযুক্ত বুলি অনুভৱ কৰিছিল। কাৰণ গদাধৰ সিংহ সিংহাসনত উঠাৰ আগতে সত্ৰাধিকাৰসকলৰ ক্ষমতা আৰু শক্তি দেখি তবধ মানিছিল আৰু সত্ৰবােৰ একো একোখন আহােম ৰাজ্যৰ ভিতৰত থকা সমান্তৰাল ৰাজ্য বুলি পতিয়ন গৈছিল। সেয়েহে ৰজা হৈয়ে তেওঁ সত্ৰাধিকাৰ আৰু সত্ৰৰ মমতা কর্তন কৰিবলৈ উঠি-পৰি লাগিছিল।\n(গ) গদাধৰ সিংহৰ দিনৰ পৰিৱৰ্তিত আহােম নীতিৰ সন্মুখত তিষ্ঠিব নােৱাৰি বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। বহু কেইজন সত্ৰাধিকাৰক ধৰি আনি ৰাজ আদেশত অবর্ণনীয় অত্যাচাৰ চলােৱা হৈছিল। অৱশ্যে আহােমৰ এই নীতি বেছি দিন নাথাকিল। গদাধৰ সিংহৰ পিছৰজন ৰজা ৰুদ্ৰসিংহই এই নীতিৰ পুনৰাই পৰিৱৰ্তন কৰি পলাতক সত্ৰাধিকাৰ সকলক পুনৰ ঘূৰাই আনি স্বৰ্গদেৱে গড়গাঁৱৰ সমীপৰ মাজুলীত থাপিছিল।\n(ঘ) আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবােৰক বিশেষ মর্যাদা দি শূদ্ৰ সত্ৰাধিকাৰসকলৰ লগত একপ্রকাৰৰ মনােমালিন্য সৃষ্টি কৰিছিল। তাৰ পৰিণতি ৰুদ্ৰসিংহৰ পিছৰজনা স্বৰ্গদেউ শিৱসিংহৰ দিনত স্পষ্টভাৱে প্রতিফলিত হােৱা দেখা যায়।\n(ঙ) স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুৱঁৰী ফুলেশ্বৰী অধিক প্রতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধর্মই অধিক গা কৰি উঠিছিল। এটা সময়ত ৰজাৰ আজ্ঞামতে শূদ্র মহন্তসকলৰ ওপৰত নির্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ-জুলুমকৈ শাক্ত পূজাতভাগ লৈ বলিৰ তেজৰ ফোঁট ল'বলৈ বাধ্য কৰােৱাৰ উদাহৰণ পােৱা যায়। তেনে অত্যাচাৰৰ বলাফলেই আছিল মােৱামৰীয়া বিদ্রোহ হৈছিল।\nসমাজ বিজ্ঞানৰ ইতিহাস মোৱামৰিয়া গণ বিদ্ৰোহ\n৪। পাইকৰ ভাগ দুটা কি কি? পাইক প্রথা মােৱামৰীয়া বিদ্ৰোহৰ বাৰে কিমানদূৰ জগৰীয়া আছিল? তােমাৰ নিজস্ব মতামত দাঙি ধৰা।\nউত্তৰঃ পাইকৰ ভাগ দুটা হ'ল - কাড়ী পাইক আৰু চমুৱা পাইক। পাইক প্রথা মােৱামৰীয়া বিদ্ৰোহৰ বাবে কিছু পৰিমাণে দায়ী আছিল। ইয়াৰ কেইটামান কাৰণ হল-\n(ক) দেশত পাইকৰ সংখ্যা হ্রাস পাই অহাত, বিশেষকৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত, প্ৰজাৰ ওপৰত ৰাজকীয় শােষণৰ বােজা যথেষ্ট বৃদ্ধি পাইছিল। পূর্ণতে চাৰিজন পাইকেৰে এটি গােট কৰাৰ ব্যৱস্থা থকাত তেওঁলােকৰ মাজৰপৰা এজনে পাল পাতি বছৰৰ ৩ মাহৰ বাবে বাধ্যতামূলক পাইকসেৱা দান কৰিব লাগিছিল। কিন্তু পাইকৰ সংখ্যা হ্রাস পাই অহাত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৩ জন পাইকেৰে এটিকে গােট গঠন কৰাত প্ৰতিজন পাইকে বছৰত ৪ মাহ পাইক খাটিব লাগিছিল। গতিকে প্রতিজন পাইকেৰে ওপৰত এমাহকৈ শ্ৰমৰ বােজা বৃদ্ধি পাইছিল। এইদৰে একোজন মানুহক বছৰৰ চাৰি মাহকৈ ৰাই পাইকৰূপে লৈ যােৱাৰ ফলত কৃষি অর্থনীতিৰ প্রভূত ক্ষতি হৈছিল। শাৰীৰিক শ্ৰমৰ বােজা বৃদ্ধিৰ মাজেৰে প্ৰজা শােষণৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰা নাছিল। তেওঁলােকেও আহােম ৰাজতন্ত্ৰৰ বিৰুদ্ধে ক্ষোভত পৰিছিল আৰু ৰজাৰ বিৰুদ্ধে প্রতিশােধ লােৱাৰ আশাৰে সুযােগৰ সন্ধানত বাট চাই আছিল।\n(খ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উফল-বহতীয়াৰূপে পৰিগণিত আহােম প্রজাসকলে সততে দুই ধৰণৰ ৰকৰৰ বােজা মূৰ পাতি ল'ব লাগিছিল। তেওঁলােকে একে সময়তে আহােম ৰাষ্ট্রৰ প্রতি বাধ্যতামূলক পাইক সেৱা দান কৰাৰ লগতে উত্তৰৰ পাহাৰ অঞ্চলত বসবাস কৰা ডলা জনজাতিসকলকো পচাৰূপে এবিধ কৰ আদায় দিব লাগিছিল। এই ধৰণৰ কৰৰ বােজাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আহােম প্রজাসকলক অসন্তুষ্ট আৰু অতিষ্ঠ কৰি তুলিছিল। স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত মােৱামৰীয়াসকলে বিদ্রোহ কৰাৰ লগে লগে তেওঁলােকেও বিদ্রোহীসকলৰ সৈতে সংহতি স্থাপন কৰি প্ৰজা বিদ্ৰোহৰ অংশীদাৰত পৰিণত হৈছিল।\n(গ) সাধাৰণভাৱে দেশত মুদ্রা অর্থনীতিৰ প্ৰচলন হােৱা নাছিল যদিও য'ত যেনেকৈ মানুহৰ হাতত অলপ-অচৰপ মুদ্রা পৰিছিল তাৰেই সহায়ত তেওঁলােকে পাইক খটাৰপৰা ৰেহাই পােৱাৰ ব্যৱস্থা এটি চৰকাৰে প্রৱৰ্তন কৰিছিল। ধনৰ বিনিময়ত পাইক খটাৰপৰা ৰেহাই পােৱাৰ ব্যৱস্থা এটি চৰকাৰে প্রৱৰ্তন কৰিছিল। ধনৰ বিনিময়ত পাইক খটাৰপৰা ৰেহাই পােৱা পাইককে চমুৱা বােলা হৈছিল। এইদৰে কাড়ী পাইকে ধনৰ মাধ্যমত চমুৱা শ্ৰেণীলৈ উঠিব পাৰিছিল আৰু তেনেদৰে চমুৱাৰ শাৰীলৈ উঠা সাধাৰণ পাইকসকল অন্যান্য পাইকতকৈ মর্যাদাৰ ফালৰপৰাও সমাজত উচ্চ শ্রেণীৰ বুলি পৰিগণিত হৈছিল। চহকী পৰিয়ালৰ লােকে য'ত যেনেকৈ পাৰে ধন-বিত সংগ্রহ কৰি ৰজা ঘৰত জমা দি কাড়ী পাইকৰ বহীৰপৰা নাম কাটি চমুৱা তথা ভদ্রলােকৰ শ্ৰেণীলৈ উঠিছিল, বাকী আছিল সমাজৰ নিম্ন আয়ৰ দুখীয়া লােকসকল। আনহাতে বহুতে চমুৱাৰ শাৰীলৈ উঠাত অবশিষ্ট কাড়ী পাইকৰ ওপৰত শ্ৰমৰ বােজা বৃদ্ধি পাই আহিছিল।\nSee also মানৰ অসম আক্ৰমণ Class IX প্রশ্ন উত্তৰ নৱম শ্ৰেণীৰ (ইতিহাস)\n(ঘ) এই ধৰণৰ প্ৰজা শােষণে আহােম ৰাজতন্ত্রৰ ৰাজহাড় জোকাৰি তুলিছিল। সাধাৰণ প্ৰজাসকল এনেয়েই দুখীয়া তাতে আকৌ সমাজতাে নিঃকিন বুলি পৰিগণিত হৈছিল। সমাজত তেওঁলােকৰ মান-মর্যাদা বােলা বস্তুটো নাছিল, তেওঁলােক আছিল কেৱল শ্রম কৰা যন্ত্র। ফলত দেশত সামাজিক দ্বন্দ্ব-সংঘাত বৃদ্ধি পাইছিল। গতিকে সমাজৰ নিজস্ব শ্ৰেণীৰ প্ৰজাসকলেও আহােম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বহু বছৰ ধৰি তীব্র ক্ষোভ আৰু অসন্তুষ্টি পুহি ৰাখিছিল। তেওঁলােকে বিদ্রোহ সমাগত হােৱাৰ লগে লগে আন বিদ্রোহীসকলৰ সৈতে সংহতি স্থাপন কৰি প্ৰজা বিদ্ৰোহৰ অংশীদাৰ হৈছিল।\n৫। মােৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলােচনা কৰা\nউত্তৰঃ মােৱামৰীয়া বিদ্রোহ আছিল আহােম ৰাজত্বকালত দেখা দিয়া এক দীর্ঘদিনীয়া মাৰাত্মক বিদ্রোহ যিয়ে আহােম ৰাজশক্তি লােলােক-ঢােলােক কৰাৰ লগতে অসমত আহােম ৰাজত্বৰ পতন ঘটোৱাত উল্লেখযোেগ্য অৱদান আগবঢ়াইছিল। এই বিদ্ৰোহৰ ফলাফলসমূহ ৰাজনৈতিক আৰু অর্থনৈতিক -এইদুটা ভাগত আলােচনা কৰিব পাৰি - \n(ক) ৰাজনৈতিক ফুলঃৰাজনৈতিক ফলাফলৰ ভিতৰত এই বিদ্রোহৰ সময়ৰ পৰাই আহােম ৰাজশক্তি ক্রমান্বয়ে দুর্বল হ'বলৈ আৰম্ভ কৰে। ৰজাৰ তিনিজন প্রধান বিষয়া যেনে : বুঢ়াগােহাঁই, বৰগােহাঁই আৰু বৰপাত্র গােহই শক্তিশালী হৈ উঠে। পিছলৈ আহােম ৰজাসকল সিহঁতৰ হাতৰ পুতলাত পৰিণত হয়। শাসনৰ বৰমূঢ়ীয়া তিনিজন গগাহাঁইৰ মাজতাে ক্ষমতাৰ বাবে অৰিয়া-অৰিৰ সৃষ্টি হয়। সিহঁতে ব্যক্তিগতভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ লােৱাত সাধাৰণ প্ৰজাৰ দুখ-দুর্গতি বৃদ্ধি পায়। আহােম ৰাজ শক্তিৰ দৰ্বলতাৰ সুযােগ লৈ নিজ স্বার্থ পূৰণৰ হকে বদনচন্দ্ৰ বৰফুকনে ব্রহ্মদেশৰ পৰা মানসকলক আমন্ত্রণ কৰি আনে। মানৰ আক্ৰমণ আহােম ৰাজ শক্তিৰ ওপৰত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে মাৰাত্মক ৰূপ ধাৰণ কৰে। আহােম ৰাজশক্তি নিশ্চিত পতনৰ মুখে আগবাঢ়ে। মােৱামৰীয়া বিদ্ৰোহৰ আন এক ৰাজনৈতিক ফলাফল হ'ল এই মােৱামৰীয়া বিদ্রোহ আৰু মানৰ আক্ৰমণত ৰাজহাড় ভাঙি পৰা অসমলৈ ইংৰাজ শক্তিৰ আগমন ঘটে আৰু ইংৰাজসকলৰ আগমনৰ লগে লগেই অসমৰ স্বাধীনতাৰ বেলি চিৰদিনৰ বাবে মাৰ যায়।\n(খ) অর্থনৈতিক ফলাফল : মােৱামৰীয়া বিদ্রোহ ফলত অসমৰ অর্থনৈতিক শক্তি নিশকতীয়া হৈ পৰিছিল। ৰাজভঁৰাল উদং হৈ পৰিছিল আৰু প্রজাসাধাৰণৰাে\nঅর্থনৈতিক শােষণৰ বলি হয়। ফলত সিহঁতৰ দুখ-দুর্দশা বহুগুণে বৃদ্ধি পাইছিল। দ্বিতীয়তে কর্মপটু মােৱামৰীয়াসকলৰ বহু সংখ্যক বিদ্রোহত প্রাণ আহুতি দিব লগা হৈছিল। ফলত দেশত কাৰিকৰ আৰু কর্মপটু লােকৰ অভাৱ হৈ দেশখন অর্থনৈতিক দিশত ভাঙি পৰিছিল।\nপ্রশ্ন ৬। মােৱামৰীয়া বিদ্রোহক তুমি সফলনে বিফল বিদ্রোহ বুলি ভাবা? যুক্তি দিয়া।\nউত্তৰঃ অসমত মােৱামৰীয়া বিদ্রোহ তিনিবাৰকৈ সংঘটিত হৈছিল। এই বিদ্রোহে কিছু দিশত সফলতা লাভ কৰিছে বুলি ক'ব পাৰি। তাৰ কাৰণ কেইটামান হ'ল\n(ক) মােৱামৰীয়া বিদ্রোহীসকলে ৰংপুৰ অধিকাৰ কৰি তাত ভৰত সিংহনামৰ এজনক ৰজা আৰু শুকুৰা বােলা এজনক বৰবৰুৱা পাতি দেশ শাসন কৰিবলৈ লৈছিল।\n(খ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জাপৰিভিঠাত ডফলা বহতীয়াসকলে তাতী নামৰ এজন ৰজাক ৰজা পাতি দেশ শাসন কৰিবলৈ লৈছিল।\n(গ) মাজুলীত মােৱামৰীয়াসকলে ৰজা পাতিছিল হাউহা নামৰ এজন ডেকাক আৰু বেংমৰাত (বর্তমান তিনিচুকীয়া) হাতীচুঙ্গী মৰাণসকলে সৰ্বানন্দক ৰজা আৰু গাের্ধক বৰবৰুৱা পাতি ৰাজ্য শাসন কৰিছিল। তেওঁ ১৭৮৮ চনৰ পৰা ১৮০৫ চনলৈকে বেংমৰাত ৰাজত্ব কৰিছিল।\n(ঘ) শদিয়াত খামতিসকলে বুঢ়া ৰজা আৰু ডেকা ৰজা নামৰ দুজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ লৈছিল।\n(ঙ) নামনি অসমত দৰঙৰ ৰজা হংস নাৰায়ণক ছল কৰি গুৱাহাটীলৈ মাতি আনি গৌৰীনাথ সিংহই হত্যা কৰাৰ পিছত তেওঁৰ পুত্র কৃষ্ণনাৰায়ণে বঙালীবৰকান্দাজৰ সহায়ত কামৰূপ দখল কৰে। এনেদৰে তিনিবাৰকৈ সংঘটিত হােৱা মােৱামৰীয়া বিদ্রোহত আহােম শাসন ব্যৱস্থাৰ ভেটি কিছু পৰিমাণে দুর্বল হৈ পৰিছিল।\nপ্রশ্ন ৭। কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল?\nউত্তৰঃ ১৭৮৮ চনত মােৱামৰীয়াসকলে বিদ্রোহ কৰি ৰজাঘৰীয়া সৈন্য বাহিনীক পৰাজিত কৰি ৰাজধানী দখল কৰে। আহােম ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি পলাই যায়। সেয়ে মােৱামৰীয়াসকলৰ পৰা আহােমসকলে ৰাজ্য পুনৰ ঘূৰাইপােৱাৰ আশাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰে।ইংৰাজসকলেও আহােমৰজাৰ প্রার্থনাত সঁহাৰিজনাই কেপ্তেই ওৱেলছক অসমলৈ পঠাই দিয়ে। তেওঁৰ অসম অভিযানৰ মুখ্য উদ্দেশ্য আছিল অসম সম্পর্কে বিতং তথ্য সংগ্ৰহ কৰা আৰু আহােম ৰজাক পুনৰ আহােম ৰাজ্যৰ সিংহাসন ঘূৰাই পােৱাত সহায় কৰা। সেই সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কর্ণৱালিচৰ উত্তৰসূৰী হিচাপে ঘৰ জন ছােৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে। ঘৰ জন ছেৰে অহস্তক্ষেপ নীতি গ্রহণ কৰিছিল। অর্থাৎ তেওঁ কোনাে পৰৰাজ্যত\nহস্তক্ষেপকৰাৰ পৰা বিৰত থাকিব বিচাৰিছিল। সেয়ে তেওঁ কেপ্তেইন ওৱেলছক অতি সােনকালেই অসমৰ পৰা প্রত্যাৱৰ্তন কৰিবলৈ নির্দেশ দিয়ে। গৱৰ্ণৰ জেনেৰেলৰ নির্দেশ অনুসৰি কেপ্তেইন ওৱেলছেনিজৰ অভিযান সমাপ্ত নকৰাকৈয়ে অসম এৰি যাবলৈ বাধ্য হয়।\n৮। মােৱামৰীয়া বিদ্রোহ দমনত ওৱেলছৰ ভূমিকা বর্ণনা কৰা। তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা?\nউঃ ১৭৮৮ চনৰ মােৱামৰীয়া বিদ্রোহদমনত কেপ্তেই ওৱেলছৰ বিশেষ অৱদান আছে বুলি ক'ব লাগিব। কাৰণ মােৱামৰীয়া বিদ্রোহআছিল আহােম ৰাজশক্তিৰ বাবে প্রচণ্ড সহিব নােৱাৰা আঘাত স্বৰূপ। এই যুদ্ধত পৰাজিত হৈ আহােম ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি গুৱাহাটীলৈ পলাই যাব লগা হয়। আহােম ৰজাই মােৱামৰীয়াসকলৰ হাতৰ পৰা নিজৰ ৰাজ্য পুনৰ ঘূৰাই পােৱাৰ আশা কৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় ভিক্ষা কৰে। ইপিনে আহােম ৰজাৰ এনে দুর্যোগৰ সময়ত সুবিধা বুজি আহােমৰ কৰতলীয়া হিচাপে থকা দৰৱ ৰজা কৃষ্ণাৰায়ণ, উত্তৰ কামৰূপৰ হৰদত্ত বীৰদত্ত আৰুনগাঁৱত সিন্ধৰা হাজৰিকাই আহােম ৰজাৰ বশ্যতা ওফৰাই বিদ্রোহ ঘােষণা কৰে। আনহাতে গুৱাহাটীত থকা স্বৰ্গদেউ গৌৰীনাথ সিং আশ্রয় গৃহত কৈৱৰ্ত সম্প্রদায়ৰ কিছুমান লােকে জুই\nলগাইদিয়াতৰজাই গুৱাহাটীৰ পৰা পলাবলগীয়াহয়।ৰজাই ব্ৰহ্মপুত্ৰইদি ভটিয়াই যাওঁতে আধবাটতে বংগৰ পৰা আহি থকা কেপ্তেইন ওৱেলছক লগ পায়। তেতিয়া ৰজাই ওৱেলছৰ লগত পুনৰ গুৱাহাটীলৈ ওভতি আহি গুৱাহাটী উদ্ধাৰ কৰে। কেপ্তেইন ওৱেলছৰ বাহিনী আৰুৰজাৰ সৈন্য বাহিনীৰ মিলিত শক্তিৰ হাতত দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ, নগাওঁৰ সিন্ধুৰাহাজৰিকা আৰুউৰ কামৰূপৰ দত্তবীৰদত্ত পৰাজিত হয় আৰু বন্ধী হয়। গুৱাহাটীৰ বিদ্রোহ দমন কৰি কেপ্তেইন ওৱেলছে। মােৱামৰীয়াসকলৰ হাতৰ পৰা উজনি অসম উদ্ধাৰ কৰিবলৈ ৰংপুৰ অভিমুখে যাত্রা কৰে। বৃটিছবাহিনী আৰু পূর্ণানন্দ বুঢ়াগােহাঞিৰ মিলিত বাহিনীয়ে মােৱামৰীয়াসকলক পৰাজিত কৰি ৰংপুৰ এৰি যাবলৈ বাধ্য কৰায়। অৱশেষত প্রায় ছয় বছৰ পিছত মােৱামৰীয়াসকলৰ হাতৰ পৰা ৰাজ্য উদ্ধাৰ কৰি গৌৰীনাথ সিংহপুনৰ ইংৰাজৰ সহায়ত সিংহাসন ঘূৰাই পায়। সেয়েকব পাৰি মােৱামৰীয়া বিদ্রোহ দমনত কেপ্তেই। ওৱেলছ সম্পূর্ণ সফল হয়।\n৯। কেপ্তেইনওৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলােচনা কৰা।\nউত্তৰঃ কেপ্তেইন ওৱেলছ চাহাবে অসমৰ বিষয়ে এটা মূল্যৱান টোকা লিখি সেই সময়ৰ ব্রিটিছ গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছােৰলৈ প্ৰেৰণ কৰিছিল। সেই বিৱৰণৰ পৰা ওঠৰ শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অর্থনৈতিক অৱস্থা সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা যায়। ওৱেলছৰ টোকাত আহােম ৰাজ্যৰ ৰজা নির্বাচন আৰু তেওঁৰ ক্ষমতা সম্পৰ্কত এটা বর্ণনা দিয়া আছে। আনকি আহােম শাসনতন্ত্রৰ পাঁচগৰাকী প্রতাপী মন্ত্রী আৰু তেওঁলােকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্রিক অৰিয়াঅৰিৰ ঘটনা টোকাটোত সন্নিৱিষ্ট হৈছে।\nপাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে ওৱেলছে কীর্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মােহনমালা গােহাঁইক অনৈতিকভাৱে ৰাজসিংহাসন লাভৰ পৰা বঞ্চিত কৰা, মােৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চপদবীধাৰী মন্ত্রী-আমােলাসকলৰ মাজত ক্ষমতা লাভৰ বাবে চলা অবাঞ্ছিত প্রতিযােগিতাকেই মূলতঃ দায়ী বুলি মত পােষণ কৰিছে।\nযি কি নহওক ওৱেলছে এই অচলাৱস্থাৰ পৰা অসম দেশক ৰক্ষা কৰাত বৃিটিছ সৈন্য কৃতকার্য হােৱা বুলি দাবী কৰাৰ লগতে অসমত শান্তি স্থাপনৰ বাবে তেওঁ লােৱা বিভিন্ন কার্যব্যৱস্থাৰ বিষয়েও টোকাটোত উনুকিয়াইছে। ব্যৱসায়-বাণিজ্য সম্পর্কত মন্তব্য দিবলৈ গৈ ওৱেলছে অসমৰ প্রাকৃতিক সম্পদসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া যেন লাগে। অসম আৰু বংগদেশৰ মাজত চলা আমদানি- ৰপ্তানিৰ বৃহৎ বাণিজ্য ক্ষেত্ৰখনৰ কথা উনুকিয়াই লিখিছিল যে এই বাণিজ্যৰ পৰা অসমে বছৰি প্রায় ৯০,০০০ টকাৰ শুল্ক আদায় কৰিছিল। অৱশ্যে তাৰে ২৬,০০০ মান টকাহে ৰাজকোষত সােমাইছিল। তেওঁৰ বিৱৰণৰ পৰা অনুমান কৰিব পাৰি যে সেইসময়ত অসমত লােণৰ বৰ আকাল আছিল। আমদানি বস্তুবােৰৰ ভিতৰত লােণেই আটাইতকৈ উল্লেখযােগ্য আছিল। বংগদেশৰ পৰা বছৰি প্রায় ২০,০০০ মােন লােণ আমদানি কৰা হৈছিল। অসমৰ ভিতৰতাে শদিয়া আৰু নগাপাহাৰত কিছু লােণ উৎপাদন হৈছিল যদিও তাৰ মান নিম্নস্তৰৰ আছিল। লােণ বৰ দামী বস্তু আছিল আৰু সেইবাৰে সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অসমর্থ আছিল। অসমত যথেষ্ট পৰিমাণে ধান উৎপন্ন হােৱাৰ লগতে সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, তামােল-পাণ, লা, লাে, সােণ আদি উৎপন্ন হৈছিল।\nসেই সময়ত গুৱাহাটী এখন আহল-বহল আৰু জনবহুলনগৰ আছিল। নগৰখনব্রহ্মপুত্র নদীৰ দুয়ােপাৰ জুৰি বিস্তুত আছিল। নদীৰ পাৰত থকা এটা গড়ত ১১৩ টা কামান আছিল। আৰু তাৰে তিনিটা ইউৰােপত তৈয়াৰী আছিল। ব্রহ্মপুত্র নদীৰ পৰা অলপ দূৰৈত ৬ ফুট মান ওখ পকী দেৱালেৰে আগুৰা এডােখৰ ঠাইত ইমান ডাঙৰ এটা ঘৰ আছিল যে তেওঁৰ আটাইবােৰ সৈন্য তাতেই থাকিব পাৰিছিল। গুৱাহাটীৰ লগতে আহােমৰ ৰাজধানী ৰংপুৰ নগৰখনৰাে তেওঁ এটি বর্ণনা দিছিল। ইয়াৰ পৰিসীমা প্রায় ২০ মাইলমান হ'ব। ইয়াতাে ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। অৱশ্যে বেৰবোেৰ উৱলি গৈছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবােৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা- ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা-কিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নােৱাৰিছিল। সােণ আৰু নিমখহে বেহা-বেপাৰৰ মাধ্যম। হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল। সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰহে নাটনিত ভুগিছিল। তথাপি অসম এখন ঐশ্বর্যশালী দেশ আছিল আৰু ৰজা গৌৰীনাথ সিংহই ব্রিটিছ সেনাৰ ভণ-পােযণৰ বাবে যথেষ্ট টকা-পইচা খৰচ কৰিবলৈ সমৰ্থ হৈছিল।\nSee also মূল অৰ্থনৈতিক সমস্যাসমূহ নৱম - শ্ৰেণীৰ অর্থনীতি বিজ্ঞান অধ্যায় 02\n১০। চমুটোকা লিখা ?\n(ক) কীর্তিচন্দ্ৰ বৰুৱা (খ) মায়ামৰা সত্ৰ (গ) পূর্ণানন্দ বুঢ়াগােহাঞি (ঘ)কাড়ী পাইক আৰু চমুৱা পাইক (ঙ) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি (চ) বৰৰজা ফুলেশ্বৰী (ছ) পৰ্বতীয়া গােসাঁই, (জ) সৰ্বানন্দ, (ঝ) ভৰত সিংহ, (ঞ) ৰংপুৰ নগৰ।\n(ক) কীর্তিচন্দ্ৰ বৰবৰুৱা→ কীর্তিচন্দ্ৰ বৰবৰুৱা এজন প্রবল প্রতাপী ৰজা আছিল। তেওঁৰ পিতৃৰ নাম ৰূপচন্দ্ৰ বৰবৰুৱা আছিল। ১৭১৮ চনত ৰূপচন্দ্ৰৰ মৃত্যু হােৱাৰ পিছত স্বৰ্গদেউ শিৱ সিংহই পুতেক কীর্তিচন্দ্ৰ বৰবৰুৱা পদবীত নিযুক্তি দিছিল। কীর্তিচন্দ্ৰৰ কু-চক্ৰান্তৰ বাবেই স্বৰ্গদেউ ৰূদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্র মােহনমালা দত্তৰ বিপৰীতে ভায়েক ৰাজেশ্বৰ সিংহই ৰাজ সিংহাসনত আৰােহণ কৰিব পাইছিল। ৰাজেশ্বৰ সিংহই ৰাজ্য পৰিচালনা কৰাতকৈ আমােদ-প্রমােদত দিন কটাবলৈ বেছি ভাল পাইছিল। তেওঁ ৰাজ্য শাসনৰ ভাৰ কীর্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত অৰ্পণ কৰিছিল। কীর্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজ্য- শাসনৰ ভাৰ দিনক দিনে বাঢ়ি যােৱাত ডা-ডাঙৰীয়াসকলে তেওঁক দেখিব নােৱৰা হ'ল। কাৰণ কীর্তিচন্দ্র সাধাৰণ কাড়ী খেলৰ মানুহ আছিল। নুমলী বৰগােহাঁয়ে "চকৰীফেটা" নামৰ এখন বুৰঞ্জীপুথিত কীর্তিচন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালক জলম বঁটা' অর্থাৎ 'নকল আহােম' বুলি লিখি থৈ গৈছে। কীর্তিচন্দ্ৰ বৰবৰুৱাই এই কথাৰ প্রতিবাদ কৰি নৰা দেশৰ পৰা নিজা আত্মীয় মানুহ আনি প্রমাণ কৰি কৈছিল যে তেওঁ সম্ভ্রান্ত আহােম পৰিয়ালৰ লােক হয়। এনে কাৰ্যই তেওঁৰ কিবা সন্দেহ থকা বুলি ভাবি ৰজাৰ পৰা ৰাজ্যৰ বুৰঞ্জী পৰীক্ষা কৰাৰ আদেশ দিলে। উপায়হীন হৈ বৰুৱাই ছুিমান বুৰঞ্জীত আপত্তিজনক কথা থকা বুলি ভাবি বুৰঞ্জীবােৰ পৰীক্ষা কৰাৰ আগতেই পুৰি পেলায়। তেওঁৰ এনে কাৰ বাবে জনসাধাৰণৰ মনত তেওঁ অপ্রিয় হৈ পৰে। কিছুমানে ষড়যন্ত্র কৰি তেওঁক বধ কৰিবলৈ চেষ্টা কৰে। কিন্তু তেওঁ কোনাে কমে পলাই প্রাণ ৰক্ষা কৰে।\n(খ) মায়ামৰা সত্ৰ →মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তর্ভুক্ত। মূলতে মৰাণ জনগােষ্ঠীৰ লােকসকল এই সত্ৰৰ শিষ্য আছিল। ইয়াৰ উপৰি অসমৰ বহুতাে জনজাতি যেনে কছাৰী, চুতীয়া, আহােম, কৈৱৰ্ত্ত আদি লােকৰ মাজতাে এই সত্রই যথেষ্ট জনপ্রিয়তা লাভ কৰিছিল। মায়ামৰা সত্ৰখনৰ এটা বিশেষত্ব হল যে এই সত্ৰৰ সত্ৰাধিকাৰসকল কেৱল ক্ষুদ্র সম্প্রদায়ভুক্ত আছিল। এই মায়ামৰা' শব্দৰ পৰাই মােৱামৰীয়া শব্দটো উৎপত্তি হৈছিল। মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকলক জনসাধাৰণে এটা সুকীয়া মর্যাদা দিছিল। ইয়াৰ ফলত এই সত্ৰত শিষ্যৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছিল। এই সত্ৰৰ শিষ্যসকলে কোনাে কাৰণতে গুৰুৰ বাহিৰে আন কাৰাে ওচৰত মূৰ দোউৱা নাছিল। সেয়েহে গুৰুৱে এনে পৰিস্থিতিৰ বাবে নিজকে স্বৰ্গদেউৰ লগত তুলনা কৰিছিল ইয়াৰ ফলত আহােম ৰাজশক্তি আৰু মােৱামৰীয়াসকলৰ মাজত মনােমালিন্য ঘটিছিল। তাৰ পৰিণতি স্বৰূপেই অসমৰ ইতিহাসত আটাইতকৈ দীর্ঘকাল। জুৰি সংঘটিত হােৱা ভয়াবহ বিদ্রোহ হৈছে মােৱামৰীয়া গণ বিদ্রোহ।\n(গ) পূৰ্ণানন্দ বুঢ়াগােহাঞি→ পূৰ্ণানন্দ বুঢ়াগােহাঞি আহােম ৰাজ্যৰ এজন ক্ষমতাশালী মন্ত্রী আছিল। তেওঁ ঘনশ্যাম বুঢ়াগােহাঁইৰ পুত্ৰ আছিল। গৌৰীনাথ সিংহৰ ৰাজত্বকালত পিতাকৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰ সূত্ৰে ১৭৮২ চনত তেওঁ বুঢ়াগােহাঁইৰ পদৱীত অধিস্থিত হয়। তেওঁ মােৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ দৃঢ়তা অরলম্বন কৰিছিল যদিও বিশেষ একো কৰিব পৰা নাছিল। তেওঁ ১৭৮২ চনৰ পৰা ১৮১৭ চনলৈ প্রায় ৩৪/৩৫ বছৰ ধৰি আহােম ৰাজ্যৰ বুঢ়াগােহাঁই তথা ৰাজমন্ত্রী আছিল। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰিতাৰ বাবে দেশৰ লােকে তেওঁক অকণাে ভাল পােৱা নাছিল। পূৰ্ণানন্দৰ দৌৰাত্ম সহ্য কৰিব নােৱাৰি দেশৰ ভালেমান মুখিয়াল লােকে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত পানীমুৱা নামৰ এটা বিদ্রোহ সংগঠিত কৰিছিল। পূৰ্ণানন্দ বুঢ়াগােহাঁই আহােম সাম্রাজ্যৰ শৈষ শক্তিশালী ব্যক্তি আছিল।\n(ঘ) কাড়ী পাইক আৰু চমুৱা পাইকঃ→ কাড়ী পাইক আৰু চমুৱা পাইক পাইকসকলৰ দুটা ভাগ। কাড়ী পাইকৰ সংখ্যা অধিক। চমুৱা পাইকৰ সংখ্যা কম যদিও তেওঁলােক আছিল কাড়ী পাইকতকৈ মানত উচ্চ। কিন্তু লাহে লাহে ৰাজ্যত চমুৱা পাইকৰ সংখ্যা বৃদ্ধি হােৱাত দামী পাইকৰ সংখ্যা কমিবলৈ ধৰে।\n(ঙ) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি → বৈৰাগী ৰজাৰ নেতৃত্বত কৈবর্ত সম্প্রদায়ৰ কিছুমান মানুহে গুৱাহাটীত থকা স্বৰ্গদেউৰ আশ্রয়গ্ৰহটোত জুই লগাই দিয়াত তেওঁ গুৱাহাটীৰ পৰা পুনৰাই পলাবলগীয়া হ'ল। ব্রহ্মপুত্ৰেৰে ভটিয়াই যাওঁতে আদবাটতে তেওঁ বংগৰপৰা আহি থকা কেপ্তেইন ওৱেলছক লগ পাই তেওঁৰ ভৰসাতে আকৌ গুৱাহাটীলৈ উভতি আহে আৰু ওরেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে। বৈৰাগীৰজা আৰু তেওঁৰ অনুগামীসকলক বন্দী কৰা হ'ল। দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ আৰু তেওঁৰ ভেৰােণীয়া সৈনিকৰ দল বৰকান্দাজসকলকো যুদ্ধত পৰাস্ত কৰা হ'ল। হৰদত্ত চৌধুৰীৰ বিদ্রোহ দমন কৰি তেওঁলােকক আহােমৰ কৰতলীয়া ৰজা হিচাপে পুনৰ স্বীকৃতি দিয়া হ'ল । দৰঙীয়া আৰু কামৰূপীয়া বিদ্রোহ আৰু বৰকান্দাজ সমস্যাৰ অন্ত পেলাই ওঁৱেলছে উজনিত আহােম ৰাজ্য নিষ্কণ্টক কৰাৰ মানসেৰে ৰংপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। কাৰণ ইতিমধ্যেই আহােম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল।১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হােৱা এই চুক্তিমতে,\n(১) ইংৰাজৰ অধীনস্থ যিকোনাে ঠাইৰ পৰা অসমলৈ আমদানি হােৱা সামগ্ৰীৰ ওপৰত ১০% কৰ ধার্য কৰা হ'ল।\n(২) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনাে প্রান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতাে সমপৰিমাণৰ অর্থাৎ ১০% কৰ ধার্য কৰা হ'ল।\n(৩) ধন আৰু চাউলৰ ওপৰত কোনাে কৰ নাথাকিব।\n(৪) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰােপ কৰাৰ ব্যৱস্থা কৰা হ'ল।\n(৫) ইংৰাজৰ বাহিৰে আন ইউৰােপীয় বেপাৰীয়ে ইংৰাজ আৰু আহােম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নােৱাৰিব।\nএই চুক্তিখনৰ স্বাৰ্থতেই উজনিৰ মােৱামৰীয়াসকলক দমন কৰি আহােম শাসনৰ পুনৰ প্রতিষ্ঠা কৰাটো এক প্রকাৰ জৰুৰী হৈ পৰিছিল। সকলাে কথা গমি ওৱেলছে গৱৰ্ণৰ জেনেৰেলক ছটা নতুন কোম্পানি ফৌজ পঠাবলৈ অনুৰােধ কৰিছিল। গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱলিছে পৰিস্থিতিৰ গুৰুত্ব বুলি ওৱেলছৰ পত্ৰৰ সঁহাৰি জনাই অতিৰিক্ত ফৌজ পঠাই দিছিল । ১৭৮৬ চনৰ পৰাই বুঢ়াগােহাঞি পূর্ণানন্দ ডাঙৰীয়াই অশেষ কষ্টেৰে বােৰহাটৰ বাহিৰতে মােৱামৰীয়াসকলৰ গতিৰােধ কৰি আছিল। এতিয়া ওৱেলছৰ নেতৃত্বত অহা নতুন ব্রিটিছ ফৌজে আহােমৰ সৈন্যৰ মনােবল বহুগুণে বৃদ্ধি কৰিলে। বৃটিছ আৰু আহােমৰ সৈন্যৰ যুটীয়া আক্ৰমণত মােৱামৰীয়াসকল তিষ্ঠিৱ নােৱাৰি ৰংপুৰ এৰি পলাই যাবলৈ বাধ্য হ'ল। ভালেমান মােৱামৰীয়াৰ মৃত্যু হ'ল। ৰজা ভৰতসিংহও বেয়াকৈ ঘুণীয়া হ'ল আৰু কোনােমতে প্রাণ লৈ পলাই গ'ল। ৰংপুৰ পুনৰ বিদ্রোহীৰ কৱলৰ পৰা উদ্ধাৰ হ'ল। ১৭১৪ চনৰ ২১ মাৰ্চৰ দিনা গৌৰীনাথ সিংহই ৰাজধানীত প্ৰৱেশ কৰে।\n(চ) বৰৰজা ফুলেশ্বৰী→ স্বৰ্গদেউ শিৱসিংহৰ ৰাণী আছিল ফুলেশ্বৰী কুঁৱৰী। তেওঁ এগৰাকী বিদ্যোৎসাহী মহিলা আছিল। তেওঁ লিখা-পঢ়াৰ সুবিধাৰ বাবে ৰাজ্যত বহুতাে টোল পাতিছিল। তেওঁৰ নির্দেশমতে গৌৰীসাগৰ পুখুৰী আৰু দৌল নির্মাণ কৰা হৈছিল। এওঁৱেই আছিল আহােমৰ ৰাজত্বকালত কাজকার্য পৰিচালনা কৰা প্ৰথম গৰাকী মহিলা। ফুলেশ্বৰী কুঁৱৰীয়ে কৃষ্ণৰাম ভট্টাচার্য নামৰ পুৰােহিত এজনৰ ওচৰত শাস্ত্ৰ ধৰ্মৰ শিল্প লৈছিল। সেই সময়ত ব্রাহ্মণ পণ্ডিতসকলে শিৱসিংহৰ ছত্ৰ ভংগৰ যােগ আছে বুলি কৈ ফুলেশ্বৰী কুঁৱৰীক 'বৰৰজা' উপাধি দি দেশ শাসন কৰিবলৈ দিছিল। ফুলেশ্বৰীয়ে নতুনকৈ ক্ষমতা পাই মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰৰ সৈতে জৰিত সন্ত-মহন্ত, ভকত সকলােকে বহুতাে লঘু লাঞ্ছনা কৰি অশেষ নির্যাতন কৰিছিল। শাক্ত ধৰ্মত নতুনকৈ দীক্ষা লােৱা এইগৰাকী ৰাণীৰ বৈষ্ণৱ নির্যাতন কার্যত ইন্ধন যােগাইছিল কীর্তি চন্দ্ৰ বৰুৱাই ৰাণী ফুলেশ্বৰীয়ে বৈষ্ণৱ সত্ৰাধিকাৰ, মহন্ত আৰু ভকতসকল শক্তি পূজাৰ বিৰােধী আছিল কাৰণে ৰাণীয়ে দেৱী মন্দিৰত পূজাৰ আয়ােজন কৰি তালৈ মায়ামৰা সত্ৰকে ধৰি অন্যান্য সত্রানুষ্ঠানৰ সত্ৰাধিকাৰ আৰু মহন্ত ভকতসকলক ধৰি আনি দেৱী পূজাৰ প্ৰসাদ খুৱাই আৰুবলিৰ তেজেৰে কপালত ফোট দিয়াই লঘু-লাঞ্ছনা কৰিছিল। ইয়াৰ ফলস্বৰূপে সময়ত আহােম ৰাজ্যত "মােৱামৰীয়া বিদ্রোহ' দেখা দিছিল। ১৭৩১ খ্রীত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হয়।\n(ছ) পৰ্বতীয়া গােসাঁই → স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচার্য নামৰ এজন শক্ত ব্রাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই অনাইছিল।পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্রাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰাই কৃষ্ণ ৰাম ভট্টাচর্য আৰু তেওঁৰ উত্তৰ পুৰুষসকলক পৰ্বতীয়া গােসাঁই নামেৰে জনা যায়।\n(জ) সৰ্বানন্দঃ→ সর্বানন্দ সিংহ মৰাণ সকলৰ নেতা আছিল। মােৱামৰীয়া সকলৰ নেতা ভৰত সিংহৰ মৃত্যুৰ পিছত সৰ্বানন্দই মােৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব গ্রহণ কৰিছিল। সেই সময়ত মােৱামৰীয়া সকলৰ ভিতৰত মৰাণ সকলেইসকলােতকৈ শক্তিশালী আছিল। সেয়েহে পূৰ্ণানন্দৰগােহাঁয়ে মােৱামৰীয়া নেতা সর্বানন্দৰ লগত এখন চুক্তি কৰি বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজত ভূ-খণ্ড মটক ৰাজ্য' নাম দি নতুন স্বতন্ত্র ৰাজ্য স্থাপন কৰিলে। ১৭৮৮ চনত গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই যােৱাৰ পিছত বিদ্রোহীসকলে বেংমৰা হাতীচুংগীত সর্বানন্দক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ দিছিল। সর্বানন্দই ১৮০৫ চনলৈকে শাসন চলাইছিল।\n(ঝ) ভৰত সিংহ→ ভৰত সিংহ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ সম্পৰ্কীয় লােক আছিল। তেওঁ এজন মােৱামৰীয়া বিদ্ৰোহৰ নেতা আছিল। ১৮০১ চনত তেওঁৰ নেতৃত্বত এদল মােৱামৰীয়াই চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ বিদ্রোহ কৰিছিল। তেওঁলােকে বিদ্ৰোহকৰ ঠাইখন হ'ল বেংমৰা (বর্তমান তিনিচুকীয়া জিলা)। মােৱামৰীয়া বিদ্রোহীসকলে ৰংপুৰ দখল কৰাৰ পিছত তেওঁক ৰংপুৰৰ ৰজা পাতিছিল। ভৰত সিংহই শুকুৰা নামৰ এজন বৰবৰুৱাৰ লগত দেশ শাসন কৰিছিল।\nSee also ভাৰতৰ ৰাজনৈতিক দল Class9প্ৰশ্ন উত্তৰ (ৰাজনৈতি বিজ্ঞান)\n(ঞ) ৰংপুৰ নগৰঃ→ ৰংপুৰ আহােমৰ ৰাজধানী আছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৮ চনত এই ৰাজধানী নগৰ প্রতিষ্ঠা কৰে। ৰংপুৰৰ পুৰণি নাম মেটেকা। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰ সজাই ৰং-ৰহইচ কৰি নগৰ খন লােৱাৰ বাবেনামনিৰ ৰংপুৰৰ নামেৰেই এইনগৰৰ নাম ৰংপুৰ থয়। তেতিয়াৰে পৰা মােৱামৰীয়াসকলৰ বিদ্রোহত নগৰ উছন হােৱালৈকে ৰংপুৰ আহােমৰ ৰাজধানী আছিল। বর্তমানৰ শিৱসাগৰ নগৰখনেই আছিল পূর্বৰ ৰংপুৰনগৰ। বর্তমান ৰংপুৰৰ পৰিসীমা প্রায় ১০ মাইল মান হ'ব। ইয়াত ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবােৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা-ডাঙৰীয়া সকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা- কিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নােৱাৰিছিল। সােণ আৰু নিমখহে বেহা-বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল।\nRead Also :ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন\nমোৱামৰিয়া গণ বিদ্ৰোহ অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ\nপ্রশ্ন ১। মায়ামৰা সত্র কোন সংহতিৰ অন্তর্ভুক্ত?\nউত্তৰঃ কাল সংহতি।\nপ্রশ্ন ২। কোনজন মােৱামৰীয়া সত্ৰাধিকাৰক ভগা ৰজা চুৰমাৰ দিনত হত্যা কৰা হৈছিল?\nউত্তৰঃ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক।\nপ্রশ্ন ৩া বৈকুণ্ঠদেৱ মহন্তৰ হত্যা কাৰ নিৰ্দেশত হৈছিল ?\nউত্তৰঃ গদাধৰ সিংহৰ নিৰ্দেশত।\nপ্রশ্ন ৪। চতুর্ভুজদেৱ মহন্তৰ প্রতি কোনে দুর্ব্যৱহাৰ কৰিছিল ?\nপ্রশ্ন ৫। মােৱামৰীয়া মহন্তক কাৰ নির্দেশ মর্মে বলিৰ ফোট ল'বলৈ বাধ্য কৰা হৈছিল?\nউত্তৰঃ শিৱসিংহৰ দিনত বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত।\nপ্রশ্ন ৬। শিৱসিংহই কাৰ ওচৰত শৰণ লৈছিল?\nউত্তৰঃ বংগদেশৰ নদীয়াৰ কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত।\nপ্রশ্ন ৭। কীর্তিচন্দ্র কোন সত্ৰৰ শিস্য আছিল\nউত্তৰ দিহিং সত্ৰৰ শিস্য।\nপ্রশ্ন ৮। মােৱামৰীয়াসকলৰ উদ্দেশ্য কি আছিল?\nউত্তৰঃ আহােম শাসনৰ অন্ত পেলােৱা।\nপ্রশ্ন ৯। মানন্দ ৰা মাকান্তৰ দেউতাকৰ নাম কি?\nপ্রশ্ন ১০। কোন মণিপুৰী ৰাজকুঁৱৰীয়ে আহােম সকলক সহায় কৰিছিল ?\nউত্তৰঃ মণিপুৰী ৰাজকুৱৰী কুৰঙ্গনয়নীয়ে।\nপ্রশ্ন ১১। লক্ষ্মীসিংহৰ পুতেকৰ নাম কি?\nউত্তৰ : গৌৰীনাথ সিংহ।\nপ্রশ্ন ১২। ঘনশ্যাম বুঢ়াগােহাঞিৰ পুতেকৰ নাম কি?\nউত্তৰঃ লাড়ি গােহাঁঞি বুঢ়াগােহাঞি।\nপ্রশ্ন ১৩। পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ আন এটা নাম কি ?\nউত্তৰঃ লাড়ি গােহাঞি বুঢ়াগােহাঞি।\nপ্রশ্ন ১৪। ইংৰাজ সৈন্য বাহিনীক অসমলৈ আহােতে কোনে নেতৃত্ব দিছিল ?\nউত্তৰঃ কেপ্তেইন থমাছ ওৱেলছে।\nপ্রশ্ন ১৫। ইংৰাজ সামৰিক সৈন্য বাহিনীটো অসমত কেতিয়াৰ পৰা কেতিয়ালৈ আছিল?\nপ্রশ্ন ১৬। ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত কেতিয়া বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল ?\nউত্তৰঃ ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল।\nপ্রশ্ন ১৭। কেপ্তেইন ওৱেলছ অসমলৈ অহাৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল?\nউত্তৰঃ লর্ড কর্ণৱালিছ।\nপ্রশ্ন ১৮। লর্ড কর্ণৱলিছৰ উত্ৰৰসুৰী ছাৰ জন ছছাৰে গ্ৰহণ কৰা নীতিটো কি আছিল?\nউত্তৰঃ পৰাজ্যত হস্তক্ষেপ বিৰােধী নীতি।\nপ্রশ্ন ১৯। গৌৰীনাথ সিংহৰ মৃত্যু কেতিয়া হৈছিল?\nউত্তৰঃ ১৭৯৫ চনত\nপ্রশ্ন ২০। চাৰিং ৰজা কদম দীঘলা গােহাঞিৰ পুত্ৰৰ নাম কি?\nপ্রশ্ন ২১। চুকেনফাৰ হিন্দু মতে নাম কি আছিল?\nউত্তৰঃ কমলেশ্বৰ সিংহ।\nপ্রশ্ন ২২। কিমান চনত কাছাৰত-মােৱামৰীয়া বিদ্রোহ হৈছিল ?\nউত্তৰ : ১৮০৫ চনত।\nপ্রশ্ন ২৩বেংমৰাৰ বৰ্তমান নাম কি ?\nপ্রশ্ন ২৪। অসমৰ মানুহে বেহা-বেপাৰৰ মাধ্যম হিচাপে কি বস্তু ব্যৱহাৰ কৰিছিল?\nউত্তৰঃ সােণ আৰু নিমখ।\nপ্রশ্ন ২৫। গৌৰীনাথ সিংহই ৰংপুৰৰ পৰা কোন ঠাইলৈ ৰাজধানী স্থানান্তৰকৰিছিল?\nপ্রশ্ন ২৬ পাইক প্রথা কোনে প্ৰৱৰ্তন কৰিছিল?\nউত্তৰঃ প্রতাপ সিংহই।\nপ্রশ্ন ২৭। গুৱাহাটীৰ উমানন্দ মন্দিৰত প্রথম মাটি দান কোনজন ৰজাই দিছিল?\nউত্তৰঃ গদাধৰ সিংহই।\nপ্রশ্ন ২৮। মােৱামৰীয়া সকলে প্রথমবাৰ ৰংপুৰ অধিকাৰ কৰি কাক ৰজা পাতিছিল?\nপ্রশ্ন ২৯ কোনজন আহােম ৰজাই 'গজপতি' উপাধি লৈছিল?\nউত্তৰঃ প্রতাপ সিংহই।।\nপ্রশ্ন 'ডিমা ফিছা' শব্দৰ অর্থ কি?\nপ্রশ্ন ৩0/কবিৰাজ চক্রবর্তী কোন আছিল?\nউত্তৰঃ ৰুদ্ৰসিংহৰ পৃষ্ঠপােষকতা লাভ কৰা এজন কবি আছিল।\nপ্রশ্ন ৩২। কোনজন ৰজাৰ ৰাজত্বকালত সত্রানুষ্ঠানসমূহ ধ্বংস কৰা হৈছিল?\nউত্তৰ : গদাধৰ সিংহৰ ৰাজত্বকালত।\nপ্রশ্ন ৩৩। বেজদলৈ ভাণ্ডাৰী বৰুৱা কোন আছিল ?\nউত্তৰঃ স্বৰ্গদেউ চুৰক্ষা ভগাৰজাৰ দিনৰ বৰুৱা আছিল।\nপ্রশ্ন ৩৪। ৰঙ্গাচৰণ বেজদলৈ ভাণ্ডাৰী বৰুৱা কোন আছিল?\nউত্তৰঃ গদাধৰ সিংহৰ সোঁহাতস্বৰূপ বিষয়া আছিল।\nপ্রশ্ন ৩৫। ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত পাইকৰ সংখ্যা কিমান আছিল ?\nউত্তৰঃ ৮৩,০০০ আছিল।\nপ্রশ্ন ৩৬। ১৭৮৮ ৰ পৰা ১৮০৫ চনলৈ বেংমৰাত ৰাজত্ব কৰা ৰজাজনৰ নাম কি আছিল?\nউত্তৰ : সর্বানন্দ সিংহ।\nপ্রশ্ন ৩৭ ৰাণী ফুলেশ্বৰী কোন আছিল?\nউত্তৰঃ শিৱসিংহৰ পত্নী।\nপ্রশ্ন ৩৮ বৰৰজা উপাধি কোনে লৈছিল?\nউত্তৰঃ ৰাণী ফুলেশ্বৰীয়ে।\nপ্রশ্ন ৩৯। চমুৱা কাক কোৱা হৈছিল ?\nউত্তৰঃ ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পােৱা পাইকক চমুৱা বােলা হৈছিল।\nপ্রশ্ন ৪০। কোন চনত দ্বিতীয় মােৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল ?\nউত্তৰঃ ১৭৮২ চনত।\nপ্রশ্ন ৪১। দৰঙৰ ৰজা হংসনাৰায়ণক কোনে হত্যা কৰিছিল?\nউত্তৰঃ গৌৰীনাথ সিংহই।\nপ্রশ্ন ৪২। সত্ৰাম কোন আছিল ?\nউত্তৰঃ ৰজা চন্দ্রকান্ত সিংহৰ অতি প্রিয় লােক আছিল।\nপ্রশ্ন ৪৩। অসমলৈ মানসকলক কোনে আমন্ত্রণ কৰি আনিছিল?\nউত্তৰঃ বদনচন্দ্ৰ বৰফুকনে ।\nপ্রশ্ন ৪৪ মানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল?\nপ্রশ্ন ৪৫ বৰকান্দাজসকুল কোন আছিল ?\nউত্তৰ : বাংলাদেশৰ কিছুমান ভেৰােণীয়া সৈন্য আছিল।\nপ্রশ্ন ৪৬। গৌৰীনাথ সিংহই কি কাৰণে গুৱাহাটী এৰি গােৱালপাৰা অভিমুখে পলায়ন কৰিছিল ?\nউত্তৰঃ মােৱামৰীয়াসকলৰ বিৰুদ্ধে ইংৰাজৰ সহায় বিচাৰি লায়ন কৰিছিল।\nপ্রশ্ন ৪৭ কেপ্তেইন ওৱেলছৰ নেতৃত্বত কিমানজন সৈনিক আছিল?\nউত্তৰঃ প্রায় ৫৫০ জন সৈনিক আছিল।\nপ্রশ্ন ৪৮ ঘনশ্যাম বুঢ়াগােহাঁইৰ কেতিয়া মৃত্যু হয়?\nপ্রশ্ন ৪৯। বংগদেশৰ পৰা বছৰি কিমান পৰিমাণৰ লােণ আমদানি কৰা হৈছিল?\nউত্তরঃ প্রায় ১২০,০০% ।\nপ্রশ্ন ৫০। ৰংপুৰ নগৰখনৰ পৰিসীমা কিমান আছিল ?\nউত্তরঃ ২০ মাইল।\nপ্রশ্ন ৫১। কেপ্তেইন ওৱেলছ অসমলৈ আহিছিল - \nপ্রশ্ন ৫২। মােৱামৰীয়া সকলৰ প্ৰথম ৰজা কোন আছিল ?\nঅতিৰিক্ত চমু প্রশ্নোত্তৰ\nপ্রশ্ন ১। বৈষ্ণৱ সত্র মানে কি?\nউত্তৰ : বৈষ্ণৱ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধরদেৱৰ দ্বাৰা প্ৰচাৰিত নামধর্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।\nপ্রশ্ন ২। সত্ৰ সমূহৰ ভাগ চাৰিটা কি কি?\nউত্তৰঃ সত্ৰ সমূহৰ ভাগ, সংহতি চাৰিটা হল-\n(ক) ব্ৰহ্ম সংহতি, (খ) পুৰুষ সংহতি, (গ) কাল সংহতি, (ঘ) নিকা সংহতি।\nপ্রশ্ন ৩। অসমৰ ৪ টা জনজাতিৰ নাম লিখা।\nউত্তৰঃ অসমৰ ৪ টা জনজাতিৰ নাম হল-\n(ক) কছাৰী, (খ) চুতীয়া, (গ) আহােম, (ঘ) কৈবৰ্ত্ত।\nপ্রশ্ন ৪। অসমত মােৰামৰীয়া বিদ্রোহ কিমান ৰছৰ ধৰি চলিছিল?\nউত্তৰঃ প্রায় ৩৫ বছৰ কাল (১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈ)।\nপ্রশ্ন ৫। চুহুংমুওে কিয় স্বৰ্গনাৰায়ণ উপাধি গ্রহণ কৰিছিল ?\nউত্তৰঃ আহােম ৰজাসকলে স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো প্রথমতে চুহুংমুঙৰ দিনৰ পৰা আৰম্ভ হয়। এওঁৰ দিনতেই 'শ্রীশ্রীস্বর্ণনাৰায়ণ মহাৰাজৰ জন্ম কথা'নামৰ বুৰঞ্জী লিখি হিন্দু দেৱতা স্বৰ্গৰ অধিপতি ইন্দ্ৰৰ লগত আহােম ৰজাসকলৰ সম্পর্ক দেখুওৱা আখ্যানৰ সৃষ্টি হয়। সেয়েহে তেওঁ ৰজা হােৱাৰ পিছত স্বৰ্গনাৰায়ণ উপাধি গ্রহণ কৰে।\nপ্রশ্ন ৫। আহােম সকলৰ বাজত্বকালত থকা পাইক প্রথা দুবিধৰ নাম লিখা।\nউত্তৰঃ আহােমসকলৰ ৰাজত্বকালত থকা পাইক প্রথা দুবিধৰ নাম হ'ল - \n(ক) কাড়ী পাইক আৰু (খ) চমুৱা পাইক।\nপ্রশ্ন ৬। অসমলৈ ইংৰাজসকলৰ আগমন কেতিয়া হৈছিল?\nউত্তৰঃ অসমলৈ ইংৰাজসকলৰ তাগিমন আহােম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত ১৭৯২ চনত হৈছিল।\nপ্রশ্ন৭ কোম্পানিৰ চৰকাৰৰ সামৰিক অভিযানখনৰ প্রধান উদ্দেশ্য কি আছিল ?\nউত্তৰঃ কোম্পানিৰ চৰকাৰৰ সামৰিক অভিযানখনৰ প্রধান উদ্দেশ্য আছিল অসমৰ বিষয়ে বিতং খা-খবৰ আৰু তথ্য পাতি সংগ্রহ কৰা আৰু লগতে বৰকান্দাজ আৰু মােৱামৰীয়াৰ বিদ্রোহ দমন কৰি আহােম ৰজাক পুনৰাই সিংহাসনত প্রতিষ্ঠা কৰা।\nপ্রশ্ন ৮। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে নিৰ্মাণ কৰােরা দুটা অট্টালিকাৰ নাম লিখা।\nউত্তৰঃ গড়গাঁও আৰু ৰংপুৰৰ দুই পকী ৰাজকাৰেং।\nপ্রশ্ন ৯। অসমৰ শক্তিপূজাৰ দুটা মূল পীঠৰ নাম লিখা।\nউত্তৰ তাৰেী মন্দিৰ আৰু কামাখ্যা মন্দি।\nপ্রশ্ন ১০। স্বৰ্গদেউ প্রতাপ সিংহ উদ্ভাৱন কৰা দুটা প্রশাসনীয় ব্যৱস্থাৰ নাম লিখা।\nউত্তৰ : পাইক প্রথা আৰু প্ৰচা প্রথা।\nপ্রশ্ন ১১। উজনিত মােৱামৰীয়া বিদ্ৰোহৰ সুযােগ লৈ স্বাধীনতা ঘােষণা কৰা আহােমৰ কতলীয়া ৰাজ্য দুখনৰ নাম লিখা।\nউত্তৰঃ ন-দুৱাৰ আৰু দৰং ৰাজ্য।\nপ্রশ্ন ১২। কোনজন আহােম স্বৰ্গদেৱে কি কাৰণত বৈষ্ণৱ সত্রানুষ্ঠানসমূহ ধ্বংস কৰিছিল ? তাৰ পৰিণতি কি হৈছিল?\nউত্তৰ বৈষ্ণৱ সত্ৰসমূহ হৈছে শংকৰদেৱে প্রতিষ্ঠা কৰা বৈষ্ণৱসকলৰ পবিত্র স্থান। ৰজা, মহাৰজা সকলে এই সত্ৰ সমূহলৈ বহুতাে দান বৰঙণি আগবঢ়াইছিল। সত্ৰ সমূহত থকা সত্ৰাধিকাৰ আৰু ভকতসকলে পাইক সেৱা দানৰ পৰা ৰেহাই পাইছিল। দিনক দিনে সত্ৰসমূহৰ সংখ্যা বৃদ্ধি হােৱাত শাৰীৰিক শ্রমদান কৰা লােকৰ সংখ্যা ৰাজ্যত কমি আহিবলৈ ধৰিলে। সেয়েহে গদাধৰ সিংহই বৈষ্ণৱ সত্রানুষ্ঠানসমূহ ধ্বংস কৰিবলৈ ধৰিলে আৰু তাত থকা সা-সম্পত্তিসমূহ ৰাজকোষলৈ স্থানান্তৰিত কৰিলে। ইয়াৰ উপৰি তেওঁ শ-শ বৈষ্ণৱ মহন্ত আৰু ভকতসকলক শ্রমদান কৰিবলৈ আদেশ দিছিল। আদেশনমনা লােকসকলক ৰজাই টোকলাই, নামৰূপ,বছা-দয়াও আদি ঠাইলৈ খেদি পঠাইছিল।
ডিজিটেল ডেস্কঃ প্ৰেম সদায় সুন্দৰ কিন্তু কিছুমানে প্ৰেমৰ দৰে পবিত্ৰ শব্দক নিজৰ কুকৰ্মৰে কলুষিত কৰি আহিছে। ৰাজস্থান ঝুনঝুনুত সংঘটিত হৈছে এক অতি দুৰ্ভাগ্যজনক ঘটনা। বোৱাৰীয়েকৰ অবৈধ প্ৰেমৰ বাবে নিজৰ প্ৰাণ দিবলগীয়া হ'ল এগৰাকী শাহুৱেকে। ঘটনাটো পুৰণি কিন্তু সত্য কথা কেতিয়াও লুকাই নাথাকে। এদিন নহয় এদিন সত্য উন্মোচিত হ'বই। সেইদিনা আছিল ২০১৯ চনৰ ২ জুন। আনদিনাৰ দৰে ২ জুনৰ আগনিশাও নিশাৰ আহাৰ গ্ৰহণ কৰি নিজৰ শোৱনি কোঠাত শুবলৈ গৈছিল সুবোধ দেৱী নামৰ মহিলাগৰাকী। পুৱা সদায় সোনকালে উঠা সুবোধ দেৱী বহুপৰ লৈকে নুঠা দেখি বোৱাৰী আল্পনাই জগাবলৈ গ'ল। কিন্তু শাহুৱেকৰ শোৱনি কোঠাত সোমায়ে এক প্ৰচণ্ড চিঞৰ মাৰিলে আল্পনাই। তেওঁ দেখিলে শাহুৱেকে কোনো সাৰ-সিকটি নোহোৱাকৈ বিচনাত জঠৰ হৈ পৰি আছে আৰু কোঠাটোৰ এটা কোণত এডাল ফেঁটী সাপে ফেঁট তুলি ফচফচাই আছে। আল্পনাই চিঞৰ মাৰি মাৰি ওচৰ-চুবুৰীয়াক কথাটো জনালে। শহুৰেক দুদিনমানৰ আগত ক'ৰবাত ফুৰিবলৈ গৈছিল আৰু আল্পনাৰ স্বামী শচীন এজন বায়ুসেনা বিষয়া আৰু তেওঁ কৰ্মসূত্ৰে থাকে ৰাজস্থানৰ বাহিৰত। ওচৰ-চুবুৰীয়াৰ সৈতে মিলি আল্পনাই শাহুৱেকক হাস্পতাললৈ লৈ গ'ল। হাস্পতালত তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে। এক দুৰ্ভাগ্যজনক ঘটনা বুলিয়েই সকলোৱে ইয়াক মানি লৈছিল। দিন বাগৰিল। হঠাতে এদিন আল্পনাৰ শহুৰেকে এনেকুৱা কথা এটা শুনিলে যি কথা শুনি তেওঁ নিশ্চিত হ'ল যে সুবোধ দেৱীৰ মৃত্যু স্বাভাৱিক নহয়। আল্পনাই ফোনত কাৰোবাৰ সৈতে শাহুৱেকৰ মৃত্যুৰ ঘটনাটোক লৈ কথা পাতি আছিল। শহুৰেকে সেইদিনাই আৰক্ষী থানাত গৈ বোৱাৰীয়েকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত আল্পনাক আটক কৰি থানালৈ আনি জেৰা কৰে আৰু সেই জেৰাত তেওঁ স্বীকাৰ কৰে যে শাহুৱেকৰ মৃত্যু স্বাভাৱিক নাছিল। সুবোধ দেৱীক আল্পনা আৰু আল্পনাৰ অবৈধ প্ৰেমিক মনীষে মিলি হত্যা কৰিছে। ঘটনাটোৰ দিনা শাহুৱেকক বানানা শ্বেকত শ্লিপিং টেবলেট মিহলাই খাবলৈ দিয়ে আল্পনাই। সেই সময়তে এডাল বিষাক্ত সাপ লৈ উপস্থিত হয় মনীষ। দুয়ো আলোচনা কৰে যে সাপডালে যদি সুবোধ দেৱীক নুখুঁটে তেন্তে সকলো পৰিকল্পনা অথলে যাব। শুই থকা সুবোধ দেৱীক দুয়ো গাৰুৰে হেঁচা মাৰি হত্যা কৰে আৰু কোঠাটোত সাপডাল মেলি দিয়ে। আৰক্ষীৰ জেৰাত আল্পনাই কয় যে শাহুৱেকে আল্পনাৰ অবৈধ প্ৰেমৰ কথা গম পাইছিল আৰু সদায় বাধা দিছিল। পুত্ৰ শচীনক সকলোখিনি কৈ দিম বুলি আল্পনাক ধমকি দিছিল শাহুৱেকে। সেয়েহে আল্পনা আৰু প্ৰেমিক মনীষে মিলি হত্যা কৰে সুবোধ দেৱীক। আৰক্ষীয়ে অধিক তদন্তৰ বাবে অন্ত্যেষ্টিক্ৰিয়াৰ পিছত বাকী থকা সুবোধ দেৱীৰ কিছু হাড় ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.
পাফু ছিৰিজ অসমীয়া ডিটেকটিভ সাহিত্যৰ কিছুমান থ্ৰিলাৰ উপন্যাসৰ সমষ্টি।[1] এই ছিৰিজটোত মুঠ ২২খন কিতাপ আছে। ইয়াৰ লেখক আছিল প্ৰেমনাৰায়ণ।[1] ১৯৪৬ চনত পাফু ছিৰিজৰ প্ৰথমটো খণ্ড 'দিন ডকাইত' লিখি উলিওৱা প্ৰেমনাৰায়ণৰ আচল নাম আছিল প্ৰেমনাৰায়ণ দত্ত।[1] এই ছিৰিজটি প্ৰকাশ কৰি উলিয়াইছিল গুৱাহাটীৰ পাণবজাৰৰ 'মণি-মাণিক' প্ৰকাশে।[1] ইয়াৰে প্ৰথম পুথি 'দিন ডকাইত' প্ৰথম প্ৰকাশ হয় ১৯৪৬ চনত[1], ষষ্ঠ প্ৰকাশ ২০১৫ চনত। ষষ্ঠ প্ৰকাশৰ মুদ্ৰণ চিত্ৰাচল প্ৰিণ্টাৰ্ছ, শিলপুখুৰী, গুৱাহাটী। কাহিনীবোৰৰ মূল চৰিত্ৰ হ'ল 'পাফু' নামৰ এটা দল যি দুখীয়া, নিষ্পেষিত জনগণৰ প্ৰতি সদা দয়ালু কিন্তু অপৰাধীবোৰৰ প্ৰতি অতি নিষ্ঠুৰ। পাফুদলক ধৰিবলৈ সদা সষ্টম এক পুলিছ আৰু চোৰাংচোৱা বাহিনী এই কাহিনীৰ অন্যতম চৰিত্ৰ।
মানুহৰ জীৱন নানা সমস্যাৰে ভৰা। ব্যক্তি এজনে যেতিয়া জীৱনত সন্মুখীন হোৱা কোনো সমস্যাৰ সমাধান নিজা সামৰ্থ্যৰে কৰিব নোৱাৰে, তেতিয়াই মানসিক চাপত ভোগা দেখা যায়। সাধাৰণতে অলপ মানসিক চাপত ভোগাটো মানুহৰ শৰীৰ আৰু মনৰ বাবে ক্ষতিকাৰক নহয়। বৰং কম পৰিমাণৰ মানসিক চাপে ব্যক্তি এজনৰ মনত ধনাত্মক চিন্তাৰ পয়োভৰ ঘটায়। এই চাপ অতিক্ৰম কৰি ব্যক্তিজনক জীৱনত কৃতকাৰ্য হোৱাত সহায় কৰে। কিন্তু অতিমাত্ৰা মানসিক চাপ ব্যক্তি এজনৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। অত্যধিক মানসিক চাপে ব্যক্তি এজনৰ আৱেগিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰাৰ উপৰি নানা গুৰুতৰ শাৰীৰিক সমস্যাকে ধৰি হৃৎপিণ্ডৰ ৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, পাকস্থলীৰ ঘা, ষ্ট্ৰ'ক আৰু কৰ্কট ৰোগপৰ্যন্ত সৃষ্টি কৰিব পাৰে। বৰ্তমানৰ প্ৰতিযোগিতামূলক সমাজখনত এই সমস্যা প্ৰতিদিনে বাঢ়ি আহিছে। কিশোৰ-কিশোৰীৰ পৰা আৰম্ভ কৰি ডেকা, মধ্যবয়সীয়া, বৃদ্ধ-বৃদ্ধা সকলো বয়সৰ লোকেই মানসিক চাপত ভোগা দেখা যায়। অৱশ্যে ব্যক্তি আৰু বয়স ভেদে মানসিক চাপত ভোগাৰ কাৰণবোৰ ভিন্ন ভিন্ন হয়। কিশোৰ-কিশোৰীয়ে হয়তো পৰীক্ষাৰ সময়ত, সাক্ষাৎকাৰৰ সময়ত, অধ্যয়ন আৰু পৰীক্ষাত আশানুৰূপ ফল নাপালে, বন্ধুত্বৰ সম্পৰ্কত ভাঙোন আহিলে, পিতৃ-মাতৃৰ পৰা অৱহেলিত হ'লে মানসিক চাপত ভুগিব পাৰে। ডেকা এজনে হয়তো মনঃপূত কৰ্মসংস্থান নোপোৱা, কামত অধিক হেঁচা, অৰ্থনৈতিক দুৰৱস্থা, প্ৰেম, পৰিয়ালৰ বিভিন্ন কাৰণত মানসিক চাপত ভুগিব পাৰে। সেইদৰে বৃদ্ধকালত পৰিয়ালৰ পৰা গুৰুত্ব নোপোৱা, অৰ্থনৈতিক স্বাৱলম্বিতাৰ অভাৱ আৰু নানা ৰোগৰ বাবে বৃদ্ধ-বৃদ্ধাসকল মানসিক চাপত ভুগিব পাৰে। বাৰে বাৰে চিগাৰেট অথবা অন্য ধপাত সেৱন কৰা, মাদক দ্ৰব্য সেৱন কৰা, বাৰে বাৰে চাহ বা কফি খোৱা, নখ কামুৰি থকা, আঁঠু লৰাই থকা, নিজৰ চুলিকে টানি থকা, অসাৱধানতাৰে গাড়ী চলোৱা, নিজকে সামাজিকভাৱে আঁতৰাই আনি অকলশৰে থাকিবলৈ ভাল পোৱা ইত্যাদি। স্মৃতিশক্তি হ্ৰাস পোৱা, কথা পাহৰি যোৱা, ভাবিবলৈ টান পোৱা, ভয়াতুৰ হোৱা, অসংযত হোৱা ইত্যাদি। তৎক্ষণাত খং উঠা, খিংখিঙীয়া হোৱা, অকাৰণতে খং উঠা, হতাশাত ভোগা, মানসিক উদ্বেগতা বঢ়া, অকাৰণতে ভয় খোৱা, অনবৰতে টোপনি লাগি থকা ইত্যাদি। পিঠি, ডিঙি আদিৰ পেশীৰ বিষ অনুভৱ, অনিয়মিত শ্বাস-প্ৰশ্বাস হোৱা, মুখ শুকাই যোৱা, হাতৰ তলুৱা ঘমা, পেট বিষোৱা, আঙুলি ঠাণ্ডা হৈ পৰা, হাত-ভৰিৰ কঁপনি হোৱা, সঘনাই প্ৰস্ৰাৱ-পাইখানাৰ অনুভৱ হোৱা ইত্যাদি। শাৰীৰিক আৰু মানসিকভাৱে অত্যধিক হেঁচা পোৱা কামত অত্যধিক হেঁচা, অধিক সময় কাম কৰিবলগীয়া হোৱা, অধিক কথা বা খবৰ মনত ৰাখিবলগীয়া হোৱা, জীৱনত অধিক বস্তুৰ প্ৰয়োজন হোৱা, শাৰীৰিকভাৱে অধিক ৰোগ হোৱা ইত্যাদি। মনত ৰাখিব লাগে সকলোৰে অত্যধিক বেয়া। জীৱনত অত্যধিক বিচাৰিলেই মানসিক চাপত ভুগিবই লাগিব। জীৱন আৰু সংসাৰৰ প্ৰভাৱ, পৰিয়াল আৰু নিজৰ ওপৰত টকা-পইচাৰ প্ৰভাৱ, জীৱিকা আৰু কৰ্মসংস্থাপনৰ প্ৰভাৱ, পৰিয়াল আৰু আত্মীয়ৰ সহযোগিতা আৰু প্ৰভাৱ, ব্যক্তিগত ইগ', বন্ধু-বান্ধৱীৰ মানসিক অসযোগিতা, বেয়া স্বাস্থ্য, কম বিনোদন কৰা, কামৰ পৰা কম ছুটী লোৱা, সামাজিক আৰু আধ্যাত্মিক প্ৰভাৱ, অবন্ধুসুলভ জীৱনৰ লগৰী, সমাজৰ দুৰ্নীতি, আতিশয্য দিয়া কৰ্মসংস্থানকাৰী(শাৰীৰিক, মানসিক, যৌন আতিশয্য), নষ্ট হোৱা জীৱন লগৰী অথবা পুত্ৰ-কন্যা ইত্যাদি। কিছুমান শাৰীৰিক ৰোগ আৰু সেৱন কৰা ঔষধৰ প্ৰভাৱ, ৰক্তহীনতা, শৰীৰত আইৰণৰ অভাৱ, থাইৰয়ড হৰম'নৰ সমস্যা, ডায়েবেটিছ, Cushing Syndrome, মেদবহুলতা, মোনোনিউক্লিঅ'ছিছ, অতিমাত্ৰা ষ্টেৰয়ড সেৱন কৰা, কৰ্কট ৰোগৰ দৰবৰ পাৰ্শ্বক্ৰিয়া ইত্যাদি। এনে পৰিবেশত ব্যক্তিজনৰ মস্তিষ্কৰ লিম্বিক ছিষ্টেমে চেৰিব্ৰেল কৰ্টেক্স অংশটি পৰিচালিত কৰি মানসিক চাপত ভোগায়। যিবোৰ কথাই মানসিক চাপ দিয়ে, সেইবোৰ চিনাক্ত কৰি তেনে পৰিবেশ আৰু কথাবোৰক গুৰুত্ব নিদি পৰিত্যাগ কৰিব লাগে। মানসিক চাপত ভোগা ব্যক্তিয়ে এই চাপক ধনাত্মকভাৱে লৈ ইয়াৰ বিৰুদ্ধে যুঁজিব লাগে। এবাৰত অকৃতকাৰ্য হৈ মানসিক চাপত ভুগিলেও পিছত নতুন উদ্যমেৰে এই চাপ অতিক্ৰম কৰি কৃতকাৰ্য হ'ব পাৰি। মানসিক চাপৰ পৰা মুক্তি পাবলৈ আনৰ সহায় ল'ব লাগে। নিজৰ মানসিক চাপৰ কাৰণ পাৰিয়ল, আত্মীয়, বন্ধু-বান্ধৱ, শিক্ষক আৰু চিকিৎসকক কৈ তেওঁলোকৰ সহযোগত মানসিক চাপৰ পৰা মুক্তি পাব পাৰি। কিশোৰ-কিশোৰীসকলে পিতৃ-মাতৃ, আত্মীয় আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় লৈ মানসিক চাপ আঁতৰাব পাৰে। অভিভাৱকসকলে সদায় সন্তানৰ কথা মনোযোগেৰে শুনি তাক দূৰ কৰাৰ ব্যৱস্থা ল'ব লাগে। মানসিক চাপত ভোগা ব্যক্তিৰ কথা মনোযোগেৰে শুনাটোৱে ৰোগীজনৰ বাবে মহৌষধৰ কাম কৰে। মানসিক চাপ কমোৱাত সুস্বাস্থ্য বজাই ৰখাটো যথেষ্ট প্ৰয়োজনীয়। জাংক ফুড, শীতল পানীয়, ধঁপাত সেৱন, মাদক দ্ৰব্য সেৱন, ড্ৰাগছ্ সেৱন, টোপনি ক্ষতি আদি কৰিব নালাগে। এইবোৰ অভ্যাসে মানসিক চাপ কমোৱাৰ পৰিৱৰ্তে বঢ়ায়হে। সেয়েহে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সন্তুলিত পুষ্টিকৰ আহাৰ, ভিটামিন, মিনাৰেল, বিশুদ্ধ পানী খাব লাগে আৰু নিয়মিতভাৱে ভালদৰে শুব লাগে। চিকিৎসকৰ ওচৰত শৰীৰ পৰীক্ষা কৰাব লাগে। ওপৰত উল্লেখ কৰা ৰোগবোৰৰ কাৰণে মানসিক চাপ হ'লে, তাৰ উচিত চিকিৎসা লৈ মানসিক চাপ আঁতৰাব পাৰি। শাৰীৰিক ব্যায়াম, শাৰীৰিক শ্ৰম আদি মানসিক চাপ দূৰ কৰাৰ বাবে মহৌষধ। নিয়মিতভাৱে ব্যায়াম কৰা, খোজ কঢ়া, দৌৰা, টেনিছ খেলা, বেডমিণ্টন খেলা, ফুটবল আৰু ভলীবল খেলা আদি কৰি মানসিক চাপ আঁতৰাই ৰাখিব পাৰে। নিজে ভাল পোৱা কামবোৰ কৰিব লাগে। বন্ধুৰ সৈতে আড্ডা মৰা, বাগিচাত খোজ কঢ়া, ব্যায়াম কৰা, চিনেমা চোৱা, গান শুনা, নতুন বন্ধু বনোৱা, সামাজিক কামত নিজকে ব্যস্ত ৰখা আদি ইয়াৰ ভিতৰত পৰিব পাৰে। আনক সহায় কৰিবলৈ শিকক। আনক আৰু সমাজত সহায় কৰি পোৱা আনন্দই মানসিক চাপ বহুখিনি আঁতৰাব পাৰে। এৰোবিক্ছ, যোগ, চাইক'থেৰাপি, মেডিটেচন, মাছাজ, এৰ'মা থেৰাপি, ফিজিঅ'থেৰাপি আদিৰ সহায় লৈও মানসিক চাপ কমাব পাৰি। ধাৰ্মিক স্থান ভ্ৰমণ, ধাৰ্মিক অনুষ্ঠানত অংশগ্ৰহণ, ধৰ্মগুৰুৰ উপদেশ লোৱা আৰু প্ৰাৰ্থনা আদি কৰিলেও মানসিক চাপ কিছু পৰিমাণে কমাব পাৰি। লেখকঃ ড° ধৰ্মকান্ত কুম্ভকাৰ, অসমীয়া প্ৰতিদিন। Roll over stars then click to rate. © 2006-2019 C-DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws. এই পৰ্টেলৰ যোগেৰে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে এক ৰাষ্ট্ৰযোৰা প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে। আইএনডিজি প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ সহায়ত চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অব এডভান্স কম্পিউটিং, হায়দৰাবাদ (C-DAC) ৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে।
(এলান টুৰিংৰ পৰা পুনঃনিৰ্দেশিত)\nএলান ট্যুৰিঙৰ পিতৃ জুলিয়াছ মেথিছন ট্যুৰিং আৰু মাতৃ ইথেল ছাৰা। পিতৃ জুলিয়াছ ভাৰতৰ প্ৰশাসনীয় সেৱাৰ বিষয়া আছিল আৰু মাতৃ ইথেল ট্যুৰিং মাদ্ৰাজ ৰেল-ৰ মুখ্য অভিযন্তা আছিল। উৰিষ্যাৰ ছত্ৰপুৰ চহৰত জুলিয়াছ কৰ্মৰত থকাৰ সময়তে এলান ট্যুৰিং মাতৃগৰ্ভলৈ আহিছিল।। গৰ্ভস্থ সন্তানক ইংলেণ্ডত জন্ম দিয়াৰ মানসেৰে ট্যুৰিং দম্পতি ইংলেণ্ডলৈ ঘুৰি যায় আৰু ২৩ জুন তাৰিখে লণ্ডনত এলান ট্যুৰিঙৰ জন্ম হয়। পিতৃ-মাতৃয়ে কৰ্মসূত্ৰে ভাৰত আৰু ইংলেণ্ডৰ কেবাখনো চহৰলৈ বদলি হয় যদিও এলান আৰু ককায়েকক লণ্ডনতে এহাল দম্পতিয়ে চোৱাচিতা কৰিছিল।\nছয় বছৰ বয়সত ট্যুৰিঙক স্কুলত ভৰ্তি কৰা হয়। গণিত আৰু বিজ্ঞানৰ বিষয়ত তেখেতৰ বিশেষ প্ৰতিভা তেতিয়াই প্ৰতিভাত হৈছিল। ১৪ বছৰ বয়সত ট্যুৰিঙক ছেৰব'ৰ্ণ স্কুলত ভৰ্তি কৰা হয়। ইয়াতো তেখেতৰ গণিত আৰু বিজ্ঞানৰ প্ৰতিভা দেখি বহুতো শিক্ষক চমকৃত হৈছিল, কিন্তু এই দুটা বিষয়ৰ প্ৰতি থকা বিশেষ ৰাপক বিদ্যালয় কতৃপক্ষই খুব ভাল চকুৰে চোৱা নাছিল। ধ্ৰুপদী শিক্ষাৰ অবিহনে প্ৰকৃত শিক্ষিত হ'ব নোৱাৰে বুলি স্কুল কতৃপক্ষই বিশ্বাস কৰিছিল।\n১৬ বছৰ বয়সত ট্যুৰিঙে আইনষ্টাইনৰ লেখনী পঢ়াৰ সুযোগ পায়। ট্যুৰিঙে আইনষ্টাইনৰ কঠিন অংকসমূহৰ ধাৰণা তেতিয়াই আয়ত্ব কৰিছিল বুলি কোৱা হয়। কাৰণ তেখেতে পঢ়া আইনষ্টাইনৰ লেখনীৰে আধাৰতে তেওঁ নিউটনৰ গতিৰ ধাৰণাৰ লগত আইনষ্টাইনৰ পাৰ্থক্য ধৰা পেলাইছিল, যিটো সেই লেখনীত উল্লেখ কৰা হোৱা নাছিল।\nউচ্চ শিক্ষা আৰু গাণিতিক বিজ্ঞানৰ প্ৰতি অৱদান[সম্পাদনা কৰক]\nসংকেত বিশ্লেষণ[সম্পাদনা কৰক]\nট্যুৰিঙৰ এই অৱদানৰ বাবে ১৯৪৫ চনত Order of British Empire সন্মানেৰে ভূষিত কৰা হৈছিল। অৱশ্যে সংকেত পাঠোদ্ধাৰৰ কাৰ্যত ট্যুৰিং জড়িত থকাৰ কথা এই ঘটনাৰ ৩০ বছৰ পাছতহে ৰাজহুৱা কৰা হৈছিল। অইন বহু বিজ্ঞানীৰ দৰেই ট্যুৰিং আছিল অদ্ভূত খাম-খেয়ালী। এই সময়ত ট্যুৰিঙে প্ৰায়ে চাইকেলেৰে অহা-যোৱা কৰিছিল। চাইকেলখনৰ কিবা বিজুতিৰ বাবে প্ৰায়েই চেইন পৰি থাকিছিল। ট্যুৰিঙে পিছে কেতিয়াও চাইকেলখন ভাল নকৰালে। বৰং বাৰে বাৰে হিচাপ কৰি তেওঁ গণনা কৰি উলিয়াইছিল পেডেল কেইপাক মৰাৰ পাছত চেইন পৰে। তেখেতে পেডেলৰ পাকবিলাক গণ্তি কৰি গৈছিল, আৰু চেইন পৰাৰ আগে আগেই চাইকেল ৰখাই নামি আকৌ চাইকেলত উঠিছিল! ট্যুৰিঙে দৈৰ্ঘ দুৰত্বৰ দৌৰৰো অভ্যাস কৰিছিল। এখন সভাত অংশগ্ৰহন কৰিবলৈ ব্লেচলি পাৰ্কৰ পৰা তেওঁ দৌৰি লণ্ডনলৈ আহিছিল।\nষ্টিফেন কেট্ল (Stephen Kettle)-ৰদ্বাৰা নিৰ্মিত আৰু ব্লেচলি পাৰ্কত অৱস্থিত এলান ট্যুৰিঙৰ মূৰ্তি। নিৰ্মান কৰোৱাইছিল আমেৰিকাৰ ছিড্নি ফ্ৰেংক-এ (Sidney E Frank)\nএনিগ্মাৰ লগতে ট্যুৰিঙে জাৰ্মান নৌ বিভাগৰ সংকেত পঠোদ্ধাৰৰ বাবে আন এটা যন্ত্ৰ সাজিছিল, নাম দিয়া হৈছিল, banburismus. এই কামৰ বাবে ট্যুৰিঙে নতুন ধৰণৰ পাৰিসাংখ্যিক বিশ্লেষন পদ্ধতি ব্যৱহাৰ কৰিছিল, যাক পাছলে sequential analysis নাম দিয়া হৈছে। ইয়াৰ লগতে ৰেডিঅ' বাৰ্তা গোপনকৈ পঠিয়াবৰ বাবেও ট্যুৰিঙে কাম কৰিছিল। তেখেতে আৱিষ্কাৰ কৰা পদ্ধতি যুদ্ধত ব্যৱহাৰ কৰা নহ'ল যদিও, পাছলৈ ইয়াৰ আধাৰতে দূৰৱৰ্তী সংকেত প্ৰক্ষেপনৰ বাবে ব্যৱহৃত বিভিন্ন কোড পদ্ধতি গঢ় লৈ উঠে।\nপ্ৰাথমিক কম্পিউটাৰ আৰু ট্যুৰিং পৰীক্ষা[সম্পাদনা কৰক]\nদ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এলান ট্যুৰিঙৰ সংকেত পাঠোদ্ধাৰৰ কাৰ্যত জড়িত হৈ ইংলেণ্ডৰ চৰকাৰৰ পৰা বিশেষ সন্মান লাভ কৰাৰ কথা আগৰ অধ্যায়তে কৈ অহা হৈছে। এই কাৰ্যৰ মূখ্য সদৰ আছিল Bletchley park নামৰ এখন সৰু ঠাই। ইয়াৰ কাম কৰাৰ থকাৰ সময়তে ট্যুৰিঙে নিজ সহকৰ্মী জোআন ক্লাৰ্কক বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু বাগদত্তাৰ আগত নিজৰ সমকামিতাৰ কথা প্ৰকাশ কৰাৰ পাছত এই সম্বন্ধ ভাঙি যায়।\n১৯৪৫ আমেৰিকা যুক্তৰাষ্ট্ৰত EDVAC আঁচনিৰ অধীনত এটা বৈদ্যুতিন কম্পিউটাৰ (EDVAC) সজাৰ কাম আৰম্ভ কৰা হয়। ইংলেণ্ডতো প্ৰতিযোগিতাৰ মনোভাৱেৰে বৈদ্যুতিন কম্পিউটাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়, আৰু ইয়াৰে জ্যেষ্ঠ মূখ্য বিজ্ঞান প্ৰাধিকাৰীৰ পদত ট্যুৰিঙক অধিষ্ঠিত কৰা হয়। এই আঁচনিৰ অধীনত স্বয়ংক্ৰিয় গাণনিক যন্ত্ৰ (Automatic Computing Machine (ACE))-ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয়। ACE-ক 'প্ৰ'গ্ৰাম সাঁচিব পৰা কম্পিউটাৰ' (stored-program computer) হিচাপে সাজি উলিওৱাৰ প্ৰয়াস কৰা হৈছিল। এই কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ ট্যুৰিঙে সাজি উলিয়াইছিল, Abbreviated Code Instructions, যিটো প্ৰথম ব্যৱহৃত কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ।\nNPL-ৰ অনীহাৰ বাবেই ACE-ৰ নিৰ্মাণৰ কাম পিছ পৰি ৰয়, আৰু আমেৰিকাত চলি থকা গৱেষণা বহুদূৰ আগবাঢ়ি যায়, আৰু ১৯৪৯ চনত EDVAC-ৰ নিৰ্মান সম্পূৰ্ণ হয়। এই সময়খিনিত ট্যুৰিঙৰ গৱেষণাৰ কাম-কাজ কিছু স্তিমিত হয় যদিও তেখেতে দৈৰ্ঘ দূৰত্বৰ খোজ কঢ়াত বিশেষ ভাৱে মনোনিবেশ কৰে। কেবাটাও অপেছাদাৰী প্ৰতিযোগিতাত তেখেতে বিজয়ীৰ পুৰস্কাৰ লাভ কৰিছিল, আনকি ১৯৪৮-চনৰ অলিম্পিক খেলৰ বাবে ব্ৰিটিছ দলত তেখেতৰ নাম অন্তৰ্ভুক্ত হোৱাৰো সম্ভাৱনা আছিল।\nগণিতীয় জীৱবিজ্ঞান[সম্পাদনা কৰক]\nট্যুৰিং পৰীক্ষাৰ লগতে একে সময়তে এলান ট্যুৰিঙে জীৱবিজ্ঞানৰ বিকাশ আৰু বৃদ্ধিৰ গাণিতিক তত্ব (The Chemical Basis of Morphogenesis)কিছুমান প্ৰণয়ন কৰে। সেই সময়তে ট্যুৰিঙে গণিতৰ এটা অদ্য অমীমাংসিত সমীকৰণ 'ৰাইমান জেটা সমীকৰণ'-ৰ ওপৰতো কম্পিউটাৰ প্ৰয়োগ কৰি সমাধান কৰাৰ চেষ্টা কৰে। ১৯৫১ চনত ট্যুৰিং ৰয়েল ছোছাইটিৰ সভ্য নিৰ্বাচিত হয়।\nট্যুৰিঙৰ বিচাৰ আৰু শাস্তি[সম্পাদনা কৰক]\n১৯৫২ চনৰ জানুৱাৰী মাহত ট্যুৰিঙৰ চিনাকী হয় আৰ্নল্ড মাৰে-ৰ সৈতে। এই চিনাকীৰ সূত্ৰে দুয়োজনৰ মাজত যৌন সম্বন্ধ গঢ়ি উঠে। মাৰে-ৰ সহযোগত ট্যুৰিঙৰ ঘৰত হোৱা চুৰিৰ অনুসন্ধানত দুয়োজনৰ মাজত থকা সমকামী সম্পৰ্কৰ কথা পোহৰলৈ আহে। ৩১ মাৰ্চ ১৯৫৩ চনত সমকামিতাৰ বাবে ট্যুৰিঙৰ ওপৰত মোকৰ্দমা আৰম্ভ হয়। সেই সময়ত ইংলেণ্ডৰ আইন অনুসৰি সমকামিতাক অপৰাধ বুলি বিবেচনা কৰা হৈছিল। মোকৰ্দমাৰ সময়ত ট্যুৰিঙে নিজৰ সমকামিতাৰ কথা মুকলিকৈ মানি লয় আৰু এই সম্বন্ধত কোনো দোষৰ কথা মনলৈ নহা বুলি দোহাৰে। বিচাৰত ট্যুৰিং দোষী সাব্যস্ত হয় আৰু এবছৰৰ জেল অথবা যৌন-ইচ্ছা ৰোধকাৰী হ'ৰমনৰ বেজী লোৱাৰ ৰায় দিয়া হয়। ট্যুৰিঙে বেজী ল'বলৈ মান্তি হয় আৰু এবছৰলৈ ইষ্ট্ৰ'জেনৰ বেজী লৈ থাকে। এই বেজীৰ প্ৰভাৱত ট্যুৰিঙৰ যৌন ক্ষমতা নোহোৱা হোৱাৰ লগতে স্তন নাৰীৰ দৰে হ'বলৈ আৰম্ভ কৰিছিল।\nব্ৰিটিছ চৰকাৰৰ মৰণোত্তৰ দুখপ্ৰকাশ আৰু ৰাজকীয় ক্ষমাদান[সম্পাদনা কৰক]\nব্ৰিটিছ চৰকাৰৰ প্ৰতি এলান ট্যুৰিঙক নিৰ্দোষ বুলি স্বীকৃতি দিবলৈ আন এখন আপীল কৰা হয়। কিন্তু এই পত্ৰৰ উত্তৰত ব্ৰিটিছ চৰকাৰে মন্তব্য কৰে, "সেই সময়ৰ আইন ব্যৱস্থা অনুযায়ী যি ৰায় দিয়া হৈছিল, তাক ঘূৰাই লোৱাৰ আধিকাৰ নাই।.. সেই সময়ত কৰা ভুলৰ পৰিতাপো এতিয়া কৰা সম্ভৱ নহয়, সেয়ে ইতিহাসক সলনি কৰাৰ চেষ্টা কৰাৰ পৰিৱৰ্তে আমি অনাগত দিনত যাতে তেনে ভুল নকৰোঁ তাৰ বাবেহে প্ৰতিশ্ৰতিবদ্ধ হোৱা উচিত।"\nগৱেষণা পত্ৰ[সম্পাদনা কৰক]\n"https://as.wikipedia.org/w/index.php?title=এলান_ট্যুৰিং&oldid=224699"ৰ পৰা সংকলিত\nএই পৃষ্ঠাখন ০২ মে', ২০২০ তাৰিখে ০৯ঃ০৮ বজাত অন্তিম সংশোধন কৰা হৈছিল।
ডিজিটেল সংবাদ, বৰপেটাঃ বিগত কেইদিন মানতেই বিষাক্ত সুৰাই গোলাঘাট, যোৰহাট জিলাত ডেৰ শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকা স্বত্তেও অব্যাহত আছে সুৰাৰ ৰমৰমীয়া বেহা। উজনি অসমৰ বিভিন্ন স্থানত আবকাৰী বিভাগে অভিযান চলালেও, নামনি অসমত এইক্ষেত্ৰত আবকাৰী বিভাগ নিৰ্বিকাৰ হৈ আছে। কিন্তু বৃহস্পতিবাৰে প্ৰথমবাৰলৈ নামনি অসমৰ বৰপেটা জিলাত বিশাল মহিলা বাহিনী ৰাজপথলৈ ওলাই আহি চৰকাৰ-প্ৰশাসনৰ এই স্থিতিগ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। গ্ৰামাঞ্চলৰ সমাজ জীৱন পংগু কৰাৰ বাবে চৰকাৰখনে গাঁৱে-ভূঞে মেলি দিছে দেশীয় সুৰাৰ বিপনী। যাৰ পৰিণতিত একো একোটা অঞ্চলৰ পৰিৱেশ ধ্বংস হৈছে আৰু একো একোখন সংসাৰত সৃষ্টি হৈছে অশান্তি। ৰাজ্যৰ গ্ৰামাঞ্চলত দেশীয় সুৰাৰ বিপনী অনুঞ্জাপত্ৰ দিয়া আবকাৰী বিভাগক ধিক্কাৰ দিয়াৰ লগতে দেশীয় সুৰাৰ দোকান বন্ধ কৰাৰ দাবীত বৃহস্পতিবাৰে বৰপেটা জিলাৰ কেওঁটকুছি গাঁৱৰ ডেৰ শতাধিক মহিলাই বৰপেটা-দৌলাশাল-গুৱাহাটী ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদৰ ফলত উক্ত পথচোৱাত প্ৰায় ১ ঘণ্টা ধৰি ব্যাহত হৈ পৰে যান-বাহন চলাচল। ইফালে, প্ৰতিবাদস্থলীত আৰক্ষী দণ্ডাধীশ উপস্থিত হোৱাৰ পাছতহে শাম কাটে এই প্ৰতিবাদৰ। আনহাতে, দেশীয় সুৰাৰ দোকান বন্ধ কৰাৰ দাবীত কেওঁটকুছি মহিলা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ লিখা স্মাৰকপত্ৰ বৰপেটাৰ খণ্ড উন্নয়ন বিষয়া তথা দণ্ডাধীশগৰাকীয়ে গ্ৰহণ কৰে। প্ৰতিবাদকাৰী মহিলাসকলে চৰকাৰ তথা জিলা প্ৰশাসনক ৩ দিনৰ ভিতৰত দেশীয় সুৰাৰ দোকান বন্ধ কৰাৰ সময়সীমা বান্ধি দিয়ে। উল্লেখ্য যে, সত্ৰনগৰী বৰপেটাত সুৰাৰ বিপনী নিষিদ্ধ কৰাৰ সিদ্ধান্ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীয়ে কেবিনেটত লৈছিল। সেয়ে আবকাৰী বিভাগে বৰ্তমানলৈকে বৰপেটা চহৰত সুৰাৰ বিপনী দিব পৰা নাই। কিন্তু সত্ৰ নগৰীৰ গাতে লাগি কা গাঁওসমূহত দেশীয় সুৰাৰ বিপনী স্থাপন কৰিছে। বৰপেটা সত্ৰৰ পৰা কেওঁটকুছি গাঁৱৰ দূৰত্ব ৫ কিলোমিটাৰ। যি স্থানত সুৰাৰ বিপনী খোলা হৈছে তাৰ নিচেই কাষতে আছে কেওঁটকুছি হাইস্কুল আৰু সন্মুখৰ ভাগত আছে বৰপেটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়। আবকাৰী বিভাগে সকলো নীতি-নিয়ম উলংঘা কৰি গুৰুজনাৰ শিষ্য মহাপুৰুষ মুকুন্দদেৱ স্থাপিত সত্ৰ থকা কেওঁটকুছি গাঁৱত দেশীয় সুৰাৰ দোকান স্থাপন কৰি অঞ্চলটোৰ সামাজিক বাতাবৰণ ধ্বংস কৰিছে বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে।
बाइबिल छंद विषय पर: संघर्ष -> जिंदगी\nযীচুৱে তেওঁক ক'লে, "ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ'লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।\nযি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ'লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।\nযি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।\n যীচুৱে মার্থাক ক'লে, "ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব; আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰা নে?"\nস্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেনেহলে তেওঁ চিৰকাল জীৱ; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস।"\nপ্ৰকাশিত বাক্য 21:27\nআৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব। সেয়েহে তাতে ঘিণলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব, কিন্তু কেৱল যি সকলৰ নাম সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত লিখা আছে, তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব।\n যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম? দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে। সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে, মোৰ হৃদয়ে ভয় নকৰিব; মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়, তেতিয়াও মই সাহসেৰে থাকিম। যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিমঃ মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙিয়াই জানিবলৈ দিয়া মতে কাঠফুলাৰ বিষক্ৰিয়াৰ পাছত চিকিৎসাধীন হৈ থকা এইসকল ব্যক্তিৰ চিকিৎসালয়তে মৃত্যু হয়। তেওঁ লগতে কয় যে যোৱা পাঁচ দিনত চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰ আৰু তিনিচুকীয়াৰ মুঠ ৩৫ জন ব্যক্তিক কাঠফুলাৰ বিষক্ৰিয়াৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰে ১৩ জন ৰোগীৰ যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে। আন এজন ৰোগীৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে। বনৰীয়া বিষাক্ত কাঠফুলা খোৱাৰ পিছত তেওঁলোক বমি আৰু পেটৰ বিষত ভুগিছিল বুলি চিকিৎসক সকলে জানিবলৈ দিয়ে। মৃত্যু হোৱা ৰোগীসকলৰ ভিতৰত এজন শিশুসহ সাতজন চৰাইদেউ জিলাৰ সোণাৰি অঞ্চলৰ, পাঁচজন ডিব্ৰুগড় জিলাৰ বৰবৰাহ অঞ্চলৰ আৰু এজন শিৱসাগৰ জিলাৰ বুলি জানিব পৰা গৈছে। লাচিতলৈ সন্মান, নে অপমান? খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
এন আৰ চিৰ অজুহাতত প্ৰাদেশিকীকৰণৰ কাম পিছুৱাই নিনিবলৈ চৰকাৰক সকীয়াই দিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই । বৰপেটা প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ এখন গুৰুত্বপূৰ্ণ সভাত এই সকীয়নী প্ৰদান কৰে ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূৱনেশ্বৰ লহকৰে। ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাৰী সভাপতি ছবেদ ভূঞাৰ সভাপতিত্বত দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত এই সভাখনৰ উদ্দেশ্য বাখ্যা কৰে যুটীয়া সম্পাদক পুলেন্দ্ৰ দাসে । সভাখনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভুবনেশ্বৰ লহকৰে লগতে কয় যে প্ৰাদেশিকীকৰণ সন্দৰ্ভত চৰকাৰে প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
১১৩ বছৰ সম্পূৰ্ণ কৰিবলৈ আগবঢ়া, বিশ্বৰ বৰ্তমানৰ আটাইতকৈ বয়সস্থ পুৰুষ জাপানী বৃদ্ধ চিটেতচু ৱাতানাবিয়ে ব্যক্ত কৰিছে তেওঁৰ দীৰ্ঘজীৱনৰ আঁৰৰ ৰহস্য। ১১২ বছৰ আৰু ৩৪৪ দিনত ভৰি দিয়া বৃদ্ধজনক গীনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে বুধবাৰে এক প্ৰমাণ পত্ৰ প্ৰদান কৰে। ৱাতানাবিৰ জন্ম হৈছিল ১৯০৭ চনত উত্তৰ জাপানৰ নিগাতাত। বৃদ্ধজনে এতিয়াও মিঠা খাই ভাল পায়। কৃষি বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ পিছত তেওঁ ১৮ বছৰ ধৰি জাপানৰ এক প্ৰতিষ্ঠানৰ হৈ টাইৱানৰ কুঁহিয়াৰ খেতিত কাম কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত তেওঁ পুনৰ জন্মস্থান নিগাতালৈ ঘূৰি আহিছিল। ৱাতানাবিৰ পূৰ্বেও বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি এগৰাকী জাপানীয়েই আছিল। ১১৭ বছৰ গৰকা মাছাজ' ন'নাকা নামৰ উক্ত মহিলাগৰাকীৰ যোৱা মাহত মৃত্যু হৈছে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
মোক্ষগুণ্ডম বিশ্বেশ্বৰায় (ইংৰাজীঃ Mokshagundam Visvesvaraya) (১৫ ছেপ্টেম্বৰ ১৮৬১ ― ১২ এপ্ৰিল ১৯৬২)[1] এজন ভাৰতীয় অভিযন্তা, বিদ্বান আৰু লোকনায়ক। তেওঁ ১৯১২ চনৰ পৰা ১৯১৮ চনলৈ মহীশূৰৰ দেৱান আছিল। ১৯৫৫ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। তেওঁৰ অতুলনীয় অৱদানৰ বাবে ৰজা জৰ্জ পঞ্চমে তেওঁক "নাইট কমাণ্ডাৰ অফ ব্ৰিটিছ এম্পযাৰ" উপাধি প্ৰদান কৰিছিল। প্ৰতি বছৰে তেওঁৰ জন্মদিন ১৫ ছেপ্টেম্বৰ গোটেই ভাৰতত তেওঁৰ স্মৃতিত অভিযন্তা দিৱস হিচাপে পালন কৰা হয়। স্বাধীনোত্তৰ কালত তেওঁ এজন প্ৰসিদ্ধ অভিযন্তা আছিল। তেওঁ মহীশূৰৰ কৃষ্ণ ৰাজা সাগৰ নদী বান্ধৰ তেওঁ মুখ্য অভিযন্তা আছিল আৰু নদী বন্ধটোৰ নিৰ্মাণত তেওঁ নিঃস্বাৰ্থ অৱদান আগ বঢ়াইছিল। তদুপৰি তেওঁ হায়দৰাবাদ মহানগৰীৰ বানপানী সুৰক্ষা তন্ত্ৰৰ মুখ্য নক্সা প্ৰস্তুত কৰোঁতা আছিল। ১৮৬১ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে মহীশূৰ ৰাজ্যৰ বাংগালোৰৰ চিক্কাবাল্লাপূৰ জিলাৰ মুদ্দেনাহল্লী গাওঁত মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ জন্ম হৈছিল।[2]তেওঁৰ পিতৃৰ নাম মোক্ষগুণ্ডম শ্ৰীনৱাস শাস্ত্ৰী আৰু মাতৃৰ নাম বেংকটলক্ষ্মম্মা।[3]মাত্ৰ ১২ বছৰ বয়সত তেওঁ পিতৃক হেৰুৱাব লগীয়া হৈছিল। তেওঁ চিক্কাবাল্লাপূৰত প্ৰাথমিক শিক্ষা আৰু বাংগালোৰত উচ্চ মাধ্যমিক শিক্ষা লাভ কৰিছিল। তাৰ পিছত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বাংগালোৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ ১৮৮১ চনত পুনেৰ বিখ্যাত কলেজ অফ ইঞ্জিনীয়াৰিঙৰ পৰা চিভিল ইঞ্জিনীয়াৰিং অধ্যয়ন কৰে।[4][5] বিশ্বেশ্বৰায় পোন প্ৰথমে মুম্বাইৰ গড়কাপ্তানী বিভাগৰ চাকৰিত যোগ দিয়ে। পিছলৈ তেওঁক ভাৰতীয় জলসিঞ্চন আয়োগত যোগ দিবলৈ নিমন্ত্ৰণ জনোৱা হয়। ডেক্কান অঞ্চলৰ জলসিঞ্চন ব্যৱস্থাত তেওঁ এক অতি জটিল তন্ত্ৰ সংস্থাপন কৰিছিল। তেওঁ এটা স্বয়ংক্ৰিয় বান্ধৰ পানী নিয়ন্ত্ৰণ কৰে চুইচ গেট এটা নিৰ্মাণ কৰিছিল। এই গেট পোন প্ৰথমে ১৯০৩ চনত পুনেৰ ওচৰৰ খাডাকভচলা বান্ধৰ জলাশয়ত ব্যৱহাৰ কৰা হৈছিল। জলাশয়ৰ পানীৰ যোগান সৰ্বোচ্চ অৱস্থাত যোগান ধৰিবলৈ আৰু কোনো ক্ষয় ক্ষতি নকৰাকৈ সংৰক্ষণ কৰিবলৈ এই গেট ব্যৱহাৰ কৰা হৈছিল। অভূতপূৰ্ব সফলতাৰ পিছত এই গেট গোৱালীয়ৰৰ তিগৰা বান্ধ আৰু কৰ্ণাটকৰ কৃষ্ণ ৰাজা সাগৰ বান্ধত ব্যৱহাৰ কৰা হয়। মহীশূৰ ৰাজ্যৰ দেৱান পদত থকা সময়ত তেওঁক "আধুনিক মহীশূৰৰ(বৰ্তমান কৰ্ণাটক পিতৃ" বুলি কোৱা হৈছিল। মহীশূৰ চাবোন ফেক্টৰী, দা পেৰাচাইটঅইড লেবটৰী, দা মহীশূৰ আইৰণ এণ্ড ষ্টীল ৱৰ্কচ ( বৰ্তমান বিশ্বেশ্বৰায় আইৰণ এণ্ড ষ্টীল লিমিটেড) , শ্ৰী জয়চামৰাজেন্দ্ৰ পলিটেকনিক ইনষ্টিটিউট , বাংগালোৰ কৃষি বিশ্ববিদ্যালয়, ষ্টেট বেংক অফ মহীশূৰ, ছেনচুৰী ক্লাব, মহীশূৰ বাণিজ্য কোষ, বিশ্বেশ্বৰায় বিশ্ববিদ্যালয় কলেজ অফ ইঞ্জিনীয়াৰিং ইত্যাদি আন বিহুটো অনুষ্ঠান তেওঁৰ কাৰ্যকালতে প্ৰতিষ্ঠা কৰা হৈছিল। উদ্যোগ ক্ষেত্ৰত ব্যক্তিগত বিনিয়োগৰ বাবে তেওঁ দেৱান হিচাপে প্ৰেৰণা যোগাইছিল। তেওঁ তিৰূমালাৰ পৰা তিৰূপতিলৈ যোৱা ৰাস্তাৰ পৰিকল্পনা আৰু নিৰ্মাণ কৰাইছিল। বিনয়, সময় ব্যৱস্থাপনা আৰু কামৰ প্ৰতি উছৰ্গিত মনোভাৱৰ বাবে তেওঁ জনাজাত আছিল। বিশ্বেশ্বৰায় ১৯১১ চনত "অৰ্ডাৰ অফ ইণ্ডিয়ান এম্পায়াৰ"ৰ বাবে নিৰ্বাচিত হৈছিল।[12] মহীশূৰৰ দেৱান হৈ থাকোঁতে তেওঁৰ অৱদানৰ বাবে ১৯১৫ চনত তেওঁক নাইট কমাণ্ডাৰ অফ দা ইণ্ডিয়ান এম্পায়াৰ উপাধিৰে বিভূষিত কৰা হয়।[13] ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫৫ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয়।[14] বিশ্বেশ্বৰায়ক লণ্ডনৰ ইনষ্টিটিউট অফ চিভিল ইঞ্জিনীয়াৰৰ সন্মানীয় সদস্য পদ আগবঢ়োৱা হৈছিল।[15] তেওঁক ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ফেলশ্বিপ প্ৰদান কৰা হৈছিল। ভাৰতৰ মুঠ আঠ খন বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰ অফ চাইন্স(D.Sc.), ডক্টৰ অফ ল'(LL.D.), ডক্টৰ অফ লেটাৰ্ছ(D.Litt.) আদি ডিগ্ৰী প্ৰদান কৰিছে। ১৯২৩ চনৰ ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল। প্ৰজাবাণী বাতৰি কাকতৰ এক সমীক্ষা মতে তেওঁ কৰ্ণাটকৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি আছিল। ছাৰ মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ক বিভিন্ন ক্ষেত্ৰত সাধাৰণতে শিক্ষা আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত সন্মান তথা স্বীকৃৰ্তি দিয়া হৈছে। কৰ্ণাটকৰ বেলগৌমৰ বিশ্বেশ্বৰায় প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। কৰ্ণাটকৰ সৰহভাগ অভিযান্ত্ৰিক প্ৰতিষ্ঠান এই বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। তদুপৰি বহুতো বিখ্যাত শিক্ষা অনুষ্ঠান যেনে বিশ্বেশ্বৰায় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয়(বাংগালোৰ), ছাৰ এম. বিশ্বেশ্বৰায় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (বাংগালোৰ) আৰু বিশ্বেশ্বৰায় ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(নাগপুৰ) তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। তেওঁ শিক্ষা গ্ৰহণ কৰা পুনেৰ কলেজ অফ ইঞ্জিনীয়াৰিঙত তেওঁৰ এটি আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে।[16]তেওঁৰ নামেৰে বাংগালোৰত বিশ্বেশ্বৰায় ঔদ্যোগিক আৰু প্ৰযুক্তিবিদ্যা সংগ্ৰাহালয় প্ৰতিষ্ঠা কৰা হৈছে। ভাৰতত প্ৰতি বছৰে তেওঁৰ জন্মদিন ১৫ ছেপ্টেম্বৰ অভিযন্তা দিৱস ৰূপে পালন কৰা হয়। এই দিৱস বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, অভিযান্ত্ৰিক প্ৰতিষ্ঠানত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়।
ডেগমাৰ টাৰ্নাৰ নামৰ বৃটিশ্ব মহিলা এগৰাকীয়ে মগজুৰ জটিল অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে ভায়'লিন বজাই থকাৰ এক ভিডিঅ' বিশ্বজুৰি ভাইৰেল হৈছে। তাৎপৰ্য্যপূৰ্ণভাৱে, অবিশ্বাস্য এই ঘটনা ঘটিছে মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কৰা কিংছ কলেজ হস্পিটেলৰ নিউৰ'চাৰ্জনৰ পৰামৰ্শমতে। কনছাল্টেণ্ট নিউৰ'চাৰ্জন অধ্যাপক কিয়'উমাৰ এশ্বকানে মহিলাগৰাকীৰ মগজুক বচাই ৰখাৰ বাবে টিউমাৰ ৰিমুভেল চাৰ্জাৰিটোৰ পৰিকল্পনাৰ অংশৰূপেই এই দিহা দিছিল। অস্ত্ৰোপচাৰটো হৈছিল মহিলাগৰাকীৰ মগজুৰ সোঁফালে তাৰ কাষৰ পৰাই তেওঁৰ বাওঁহাতৰ চালচলন পৰিচালিত হয়। মহিলাগৰাকীৰ ৪০ বছৰীয়া নিচাটো বচাই ৰখাৰ বাবে এশ্বকানে পৰিকল্পনা কৰিলে - তেওঁলোকে তেওঁৰ মগজুটোৰ জোখ ল'ব, লাওখোলাটো মুকলি কৰিব আৰু টিউমাৰটো আঁতৰ কৰা অৱস্থাত তেওঁক ভায়'লিন বজাই থাকিবলৈ দিব। পৰিকল্পনামতেই কাম। মহিলাগৰাকীয়ে ভায়'লিন বজাই থাকোতেই চিকিৎসকসকলে টিউমাৰটোৰ ৯০ শতাংশ আঁতৰ কৰিলে। অধ্যাপক এশ্বকানৰ বাবেও অস্ত্ৰোপচাৰটো আছিল নতুন অভিজ্ঞতা। মহিলাগৰাকীয়েও সফল অস্ত্ৰোপচাৰৰ পিছত চিকিৎসকসকলক ধন্যবাদ দিছে। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
লখিমপুৰ জিলা বনবিভাগৰ অধীনৰ কাকৈ সংৰক্ষিত বন উন্নয়ন খণ্ডৰ অন্তৰ্গত দীৰ্ঘা বনাঞ্চলৰ দীৰ্ঘা নদীত চলি থকা খননৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। নৈখনৰ বুকুত অবৈধ ভাৱে চলি থকা খননৰ ফলত সমীপৱৰ্তী গাওঁবোৰত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি দুখন গাঁৱৰ দুই শতাধিক পুৰুষ-মহিলা ওলাই আহি খননকাৰ্য বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পূৰ্বেও স্থানীয় ৰাইজে ওলাই গৈ দীৰ্ঘা আৰু শুকানজুলিত চলি থকা খনন বন্ধ কৰিবলৈ সঁকিয়াইছিল । কিন্তু স্থানীয় ৰাইজৰ প্ৰতিবাদক অংগুষ্ঠ দেখুৱাই মইমতালিৰে মহলদাৰে নৈ দুখনত অবৈধ ভাৱে দৈনিক পাঁচ ছয়খন এক্সভেটৰ ব্যৱহাৰ কৰি শ শ ডাম্পাৰ, ট্ৰাক আৰু ট্ৰেক্টৰৰে শিল বালিৰ সৰবৰাহ কৰি আহিছে । এনেদৰে নৈ দুখনৰ পাৰ খান্দি চলাই থকা খননৰ ফলত ভৰ বাৰিষাৰ বতৰত খহনীয়া সৃষ্টি কৰি নামনি অংশৰ গাঁওসমুহলৈ ভাবুকিৰ কঢ়িয়াই আনিছে। কিন্তু সৰ্বসাধাৰণ খাটিখোৱা লোকৰ প্ৰতিবাদক অগ্ৰাহ্য কৰি, প্ৰতিবাদক কৌশলেৰে দমন কৰি ৰাখিবলৈ চেষ্টা কৰা মহলদাৰ আৰু জিলা বনবিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰূদ্ধে তদন্ত কৰি শীঘ্ৰে দীৰ্ঘা কোৱেৰী বন্ধ কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে স্থানীয় ৰাইজে।
নগাঁওঃ নগাঁও আৰক্ষীয়ে ধিঙৰ শালকাটি গাঁৱত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই অবৈধ মৰণাস্ত্ৰসহ এটা কুখ্যাত অপৰাধী আটক কৰে। আৰক্ষীয়ে আটক কৰা কুখ্যাত অপৰাধীটো শালকাটি গাঁৱৰ মফিদুল ইছলাম বুলি জানিব পৰা গৈছে। নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত চলা এই অভিযানত মফিদুল ইছলামৰ ঘৰৰ পৰা এটা পিষ্টল, এটা গ্ৰেনেডসহ চাৰিটা সজীৱ গুলী উদ্ধাৰ কৰে। জানিব পৰা মতে কুখ্যাত অপৰাধীটোৱে আৰক্ষীৰ অভিযান কালত তেখেতৰ ঘৰৰ দুৱাৰ খুলি দিয়া নাছিল, ফলত আৰক্ষীয়ে ধিং চক্ৰ বিষয়া মৃণাল বৰাৰ উপস্থিতিত অপৰাধীজনৰ গৃহৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি মফিদুলক আটক কৰে । বৰ্তমান ধিং আৰক্ষীয়ে কুখ্যাত অপৰাধী মফিদুলক ধিং থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে। আনহাতে ধৃত মফিদুল ইছলাম বিগত সময়তো বহুকেইটা অপৰাধৰ লগত জড়িত আছিল। আমাৰ লক্ষ্য 'News Next One'ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch। প্ৰকৃতাৰ্থত আপোচহীন বাতৰি পৰিৱেশনৰ লক্ষ্যৰে বিশ্বব্যাপী গঢ়ি উঠা Independent & Nonprofit সাংবাদিকতাৰ আন্দোলনত ভাগ লোৱা অসমীয়া ভাষাৰ অনলাইন সংবাদ প্ৰতিষ্ঠান News Next One। সততা আৰু দায়ৱদ্ধতাসহকাৰে সাংবাদিকতা কৰিব বিচৰা প্ৰতিজনেই হ'ব পাৰে News Next Oneৰ এই বিপদসংকুল যাত্ৰাৰ অংশীদাৰ। Thank you for contacting us! © News Next One. All rights Reserved. Contact [email protected] for any query. Powered by: Rongjeng Technologies.
( Wake up and eat basil leaves every day, and get these benefits ) আয়ুৰ্বেদত তুলসী উদ্ভিদৰ প্ৰতিটো অংশ স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হৈছে । তুলসীৰ শিপা, ইয়াৰ ডাল, পাত আৰু গুটিৰ নিজস্ব গুৰুত্ব আছে । সাধাৰণতে ঘৰতে দুবিধ তুলসী পোৱা যায় । এটাৰ পাতৰ ৰং অলপ গাঢ় আৰু আনটোৰ পাতৰ ৰং পাতল । তুলসী পাতৰ কিছু স্বাস্থ্য উপকাৰীতা জানি লওক ! বেছিভাগ ঘৰতে তুলসী গছৰ পূজা কৰা হয় । ইয়াক সুখ আৰু সুস্থতা হিচাপে দেখা যায় । কিন্তু পৌৰাণিক গুৰুত্বৰ বাহিৰেও তুলসী এক সুপৰিচিত ঔষধ, বহু ৰোগত ব্যৱহাৰ কৰা হয় । চৰ্দি আৰু কাহৰ পৰা আৰম্ভ কৰি বহু ৰোগৰ বাবে ই এক ফলপ্ৰসূ ঔষধ বুলি জনা যায় । যৌন ৰোগৰ চিকিৎসা - শাৰীৰিক দুৰ্বলতা থকা পুৰুষৰ বাবে তুলসী বীজ অতি উপকাৰী । তদুপৰি ইয়াৰ বীজ নিয়মিতভাৱে ব্যৱহাৰ কৰিলে যৌন নপুংসকতা আৰু নপুংসকতাও লাভৱান হয় । অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা - প্ৰায়ে মহিলাসকলে অনিয়মীয়া মাহেকীয়া হোৱাৰ অভিযোগ কৰে । এনে অৱস্থাত তুলসী পাত ব্যৱহাৰ কৰাটো উপকাৰী । ঋতুচক্ৰৰ বিসংগতি দূৰ কৰিবলৈও নিয়মিতভাৱে তুলসী পাত ব্যৱহাৰ কৰিব পাৰি । জ্বৰ বা চর্দি - জলকীয়া আৰু তুলসী পাতৰ মিশ্ৰণ পানীত ভালদৰে সিজাই এই মিশ্ৰণ খালে উপকাৰী হয় । আপুনিও ঘৰতে বনাই ইচ্ছা কৰিলে খাব পাৰে । ডায়েৰিয়াৰ সমস্যা - যদি আপুনি ডায়েৰিয়াৰ সমস্যাত ভুগি আছে তেন্তে তুলসী পাতৰ চিকিৎসাই আপোনাক সহায় কৰিব । তুলসী পাত জিৰা দি পিহি । তাৰ পিছত দিনটোত ৩-৪ বাৰকৈ খাব লাগে । ইয়াৰ ফলত ডায়েৰিয়া বন্ধ হয় । মুখৰ দুৰ্গন্ধ - তুলসী পাতেও মুখৰ দুৰ্গন্ধ দূৰ কৰাত অতি উপকাৰী আৰু ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই কাৰণ ই স্বাভাৱিক । মুখৰ দুৰ্গন্ধ হ'লে তুলসী পাত কিছুমান চোবাই খাব লাগে । ইয়াৰ ফলত গোন্ধ আঁতৰ হয় । আঘাত - তুলসী পাতৰ লগত মিহলাই লগালে ঘা সোনকালে ভাল হয় । তুলসীত এন্টি-বেক্টেৰিয়েল গুণ থাকে যাৰ ফলত ঘাঁটো সংক্ৰমিত নহয় । ইয়াৰ বাহিৰেও তেল মিহলাই তুলসীৰ পাত লগালে জ্বলা-পোৰাৰ কমি যায় । কেঞ্চাৰ ৰোগৰ চিকিৎসা - কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে কেঞ্চাৰ ৰোগৰ চিকিৎসাত তুলসী বীজ ফলপ্ৰসূ । অৱশ্যে এতিয়াও নিশ্চিত হোৱা নাই । কিন্তু অতিৰিক্ত বস্তু সেৱনৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয় । কাৰণ প্ৰতিটো খাদ্যৰ উপকাৰীতাৰ লগতে পাৰ্শ্বক্ৰিয়াও থাকে । গতিকে এই ক্ষেত্ৰত সাৱধান হোৱাটো জৰুৰী । বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ।
কাৰ্যভাৰ গ্ৰহণৰ দিনটোৰে পৰা বিভিন্ন বিষয়ত চীনৰ বিৰুদ্ধে সৰৱ হৈ থকা মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে শেহতীয়াকৈ চীনৰ আগ্ৰাসনবাদী চৰিত্ৰ বিৰুদ্ধে এছিয়া-ইউৰোপৰ দেশ সমূহক সতৰ্ক কৰি দিছে। হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে চীনৰ আগ্ৰাসনবাদী অৰ্থনৈতিক দৃষ্টিভংগীৰ বিৰুদ্ধে সকলোৱে সৰ্তক থাকি চীনৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ বিদেনে এছিয়া-ইউৰোপৰ দেশসমূহৰ প্ৰতি আহ্বান জনায়। বিদেনে কয় 'চীনৰ সৈতে আমাৰ কঠোৰ প্ৰতিযোগিতা হ'বলৈ ওলাইছে।মই সেয়াই অনুমান কৰিছো আৰু পৰৱৰ্তী পৰিস্থিতিক স্বাগতমো জনাইছো।ইউৰোপ আৰু আমেৰিকাৰ সৈতে ইণ্ডো-পেছিফিক মিত্ৰ দেশসমূহৰ বিগত ৭০ বছৰত যি সম্পৰ্ক গঢ়ি উঠিছে সেই সম্পৰ্কত মই বিশ্বাস কৰো।অৰ্থনৈতিক ক্ষেত্ৰত চীনৰ আগ্ৰাসন আমি ৰুধিব লাগিব'। উল্লেখ্য ট্ৰাম্পৰ দিনত আমেৰিকাৰ সৈতে চীনৰ যি তিক্ত সম্পৰ্ক গঢ়লৈ উঠিছিল সেয়া হয়তো বিদেনৰ দিনত মধুৰ হৈ পৰিব বুলি ভবা হৈছিল । আলোচনা কালত বিদেনে জিনপিঙক ইণ্ডো-পেচিফিক অঞ্চলত কোনো কাৰণতে শান্তি বিঘ্নিত যাতে নহয় সেই বিষয়ত চীনক সংযত হৈ থাকিবলৈ এক প্ৰকাৰ সতৰ্ক কৰি দিছিল। টেলিফোনিক বাৰ্তালাপত চীনৰ সেনাই দেশ খনৰ জিনজিয়াং প্ৰদেশত ব্যাপক হাৰত মানৱাধিকাৰ উলংঘা কৰাৰ বিষয়টোত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে গভীৰ উদ্বেগ ব্যক্ত কৰিছিল।
ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ তথা প্ৰাক্তন অধিনায়ক, দীৰ্ঘদিন ধৰি ক্ৰিকেট জগতৰ পৰা আঁতৰি থকা মহেন্দ্ৰ সিং ধোনীয়ে সময়ে সময়ে বিভিন্ন কাৰণত চৰ্চাৰ মাজলৈ আহে। বৰ্তমান আমি যদি তেওঁৰ মুঠ সম্পত্তিৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে এটা কথাই ক'ব পাৰি যে ইমান ধনৰ গৰাকী হৈও ধোনীয়ে কেতিয়াও ধনক লৈ গৰ্ব কৰা নাই আৰু এজন সাধাৰণ লোকৰ দৰে মানুহক সাক্ষাৎ কৰে। ধোনী প্ৰথমৰে পৰাই বাইকৰ প্ৰতি অত্যন্ত আকৰ্ষিত আৰু তেওঁৰ বহুতো দামী তথা কম দামী বাইক আছে। তেওঁ লগতে এতিয়ালৈকে প্ৰথমখন বাইক লগত ৰাখিছে। নিজৰ গাড়ীৰ সৈতে মহেন্দ্ৰ সিং ধোনী। তদুপৰি, ধোনীৰ বহুতো বিলাসী গাড়ীও আছে। ধোনীৰ মুঠতে ২৩ খন বাইক, ৪খন অতি বিলাসী কাৰ আৰু ২ খন সাধাৰণ কাৰ আছে। এইবোৰৰ উপৰিও ৰাঁচীত ধোনীৰ এটা বিলাসী বাংলো আছে যিটো সকলো আধুনিক সা-সুবিধাৰে সজ্জিত। ইয়াত এখন ব্যক্তিগত ফুলনি, চুইমিং পুল আৰু ধোনীৰ প্ৰিয় সামগ্ৰীসমূহ ৰখাৰ বাবে বিশেষ দুৰ্গ আছে। ইয়াৰ মূল্যও কোটি টকাৰ ঘৰত। ৰাঁচীৰ উপৰিও ধোনীৰ মুম্বাইৰ দৰে বৃহৎ চহৰত বহুকেইটা ফ্লেট তথা বাংলো আছে। যিবোৰৰ মূল্য ৬০ ৰ পৰা ৭০ কোটি টকা হ'ব। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ইমান সম্পদৰ গৰাকী হৈও ধোনীয়ে এক সাধাৰণ লোকৰ দৰেই বাস কৰে। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোৰ এগৰাকী উদ্যোমী যুৱকক শনিবাৰে ছয়গাঁও শিল্পী সুৰক্ষা পৰিষদ নামৰ সংগঠন এটাই 'সামাজিক সমন্বয় বঁটা- ২০২২' আগবঢ়ায়। জানিবপৰা মতে ৪৮নং বকো বিধান সভাসমষ্টিৰ অন্তৰ্গত ছমৰীয়া সত্ৰৰ দীপজ্যোতি দাস নামৰ যুৱকগৰাকীক ছয়গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰত শনিবাৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ দিনা এই বঁটা আগবঢ়ায় । বঁটাত আছে এখন মানপত্ৰ, এখন চেলেং চাদৰ , এটা জাঁপি আৰু এটা স্মাৰক । উল্লেখযোগ্য যে, ছয়গাঁও শিল্পী সুৰক্ষা পৰিষদৰ সামাজিক সমন্বয় বঁটা - ২০২২ লাভ কৰা উদ্যোমী যুৱক দীপজ্যোতি দাস ছমৰীয়াৰ প্ৰয়াত অনন্ত কুমাৰ দাস আৰু চম্পা দাসৰ জ্যেষ্ঠ পুত্ৰ ।
প্ৰতিদিন ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মঙলদৈৰ ডাহী বণিয়া পাৰাত শুকুৰবাৰে নিশা এটা পৰিয়ালক দুৰ্বৃত্তৰ আক্ৰমণ কৰে। একেখন গাঁৱৰে পৱন বণিয়া নামৰ যুৱক এজনে দিপ্তী বণিয়া, পবিত্ৰ বণিয়া আৰু সংগীতা বনিয়াক চোকা অস্ত্ৰ আৰু লাঠীৰে আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত হয় আটাইকেইজন লোক। উল্লেখ্য যে প্ৰথমে পৱন বনিয়া নামৰ লোকজনে পবিত্ৰ বনিয়াক চোকা অস্ত্ৰৰে আঘাত কৰাৰ পিছত চিঞৰ বাখৰ কৰাত মাতৃ দিপ্তী বণিয়াই পুত্ৰক বচাবলৈ যাওঁতে শাৰীৰৰ বিভিন্ন অংগত আঘাত কৰে। আনকি আঘাতৰ ফলত বৃদ্ধা মাতৃৰ বুকুৰ পৰা তেজ বৈছিল। মাতৃৰ চিঞৰ শুনি সৰু বোৱাৰী সংগীতা বণিয়াই কি হৈছে চাবলৈ যাওঁতে পৱন বণিয়াই সংগীতাৰ বাওঁ হাতত ফলা বাঁহেৰে কোবাই গুৰুতৰভাৱে আহত কৰে। বৰ্তমান বৃদ্ধা মাতৃ দিপ্তী বণিয়াই মঙলদৈৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আক্ৰমণকাৰী পৱন বণিয়া বৰ্তমানেও পলাতক।
বোকাজান : কাৰ্বি আংলং জিলাৰ বোকাজানত পুনৰ জব্দ বৃহৎ পৰিমাণৰ হে'ৰইন। এখন নম্বৰ প্লেট বিহীন বাহনৰ পৰা জব্দ হৈছে এই বৃহৎ পৰিমাণৰ হে'ৰইন। ডিমাপুৰ দিশৰ পৰা আহি আছিল গাড়ীখন। হেৰ'ইনখিনি লৈ অহা মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। অসম আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও ৰাজ্যত ৰোধ হোৱা নাই ড্ৰাগছৰ সৰবৰাহ। এফালে আৰক্ষীয়ে প্ৰতিদিনে ড্ৰাগছ জব্দ কৰিছে আৰু আনফালে ড্ৰাগছ সৰবৰাহকাৰী সকলে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। দেওবাৰে নিশা পুনৰ ৰাজ্যত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ইতিমধ্যে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে নিশা পুনৰ এক বৃহৎ সাফল্য লাভ কৰিলে জিলাখনৰ বোকাজান আৰক্ষীয়ে। নিশা ডিলাইৰ ১২ মাইলত নাকা তালাচী চলাই এজন নম্বৰ প্লেট বিহীন গাড়ীৰ পৰা বোকাজান আৰক্ষীয়ে জব্দ কৰিছে ২ কেজি ওজনৰ হেৰ'ইন। ডিমাপুৰৰ দিশৰ পৰা আহি থকা নম্বৰ প্লেট বিহীন গাড়ীখনৰ পৰা তালাচী চলাই ১৫২ টা চাবোনৰ বাকচত লুকুৱাই অনা হেৰ'ইনখিনি জব্দ কৰে আৰক্ষীয়ে। হেৰ'ইনখিনিৰ লৈ অহা লানাহমাই ষ্টেফেন আৰু ৰকো বাইপ' নামৰ মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। You may also read!
আমি লাভ কৰা তথ্য অনুসৰি বেবিজিয়াৰ অ' এন জি চিৰ তৈল খাদত গেছ নিৰ্গত হোৱাৰ ফলতে বুধবাৰে বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হয়। তৈল খাদ্যত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পাছতে অ' এন জি চিৰ বিষয়া আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। অ' এন চি জি কৰ্তৃপক্ষই সময়মতে এই অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে তিনিচুকীয়া জিলাৰ বাঘজান সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি স্থানীয় লোক সকল আতংকিত হৈ আছে।
এক চৰকাৰী প্ৰতিবেদন অনুসৰি, ছিকিম ৰাজ্যই ২০২৩ চনৰ ভিতৰত ভাৰতৰ বাকী অংশৰ সৈতে ৰে'ল সংযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। ৪৪.৯৮ কিলোমিটাৰ দীঘল চিভক-ৰংপো ৰে'ল পথ দুবছৰৰ ভিতৰত কাৰ্যক্ষম হ'বলৈ সাজু হোৱাৰ পিছত এই প্ৰতিবেদনটো আহিছিল। উল্লেখ কৰিব পাৰি যে ২০০৯ চনত তদানীন্তন ৰে'ল মন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰে'ল সংযোগৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ২০১৫ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা আছিল। ৰে'ল বিষয়াসকলে কৈছিল যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰে'ল ৱে বোৰ্ডে ২০২৩ চনৰ ডিচেম্বৰ মাহত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰকল্পটো ৰূপায়ণ কৰি থকা ভাৰতীয় ৰে'ল নিৰ্মাণ কোম্পানীৰ এজন বিষয়াই কয় যে ৩০% কাম সম্পূৰ্ণ হৈছে। পশ্চিম বংগ আৰু ছিকিমক সংযোগ কৰিব লগা এই লাইনটো ১,৩৩৯.৪৮ কোটি ব্যয়েৰে সম্পূৰ্ণ হ'ব বুলি অনুমান কৰা হৈছিল। কিন্তু নিৰ্মাণত পলম হোৱাৰ বাবে, ব্যয় ৫,০০০ কোটিতকৈও অধিক বৃদ্ধি হৈছে। MyNewsNE is a bi-lingual digital news platform based in Guwahati, Assam. It brings you latest and updated news stories from the entire Assam, North East, India and World as a whole. Stay with us and keep yourself updated.
বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত বিভিন্ন ৰাজনৈতিক দলৰ নেতা, কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বহু দেশৰ ৰাষ্ট্ৰদূত উপস্থিত থাকে। চাৰি মহলাৰ নতুন সংসদ ভৱনৰ নিৰ্মাণকাৰ্য ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে সম্পন্ন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। নিয়ম অনুসৰি, লোকসভাৰ অধ্যক্ষ সংসদ ভৱনৰ সংৰক্ষক। নতুন ভৱনৰ নিৰ্মাণৰ বাবে বায়ু আৰু শব্দ প্ৰদূষণক নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত উপায় হাতত লোৱা হৈছে। নতুন সংসদ ভৱনত বিশাল সংবিধান কোঠা ,গ্ৰন্থালয়, বিভিন্ন সমিতিৰ বাবে কোঠা, ভোজন কক্ষ, পাৰ্কিং ক্ষেত্ৰ থাকিব। লোকসভাৰ আকাৰ বৰ্তমান লোকসভাতকৈ তিনি গুণ ডাঙৰ হ'ব। সেইদৰে ৰাজ্যসভা ভৱনো ডাঙৰ হ'ব। সংসদ ভৱনৰ সাজ-সজ্জা ভাৰতীয় সংস্কৃতিৰ লগতে ক্ষেত্ৰীয় কলা, শিল্প আৰু স্থাপত্যকলাৰ অনুপম উদাহৰণেৰে প্ৰস্তুত কৰা হ'ব। চৰকাৰে জনোৱা মতে, ২০২২ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পূৰ্ণ হ'ব। আৰু তেতিয়াই নতুন সংসদ ভৱন মুকলি কৰা হ'ব।
ডিজিটে ডেস্কঃ আমাৰ সংবিধান কেৱল বহুতো ধাৰাৰ সংগ্ৰহ নহয়, ই হৈছে হাজাৰ হাজাৰ বছৰৰ মহান পৰম্পৰা, অখণ্ড ধাৰাৰ এক আধুনিক অভিব্যক্তি। প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে সংবিধান দিৱস উপলক্ষে এই মত প্ৰকাশ কৰে। তেওঁ কয় যে এই সংবিধান দিৱসো উদযাপন কৰা উচিত কিয়নো আমাৰ পথ সঠিক হয়নে নহয় মূল্যায়ন কৰিবলৈ আমাক প্ৰেৰিত কৰা উচিত। বাবা চাহেব আম্বেদকাৰে আমাক আৰু দেশক দিয়া উপহাৰ মনত ৰখাৰ দিন। এইটো সদনৰ ওচৰত নমস্কাৰ কৰাৰ দিন। প্ৰধানমন্ত্ৰী মোডীয়ে কয়, আজি বাবাচাহেব আম্বেদকাৰ আৰু ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে দূৰদৰ্শী গণ্যমান্য ব্যক্তিসকলক অভিবাদন জনোৱাৰ দিন। সংসদত অনুষ্ঠিত অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাও উপস্থিত আছিল। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছকে ধৰি ১৪ টা বিৰোধী দলে সংসদত সংবিধান দিৱসৰ কাৰ্যসূচীৰ বৰ্জন কৰিছে। কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কংগ্ৰেছৰ মণিকাম ঠাকুৰে কয় যে এই চৰকাৰৰ সংবিধানৰ প্ৰতি সন্মান নাই। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কয় যে যেতিয়া বাবাচাহেব আম্বেদকাৰৰ ১২৫ তম জন্ম জয়ন্তী উদযাপন কৰা হৈছিল, তেতিয়া আমি এই দেশৰ ওপৰত বাবাচাহেবৰ দৃষ্টিক স্মাৰক পুথি হিচাপে সদায় মনত ৰাখিব লাগে। দেশখন এনে এক সংকটৰ দিশে আগবাঢ়িছে যি সংবিধানৰ প্ৰতি সমৰ্পিত লোকসকলৰ লগতে গণতন্ত্ৰত বিশ্বাসী লকোসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। এই সংকট আহিছে পাৰিবাৰিক দলৰ পৰা। তেওঁ কয় যে এটা পৰিয়ায়ৰ পৰা এজনতকৈ অধিক ব্যক্তি যোগ্যতাৰ ভিত্তিত ৰাজনীতিলৈ গ'লে সেই দলটোক পৰিয়ালবাদী বুল গণ্য নকৰে। যেতিয়া ৰাজনৈতিক দলবোৰে গণতান্ত্ৰিক চৰিত্ৰ হেৰুৱায় তেতিয়া সংবিধানৰ আত্মাৰ লগতে সংবিধানৰ প্ৰতিটো অংশই আঘাত প্ৰাপ্ত হয়। তেওঁলোকৰ গণতান্ত্ৰিক চৰিত্ৰ হেৰুওৱা দলবোৰে কেনেকৈ গণতন্ত্ৰক সুৰক্ষা দিব পাৰে?
শাক-পাচলিৰ খেতি : - Vikaspedia\nপুলি প্ৰস্তুতি -\nমাটি প্ৰস্তুতি -\nজৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ -\nপুষ্টিৰ গুণাগুণ -\nউন্নত জাত -\nআনুষংগিক বিসংগতি -\nহাইব্ৰীড বিলাহী খেতিত সাৰ প্ৰয়োগ -\nকবিজাতীয় পাচলিৰ পোক-পৰুৱা নিয়ন্ত্ৰণ -\nজিকাৰ আনুষংগিক বিসংগতি -\nতিনিটা পদ্ধতিয়ে পটলৰ বংশ বিস্তাৰ কৰিব পৰা যায় -\nলেচেৰা মাহ -\nশাক-পাচলি প্ৰকৃতিৰ এক অনবদ্য উপহাৰ। ই এবিধ উৎকৃষ্ট উদ্ভিদজাত পুষ্টিকৰ খাদ্য। মানৱ শৰীৰ সুস্থ-সবল, যৌৱনদীপ্ত আৰু ৰোগমুক্ত কৰিব ৰাখিবলৈ আৱশ্যকীয় পৰিপোষকসমূহৰ সৰ্বোত্তম, সহজলভ্য উৎস হ'ল শাক-পাচলি।\nউল্লেখযোগ্য যে সতেজ শাক-পাচলিসমূহ খাদ্যপ্ৰাণ, খনিজ পদাৰ্থ, চেলুল'জ বা আঁহজাতীয় পদাৰ্থ, শৰ্কৰা, ফেটি এচিড, এন্টিঅক্সিডেন্ট আদিৰে পৰিপূৰ্ণ। নিয়মিত শাক-পাচলি ভোজন কৰিলে কৰ্কট ৰোগ, হৃদৰোগ, মধুমেহ, ৰেটিনাৰ অৱক্ষয় আদি দুৰাৰোগ্য ৰোগ প্ৰতিৰোধী শক্তি বৃদ্ধি কৰে বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে।\nশাক-পাচলি সুৰক্ষিত স্বাস্থ্যৰ সহায়ক হোৱাৰ উপৰি আৰ্থিক অৱদানো অতুলনীয়। অন্যান্য শস্যৰ তুলনাত প্ৰতি একক্ মাটিত শাক-পাচলিৰ উৎপাদন অধিক হোৱা হেতুকে উপাৰ্জনো বেছি। নিম্নোক্ত তালিকাৰ পৰা এই কথা সহজেই অনুমেয়।\nশাক-পাচলি আৰু আন খাদ্যশস্য প্ৰতি একক মাটিত তুলনামূলক উৎপাদনৰ নিদৰ্শন।\nউৎপাদন দক্ষতাৰ উপৰি শাক-পাচলিৰ কৃষিকাল হ্ৰস্বকালীন হোৱা হেতুকে শস্যক্ৰমত সুন্দৰভাৱে খাপ খায় আৰু অন্তৰ্ৱতী শস্য হিচাপেও উপাদেয়। ইয়াৰোপৰি শাক-পাচলি সহজভাৱেই হওক কিম্বা পৰিসফূটিত খাদ্যদ্ৰব্য হিচাপেই হওক, ৰপ্তানিযোগ্য সামগ্ৰী। সেয়েহে বৰ্তমান কালত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো শাক-পাচলি শাৰীৰিক স্বাস্থ্য, উপাৰ্জন তথা আত্মসংস্থাপনৰ নিৰ্ণায়ক পথ হিচাপে চিহ্নিত হৈছে। ভাৰতবৰ্ষত শাক-পাচলিৰ খেতিয়ে আশানুৰূপ গুৰুত্ব লাভ কৰাৰ পৰিপ্ৰেক্ষিতত, প্ৰাক স্বাধীনতা কালৰ ১৫ নিযুত টন উৎদানৰ বিপৰীতে বৰ্তমান(২০০৬-০৭) বছৰি ১১১.৮০ নিযুত টন শাক-পাচলি উৎপাদন কৰি বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।\nঅসমৰ মাটি আৰু জলবায়ু অনুকুল হোৱা হেতুকে শাক-পাচলিৰ খেতিয়ে ৰাজ্যখনত দ্ৰুতভাৱে প্ৰসাৰ লাভ কৰিছে। ৰাজ্যখনৰ ভৈয়াম তথা পাহাৰীয়া এলেকাত শাক-পাচলিৰ খেতিয়ে দ্ৰুতগতিত বাণিজ্যিক ৰূপ লৈছে। ঘৰুৱা বাৰীৰ পৰা আৰম্ভ কৰি চৰ-চাপৰিৰ বিস্তীৰ্ণ অঞ্চলত শাক-পাচলিৰ খেতিয়ে বাণিজ্যিক ৰূপত আত্মপ্ৰকাশ কৰিছে। অগণন যুৱক-যুৱতী স্বাৱলম্বী হোৱাৰ প্ৰয়াসেৰে শাক-পাচলিৰ খেতিত ব্ৰতী হৈছে। আধুনিক কৃষি প্ৰযুক্তিৰ প্ৰয়োগে ৰাজ্যখনৰ নিৰ্দিষ্ট এলেকাত শাক-পাচলিৰ খেতিত এক স্বকীয় মাত্ৰা প্ৰদান কৰিছে। ক্ৰমাগতভাৱে প্ৰসাৰ লাভ কৰি বৰ্তমান আমাৰ ৰাজ্যখনে ২ লাখ ৩৬ হেজাৰ হেক্টৰ মাটিকালিৰ পৰা ৩৮ লাখ ৮৭ হেজাৰ টন শাক-পাচলি উৎপাদন কৰিবলৈ সক্ষম হৈছে।\nআমাৰ ৰাজ্যখনত বছৰটোৰ বাৰমাহে শাক-পাচলি খেতি কৰিব পৰাকৈ প্ৰযুক্তিগত সমল যথেষ্ট আছে। খেতিয়কসকলক উন্নত মানৰ বীজ তথা অন্যান্য পণ্য সামগ্ৰীৰ নিয়মীয়া উপলব্ধতাৰ লগত বিপণন ব্যৱস্থা সুনিশ্চিত কৰিব পাৰিলে ৰাজ্যখনে শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত এক অভিলেখ গঢ়াৰ সম্ভাৱনা আছে। আন শস্যৰ তুলনাত শাক-পাচলি খেতিৰ পৰা যথেষ্ট আয় কৰিব পাৰি। কেইবিধমান শাক-পাচলিৰ খেতিৰ ব্যয়-লাভৰ অনুপাত তলত দিয়া হ'ল।\n১ : ৩.২\n১ : ১.৬\n১ : ৪.৭\n১ : ১.৮\n১ : ৫.৫\n১ : ৩.৩\n১ : ২.৩\n১ : ৩.৬\n১ : ২.৭\n১ : ৬.৮\n১ : ১.৫\n১ : ২.০\n১ : ২.৯\n১ : ৩.০\n১ : ৪.০\n১ : ১.৪\n১ : ২.৬\n১ : ৮.৭\n১ : ৩.৯\n১ : ৩.১\nউক্ত পটভূমিৰ পৰিপ্ৰেক্ষিততে কেইবিধমান মুখ্য শাক-পাচলিৰ প্ৰযুক্তিগত দিশসমূহ ইয়াত পৰ্যালোচনা কৰা হ'ল।\nবন্ধাকবি হৈছে ভাৰতবৰ্ষৰ এক অন্যতম পাচলি। খনিজ লৱণ আৰু খাদ্যপ্ৰাণ ক, খ, B1, B2 আৰু C সমৃদ্ধ বন্ধাকবি পাচলি হিচাপে খোৱাৰ উপৰি চালাদ আৰু আচাৰ তৈয়াৰ কৰোঁতেও বহুলভাৱে ব্যৱহৃত হয়। প্ৰতি ১০০ গ্ৰাম বন্ধাকবিত থকা বিভিন্ন পৌষ্টিক দ্ৰব্যৰ পৰিমান নিম্নোক্ত ধৰণৰ-\n৭০ আই ইউ\nআগতীয়াঃ গলডেন একৰ, প্ৰাইড অৱ ইণ্ডিয়া\nশেহতীয়াঃ ড্ৰামহেড, ইক্লিপছ ড্ৰামহেড\nহাইব্ৰিডঃ গ্ৰীণ এক্সপ্ৰেছ, ৰেয়াৰ বল\nসকলোধৰণৰ মাটিতে বন্ধাকবি খেতি কৰিব পাৰি যদিও আগতীয়া খেতিৰ বাবে বালিঅঁহীয়া আৰু শেহতীয়া খেতিৰ বাবে পলসুৱা, পানী ওলাই যাব পৰা কিন্তু জীপ থকা, ৫.৫ৰ পৰা ৬.৫ অম্লতাবিশিষ্ট মাটিয়েই উপযুক্ত।\nসকলোবোৰ কবি, বিলাহী, বেঙেনা, জলকীয়াৰ বাবে পুলি প্ৰস্তুতি কাৰ্য একে। তাৰ বাবে পুলিবাৰী প্ৰস্তুতি আৰু পুলি প্ৰস্তুতি শিতান চাওক।\nমাটিডৰা ৪-৫ বাৰ হাল বাই মৈয়াই মিহি কৰি গোবৰ বা পচনসাৰ মিহলি কৰি ল'ব লাগে। আম্লিক মাটিত মাটি পৰীক্ষাৰ ওপৰত ভিত্তি কৰি তিনি বছৰৰ মূৰে মূৰে চূণ প্ৰয়োগ কৰি ল'ব পাৰিলে ভাল। চূণ সাধাৰণতে খেতি আৰম্ভ কৰাৰ এমাহ পূৰ্বে প্ৰয়োগ কৰিব লাগে।\nআগতীয়া খেতিৰ বাবে বিঘাই প্ৰতি ১০৭ গ্ৰাম। শেহতীয়া খেতিৰ বাবে বিঘাই প্ৰতি ৬০ গ্ৰাম। বীজ সিঁচোতে প্ৰতি বৰ্গমিটাৰ পুলিবাৰীত ১০ গ্ৰাম হিচাপে বীজ ছটিয়াব লাগে।\nছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা নৱেম্বৰ মাহৰ শেষৰ সপ্তাহলৈকে।\nআগতীয়া খেতিৰ বাবে শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৬০ চে.মি.(২ ফুট), পুলিৰ পৰা দূৰত্ব ৩০ চে.মি.(১ ফুট)। শেহতীয়া খেতিৰ বাবে শাৰীৰ দূৰত্ব ৬০ চে.মি.(২ ফুট), পুলিৰ পৰা পুলিৰ দূৰত্ব ৬০ চে.মি.(২ ফুট)।\nবন্ধাকবিৰ খেতিত এবিঘা মাটিৰ বাবে অনুমোদিত সাৰৰ পৰিমাণ হৈছে পচা গোবৰ বা পচনসাৰ ১ টন, ইউৰিয়া ৩৫ কেজি, একক ছুপাৰ ফছফেট ৫০ কেজি আৰু মিউৰিয়েট অৱ পটাছ ১৩ কেজি আৰু সুৱগা ১ কেজি। এই সাৰৰ আধাভাগ ইউৰিয়া বাদ দি সমুদায় সাৰ শেষৰবাৰ মাটি চহ কৰাৰ আগতে হাল বাই মৈয়াই ল'ব লাগে। বাকীভাগ ইউৰিয়া সাৰ পথাৰত পুলি ৰোৱাৰ এমাহৰ পাছত পুলিৰ গুৰি বা দুটি শাৰীৰ মাজত পাতলীয়া লোৰ কৰি গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব লাগে।\nৰোৱাৰ পাছৰে পৰা পুলিটো ঠন ধৰি উঠালৈকে পাতলীয়া জলসিঞ্চন কৰি পাছলৈ প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰিব লাগে। জলসিঞ্চন সমভাৱে কৰিলে কবিবোৰত ফাট নেমেলে।\nপুলি ৰোৱাৰ ২০ দিন আৰু ৪০ দিন পাছত এবাৰকৈ নিৰণি কৰি খেতিডৰা অপতৃণমুক্ত কৰি ৰাখিব পাৰি।\nভাৰতবৰ্ষৰ প্ৰধান পাচলিবোৰৰ ভিতৰত ফুলকবিও অন্যতম। ফুলকবিৰ খেতি খৰালি কৰা হয় আৰু তৰকাৰী, চুৰুহা বা আচাৰ তৈয়াৰ কৰিবলৈ ব্যৱহৃত হয়। সিজোৱা ফুলকবিত যথেষ্ট পৰিমাণৰ খাদ্যপ্ৰাণ B আৰু প্ৰ'টিন অটুট থাকে।\nখোৱাৰ উপযোগী প্ৰতি ১০০ গ্ৰাম ফুলকবিত থকা পুষ্টিগত গুণাগুণ এনেধৰণৰ-\n৯০ আই ইউ\nআগতীয়াঃ আৰ্লি কুঁৱৰী, পুচা কেটকী, পুচা দিপালী\nমধ্যমীয়া সময়ৰঃ ইম্প্ৰ'ভড জাপানীজ, পুচা ছিনথেটিক, পুচা স্ন'বল, ,মেইন ক্ৰপপাটনা\nশেহতীয়াঃ স্ন'বল-১৬, পুচা স্ন'বল, কে-১, হিচাৰ-১\nহাইব্ৰীডঃ স্বাতী, হিমানি\nপানী জমা নোহোৱা বালিঅঁহীয়া মাটি আগতীয়া ফুলকবিৰ বাবে পলসুৱা মাটি মধ্যকালীন তথা শেহতীয়া খেতিৰ বাবে উপযুক্ত। এই খেতিৰ বাবে উপযুক্ত pH হৈছে ৬-৭।\n'পুলিবাৰীত পুলিৰ প্ৰস্তুতি' চাওক।\nমাৰিডৰা ৪-৫ বাৰ হাল বাই মৈয়াই মিহি কৰি গোবৰ বা পচনসাৰ মিহলি কৰি ল'ব লাগে। আম্লিক মাটিত মাটি পৰীক্ষাৰ ওপৰত ভিত্তি কৰি তিনি বছৰৰ মূৰে মূৰে চূণ আয়োগ কৰি ল'ব পাৰিলে ভাল। চূণ প্ৰয়োগ কৰিলে ৰোৱাৰ এমাহ পূৰ্বে প্ৰয়োগ কৰিব লাগে।\nআগতীয়া খেতিৰ বাবে বিঘাই প্ৰতি ৮০ গ্ৰাম। মধ্যমীয়া সময়ৰ খেতিৰ বাবে বিঘাই প্ৰতি ৫৩ গ্ৰাম। শেহতীয়া খেতিৰ বাবে বিঘাই প্ৰতি ৮০ গ্ৰাম।\nআগতীয়াঃ মধ্য জুলাইৰ পৰা মধ্য আগষ্ট, অক্টোবৰত পূৰঠ হয়।\nমধ্যমীয়া সময়ঃ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা অক্টোবৰৰ শেষৰ সপ্তাহ(ডিচেম্বৰ-জানুৱাৰীত পূৰঠ হয়)।\nশেহতীয়াঃ নৱেম্বৰৰ প্ৰথম সপ্তাহ পৰ্যন্ত, ফেব্ৰুৱাৰী-মাৰ্চত পূৰঠ হয়।\nউত্তৰ ব্ৰহ্মপুত্ৰ সমভূমি মণ্ডলৰ বাবে-\nআগতীয়াঃ আগষ্ট মাহৰ শেষৰ সপ্তাহ,\nমধ্যমীয়া সময়ঃ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহ,\nশেহতীয়াঃ নৱেম্বৰৰ শেষৰ সপ্তাহ।\nআগতীয়াঃ দুটা শাৰীৰ মাজত্ আৰু দুটা পুলিৰ মাজত ১ ১/২ ফুট(৪৫ চে.মি.),\nমধ্যমীয়া সময়ঃ দুটা শাৰীৰ মাজত আৰু দুটা পুলিৰ মাজত ২ ফুট(৬০ চে.মি.),\nশেহতীয়াঃ দুটা শাৰীৰ মাজত আৰু দুটা পুলিৰ মাজত ১ ১/২ ফুট(৪৫ চে.মি.)।\nবন্ধাকবি খেতিৰ বাবে বিঘাই প্ৰতি ১.৩ কুইন্টল পচা গোবৰ, ২৩ কেজি ইউৰিয়া, ৫০ কেজি একক ছুপাৰ ফছফেট, ১৩ কেজি মিউৰিয়েট অৱ পটাছ আৰু ১ কেজি সুৱগা প্ৰয়োগ কৰিব লাগে। ইয়াৰ আধাভাগ ইউৰিয়া আৰু বাকী সকলো সাৰ শেষৰবাৰ মাটি চহ কৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী আধাভাগ ইউৰিয়া পুলি ৰোৱাৰ এমাহৰ পাছত পুলিৰ গুৰিত প্ৰয়োগ কৰিব লাগে। ৰোৱাৰ সময়ত সুৱগা প্ৰয়োগ নকৰিলে ০.২ ৰ পৰা ০.৩ শতাংশ সুৱগা(অৰ্থাৎ ২১০-৩২০ গ্ৰাম প্ৰতি বিঘাৰ বাবে ১০৬ লিটাৰ পানীত মিহলাই) ছটিয়াই দিব লাগে। মলিবডেনামৰ অভাৱৰ পৰা বাচিবলৈ(অণুসাৰৰ অভাৱত বিসংগতি শিতান চাওক) ৰাসায়নিক সাৰৰ লগত বিঘাই প্ৰতি ৪০ গ্ৰাম এমনিয়াম মলিবডেট প্ৰয়োগ কৰিব লাগে। বজাৰত সহজলভ্য অণুসাৰৰ মিশ্ৰণো প্ৰয়োগ কৰিব পৰা যায়।\nৰোৱাৰ পাছতেই পাতলীয়াকৈ এবাৰ আৰু প্ৰয়োজন সাপেক্ষে জলসিঞ্চন কৰিব লাগে।\nপুলি ৰোৱাৰ ২০ দিন আৰু ৪০ দিন পাছত এবাৰকৈ বন-বাত নিয়ন্ত্ৰণ কৰিব লাগে।\nওলকবিও এক প্ৰয়োজনীয় আৰু পুষ্টিকৰ পাচলি। পুষ্টিৰ ফালৰ পৰা চাবলৈ হ'লে প্ৰতি ১০০ গ্ৰাম ওলকবিত ৯০.১ গ্ৰাঃ পানী, ২.১ গ্ৰাম প্ৰ'টিন, ০.১ গ্ৰাম মুঠ চৰ্বী, ৬.৭ গ্ৰাঃ শৰ্কৰা, ১.১ গ্ৰাম আঁহজাতীয় পদাৰ্থ থকাৰ উপৰি ৩৪ আই ইউ খাদ্যপ্ৰাণ A, ৩৩ মি.গ্ৰা. খাদ্যপ্ৰাণ C, ২৯২ মি.গ্ৰা. খাদ্যপ্ৰাণ K, ৪৫ মি.গ্ৰা. কেলচিয়াম, ৪৮ মি.গ্ৰা. মেগনেচিয়াম, ০.১৪ মি.গ্ৰা. আইৰণ, ৫০.০ মি.গ্ৰা. ফছফৰাছ আৰু ৫৭ মি.গ্ৰা. ক্লৰিণ থাকে।\nআগতীয়াঃ হোৱাইট ভিয়েনা\nশেহতীয়াঃ পাৰ্পল ভিয়েনা\nওলকবি খেতিৰ বাবে ৫.৫-৬.৫ pH বিশিষ্ট বালিঅঁহীয়া মাটিয়েই উপযুক্ত।\n'পুলিবাৰী আৰু পুলি প্ৰস্তুতি' শিতান চাওক।\nমূল পথাৰৰ মাটি প্ৰস্তুতিঃ\nমাটিডৰা ৪-৫ বাৰ হাই বাই মৈয়াই মিহি কৰি গোবৰ বা পচনসাৰ মিহলি কৰি ল'ব লাগে।\nএবিঘা মাটিত ওলকবিৰ খেতি কৰিবলৈ হ'লে ১৬৬ গ্ৰাম বীজৰ আৱশ্যক হয়। পুলিবাৰীৰ প্ৰতি বৰ্গমিটাৰত ১০ গ্ৰাম বীজ ছটিয়াব লাগে।\nছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা নৱেম্বৰ মাহৰ শেষৰ সপ্তাহলৈকে ওলকবিৰ বীজ সিঁচিব পাৰি।\nশাৰীৰ পৰা শাৰীৰ মাজত ৩০ চে.মি. আৰু পুলিৰ পৰা পুলিৰ দূৰত্ব ২৫ চে.মি.।\nওলকবি শস্যত এবিঘা মাটিৰ বাবে প্ৰয়োজনীয় অনুমোদিত সাৰ হৈছে এক টন গোবৰ বা পচনসাৰ, ইউৰিয়া ২৩ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ৫০ কিলোগ্ৰাম আৰু মিউৰিয়েট অৱ পটাছ ১৩ কিলোগ্ৰাম। ইউৰিয়া সাৰৰ আধাভাগ আৰু বাকী সমুদায় সাৰ শেষৰবাৰ মাটি চহ কৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধাভাগ ইউৰিয়া সাৰ পুলি ৰোৱাৰ ২০ দিনৰ পাছত গছৰ গুৰিত বা দুটা শাৰীৰ মাজত পাতলীয়া লোৰ কৰি গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। অসমৰ ক্ষেত্ৰত উপৰোক্ত সাৰৰ লগত ব'ৰাক্স ১ কেজি প্ৰতি বিঘা হিচাপত প্ৰয়োগ কৰা ভাল।\nকেতিয়াবা ওলকবি খেতিত কবিটো ফাটি যোৱা দেখা যায়। মাটিডৰাত বৰণ সাৰৰ অভাৱ হ'লে অথবা পটাছ সাৰৰ অভাৱ হ'লে এনে সমস্যাই দেখা দিয়ে। এনে সমস্যা দেখা দিলে ওপৰত উল্লেখ কৰাৰ দৰে ব'ৰাক্স সাৰ আৰু পটাছ সাৰ প্ৰয়োগ কৰিলে সমস্যাটোৰ পৰা উপশম পোৱা যায়। পানীৰ অভাৱৰ বাবেও কেতিয়াবা এনে সমস্যা দেখা দিয়ে। এবাৰ পানী দি দীৰ্ঘদিন পানী নিদিয়াকৈ থাকি আকৌ একেদিনাই সৰহকৈ পানী প্ৰয়োগ কৰিলে গছজোপাই পানীৰ সমতা ৰক্ষা কৰিব নোৱাৰে আৰু ফলস্বৰূপে কবিবোৰ ফাটি যায়। সেয়েহে কমকৈ হ'লেও ওলকবিত নিয়মীয়াকৈ জনসিঞ্চন কৰা উচিত।\nপ্ৰতি ১০০ গ্ৰাম বিলাহীত থকা পুষ্টিগত গুণাগুণ এনেধৰণৰ-\n১১০০ আই ইউ\nবেঙেনা এবিধ একবৰ্ষী আৰু ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে খেতি কৰা এক জনপ্ৰিয় পাচলি। পুষ্টিৰ দিশৰ পৰা ই কোনোগুণে বিলাহীতকৈ কম নহয়। এইবিধ পাচলি বছৰটোৰ সকলো সময়তে বজাৰত উপলব্ধ। পুষ্টিৰ ফালৰ পৰা প্ৰতি ১০০ গ্ৰাম সতেজ বেঙেনাত থকা গুণাগুণ এনেধৰণৰ-\n১২৪ আই ইউ\nখাদ্যপ্ৰাণ এচিড C\nদীঘলীয়া জাতঃ ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, কুচিয়া, পুচা ক্ৰান্তি, পুচা পাৰ্পল লং, পুচা পাৰ্পল।\nঘূৰণীয়াঃ পুচা পাৰ্পল ৰাউণ্ড, পুচা ভৈৰৱ, জে চি-২\nOblong: বি বি-৭, পন্ত সম্ৰাট\nহাইব্ৰীডঃ সুফল, ৰাউণ্ড-১৪, লং-১৩\nপানী জমা নোহোৱা, জৈৱিক পদাৰ্থৰে সমৃদ্ধ বালিঅঁহীয়া মাটি আগতীয়া খেতিৰ বাবে আৰু শেহতীয়া খেতিৰ বাবে পলসুৱা মাটি উপযুক্ত। মাটিডৰাৰ অম্লতাৰ পৰিমাণ ৫.৫ ৰ পৰা ৭.০ ৰ ভিতৰত হ'লে ভাল। মাটিডৰা ভালদৰে হাল বাই, মৈয়াই প্ৰচুৰ পৰিমাণে গোবৰ বা পচনসাৰ প্ৰয়োগ কৰিব লাগে।\nবিঘাই প্ৰতি ৩ কিলোগ্ৰাম মালাথিয়ন পাউডাৰ প্ৰয়োগ কৰি ল'লে উঁই, ৰঙাপৰুৱা আদিৰ আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি। আম্লিক মাটিৰ ক্ষেত্ৰত অম্লতাৰ ওপৰত ভিত্তি কৰি বিঘাই প্ৰতি ৩ কুইন্টল কৃষিচূণ ব্যৱহাৰ কৰিব লাগে। চূণ প্ৰয়োগ কৰিলে পুলি ৰোৱা কমপক্ষেও এমাহৰ আগত প্ৰয়োগ কৰি ভালদৰে মিহলি কৰি দিব লাগে।\nবিঘাই প্ৰতি বীজৰ পৰিমাণ হৈছে ৯৩-১০৬ গ্ৰাম।\nশীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ-অক্টোবৰ মাহত আৰু বসন্তকালীন শস্যৰ বাবে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত বীজ সিঁচিব লাগে।\nশাৰীৰ মাজত দূৰত্ব ৭৫ চে.মি.(২ ১/২ ফুট) আৰু পুলিৰ মাজৰ দূৰত্ব ৬০ চে.মি.(২ ফুট) হোৱা উচিত।\nএবিঘা বেঙেনা খেতিৰ বাবে ১.৩ টন পচা গোবৰ, ১৫ কিলোগ্ৰাম ইউৰিয়া, ৪০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১০ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ অনুমোদন আছে।\nইউৰিয়া সাৰৰ আধাভাগ আৰু বাকী সাৰৰ সমুদায় শেষৰবাৰ মাটি চহ কৰাৰ সময়ত প্ৰয়োগ কৰি বাকী আধাভাগ ইউৰিয়া পুলি ৰোৱাৰ এমাহৰ পাছত গছৰ গুৰিত অথবা দুটা শাৰীৰ মাজত পাতলীয়া লোৰ কৰি গোবৰৰ লগত মিহলি কৰি প্ৰয়োগ কৰিব লাগে।\nএই পোকৰ পখিলটোৱে শস্যৰ পাতত কণী পাৰে। ইহঁতৰ পলুবিলাকে শস্যৰ পুলি অৱস্থাৰ পৰা শস্য চপোৱালৈকে শস্যৰ পাত খাই টকলা কৰে। কবিৰ পাতত কিছুমান বিন্ধা দেখা পোৱা যায়।\nখেতিডৰা নিয়মীয়াকৈ নিৰীক্ষণ কৰি গছৰ পাতত থকা কণী আৰু পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰিব লাগে।\nএই পোকৰ পলুবোৰে কবিৰ পাতবিলাক খোৱাৰ ফলত আক্ৰান্ত পাতবোৰ দেখাত একোখন জালিকাৰ দৰে হয়।\nপুলি ৰোৱাৰ ১০-১২ দিনৰ পাছৰ পৰা নিমৰ পৰা তৈয়াৰী ঔষধ যেনে- এজাচেল ৫ মিলিলিটাৰ প্ৰতি লিটাৰ পানী হাৰত ১৫ দিনৰ অন্তৰে অন্তৰে স্প্ৰে' কৰি থাকিলে শস্যডৰা পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিব।\n৩)কবি বৰাৰ(ফুটা কৰা পোক):\nএই পোকৰ পলুবোৰে গছৰ বাঢ়ি অহা কুমলীয়া অংশ খাই অনিষ্ট কৰে। ইহঁতে কবিটোৰ প্ৰায় সম্পূৰ্ণ অংশ খাই অনিষ্ট কৰিব পাৰে।\n৪)ডাইমণ্ড বেক মথঃ\nএই পোকৰ পলুটোৱে পাতৰ সেউজীয়া অংশ খোৱাৰ ফলত আক্ৰান্ত খেতিডৰা দূৰৈৰ পৰা বগা হোৱা দেখা যায়। আক্ৰান্ত পাতত কিছুমান বিন্ধা দেখা যায়।\nএই পোকে পাতৰ ৰস চুহি খোৱাৰ ফলত আক্ৰান্ত গছজোপা মৰহি শুকাই যায়।\nজিকা এবিধ গোটেই বছৰজুৰি কৰিব পৰা জনপ্ৰিয় গ্ৰীষ্মকালীন পাচলি। দক্ষিণ আৰু উত্তৰ-পূব ভাৰতৰ প্ৰায় সকলো ৰাজ্যতেই ইয়াৰ খেতি সফলতাৰে কৰিব পৰা যায়।\nকুন্নুৰস্থিত পৰিপুষ্টি গৱেষণাগাৰত কৰা পৰীক্ষা অনুযায়ী জিকাৰ খোৱা উপযোগী অংশৰ প্ৰতি ১০০ গ্ৰামত থকা পুষ্টিগত গুণাগুণ এনেধৰণৰ-\n৫৬ আই ইউ\nওখ, পানী জমা নোহোৱা বালিঅঁহীয়া মাটি জিকা খেতিৰ বাবে উপযোগী। ধাননি পথাৰৰ বাম চানেকীয়া মাটিত ওখ ভেটি কৰিও এই খেতি কৰিব পাৰি।\nপুচা নাচদাৰ আৰু অন্যান্য স্থানীয় নিৰ্বাচিত জাতসমূহ।\nজিকা খেতি কৰিব বিচৰা মাটিডোখৰ ভালদৰে হাল-কোৰ মাৰি চহাই ২ মিটাৰ আঁতৰত শাৰী শাৰীকৈ একোটাকৈ ওখ ভেটি(৬০*৬০*৬০ চে.মি) কৰিব লাগে। গুটিবোৰ কাপোৰত বান্ধি এৰাতি তিয়াই পিছদিনা সেইবোৰ টুকি ১-২ দিনমানৰ বাবে গাপ দিয়াৰ ব্যৱস্থা কৰিব লাগে। বীজবোৰ কেপটান ঔষধ প্ৰতিকিলোগ্ৰাম বীজত ৫ গ্ৰাম হিচাপে শোধন কৰি ল'ব লাগে। ভেটিবোৰত ২-৩ টা গুটি সিঁচিব লাগে। বীজ অংকুৰিত হোৱাৰ পাছত স্বাস্থ্যৱান পুলিটো ৰাখি বাকীবোৰ উঠাই দিব লাগে।\nজানুৱাৰীৰ পৰা মে' মাহ।\nজিকা খেতিৰ বাবে কৰা ওখ ভেটিবোৰত ১০ কিলোগ্ৰামমান পচা গোবৰ বা পচনসাৰ, ৪০ গ্ৰাম ইউৰিয়া, ৪০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৮০ গ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে।\nবীজ সিঁচাৰ এমাহৰ পাছত বন-বাত নিৰণি কৰি পুলিৰ গুৰিত মাটি চপাই দিব লাগে। লগতে জিকা গছডাল বগাবলৈ জেং পুতি দিব লাগে। বাৰিষাকালত গছৰ গুৰিত পানী জমা হ'বলৈ দিব নালাগে। গছৰ স্ত্ৰীফুলৰ সংখ্যা বঢ়াবলৈ ২-৪ পতীয়া পুলিবোৰত প্লেন'ফিক্স ঔষধৰ ১০০ পি.পি.এম. নাইবা ইথ্ৰেল ২৫ পি.পি.এম স্প্ৰে' কৰিলে সুফল পোৱা যায়।\nপোক-পৰুৱা আৰু বেমাৰ নিয়ন্ত্ৰণঃ\nপাত খোৱা বিছা আৰু ফল খোৱা বৰলজাতীয় পোকে সাধাৰণতে জিকাৰ বেছি অনিষ্ট কৰা দেখা যায়। এই পোকবিলাকৰ নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ই.চি. ঔষধ ২ মিলিলিটাৰ প্ৰতিলিটাৰ হিচাপত ১০ গ্ৰাম গুৰৰ লগত মিহলাই স্প্ৰে' কৰিব লাগে।\nজিকাৰ পাতৰ দুয়োফালে বগা বগা কপাহৰ দৰে হয় আৰু পাতবোৰ মৰি যায়। কেতিয়াবা পাতৰ মাজ অংশ মুগা বৰণৰ হৈ সেই অংশটো গেলি যায়। এনেধৰণৰ ৰোগৰ নিয়ন্ত্ৰণৰ বাবে ১ গ্ৰাম বেভিষ্টিন প্ৰতিলিটাৰ হিচাপত স্প্ৰে' কৰিব লাগে।\nজিকা কেতিয়াবা খাবলৈ তিতা হয়। ই এই শস্যৰ এক আনুষংগিক বিসংগতি। এই তিতাগুণ নোহোৱাব কৰিবৰ বাবে জিকাৰ গুটিবোৰ ৮০ পি.পি.এম. শক্তিৰ চাকছিনিক এচিডৰ মিশ্ৰণত এৰাতি তিয়াই পিছদিনা টুকি গুটিবোৰ গজালি মেলাৰ পাছত সিঁচিব লাগে। পুলিবোৰ যেতিয়া ৪-৫ পতীয়া হয় আৰু প্ৰথম স্ত্ৰীফুল ফুলাৰ সময়ত একোবাৰকৈ সেই একে শক্তিৰ চাকছিনিক এচিড স্প্ৰে' কৰিলে জিকাৰ তিতা গুণ বহু পৰিমাণে লোপ পায়।\nতিয়ঁহ হৈছে ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে খেতি কৰিব পৰা গুৰুত্বপূৰ্ণ পাচলি। তিয়ঁহৰ কোমল ফলবোৰ সাধাৰনতে কেঁচাই খোৱা হয় অথবা চালাডত নিমখৰ সৈতে খোৱা হয়। সিজাই খোৱা পাচলি হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়।\nপ্ৰতি ১০০ গ্ৰাম খোৱাৰ উপযোগী তিয়ঁহৰ অংশৰ পুষ্টিগত গুণাগুণ এনেধৰণৰ-\nতিয়ঁহ খেতিৰ বাবে ওখ, ৰ'দ ঘাই, বালিচহীয়া মাটি উপযোগী।\nচাইনীজ গ্ৰীণ, পুচা সংযোগ, পইনছেটী, প্ৰিয়া, মালিনী আৰু মাটি তিয়ঁহ।\nনৱেম্বৰ-ডিচেম্বৰ আৰু মাৰ্চ-এপ্ৰিল।\nএই খেতিৰ বাবে সৰু সৰু ভেটি বা টিপ কৰি তাত ২-৩ টাকৈ গুটি সিঁচা হয় আৰু ভেটিবোৰ শাৰী শাৰীকৈ কৰা হয়।\nমাটি তিয়ঁহৰ ৰোপণৰ ব্যৱধান ১.৫ মিটাৰ*১.২ মিটাৰ।\nলতা তিয়ঁহৰ ৰোপণৰ ব্যৱধান ১.২ মিটাৰ*৭৫ মিটাৰ।\nতিয়ঁহৰ খেতিত অনুমোদিত সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ইউৰিয়া ১৪ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ৩৭.৫ কিলোগ্ৰাম আৰু মিউৰিয়েট অৱ পটাছ ১৮ কিলোগ্ৰাম। অনুমোদিত সাৰৰ আধাভাগ ইউৰিয়া আৰু সমুদায় একক ছুপাৰ ফচফেট আৰু পটাছ সাৰ শেষৰবাৰ হাল বোৱাৰ সময়ত আৰু বাকী আধাভাগ ইউৰিয়া গুটি সিঁচাৰ এমাহৰ পাছত গুৰিত প্ৰয়োগ কৰিব লাগে। নাইবা প্ৰতিটো ভেটিত ১-২ পাচি গোবৰ-পচনসাৰ, ৫০ গ্ৰাম ইউৰিয়া, ৫০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৮০ গ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ লাগে।\nতিয়ঁহৰ তলীত নিয়মীয়াকৈ বন-বাত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে। গুটি সিঁচাৰ এমাহৰ পাছত পুলিৰ গুৰিত পাতলীয়াকৈ মাটি চপাব লাগে। গছবোৰ বগাবলৈ আৰম্ভ কৰিলে বাঁহৰ জেং দিয়াৰ ব্যৱস্থা কৰিব লাগে। ২-৪ পতীয়া পুলিবোৰত ১০০ পি.পি.এম. শক্তিৰ প্লেনফিক্স স্প্ৰে' কৰিলে গছত স্ত্ৰীফুলৰ সংখ্যা বাঢ়ে আৰু ফলৰ উৎপাদন বৃদ্ধি হয়।\nপোক-পৰুৱা আৰু ৰোগ নিয়ন্ত্ৰণঃ\nতিয়ঁহৰ খেতিত পুলি কটা পোক নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫% পাউডাৰ মাটিৰ লগত মিহলাই দিব লাগে। তিয়ঁহৰ ফল বিন্ধা কৰা পোক, মোৱা পোক, আদিৰ নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ই.চি. নামৰ ঔষধ ১ মি.লি. প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে' কৰা আৱশ্যক।\nতিয়ঁহৰ পাতত বগা পাউডাৰৰ দৰে ভেঁকুৰ হৈ পাতখিলা লাহে লাহে মৰহি যায়। এই ৰোগৰ প্ৰতিৰোধৰ বাবে বেভিষ্টিন ঔষধ ১ গ্ৰাম প্ৰতিলিটাৰ পানীৰ হিচাপত মিহলাই পাতৰ দুয়োফালে স্প্ৰে কৰা উচিত।\nগ্ৰীষ্মকালীন পাচলিসমূহৰ ভিতৰত পটন অন্যতম। পটল অতিকৈ পুষ্টিকৰ, হজম কৰিব পৰা, কোষ্ঠকাঠিন্য ৰোধ কৰিব পৰা পাচলি আৰু হৃদপিণ্ড আৰু মস্তিষ্কৰ বাবে উপকাৰী। ৰক্তসঞ্চালনতন্ত্ৰৰ বাবেও পটল উপকাৰী।\nপটলৰ প্ৰতি ১০০ গ্ৰাম খোৱাৰ উপযোগী অংশত থকা পুষ্টি হৈছে এনেধৰণৰ-\nপটল খেতিৰ বাবে ওখ, পানী জমা নোহোৱা বালিচহীয়া পলসুৱা মাটি উপযোগী। নৈপৰীয়া পলসুৱা মাটিত এই খেতি ভাল হয়।\nঅধিক উৎপাদনক্ষম থলুৱা সঁচৰ পটল।\nপটলৰ পুং পুষ্প আৰু স্ত্ৰী পুষ্প বেলেগ গছত থাকে। সেয়েহে এই খেতিৰ বাবে ৰোপণ সামগ্ৰীসমূহ সংগ্ৰহ কৰাৰ আগতে পুং পুষ্প আৰু স্ত্ৰী পুষ্পৰ গছবোৰ বাছনি কৰি ল'ব লাগে। প্ৰতি ১০ জোপা স্ত্ৰী পুষ্প গছৰ মাজত এজোপাকৈ পুং পুষ্প গছ ৰোৱাৰ ব্যৱস্থা কৰিব লাগে।\nপাতযুক্ত ডাল কলম পদ্ধতিঃ\nএই পদ্ধতিত অধিক উৎপাদনক্ষম স্বাস্থ্যৱান পটল গছৰ পৰা এটা পাতৰ সৈতে এটা গাঁঠি থকা দুই ইঞ্চি দৈৰ্ঘ্যৰ ডালৰ টুকুৰা ল'ব লাগে। এই ডালৰ টুকুৰাবোৰ ইণ্ডোফিল এম ৪৫ ঔষধৰ ২.৫ গ্ৰাম প্ৰতিলিটাৰ পানী হিচাপত এটা মিশ্ৰণ তৈয়াৰ কৰি ১০ মিনিটমানৰ বাবে ডুবাই থৈ শোষণ কৰি ল'ব লাগে। পৰিশোধিত ডালবোৰ পুলিবাৰীত পচাব লাগে। পচোৱাৰ এমাহৰ পাছত পোখা ওলোৱা ডালবোৰ ৰুবৰ বাবে উপযোগী হৈ উঠে।\nলতি কলম পদ্ধতিঃ\nজানুৱাৰী-ফেব্ৰুৱাৰী মাহত পুৰণি পটল গছৰ পৰা পূৰঠ ৩-৫ ফুত দৈৰ্ঘ্যৰ লতিবোৰ বাছনি কৰিব লাগে। এই লতিবোৰৰ দুয়োটা মূৰ মুকলিকৈ ৰাখি বাকী অংশ চহ কৰি থোৱা মাটিত সমানকৈ পুতি থোৱা হয়। এই পদ্ধতিৰে ব্যৱসায়িক ভিত্তিত পটলৰ খেতি কৰা হয়। এই পদ্ধতিত প্ৰতি বিঘা মাটিৰ বাবে ৩৫০ ডাল লতিৰ আৱশ্যক।\nএই খেতিৰ বাবে শেষৰবাৰ মাটি চহাবৰ সময়ত বিঘাই প্ৰতি ১ টন পচনসাৰ, শুকান গোবৰ, ২৩ কিলোগ্ৰাম ইউৰিয়া, ৪২ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১১ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। মুঢ়া শস্যত মাটি চপাওঁতে সাৰ প্ৰয়োগ কৰা হয়।\nপটলৰ খেতিত নিয়মিতভাৱে বন-বাত নিৰাব লাগে। বন-বাত চাফা কৰোঁতে বা কোৰ মাৰোঁতে যাতে পটলৰ লতি বা শিপা নষ্ট নহয়, তাৰ বাবে সাৱধান হ'ব লাগে। ফেব্ৰুৱাৰী-মাৰ্চ মাহত গছৰ গুৰিত মাটি চপাই মাটিত ধান খেৰ বা নৰা পাৰি দিলে গছজোপা বগাবলৈ সুবিধা হয়।\nপটলৰ কলি অৱস্থাত বৰল পোক, মোৱা পোক আদিয়ে আক্ৰমণ কৰি গছজোপা দুৰ্বল কৰি তোলে। এই পোকবিলাকৰ নিয়ন্ত্ৰণৰ বাবে গছৰ পাতত মালাথিয়ন ৫০ ই.চি. ঔষধ ২ মিলিলিটাৰ লগত ১০ গ্ৰাম গুৰ প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে' কৰিব লাগে।\nপটলৰ পাত, ঠাৰি বা ফলত ভেঁকুৰৰ দ্বাৰা বিস্তাৰিত এনথ্ৰেকন'জ নামৰ ৰোগ হ'লে সেই অংশবিলাক জহি যাবলৈ আৰম্ভ কৰে। এই ৰোগ প্ৰতিৰোধৰ বাবে ০.১ শতাংশ বৰ্ডো মিশ্ৰণ বা ০.১ শতাংশ বেভিষ্টিনৰ মিশ্ৰণ স্প্ৰে' কৰিব লাগে।\nভেণ্ডি এবিধ পুষ্টিকৰ গ্ৰীষ্মকালীন পাচলি শস্য আৰু ইয়াক বাৰিষা কালৰ শেষভাগলৈকে খেতি কৰিব পাৰি। ভেণ্ডি বিভিন্ন খাদ্যপ্ৰাণ, কেলচিয়াম, প্টাচিয়াম আৰু অন্যান্য খনিজ লৱণৰ এবিধ উৎকৃষ্ট উৎস। আনহাতে ভেণ্ডিত যথেষ্ট পৰিমাণে আয়'ডিন থাকে বাবে গৰল ৰোগৰ প্ৰতিষেধন পাচলি হিচপে ইয়াৰ যথেষ্ট গুৰুত্ব আছে। বিভিন্ন মূত্ৰজনিত ৰোগ, পেটৰ অসুখ ইত্যাদিৰ ক্ষেত্ৰতো ভেণ্ডিৰ ঔষধি গুণ ইতিমধ্যে প্ৰমাণিত হৈছে।\nআমাৰ ৰাজ্যত যদিও ভেণ্ডিক মূলতঃ এবিধ পাচলি হিচাপে ব্যৱহাৰ কৰা হয়, তথাপি ইয়াৰ পূৰঠ গুটিসমূহ পানীয় তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। তদুপৰি কুঁহিয়াৰৰ ৰসত ভেণ্ডি গছৰ গা-গছ বা ফল আদি থেতেলি মিহলাই লৈ গুৰ তৈয়াৰ কৰিলে গুৰৰ ৰং যথেষ্ট চাফা হোৱা দেখা যায়। আনহাতে ভেণ্ডিৰ গা-গছসমূহত যথেষ্ট আঁহ থাকে বাবে ইয়াৰ পৰা উৎকৃষ্ট বিধৰ আঁহ আহৰণ কৰিব পাৰি।\nভেণ্ডি খেতিৰ বাবে ওখ, ৰ'দঘাই, পানী জমা নোহোৱা মাটিয়েই উপযুক্ত। মাটিডৰাত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকাটো বাঞ্ছনীয়।\nপুচা চাৱনী, প্ৰভানী ক্ৰান্তি, আৰ্কা অনামিকা, ৰে'ড ৱাণ্ডাৰ, পঞ্চশিৰা, বিজয়, বিশাল, বিৰ্চা।\nবৈঘাইপ্ৰতি ২৫০০-২৮০০ গ্ৰাম। বাৰিষা কালত কৰা খেতিৰ বাবে ১ কিলোগ্ৰাম। বীজবোৰ এদিন চেঁচা পানীত তিয়াই থৈ পাছত পানীৰ পৰা টুকি এদিন কাপোৰেৰে মেৰিয়াই গাপ দি থ'ব লাগে। বীজবোৰ সামান্য অংকুৰণ হ'লে মাটিত গুঁজি দি বা ১ চেন্টিমিটাৰ*১/২ চেন্টিমিটাৰ ব্যৱধানত(বাৰিষা কৰা খেতিত ১ ১/২ চেন্টিমিটাৰ*১/২ চেন্টিমিটাৰ ব্যৱধানত) শাৰী শাৰীকৈ ছটিয়াব লাগে।\nমটিডৰা শেষবাৰৰ বাবে চহোৱাৰ আগে আগে বিঘাইপ্ৰতি প্ৰায় ১০ কুইন্টল পচনসাৰ, ৬ কিলোগ্ৰাম ইউৰিয়া, ৪০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট সাৰ আৰু ১০ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰি ভালদৰে মাটিত মিহলি কৰি ল'ব লাগে। বীজ সিঁচাৰ ৩৫ দিনৰ পৰা ৪০ দিনৰ পাছত যেতিয়া পুলিবোৰ আধা ফুটমান ওখ হয়, বিঘাই প্ৰতি ৬ কিলোগ্ৰাম ইউৰিয়া শাৰীবোৰৰ মাজতে প্ৰয়োগ কৰি মাটিৰে পূৰাই দিব লাগে।\nভেণ্ডি গছৰ পুলিবোৰ লহপহকৈ বাঢ়ি অহাৰ সময়ত প্ৰয়োজন অনুসৰি বন-বাত নিৰাই দিব লাগে। অতি খৰাং বতৰত এবাৰমান জনসিঞ্চনৰ ব্যৱস্থা কৰি পাৰিলে খেতিডৰাৰ পৰা অধিক উৎপাদন আশা কৰিব পাৰি।\nএইবিধ শস্যৰ প্ৰধান অনিষ্টকাৰী কীট হ'ল পুলি কটা পোক আৰু গা-গছ তথা ফল বিন্ধা কৰা পোক। পুলি কটা পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবে বিঘাই প্ৰতি ২.৫ কিলোগ্ৰাম মালাথিয়ন ৫% পাউডাৰ ছটিয়াব লাগে। গা-গছ আৰু ফলবিন্ধা কৰা পোকৰ বাবে পুলিবোৰ ৬-৮ ইঞ্চি ডাঙৰ হোৱাৰ পাছত এসপ্তাহৰ ব্যৱধান্ত প্ৰতি ৩ লিটাৰ পানীত ৫ মিলিলিটাৰ(১ চামুচ) মালাথিয়ন ৫০ ই.চি. দৰব মিহলাই ছটিয়াব লাগে।\nপাত হালধীয়া পোক হৈছে এক ভাইৰাছ বা বীষাণুজনিত ৰোগ। এইবিধ ৰোগৰ বাহক হ'ল এবিধ সৰু পখিলাজাতীয় পোক। এই বাহকবিধ নিয়ন্ত্ৰণ কৰিবৰ বাবে ওপৰত উল্লেখ কৰা ধৰণে মালাথিয়ন ৫০ ই.চি. ঔষধৰ স্প্ৰে' কৰি সুফল লাভ কৰিব পাৰি।\nৰঙালাও এবিধ লাওজাতীয় গ্ৰীষ্মকালীন পাচলি। ৰঙালাও খাদ্যপ্ৰাণ A আৰু Cৰ সুলভ উৎস হিচাপে পৰিগণিত। তদুপৰি ৰঙালাওক শৰ্কৰাৰ ভঁৰাল বুলিব পাৰি। ইয়াৰ পূৰঠ ফলসমূহ অতি সহজে সংৰক্ষণ কৰিব পাৰি আৰু এনেদৰে সংৰক্ষিত ৰঙালাও গোটেই ৰাজ্যজুৰি বছৰজুৰি খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি।\nঅসমৰ বিভিন্ন ঠাইত ৰঙালাও গছৰ কুমলীয়া আগসমূহ পাচলি হিচাপে ব্যৱহাৰ কৰা দেখা যায়। এই আগসমূহত যথেষ্ট পৰিমাণে খাদ্যআঁহ থাকে যিবোৰ কোষ্ঠকাঠিন্য নিৰাময়ৰ এক মহৌষধ।\nৰঙালাও খেতিৰ বাবে সাধাৰণতে বালিচহীয়া মাটিয়েই উপযোগী। মাটিডোখৰ ওখ, পানী জমা নোহোৱা হ'ব লাগে। যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা আতলীয়া মাটিতো এই খেতি কৰিব পাৰি।\nআৰ্কা সূৰ্যমুখী, আৰ্কা চন্দন আৰু স্থানীয় নিৰ্বাচিত জাত্য।\nএবিঘা ৰঙালাওৰ খেতিৰ বাবে ১ কিলোগ্ৰাম বীজৰ প্ৰয়োজন। বছৰৰ দুটা সময়ত গ্ৰীষ্মকালীন আৰু বসন্তকালীন শস্য হিচাপে ৰঙালাওৰ খেতি কৰিব পাৰি। গ্ৰীষ্মকালীন শস্যৰ বাবে জানুৱাৰীৰ পৰা এপ্ৰিল মাহত আৰু শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ-অক্টোবৰ মাহত বীজ সিঁচা হয়।\nবীজবোৰ মূল পথাৰত শাৰী শাৰীকৈ কৰি লোৱা ঢাপত সিঁচিলে গ্ৰীষ্মকালত অধিক বৰষুণৰ বাবে গছৰ গুৰিত পানী জমা হোৱা সমস্যাৰ পৰা সহজে হাত সাৰিব পাৰি। গ্ৰীষ্মকালীন তথা বসন্তকালীন খেতিৰ বাবে এনে শাৰীবোৰ ২.৫-৩ মিটাৰ দূৰত্বত কৰি লোৱা আৱশ্যক। গ্ৰীষ্মকালীন খেতিত প্ৰতিটো শাৰীত ০.৯-১ মিটাৰ ব্যৱধানত আৰু বসন্তকালীন খেতিত ১ মিটাৰ ব্যৱধানত প্ৰতিটো শাৰীত ৰোপণ কৰা উচিত।\nমাটিডোখৰত শেষৰবাৰ হাল বোৱাৰ আগেয়ে বিঘাই প্ৰতি প্ৰায় ২০ কুইন্টল পচনসাৰ, ২০ কিলোগ্ৰাম ইউৰিয়া, ৭০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১৫ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰি ভালদৰে হাল বাই মাটিৰ লগত মিহলাই ল'ব লাগে। এনেদৰে সাৰ প্ৰয়োগ কৰাৰ এসপ্তাহৰ পাছতহে বীজ সিঁচিব লাগে।\nৰঙালাওৰ পুলিবোৰ লহপহকৈ বাঢ়ি অহাৰ সময়ত প্ৰয়োজন অনুসৰি বন-বাত নিৰাই দিয়া উচিত। খৰালি কালত ৰঙালাও গছ মাটিত বগাবলৈ সুবিধা কৰি দিব লাগে। ইয়াৰ বিপৰীতে গছবোৰৰৰ বাবে বাঁহ, জেং, গছৰ ডাল ইত্যাদিৰ ব্যৱস্থা কৰি দিয়া উচিত।\nৰঙালাওৰ একেজোপা গছতে বেলেগ বেলেগ অংশত পুং আৰু স্ত্ৰী পুষ্পৰ জন্ম হয়। স্ত্ৰী পুষ্পসমূহ পৰাগযোগৰ পাছত ফললৈ ৰূপান্তৰিত হয় বাবে অধিক স্ত্ৰী পুষ্প থকা গছৰ পৰা অধিক উৎপাদন আশা কৰিব পাৰি। ৰঙালাওৰ দুপতীয়া বা চাৰিপতীয়া পুলিসমূহত ১০০ পি.পি.এম. শক্তিৰ নেফথেলিক এচেটিক এচিড স্প্ৰে' কৰিলে পাছলৈ গছবোৰত অধিক স্ত্ৰী ফুলৰ সৃষ্টি হয়।\nৰঙালাওৰ প্ৰধান অনিষ্টকাৰী পোক হ'ল বৰল পোক। এইবিধ কীটে ৰঙালাওৰ কুমলীয়া ফলবোৰত আৰু কণী ফুটি ওলোৱা পলুবোৰে ফলবোৰ ভিতৰ ফালৰ পৰা খাই শেষত লাওবোৰ গেলাই পেলায়। খেতিডৰাত বৰল পোক দেখা দিয়া মাত্ৰকে মালাথিয়ন ৫০ ই.চি. নামৰ দৰব এই চাহ চামুচ আৰু ৫০ গ্ৰাম গুৰ প্ৰতি পাঁচ লিটাৰ পানীত ভালদৰে মিহলাই কুমলীয়া ফলবোৰত ছটিয়াব লাগে। একেদৰে দৰৱ স্প্ৰে' কৰাৰ পাছত কমপক্ষেও দুসপ্তাহলৈ ফলবোৰ ছিঙিব নালাগে। কেতিয়াবা আকৌ ৰঙালাওৰ পাতৰ দুয়োফালে বগা, কপাহৰ দৰে এবিধ ভেঁকুৰে আক্ৰমণ কৰা দেখা যায়। এনে হ'লে আক্ৰান্ত গছবোৰত বেভিষ্টিন ঔষধ প্ৰতিলিটাৰ পানীত ১ মিলিলিটাৰ হিচাপত স্প্ৰে' কৰি সুফল পাব পাৰি।\nগ্ৰীষ্মকালীন লতাজাতীয় পাচলিৰ ভিতৰত লেচেৰা মাহ অন্যতম। লেচেৰা মাহ যথেষ্ট পৰিমাণৰ প্ৰ'টিন আৰু শ্বেতসাৰৰ উৎস। এই লেচেৰা মাহৰ দীঘল কোমল চিৰাবোৰ সেউজীয়া পাচলি হিচাপে ৰান্ধি খোৱা হয়।\nলেচেৰা মাহৰ খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু জৈৱিক পদাৰ্থৰে পুষ্ট মটিয়েই উপযুক্ত।\nএই খেতিৰ উন্নত সঁচবোৰ হৈছে পুচা বৰছাতি, আমেৰিকান গ্ৰীণ লং, হোৱাইট লং ইত্যাদি।\nএবিঘা লেচেৰা মাহৰ খেতিৰ বাবে ২.৫-৩.০ কিলোগ্ৰাম বীজৰ প্ৰয়োজন।\nদুই-তিনবাৰ চহ কৰা মাটিত দুফুট ব্যৱধানত আৰু ১ ১/২ ফুট বহল একোটা ওখ ভেটি তৈয়াৰ কৰিব লাগে। প্ৰতিটো ভেটিত একোটাকৈ বীজ সিঁচিত লাগে। বীজবোৰ সিঁচাৰ আগতে পানীত তিওৱাৰ প্ৰয়োজন নাই।\nফাগুন-চ'ত মাহৰ পৰা জেঠ মাহলৈকে লেচেৰা মাহৰ বীজ সিঁচিব লাগে যদিও আহাৰ-শাওণ মাহলৈকে এই বীজ সিঁচিব পাৰি।\nএবিঘা লেচেৰা মাহৰ খেতিৰ বাবে ১২ কুইন্টল পচনসাৰ, ৪ কিলোগ্ৰাম ইউৰিয়া, ২৫-৩০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ২-৩ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন। সাৰ প্ৰয়োগৰ এসপ্তাহৰ পাছতহে বীজ সিঁচিব লাগে।\nলেচেৰা মাহৰ খেতিডৰাত বন-বাত নিৰাই থকা উচিত। বীজ সিঁচাৰ ২০-২৫ দিনৰ পাছতে পুলিৰ গুৰিৰ পৰা বন-বাতবোৰ আঁতৰাই দিয়াৰ লগতে প্ৰতিজোপা গছৰ গুৰিত ৮-১০ ফুট দীঘল একোডাল কামী পুতি দিলে গছজোপাই বগাবলৈ সুবিধা পায়।\nলেচেৰা মাহৰ খেতিত মোৱা পোক আৰু বিছাই আক্ৰমণ কৰিলে প্ৰতিকাৰৰ বাবে মালাথিয়ন ৫০ ই.চি. দৰৱ ১ মিলিলিটাৰ ১ লিটাৰ হিচাপত মিহলাই স্প্ৰে' কৰিব লাগে।\nছেঁই ধৰা অৱস্থাত লেচেৰা মাহত এবিধ পলুজাতীয় পোকে ছেঁইবিলাক কুটি খাই নষ্ট কৰে। ইয়াৰ প্ৰতিকাৰৰ বাবে এণ্ডচালফান ঔষধ ১ মিলিলিটাৰ ১ লিটাৰ পানীত মিহলাই ছটিয়াব লাগে।\nলেচেৰা মাহৰ গছত ফুল ফুলাৰ আগতে গা-গছডাল ক'লা পৰি যোৱাৰ দৰে হ্য আৰু গছজোপা মৰিবলৈ ধৰে। এই ভেঁকুৰজাতীয় ৰোগ বীজৰ পৰা সংক্ৰমিত হয় আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে প্ৰতিকিলো বীজ তিনি গ্ৰাম কেপটান বা থিৰাম ঔষধেৰে শোষন কৰি ল'ব লাগে।\nগ্ৰীষ্মকালীন শাক-পাচলিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ পাচলি হৈ তিতাকেৰেলা। এইবিধ পাচলিৰ কেঁচা ফলবোৰ ভাজি খোৱা হয় আৰু ই বহুতো ঔষধি গুণেৰে সমৃদ্ধ। তিতাকেৰেলাই পেটত হোৱা পেলু-কৃমি আৰু বাতবিষ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়।\nতিতাকেৰেলা খেতিৰ বাবে পানী জমা নোহোৱা পলসুৱা বালিয়া মাটিয়েই উপযুক্ত। ধানখেতি কৰা বাম চানেকীয়া মাটিতো আগতীয়া সঁচৰ তিতাকেৰেলা খেতি কৰিব পৰা যায়।\nতিতাকেৰেলা সাধাৰণতে দুটা ঋতুত কৰা হয়- বসন্ত আৰু গ্ৰীষ্ম। বসন্ত ঋতুত খেতি সঁচবোৰ হৈছে- আৰলিয়েষ্ট অৱ অল, লং গ্ৰীণ, এক্সট্ৰা লং আৰু পুচা ডো মৌচুমী। গ্ৰীষ্ম ঋতুত কৰা তিতাকেৰেলাৰ সঁচবোৰ হৈছে মনছুন মনাৰ্ক, লং গ্ৰীণ মনছুন আৰু কোইম্বাটোৰ লং।\nএবিঘা তিতাকেৰেলা খেতিৰ বাবে ৬০০-৮০০ গ্ৰাম বীজৰ আৱশ্যক হয়।\nমাটিত বগোৱা আগতীয়া তিতাকেৰেলা সঁচৰ বীজ ৫ ফুট আঁতৰে আঁতৰে শাৰী শাৰীকৈ আৰু প্ৰতিটো শাৰীত ২-৩ ফুট ব্যৱধানত সিঁচিব লাগে। বসন্তকালত আৰু বাৰিষা কালত কৰা খেতিৰ বাবে বীজ সিঁচিবলগীয়া দুটা শাৰীৰ মাজৰ দূৰত্ব ৫-৮ ফুট। প্ৰতিটো শাৰীত ২-৪ ফুট ব্যৱধানত বীজ সিঁচিব লাগে। বীজ সিঁচিবলগীয়া মাটিডোখৰ এবাৰ ভালকৈ হাল-কোৰ মাৰি নিৰ্দিষ্ট দূৰত্বত এফুট ওখকৈ দুফুট দীঘল আৰু দুফুট বহল সৰু সৰু ভেটি তৈয়াৰ কৰি ল'ব লাগে। বীজ সিঁচাৰ আগতে এৰাতি বীজবোৰ পানীত তিয়াই থৈ পিছদিনা পুৱা আপোৰত গাপ দি সিঁচিলে ভাল ফল পোৱা যায়।\nপ্ৰতিটো ভেটি তৈয়াৰ কৰা সময়ত ৫০ গ্ৰাম ইউৰিয়া, ৪০ গ্ৰাম একক ছুপাৰ কফছফেট আৰু ৮০ গ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰচুৰ পৰিমাণৰ পচনসাৰৰ লগত প্ৰয়োগ কৰিব লাগে। ভেটি নকৰাকৈ খেতি কৰাৰ ক্ষেত্ৰত বিঘাই প্ৰতি ৬ কিলোগ্ৰাম ইউৰিয়া, ২৫ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ৭ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। গছ ফুলিবলৈ ধৰিলে ৬ কিলোগ্ৰাম ইউৰিয়া সাৰ পচা গোবৰৰ লগত মিহলাই বিঘাই প্ৰতি প্ৰয়োগ কৰিব লাগে।\nতিতাকেৰেলা খেতি কৰা মাটিডৰাৰ পৰা অলাগতিয়াল বন-বাতবোৰ আঁতৰাই ৰাখিব লাগে। বাৰিষা কালত কেৰেলাতলীত যাতে পানী জমা হ'ব নোৱাৰে তাৰ বাবে ভেটিবোৰৰ মাজে মাজে একোটা সৰু নলাৰ ব্যৱস্থা কৰিব লাগে।\nভাতকেৰেলা গ্ৰীষ্মকালত অসমত পোৱা এক উল্লেখযোগ্য পাচলি। ভাতকেৰেলাৰ ফল গ্ৰীষ্মকালৰ পৰাই লাগিবলৈ আৰম্ভ কৰে যদিও বাৰিষাকাল অৰ্থাৎ শাওন-ভাদ মাহলৈকে ফল লাগি থাকে। ই এবিধ পুষ্টিকৰ আৰু উৎকৃষ্ট পাচলি। ৰোগীৰ বাবেও ইয়াক এবিধ ভাল পাচলি বুলি গণ্য কৰা হয়।\nনিৰ্বাচিত অধিক উৎপাদনক্ষম থলুৱা জাতবোৰেই ভাতকেৰেলা খেতিৰ বাবে উত্তম।\nপানী জমা নোহোৱা বালিয়া মাটি নিৰ্বাচন কৰিলে ভাতকেৰেলাৰ খেতি ভাল হয়। মাটিডৰাত যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ থাকিলে ভাল।\nমাটিডৰা দ'কৈ কেইবাবাৰো হাল বা কোৰ মাৰি মৈয়াই সমান কৰি ল'ব লাগে। শেষৰবাৰ হাল মাৰোঁতে বিঘাই প্ৰতি ৩ কিলোগ্ৰাম মালাথিয়ন ৫% মাটিৰ লগত মিহলাই দিলে উঁই তথা গুৰিকটা পোকৰ পৰা পৰিত্ৰাণ পাব পাৰি।\nভাতকেৰেলাৰ বংশ বিস্তাৰ অংগজ প্ৰজননৰ দ্বাৰা হয়। মাটিৰ তলত থকা গছৰ মঙহাল আলুকেই ভাতকেৰেলা খেতিৰ ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। সেয়েহে অধিক উৎপাদনক্ষম ভাতকেৰেলাৰ স্ত্ৰী পুষ্পী গছৰ মঙহাল আলুবোৰ গছৰ শস্যকাল শেষ খোৱাৰ সময়তে বাছনি কৰি থ'ব লাগে।\nভাতকেৰেলাৰ আলু পথাৰত দিয়াৰ উপযুক্ত সময় হ'ল ফেব্ৰুৱাৰী-মাৰ্চ মাহ অৰ্থাৎ ফাগুন-চ'ত মাহ।\nপথাৰত ১ মিটাৰ ব্যৱধানত ৩০ চেন্টিমিটাৰ দ'কৈ নলা বনাই ল'ব লাগে। প্ৰতিটো নলা পচনসাৰ বা গোবৰ সাৰ সৰহকৈ মাটিৰ লগত মিহলাই পূৰাব লাগে। নিৰ্বাচিত মঙহাল আলুবোৰ(৮০-১০০ গ্ৰাম ওজনৰ) ১ মিটাৰ ব্যৱধানত আগতে বনাই লোৱা নলাত ৮-১০ চেন্টিমিটাৰ গভীৰতাত ৰোপণ কৰিব লাগে।\nএবিঘা ভাতকেৰেলা খেতিৰ বাবে ৩ টনমান পচনসাৰ, ১৪.৫ কিলোগ্ৰাম ইউৰিয়া, ৩৩ কিলোগ্ৰাম একক ছুপাৰ আৰু ১১ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন হয়। আধাভাগ ইউৰিয়া নিলগাই ৰাখি বাকী গোটেইখিনি সাৰ গছ বগাব পৰা হওঁতেই নলাত প্ৰয়োগ কৰিব লাগে। ৰৈ যোৱা ইউৰিয়াখিনি প্ৰথম সাৰ প্ৰয়োগৰ এমাহৰ পাছত গোবৰৰ লগত মিহলাই গছৰ গুৰিয়ে গুৰিয়ে প্ৰয়োগ কৰিব লাগে।\nমাটিৰ উপৰিভাগত পোখা ওলোৱাৰ ১৫ দিনৰ ভিতৰত বাঁহৰ জেং পুতি বা চাং পাতি ভাতকেৰেলাৰ গছবোৰ বগাবলৈ দিব লাগে। ইয়াৰ এমাহৰ পাছত গছৰ গুৰিৰ পৰা বন-বাতবোৰ আঁতৰাই দিব লাগে। প্ৰয়োজনসাপেক্ষে পানী যোগান ধৰিব লাগে। আগলতাবোৰ হাউলি অহা দেখিলে চাঙলৈ বা জেঙৰ মাজলৈ ঘূৰাই দিব লাগে।\nফলবিন্ধা, মোৱা, এপিলেকনা আদি পোকৰ আক্ৰমণ দেখিলে মালাথিয়ন ৫০ ই.চি. দৰব ২ মিলিলিটাৰ ১ লিটাৰ পানীত মিহলাই স্প্ৰে' কৰিলে সুফল পোৱা যায়। মাইট পোকৰ আক্ৰমণ হ'লে কেৰাথেন ১ গ্ৰাম ১ লিটাৰ পানীত মিহলাই স্প্ৰে' কৰিব লাগে।\nগছত ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিলে ৭/৮ দিনলৈ গছৰ পৰা ফল ছিঙিব নালাগে। পৰাপক্ষত দৰব প্ৰয়োগ কৰাৰ আগতে ছিঙিবলগীয়া ফলবোৰ গছৰ পৰা ছিঙি আনিব লাগে।\nশীতকালত হোৱা বিভিন্ন পাচলিৰ ভিতৰত গাজৰ এবিধ অতি জনপ্ৰিয় আৰু গুণসম্পন্ন পাচলি। কেঁচাই চালাড বনাই খোৱাৰ উপৰি নানা ব্যঞ্জন ৰান্ধিও ইয়াক খাব পাৰি। গাজৰৰ ৰসত যথেষ্ট পৰিমাণৰ কেৰোটিন থাকে বাবে খাদ্যপ্ৰাণ 'ক'ৰ পুষ্টিহীনতাত ভোগা লোকক এই ৰস খাবলৈ দিয়া হয়। গাজৰৰ পৰা বনোৱা হালোৱা এবিধ অতি জনপ্ৰিয় খাদ্য।\nপ্ৰতি ১০০ গ্ৰাম গাজৰত থকা পুষ্টিগুণ এনেধৰণৰ-\n৪২ কিলো কেল'ৰি\n১১০০০ আই ইউ\nঅসমৰ মাটি আৰু জলবায়ুৰ বাবে অনুমোদিত জাতসমূহ হ'ল- নানটেজ, পুচা কেশৰ আৰু চানটেনয়।\nপানী জমা নোহোৱা জৈৱিক সাৰ থকা বালিয়া-পলসুৱা মাটি গাজৰ খেতিৰ বাবে উপযোগী। বিঘাই প্ৰতি ৩ কুইন্টল চূণ মিহলাই মাটিৰ অম্লতা গুণ কমাই ল'লে গাজৰ খেতিৰ পৰা ভাল ফল লাভ কৰিব পাৰি।\nমাটিডৰা ভালদৰে হাল বাই মৈয়াই মিহি কৰি গোবৰ বা পচনসাৰ মিহলি কৰি ল'ব লাগে।\nএবিঘা মাটিৰ বাবে ৭০০-৯০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়।\nবীজ সিঁচাৰ সময় তথা বীজ শোধনঃ\nঅক্টোবৰ-নৱেম্বৰ মাহত গাজৰৰ বীজ সিঁচিব লাগে। সিঁচাৰ আগতে বীজখিনি ভালদৰে মোহাৰি পানীত প্ৰায় ২৪ ঘন্টা তিয়াই থ'ব লাগে। বীজখিনি পানীৰ পৰা টুকি ছাঁত শুকুৱাই প্ৰতি কিলোগ্ৰাম বীজ ৩ গ্ৰাম কেপটাফ ঔষধত মিহলাই লৈহে পথাৰত সিঁচিলে ভাল ফল পোৱা যায়।\nবীজ সিঁচা প্ৰণালীঃ\nগাজৰৰ বীজ ১.৫ চেন্টিমিটাৰ দ'কৈ বনাই লোৱা শাৰীত সিঁচিব লাগে। এটা শাৰীৰ পৰা আনটোলৈ ৩০ চেন্টিমিটাৰ ব্যৱধান ৰাখিব লাগে। গজালি ওলোৱাৰ ১০-১৫ দিন মানৰ পাছত প্ৰতিশাৰীতে ১০ চেন্টিমিটাৰ আঁতৰে আঁতৰে এটাকৈ পুলি ৰাখি বাকীবোৰ উঠাই পেলালে ভাল উৎপাদন পাব পাৰি।\nশেষৰবাৰ হাল বাওঁতে মাটিডৰাত যথেষ্ট পৰিমাণে গোবৰ বা পচনসাৰ(বিঘাই প্ৰতি ১ টন) মিহলোৱাৰ উপৰি বিঘাই প্ৰতি ৮.৫ কিলোগ্ৰাম ইউৰিয়া, ২৫ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ২৭ কিলোগ্ৰাম মিউৰিয়েত অৱ পটাছ সাৰ মিহলাব লাগে। বীজ সিঁচাৰ এমাহৰ পাছত আকৌ বিঘাই প্ৰতি ৮.৫ কিলোগ্ৰাম ইউৰিয়া শাৰীবোৰৰ মাজত প্ৰয়োগ কৰিব লাগে।\nপ্ৰয়োজন অনুসাৰে গাজৰৰ পথাৰত পানী যোগান ধৰিলেহে ভাল উৎপাদন আশা কৰিব পাৰি। বীজ সিঁচাৰ ২০ দিন আৰু ৪০ দিনৰ পাছত দুবাৰ অলাগতিয়াল বন-বাতবোৰ পথাৰৰ পৰা আঁতৰাই দিব লাগে।\nমালাথিয়ন ৫০ ই.চি. দৰবৰ ১০ মিলিলিটাৰ আৰু মেনকোজেৱ ৭৫ ডব্লিউ পি ২৫ গ্ৰাম ১০ লিটাৰ পানীত মিহলাই স্প্ৰে' কৰিলে গাজৰৰ গুৰি কটা পোক পাত পচা বেজাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। শস্য কৃমিৰ পৰা হাত সাৰিবলৈ বিঘাই প্ৰতি ৪০-৫০ কেজি খলিহৈ মাটিত প্ৰয়োগ কৰিব লাগে।\nশীতকালৰ পাচলি হিচাপে মূলা অতি জনপ্ৰিয়। কুমলীয়া অৱস্থাত ইয়াৰ পাত ঢেৰুৱা শাক হিচাপে অতি বহুলভাৱে প্ৰচলিত। কুমলীয়া মূলা কেঁচাই চোবাই খাব পাৰি আৰু চালাডতো ব্যৱহাৰ কৰিব পাৰি। ৰঙা, বগা, বেঙুনীয়া, গুলপীয়া আদি নানা ৰঙৰ মূলা পোৱা যায়। মূলাৰ পুষ্টিগত মানো যথেষ্ট উন্নত। মূল্যত(১০০ গ্ৰামত) থকা বিভিন্ন পুষ্টিমান তলত দিয়া হ'ল-\n১৫ কিলো কেল'ৰি\n০.৬৮ আই ইউ\nপানী জমা নোহোৱা বালিচহীয়া মাটি মূলা খেতিৰ বাবে উপযুক্ত।\nআগতীয়া জাতঃ কপুচা দেশী, পুচা চেতলী, পুচা হিমানী।\nপলমকৈ কৰা জাতঃ জাপানীজ হোৱাইট, জৌনপুৰী, ব'ম্বে ৰেড।\nমাটিডৰা ভালদৰে চহাই, মৈচ দি সমান কৰিব লাগে। মাটিডৰাত পৰ্যাপ্ত পৰিমাণে পচনসাৰ দিব পাৰিলে ভাল।\nবিঘাই প্ৰতি ৮০০ গ্ৰামৰ পৰা ১৫০০ গ্ৰাম বীজ লাগে।\nআগতীয়া জাতঃ আগষ্ট-ছেপ্টেম্বৰ।\nপলমকৈ কৰা জাতঃ অক্টোবৰ-নৱেম্বৰ।\nবীজ শোধন কৰিবলৈ প্ৰতিকিলোগ্ৰাম বীজৰ বাবে কেপটান ৫০ ডব্লিউ পি ঔষধ ৩ গ্ৰাম ব্যৱহাৰ কৰিব লাগে।\nবীজ দিয়াৰ ব্যৱধানঃ\nঢাপত বীজ সিঁচিলে ৪৫ চেন্টিমিটাৰ দূৰত্বত আৰু সমান মাটিত কৰিলে ২০ চেন্টিমিটাৰ দূৰত্বত শাৰী বনাই বীজ সিঁচিব লাগে। বীজ অংকুৰিত হোৱাৰ ১০-১৫ দিনৰ পাছত শাৰীয়ে প্ৰতি পুলিবোৰ ১০ চেন্টিমিটাৰ দূৰত্বত পাতলাই দিব লাগে।\nবিঘাই প্ৰতি ৩ টন পচনসাৰ ১৪.৫ কিলোগ্ৰাম ইউৰিয়া, ২৫ একক ছুপাৰ ফছফেট আৰু ২২ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰৰ আধাভাগ আৰু বাকী গোটেইখিনি সাৰ শেষৰপৰা হাল বাওঁতে প্ৰয়োগ কৰি আন আধা ভাগ ইউৰিয়া বীজ সিঁচাৰ ৩০ দিনৰ পাছত পথাৰত প্ৰয়োগ কৰিব লাগে।\nপ্ৰয়োজন অনুসৰি সপ্তাহত এবাৰকৈ পানী যোগানৰ ব্যৱস্থা কৰিলে ভাল উৎপাদন আশা কৰিব পাৰি। গজালি ওলোৱাৰ ২০ দিনৰ পাছত বন-বাত ভালদৰে আঁতৰাই দিব লাগে।\nমোৱা পোকৰ আক্ৰমণ দেখা দিলে মালাথিয়ন ৫০ ই.চি. ঔষধ ২ মিলিলিটাৰ এক লিটাৰ পানীত মিহলাই স্প্ৰে' কৰিব লাগে।\nঅসমীয়া জনজীৱনত শাকৰ বহুল ব্যৱহাৰ দেখা যায়। পালেং হ'ল লেবিধ উৎকৃষ্ট আৰু পুষ্টিকৰ শাক। ইয়াক কেঁচাই আৰু ৰান্ধি- এই দুধৰণে খোৱা হয়। পালেং শাকত যথেষ্ট পৰিমাণে 'এন্টি-অক্সিডেন্ট' থাকে বাবে ইয়াৰ সমাদৰ বৰ্তমান আগতকৈ বহু বৃদ্ধি পাইছে। কেঁচা পালেং শাকত(১০০ গ্ৰাম) থকা বিভিন্ন পুষ্টিমান তলত দিয়া হ'ল-\n২৩ কিলো কেল'ৰি\n৯৪০০ আই ইউ\nলুটেইন আৰু জিয়া\nপালেং শাকৰ বাবে ওখ ৰ'দঘাই সাৰুৱা বালিচহীয়া মাটিৰ প্ৰয়োজন।\nজ'বনাৰ গ্ৰীণ, অল গ্ৰীণ, এছ-২৩ আৰু পুচা জ্যোতি।\nমাটিডৰা ভালদৰে চহাই পৰ্যাপ্ত পৰিমাণৰ পচনসাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল।\nবিঘাই প্ৰতি ২.৫-৩ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়।\nছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত পালেং শাকৰ বীজ সিঁচিব পাৰি। পলিহাউছ বা সেউজগৃহৰ সুবিধা থাকিলে জুন-জুলাই মাহত পালেং শাকৰ বীজ সিঁচি আগতীয়া লফচল আৰু লগতে অধিক উপাৰ্জন পাব পাৰি।\nবীজ শোধন কৰিবলৈ প্ৰতি কিলোগ্ৰাম বীজৰ বাবে কেপটান ৫০ ডব্লিউ পি ঔষধ ৩ গ্ৰাম ব্যৱহাৰ কৰিব লাগে।\nবীজবোৰ ২০ চেন্টিমিটাৰ দূৰত্বত শাৰী বনাই সিঁচিব লাগে। বীজখিনি অংকুৰিত হোৱাৰ ১০-১২ দিনৰ পাছত শাৰীয়ে প্ৰতি পুলিবোৰ ৫-৭ চেন্টিমিটাৰ দূৰত্বত পাতলাই দিব লাগে।\nবিঘাই প্ৰতি ৩ টন পচনসাৰ, ২৩ কিলোগ্ৰাম ইউৰিয়া লাৰু ৫০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট সাৰৰ প্ৰয়োজন হয়। বীজ সিঁচাৰ আগতেই শেষৰবাৰ হাল বোৱাৰ সময়ত সমুদায় সাৰখিনি প্ৰয়োগ কৰিব লাগে।\nবীজ সিঁচাৰ ঠিক পাছতেই পাতলীয়াকৈ পানী যোগান ধৰিলে সোনকালে গজালি ওলায়। পুলি গজি উঠাৰ পাছত প্ৰয়োজন অনুসৰি ১০-১২ দিনৰ ব্যৱধানত পানী যোগান ধৰিব লাগে। বীজ সিঁচাৰ ২০ দিন মানৰ পাছত এবাৰ বন-বাতবোৰ আঁতৰাই দিব লাগে।\nলেখকঃ ড° ৰণজিৎ শৰ্মা, ৰূপজ্যোতি বড়া, ভাস্কৰজ্যোতি শৰ্মা।
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত এইবাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে তিনি কোটিতকৈও অধিক টকা। কেলেংকাৰীৰ লগত জড়িত ৰূপম দাসৰ শহুৰেকৰ ঘৰৰ পৰা জব্দ এই বৃহৎ পৰিমাণৰ টকা। এ পি এছ চি কেলেংকাৰীৰ পিছতে ৰাজ্যৰ দ্বিতীয়টো বৃহৎ নিযুক্তি কেলেংকাৰী অসম আৰক্ষী উপ-পৰিদৰ্শক পদৰ কেলেংকাৰীৰ লগত জড়িত দুই মূল অভিযুক্ত বিজেপি নেতা দিবন ডেকা আৰু প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্ত আৰক্ষী জালত পৰাৰ পিছতে এই কেলেংকাৰীৰ ন ন তথ্য পোহৰলৈ আহিবলৈ ধৰিছে। আৰক্ষীয়ে এইবাৰ এই কেলেংকাৰীত সংঘটিত হোৱা ধনৰ লেন-দেনৰ টকা উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে পুৱাৰ ভাগৰে পৰা আৰক্ষীয়ে অভিযান চলাই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ নামত সংঘটিত হোৱা লেন-দেনৰ তিনি কোটিতকৈও অধিক টকা জব্দ কৰিছে। আৰক্ষীয়ে বঙাইগাঁৱত ৰুবুল হাজৰিকাৰ ঘনিষ্ট তথা এই কেলেংকাৰীৰ লগত জড়িত ৰূপম দাসক গ্ৰেপ্তাৰ কৰি ৰূপম দাসৰ শহুৰেকৰ অভয়াপুৰীৰ ঘৰত অভিযান চলাই এই বৃহৎ পৰিমাণৰ টকা জব্দ কৰে। উল্লেখ্য যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াই বঙাইগাঁও জিলাৰ নতুনপাৰা আৰু অভয়াপুৰীত আৰক্ষীয়ে অভিযান চলাই ৰুবুল হাজৰিকাৰ ঘনিষ্ঠ বন্ধু ৰূপম দাসক গ্ৰেপ্তাৰ কৰি ৰূপম দাসৰ শহুৰেক তৰণী বণিক্যৰ ঘৰৰ ল'কাৰত বৃহৎ পৰিমাণৰ টকা লুকুৱাই ৰখাৰ সন্দেহ কৰিছিল। অৱশেষত আৰক্ষীৰ অভিযানত ৰূপম দাসৰ শহুৰেক তৰণী বণিক্যৰ ঘৰৰ পৰা উদ্ধাৰ হয় তিনি কোটিতকৈও অধিক নগদ টকা। শনিবাৰে ৰাতিপুৱা ৪ বজাৰ পৰা চলা আৰক্ষীৰ অভিযান বৰ্তমানেও অব্যাহত থকা বুলি জানিব পৰা গৈছে। You may also read!
Man dressed as the joker injures 17 in tokyo train knife rampageon 'বেটমেন'ৰ জোকাৰ সদৃশ ড্ৰেছ পিন্ধি ট্ৰেইনত প্ৰৱেশ এজন লোকৰ, ১৭গৰাকীক ছুৰিকাঘাত কৰি লগাই দিলে জুই- News18 assam\nHome » photogallery » world »লোমহৰ্ষক! 'বেটমেন'ৰ জোকাৰৰ ৰূপ লৈ ট্ৰেইনত প্ৰৱেশ এজন লোকৰ, ১৭গৰাকীক ছুৰিকাঘাত কৰি লগাই দিলে জুই\nলোমহৰ্ষক! 'বেটমেন'ৰ জোকাৰৰ ৰূপ লৈ ট্ৰেইনত প্ৰৱেশ এজন লোকৰ, ১৭গৰাকীক ছুৰিকাঘাত কৰি লগাই দিলে জুই\nঘটনাটোৰ সময়ত ৰে'লখনত থকা এজন ২০ বছৰীয়া ল'ৰাই উল্লেখ কৰে যে তেওঁ প্ৰথমে এয়া হলোউইন প্ৰাংক (Halloween prank) বুলি ভাবিছিল।\n। November 01, 2021, 21:11 IST\nজাপানৰ ৰাজধানী টকিঅ'ত সংঘটিত হৈছে এক নজিৰবিহীন ঘটনা। ৰে'লত ছুৰিকাঘাতৰ এই ঘটনা দেওবাৰে নিশা সংঘটিত হয়। এজন ২৪ বছৰীয়া যুৱকে এখন যাত্ৰীবাহী ৰে'লগাড়ীত অহা যাত্ৰীক ছুৰিকাঘাত কৰে, যাৰ ফলত ১৭ জন যাত্ৰী আহত হয়। ইয়াৰে ২জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। দ্য জাপান টাইমছত প্ৰকাশ পোৱা মতে, আক্ৰমণকাৰীজনে বেটমেন (Batman)ৰ জোকাৰৰ কাপোৰ পিন্ধি আহিছিল। ঘাতকে প্ৰথমে ছুৰীৰে আক্ৰমণ কৰে আৰু ৰে'লগাড়ীখনত জুই লগাই দিয়ে।\nআক্ৰমণকাৰীজনক ঘটনাস্থলীত গ্ৰেপ্তাৰ কৰা হৈছে। টকিঅ' আৰক্ষীয়ে ঘটনাটো কোকুৰিঅ' ষ্টেচনৰ ওচৰৰ কেয়ো ৰে'লখনৰ ভিতৰত সংঘটিত হয় বুলি সদৰী কৰিছে। ৰে'লগাড়ীখনত থকা আক্ৰমণকাৰীজনক ২৪ বছৰীয়া কিওতা হাটোৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ মতে, তেওঁ মানসিকভাৱে অসুস্থ। জেৰাত, হাটোৰীয়ে আৰক্ষীক কৈছিল যে তেওঁ বেটমেন চলচ্চিত্ৰৰ জোকাৰ চৰিত্ৰটো ভাল পাইছিল। তেওঁ নিজেও এনে হ'ব বিচাৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁ ৰে'লখনত কেইবাজনো লোকক হত্যা কৰিব বিচাৰিছিল আৰু মৃত্যুদণ্ডৰে দণ্ডিত হোৱাৰ কামনা কৰিছিল।\nটুইটাৰত পোষ্ট কৰা এটা ভিডিঅ'ত দেখা গৈছিল ৰে'লখনত দেখিবলৈ পোৱা লোমহৰ্ষক পৰিস্থিতি। মানুহে কেয়ো ৰে'লখনৰ পৰা বাচিবলৈ খিৰিকীৰে জঁপিয়াইছিল। লাইন অপাৰেটৰে জনাইছে যে ঘটনাটো নিশা প্ৰায় ৮ বজাত (স্থানীয় সময় অনুসৰি) সংঘটিত হৈছিল। আক্ৰমণৰ পিছত সেৱাসমূহ আংশিকভাৱে স্থগিত ৰখা হৈছিল।\nজোকাৰৰ ৰূপ লৈ আক্ৰমণ কৰা লোকজনে যাত্ৰীসকলক ছুৰিকাঘাত কৰাৰ পিছত তেলজাতীয় পদাৰ্থ ঢালি জুই লগাই দিছিল। ভিডিঅ' নিৰ্মাতা চুনচুকে কিমুৰাই কয় যে তেওঁ যাত্ৰীসকলক পলাই যোৱা দেখিছিল আৰু ৰে'লত ওলাই আছিল ধোঁৱা।\nউল্লেখ্য, টকিঅ'ত এখন ৰে'লৰ ভিতৰত দুমাহৰ ছুৰী আক্ৰমণৰ এইটো দ্বিতীয় ঘটনা। ইয়াৰ পূৰ্বে আগষ্ট মাহত টকিঅ' অলিম্পিকৰ সামৰণী অনুষ্ঠানৰ এদিন পূৰ্বে ৩৬ বছৰীয়া ব্যক্তিজনে টকিঅ'ত এখন যাত্ৰীবাহী ৰে'লত ১০জন লোকক ছুৰিকাঘাত কৰে। সন্দেহযুক্তজনে পিছত আৰক্ষীক কৈছিল যে তেওঁ সুখী দেখা এগৰাকী মহিলাক আক্ৰমণ কৰিব বিচাৰিছিল।
জানিব পৰা অনুসৰি উজান বজাৰৰ কুমাৰ ভাস্কৰ_নাট্যমন্দিৰত ২২ৰ পৰা ২৬ জানুৱাৰীলৈ দিনৰ ৰাতিপুৱা ১১ বজা, দুপৰীয়া ১ আৰু ৩বজা লগতে সন্ধিয়া ৫ আৰু ৭ বজাত প্রদর্শন কৰা হ'ব গৰু । ক্ৰেয়ন ট্ৰী প্ৰডাকচন বেনাৰত নিৰ্মিত 'গৰু' ৰ প্ৰযোজনা কৰিছে গীতা পাঠকে। হুচেইন মহম্মদ ছাহজাহানৰ একে নামৰ কাহিনীৰ আধাৰত নিৰ্মিত "গৰু" ৰ চিত্ৰনাট্য ৰচনা ছাহজাহানৰ, উদয় ভাস্কৰ পাটৰ আৰু হিমাংশু প্ৰসাদ দাসৰ। চিনেমাখনৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ক্ৰমে বাহাৰুল ইছলাম, পাকিজা বেগম, প্ৰাঞ্জল শইকীয়া, সিদ্ধাৰ্থ মুখাৰ্জী, অৰুণ নাথ, কমল লোচন, লনিশ্ৰী দাস, চন্দন দাস, অসীম কৃষ্ণ বৰুৱা আৰু প্ৰণামী বৰাই।
হিন্দী চিনেমাৰ বহু কালজয়ী গীতত কণ্ঠদান কৰা প্ৰসিদ্ধ গায়ক মোহাম্মদ আজিজ আৰু নাই। মঙলবাৰে বিয়লি প্ৰায় ৩.৩০ মান বজাত হৃদৰোগত আক্ৰান্ত হৈ কণ্ঠশিল্পী গৰাকীয়ে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে সোমবাৰে কলকাতাত এখন সংগীতানুষ্ঠানত অংশ গ্ৰহণ কৰি কালি কলকাতাৰ পৰা উভতি গৈ মুম্বাই বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে এই কৰুণ ঘটনাটো সংঘটিত হয়। প্ৰসিদ্ধ গায়কগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তৰ সংগীত প্ৰেমীৰ লগতে বৰপেটা চাউলখোৱা মহোৎসৱৰ ফালৰ পৰাও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মহোৎসৱৰ সভাপতি ৰিংকু আহমেদে সংবাদ মাধ্যমক জনায় যে, মৃত্যুৰ আগমুহুৰ্তলৈকে মোঃ আজিজে বৰপেটা চাউলখোৱা মহোৎসৱৰ প্ৰতিটো খা-খবৰ ৰাখিছিল আৰু বৰপেটাৰ প্ৰতি গায়কগৰাকীৰ এক অন্য টান আছিল। উল্লেখ্য যে বৰপেটা চাউলখোৱা মহোৎসৱৰ ২০১৭ বৰ্ষত বৰপেটা চহৰত সংগীত পৰিৱেশন কৰি সংগীতৰ মায়াজালেৰে বৰপেটাবাসীক আপ্লুত কৰিছিল। প্ৰসিদ্ধ গায়কগৰাকীয়ে নিজৰ জীৱন কালছোৱাত বৰপেটাৰ বিভিন্ন প্ৰান্তত সংগীতানুষ্ঠান পৰিৱেশন কৰা হেতুকে তেখেতৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ লগে লগে মৰ্মাহত হৈ পৰিছে সমগ্ৰ বৰপেটাবাসী। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
"বৰ্তমান সময়ত প্ৰতিটো খণ্ডতে প্ৰতিযোগিতা আছে। আমি নিজকে শক্তিশালী কৰিবলৈ স্বাৱলম্বী হ'ব লাগিব।" হোজাইত দেওবাৰে নৰ্থ-ইষ্ট প্ৰডাকশ্যন কাম ট্ৰেইনিং চেণ্টাৰৰ পৃষ্ঠপোষকতাত অংগিৰা মেক-অ'ভাৰে আয়োজন কৰা পৰ্টফলিঅ' মেক-অ'ভাৰৰ ১৫ দিনীয়া পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচী এটাত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাম ঠাকুৰ মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি সুশাৰ কান্ত পালে এই দৰে কয়। এই কাৰ্যসূচীৰ উদ্দেশ্যৰ চমু ব্যাখ্যা কৰে অংগিৰা মেক-অ'ভাৰৰ সঞ্চালিকা নন্দিতা ভৌমিকে। তেওঁ কয় যে যুৱতীসকলক সৱলীকৰণ কৰিবলৈ অংগিৰা মেক-অ'ভাৰৰ তৰফৰ পৰ্টফলিঅ' মেক-অ'ভাৰৰ ১৫ দিনীয়া পাঠ্যক্ৰমৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত এইচ্চ ডি নন ব্ৰাইডেল (Non Bridal) মেক-আপ, সাধাৰণ কইনাৰ মেক-আপ, চুলিৰ ষ্টাইল আৰু আলোকচিত্ৰণৰ ধাৰণা দিয়া হয়। প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচীত হোজাই ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা সুমিতা দেবনাথ, পামিলা বাগচি, জ্যেষ্ঠ সাংবাদিক অঞ্জন পাল, ৰমেশ মুন্দ্ৰা, প্ৰণব শৰ্মা, ৰাম ঠাকুৰ মন্দিৰৰ সম্পাদক অশোক কুমাৰ সাহা আদি বিশিষ্ট ব্যক্তি মঞ্চত উপস্থিত আছিল। অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে নন্দিতা ভৌমিকৰ প্ৰয়াসক উৎসাহ প্ৰদান কৰি কয় যে যুৱতীসকলক সৱলীকৰণ কৰা এই ধৰণৰ কাম প্ৰশংসাযোগ্য, কাৰণ আজিৰ কঠিন প্ৰতিযোগিতামূলক সময়চোৱাত এইটো এটা অতি গুৰুত্বপূৰ্ণ কাম। দেওবাৰে অনুষ্ঠিত পৰ্টফলিঅ' মেক-অ'ভাৰৰ ১৫ দিনীয়া পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচীত পাঠ্যক্ৰম সফলতাৰে সম্পন্ন কৰা পাপিয়া নন্দি, প্ৰিয়ংকা ঘোষ, ৰুমা ৰায় মণ্ডল, পূজা শৰ্মা, শ্ৰীমা ৰায়, পায়েল ভৱাল আৰু নন্দি দাসক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ কোন দায়ী? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
উল্লেখ্য যে ফিলিপ হৈছে ডেথ গ্ৰুপ ক্ৰিয়েট কৰা অজ্ঞাত ছাত্ৰসকলৰ মাজৰ এজন। অনুসন্ধানৰ অন্তত আৰক্ষীয়ে ফিলিপেই প্ৰথমে এই ধাৰণাৰ জন্ম দিছিল বুলি ধাৰণা কৰি তেওঁক গ্ৰেপ্তাৰ কৰে যদিও এই পৰ্যন্ত সেই সন্দৰ্ভত নিশ্চিত হ'ব পৰা নাই। যেতিয়া প্ৰথম এই ডেথ গ্ৰুপ আৰম্ভ হৈছিল তেতিয়া ফিলিপৰ বয়স আছিল ১৮ বছৰ। সেয়া আছিল ২০১৩ চনৰ কথা। যিহেতু ৰাছিয়াৰ ভিন্ন প্ৰান্তত কিশোৰ-কিশোৰীয়ে প্ৰায়ে আত্মহত্যা সংঘটিত কৰিয়েই থাকে সেয়ে কোনেও ইয়াৰ আঁৰত এনে ডেথ গ্ৰুপ যে থাকিব পাৰে সেয়া ভাবিবই পৰা নাছিল। কিন্তু Novaya Gazeta নামৰ ৰাছিয়াৰ জনপ্ৰিয় নিউজ পৰ্টেল এটাৰ মহিলা সাংবাদিক Galina Mursaliyeva-ই আত্মহত্যাৰ চিকাৰ হোৱা এগৰাকী ১২ বছৰীয়া ছোৱালীৰ মাতৃৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ২০১৬ চনৰ মে' মাহত এক প্ৰতিবেদন প্ৰস্তুত কৰে। উক্ত প্ৰতিবেদনতে তেওঁ এনে ছিক্ৰেট গ্ৰুপবোৰক 'ডেথ গ্ৰুপ' হিচাপে অভিহিত কৰি দেশখনৰ নৱ-প্ৰজন্মৰ একাংশৰ মাজত ই এক culture হৈ পৰিছে বুলি দাবী কৰে।
শিশুৰ পুষ্টিহীনতা তথা গৰ্ভৱতী মহিলা আৰু কিশোৰীৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে এমাহ পূৰ্বে পোষণ অভিযান আৰম্ভ কৰা হৈছিল । বঙাইগাঁও জিলাৰ মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত এমাহ জোৰা কাৰ্যসূচীৰে উদযাপিত এই কাৰ্যসূচীৰ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰে (End of state level nutrition month at Manikpur) । বঙাইগাঁও, 30 ছেপ্টেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে শিশুসকলৰ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে এমাহ জুৰি সমগ্ৰ দেশতে বিগত 1 ছেপ্তেম্বৰৰ পৰা হৈছিল ৰাষ্ট্ৰীয় পোষণ মাহ (National Nutrition Month) । বঙাইগাঁও জিলাৰ মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হয় । সৱল নাৰী, সুস্থ ভাৰত আৰু সাক্ষৰ শিশু মূলতঃ এই তিনিটা বিষয়ৰ ওপৰত অগ্ৰাধিকাৰ দি বিগত 1 ছেপ্তেম্বৰৰ পৰা 30 ছেপ্তেম্বৰলৈ এই পোষণ মাহ পালন কৰা হয় (National Nutrition Month observed at Manikpur) । দেশৰ পৰা পুষ্টিহীনতা দূৰ কৰা, বাল্যবিবাহ বন্ধ কৰা, গৰ্ভৱতী মহিলাৰ সমস্যা সমূহ দূৰ কৰাৰ লগতে সমাজৰ বিভিন্ন সমস্যা তথা ব্যাধি আঁতৰ কৰাৰ কাৰণে এমাহ ধৰি বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ন অব্যাহত ৰাখি বৃহস্পতিবাৰে সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে এই পোষণ মাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় (End of state level nutrition month at Manikpur ) । পোষণ মাহৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মাণিকপুৰত শিশুৰ বিকাশ, নাৰী সবলীকৰণৰ উদ্দেশ্যেৰে আয়োজিত পোষণ মাহ উপলক্ষে পুষ্টিকৰ শাক পাচলি, থলুৱা খাদ্যৰ ওপৰত এখন প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাত মাণিকপুৰ ব্লকৰ অন্তৰ্গত মুঠ ৯ টা ছেক্টৰৰ অংগনাৱাদী কৰ্মী- সহায়িকাই অংশগ্ৰহণ কৰে (End of of Poshan Month at Manikpur) । ইয়াৰ পিছতে সৱল নাৰী, স্বাক্ষৰ শিশু আৰু সুস্থ ভাৰত আদি বিষয়ৰ ওপৰত এখন সভা অনুষ্ঠিত হয় । কাৰ্যবাহী বিষয়া প্ৰশান্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মাণিকপুৰ প্ৰাথমিক শিক্ষা বিষয়া মিজানুৰ ৰহমান, ক্ষেত্ৰ বিষয়া ইন্দ্ৰানী হাজৰিকা, মহিলা সবলীকৰণৰ জিলা সমন্বয়ক বৰষা ৰায়, মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ধীৰাজ কুমাৰ তালুকদাৰ আৰু মাণিকপুৰ ব্লকৰ সমন্বয়ক সিদ্ধাৰ্থ ৰায় উপস্থিত থাকি শিশুৰ বিকাশ, মহিলা সবলীকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে । অনুষ্ঠানটিত মাণিকপুৰ ব্লকৰ অন্তৰ্গত ২৭০ গৰাকী অংগনবাদী কৰ্মীৰ অধিকাংশ কৰ্মী-সহায়িকাই অংশগ্ৰহণ কৰে ।
বাতৰি । Page 50 । News Next One\nকৰ'নাত বিধ্বস্ত ইটালীত অৱশেষত আশাৰ ৰেঙণি, ক্ৰমাৎ হ্ৰাস পাইছে মৃত্যুৰ হাৰ\nবিশেষ প্ৰতিবেদনঃ সমগ্ৰ পৃথিৱীতে কৰ'না ভাইৰাছ বিয়পি পৰিছে যদিও সৰ্বাধিক লোকৰ মৃত্যু হৈছে ইউৰোপ মহাদেশৰ ইটালীত। দেশখনৰ চৰকাৰী সূত্ৰ অনুসৰি শনিবাৰে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয় ৬৮১ জন লোকৰ। দেওবাৰৰ দিনটোত দেশখনত মৃত্যু ঘটিছে মাত্ৰ ৫২৫ জনৰ। ১৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিছত দীৰ্ঘ সময়ৰ অন্তত যোৱা দুদিনত এনেদৰে দেখিবলৈ পোৱা গৈছে আশাৰ ৰেঙণি।\nকুমাৰস্বামীৰ প্ৰশ্ন, "BJPৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে চাকি জ্বলোৱাৰ আহ্বান নেকি?"\nবাংগালুৰুঃ আজি নিশা ৯ বজাত ৯ মিনিটৰ বাবে চাকি, মমবাতি জ্বলাবলৈ দেশবাসীক জনোৱা আহ্বানৰ আৰত বিজেপিৰ গোপন এজেণ্ডা আছে বুলি দাবী কৰিছে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামীয়ে। ইয়াৰ লগতে তেওঁ উক্ত আহ্বানৰ কি বৈজ্ঞানিক ভিত্তি আছে সেয়া স্পষ্ট কৰি দিবলৈকো এক টুইটযোগে প্ৰধানমন্ত্ৰী মোদীক দাবী জনাইছে।\nনিজামুদ্দিনৰ পৰা আহি আত্মগোপন কৰাসকলক ওলাই আহিবলৈ আহ্বান জমিয়তৰ\nগুৱাহাটীঃ ভাৰতত কৰ'নাৰ হটস্পট হৈ পৰা দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতৰ স্পষ্ট প্ৰভাৱ দেখা গৈছে অসমতো। অসমত এতিয়ালৈ কৰ'না পজিটিভ ধৰা পৰা মুঠ ২৬ জন লোকৰ ২৫ জনেই নিজামুদ্দিনৰ তবলীগ জামাতৰ সৈতে সম্পৰ্ক থকা। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে জনোৱা মতে তবলীগৰ পৰ অহা একাংশ লোকে প্ৰশাসনক সহযোগ আগবঢ়াইছে যদিও অধিকাংশ লোকে এতিয়াও সহযোগিতা আগবঢ়োৱা নাই।\nস্পেনিছ গাৰ্ডেনৰ আবাসীৰ ঘৰত কাম কৰা ৭০ গৰাকী বনকৰা মহিলাক চিনাক্ত\nগুৱাহাটীঃ মহানগৰীৰ বিলাসী অট্টালিকা স্পেনিছ গাৰ্ডেনৰ বিভিন্ন আবাসীসকলৰ ঘৰত কৰ্মৰত ৭০ গৰাকী বনকৰা মহিলাক কোৱাৰেণ্টাইন কৰিবলৈ সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগ। ইয়াৰে ৩৬ গৰাকীক চিনাক্তকৰণৰ লগতে সম্পৰ্ক স্থাপন কৰি ইতিমধ্যে জিএমচিএইছলৈ নমুনা সংগ্ৰহৰ বাবে প্ৰেৰণ কৰা হৈছে।\nগোৱালপাৰাত এইবাৰ বিধায়কক কোৱাৰেণ্টাইন, ১৬ মাৰ্চত উভতিছিল দিল্লীৰ পৰা\nগোৱালপাৰাঃ গোৱালপাৰা জিলাত তিনিজনকৈ লোকৰ দেহত ক'ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছৰে পৰা কৰ'নাতংকই বিৰাজ কৰি থকাৰ সময়ত কৰ'নাত আক্ৰান্ত হোৱাৰ সন্দেহত কোৱাৰেণ্টাইন কৰা হৈছে ৩৭ নং পূৱ গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰশ্বিদ আলমক। যোৱা ৩ এপ্ৰিলত নিশা নিজ বাসভৱনত কোৱাৰেণ্টাইন কৰা হয় বিধায়কগৰাকীক। জানিব পৰা মতে ১৬ মাৰ্চত দিল্লীৰ পৰা উভতি আহি সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰিছিল বিধায়কগৰাকীয়ে।\nভাৰতত টাৰ্গেট সলনি কৰ'নাৰ! ডেকাশক্তিকো নিদিলে ৰেহাই\nবিশেষ প্ৰতিবেদনঃ কৰ'না ভাইৰাছে চীন আৰু ইটালীত যি কৰিব নোৱাৰিলে সেয়া কৰি দেখুৱালে ভাৰতত। যি হাৰত আমাৰ দেশৰ লগতে ৰাজ্যখনতো এই ভাইৰাছ অতি বেগেৰে বিয়পি গৈ আছে তালৈ চাই সকলোৱে অধিক সতৰ্ক হোৱাতো একান্তই প্ৰয়োজনীয় হৈ পৰিছে। পৰিতাপৰ কথা এয়ে যে ভাৰতৰ দৈনিক হাজিৰা কৰা লোকসকলৰ ওপৰত এই ভাইৰাছৰ আক্ৰমণ অধিক হোৱা দেখা গৈছে।\n'ইণ্ডিয়া টুডে'ৰ ডাটা ইন্টেলিজেন্স ইউনিটে আৰম্ভণিতে ১৮০১ জন কৰ'না আক্ৰান্তৰ বিষয়ে কৰা অধ্যয়নত পোহৰলৈ আহিছে বহু উদ্বেগজনক তথ্য। এই অধ্যয়নত এটা কথা স্পষ্ট হৈ পৰিছে যে ভাৰতৰ কম বয়সৰ লোকসকল এই ভাইৰাছৰ দ্বাৰা অধিক সংক্ৰমিত হৈছে।\nতাজ হোটেলত ৰাখিব কৰ'না ৰোগীক চিকিৎসা কৰা চিকিৎসকক, ক'লে মন্ত্ৰী হিমন্তই\nগুৱাহাটীঃ কৰ'না আক্ৰান্ত ৰোগীসকলক চিকিৎসা কৰি থকা চিকিৎসকসকলৰ বাবে সুখবৰ। চিকিৎসাৰ সময়ছোৱাত চিকিৎসকসকলে যাতে মানসিক শক্তি লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। একং সংবাদমেলযোগে আজি এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অৱহেলা আৰু মানসিক নিৰ্যাতনেৰে নিজৰ মাক-দেউতাকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগত অভিযুক্ত দেৱাশিস খাৰঘৰীয়াক আজি শিৱসাগৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। তিনি দিনৰ আৰক্ষীৰ জিম্মা শেষ হোৱাত আজি তেওঁক আৰক্ষীয়ে শিৱসাগৰ আদালতত হাজিৰ কৰাইছিল। উল্লেখযোগ্য যে শিৱসাগৰ আৰক্ষীয়ে যোৱা ১৯ জুলাইত দেৱাশিসক গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছিল। দেৱাশিসৰ বিৰুদ্ধে শিৱসাগৰ থানাত তেওঁৰ মাক-দেউতাকৰ অস্বাভাৱিক মৃত্যুৰ বাবে জগৰীয়া কৰি গোচৰ ৰুজু হৈছিল। গোচৰ দিছিল সৰু বায়েক মণিকা গগৈয়ে। মন কৰিব লগীয়া যে যোৱা ১ জুলাইত শিৱসাগৰ নগৰৰ আছুতীয়া পথত থকা ভাৰাঘৰত দেৱাশিসৰ মাক আৰু দেউতাক ক্ৰমে ৰুবী খাৰঘৰীয়া আৰু ৰজনী খাৰঘৰীয়াৰ অস্বাভাৱিক মৃত্যু হৈছিল। ৰুগীয়া মাকৰ ইনছুলিনৰ অভাৱত মৃত্যু হোৱাৰ বিপৰীতে দেউতাকে আত্মহত্যা কৰিছিল। দেৱাশিসৰ বিৰুদ্ধে মাক-দেউতাকক অৱহেলা আৰু অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল স্বয়ং বায়েককেইগৰাকীয়ে। আনহাতে আত্মহত্যাৰ পূৰ্বে দেউতাক ৰজনী খাৰঘৰীয়াই লিখি থৈ গৈছিল বহুকেইটা টোকা। তাত নিজৰ পুতেক-বোৱাৰীয়েকে অৱহেলা আৰু মানসিক নিৰ্যাতন কৰাৰ অভিযোগ আছিল। তাৰ বাবেই এনেদৰে চৰম পথ লবলৈ বাধ্য হ'ল বুলি টোকাটোত স্পষ্টভাৱে লিখিছিল। মাক-দেউতাকৰ আত্মহত্যাৰ পিছৰ পৰাই পলাতক হৈ আছিল দেৱাশিস আৰু তেওঁৰ পত্নী গীতাশ্ৰী দুৱৰা। গীতাশ্ৰীক এতিয়াও আৰক্ষীয়ে বিচাৰি পোৱা নাই। Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। ইস্ৰায়েলৰ সকলো লোক পলেষ্টীয়াসকলৰ সন্মুখৰ পৰা পলাল, আৰু অনেক লোকৰ মৃত্যু হৈ গিলবোৱা পৰ্বতত পৰিল। পলেষ্টীয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলক পাছে পাছে খেদি গৈ, চৌলৰ পুত্ৰ যোনাথনক, অবীনাদবক, আৰু মল্কীচুৱাক বধ কৰিলে। চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ'ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগচি ধৰিলে। ধনুৰ্দ্ধৰসকলৰ কাৰণে তেওঁ ত্ৰাসযুক্ত হ'ল। তাৰ পাছত চৌলে তেওঁৰ অস্ত্ৰবাহকক ক'লে, "তোৰ তৰোৱাল উলিয়াই তাৰে মোক খোঁচ। নহলে, এই অচুন্নৎহঁতে আহি মোক অপব্যৱহাৰ কৰিব।" কিন্তু তেওঁৰ অস্ত্ৰবাহকে মান্তি নহ'ল, কাৰণ তেওঁ অতিশয় ভয়ত আছিল। সেয়ে চৌলে নিজৰ তৰোৱাল লৈ তাৰ ওপৰত পৰিল। যেতিয়া তেওঁৰ অস্ত্ৰবাহকে দেখিলে চৌলৰ মৃত্যু হ'ল; তেতিয়া তেওঁৰ অস্ত্ৰবাহকেও তেওঁৰ দৰে নিজৰ তৰোৱালৰ ওপৰত পৰি মৰিল। যেতিয়া ইস্ৰায়েলৰ লোক সকলে সমথল ঠাইলৈ আহি দেখিলে যে, তেওঁলোক পলাইছে আৰু চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত্যু হ'ল; তেতিয়া তেওঁলোকে নিজৰ নগৰবোৰ এৰি পলাল। তাৰ পাছত পলেষ্টীয়াসকলে আহি সেইবোৰ ঠাইত বাস কৰিলে। পিছদিনা পলেষ্টীয়াসকলে বধ কৰা লোকসকলৰ সাজ সোলোকাই লবলৈ আহি, গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহ পৰি থকা পালে। তেতিয়া তেওঁলোকে চৌলৰ সাজ সোলোকালে আৰু তেওঁৰ মূৰ লৈ, নিজৰ দেৱতাবোৰক আৰু লোকসকলক বাতৰি জনাবৰ বাবে, পলেষ্টীয়াসকলৰ দেশত সকলো ফালে বাৰ্ত্তাবাহক পঠাই দিলে। তেওঁলোকে চৌলৰ যুদ্ধৰ সাজ তেওঁলোকৰ দেৱতাবোৰৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ মূৰ দাগোনৰ মন্দিৰৰ ভিতৰত আৰি থলে। তেতিয়া তেওঁলোকৰ সকলো যুদ্ধাৰু লোকে গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহবোৰ যাবেচলৈ লৈ আহিল, আৰু তেওঁলোকৰ অস্থি যাবেচত থকা ওক গছৰ তলত পুতি হ'ল, আৰু সাত দিন লঘোন দিলে। চৌল যিহোৱাৰ অবিশ্ৱাসী হোৱাৰ বাবে এইদৰে মৃত্যু হ'ল। তেওঁ যিহোৱাৰ আজ্ঞা বোৰ পালন নকৰিলে, কিন্তু পৰামৰ্শ লবলৈ মৃতলোকৰ লগত কথা পতা লোকৰ ওচৰলৈ গৈছিল। তেওঁ যিহোৱাৰ পৰা মাৰ্গ প্ৰদৰ্শনৰ বাবে প্ৰাৰ্থনা কৰা নাছিল। সেয়ে যিহোৱাই তেওঁক মাৰিলে আৰু ৰাজ্যকো কাঢ়ি লৈ যিচয়ৰ পুত্ৰ দায়ূদক দিলে।
ইবাদাত শব্দৰ আভিধানিক অৰ্থ হ'লঃ- চূড়ান্ত বিনয়, আনুগত্য আৰু বশ্যতা। শ্বৰী'আতৰ পৰিভাষাতঃ- প্ৰকাশ্য নাইবা গোপনীয় যিবোৰ কথা আৰু কাম আল্লাহে ভালপায় আৰু পছন্দ কৰে, সেই সকলোবোৰৰ এটা সমষ্টিৰ নামেই হ'ল ইবাদাত। সেয়েই যিবোৰ কথা-বতৰা আৰু কাম-কাজ আল্লাহে পছন্দ কৰে, যেনেঃ- ছালাত(নামায) প্ৰতিষ্ঠা কৰা, ছিয়াম(ৰোজা) পালন কৰা, কোৰবাণী, নয্ৰ-মানত প্ৰদান কৰা, ছাদকাহ, জাকাত প্ৰদান কৰা, আল্লাহৰ ওচৰত প্ৰাৰ্থনা (দুআ) কৰা, আল্লাহক মাতা, আল্লাহৰ প্ৰতি ভয় আৰু আশা পোষণ কৰা, আল্লাহৰ ওপৰত ভৰসা কৰা, আল্লাহৰ তাছবীহ (মহিমা), তাহমীদ (প্ৰশংসা), তাকবীৰ (মহত্ত্ব), তাহলীল (আল্লাহৰ একত্ব) বৰ্ণনা কৰা, কোৰআন কাৰীম তিলাওয়াত কৰা, কোৰআন আৰু ছুন্নাহৰ বৰ্ণিত আৰু নিৰ্দেশিত দুআ আৰু যিকৰ-আযকৰ কৰা, ৰাছুলৰ প্ৰতি ছালাত আৰু ছালাম পাঠ কৰা ইত্যাদি, এই সকলো প্ৰতিটো কামেই হ'ল একোটাকৈ ইবাদাত। এই পৃষ্ঠাখন ২৪ আগষ্ট, ২০২০ তাৰিখে ২৩ঃ৪৫ বজাত অন্তিম সংশোধন কৰা হৈছিল। লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।
আহোমসকল স্বাভিমানী আছিল। পৰাক্ৰমী আছিল তেওঁলোক। গ্ৰহণ আৰু বৰ্জনৰ মাজেৰে এটা বৃহৎ অসমীয়া জাতিৰ বীজ ৰোপন কৰিছিল চ্যুকাফাই। এই আহোমৰ ৰাজত্ব কালত বীৰত্বৰ নিদৰ্শন দাঙি ধৰা এজন বীৰ পুৰুষ আছিল লাচিত বৰফুকন। লাচিত বৰফুকন আছিল অটল, অদম্য আৰু সাহসৰ প্ৰতীক। আমি আজি কৈ ভাল পাঁও লাচিতৰ দেশৰ বুলি। আমাৰ গাত লাচিতৰ ৰক্ত প্ৰবাহিত। লাচিত বৰফুকনৰ বাবেই শক্তিশালী মোগলক আহোমে পৰাস্ত কৰি এই অঞ্চলটোৰ স্বাধীনতা ৰক্ষা হৈছিল। ৰাণা প্ৰতাপ, ছত্ৰপতি শিৱাজীতকৈ কোনো গুণে কম নাছিল লাচিত বৰফুকন। এই তিনিও বীৰৰ মাজত থকা গুৰুত্বপূৰ্ণ মিলটো হ'ল - সেই সময়ত অগ্ৰাসী মোগলক তিনিওজন বীৰে বাধা দিছিল। ৰাণা প্ৰতাপ বা ছত্ৰপতি শিৱাজীৰ নাম যিধৰণে সগৌৰৱে উচ্চাৰিত হয় লাচিত বৰফুকনৰ বীৰত্ব আৰু বিক্ৰমৰ কাহিনী যেন একেদৰে প্ৰচাৰ আৰু চৰ্চা হোৱা নাই। লাচিত বৰফুকন অসম আৰু অসমীয়াৰ হৃদয়ত আছে। লাচিত এক সত্বা হৈ আমাৰ সাহস আৰু বীৰত্বৰ প্ৰতীক হৈ উজ্বলি আছে যদিও লাচিত বৰফুকনৰ লৈ ঐতিহাসিক সমলৰ আধাৰত এতিয়াও উপযুক্ত গৱেষণা হোৱা নাই। শৰাইঘাটৰ যুদ্ধখনতেই আমি লাচিত বৰফুকনক সামৰি থৈছো। আহোম বুৰঞ্জী লিখা সকলে লাচিত বৰফুকনৰ উপযুক্ত বিচাৰ কৰিব পাৰিছে বুলি সময়ে নকয়। অৱশ্যে, অসমীয়া জাতিৰ এই শ্ৰেষ্ঠ বীৰ জনক আমি কেতিয়াও পাহৰা নাই আৰু পাহৰিব নোৱাৰো। মহেশ্বৰ নেওগে লাচিত বৰফুকন দ্যা ভিক্টৰ অব দ্যা বেটেল অব শৰাইঘাট নামৰ এখন গ্ৰন্থত লাচিত বৰফুকনৰ বিষয়ে বহু কথা লিখিছিল। কিন্তু সেয়াই যথেষ্ট নাছিল। একেদৰে সূৰ্যকুমাৰ ভূঞাই লাচিত বৰফুকনৰ জীৱনীত আন কিছু কথা উল্লেখ কৰিছে। 'দেশতকৈ মোমাই ডাঙৰ নহয়' - এই বাক্যশাৰী এতিয়াও অসমীয়াৰ বাবে শ্ৰেষ্ঠ বাক্য। কেৱল শৰাইঘাটৰ যুদ্ধ জিকাতেই লাচিত বৰফুকন নামৰ বীৰজনৰ প্ৰাসংগিকতা অন্ত নপৰে। মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ আছিল লাচিত বৰফুকন। লাচিত বৰফুকন মোমাই তামুলীৰ নোমলীয়া পুতেক আছিল। কিন্তু তেওঁৰ মাকৰ নাম কি আছিল। তেওঁৰ আন ভাই-ককাই সকল কোন কোন আছিল। এইবোৰ সন্দৰ্ভত বুৰঞ্জী নিমাত। হয়তো আহোম ৰাজত্বকালৰ অপ্ৰকাশিত আৰু উদ্ধাৰ নোহোৱা বহু বুৰঞ্জীৰ পাতত সেইবোৰ তথ্য থাকিব। লাচিত বৰফুকনে বহুমুখী শিক্ষা লাভ কৰিছিল। একেদিনাই লাচিতৰ হাতত আহোম সেনাৰ দায়িত্ব গতাই দিয়া নাছিল আহোম ৰজাই। ঘোঁৰা বৰুৱাৰ পদৰ পৰা পৰ্যায়ক্ৰমে লাচিত বৰফুকনৰ উত্তৰণ ঘটিছিল। লাচিত বৰফুকন আছিল ঘোঁৰা চলোৱাত পাকৈত। ঘোঁৰা তেওঁ বশ কৰিব পাৰিছিল আনতকৈ পৃথকভাৱে। আহোম ৰজা সন্তুষ্ট হৈছিল। ঘোঁৰা বৰুৱাৰ পৰা তেওঁক দুলীয়া বৰবৰুৱা কৰিছিল। তাৰ পাছত ক্ৰমে শিমলুগুৰীয়া ফুকন আৰু বৰফুকনৰ বাপ পাইছিল। লাচিত বৰফুকন আছিল অত্যন্ত সাহসী। লাচিতৰ নিৰ্ভীকতা আৰু বীৰত্বৰ পৰীক্ষা লৈছিল স্বৰ্গদেউৱে। পাত্ৰ মন্ত্ৰী সকলৰ সৈতে আলোচনা কৰি মোগলৰ বিৰুদ্ধে যুঁজিবলৈ মঞ্চস্থ কৰি মাতি পঠিওৱা হৈছিল লাচিত বৰফুকনক। স্বৰ্গদেউৰ সন্মুখত আঠু ল'ব ধৰোতেই লাচিতৰ মূৰৰ কাপোৰ এজন লগুৱাই কাঢ়ি নিলে। লাচিতে অপমানবোধ কৰি খাপৰ পৰা হেংদাং উলিয়াই লগুৱা লৈ খেদি গ'ল। স্বৰ্গদেউৰ হস্তক্ষেপতহে লগুৱা বাচিল। লাচিত বৰফুকনৰ পৰীক্ষা লৈছিল স্বৰ্গদেউৱে। তাৰ পাছত হাতত এখন সোণালী হেংদাং স্বৰ্গদেউৱে তুলি দি বৰফুকনৰ বাপ অৰ্পন কৰিছিল। বুৰঞ্জীৰ এই কথাবোৰে লাচিত বৰফুকনৰ মূল্যায়নৰ বহু দিশ উন্মোচন কৰে। আহোম-মোগলৰ সংঘৰ্ষ ১৬৮২ খ্ৰীষ্টাব্দত ইটাখুলি ৰণত আহোম জয়ী হোৱাৰ পাছতেই অন্ত পৰিছিল। আহোমে উদ্ধাৰ কৰিছিল গুৱাহাটী। তেতিয়া মানাহ নদী আহোম-মোগলৰ ৰাজ্যৰ সীমা হৈছিল। শৰাইঘাটৰ যুদ্ধত আহোম সেনাৰ প্ৰথম অৱস্থা শোচনীয় আছিল। সেই খবৰ পাই নৰীয়া পাটিৰে যুদ্ধলৈ গৈছিল লাচিত বৰফুকন। ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত লাচিতে শক্তিশালী মোগলক পৰাস্ত কৰিছিল। লাচিত বৰফুকন আহোম সকলৰ এটা বিখ্যাত ফৈদ লান ফিমাৰ বংশৰ। দোলাকাষৰীয়া বৰুৱাৰ পদত থাকোতে এদিন স্বৰ্গদেউৱে লাচিতক দোলাৰ কাষলৈ মাতি আনি সুধিছিল - বঙালৰ শত্ৰু কাষত আছে। কেনেকৈ ছৈদ ফিৰোজ আৰু ছৈদ চালাকক ধৰিব পাৰি। লাচিতৰ উত্তৰ আছিল - চাওফাৰ ৰাজ্যত মানুহ নাই নেকি। বঙালনো কি, মানুহহে। আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। আদেশহে দিব লাগে। এইগৰাকী বীৰ পুৰুষৰ কাহিনী, সাহস আৰু বীৰত্বৰ কথা সমগ্ৰ দেশেই জনা উচিত। পলমকৈ হ'লেও চৰকাৰী উদ্যোগত লাচিত বৰফুকনকলৈ চিন্তা কৰা হৈছে তাত ৰাজনীতিৰ মোহৰ মৰা উচিত নহয়। আজি ভাৰতীয় সেনাৰ বাবেও অদম্য সাহসৰ, বীৰত্বৰ প্ৰতীক হৈ উজ্বলি আছে লাচিত বৰফুকন। শংকৰদেৱ, কামাখ্যা, কাজিৰঙাৰ দৰেই লাচিত বৰফুকনো আমাৰ পৰিচয়ৰ বাহক হ'ব পাৰে। তৰুণ গগৈ চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰৰ মাজত লাচিতৰ যি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। লেফ্টটেনেন্ট জেনেৰেল এছ.কে.সিনহাৰ উদ্যোগত লাচিতৰ প্ৰতিমূৰ্তি ভাৰতীয় সেনাৰ নেশ্যনেল ডিফেন্স একাডেমিত স্থাপন কৰা হৈছিল। ১৯৯৯ চনৰ পৰা এই বীৰ পুৰুষজনৰ নামত প্ৰদান কৰা হয় প্ৰতি বছৰে লাচিত বৰফুকন গল্ড মেডেল। লাচিত বৰফুকৰন জন্মক লৈ দ্বিমত থাকিলেও ১৬২২ খ্ৰিষ্টাব্দৰ ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ জন্ম বুলি ধৰা হয়। ১৬৭১ চনত লাচিত বৰফুকনৰ মৃত্যু হৈছিল বুলি বুৰঞ্জীয়ে কয়। যোৰহাট জিলাৰ পৰা ১৬ কিলোমিটাৰ নিলগৰ হোলোঙাপাৰত লাচিতৰ মৈদাম দিয়া হৈছিল বুলি জনবিশ্বাস। চৰকাৰে এইবাৰ ব্যতিক্ৰম ৰূপত ৰাজধানী চহৰ দিল্লীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী আয়োজনৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও লাচিত বৰফুকনৰ চৰ্চা যাতে হয় তাৰ বাবে লাচিত বৰফুকনক লৈ বিভিন্ন লেখা ডিজিটেল মাধ্যমত প্ৰকাশ আৰু প্ৰচাৰৰ ব্যৱস্থা কৰিছে। জন্ম জয়ন্তী উপলক্ষে সেনা নায়কজনৰ বিষয়ে ৰাইজৰ এই লিখন কাৰ্যসূচীলৈ অফুৰন্ত সঁহাৰি আহিছে। আমি নিজস্ব ধৰণেৰে বীৰ লাচিতৰ মূল্যায়ন কৰি তেওঁৰ আদৰ্শক বিশ্বমুখী কৰাৰ এক জোৰদাৰ কাৰ্যসূচীৰ অংশীদাৰ হ'বলৈ সুযোগ পাইছো। স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো লাচিত বৰফুকন বিষয়ক আলোচনা, ৰচনা আদি আয়োজন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলেও বীৰ লাচিতক বুজি পোৱাৰ এক পৰিৱেশ গঢ় লৈ উঠিছে। এই প্ৰয়াস এক মহৎ প্ৰয়াস। কেৱল ৰাজনৈতিক দৃষ্টিভংগীৰে কথাবোৰ বিচাৰ নকৰি ইয়াক আমি এক সুযোগ হিচাপে গ্ৰহণ কৰিব পাৰো। নতুন প্ৰজন্মৰ মাজত লাচিত বৰফুকনৰ আদৰ্শ আৰু বীৰত্ব প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই উদ্যোগে ইতিবাচক ভূমিকা পালন কৰিব। লাচিত আমাৰ বাবে একতাৰ প্ৰতীক হ'ব পাৰে। উত্তৰ পূৰ্বাঞ্চলৰ সাম্প্ৰতিক সময়ৰ বিভাজনমুখী ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিৱেশত লাচিত বৰফুকনৰ ন্যাৰ্যতা আৰু প্ৰাসংগিকতা সদয়েই থাকিব। বহুতৰ ভয় লাচিতক হিন্দু দৃষ্টিভংগীৰে চাব খোজা হৈছে, লাচিতৰ জাতীয়তাবাদক ৰাষ্ট্ৰীয়তাবাদলৈ উত্তৰণ কৰিব বিচাৰিছে। অসম আৰু অসমীয়াৰ মনত লাচিত বৰফুকন এনেকৈয়ে শিপাই আছে সেয়া এইবোৰ আলোচনাৰ উৰ্ধত। লাচিত সদায় আমাৰ এজন শ্ৰেষ্ঠ বীৰ, ভাৰতৰে এজন শ্ৰেষ্ঠ সেনাপতি।
৩০ জানুৱাৰী : 'চুতীয়া শব্দৰ অৰ্থ হৈছে অতি কষ্টসহিষ্ণু আৰু উচ্চ গুণসম্পন্ন মানুহ। এনে উচ্চ আদৰ্শৰে পৰিচালিত এই জনগােষ্ঠীটোৱে অতীজৰে পৰা বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত অনবদ্য অৰিহণা আগবঢ়াই আহিছে। চুতীয়া জাতি শক্তিশালী হােৱা মানে অসমীয়া জাতি শক্তিশালী হােৱা।' লখিমপুৰ জিলাৰ বগীনদীৰ লক্ষ্মীনাৰায়ণ ক্ষেত্ৰত আয়ােজিত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বি-বার্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ঐতিহাসিক কালতে কুণ্ডিল নগৰত ভীষ্মক ৰজাৰ নেতৃত্বত শক্তিশালী ৰূপত চুতীয়া ৰাজ্য প্রতিষ্ঠিত হৈছিল। ভগবান শ্রীকৃষ্ণৰ সৈতে আত্মিক সম্পর্কৰে সংপৃক্ত জনগােষ্ঠীটোৰ এই মহান ঐতিহ্যক আমি আগবঢ়াই নিব লাগিব। চুতীয়া জনগােষ্ঠীৰ সৰ্বাংগীন বিকাশৰ দিশত চুতীয়া ছাত্র সন্থাই ইয়াৰ প্রতিষ্ঠা কালৰে পৰা গ্ৰহণ কৰি অহা ভূমিকাৰ শলাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে জনগােষ্ঠীটোৰ ৰাইজে এই সংগঠনটোক কিমান মৰমেৰে আকোঁৱালি লৈছে আজিৰ জনসভাত ৰাইজৰ উপস্থিতিয়েই সেয়া প্রমাণ কৰে। ৰাজ্যখনৰ কৰ্ম সংস্কৃতিৰ বাতাৱৰণ শক্তিশালী কৰাৰ লগতে নৱ প্ৰজন্মক অধ্যয়নৰ জৰিয়তে দৃঢ় ৰূপত আগুৱাই নিয়াত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লগতে ৰাজ্যখনৰ ছাত্র সংগঠনসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ এই মঞ্চৰ পৰাই এই জাতিটোৰ ভৱিষ্যতৰ পৰিকল্পনা প্রস্তুত কৰিব লাগিব। চুতীয়া জাতিৰ মহীয়সী নাৰী বীৰাঙ্গনা সতি সাধনীৰ প্রতি শ্রদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইগৰাকী সাহসী নাৰীয়ে দেখুৱাই যােৱা দেশ প্রেম আৰু ত্যাগৰ মহান আদর্শৰে আমি উদ্বুদ্ধ হ'ব লাগিব। বীৰাঙ্গনা সাধনীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে গােলাঘাটত এখন বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ পদক্ষেপ গ্রহণ কৰাৰ লগতে সতী সাধনী দিৱসৰ দিনটোক ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘােষণা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অনাগত দিনতাে এই জনগােষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে আৰু দায়িত্ব সহকাৰে কাম কৰি যাব। চুতীয়া জাতিক সংগঠিত ৰূপত বিকাশৰ দিশেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা আগবঢ়াই যােবা জাতিটোৰ বিশিষ্ট ব্যক্তিত্ব প্রয়াত ভ্ৰমৰ চন্দ্ৰ শইকীয়া, ভৱকান্ত চুতীয়া, কোষেশ্বৰ বৰুৱা আৰু বৈষ্ণব পণ্ডিত সােণাৰাম চুতীয়াৰ প্রতি শ্রদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ব্যক্তিসকলৰ মহান আদর্শৰে জাতিটোক সংগঠিত ৰূপত আগুৱাই নিয়াৰ দিশত চুতীয়া ছাত্ৰ সন্থাই বিশেষ পদক্ষেপ গ্রহণ কৰিব লাগিব। ৰাজ্যখনৰ অন্যান্য জাতি-জনগােষ্ঠীৰ মাজত পাৰস্পৰিক সম্প্রীতি ৰক্ষাৰ দিশতাে এটা জাতীয় সংগঠন হিচাপে চুতীয়া ছাত্ৰ সন্থাই বিশেষ ভূমিকা গ্রহণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ভাৰতবৰ্ষই গাঁৱত বাস কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে প্রায় ২৬ হাজাৰৰাে অধিক গাঁৱৰ সমষ্টি আমাৰ ৰাজ্যখনৰাে অর্থনীতি মূলতে কৃষিৰ ওপৰতে নিৰ্ভৰশীল। বিভিন্ন প্রাকৃতিক প্রতিকূলতা নেওচি আমাৰ পূৰ্বৰ প্ৰজন্মই পৰম্পৰাগত পদ্ধতিৰে কৃষি কর্ম কৰি পৰিয়াল পােহপাল দিছিল কিন্তু নতুন প্রজন্মই এই দিশত অনীহা প্রদর্শন কৰাৰ ফলত ৰাজ্যৰ কৃষিখণ্ড পিছ পৰি ৰৈছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ শক্তিশালী নেতৃত্বত খেতিয়কসকলৰ মনােবল বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ ফলত আজি দেশৰ লগতে ৰাজ্যৰ কৃষিখণ্ডইও মূৰ দাঙি উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজি উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে কৃষি ক্ষেত্ৰত আত্মনিয়ােগ কৰাৰ বাবে আগবাঢ়ি অহাটো আমাৰ ভৱিষ্যতৰ বাবে এক আশাপ্রদ খবৰ। এই প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে কৃষিখণ্ডৰ উত্তৰণৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে হাতত লােৱা বিভিন্ন পদক্ষেপ যেনে ছয়েল হেলথ কার্ড, প্রধানমন্ত্রী ফচল বীমা যােজনা, কৃষি সিঁচাই যােজনা, প্রধানমন্ত্রী কিষণ সন্মান নিধি, কিষাণ ক্রেডিট কার্ড, মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যােজনা, মুখ্যমন্ত্রী কৃষি সা-সঁজুলি যােজনা আদিৰ কথা বিশেষভাবে উল্লেখ কৰে। মুকলি সভা উদ্বোধন কৰি দিয়া ভাষণত ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাই চুতীয়া জাতিৰ ইতিহাস, পৰম্পৰা আদি বিভিন্ন দিশৰ তথ্য সমৃদ্ধ ইতিবৃত্ত দাঙি ধৰে। চুতীয়া জনগােষ্ঠীৰ লগতে অসমৰ আন ৫ টা জনগােষ্ঠীৰ জনজাতিকৰণৰ দাবীক ন্যায্য দাবী বুলি অভিহিত কৰি তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে অতিশীঘ্ৰেই এই জনগােষ্ঠী কেইটাক জনজাতি হিচাপে ঘােষণা কৰিব বুলি তেওঁ আশাবাদী। বর্তমানৰ চৰকাৰৰ কাৰ্যকালত চুতীয়া জনগােষ্ঠীৰ আর্থ-সামাজিক বিকাশৰ বাৰে বহুকেইটা শক্তিশালী পদক্ষেপ গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এটা জনগােষ্ঠীক সকলাে দিশতে আগুৱাই নিবলৈ হলে মার্থে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপলৈকে অপেক্ষা নকৰি জাতিটোৰ প্ৰতিগৰাকী সদস্যই নিজ নিজ দায়িত্ব আৰু কৰ্তব্য সুচৰুৰূপে পালনতা মনােনিৱেশ কৰিব লাগিব। সদৌ চুতীয়া জাতি ছাত্র সন্থাই পূৰ্বৰ দিনবােৰৰ দৰেই অনাগত সময়তাে জনগােষ্ঠীটোৰ প্রাপ্য অধিকাৰ সুনিশ্চিত কৰাৰ দিশত শক্তিশালী ভূমিকা গ্ৰহণ কৰি যাব বুলি মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে।। অনুষ্ঠানত ভাষণ প্রদান কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী নৱ কুমাৰ দলেই কয় যে অসমৰ ভৱিষ্যতক ন ৰূপত গঢ় দিয়াত নবীন প্রজন্মৰ ভূমিকাই হৈছে আটাইতকৈ গুৰুত্বপূর্ণ। বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ প্ৰতিটো জাতি জনগােষ্ঠীৰ ঐতিহ্য, পৰম্পৰা সংৰক্ষণৰ দিশত আৰম্ভণিৰে পৰা বলিষ্ঠ পদক্ষেপ গ্রহণ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে চুতীয়া জনগােষ্ঠীৰ পৱিত্ৰ দিন সতী সাধনী দিৱসসা ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যিক ভিত্তিত আড়ম্বৰপূৰ্ণভাৱে উদ্যাপন কৰি আহিছে। আজিৰ এই অধিৱেশন অনুষ্ঠিত হােৱা লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ সােৱণশিৰিৰ পাৰৰ ৫০ বিঘা মাটিত লক্ষ্মীনাৰায়ণ ক্ষেত্র নামৰ এক বৃহৎ প্রকল্প স্থাপনৰ পদক্ষেপৰ কথাও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে। সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষিদে শইকীয়াই সভাপতিত্ব কৰা মুকলি সভাত ছাত্র সংগঠনটোৰ সাধাৰণ সম্পাদক তথা নবনির্বাচিত সভাপতি মহেন বৰা আৰু অভ্যর্থনা সমিতিৰ সভাপতি মুনীন শইকীয়াইও ভাষণ প্রদান কৰে। সভাত স্থানীয় সাংসদ প্রদান বৰুৱা, লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্ত, ধেমাজিৰ বিধায়ক ৰণােজ পেগু, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া, অসম চাহ নিগমৰ অধ্যক্ষ তথা সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় কুমাৰ বৰা, জ্যোতি চিত্ৰনৰ অধ্যক্ষ পবিত্র মাৰ্ঘেৰিটা, ঘামৰা সত্ৰৰ সত্ৰাধিকাৰ বিষ্ণু গােস্বামী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্যোতি প্ৰসাদ শইকীয়া, নিউজ লাইভৰ পৰিচালন সম্পাদক ছৈয়দ জাৰীৰ হুছেইন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়া, মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণকে প্রমুখ্যে কৰি চুতীয়া জনগােষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়াসকল আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্রতিনিধিসকল উপস্থিত থাকে। You may also read!
পাৰেমানে লুটি-পুটি খাইছিল। আন কি, কামৰূপীয়া মানুহে এঠাইৰ পৰা আন ঠাইলৈ কোনো বস্তু এটা ভাৰ, বা টোপোলা নিলেও বাটত বৰফুকনৰ টেকেলাই পালে সেই বস্তু কাঢ়ি নিছিল। বৰফুকনৰ ভাৰভেটী খোৱাৰ কোব ইমান চৰিছিল, যে প্ৰজাই বেঙেনা, কেৰালা,লাও কোমোৰা, কচু, ঢেকীয়া পৰ্যন্ত আনি দিলেও বৰফুকনে গ্ৰহন কৰিছিল। ধন-সোনৰ তো কথাই নাই। কামৰূপীয়া গৰখীয়া লৰাৰ মুখত এনেকুৱা গীত আছিল। লৰাহঁত! লৰাহঁত! বাপেৰ শয়েকীয়া হল; বেঙেনা এযুকি, কেৰেলা এজুকি ফুকন ভেটিবলৈ গল। প্ৰৱল আছিল যে ৰাইজে কৰৰ দহগুণ বেচি ভাৰ-ভেটী দিব লগাত পৰি সদাই বিৰক্ত আৰু অসন্তুষ্ট হৈ উঠিছিল। বৰফুকনৰ কামৰূপীয়া প্ৰজাৰ ওপৰত বিশেষ অত্যাচাৰৰ কাৰণ হৈছিল যে তেওঁ কৰা উপদ্ৰব বিলাকৰ বাতৰি কামৰূপীয়া মানুহে তলে তলে ৰজা ঘৰলৈ মানুহ পঠিয়াই জনাই আছিল। বৰফুকনক বুঢ়াগোঁহায়ে প্ৰজাক পীড়ন নকৰিবলৈ মাজে মাজে উপদেশ দিছিল। কিন্তু এনেকুৱা উপদেশে হিতে বিপৰীতহে কৰিছিল। শুলে। দিনমণিয়ে ভাবিব ধৰিলে ৰজাৰনো বেচি লগা ভগা কোন! তেওঁ দকৈ ভাবি-চিন্তি পালে যে বৰুবৰুৱা বা বৰবৰুৱানীয়েহে ৰজাক ভিতৰি কোনো কথা শুনাব পাৰে কিয়নো বৰ-বৰুৱানী ৰজাৰ নিজা ভণীয়েক। দিনমণিয়ে নিশাৰ ভিতৰতে তেওঁৰ কিংকৰ্ত্তব্য স্থিৰ কৰি ললে। পুৱা শুই উঠি ডেকা বৰুৱাই পূৰ্ব্বাপৰ নিয়ম মতে স্নান অহাৰ কৰিলে। বেলি অলপ ভাটী দিয়াত দিনমণিয়ে ডেকা বৰুৱাক কলে - "বাপা! মোক ৰূপ দুশ পচিশ টকা দে। " ডেকা বৰুৱাই শুধিলেঃ - "কাকা তই নো ইমান ৰূপেদি কি কৰিবি? দিনমণি - "বাপা তই মোক এতিয়া একো নুসুধিবি। মই এই ৰূপেৰে তোক তোৰ পিতৃলীয়া বিষয়খান ইয়াতে কিনি দিম। বৰফুকনে হাজাৰ বাৰ শৰ কমে নকৰে। মই কিন্তু দিনমণিয়ে এই দুশ পচিশ টাকাৰে সেই কাম সাধিম। " ডেকা বৰুৱাই দিনমণিৰ কথা শুনি তৎক্ষণাৎ পেৰাৰ পৰা দুশ পচিশটা চিকা ৰূপ উলিয়াই দিলে। দিনমণিয়ে সেই ৰূপ লই বিদায় হল। ডেকা বৰুৱাই সেই দিনৰ দিনটোৱে উৎকণ্ঠীত হৈ ৰল। লাগে। দিনিমণিয়ে জোলোঙাৰ পৰা ৰূপ দহ টকা উলিয়াই ৰংদৈৰ আগত থই কলেঃ - আই! মোক বৰবৰুৱাণী মাতৃক ভেট কৰাই দিব লাগে। যদি মোক ভেট কৰাই দিব পাৰে, তেন্তে যাবৰ পৰত আই তোমাক আৰু পাঁচ টকা ৰূপ দিম। ৰংদৈয়েও ৰূপ দহ টকা পাই দিনমণিক আস্ত-আদৰ কৰি হাউলিৰ ভিতৰলৈ নিলে, আৰু চৰাত বহুৱাই থৈ ভিতৰলৈ গল। সেই সময়ত বৰবৰুৱা ঘৰত নাছিল। বৰবৰুৱাণীয়ে খাই বই উঠি শৰাইত তামোল লৈ বৰপীৰাত বহি তামোল পান, খাই আছিল। এনেতে ৰংদৈ লিগিৰীয়ে গৈ আঠু লৈ জনালে : - "দেউতা ঈশ্বৰী! এজন কামৰূপ কামাখ্যাৰ কিবা বোলে অধিকাৰী মানুহ আহিছে। মানুহটো বৰ ভাল। [ ২৫ ] দেউতা ঈশ্বৰীয়ে সেই অধিকাৰী মানুহটো চাব জানো?" ৰংদৈৰ এই কথাত বৰ-বৰুৱাণীৰ কৌতুক জন্মিল। কামৰূপ কামাখ্যাৰ অধিকাৰী মানুহ বা আকৌ কেনেকুৱা! এই ভাবি বৰবৰুৱাণী চৰা ঘৰৰ বুলনীলৈ আহি আৰু তাত সজাই থোৱা বৰ-পীৰাত বহিল। আগত তামোলৰ শৰাই আৰু পিকদান ললে। ৰংদৈক অধিকাৰী (ঢেকেৰী) মানুহটোক আনিবলৈ কলে। ৰংদৈয়ে তৎক্ষণাৎ গৈ দিনমণি পটোৱাৰীক বৰবৰুৱাণীৰ আগলৈ বুলনী ঘৰলৈ আনিলে। দিনমণিয়ে পোনেই আঠু লৈ বৰ-বৰুৱানীক সেৱা কৰিলে আৰু সমুখৰ ঠাইখান হাতেৰে অলপ আটাই-পিতাই গামোছা খান পাতি চিকা ৰূপ দুশ ভাগ বঢ়ালে। বৰ-বৰুৱানীয়ে অতবিলাক ৰূপ দেখি আনন্দিত হল আৰু ৰংদৈৰ হতুৱাই সেই ৰূপ তোলাই শৰাইত লৈ সুধিলে : - "হেৰা! কামৰূপীয়া অধিকাৰী! তোমাক কি লাগে কোৱা। " দিনমণিয়ে হাতযুৰি কলে - স্বৰ্গদেৱী! ঈশ্বৰী! মাতৃ। আপোনাসকলৰ কামৰূপ কামাখ্যা ৰাজ্যত বৰ অন্যায় অবিধি হৈছে। কামৰূপৰ বুজৰবৰুৱা বোলা ঘাই বিষয়াজন স্বৰ্গদেৱ ৰজাৰ সেৱাতে বৈকুণ্ঠী হল। তেওঁৰ পুত্ৰ বক্তমল ডেকা বৰুৱাই দেউতা ঈশ্বৰসকলৰ পূৰ্ব্বাপৰ ৰীতি মতে সেই বিষয়খান পাব লাগে; কিন্তু গুৱাহাটীৰ বৰফুকনে সেই বিষয়খান তেওঁক নিদি আন এজনক দিবলৈহে স্বৰ্গদেৱ ঈশ্বৰলৈ লেখিছে। ডেকা বৰুৱা সদ্যহতে ৰংপুৰতে আছে। সেই [ ২৬ ] দেখি দেউতা ঈশ্বৰীয়ে অধৰ্ম্মক ঠাই নিদি এফেৰা ধৰ্ম্ম কৰিব লাগে। স্বৰ্গদেৱ ঈশ্বৰ ৰজাক জনাই ধৰ্ম্ম বিচাৰ কৰোৱাব লাগে। " দিনমণিৰ আচাৰ-ব্যৱহাৰ আৰু তুতি-বাক্যত বৰ-বৰুৱানী সন্তুষ্ট হৈ দিনমণিক তামোল-চালি দিয়াই "বাৰু, মই ৰজাক জনাই বিষয় ৰাখি দিম, তুমি এতিয়া যোৱাগৈ; বিষয় পালে আকৌ আমাক বুজৰবৰুৱাৰে সৈতে দেখা কৰিবাহি" এই কথা কৈ বিদায় দিলে। বৰ-বৰুৱানীৰ এই আশ্বাস বাক্যত আনন্দিত হৈ দিনমণি বহালৈ উলটি ডেকা বৰুৱাক সমস্ত কথা কলে। ডেকা বৰুৱা নিশ্চিন্ত হল। কোৱা বাহুল্য - উলটিবৰ পৰত দিনমণিয়ে ৰংদৈ আৰু চকিদাৰক প্ৰতিশ্ৰত বাকী ৰূপ দি আগলৈকো সন্তুষ্ট কৰি আহিছিল। ইফালে বৰ-বৰুৱানীয়ে বৰ-বৰুৱা ৰাজ-মেলৰ পৰা উলটি অহাত ৰোহ ঘৰত পৰিল। বৰ-বৰুৱাই অনুনয় বিনয় কৰি কাৰণ সোধাত কলে যে তেওঁ ( বৰবৰুৱা ) সেই মুহুৰ্ত্তেই ৰজাৰ ওচৰলৈ গৈ বুজৰ-বৰুৱালী বিষয়খন বুজৰবৰুৱাৰ পুত্ৰ বক্তমলক দিয়াব লাগে। তেওঁ যদি নাযায়, তেন্তে তেওঁ নিজে পাল্কি লৈ ৰজাৰ ওচৰলৈ যাব। বৰবৰুৱানীৰ আক্ৰোশ এৰাব নোৱাৰি, দুশ ৰূপ দেখি আৰু কথাটোও ধৰ্ম্ম-সঙ্গত, ন্যায়-সঙ্গত দেখি বৰবৰুৱা তৎক্ষণাৎ ৰজাৰ ওচৰলৈ গল। ৰজাই আস্ত-ব্যস্তকৈ তেনে অসময়ত যোৱাৰ কাৰণ সোধাত বৰ-বৰুৱাই কথাটো ভাঙি পাতি কলে। [ ২৭ ] ৰজাই কলে :-"বৰফুকনে এনেবিলাক অন্যায় কৰিব ধৰিছেনে? বাৰু, যেতিয়া সময় হব, কাকত যেতিয়া পাম, তেতিয়া মই বুজৰ বৰুৱাৰ পুতেককে বুজৰ বৰুৱা পাতিম। " এই বুলি কৈ ৰজাই বৰবৰুৱাক বিদায় দিলে। ইফালে বৰফুকনে তেওঁ লেখি পঠোৱা কাকতৰ হুকুম অহাত পলম হোৱা দেখি নিজে সেই বৰুৱাৰ লৰাটো লগত লৈ ৰংপুৰলৈ আহিল; আৰু যথাসময়ত বাহিৰ চৰাত তিনিউজনা ডাঙৰীয়াৰ লগত বহি অলপ পৰ আন আন কথা পাতি ৰজালৈ জনাই পঠালে যে আগৰ বুজৰ-বৰুৱাজন ধুকুৱাত আৰু তেওঁৰ ঠাইত আন এজন নোহোৱা বাবে তেওঁ কাম চলোৱাত টান পাইছে। তেওঁ যিটো লৰাৰ নিমিত্তে লেখিছে সেই লৰাটোকো লগতে আনিছে। লৰাটো সৎ চৰিত্ৰৰ, আৰু ৰাজভক্ত; কামৰূপীয়া ৰাইজৰ ওপৰতো যথেষ্ট প্ৰতিপত্তি আছে। এতেকে স্বৰ্গদেৱে এই লৰাটোকে বুজৰ-বৰুৱা পাতি চাবেক বুজৰ-বৰুৱাৰ অযোগ্য পুত্ৰ বক্তমলক বৰুৱা পাতি থব পাৰে। চোলাধৰা কাকতিয়ে গৈ ৰজাক বৰফুকনৰ গোহাৰি জনালে। ৰজাই পূৰ্ব্বপ্ৰতিজ্ঞা অনুসৰি আদেশ কৰি পঠালে যে পূৰ্ব্বাবৰ ৰীতিমতে বুজৰ বৰুৱাৰ পুত্ৰ হে বুজৰ বৰুৱা হব। তেওঁ ইটো লৰাক বৰুৱা পাতি লব পাৰে। ৰজাৰ এই আদেশ, চোলাধৰা কাকতিয়ে আহি আঠুলৈ চৰাঘৰত বৰফুকন, বৰৱৰুৱা, বুঢ়া গোহাই, বৰ গোঁহাই এই সকলক জনালে। [ ২৮ ] এই সকলেও আঠুলৈ আজ্ঞা গ্ৰহণ কৰিলে। বৰফুকন লাজতে কলা-মলা পৰিল। বক্তমল আনন্দিত হল; কিন্তু তাৰ লগে লগে বৰফুকনৰ ৰঙা চকুযোৰ তেওঁৰ চকুৱে চকুৱে পৰিল চৰাৰ পৰা উঠি গৈ বৰফুকনে দিনমণিক নিৰলে মাতি নি কলে : - "তহঁতে ইয়াত থাকি আন কাৰোবাৰ হতুৱাই খাটনি লগাই মোক লাজত পেলালি। বাৰু মইও চাম, তোৰ বুজৰ-বৰুৱাইনো মোৰ তলত কেনেকৈ বঞ্চে। দিনমণিয়ে হাতযুৰি কলে :- দেউতা ঈশ্বৰ! আমাৰ বুজৰ বৰুৱাক বৰবৰুৱা ঈশ্বৰে পুত্ৰ সদৃশ মৰম কৰে - দেউতা ঈশ্বৰেও সেই দৰে পুত্ৰ সদৃশ মৰম কৰক। " দিনমণিৰ কথাৰ ধাৰণৰ পৰা বৰফুকনে বুজিলে যে বক্তমল বুজৰ বৰুৱাই ক'ত আওজিছে। তেওঁ মনে মনে থাকিল। কিন্তু ইয়াৰ পিছতে বুজৰ বৰুৱা আৰু দিনমণি উভয়ে আলচ মুকুতি হৈ বৰবৰুৱাৰ ঘৰলৈ গৈ আকৌ ৰূপ ২২৫ টাকা দি এই কথা জনালে। বৰ বৰুৱাই নিৰ্ভয় দি কলে যে তেওঁ থাকে মানে বৰ ফুকনে বুজৰ বৰুৱাৰ লোমকে লৰাৰ নোৱাৰিব। বুজৰ বৰুৱাই বৰ ৰবৰুৱাৰ এনেকুৱা আশ্বাস পাইও ভবিষ্যতলৈ বৰফুকনৰ পৰা লাঞ্চনা বৈৰিতা পাব বুলি ভাবি বৰফুকনকো ৰংপুৰতে ৰূপ দুশ দি সেৱা জনাইহে বৰফুকনৰ ক্ৰোধৰ লাঘৱ কৰি গুৱাহাটীলৈ উলটী আহি বুজৰ বৰুৱালী বিষয়খান খাব পৰিলে। বুজৰ বৰুৱাক একো কৰিব নোৱাৰি বৰফুকন [ ২৯ ] সেই দিনৰ পৰা কামৰূপীয়া মানুহক অতিপাৎ ঘৃণাৰ চকুৰে চাব ধৰিলে; আৰু সেইদিন ধৰি কামৰূপীয়া মানুহক গধূলি হলেই নগৰ এৰি চাৰি চকিৰ বাহিৰে নিশা থাকিবলৈ আদেশ কৰি কামৰূপীয়াক আগতকৈও লাজ আৰু অপমান দিব ধৰিলে। উপদ্ৰব অত্যাচাৰো আগতকৈ বেচিকৈ কৰিব ধৰিলে। পাঁড়ুৰ বাহৰত মন্ত্ৰণা। অদৃশ্য শ্ৰেণীঃ স্থায়ী সূত্ৰ (লিংক) এই পৃষ্ঠাটো শেষবাৰৰ কাৰণে ৪ এপ্ৰিল ২০২১ তাৰিখে ২১ঃ৪৮ বজাত সলনি কৰা হৈছিল। লিখনিসমূহক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন/শ্বেয়াৰ-এলাইক অনুজ্ঞাপত্ৰৰ আওতাভুক্ত; ইয়াৰ লগত অন্য পদ প্ৰযোজ্য হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তাৱলীত বিস্তাৰিত ভাবে চাওক।
তত্ত্ব-কথা/ধৰ্ম্ম আৰু ঈশ্বৰ-তত্ত্ব - ৱিকিউৎস\nতত্ত্ব-কথা/ধৰ্ম্ম আৰু ঈশ্বৰ-তত্ত্ব\nসগুণ আৰু নিৰ্গুণ ধৰ্ম্ম-তত্ত্ব→\nধৰ্ম্ম আৰু ঈশ্বৰ-তত্ত্ব\nঈশ্বৰৰ বাহিৰে, ধৰ্ম্মৰ বাহিৰে মানুহৰ জীৱনত কি পাঠ্য আছে নাজানো। ঈশ্বৰৰপৰা আঁতৰি, ধৰ্ম্মৰপৰা আঁতৰিহে যে আমাৰ জীৱন অপাঠ্য, অধইচ হৈ পৰিছে তাত আমাৰ সন্দেহ নাই। দিনৌ সকলো সময়তে সকলো কাৰ্য্যতে যদি আমাক জীৱনত ঈশ্বৰৰ সত্তা উপলব্ধি কৰি চলিব পাৰিলোহেঁতেন,\nওঁ য একোহৱৰ্ণো বহুধা শক্তিযোগাৎ\nৱি চৈতি চান্তে ৱিশ্বমাদৌ স দেৱঃ\nস নো বুদ্ধ্যা শুভয়া সংযুনক্তু।।\nইশ্বৰক পিছত থৈ আগবাঢ়িবলৈ গৈ ধৰ্ম্মক অকামিলা বস্তু বুলি অৱহেলা কৰিহে আমি মৰিছোঁ। আমাৰ স্কুল-কলেজতে (Godless education) ঈশ্বৰ আৰু ধৰ্ম্মবিবৰ্জ্জিত শিক্ষাই, ঘৰত ধৰ্ম্ম, নীতি, সদাচাৰবিহীন শিক্ষা বা কু-শিক্ষাই আমাৰ জীৱন ফোপোলা কৰিলে। আমি ধৰ্ম্মক আৰু ইশ্বৰক বুঢ়াকেইটা আৰু বুঢ়ীকেইজনীৰ ভাগত দি, নিজৰ গাটো পাতলাই লৈ জপিয়াই হাঁহি ফুৰিছোঁ। হায়! মহাপুৰষ মাধৱদেৱৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰে গাইছিল,\nডেকা ভাই, কিসৰ হৰিষ তোৰ?\nচক্ষুৱে নেদেখ, বুঢ়াক হাসস\nতোক পাইলে কাল-চোৰ।।\nআছিলি ছৱাল ভৈল যুবা কাল\nআপদৰ বন্ধু যতনে লৈয়ো\nৰাম নাম মহাধন।।\nআয়ু আদি কৰি যত ধন জন\nতাক কাল-চোৰে হৰে।\nদেখি নেদেখস বুঢ়াই হাসস\nছৱাল কালতে মৰে।।\nযৌৱন-গৰ্ব্বক ঝাণ্টে পৰিহৰি\nনামক লৈয়ো যতনে।\nকালৰ হাতত বৃদ্ধ যুৱা নাই,\nবহুতে কয় যে ঈশ্বৰৰ বিষয়ে আমি ভাবিচিন্তি একো ঠিক কৰিব নোৱাৰোঁ, সেইদেখি সেই বিষয়ে মূৰ ঘমোৱাটো বৃথা। গ্ৰীচৰ চক্ৰেটিচেও ইযাকে কৈছিল। কিন্তু মূৰ নঘমাও বুলি থাকোঁ কেনেকৈ? কোনোবাই পাৰে নে থাকিব? কোনেও নোৱাৰে। এদিন নহয় এদিন, আজি নহয় কাইলৈ,ইশ্বৰ-চিন্তাত আমি মূৰ ঘমাবই লাগিব। তুমি ঈশ্বৰৰ অংশ জ্ঞানময় জীৱ। অজ্ঞানৰ ঢাকোনে তোমাক ঢাকি ৰাখিবলৈ যিমানকে চেষ্টা কৰক, তুমি সেই অন্ধকাৰ আবৰণ ভেদ কৰি উঠিবলৈ প্ৰাণপণে যত্ন কৰিবাই কৰিবা। কাৰণ তোমাত পৰমাত্মাৰ অংশ আছে। পাৰ্থিৱ বস্তুৰ আৱৰণ ঠেলি সহধৰ্ম্মী অংশই পূৰ্ণ পৰমাত্মাৰে মিলিবলৈ, ইশ্বৰৰ অভিমুখী হৈ চলিবলৈ সংগ্ৰাম কৰি থাকিবই ̶ যেতিয়ালৈকে সি নিৰ্দ্দিষ্ট স্থান নাপায়গৈ। ভাৰতৰ ষড়দৰ্শন প্ৰণেতাসকলৰ ভিতৰত কোনো কোনো দাৰ্শনিকে অকল তৰ্ক-যুক্তিৰ বাট ধৰি যদিও ঈশ্বৰৰ জ্যোতিত নোলাই অবস্তু অন্ধকাৰত ওলাইছিলগৈ, তথাপি তেওঁলোকেও মূৰ নঘমাই নোৱাৰিলে থাকিব। জৈমিনিৰ মীমাংসাৰ মীমাংসা, ̶ বেদ,নিত্য আৰু অভ্ৰান্ত। জীৱৰ ধৰ্ম্ম, ̶ বেদবিহিত যাগ-পূজাদি কৰ্ম্ম কৰি পুণ্য সঞ্চয় কৰি স্বৰ্গ কামনা কৰা। ইয়াতে শেষ। এই মীমাংসাত ঈশ্বৰৰ আৱশ্যকতা নাই। কপিলৰ সাংখ্যত কৰ্ম্মকাগুৰ অসাৰতা দেখুৱাই যদিও জ্ঞানৰ শ্ৰেষ্ঠতা দেখুৱা হৈছে,তথাপি সাংখ্য ইশ্বৰমুখী নহয়, সাংখ্য একপ্ৰকাৰ নিৰীশ্বৰবাদী। সাংখ্যই কয়,প্ৰকৃতিৰ লগত আত্মা বা পুৰুষৰ সংযোগেই যত দুখৰ মূল। প্ৰকৃতিৰ পৰা পুৰষৰ ভেদ সাক্ষাৎকাৰ হ'লেও সকলো সুখ-দুখৰ ওৰ পৰে। ইয়াকেই সাংখ্যই কৈবল্য বোলে, অৰ্থাৎ পুৰষ বা আত্মাৰ স্বতন্ত্ৰবোধ। ইশ্বৰৰ অস্তিত্ব কল্পনা এই দৰ্শনৰ মতে অনাৱশ্যক। 'ইশ্বৰাসিদ্ধেঃ। প্ৰমাণভাৱাৎ ন তৎসিদ্ধিঃ' ইত্যাদি সূত্ৰৰ দ্বাৰা সাংখ্যাই ইশ্বৰক একপ্ৰকাৰৰ অস্বীকাৰ কৰিছে। পতঞ্জলিৰ যোগত 'নিৰ্ব্বীজ সমাধি' সংখ্যৰ কৈবল্য আৰু যোগৰ 'নিৰ্ব্বীজ সমাধি' প্ৰায় একে; প্ৰভেদ মাথোন যে পতঞ্জলিয়ে ঈশ্বৰ মানিছিল; কিন্তু 'ইশ্বৰ প্ৰণিধানাদ্বা' বুলি সমাধি সিদ্ধিৰ বাবে আন আন উপায়ৰ লগতে ইশ্বৰ প্ৰণিধানও এটা উপায় বুলি উল্লেখ কৰিছে মাথোন। এই নিমিত্তে জৈমিনিৰ কৰ্ম্মযোগ, কপিলৰ জ্ঞানযোগ, আৰু পতঞ্জলিৰ ধ্যানযোগ ইশ্বৰমুখী নহয়। ষড়দৰ্শনৰ বাহিৰা চাৰ্ব্বাক দৰ্শনতো একেবাৰে নাস্তিক। ব্যাসৰ উত্তৰ মীমাংসা বা বেদান্ত ব্ৰহ্মপ্ৰতিপাদক, কিন্তু সেই ব্ৰহ্ম নিৰ্গুণ। বেদান্তৰ মুখ্য উদ্দেশ্য নিৰ্গুণ ব্ৰহ্মত স্থিতি অৰ্থাৎ মোক্ষ লাভ। কিন্তু নিৰ্গুণ ব্ৰহ্ম সাধাৰণ লোকৰ ধাৰণাৰ অতীত; সেইবাবেই সগুণ ব্ৰহ্মৰ আৱশ্যকতা। সগুণ ব্ৰক্ষ্মই ইশ্বৰ। উচ্চ অঙ্গৰ হিন্দুশাস্ত্ৰত সেইদেখি ব্ৰহ্ম ইশ্বৰ আৰু শক্তি এই তিনিটা ডাঙৰ তত্ত্বৰ অৱতাৰণা। ব্ৰহ্ম\nতথাৰসং নিত্যমগন্ধৱচ্চ যৎ\nঅনাদ্যূনন্তং মহতঃ পৰং ধ্ৰুৱং\nনিচায্য তং মৃত্যুমুখাৎ প্ৰমুচ্যতে।।\nঅৰ্থাৎ যাত শব্দ নাই, স্পৰ্শ নাই, ৰূপ নাই, ৰস নাই, গন্ধ নাই, যাৰ ক্ষয় নাই, যি অনাদি অনন্ত, যি মহততকৈয়ো মহৎ আৰু নিত্য নিৰ্ব্বিকাৰ; এনে ব্ৰহ্মক জানি জীৱই মৃত্যুমুখৰপৰা প্ৰমুক্ত হয়।\nঅণোৰণীয়ান্ মহতো মহীয়ান্\nআত্মা গুহায়াং নিহিতোহস্য জন্তোঃ।\nতমক্ৰতুঃ পশ্যতি ৱীতশোকো\nঅৰ্থাৎ পৰমাত্মা ব্ৰহ্ম সূক্ষ্মতকৈও সূক্ষ্ম,আৰু মহততকৈও মহৎ। তেওঁ প্ৰাণীসকলৰ হৃদয়ত বাস কৰে। বিগত-শোক ব্যক্তিয়ে সেই ভোগভিলাষ-বৰ্জ্জিত ইশ্বৰক আৰু তেওঁৰ মহিমাক তেওঁৰ প্ৰসাদত দৃষ্টি কৰে।\nব্ৰহ্মক কোনো সংজ্ঞাৰে বুজাব নোৱাৰি। সেইদেখি শ্ৰুতিত 'নেতি' 'নেতি' কৰি অৰ্থাৎ ব্ৰহ্ম এনে নহয়, এনে নহয়, কৰি বুজোৱা হৈছে। এনে নিৰ্গুণ ব্ৰহ্মক সকলোৱে ধাৰণা কৰিব নোৱাৰে। সেই বাবে ব্ৰহ্মক সগুণভাৱে আৰাধনা কৰা হয় আৰু সগুণ ব্ৰহ্মৰ আৰাধনাই সকলোৰে সাধ্যায়ত্ত।\nব্ৰহ্মৰ শক্তি ব্ৰহ্মত লীন থাকে। সৃষ্টিত সেই শক্তি ব্যক্ত অৰ্থাৎ প্ৰকাশিত হয়। সৃষ্টিৰ অন্তত অৰ্থাৎ প্ৰলয়ৰ পিছত সেই শক্তি আকৌ ব্ৰহ্মত লীন হৈ অব্যক্ত হয়। ব্ৰহ্মই সগুণ হৈ সৃষ্টি কৰে। অব্যক্ত তুৰীয় বা নিৰ্গুণ ব্ৰহ্মই আংশিকৰূপে ব্যক্ত হৈ সৃষ্টি কৰে। সগুণ শক্তিসম্বলিত ব্ৰহ্মই অৰ্থাৎ ঈশ্বৰেই ভক্তৰ উপাস্য। শক্তি সম্বলিত ব্ৰহ্মক অৰ্থাৎ ইশ্বৰক উপাসনা কৰিলেই যথেষ্ট। ইশ্বৰৰ শক্তিক ইশ্বৰৰ পৰা বেলেগাই লৈ উপাসনা কৰিবৰ সকাম কি ? সূৰ্য্যৰ ৰশ্মিয়েই সূৰ্য্য নহয়; ৰশ্মিক পূজা কৰিলেই সৰ্ব্বাঙ্গীন সূৰ্য্যপূজা নহয়;কিন্তু সূৰ্য্যক পূজা কৰিলে ৰশ্মিৰ পূজাও তাৰ অন্তৰ্গত হয়।\nব্ৰহ্মৰ উপাসনা যোগ,ধ্যান,সমাধি আদিৰ দ্বাৰাই কৰা সকলোৰে সাধ্যায়ত্ত নহয়; সেইটো অতি দু্ৰ্গম পথ। সত্য, ত্ৰেতা, দ্বাপৰত সেই পথ নিৰ্ণীত থাকিলেও কলিকালত অল্পপ্ৰাণ মানুহৰ নিমিত্তে সেই পথ অৱলম্বনীয় নহয়। এই দেখি ন-বিধ সাত্বিক ভক্তিৰ পথেৰে সগুণ ইশ্বৰৰ উপাসনা কলিৰ লোকৰ অৱলম্বনীয়। ন-বিধৰ ভিতৰত শ্ৰৱণ-কীৰ্ত্তন শ্ৰেষ্ঠ আৰু সুগম। এই হৰিনাম শ্ৰৱণ-কীৰ্ত্তন ভক্তিকে মুখ্যতঃ প্ৰকাশ কৰি জীৱৰ তৰণৰ উপায় কৰিছিল মহাপুৰুষ শঙ্কৰদেৱে, আৰু তেওঁৰ প্ৰভাৱেৰে অনুপ্ৰাণিত আৰু প্ৰভাৰে আলোকিত মহাপুৰুষ মাধৱদেৱ আৰু দামোদৰদেৱে। এই বাবেহে মাধৱদেৱে ঘোষাত লিখিছে-\nবৈকুণ্ঠ প্ৰকাশে হৰিনাম-ৰসে\nশ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা\nবহে ব্ৰহ্মাণ্ডক ভেদি।।\n[ ৫ ] এই বাবেই শঙ্কৰদেৱে 'হৰিৰ নামৰ গোপ্য পেৰাৰ মূৰ মেলি দিলে' বুলি মাধৱদেৱে কৈছে। এই বাবেই মাধৱদেৱে গাইছে -\nহৰি-ভকতিৰ পাতিলন্ত হাট\nশঙ্কৰে জগত জুৰি।\nহৰি-নামৰত্ন বেহায়া জগতে\nশঙ্কৰদেৱে গীতা, শ্ৰীমদ্ভাগৱত আৰু সহস্ৰ-নামৰ পৰা তেওঁৰ ধৰ্ম্মৰ সাৰ গ্ৰহণ কৰিছে। বেদৰ সাৰ ভাগ উপনিষদ। উপনিষদৰ সাৰ গীতা। গীতাই নিৰীশ্বৰবাদী, সন্দেহবাদী আৰু ব্ৰহ্মবাদী দৰ্শনবোৰৰ সমন্বয় কৰি তাৰ মতবোৰ ঈশ্বৰমুখী কৰিছে, গীতাই মীমাংসা-দৰ্শনৰ কৰ্ম্মকাণ্ড, পতঞ্জলিৰ ধন্যাযোগ, বেদান্তৰ জ্ঞানযোগৰ সমন্বয় কৰি একশৰণ ভক্তিযোগৰ প্ৰ্যধান্য দেখুৱাইছে। গীতাই কৰ্ম্মাবাদীক কৈছে,- তুমি যথাসাধ্য ভালকৈ কৰ্ম্ম কৰা কিন্তু তোমাৰ সকলো কৰ্ম্ম ঈশ্বৰক সমৰ্পণ কৰি কৰিবা অৰ্থাৎ ঈশ্বৰমুখী হৈ কৰ্ম্ম কৰা, ফলৰ আকাংক্ষা নকৰিবা। কৰ্ম্মতহে তোমাৰ অধিকৰা, ফলত নহয়। গীতাই সাংখ্যবাদীক কৈছে- তোমাৰ প্ৰকৃতি- পুৰষ স্বতন্ত্ৰ নহয়, ঈশ্বৰৰ অধীন। তোমাৰ তত্ত্বজ্ঞান কেৱল অনাদি অনন্ত পৰমেশ্বৰৰ স্বৰূপ জ্ঞান। ঈশ্বৰ সাধনা নহ'লে তোমাৰ কৈবল্য নহয়। গীতাই যোগমাৰ্গাৱলম্বীক কৈছে, তোমাৰ যোগ নিৰ্ব্বীজ সমাধি বা আত্মসাক্ষাৎকাৰ নহয়। তোমাৰ যোগৰ মুখ্য উদ্দেশ্য ঈশ্বৰৰ সঙ্গ লাভহে। গীতাৰ প্ৰকৃত মৰ্ম্ম নুবুজি অনেকে ভাবে যে গীতাই ঈশ্বৰবাদী নিৰীশ্বৰবাদী, আগম, নিগম, সকলো পন্থৰ ধৰ্ম্মলৈ ঠাই ৰাখিছে। গীতাৰপৰা এই শ্ৰেষ্ঠ ভক্তিযোগ, সগুণ ঈশ্বৰত একশৰণ আনি শঙ্কৰদেৱে তেওঁৰ প্ৰচাৰিত ধৰ্ম্মত প্ৰাণ সঞ্চাৰণ কৰিছে। শঙ্কৰদেৱৰ ধৰ্ম্মৰ কৰ্ম্ম-ঈশ্বৰৰ উদ্দেশ্য কৰ্ম্ম। জ্ঞান-ঈশ্বৰৰ জ্ঞান, ধ্যান ঈশ্বৰৰ ধ্যান। কিন্তু সকলো ভক্তিমূলক। শঙ্কৰী ধৰ্ম্মত ভক্তিবিবৰ্জ্জিত কৰ্ম্ম, জ্ঞান, ধ্যান অসাৰ্থক। ভক্তিৰ মূলত বিশ্বাস আৰু বিশ্বাসেই একশৰণ। গীতাৰো শেহ বচন এয়ে-'সৰ্ব্বধৰ্ম্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ'। খৃষ্টান ধৰ্ম্মতো বিশ্বাসেই মূলমন্ত্ৰ-ত্ৰাণকৰ্ত্তা যীশুত একশৰণ। ইচলাম ধৰ্ম্মতো বিশ্বাসেই মূলমন্ত্ৰ- ঈশ্বৰৰ শেষ 'প্ৰফেট' মহম্মদত বিশ্বাস আৰু একশৰণ।\nশঙ্কৰদেৱৰ ধৰ্ম্মৰ মজ্জা আনখন শাস্ত্ৰ শ্ৰীমদ্ভাগৱত। ব্যাসে অনেক পুৰাণ,অনেক শাস্ত্ৰ কৰি, বেদান্তত জ্ঞান-পথ আলোচনা কৰি ব্ৰহ্মৰ স্বৰূপ নিৰ্ণয় কৰিও তেওঁৰ মনত শান্তি নাপালে। অন্তত মহাভক্ত নাৰদৰ উপদেশত তেওঁ সগুণ ঈশ্বৰৰ লীলা বৰ্ণনা কৰি শ্ৰীমদ্ভাগৱত ৰচনা কৰিহে শান্তি পালে। জ্ঞানে শুকাই থোৱা ব্যাসৰ অন্তৰত ভক্তিৰসৰ ঢৌ উঠিল। তেওঁৰ মন ভক্তিৰ শান্তিবাৰিয়ে সজীৱ কৰিলে। সগুণ ঈশ্বৰৰ গুণশীল শ্ৰৱণ-কীৰ্ত্তন কৰি ঈশ্বৰক ভজনা কৰিবলৈ শিক্ষা দিয়াই শ্ৰীমদ্ভাগৱতৰ উদ্দেশ্য। ভাগৱতৰ সগুণ ঈশ্বৰৰ প্ৰেমমূলক ধৰ্ম্মই শঙ্কৰৰ ধৰ্ম্ম। তত্ত্বজ্ঞানী মুক্ত সিদ্ধপুৰুষ সনক, সনন্দ, সনাতন, সনৎকুমাৰ, নাৰদ, শুক আদিয়েও জ্ঞানত পৰিতৃপ্ত নহৈ প্ৰেমভক্তিমূলক সগুণ ঈশ্বৰৰ গুণশীল শ্ৰৱণ-কীৰ্ত্তনলৈ অশেষ হেঁপাহ কৰে। মুক্তসকলেও ভাৰতত মানবী জনম লভি তপ-জপ-যজ্ঞ বিবৰ্জ্জিত হৰিনাম প্ৰেমামৃত [ ৬ ] পান কৰিবলৈ হাবিলাষ কৰে। এই বাবেই মহাপুৰুষ গুৰুজনে বৰগীতত কৈছে ̶\nধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল\nধন্য ধন্য ভাৰতবৰিষে।\nতপ জপ যজ্ঞ ত্যজি তোমাৰ চৰণ ভজি\nতুৱা নাম ঘুষিয়ো হৰিষে।।\nএই বাবে কলিত 'হৰেৰ্নাম হৰেৰ্নাম হৰেৰ্নামৈৱ কেৱলম্।'\nপৃথিৱীত যতপ্ৰকাৰ শণিত সুতীক্ষ্ন অস্ত্ৰ আছে সকলোৰে ভিতৰত শব্দ অস্ত্ৰ সকলোতকৈ চোকা। 'কথাতে কটা যায়, কথাতে বঁটা পায়' বুলি কয়। 'ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি।' এইবোৰ বুঢ়ালোকৰ সাৰুৱা বচন। শব্দক সেইদেখি শব্দব্ৰহ্ম বোলে। ওঁকাৰ সেই দেখি মূলমন্ত্ৰ। বাইবেলত সেই দেখি Word is God বুলিছে। প্ৰথমতে হেলাতে ৰাম নাম লৈ থাকোঁতে থাকোঁতে লাহে লাহে সি মানুহৰ চিত্ত অধিকাৰ কৰে। প্ৰথমতে মানুহে সেইটো গম ধৰিব নোৱাৰে। অৱশ্যে প্ৰথমতে আওকাণ কৰি উচ্চাৰণ কৰি থকা নামে কালত উচ্চাৰণ কৰোতাৰ গোটেই অস্তিত্ব অজ্ঞাতসাৰে অভিভূত কৰি পেলায়। এই বাবেই ভাৰতবৰ্ষৰ মানুহে শাক্তই হওক বা শৈৱই হওক বা বৈষ্ণৱেই হওক, তেওঁলোকৰ উপাস্য দেৱতাৰ নাম তেওঁলোকে নিজ সন্তানসকলক দিয়ে। শাক্ত-শৈৱসকলেও তাৰা দুৰ্গা শিৱ গণপতিৰ নাম নিজৰ সন্তানসকলক দি নামৰ প্ৰাধান্য অজ্ঞাতসাৰে স্বীকাৰ কৰিব লাগিছে।\nহাতুৰিৰে কোবাওঁতে কোবাওঁতে প্ৰথমতে নোসোমোৱা গজালও পিছত সোমাই যায়। ঈশ্বৰত ৰতি নোহোৱাই ঈশ্বৰৰ নাম প্ৰথমতে চেলেংপেতেংকৈ লওঁতে লওঁতে কালত তাৰ মন ঈশ্বৰত নিবিষ্ট হয়। এই বাবেই কি কৰ্ম্মকাণ্ডবাদী, কি জ্ঞানকাণ্ডবাদী, কি শাক্ত, কি শৈব, কি বৈষ্ণৱ, সকলোৱে তেওঁলোকৰ অনুষ্ঠান আৰু ক্ৰিয়াবোৰ আৰু ইষ্টমন্ত্ৰ জপ, গায়ত্ৰী সন্ধা আদি দিনৌ কৰে। গিৰ্জাত আৰু মচ্জিদত এই বাবেই ঈশ্বৰৰ 'প্ৰেয়াৰ' আৰু নামাজৰ' ব্যৱস্থা। এই বাবেই শঙ্কৰদেৱৰ দিনীে নাম প্ৰসঙ্গৰ ব্যৱস্থা। নাম লোৱা ভকতক উপহাস কৰোতাসকলে তেওঁলোকৰ নিজৰে ঠিক এনে বিধৰ ব্যৱস্থালৈ চকু দিবলৈ পাহৰিহে বৈষ্ণৱক তেনে উপহাস কৰে। বাল্মীকিয়ে 'মৰা' 'মৰা' জপ কৰোঁতে পিছত তেওঁৰ মুখত ৰাম ওলালগৈ ; আৰু ওলালতে বৈকুণ্ঠৰ গোটেইখন দুৱাৰ তেওঁলৈ মুকলি হ'ল।\nঈশ্বৰৰ প্ৰতি লোমকূপতে একোটা ব্ৰহ্মাণ্ড। ব্ৰহ্মাণ্ড অসংখ্য অলেখ কোটি, কোটি। একোটা ব্ৰহ্মাণ্ডৰ ওপৰত একোজনকৈ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। কেইজনে ৰাম। বুলিছে যে তেওঁলোক উদ্ধাৰ হৈ বিশ্বপতিৰ বিশ্বগৃহ বৈকুণ্ঠৰ ঠাই তেওঁলোকে জুৰি পেলাব? ঈশ্বৰৰ আকাশত কোটি কোটি গ্ৰহ-উপগ্ৰহ, চন্দ্ৰ-সূৰ্য্য। একো একোটাৰ আগত আমাৰ এই পৃথিৱী, চন্দ্ৰ, সুৰ্য বালিচাহী। সেইবোৰত জীৱৰ বসতি আছে, বিজ্ঞানে এই কথা নিঃসন্দেহে প্ৰমাণ কৰিছে। ই কবিৰ কল্পনা নহয়। আমাৰ মাধৱদেৱে ঘোষাত কৈছে ̶ 'গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম মুৰাৰি। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী'। এতেকে ঈশ্বৰৰ নাম লৈ উদ্ধাৰ হোৱা কেচা, পকা, সিজা, নিসিজা, এধাসিজা ভকত অভকতসকলক তেওঁৰ বৈকুণ্ঠধামত ঈশ্বৰ কৃষ্ণই ঠাইৰ দিহা কৰি [ ৭ ] Accommodate কৰিব পাৰিব, চিন্তা নাই। আৰু যদিহে শ্ৰীমন্ত শঙ্কৰদেৱৰ কৃপাত নাম লৈ তাৰ ভকতসকলেৰে এইটো ব্ৰহ্মাণ্ডৰ বৈকুণ্ঠখন ভৰি যায়, তেন্তে তাঁৰ নথকা টেলিগ্ৰাফৰ সহায়ত আন এটা ব্ৰহ্মাণ্ডৰ বৈকুণ্ঠ এখনত 'আতৈসকল'লৈ ঠাই উলিয়াব পৰাটো অসম্ভৱ বুলিনো ধৰোঁ কেনেকৈ? এই বাবে আমাৰ ভকতসকলক কওঁ ̶ 'আতৈসকল! তোমৰাসকলে গল মেলি হৰিনাম লোক, শঙ্কা নকৰিব।' ̶\nনাম লোৱা বাপুসকল নকৰিবা হেলা।\nনামেসে ৰাখিব ঘোৰ সঙ্কটৰ বেলা।\nশ্ৰীমন্ত শঙ্কৰ হৰিভকতৰ\nজানা যেন কল্পতৰু।\nআপোনাসকলৰ সহায় আছে, আপোনাসকলে নাম লওক।\n"https://as.wikisource.org/w/index.php?title=তত্ত্ব-কথা/ধৰ্ম্ম_আৰু_ঈশ্বৰ-তত্ত্ব&oldid=79572"ৰ পৰা অনা হৈছে\nLast edited on ৬ আগষ্ট ২০২০, at ১১ঃ৪১\nএই পৃষ্ঠাটো শেষবাৰৰ কাৰণে ৬ আগষ্ট ২০২০ তাৰিখে ১১ঃ৪১ বজাত সলনি কৰা হৈছিল।
এই পুস্তকৰ প্রথম পদৰ পৰা এই পুস্তকৰ শিৰোনামা চলোমনৰ গান বুলি ল'ব পাৰি, যিটো গীতৰ পৰা অহাৰ যোগেদি উল্লেখ হয়ঃ "যিটো চলোমনৰ পৰম গীত" (1:1)। অবশেষত এই পুস্তকৰ শিৰোনাম ৰজা চলোমনৰ নামেৰে গ্রহণ কৰা হয়, কাৰণ এই পুস্তকৰ বিভিন্ন ঠাইত তেওঁৰ নামৰ উল্লেখ আছে (1:5; 3:7, 9, 11; 8:11-12)। এই পুস্তকৰ লিখক চলোমন। তেওঁ ইস্রায়েলৰ ৰজা হিচাপে ৰাজত্ব কৰাৰ সময়ত এই পুস্তকখন তেওঁ লিখিছিল। যিসকল পণ্ডিতে এই পুস্তক চলোমনে লিখা বুলি সন্মতি প্রদান কৰে, তেওঁলোকৰ মতে, চলোমনে এই পুস্তকখন তেওঁৰ ৰাজত্বকালৰ আৰম্ভণিতে লিখিছিল। এই কবিতাই কেৱল যুৱকসকলক উৎসাহিত কৰা বাবে নহয়, কিন্তু ইয়াত লিখকে দেশৰ দক্ষিণ আৰু উত্তৰ অঞ্চলৰ দুখন ঠাইৰ নাম উল্লেখ কৰাৰ লগতে লেবানন আৰু ইজিপ্তৰ নামো উল্লেখ কৰিছে। চলোমনৰ গান এটা গীতি কবিতা, য'ত প্রেমৰ প্রতি ভক্তিভাব প্রকাশ কৰিছে আৰু বিবাহক পৰিস্কাৰভাবে ঈশ্বৰৰ পৰিকল্পনা হিচাপে উপস্থাপন কৰিছে। এজন পুৰুষ আৰু এজনী নাৰীয়ে বিবাহৰ প্রসংগক্রমে এজনে আন জনৰ সৈতে আধ্যাত্মিকভাবে, আবেগত, আৰু শাৰীৰিকভাবে প্রেমত একেলগে বসবাস কৰিব লাগে।
কালি নিশা দুৰ্বৃত্তই বিজেপিৰ এগৰাকী ৱাৰ্ড সচিবক নিজ বাসগৃহৰ সন্মুখতে গুলীয়াই হত্যা কৰা ঘটনাই আগৰতলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত বিজেপি কৰ্মীজনক আগৰতলাৰ মিলনচক্ৰ আদৰ্শ পাল্লিৰ বাসিন্দা বিশ্বজিত পাল বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে, নিহত লোকজনৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰাণজিৎ ভৌমিক নামৰ এজন লোকক আটক কৰিছে। ধৃত প্ৰাণজিতৰ পৰা এটা ৯ এম এম পিষ্টল আৰু পাঁচ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ মতে পালক নিচেই ওচৰৰ পৰা গুলীওৱা হৈছে, আনহাতে হত্যাকাৰী পালৰ চিনাকি হয় বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। বাতৰি লিখা সময়লৈকে দুজন লোকৰ নামত এজাহাৰ দাখিল কৰা হৈছে। তদুপৰি ধৃত প্ৰাণজিতক বৰ্তমান এই সংক্ৰন্তত জেৰা চলাই থকা হৈছে বুলি উল্লেখ কৰি আৰক্ষীয়ে ঘটনা সম্পৰ্কত কিছু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে বুলি কয়। উল্লেখযোগ্য যে ৰাজনৈতিক হিংসা নতুন ঘটনা নহয়। বিধানসভা নিৰ্বাচনৰ আগে পিছেও ৰাজ্যখনত বিজেপি আৰু বাঁও সমৰ্থকসকলৰ মাজত বহুকেইটা হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠাৰ মাজতে বুধবাৰে আবেলি ৩ মান বজাত শিৱসাগৰ জিলাৰ ফুলপানীছিগাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুখুৰীসদৃশ গাঁতত পৰি দুৰ্ঘটনাত পতিত হৈছে পৰিবহণ নিগমৰ এখন বাছ। ৰাজ্যত ১০৮ আৰু ১০২ জৰুৰী সেৱাৰ কৰ্মচাৰীসকল কৰ্মবিৰত হৈ থকাৰ অৱস্থাত সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই। কিছু পৰিমাণে আঘাত পোৱাসকলক গৌৰীসাগৰ আৰক্ষী আহি প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে। ঘটনাৰ বিৱৰণীমতে ফুলপানীছিগাত ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত থকা এটা বিধ্বস্ত পুলৰ গাঁতত সোমাই বাগৰি পৰা বাছখন পথৰ কাষৰ টেলিফোনৰ খুঁটা এটাত খুন্দা মাৰি ৰৈ যায়। ঘটনাথলী গৌৰীসাগৰ থানাৰ পৰা প্ৰায় ৮ কি.মি. দূৰত। জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
বাঘৰ নহয়, অজগৰৰ নেজেৰে কাণ খজুৱাইছে শোণিতপুৰৰ বনকৰ্মীয়ে! কিয় চাওক এই প্ৰতিবেদন।forest-guard-pricks-ear-with-rescued-python-tail-out-of-faith-people-reacting- News18 Assam\nবাঘৰ নহয়, অজগৰৰ নেজেৰে কাণ খজুৱাইছে শোণিতপুৰৰ বনকৰ্মীয়ে! কিয় চাওক এই প্ৰতিবেদন\nUpdated:December 2, 2019, 2:15 PM IST\nবনকৰ্মীজনৰ আজৱ কাণ্ডক লৈ চৌদিশে চৰ্চা।\nLast Updated: December 2, 2019, 2:15 PM IST\nএডাল প্ৰকাণ্ড অজগৰ সাপকলৈ এজন ব্যক্তিৰ ল'ৰা-ধেমালি। অজগৰৰ নেজ কাণত লগোৱা এই লোক জন শোণিতপুৰৰ মিছামাৰীৰ গাভৰু বন কাৰ্যালয়ৰ বনকৰ্মী।\nকিন্তু অজগৰ সাপক ডালৰ নেজ কিয় কাণত লগাই কাণ পৰিষ্কাৰ কৰিছে তেওঁ? দৰাচলতে শোণিতপুৰ জিলাৰ মিছামাৰীত আজি এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়। মিছামাৰীৰ ভাৰতীয় সেনা ছাউনীৰ ৫১০৪ নম্বৰত প্ৰকাণ্ড অজগৰ সাপডাল বিচৰণ কৰি থকা সেনা জোৱানসকলে প্ৰত্যক্ষ কৰে।\nপাছত ঘটনাৰ সন্দৰ্ভত সেনাৰ জোৱানসকলে গাভৰু খণ্ড বিষয়া কাৰ্যালয়ত খবৰ দিয়াত বনকৰ্মীসকল ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি সোনাই-ৰূপাই অভয়াৰণ্যত এৰি দিয়ে। সাপডালৰ দৈৰ্ঘ্য প্ৰায় ৭-৮ ফুট আৰু ওজন প্ৰায় ২০-২৫ কিলোগ্ৰাম ওজন হব। ইয়াৰ মাজতে, এগৰাকী বনকৰ্মীৰ আজৱ কাণ্ড চৰ্চালৈ আহিছে। গাভৰু খণ্ড বন কাৰ্যালয়ত কৰ্মৰত বনৰক্ষী গম্ভীৰ ডেকাই অজগৰৰ নেজ ডালৰে কাণ খজুৱাইছিল।\nঅজগৰৰ নেজৰে কাণ খজুৱালে কাণৰ বেমাৰ ভাল হয় বুলি ককা-আইতাৰ মুখত শুনিছিল আৰু সেই বিশ্বাস অনুসৰি তেনে কাৰ্য কৰা বুলি ডেকাই সদৰি কৰে।
তামুলপুৰ আৰক্ষীৰ বৃহৎ সফলতা। বুধবাৰে তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ লাউপাৰাত চলোৱা অভিযানত অৰুনাচললৈ নি থকা অৱস্থাৰ পৰা ৮ গৰাকীকৈ কিশোৰক উদ্ধাৰ । মানৱ সৰবৰাহত ব্যবহৃত এ এছ ১২ আৰ - ৮৪৯৬ নম্বৰৰ এখন মাৰুতি ব্ৰীজা আৰু এ এছ ০৫- এফ- ০৮৪৪ নম্বৰৰ অল্ট" বাহন জব্দ। দুগৰাকী অৰুণাচলী লোকে তামুলপুৰ জিলাৰ ভাৰত-ভুটান সীমান্তৰ আঙাৰকাটা, ঢেকীয়াবস্তী আৰু ৩ নম্বৰ কালিপুৰ.অঞ্চলৰ পৰা আঠ গাৰকীকৈ কিশোৰক বিভিন্ন প্ৰলোভন দেখুৱাই বাহন দুখনেৰে অৰুনাচললৈ লৈ গৈ আছিল। বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰী সংযোগী পথৰ লাউপাৰাত স্থানীয় আছু কৰ্মীৰ সহযোগত অভিযান চলাই চাৰিচকীয়া বাহন দুখন জব্দ কৰাৰ লগতে কিশোৰ কেইগৰাকীকক উদ্ধাৰ কৰে। মানৱ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ টেঞ্জিং সুদূপ(৪৮) আৰু ৰাম কুমাৰ তামাং(৪৫) , ওদালগুৰি জিলাৰ ভৈৰবকুণ্ডৰ যতীন কৰ্মকাৰ(৩০) আৰু তামুলপুৰ জিলাৰ মেশগুৰি গাঁওৰ সবিতা প্ৰধান(২৬) ক গ্ৰেপ্তাৰ আৰক্ষীৰ। কুমাৰীকাটাৰ ঢেকীয়াবস্তি চকৰ পৰা অচিনাকি দুখন বাহনে কিশোৰ কেইজনক উঠাই লৈ অনা প্ৰত্যক্ষ কৰি আৰক্ষীৰ লগত যোগাযোগ কৰিছিল স্থানীয় লোকে। পিছত কুমাৰিকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱা, নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মইদুল ইসলামৰ সহযোগত তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাই স্থানীয় আছুৰ সহযোগত অভিযান চলাই কিশোৰ ৮ গৰাকীক উদ্ধাৰ কৰে। বুধবাৰে নিশা তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱ এ তামুলপুৰ আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
1. তাৰ পাছত হগ্গয় ভাবাদী আৰু ইদ্দোৰ পুত্ৰ জখৰিয়া ভাববাদীয়ে, যিহূদা আৰু যিৰূচালেমত থকা যিহূদী লোকসকলৰ আগত ইস্ৰায়েলৰ ঈশ্বৰৰ নামত ভাববাণী প্ৰচাৰ কৰিলে। 2. চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, আৰু যোচাদকৰ পুত্ৰ যেচুৱাৰ লগতে যিসকলে তেওঁলোকক উদগণি দিছিল, সেই ভাববাদীসকলৰ সৈতে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কাৰ্য আৰম্ভ কৰিলে। 5. কিন্তু ঈশ্বৰৰ দৃষ্টি যিহূদীৰ বৃদ্ধ লোকসকলৰ ওপৰত আছিল, আৰু তেওঁলোকে কাৰ্য বন্ধ নকৰিলে। ৰজা দাৰিয়াবচৰ পৰা অহা আজ্ঞালৈ তেওঁলোকে অপেক্ষা কৰিলে। 6. এইখন দাৰিয়াবচ ৰজালৈ তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰী কৰ্মচাৰীসকলে লিখা পত্ৰ। 7. তেওঁলোকে দাৰিয়াবচ ৰজালৈ এখন প্রতিবেদন লিখি পঠালে, "আপোনাৰ চাৰিওদিশে মঙ্গল হওঁক। 8. মহাৰাজে জ্ঞাত হওঁক, যে, আমি যিহূদাত মহান ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। তাক বৰ বৰ শিলেৰে নিৰ্ম্মাণ কৰা হৈছে, আৰু দেৱালত কাঠ লগোৱা হৈছে। এই কাৰ্য পুঙ্খানুপুঙ্খ ভাৱে কৰা হৈছে, আৰু তেওঁলোকৰ হাতৰ দ্বাৰাই এই কাৰ্য সুন্দৰভাৱে আগবাঢ়ি গৈছে। 9. আমি বৃদ্ধসকলক সুধিলোঁ, 'এই গৃহ আৰু এই দেৱালবোৰ নিৰ্ম্মাণ কৰিবলৈ আপোনালোকক কোনে আজ্ঞা দিলে'। 10. লগতে যি সকলে তেওঁলোকক নেতৃত্ব দি আছে সেই লোকসকলৰ নাম জানিবৰ বাবে আমি তেওঁলোকৰ নামো সুধিলোঁ। 11. তেতিয়া তেওঁলোকে উত্তৰ দি ক'লে, "স্বৰ্গ আৰু পৃথিৱীৰ যি ঈশ্ৱৰ তেওঁৰ আমি দাস, আমি এই গৃহ পুনৰ নিৰ্ম্মাণ কৰি আছোঁ। যি গৃহ বহু বছৰৰ আগতেই ইস্ৰায়েলৰ এজন মহান ৰজাই নিৰ্ম্মাণ কৰি সম্পূৰ্ণ কৰিছিল। 12. সেয়ে, যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে, স্বৰ্গৰ ঈশ্বৰৰ ক্ৰোধ প্রজ্বলিত কৰিছিল তেতিয়া বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত ঈশ্ৱৰে তেওঁলোকক শোধাই দিছিল আৰু ৰজা নবূখদনেচৰে এই গৃহ নষ্ট কৰিছিল আৰু লোকসকলক বাবিললৈ বন্দী কৰি লৈ গৈছিল। 13. তথাপি, বাবিলৰ কোৰচ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত, কোৰচ ৰজাই ঈশ্বৰৰ এই গৃহ পুনৰ নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা জাৰি কৰিলে। 14. ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু আছিল, সেইবোৰ নবূখদনেচৰে যিৰূচালেমৰ মন্দিৰৰ পৰা বাবিলৰ মন্দিৰলৈ লৈ গৈছিল। সেইবোৰো কোৰচ ৰজাই ঘূৰাই দিছিল। তেওঁ নিযুক্ত কৰা অধ্যক্ষ চেচবচৰক সেইবোৰ পুনৰ গতাই দিয়ে। 15. ৰজাই তেওঁক কৈছিল, 'এইবোৰ বস্তু লৈ যোৱা আৰু যিৰূচালেমৰ মন্দিৰত ৰাখা। ঈশ্বৰৰ গৃহ সেই ঠাইত পুনৰ নিৰ্ম্মাণ কৰা হওঁক'। 16. তাৰ পাছত চেচবচৰে আহি যিৰূচালেমত ঈশ্বৰৰ গৃহৰ ভিত্তিমূল স্থাপন কৰিলে; আৰু এই নিৰ্মাণ কাৰ্য আমি কৰি আছোঁ, কিন্তু এতিয়াও সম্পূৰ্ণ হোৱা নাই। 1. সেয়ে দাৰিয়াবচ ৰজাই বাবিলৰ ৰাজভঁৰালত থকা নথি-পত্ৰবোৰ বিচাৰ কৰিবলৈ আজ্ঞা দিলে। 2. মাদীয়াৰ অকমথাত নগৰৰ গড়ত এখন নুৰিওৱা পুথি পোৱা গ'ল; সেই পুথিত এই বিৱৰণ লিখা আছিলঃ 3. "কোৰচ ৰজাৰ প্ৰথম বছৰত, কোৰচ ৰজাই যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ বিষয়ে এটা আজ্ঞা জাৰি কৰিছিলঃ 'বলিদানৰ বাবে গৃহটো নিৰ্ম্মাণ কৰা হওঁক। তাৰ দেৱালবোৰৰ ওখ আৰু বহল ষাঠি হাত, 4. তিনি শাৰী ডাঙৰ শিল আৰু এশাৰী নতুন কাঠৰ সৈতে নিৰ্ম্মাণ কৰা হওক। এই নিৰ্ম্মাণ কাৰ্যত ৰজাৰ গৃহৰ পৰা ব্যয় কৰা হওক। 6. চথৰ-বোজনয় তত্তনয় আৰু নদীৰ সিপাৰে থকা তোমালোকৰ সহকাৰী কৰ্মচাৰীসকলৰ পৰা আঁতৰি থাকা। 7. ঈশ্বৰৰ সেই গৃহৰ কাৰ্য তোমালোকে এৰি দিয়া। ঈশ্বৰৰ গৃহ অধ্যক্ষ আৰু যিহূদীৰ বৃদ্ধসকলে সেই ঠাইতে নিৰ্ম্মাণ কৰক। 8. যিসকল যিহূদী বৃদ্ধলোকে ঈশ্বৰৰ সেই গৃহ নিৰ্ম্মাণ কৰি আছে তেওঁলোকৰ বাবে এই সকলো কৰিবলৈ মই তোমালোকক আজ্ঞা দিছোঁঃ সেই লোকসকলৰ কাৰ্য বন্ধ নহবৰ বাবে নদীৰ সিপাৰৰ ৰাজকৰৰ পৰা ৰজাৰ ধনেৰে তেওঁলোকক হাজিৰা দিয়া হওক। 9. স্বৰ্গৰ ঈশ্বৰৰ উদ্দেশ্যে হোম-বলি দিবলৈ যিৰূচালেমৰ পুৰোহিতসকলে আদেশ দিয়া অনুসাৰে প্রতিদিনে ক্ষতি নকৰাকৈ যি যি প্রয়োজনীয় বস্তু যেনে, দমৰা, মতা মেৰ বা মেৰ-ছাগ পোৱালি, ঘেঁহু, লোণ, দ্রাসাৰস, বা তেল, এইসকলো বস্তু তেওঁলোকক দিয়া হওক। 10. স্ৱৰ্গৰ ঈশ্ৱৰলৈ দান দিবলৈ আৰু ৰজা আৰু তেওঁৰ পুত্রসকলৰ কাৰণে তেওঁলোকে প্রাৰ্থনা কৰিবলৈ তোমালোকে এই দৰে কৰা। 11. মই আজ্ঞা কৰিছোঁ, যে, যি কোনোৱে এই আজ্ঞা লঙ্ঘন কৰিব, তাৰ ঘৰৰ চালৰ এডাল কাঠ উলিয়াই আনি তেওঁক তাত আৰি থোৱা হ'ব আৰু সেই দোষৰ বাবে তেওঁৰ ঘৰ জাবৰৰ দ'ম কৰা হ'ব। 13. তাৰ পাছত ৰজা দাৰিয়াবচে দিয়া আদেশ অনুসাৰে তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰীসকলে সকলো কাৰ্য কৰিলে। 14. সেয়ে হগ্গয় আৰু জখৰিয়া ভাববাদীৰ ভাববাণীৰ নিৰ্দেশ অনুযায়ী যিহূদাৰ বৃদ্ধসকলে নিৰ্ম্মাণ কাৰ্য কৰিলে। তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰ আৰু কোৰচ, দাৰিয়াবচ, আৰু পাৰস্যৰ ৰজা অৰ্তক্ষত্ৰৰ আজ্ঞা অনুসাৰে তেওঁলোকে গৃহ নিৰ্ম্মাণ কৰিলে। 15. ৰজা দাৰিয়াবচৰ ৰাজত্বৰ ষষ্ঠ বছৰৰ, অদৰ মাহৰ (মাৰ্চ মাহৰ পূৰ্ণিমাৰ পৰা এপ্রিল মাহৰ পূৰ্ণিমালৈকে) তৃতীয় দিনা এই গৃহ সম্পূৰ্ণ হ'ল। 16. ঈশ্ৱৰৰ এই গৃহ আনন্দেৰে ইস্ৰায়েলৰ লোক, পুৰোহিত, লেবীয়া আৰু বন্দীত্বৰ পৰা অহা লোকসকলে ঈশ্ৱৰৰ এই গৃহ আনন্দেৰে ঈশ্ৱৰলৈ উৎসৰ্গা কৰিলে। 17. ঈশ্বৰৰ গৃহ উৎসৰ্গ কৰোঁতে এশ দমৰা, এশ মতা মেৰ-ছাগ, আৰু চাৰিশ মেৰ-ছাগ পোৱালি, তেওঁলোকে দান দিলে। ইস্রায়েলত থকা প্রতিটো জাতিৰ বাবে এটা আৰু সকলো ইস্রায়েল লোকসকলৰ বাবে পাপাৰ্থক বলিস্বৰূপে বাৰটা মতা ছাগলীও দান কৰিলে। 18. মোচিৰ পুস্তকখনত লিখা অনুসাৰে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে পুৰোহিতসকলক আৰু লেবীয়াসকলক কাৰ্যৰ বিভাগ অনুসাৰে নিযুক্ত কৰিলে। 19. সেয়ে প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা বন্দীত্বৰ পৰা অহা লোকসকলে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে। 20. পুৰোহিত আৰু লেবীয়াসকলে নিজকে শুচি কৰিলে আৰু যি সকল বন্দীত্বৰ পৰা আহিছিল, তেওঁলোক সকলোৰে বাবে নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিলে। 21. বন্দীত্বৰ পৰা অহা ইস্ৰায়েলৰ লোকসকল, যিসকলে দেশৰ অশুচি লোকসকলৰ পৰা নিজকে পৃথক কৰি ৰাখিলে আৰু ইস্রায়েলৰ ঈশ্ৱৰ যিহোৱাৰ উদ্দেশ্যে হৰ্ষধ্ৱনি কৰিলে, তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ মাংসৰ কিছু অংশ ভোজন কৰিলে। 22. তেওঁলোকে সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব আনন্দেৰে পালন কৰিলে। কিয়নো যিহোৱাই তেওঁলোকলৈ আনন্দ কঢ়িয়াই আনিলে, আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কাৰ্যত তেওঁলোকৰ হাত সবল কৰিবৰ অৰ্থে ৰজা অচুৰৰ মন তেওঁলোকলৈ ঘূৰালে। 1. যিহোৱাই পবিত্ৰ পৰ্ব্বত শ্রেনীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে। 2. যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়। 3. হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)। 6. যিহোৱাই জাতি সমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক'ব, "এইজনৰ চিয়োনত জন্ম হৈছিল।" (চেলা)। 19. দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ, মৰুভূমিত বাস কৰাই ভাল। 20. জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে; কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে।
Ola ই ইয়াৰ প্ৰথম হাইপাৰচাৰ্জাৰ ষ্টেশ্যন মুকলি কৰিলে। ১৮ মিনিট চাৰ্জ দিলেই ই-স্কুটাৰ দৌৰিব ৭৫ কিলোমিটাৰ। অহা ১ নৱেম্বৰৰ পৰা পুনৰ Olaৰ ইলেকট্ৰিক স্কুটাৰৰ বুকিং আৰম্ভ হ'ব। ইয়াৰ আগেয়ে Olaৰ প্ৰথম হাইপাৰচাৰ্জিং ষ্টেশ্যন মুকলি কৰিলে সংস্থাটোৰ মুখ্য কাৰ্যবাহী ভাৱিশ আগৰৱালাই। মুখ্য কাৰ্যবাহী ভাৱিশ আগৰৱালাই টুইটাৰত Ola Electricৰ প্ৰথম হাইপাৰচাৰ্জাৰ এখন Ola S1 ইলেকট্ৰিক স্কুটাৰ চাৰ্জ দিয়াৰ ফটো শ্বেয়াৰ কৰে। Olaই দাবী কৰা মতে চাৰ্জিং পইন্টত ১৮ মিনিট চাৰ্জ দিলেই ইয়াৰ ই-স্কুটাৰ ৭৫ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে। সংস্থাটোৱে জানিবলৈ দিয়া মতে অহা ১০ নৱেম্বৰৰ পৰা Ola S1 আৰু Ola S1 Pro-ৰ গ্ৰাহকে টেষ্ট ৰাইডৰ সুবিধা পাব। Northeast Now Exclusive: চৰকাৰৰ এটা ভুল নীতিৰ মাৰাত্মক ফল ভুগিব নেকি আৰক্ষীৰ লগতে মহানগৰবাসীয়ে? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
বোম্বাইলা দেৱী লাইশ্ৰাম (জন্মঃ ২২ ফেব্ৰুৱাৰী ১৯৮৫)[1] এগৰাকী খ্যাতনামা ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ২০০৭ চনৰ পৰা বিভিন্ন আন্তঃজাৰ্তিক প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে ।[2] মণিপুৰৰ পশ্চিম ইম্ফলত জন্ম গ্ৰহণ কৰা বোম্বাইলায়ে ১৯৯৭ চনত জাতীয় স্তৰত প্ৰথম আত্মপ্ৰকাশ কৰে।
মেঘালয় : এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ (এআইইউ), নতুন দিল্লীৰ উদ্যোগত আৰু ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকনলজি মেঘালয়ৰ পৃষ্ঠপোষকতাত ইষ্ট জন আন্তঃবিশ্ববিদ্যালয় বাস্কেটবল প্ৰতিযোগিতাৰ উদ্বোধন কৰে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ৰাজ কাকটিয়ে। উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে অসমৰ ক্ৰীড়া ব'ৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন; নয়নমণি শইকীয়া, ডি এছ পি(ক্ৰিড়া), অসম; অৰ্জুন বঁটা বিজয়ী আৰু ভাৰতীয় দলৰ অধিনায়ক মিষ্টাৰ বিষেশ ভৃগুবংশী; মিষ্টাৰ মোহিত ভাণ্ডাৰী, টিম ইণ্ডিয়াৰ প্ৰশিক্ষক, বাস্কেটবল; মিষ্টাৰ অৰ্জুন সিং, সদস্য, ভাৰত দল বাস্কেটবল, বিনোদ চৌধুৰী, প্ৰাক্তন ভাৰতৰ খেলুৱৈ আৰু এন এফ ৰেলৱেৰ প্ৰাক্তন ভাৰতীয় খেলুৱৈ আৰু মুখ্য প্ৰশিক্ষক, প্ৰবীণ ক্ৰীড়া সাংবাদিক সুবুধ মল্ল বৰুৱাৰ লগতে বিশিষ্ট ক্ৰীড়া ব্যক্তিত্ব, অন্যান্য গণ্যমান্য ব্যক্তি। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে সম্বোধন কৰি লক্ষ্য কোঁৱৰে কয় যে চৰকাৰে ক্ৰীড়াৰ প্ৰচাৰ কৰি আছে আৰু ইয়াৰ বাবে ভাৰতীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে খেলো ইণ্ডিয়া কাৰ্যসূচী প্ৰৱৰ্তন কৰে। তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা সকলো খেলুৱৈকে ক্ৰীড়া সুলভ মনোভাৱ জগাই তুলিবলৈ আহ্বান জনায়। "মই সুখী যে ইউ এছ টি এমৰ উদ্যমী আচাৰ্য মহবুবুল হকৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে উত্তৰ-পূবত এই মেগা ক্ৰীড়া অনুষ্ঠান আয়োজন কৰিবলৈ ওলাই আহিছে", তেওঁ কয়। ইয়াৰ পূৰ্বে আদৰণি ভাষণ প্ৰদান কৰে ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই। অংশগ্ৰহণকাৰী খেলুৱৈসকলে পতাকা উত্তোলন আৰু শপত গ্ৰহণৰ অন্তত উদ্বোধনী খেলখন অসমৰ গুৱাহাটী বিশ্ববিদ্যালয় আৰু পশ্চিম বংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত হয়। ১১ দিন জোৰা এই প্ৰতিযোগিতাখনত আজিৰ পৰা আৰম্ভ হৈছে মহিলা বাস্কেটবল প্ৰতিযোগিতা য'ত ৩৬ টা দলে উৰিষ্যা, ইউ পি, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, পশ্চিম বংগ তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে। মহিলাৰ প্ৰতিযোগিতা ১৮ নৱেম্বৰলৈকে চলিব আৰু পুৰুষৰ প্ৰতিযোগিতা ২২ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ ইউ এছ টি এমৰ ক্ৰীড়া কমপ্লেক্সত আৰম্ভ হ'ব। পুৰুষৰ প্ৰতিযোগিতাত মুঠ ৫১ টা দলে অংশগ্ৰহণ কৰিছে। মহিলা আৰু পুৰুষ উভয় ইভেণ্টৰ শীৰ্ষ ৪ টা দলে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত অংশগ্ৰহণ কৰিব। এই প্ৰসংগত স্প'ৰ্টছ ফ'ৰাম ইউ এছ টি এমৰ আহ্বায়ক তথা ইষ্ট জ'ন ইণ্টাৰ ইউনিভাৰ্চিটি বাস্কেটবল প্ৰতিযোগিতাৰ সাংগঠনিক সম্পাদক ৰিজাউল আহমেদে কয় যে, "মহিলা প্ৰতিযোগিতাত সকলো ৪৫০ গৰাকী খেলুৱৈ, ৭০ গৰাকী প্ৰশিক্ষক আৰু পুৰুষৰ প্ৰতিযোগিতাত ৬১২ গৰাকী খেলুৱৈ আৰু ১০০ গৰাকী প্ৰশিক্ষকৰ বাবে থকাৰ ব্যৱস্থা ১৭ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈকে ইউ এছ টি এমৰ দ্বাৰা কৰা হৈছে"। তেওঁ কয় যে ইউএছটিএমে অংশগ্ৰহণকাৰীসকলৰ বাবে মানসম্পন্ন খাদ্যৰ ব্যৱস্থাও কৰিছে। তেওঁ লগতে কয়, 'আমি দুখন বিশ্বমানৰ বাস্কেটবল ক'ৰ্ট প্ৰস্তুত কৰিছো য'ত দিবা-নৈশ খেল অনুষ্ঠিত হ'ব আৰু ২০ জন ফিবা, বিএফআইৰ শ্বীকৃতিপ্ৰাপ্ত ৰেফাৰীয়ে বিচাৰ কৰিব। You may also read!
ডিজিটেল ডেস্কঃ এটা ব্যতিক্ৰমী সংগ্ৰহালয়। গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত স্থাপন কৰা হৈছে এই ব্যতিক্ৰমী সংগ্ৰহালয়টো। এই সংগ্ৰহালয়টোৱে আপোনাক লৈ যাব শৈশৱলৈ। কি নাই এই সংগ্ৰহালয়টোত? পেং, কেটেপা, বাটলু গুটি, ধনু কাঁড়, লাটুম, নাঙল- যুঁৱলি, ধুপ খেলৰ সামগ্ৰী, মাৰ্বল, কড়ি, কাগজৰ চিলা, হিলৈ, ঘিলাকে ধৰি ১০০ ৰো অধিক খেলৰ সামগ্ৰী সংগ্ৰহ কৰা হৈছে এই সংগ্ৰহালয়টোত। সংগ্ৰহালয়টোত আছে নাও খেলৰ সামগ্ৰী, কৃষি সঁজুলি, মাছ ধৰা সামগ্ৰী। আছে কাৰ্বি, মিচিং, বড়ো, তিৱা, ৰাভাকে ধৰি অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ পৰম্পৰাগত খেল ধেমালিৰ সঁজুলি। কেৱল খেলৰ সঁজুলিয়েই নহয়, সংগ্ৰহালয়টোত অহৰহ দেখাই থকা হৈছে এই থলুৱা খেলসমূহ কিদৰে খেলা হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ৬০০ ৰো অধিক থলুৱা আৰু পৰম্পৰাগত খেল পুনৰ উদ্ধাৰ কৰি সংৰক্ষণৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ প্ৰয়াস অব্যাহত ৰখা ক্ৰীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মাৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই বিশেষ সংগ্ৰহালয়টো। আজি গুৱাহাটীৰ ৰাজগড়ত চিৰঞ্জীৱ শৰ্মাৰ একান্ত প্ৰচেষ্টাত ক্ৰীড়া আৰু সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰই অলিম্পিয়া ট্ৰেডিশ্যনেল স্পৰ্টছ মিউজিয়াম নামেৰে স্থাপন কৰা এই সংগ্ৰহালয়টো শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। সংগ্ৰহালয়টো স্থাপন কৰাৰ ক্ষেত্ৰত জড়িত হৈ আছে চিৰঞ্জীৱ শৰ্মাৰ সুদীৰ্ঘ ১০ বছৰৰো অধিক সময়ৰ প্ৰচেষ্টা। ইফালে এই ব্যতিক্ৰমী সংগ্ৰহালয়টোত উপস্থিত হৈ ৰোমাঞ্চিত হৈ পৰিল আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকা। হাজৰিকাই অতীত ৰোমন্থন কৰি তেওঁ কিদৰে এই খেলসমূহ খেলিছিল সেই বিষয়ে উল্লেখ কৰাৰ লগতে নিজ সন্তানকো এই সংগ্ৰহালয়লৈ আনিব বুলি উল্লেখ কৰি সকলোকে সংগ্ৰহালয়টো পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত উদ্বোধক গীতাৰ্থ গোস্বামীয়ে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মাই এনে এটা আকৰ্ষণীয় ক্ৰীড়া সংগ্ৰহালয় গঢ়ি তোলাৰ বাবে তেওঁক ভূয়সী প্ৰশংসা কৰে আৰু এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। আনহাতে এই সংগ্ৰহলায়টো আজিৰে পৰা সকলো ৰাইজৰ বাবেই মুকলি থাকিব বুলিও চিৰঞ্জীৱ শৰ্মাই জানিবলৈ দিছে। অনুষ্ঠানত গীতাৰ্থ গোস্বামীৰ উপৰিও প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰাক্তন টাইকোৱাণ্ড খেলুৱৈ পৰাগধৰ কোঁৱৰ, এলভিছ আলী হাজৰিকা, দেৱজিত গগৈ, সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেচনৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক সুবোধ মল্ল বৰুৱা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোঁহাইকে ধৰি ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি, ক্ৰীড়া সংগঠক উপস্থিত থাকে।
প্ৰাৰ্থীসকলে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বিভাগৰ ৱেবচাইটত গৈ অহা ২৫ মাৰ্চ ২০২০ তাৰিখৰ ভিতৰত প্ৰয়োজনীয় প্ৰমাণ পত্ৰসমূহ আপলোড কৰাৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি অনলাইন আবেদন কৰিব লাগিব। government jobs of Assam অথবা অসম আৰক্ষীৰ বিভাগীয় ৱেবচাইটত গৈ সবিশেষ তথ্য লাভ কৰিব পাৰিব। বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
"আপুনি জানিছিলনে যে পৃথিৱীৰ অন্য যিকোনো চহৰৰ তুলনাত পেৰিছতে সকলোতকৈ অধিক সংখ্যক গণিতজ্ঞ আছে? আৰু গণিতজ্ঞৰ নামেৰে বিশ্বৰ আন যিকোনো চহৰতকৈ অধিক সংখ্যক পথো আছে বুলি? আৰু যদি আপুনি ফিল্ডছ মেডেলৰ পৰিসংখ্যালৈ চায় - যিটোক প্ৰায়ে গণিতৰ ন'বেল বঁটা বুলিও কোৱা হয় আৰু সদায় চল্লিছ বছৰতকৈ কম বয়সৰ গণিতজ্ঞক প্ৰদান কৰা হয় - তেন্তে আপুনি পাব যে ফ্ৰান্সত অন্য যিকোনো দেশৰ নিৱাসীৰ তুলনাত অধিক সংখ্যক ফিল্ডছ মেডেল-ধাৰী আছে।" - এইয়া আছিল ২০১০ চনত ফিল্ডছ মেডেল বিজয়ী চিডৰিক ভিলানি নামৰ বিখ্যাত গণিতজ্ঞগৰাকীৰ বক্তব্য। কেতিয়াবা ভুল তথ্য প্ৰচাৰ নকৰাৰ পাছতো কিছুমান তথ্যৰ অত্যাধিক প্ৰচাৰে আন কিছুমান গুৰুত্বপূৰ্ণ তথ্যক খুৱ অনিষ্টদায়কভাৱে ঢাক খুৱাই ৰাখে। আমাৰ অসমত গান-বাজানা, গল্প-পদ্য-চিত্ৰ-কথাছবি আদিলৈ মানুহৰ বেছি ৰাপ (সেই ৰাপ পঠনৰ অভ্যাসৰ দৰে দৰকাৰী ৰাপো নহয়) বাবে বিজ্ঞান তথা উদ্ভাৱণ সংক্ৰান্তীয় বৌদ্ধিক আলোড়ণৰ প্ৰতি আমাৰ সমাজখন খুৱ নিৰ্লিপ্ত বুলি প্ৰায়ে অভিযোগ শুনা যায়। সেই কাৰণেই ওপৰৰ কথাষাৰ পঢ়ি বহুতেই আচৰিতেই হ'ব, কাৰণ তেওঁলোকে পেৰিছক পুৰণি চিত্ৰ-ভাস্কৰ্য, যাদুগৃহ, ৰোমাঞ্চ আদিৰহে এখন ৰমণীয় চহৰ বুলি অত্যাধিক পৰিমাণে শুনি আহিছে। আজি পৃথিৱীৰ যিকোনো কোণলৈকে যোগাযোগৰ উন্নত প্ৰযুক্তিৰ যুগত নতুন যুগৰ মহান গণিতজ্ঞ-বিজ্ঞানীসকলৰ বহুতে নিজৰ উদ্ভাৱনৰ লগতে আবদ্ধ নাথাকি বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰাৰ বাবে এনে কাৰ্য্যসমূহ খুৱ তৎপৰতাৰে কৰি থাকে। চিডৰিক ভিলানিও তেনে এজন গণিতজ্ঞ। বৰ্তমান ৪৩ বছৰীয়া এই গণিতজ্ঞগৰাকীয়ে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত ঘূৰি বক্তৃতানুষ্ঠান, চেমিনাৰ আদিত ভাগ লৈ ফুৰে। তাৰোপৰি তেওঁ গণিত-বিজ্ঞান জনপ্ৰিয়কৰণৰ ভিডিঅ' প্ৰস্তুত কৰি প্ৰচাৰ কৰে, জনপ্ৰিয় গ্ৰন্থ লিখে, তথ্যচিত্ৰ নিৰ্মাণত জড়িত হয়। বৰ্তমান তেওঁ বিশ্ববিখ্যাত প্ৰতিষ্ঠান Institut Henri Poincare (IHP)ৰ পৰিচালকো। শেহতীয়াভাৱে তেওঁ ৰাজনীতিতো জড়িত হৈছে। এই সকলোখিনিৰ উপৰি চিডৰিক ভিলানিৰ আন এটা সম্পূৰ্ণ ব্যতিক্ৰমী পৰিচয় আছে। ভিলানিয়ে পৰিধান কৰে এক পৃথক ধৰণৰ পোচাক, আৰু মূৰত ৰাখে গলধনলৈকে পৰাকৈ ঢৌ-খেলা ষ্টাইলিছ চুলি। তেওঁ পৰিধান কৰে ওঠৰ-ঊনৈছ শতিকাৰ কিছুসংখ্যক চৌখিন চিত্ৰকৰ বা যাদুকৰৰ ফটোত আমি দেখাৰ দৰে ডাঙৰ ডাঙৰ বুটাম লগোৱা চাৰ্ট, তাৰ ওপৰত কোট, ডিঙিত মাফলাৰ বন্ধা ধৰণেৰে বন্ধা চিল্কৰ টাই, আৰু কোটৰ বাওঁকাষে সদায় থাকে বিশেষভাৱে ডিজাইন কৰা এটা ডাঙৰ মকৰাৰ ব্ৰোচ (brooch)। এই সাজসজ্জাৰে তেওঁ বিশ্বৰ গণিতজ্ঞসকলৰ মাজৰ পৰা এটা নতুন, ব্যতিক্ৰম আৰু স্বতন্ত পৰিচয় লাভ কৰিছে, আৰু বিখ্যাত ফেচন মেগাজিনেও তেওঁক বেটুপাতত স্থান দিছে। বিশ্বৰ তাৰকাসকলৰ ভিতৰত যিসকলে খুৱ ব্যতিক্ৰমী সাজপাৰেৰে সততে পৃথক পৰিচয় দাঙি ধৰে তেওঁলোকৰ ভিতৰত অন্যতম হ'ল লেডী গগা। সেই বাবেই ভিলানিক কোৱা হয় - গণিত জগতৰ লেডী গগা। এইটো এটা বহু পূৰ্বৰে পৰা চলি অহা পৰম্পৰা। বিজ্ঞানৰ পৰম্পৰাসমূহ সংস্কৃতি বা কলাৰ দৰে সময়ৰ লগে লগে সুস্থিৰ হৈ থাকে, আৰু এই পৰ্যায়টো বা এই সময়টো বহু যুগ ধৰি বৰ্তি থাকে। পেৰিছ, দৰাচলতে ফ্ৰান্স, ইতিমধ্যেই ১৭ শতিকাতে গণিতত বলিষ্ঠ আছিল। ১৭ শতিকাৰ প্ৰথম অৰ্ধত বিশ্বৰ আটাইতকৈ গণ্যমান্য গণিতজ্ঞসকল আছিল ফাৰ্মা, পাস্কেল, ডেকাৰ্ট আৰু মাৰ্ছেন; তেওঁলোকৰ তিনিজনেই ফ্ৰান্সৰ আৰু আনসকল ফৰাচীসকলৰ পৰা বহু প্ৰভাবিত হৈছিল। গতিকে ফ্ৰান্স ইতিমধ্যেই গণিতত বহু মজবুত আছিল। আৰু তাৰ পিছত কেনেবাকৈ এটা বিৰতি আহিছিল, কিন্তু পিছৰ শতিকাটোত ডৰ্জন ডৰ্জন সংখ্যক মহান ফৰাচী গণিতজ্ঞ ওলাইছিল। যেতিয়া মই বিজ্ঞান-বুৰঞ্জী পঢ়িছিলোঁ তাত মই পাইছিলোঁ, কি কাৰণত ১৮ শতিকাটোত ইমান সংখ্যক গণিতজ্ঞ পোৱা গৈছিল। মই মূল কাৰণখিনি ক'ম। ইয়াৰ কাৰণ আছিল, ই সংস্কৃতিৰেই অংশ আছিল, ই যেন বায়ুতে মিহলি হৈ আছিল। এইটো আলোকপ্ৰাপ্তি অধ্যায়ৰ অংশ আছিল আৰু মানুহে জ্ঞানাৰ্জনৰ প্ৰতি বহু অনুপ্ৰাণিত হৈছিল; সত্য উপলব্ধিৰ বাবে, বিশ্বজনীন সত্য জনাৰ বাবে অত্যন্ত আগ্ৰহান্বিত হৈ উঠিছিল। এয়া সাহিত্যত আছিল, সমাজ অধ্যয়নত আছিল, মনুষ্য-প্ৰকৃতি অধ্যয়নত আছিল। এয়া আছিল দৰ্শনত। আৰু সেইগতিকে গণিতো ইয়াত সোমাই পৰিছিল। জ্যোতিৰ্বিদ্যা ফ্ৰান্সত বহু জনপ্ৰিয় আছিল, Observatoire de Paris দৰে মহাকাশ পৰ্যবেক্ষণাগাত অতিশয় গুৰুত্বপূৰ্ণ চৰ্চা গঢ়ি উঠিছিল। আৰু এনেধৰণে এখন বৃহৎ সমাজ আছিল। আকৌ, সেইসকল ৰাজনীতিতো প্ৰভাৱশালী হৈ পৰিছিল, আৰু গণিতজ্ঞকে ধৰি কিছুসংখ্যক প্ৰমুখ্য বিজ্ঞানীৰ ৰাজনৈতিক প্ৰতিপত্তি আছিল, তেওঁলোকৰ কিছুসংখ্যক ফৰাচী বিপ্লৱৰ পৰিনামত কাৰ্যনিৰ্বাহকত পৰিণত হৈছিল। মহান মাৰ্কুৱেছ ডে কণডুৰ্চেটে আত্মহত্যা কৰিলে, নহ'লে তেওঁ কাৰ্যনিৰ্বাহকত পৰিণত হ'লহেঁতেন। আৰু সেই সময়তেই কিছুমান প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল, যিসমূহ এতিয়াও আছে আৰু সেইসমূহ সদায়েই গণিতৰ একোটা মহৎ অনুষ্ঠানৰূপে ব্যপ্ত হৈ আছে। উদাহৰণস্বৰূপে, সেই সময়তে ইক'ল নৰ্মাল চুপেৰিয়ৰৰ উন্নতিসাধন হৈছিল। স্বয়ং নেপোলিয়ন ফ্ৰেন্স অকাডেমী অব চায়েঞ্চেছৰ সদস্য আছিল। কাৰ্য্যবশতঃ ই বতাহত বিয়পি আছিল, আৰু ই দৃঢ় পৰ্যবেক্ষিত আৰু প্ৰবল আছিল, আৰু সেই সময়ৰ পৰাই এই ধাৰা নিৰবচ্ছিন্নে বৈ আছে। ইয়াৰ শিপাসমূহ আছিল বিশ্বজনীনতাৰ, সাৰ্বজনীনতাৰ স্বাদত আৰু দাৰ্শনিক ধাৰণাত, আৰু ইয়াৰ কাৰক এইটোও আছিল যে ফৰাচী মানুহে সদায়েই বিমূৰ্ততা আৰু পৰম চিন্তাৰ সোৱাদ ল'ব বিচাৰিছিল। এইটো অৱশ্যে ফ্ৰান্সৰ এটা দুৰ্বলতাও - ব্যৱহাৰিক আৰু বাস্তৱধৰ্মীতাৰ পৰিৱৰ্তে পৰম শ্ৰেষ্ঠটোৰ সন্ধান কৰাটো। কিছু ক্ষেত্ৰত ই খুৱ ভাল ফল দিছিল আৰু কিছুমান ক্ষেত্ৰত ভাল ফল দিয়া নাছিল। আৰু সেইবাবে, ফৰাচীসকলে গোটেই জগতে কি কৰা উচিত তাক ক'ব বিচাৰে বাবে তেওঁলোকক সকলোৱে হাঁহেও। কিন্তু গণিত হ'ল কি কৰা উচিত তাৰ ভালটো বিচাৰি উলিওৱাৰ এটা মাধ্যমো। ফৰাচী বিপ্লৱৰ পিছত ফৰাচীসকলে ক'বলৈ ধৰিলে যে সকলোবিলাক পুনৰ্নিৰ্মাণ কৰা যাওক, আনকি আমাৰ জোখ-মাখৰ ধৰণবিলাকো সলনি কৰা যাওক...। তাৰেই ফলত তেওঁলোকে মিটাৰ (metre) উদ্ভাৱণ কৰিলে। মিটাৰ আছিল ফৰাচী বিপ্লৱে দিয়া এটা উদ্ভাৱণ। তেওঁলোকে কৈছিল, "ই সকলো মানুহৰ উদ্দেশ্যে বিশ্বজনীন হ'ব লাগিব। গতিকে আমি ইয়াৰ সংজ্ঞা সমগ্ৰ পৃথিৱীক ধৰি দিব লাগিব। আৰু 'মিটাৰ'ৰ সংজ্ঞাটো ঠিক এনেকুৱা ধৰণৰ হ'ব যে পৃথিৱীৰ পৰিধিৰ এক চতুৰ্থাংশৰ এক কোটি ভাগৰ এভাগ।" তেওঁলোকে কৈছিল, "এইয়া সকলোৰে বাবে", আৰু তেওঁলোকে সেয়া নিজে কৰি দেখুৱাব বিচাৰিছিল - "অন্য দেশলৈ চাই অপেক্ষা কৰিবলৈ নাই, আমি নিজেই আৰম্ভ কৰোঁ। এইটো কৰাটো আমাৰ অভিযান হিচাপে লওঁ...।" আৰু তেওঁলোকে সেইটো নিজে কৰি দেখুৱাই প্ৰতিষ্ঠা কৰিছিল। ইংৰাজসকল সিমান সন্তুষ্ট হোৱা নাছিল, আমেৰিকানসকল হোৱা নাছিল, কিন্তু শেষত মিটাৰে প্ৰতিষ্ঠা লাভ কৰিছিল, সকলোৱে তাক গ্ৰহণ কৰিবলৈ লৈছিল আৰু আনুষ্ঠানিকভাৱে অৱলম্বন কৰা হৈছিল; তেতিয়া মাথোঁ আমেৰিকা আৰু দুই-এখন দেশ ৰৈ গৈছিল। কিন্তু ফৰাচীসকলে কিছুমান উন্মাদসদৃশ কামো কৰিছিল। দেশখনক বিভিন্ন অঞ্চলত ভাগ কৰাৰ ক্ষেত্ৰত বৰ্গাকৃতি কৰি সকলো ভাগ কৰিব বিচাৰিছিল। এইটো কিন্তু একদম চূড়ান্ত পৰ্যায় পাইছিলগৈ আচলতে। কিছুক্ষেত্ৰত আমি আনকি সময়ৰ জোখো সলাব বিচাৰিছিলোঁ। তেওঁলোকে কৈছিল, "এটা সপ্তাহ দহ দিনীয়া কৰা যাওক।" ফ্ৰান্সত এইটো কেইবাবছৰ কিছু ক্ষেত্ৰত কৰাও হৈছিল। আৰু আমি আনকি এটা দিন চৌব্বিছ ঘণ্টীয়া পৰিৱৰ্তে দহ ঘণ্টীয়া হিচাপতো লৈছিলোঁ। এইটো একদম কামত খটুৱাব পৰা নগৈছিল, অকণো জনপ্ৰিয় হোৱা নাছিল, আমি পুৰণি পদ্ধতিলৈ ঘূৰি যাব লগা হৈছিলোঁ। কিন্তু, আচল কথাটো হ'ল, আমাৰ এই সমস্ত প্ৰতিবন্ধকতা আৰু ভাল দিশেৰে সৈতে এইটো হ'ল ফ্ৰান্সৰ আদৰ্শ - যে চূড়ান্ত আৰু বিমূৰ্ত পৰ্যায়টোলৈকে আগবাঢ়ি যোৱা। ই গাণিতিক স্বাদৰ সৈতে খুৱ সুন্দৰকৈ চালিত হয়। Save my name, email, and website in this browser for the next time I comment. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. Gonit Sora গণিত চ'ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We strive for the popularization of mathematics teaching and understanding at all levels. Gonit Sora is an initiative of a few students and is committed to bringing out well researched and written articles. The name is in Assamese and means 'gateway to mathematics'.
বেজৰ নাকতে খৰ! ট্ৰাক-ইনোভাসহ ধৰা পৰিল লিংডো-মুন্না । News Next One\nবৃহস্পতিবাৰে বিশেষ সূত্ৰৰ পৰা এক খবৰ লাভ কৰে কোকৰাঝাৰ আৰক্ষীয়ে। খবৰটো আছিল চোৰাং সৰবৰাহকাৰীয়ে পশ্চিমবংগৰ পৰা এখন ট্ৰাকেৰে চোৰাংকৈ গৰু কঢ়িয়াই অনাৰ খবৰ। লগে লগে কোকৰাঝাৰ আৰক্ষীৰ এটা দলে মাজনিশা অসম বংগ সীমান্তৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা শ্ৰীৰামপুৰত তালাচী চলায়। তালাচী কালত AS 01GC 3837 নম্বৰৰ এখন ট্ৰাক আৰক্ষীয়ে জব্দ কৰে। এই ট্ৰাকখনতে কঢ়িয়াই আনিছিল ১৬টাকৈ বলধ গৰু।\nট্ৰাকৰ আগে আগে এখন ইনোভা\nকোনেও গম পাব নোৱাৰাকৈয়ে গৰু কঢ়িয়াই অনা ট্ৰাকখনৰ আগে আগে গৈ আছিল AS01AK 7363 নম্বৰৰ এখন ইনোভা। এই ইনোভাখনত বহি অহা দুই বিশেষ ব্যক্তিৰ লক্ষ্য আছিল যাতে পিছে পিছে আহি থকা ট্ৰাকখন কাৰো নজৰত নপৰে। কিন্তু ট্ৰাকখনৰ লগতে বিশেষ ব্যক্তি দুজনো নজৰত পৰে আৰক্ষীৰ। বিশেষ ব্যক্তি দুজনে বিপদৰ উমান পাই পলায়নৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। শেষত আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছতে পোহৰলৈ আহে যে ইনোভাৰ ভিতৰত বহি অহা দুই ব্যক্তি হৈছে গৰুৰ চোৰাং সৰবৰাহ বন্ধ কৰা বুলি দাবী কৰা অহা সংগঠন অল ইণ্ডিয়া লাইভষ্টক ট্ৰেডাৰ এণ্ড ট্ৰেন্সপৰ্টাৰ এচোচিয়েচনৰ সভাপতি আৰু সম্পাদক। আশ্বৰ্যজনক কথা এয়ে যে কিছুদিন পূৰ্বে চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে সংবাদমেলৰো আয়োজন কৰিছিল এই সংগঠনটোৱে।\n♦ চোৰাং গৰু সৰবৰাহৰ সৈতে জড়িতসকল, গোসাইগাঁও থানাত\nক'লৈ গৈ আছিল ট্ৰাকখন?\nকোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে অসমৰ মাজেৰে মেঘালয়লৈ গৈ আছিল ট্ৰাকখন। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে আন আঠজন সদস্যকো আৰক্ষীয়ে আটক কৰিছে। এই ৮জনৰ মাজত আছে এজন পশু চিকিৎসকো। আৰক্ষীয়ে গেংটোৰ পৰা পশ্চিমবংগৰ পঞ্জীয়নকৃত এখন মাৰুটি এল্টো গাড়ীেয়ো (WB 70 L 8539) জব্দ কৰিছে। ঘটনা সন্দৰ্ভত গোসাঁইগাঁও থানাত আৰক্ষীয়ে এক গোচৰো (৩৮৮/২০১৯) ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।\n৩ বছৰত সহস্ৰাধিক গৰু জব্দ\nকোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সংবাদ মাধ্যমক জনাইছে যে গৰুৰ অবৈধ চিণ্ডিকেট, অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিগত ২০১৬ চনৰে পৰা কোকৰাঝাৰ আৰক্ষীয়ে নিৰবচ্ছিন্নভাৱে ভাৱে কাম কৰি আহিছে। যোৱা তিনিটা বৰ্ষত কোকৰাঝাৰ আৰক্ষীয়ে গৰুৰ চোৰাং সৰবৰাহৰক লৈ ৫৪টা গোচৰ ৰজু কৰাৰ লগতে ২৫ খন বাহন, ১২৩৮ টা গৰু জব্দ কৰাৰ লগতে ১৬২জন গৰুৰ চোৰাং সৰবৰাহকাৰীক আটক কৰিছে।
ৱেট ট্ৰেইনিং আৰু ইয়াৰ উপকাৰিতা : ৱেট ট্ৰেইনিং আৰু ইয়াৰ উপকাৰিতা : আজিকালি প্ৰায় মানুহেই স্বাস্থ্য সচেতন হৈ পৰাটো অত্যন্ত সুখৰ বিষয় হিচাপে গণ্য হৈছে। নিজৰ স্বাস্থ্য ভালে ৰাখি ৰোগৰ পৰা হাত সাৰি থাকিবলৈ চেষ্টা কৰি প্ৰাতঃভ্ৰমণ, খোজ কঢ়া, জগিং, যোগ, প্ৰাণায়াম আদিৰ সহায় লৈ বহুতে এনে প্ৰচেষ্টা অব্যাহত ৰাখে। কিন্তু ব্যায়ামাগাৰ(Gym)লৈ গৈ যিসকলে ৱেট ট্ৰেইনিং কৰে, সেইসকলে নিজৰ শৰীৰ চকুত লগা কৰাৰ লগতে নিৰোগী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হয়। অধিক চৰ্বী মানুহৰ দেহৰ কাৰণে অত্যন্ত হানিকাৰক। চৰ্বী বা মেদবহুলতাই মানুহৰ দেহলৈ মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদি বিভিন্ন ৰোগৰ সঞ্চাৰ কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। ৱেট ট্ৰেইনিঙে দেহৰ কেল'ৰি ক্ষয় কৰি চৰ্বী কমোৱাত সহায় কৰে। লগতে ৱেট ট্ৰেফিনিঙে মানুহৰ দেহৰ মাংসপেশী বৃদ্ধি কৰি চৰ্বী কমোৱাত যথেষ্ট সহায় কৰে। দেখা গৈছে, মধুমেহ ৰোগ এতিয়া ভাৰতৰ ৰাজধানী হিচাপে জনাজাত হৈ পৰিছে। এই ৰোগক নীৰৱ ঘাতক বুলিও কোৱা হয়। নেচনেল ইনষ্টিটিউট অৱ হেলথ এণ্ড ইন্টাৰনেল মেডিচিনে(National Institute of Health and Internal Medicine) কৰা এটা সমীক্ষাত প্ৰকাশ কৰিছে যে যিসকলে সপ্তাহত ১৫০ মিনিটকৈ ব্যায়ামত অংশগ্ৰহণ কৰে, তেওঁলোকৰ বহুমূত্ৰ বা মধুমেহ ৰোগৰ সম্ভাৱনা শতকৰা ৩৪ ভাগ কমে। যিসকলে জীমৰ ব্যায়ামৰ লগতে কাৰ্ডিঅ' ৱৰ্কছ আউট কৰে, তেন্তে সেই সম্ভাৱনা শতকৰা ৫৯ শতাংশলৈ হ্ৰাস কৰে। মানুহৰ বয়স যিমানেই বাঢ়ি যায়, মানুহৰ মাংসপেশী আৰু হাড় ক্ষয় হ'বলৈ ধৰে। ৱেট ট্ৰেইনিঙে মাংসপেশী শক্তিশালী আৰু বৃদ্ধি হোৱাত সহায় কৰে। ইয়াৰ ফলত হাড় মজবুত হয় আৰু ইয়াৰ ক্ষয় যথেষ্ট পৰিমাণে ৰোধ কৰিব পাৰি। যিসকল ব্যক্তিয়ে নিয়মিতভাৱে এৰবিক, জগিং, ৱেট ট্ৰেইনিং কৰে, তেওঁলোকৰ বাবে এটা সুখবৰ আছে। অধ্যয়ন আৰু গৱেষণাৰ পৰা দেখা গৈছে যে উপৰিউক্ত ব্যায়ামসমূহ যদি একেলেথাৰিয়ে আঠ সপ্তাহলৈকে কৰা হয়, তেতিয়া আধুনিক সভ্যতাৰ ভয়াৱহ মানসিক অৱসাদ ৰোগৰ প্ৰৱণতা বা লক্ষণ যথেষ্ট পৰিমাণে হ্ৰাস কৰে। Appalachian State Universityৰ অধীনত College of Health and Science Department-এ অধ্যয়ন কৰি পাইছে যে যিসকলে ২৫ মিনিট ৱেট ট্ৰেইনিং কৰে(তেওঁলোকে ৰক্ত প্ৰবাহৰ গতিৰ ওপৰত অধ্যয়ন কৰিছিল), তেওঁলোকৰ ২০ শতাংশ উচ্চ ৰক্তচাপ কমে আৰু ইয়াৰ উপকাৰ হৈছে উচ্চ ৰক্তচাপৰ ঔষধৰ সমান। যিসকলে অফিচৰ একে ঠাইতে বহি কম্পিউটাৰত কাম কৰি থাকে, তেওঁলোকৰ পিঠিৰ নিম্নাংশৰ বিষ(Lower back pain) হোৱা দেখা যায়। কিন্তু ৱেট ট্ৰেইনিং কৰা লোকসকলৰ এই ক্ষেত্ৰত ৰোগবিধ হোৱাৰ সম্ভাৱনা অতি কম। ৱেট ট্ৰেইনিঙৰ ব্যায়াম স্কোৱাট(squat), ষ্টেপ-আপ(step-up) আৰু হিপ-এক্সটেনছন(Hip-Extension) আদি কেইটিমান উদাহৰণ। যিসকলে বাস্কেটবল, ক্ৰিকেট, ফুটবল আদি খেলে, তেনে খেলুৱৈক ৱেট ট্ৰেইনিং ব্যায়ামে যথেষ্ট সহায় কৰিব পাৰে। ৱেট ট্ৰেইনিং কৰা এনে ধৰণৰ খেলুৱৈসকলৰ প্ৰদৰ্শন উন্নত ধৰণৰ হ'বই বুলি ক'ব পাৰি। গতিকে খেলুৱৈসকলৰ কাৰণে ৱেট ট্ৰেইনিং ব্যায়াম এক অপৰিহাৰ্য বিষয় হৈ পৰিছে। মুঠতে ৱেট ট্ৰেইনিং ব্যায়ামে মানুহৰ মানসিক, শাৰীৰিক উৎকৰ্ষ সাধন কৰি জীৱনটো উপভোগ্য কৰি তুলিব পাৰে আৰু বহুবিধ মাৰাত্মক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে। লেখকঃ ৰিয়ান গায়ন(অসম বাণী) Roll over stars then click to rate. © 2006-2019 C-DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws. এই পৰ্টেলৰ যোগেৰে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় দ্বাৰা ভাৰত বিকাশ প্ৰৱেশদ্বাৰ প্ৰকল্পৰ অধীনত সামাজিক উন্নয়নৰ বাবে এক ৰাষ্ট্ৰযোৰা প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে। আইএনডিজি প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ সহায়ত চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অব এডভান্স কম্পিউটিং, হায়দৰাবাদ (C-DAC) ৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে।