doc_id
large_stringlengths 32
64
| text
large_stringlengths 0
560k
| type
large_stringclasses 3
values |
---|---|---|
c22a952625ddae652b489bdefbb624b6fcdf226c | ডিজিটেল ডেস্কঃ বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই এহাল দম্পত্তিক আক্ৰমণ বিজেপিৰ গুণ্ডাবাহিনীৰ ! জে পি নড্ডাৰ সভালৈ নোযোৱাত খৰ্গহস্ত বিজেপি কৰ্মীৰ গুণ্ডাগিৰিক স্তম্ভিত জনতা। কাষ চাপিছে আৰক্ষীৰ।
২০২৪ ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে এতিয়াৰে পৰা আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। সমষ্টিয়ে সমষ্টিয়ে ৰণকৌশল প্ৰস্তুত কৰি মানুহৰ মাজত সোমাই পৰিছে দলীয় কৰ্মী।
তাৰ মাজতে যোৰহাটত এক জনসভা সম্বোধন কৰিবলৈ আহিছিল দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা। অৱশ্যে আশা কৰা ধৰণে এই সভাখনত জন সমাগম নহ'ল।
দৃষ্টিকটু ভাৱে খালী হৈ থাকিল মঞ্চৰ সন্মুখৰ আসন। অৱশ্যে খালী আসনৰ সন্মুখতে ভাষণ আগবঢ়াই গ'ল বিজিপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। বিজেপিৰ এই সভাখনত জনসমাগম নোহোৱাৰ বাবেই এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে একাংশ বিজেপি নেতাই।
মুখলজ্জা নিবাৰণৰ বাবে সাধাৰণ লোকৰ ওপৰত আৰম্ভ কৰিছে অত্যাচাৰ ! অভিযোগ অনুসৰি বিজেপিৰ এই সভালৈ নহাৰ বাবেই শিৱসাগৰৰ চাৰিঙৰ এহাল দম্পত্তিক আক্ৰমণৰ লক্ষ্য কৰি ল'লে একাংশ বিজেপি কৰ্মীয়ে।
অংশুমান বৰা নামৰ এজন বিজেপি কৰ্মীয়ে গৌৰীসাগৰৰ চাৰিঙৰ এই দম্পত্তিহালক আক্ৰমণ কৰাৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিছে। ভুক্তভোগী টমাচ চাংমাই আৰু পূৰ্ণিমা চাংমাইৰ অভিযোগ অনুসৰি যোৰহাটত অনুষ্ঠিত জে পি নড্ডাৰ সভালৈ তেওঁলোক নোযাৱৰ বাবেই এইদৰে আক্ৰমণ কৰা হ'ল।
পূৰ্ণিমা চাংমায়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, তেওঁ ধাবাত কাম কৰি ঘূৰি অহাৰ পাছতে ঘৰত কোনো নথকাৰ অৱস্থাতে অংশুমান বৰাই আহি তেওঁক কাঠেৰে শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ লগতে তেওঁৰ কাপোৰ পৰ্যন্ত ফালি পেলাইছে। ইাৰোপৰি তেওঁক পেলাই লৈ মূৰ, পিঠি, পেট আদিত ভৰিৰে প্ৰহাৰ কৰিছে।
ইফালে টমাচ চাংমায়ে কয়, "বিজেপিৰ মিটিঙলৈ যাবলৈ কৈছিল। আমি যাব নোৱাৰো। দিন হাজিৰা কৰা মানুহ। ধাবাত কাম কৰে। তেওঁ নিজেও দিনত হাজিৰা কাম কৰো। মিটিঙলৈ গলে হাজিৰা নপৰে। খাবলৈ নুজুৰে।
ইয়াৰোপৰি তেওঁ কয়, ধাবাৰ পৰা তেওঁৰ পত্নী আহি গধূলি আহি পোৱাৰ পাছতে অংশুমান বৰাই টমাচ আছে নে নাই বুলি প্ৰশ্ন কৰে আৰু তেওঁৰ পত্নীয়ে নাই বুলি কোৱাত লেবেল দেখাইছ নেকি বুলি প্ৰশ্ন কৰি মিটিঙলৈ যাব নোৱাৰ বাচন ধুবলৈ যাব পাৰ বুলি কৈয়ে আক্ৰমণ কৰে।
ইফালে সেই সময়তে কামৰ পৰা বাহিৰে বাহিৰে বজাৰ কৰি আহি সেই স্থানত টমাচ চাংমাই উপস্থিত হোৱাত গুণ্ডামিৰ আশ্ৰয় লোৱা বিজেপি নেতাই তেওঁকো বেয়াকৈ প্ৰহাৰ কৰে। মুখ আৰু মূৰত প্ৰহাৰ কৰাৰ ফলত ৰাজপথতে বাগৰি পৰে টমাচ চাংমাই। ইয়াৰ পাছতে চিঙৰ-বাখৰ হোৱাত স্থানীয় ৰাইজ ওলাই অহাত পলায়ন কৰে এই বিজেপি নেতাজনে।
বিজেপি নেতা অংশুমান বৰাৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছে পূৰ্ণিমা চাংমাই। ইতিমধ্যে ঘটনাৰ সবিশেষ বিৱৰি আৰক্ষীৰ কাষ চাপিছে এই ভুক্তভোগী দম্পত্তিহাল। এই ঘটনাই সমগ্ৰ শিৱসাগৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
| web |
8e3050196d4c3661a552c0ec5238579fed70cdfaac38a79751393c7919bf5e0b | ভাৰত বুৰঞ্জী
উপলব্ধি কৰিছিল। সেই কাৰণে তেওঁ ডেভিড হেষাৰৰ সৈতে লগ লাগি কলিকতাত এখন 'হিন্দু কলেছ' ( প্রেচিডেন্সি কলেজ) প্রতিষ্ঠা কৰাত আগভাগ লয়। পাশ্চাত্য শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত তেওঁ আলেকজেণ্ডাৰ ডাফৰো প্ৰধান সহায় হয়। তেওঁ নিজে 'এংল'-তিন্দু স্কুল' (AngloHindu School, 1822 ) আৰু 'বেদান্ত কলেজ' ( Vedant College, 1826 ) ন'যে দুখন শিক্ষাপ্রতিষ্ঠান প্রতিষ্ঠা কৰে।
বাতৰি কাকতৰ স্বাধীনতা ৰক্ষাৰ কাৰণেও বামমোহনে যৎপৰোনান্তি চেষ্টা কৰে। ১৭৯১ চনৰ প্ৰেছ ৰেগুলেচনৰ ( Press Regulations ) যোগেদি লৰ্ড ৰেলেছলিষে ভাৰতীষ বাতৰি কাকতন্ স্বাধীনতা হৰণ কৰে, কিন্তু ১৮১৭ চনত লৰ্ড হেষ্টি'ছে সেই ব্যৱস্থাবোৰ তুলি দিয়ে। অৱশ্যে কিছুমান বিষয়ত মত প্রকাশ কৰিবলৈ বাতৰি কাকতবোৰক বাৰণ কৰা হয়। ১৮২৩ চনত ভাৰতৰ অস্থাষী গভর্নৰ জেনেৰেল জন আডামে পুনৰ চেন্সৰশ্বিপ ব্যৱস্থাৰ প্রৱৰ্তন কৰে। এই নতুন ব্যৱস্থাত ৰামমোহন ৰাষ সন্তুষ্ট নহ'ল, কিয়নে। তেওঁ উহ্লব্ধি কৰিছিল যে বাতৰি কাকতৰ স্বাধীনতা বিনে এখন উন্নয়নমুখী সমাজ গঢ়ি তুলিব নোৱাৰি । ইয়াৰ প্ৰতিবাদস্বৰূপে তেওঁ নিজৰ সাপ্তাহিক বাতালোচনী 'মিৰাট-উলআখবাৰ'ৰ প্ৰকাশ বন্ধ কৰে আৰু নতুন প্ৰেছ অধ্যাদেশৰ বিৰুদ্ধে কলিকতাৰ উচ্চতম ন্যায়ালয় আৰু ব্ৰিটিছ চৰকাৰৰ ওচৰত আবেদন জনায়। তৎকালেই ইয়াৰ কোনে। ফল পোৱা নগ'ল, কিন্তু ১৮৩৫ চনত ছাৰ চাৰ্লছ মেটকাফে প্ৰেছ চেন্সৰশ্বিপ প্রত্যাহাৰ কৰি বাতৰি কাকতবোৰক পুনৰ স্বাধীনতা অৰ্পণ কৰিলে। ইষাৰ দুবছৰৰ আগতেই অৱশ্যে ৰামমোহনৰ মৃত্যু ঘটিছিল।
নৰ যুগৰ অগ্রদূত ৰাজা ৰামমোহন ৰায়ে সমকালীন সকলো সমস্যাৰ ওপৰতে যত প্ৰকাশ কৰি ভাৰতৰ ভবিষ্যত উন্নতিৰ দিহা কৰি যাব। ১৮২৭ চনত তেওঁ বিচাৰৰ ক্ষেত্ৰত থকা ধৰ্মমূলক বৈষমা দূৰীকৰণৰ বাবেও ব্ৰিটিছ চৰকাৰক আহ্বান জনায়। ১৮৩১ চনত তেওঁ ৰাজ ব্যৱস্থাৰ পৰিবৰ্তন সাধন কৰি ভাৰতীর খেতিয়কসকলন অবস্থা উন্নত কৰিবলৈ ব্ৰিটিছ পাৰ্লিয়াক্টেৰ ওচৰ্ত এখন আবেদন পত্র দাখিল কৰে। কোম্পানিৰ সৈনিকক ভাৰতীয়কৰণ কৰা ভাৰতীয় নেতৃবৰ্গৰ লগত আলোচনাক্রমে নতুন বিধি প্রণয়ন কৰা দেৱানী আৰু ফৌজদানী বিধিৰ সংচিতাবন্ধন,
| pdf |
d38a50819204e7cc11745c2cea36ffebdd32e2ad | দেশত কিছু কমিল কৰোনা আক্রান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হৈছে ৩৬ হাজাৰ ৮৩ জন। কিন্তু উদ্বেগ আছে কেৰালাক লৈ। দক্ষিণৰ এই ৰাজ্যখনত বিগত ২৪ ঘণ্টাত কেৰালাত আক্রান্তৰ সংখ্যা ১৯ হাজাৰ ৪৫১। অর্থাৎ দেশৰ মুঠ সংক্রমণৰ প্রায় ৫৪ শতাংশ এই ৰাজ্যখনৰ পৰাই। দেশত এটা দিনত মৃত্যুৰ সংখ্যা পুনৰ বাঢ়িছে। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৪৯৩ জনৰ।
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুযায়ী, ১৫ আগষ্ট, দেওবাৰ পর্যন্ত ভাৰতত মুঠ কৰোনা আক্রান্তৰ সংখ্যা ৩ কোটি ২১ লক্ষ ৮২ হাজাৰ ৫৭৬। এই পর্যন্ত কৰোনা আক্রান্ত হৈ মুঠ মৃত্যু হৈছে ৪ লক্ষ ৩১ হাজাৰ ২২৫ জনৰ। দেশত মুঠ কোভিড সংক্রমণৰ হাৰ সামান্য কমি হৈছে ৬. ৫২ শতাংশ। অৱশ্যে বিগত ২৪ ঘণ্টাত সংক্রমণৰ হাৰ বাঢ়িছে। বিগত ২৪ ঘণ্টাত দেশত কোভিড সংক্রমণৰ হাৰ ১. ৮৮ শতাংশ।
আক্রান্তৰ তুলনাত বিগত ২৪ ঘণ্টাত দেশত সুস্থতাৰ সংখ্যা বেছি। বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৩৭ হাজাৰ ৯২৭ জন। এই পর্যন্ত মুঠ ৩ কোটি ১৩ লক্ষ ৭৬ হাজাৰ ১৫ জন সুস্থ হৈ উঠিছে। এই মুহূর্তত দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ৩ লক্ষ ৮৫ হাজাৰ ৩৩৬।
আনহাতে, বিগত ২৪ ঘণ্টাত ভাৰতত মুঠ ১৯ লক্ষ ২৩ হাজাৰ ৮৬৩ জনৰ নমুনা পৰীক্ষা কৰা হৈছে। এই পর্যন্ত মুঠ নমুনা পৰীক্ষা হৈছে ৪৯ কোটি ৩৬ লক্ষ ২৪ হাজাৰ ৪৪০ জনৰ। আনহাতে, এটা দিনত দেশত ৭৩ লক্ষ ৫০ হাজাৰ ৫৫৩ জনক টীকা দিয়া হৈছে। টীকাকৰণ আৰম্ভ হোৱাৰ পিছৰ পৰা এই পর্যন্ত ৫৪ কোটি ৩৮ লক্ষ ৪৬ হাজাৰ ২৯০ জনে দেশত টীকা লাভ কৰিছে। | web |
284a8bb17612793541f32c5b1a7da2750d57d06c4df08d776c3231913c7b1b9f | এই কথাও মনত ৰাখিব লাগিব যে বিত্তীয় কুলীন গোষ্ঠীয়ে, তাৰ ফালৰপৰা, এডিচন, মন্টিকেটিনি আৰু আন আন প্রতিষ্ঠান নিয়ন্ত্ৰণ কৰে। সিহঁতৰ মূলধনৰ মাত্ৰ একোটা অংশ সেইবোৰত খটুৱায়। সেইহেতু এইকথা পৰিষ্কাৰ যে জোঁটাশলীয়। অংশীদাৰী আৰু পৰিচালকত্ব ব্যৱস্থাই যৌথ-ষ্টক কোম্পানীবোৰৰ বিৰাট পৰিমাণ মূলধন লৰা-চৰা কৰিবলৈ বিত্তীয় কুলীনগোষ্ঠীক সমর্থ কৰে। বিত্তীয় কুলীনাধিপত্যৰ যুগত লাখ লাখ ক্ষুদ্র আৰু মধ্যম আকাৰৰ উদ্যোগৰ অর্থ নৈতিক গুৰুত্ব অতিকায় একচেটিয়া প্রতিষ্ঠানবোবৰ জৰিয়তে বৃহৎ ব্যৱসায়ী বোৰে পুঁজিবাদী অর্থনীতিৰ ওপৰত সিহঁতৰ সীমাহীন নিয়ন্ত্রণ প্রতিষ্ঠা কৰা বৃহত্ একচেটিয়। উদ্যোসৰ তুলনাত অতিশয় কম ।
বিত্তীয় কুলীনগোষ্ঠীয়ে শোষণৰ বিশেষ কিছুমান পদ্ধতি উদ্ভাৱন কৰিছে আৰু ইয়াৰ ফলস্বৰূপেই বৃহং একচেটিয়। উদ্যোগবোৰ আৰু ক্ষুদ্রায়তন উদ্যোগবোবে কৰা লাভব মাজত যি ব্যৱধান তাক গোথ। অসম্ভৱ হৈ পৰিছে। ৬নং তালিকাই ইয়াৰ উজ্জল দৃষ্টান্ত। এই তালিকাই দেখুৱাই দিছে যে একচেটিয়া কপোবেচনবোৰৰ লাভৰ পৰিমাণ ক্ষুদ্ৰ আৰু মধ্যম আয়তনব উদ্যোগবোৰৰ লাভতকৈ তিনি বা চাৰেতিনিগুণ বেছি আৰু কোনো কেনে। সয়মত পাঁচগুণ বেছিও হয়। টেক্স দিয়াৰ পাছত এই পার্থক্য আৰু ডাঙৰ হৈ যায়। উদাহৰণ স্বৰূপে, ১৯৬৩ চনৰ প্ৰথম চতুর্থ শত ক্ষুদ্র আৰু বৃহৎ উদ্যোগবোৰৰ ক্ষেত্ৰত টেক্স দিয়াৰ আগতে লাভব হাব আছিল ক্রমান্বয়ে শতকরা ১৮ আৰু ৯৯ আৰু টেক্স দিয়াৰ পাছত সেই হাল আছিল শতকর। ০৬ আৰু ৫'৬, বৃহৎ কর্পোৰেচনবোৰৰ লাভ ক্ষুদ্রায়তনবোৰৰ তুলনাত প্রায় ১০ গুণ বেছি আছিল। যেহেতু বৃহৎ কর্পোবেচনবোবে মূলধনক লৈ কল-কৌশল কৰিবলৈ বেছি সুযোগ পায়, সেইহেতু সিবোৰে লাভে। তুলনামূলকভাৱে স্থিৰ পৰ্যায়ত ৰাখিবলৈ সমৰ্থ হয় - শতকৰা ৯′৯ৰ পৰা ১১′৩ পর্যন্ত। ইতিমধ্যে ক্ষুদ্রায়তন উদ্যোগবোৰৰ লাভৰ উঠানম। বহুত বেছি কিবা ১৮ৰ পৰা ৪৮ পর্যন্ত। সেই কাৰণে ব্যৱসায়িক ক্রিয়া-কৰ্মৰ সামান্যতম অৱনতি দেখা দিলেও সেইবোৰ লাভ হেৰুওৱা, ধ্বংস আৰু ব্যৱসায় বন্ধ কৰাৰ অৱস্থাৰ সম্মুখীন হোৱাৰ বিপদ আছে।
বৃহৎ কর্পোৰেচনবোৰৰ লাভে বৃহৎ বিত্তিয় মালিকবোৰৰ ব্যক্তিগত উপাৰ্জনৰ
পূৰ্ণ পৰিসৰৰ ছবি দিব নোৱাৰে। সিহঁতৰ বিত্তীয় গ্রুপৰ উদ্যোগবোৰত
| pdf |
85240284213f2e2dcdb1c1ae969e8e052c3692e2 | ইউনিয়ন বেংক অফ ইণ্ডিয়াই মুখ্য বিপদাশংকা বিষয়াৰ পদৰ বাবে নিয়োগ কৰি আছে। এতিয়া প্ৰয়োগ কৰক!
ইউনিয়ন বেংক অফ ইণ্ডিয়াই মুখ্য বিপদাশংকা বিষয়াৰ খালী পদৰ নিযুক্তিৰ বাবে শেহতীয়া চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ আগতে আবেদন কৰিব পাৰে। ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ চাকৰিৰ খালী পদ ২০২২ ৰ বিষয়ে অধিক বিৱৰণ পৰীক্ষা কৰক।
ইউনিয়ন বেংক অফ ইণ্ডিয়াই মুখ্য বিপদাশংকা বিষয়া পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন আমন্ত্ৰণ কৰিছে। আকাংক্ষিত প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰেঃ
ইউনিয়ন বেংকৰ চৰকাৰী অধিসূচনা অনুসৰি প্ৰাৰ্থীয়ে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব।
ইউনিয়ন বেঙ্ক অফ ইণ্ডিয়া, যাক সাধাৰণতে ইউনিয়ন বেঙ্ক বা ইউবিআই বুলি কোৱা হয়, হৈছে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ মালিকানাধীন এক কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। | web |
c0220ca945fd2afef0ab4c560dfb7ddee9a8eb4f | মঙলদৈত নবনিৰ্মীত দক্ষতা বিকাশ বিশ্ববিদ্যালয়ত ব্যৱহাৰ কৰিছে এই খনন কৰা মাটি।
ইয়াৰ উপৰিও মঙলদৈ-মোৱামাৰীৰ সমগ্ৰ পথচোৱা ধূলিময় হৈ পৰিবেশ অস্বাস্থ্যকৰ হৈ পৰিছে । এতিয়া অবৈধ খনন কাৰ্যত জড়িত এইসকলৰ বিৰুদ্ধে জিলা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ?
ইফালে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত খনন স্থলিত মঙলদৈ ৰাজহচক্ৰ বিষয়া নয়ন জ্যোতি পাঠক উপস্থিত হৈ অবৈধ খনন কাৰ্য্য বন্ধ ৰখাৰ ব্যৱস্থা কৰিব বুলি ৰাইজক আশ্বাস দিয়ে । উল্লেখযোগ্য যে উক্ত মাটি খনন কাৰ্য্যত চৰকাৰী ৰাজহ দিব লাগে নে নালাগে এই কথা এতিয়ালৈকে অৱগত নহয় ৰাজহ চক্ৰ বিষয়া।
| web |
f0425a42f5bb3e2f6c78bd5c7900178d3dfa855d | ইচ্ছা পূৰণ হোৱাৰ পিছত এজন বয়োজ্যেষ্ঠই এটা ছাগলী বলি দিলে। পিছত মৰা ছাগলীৰ চকু খাই তেওঁ প্ৰাণ হেৰুৱালে ( man kills goat, goat's eye kills man)। যোৱা দেওবাৰে এই ঘটনা সংঘটিত হয় ছত্তীশগড়ৰ সুৰজপুৰ জিলাত (Surajpur district of Chhattisgarh)। মঙলবাৰে আৰক্ষীয়ে এই কথা প্ৰকাশ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, সেইদিনা মদনপুৰ গাঁৱৰ বাসিন্দাসকলৰ সৈতে এজন বৃদ্ধ এটা মন্দিৰলৈ গৈছিল। ইচ্ছা পূৰণ কৰিবলৈ তাত এটা ছাগলী বলি দিয়ে।
পিছত বলিৰ ছাগলীৰ মাংস প্ৰথা অনুযায়ী ৰান্ধি লোৱা হয়। খাদ্য পৰিবেশন কৰি থাকোঁতে ছাগলীৰ চকুটো তেওঁৰ খাদ্যৰ পাতত পৰে। সেই চকুটো খোৱাৰ সময়ত ডিঙিত আবদ্ধ হৈ পৰে। শ্বাসৰুদ্ধ হৈ তেওঁ চেতনা হেৰুৱাই পেলায়। গাঁওবাসীয়ে ততাতৈয়াকৈ বৃদ্ধগৰাকীক জিলা চিকিৎসালয়লৈ লৈ যায়। তাতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। | web |
201ab29e0310546f382125d8c381d2f5aee8fddd | অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি সদৌ অসম মাদ্ৰছা ঠিকাভিত্তিক শিক্ষক সন্থাই ৰঙিয়া প্ৰেছ ক্লাৱত বুধবাৰে এখন সংবাদ মেলৰ আয়োজন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেবাবাৰো বিষয়টো সন্দৰ্ভত অনুনয়-বিনয় কৰিও সুফল পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে সন্থাৰ সভাপতি চাহজাহান চিদ্দিকিয়ে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল আশ্বাস দিয়ে দ্বায়িত্ব সামৰাৰো অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে বিগত ৯ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছে এই সকল মাদ্ৰাছা শিক্ষকে। ২০১০ চনত চৰকাৰে সম্পূৰ্ণ নীতি নিয়ম অনুসৰি নিযুক্তি দিয়া এইসকল ঠিকা ভিত্তিক শিক্ষকৰ মাজৰ কেবল মাত্ৰ ১৪১ গৰাকী মাদ্ৰছা শিক্ষকক এইপৰ্যন্ত দিয়া নাই কোনো সা-সুবিধা। কি কাৰণত ৰাজ্য চৰকাৰে এই সন্দৰ্ভত আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এই বুলিও প্ৰশ্ন উত্থাপন কৰে বঞ্চিত শিক্ষক তথা সন্থাৰ উপ-সভাপতি ডঃ মণি চৌধুৰীয়ে। শেহতীয়াভাৱেদৰমহা নাপাই চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিছে দুগৰাকীকৈ শিক্ষকে। বৰ্তমান পৰিয়াল চলাবলৈও অক্ষম এইসকল শিক্ষকৰ অনতিপলমে তেওঁলোকক পূৰ্বৰদৰেই দৰমহা তথা সা-সুবিধা দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই,অন্যথা তেওঁলোকে আমৰণ অনশনত বহিব বুলিও হুংকাৰ দিয়ে।
- থানাৰ সমুখত উত্তাল জনতা, সোণাপুৰত ১৬ বছৰীয়া কিশোৰী বলি হ'ল ধৰ্ষণ আৰু হত্যাৰ! | web |
7cf33dca7dc2bd278cff1fd00ef96a57aeb4b45e | নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত এগৰাকী ভুৱা অধিবক্তাক লৈ আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, Posco Actৰ গোচৰত অভিযুক্ত এজন আচামীৰ পৰা জামিন দিয়াৰ প্ৰতিশ্ৰুতিৰে ৫০হাজাৰ দাবী কৰিছিল পবিত্ৰ হাজৰিকা নামৰ এগৰাকী ভুৱা অধিবক্তাই।
হাজৰিকাই আচামীপক্ষক জনোৱা অনুসৰি তেওঁ ন্যায়াধীশক জামিন দিয়াৰ নিৰ্দেশ দিব কিন্তু তাৰ বিনিময়ত তেওঁক ৫০ হাজাৰ টকা আদায় দিব লাগিব। ইয়াৰ পিছতে আচামী পক্ষই পবিত্ৰ হাজৰিকাক ৫০ হাজাৰ টকা দিবলৈ মান্তি হয়। কিন্তু কিছুসময় পিছতে নগাঁও উকীল সন্থাই এই বিষয়ে অৱগত হোৱাত কৌশলৰে প্ৰৱঞ্চনাৰ চেষ্টা কৰা ভুৱা অধিবক্তা পবিত্ৰ হাজৰিকাক আটক কৰে।
উল্লেখযোগ্য যে, পবিত্ৰ হাজৰিকাক অধিবক্তাৰ সাঁজত প্ৰায়ে নগাঁও আদালত চৌহদত দেখিবলৈ পোৱা যায়। ইতিমধ্যে পবিত্ৰ হাজৰিকাক নগাঁও উকীল সন্থাই আটক কৰি আৰক্ষীক গতাই দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম। | web |
c04ddd0a6d2e332076cca06c42522b1e13299e8f55a426b8041c5bcb198c5043 | তৃতীয় অধ্যায় বকতা-যাওৰা (শিৱসাগৰ )
১। যাত্রাতে নিষ্ফল
থাওৰা মৌজাত দেউতাৰ ঠাকুৰবাৰী বাগিচাখনেই আমাৰ ঘৰ। নৈখন পাৰ হলেই বকতা। বকতা আৰু থাওৰাৰ এক সঙ্গমৰ স্থলত আছে দেউৰিটিং বাগিচা। তাৰে মহৰী এজনৰ ভায়েক হ'ল, তোষেশ্বৰ বৰুৱ।। এই এজন ডেকাই অকল-শৰীয়া হেতু, কামৰ মোৰ নেপাই চটফটাই আছে। তাৰপৰ। ছমাইলমান পূবত বকতা আৰু খালৈঘোগোৰ। মৌজাৰ সঙ্গমত ভুবনচন্দ্ৰ গগৈদেৱৰ পাটসাঁকে। স্কুলখন । ইয়াৰ চৌপাশেও আন্দোলনৰ অলপ বুৰবুৰণি উঠিছে, - ইমানেই । নতুবা উমান ধৰিব পৰাকৈ বকত। আৰু থাওৰা দুয়োখন মৌজাৰ চুকে কোনেও কতো কাৰে। আন্দোলন সম্পর্কে ভ্ৰূভঙ্গ নাই বুলিলে অত্যুক্তি নহয়। তোষেশ্বৰ বৰুৱাই চাৰিমাইল হাবি বননি আৰু দ' পথাৰ ভেদ কৰি মোক লগ পালেহি। কথা প্রসঙ্গতে ওলাল বোলে বকতাৰ নেমুগুৰি মহলটোতে মাহে চৈধ্য সেৰ মানকৈ কানি বিক্রি হয়। বৰুৱাৰ সৈতে গাঁৱৰ দুই চাৰ্জিন মুখীয়াল মানুহৰ লগত ভেঁট হলোগৈ । এওঁবিলাকে গান্ধী ভলন্টিয়াৰৰ নাম শুনিছে । আমি ওলালোগৈ যেনিবা ধনে দৌলতে উপচি থকা আমেৰিকাত সাম্যবাদৰ ধ্বজা তুলি মন্ত্ৰ প্ৰচাৰ কৰিবলৈ ৰুচিয়াৰ কমিউনিষ্টহে । এওঁবিলাকে কংগ্ৰেছৰ ছুই নামকে নাঁয় । গোটেই জাঙুৰ খাই উঠিল। এনেতে ন কাটনি গাওঁৰ দৰা কানীয়া গোপীনাথ গাওঁবুঢ়াই শেষ সমিধান দিলে বোলে "কংগ্ৰেছ-ফংগ্ৰেছৰ যি
স্বাধীনতা ৰণৰ সংস্পৰ্শত
কথা হওঁক বাপুটী, তত পণ্ডিৎ দেউতাই যদি কয়হি, ৰাইজে ভাবি চাব।"
এইদৰেই প্ৰথম যাত্রা বিফলে উৰিল ।
২। বকতা বনাম বৰনগৰ
যিমানখিনি দৈবিক ঘটনাৰ সোপানেদি বৰনগৰত সহজে অগ্ৰসৰ হব পৰা হ'ল, তেনে ধৰণৰ একোৰে একোটোকে বকতা থাওৰাত নোহোৱা হেতুকে এই মৌজা দুটা জাগৃত কৰাটো শক্তিশেলে শায়িত কৰি থোৱ। লক্ষ্মণক সঞ্জীবিত কৰাটোৰে একে কথা। এনেয়ে বৰনগৰে হাতভৰি মাৰি উবুৰি হবলৈ কুৰুং কাৰাং কৰিছিলেই, তাতে চন্দ্ৰ শৰ্ম্মা, নবীন বৰদলৈ আদিয়ে ইকোলা সিকোলা কৰি নচুৱাই তাক আগতীয়াকৈয়ে টক্টকীয়া কৰিলে; পিচে, এই দুটি মৌজাততে। আনকি মহকুমা পৰ্য্যায়ৰে নেত। এজনেও কাণৰ গুৰিত ডাঙৰকৈ মাত একেষাৰ মাতি চক খুৱাই সাৰ পোৱাই দিবলৈ বুলিও নাই অহা। তাতে, চাহবাগিচাবোৰে বিয়াগোম বিয়াগোম বিষধৰ অজগৰৰ মূৰ্ত্তিৰে দুয়োখন মৌজা ছাটি ধৰি আছে। এতিয়। আমাৰ আক্রমণ হব লাগিব মানুহবিলাকৰ প্ৰাণৰ সৰলতাৰ যোগেদি। তালৈকো জহুৰ বন্ধৰ দিন উকলিল। গতিকে বৰনগৰত লালোগৈ । ইষ্টফ। পত্ৰ নিদিলে। যেনিবা মৌৰ বাহতহে হাত দিলো। কোনেও তাৰ নামকে উলিয়াব নিদিয়াত ছুটী লৈহে যৰ বস্তু ততে এৰি ঘৰনূৱ। হব লগাত পৰিল।
৩। নতুন কর্মস্থল
কবলৈ গলে বকতাখন মোৰ পুৰণি চিনাকি । ল'ৰা কালৰ ষোল বছৰ মান ঘৰ বুলি সদায় বকতাৰ মহথুটী বাগিচালৈকে
৫৫। "পণ্ডিং দেউতা" মানে ৰত্নেশ্বৰ শৰ্ম্মা বৰঠাকুৰ, ঠাকুৰবাৰী বাগিচাৰ মালিক ।
| pdf |
ace37d739d397de67f191bff88abb0d7fb092ceb719387777433dfd2f0ae9dcd | আৰম্ভিক পঙ্খত গুৰু তথা দেৱতাৰ বন্দনা, তাৰপিচত কৰিৰ নিজ বংশৰ পৰিচনা বর্ণনা, সৰস সাইপ্রাস লক্ষ্য (বেৰহিত) পঞ্চৰ দ্বাৰা কথাৰ আবৰ্ত্ত, মুখ্যথা প্রস্তুত কৰিবলৈ ভূমিকাভ কথান্তৰৰ সমাবেশ আৰু বিষয় ক্যাপ্রাপ্তি হোৱা উচিত। ইয়াৰ ভাষা সংস্কৃত হলে গণ্ঠত আৰু অন্যভাষাত হলে কথা প্যত ৰচিত হোৱা উচিত।
তিনিওখন আলংকাৰিকৰ পৰিভাষাৰ তুলনাত্মক পৰী কৰিলে দেখা যায় আখ্যায়িকাৰ কথাবস্তু তথ্যপূর্ণ ভূতফালিক ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত হোৱা উচিত। ইয়াত ঐতিহাসিক বা অর্ধ-ঐতিহাসিকতা থকা উচিত। আনহাতে কথাৰ বস্তু কল্পনা প্ৰস্বত হোৱা উচিত। এই ক্ষেত্ৰত আচাৰ্য্য তামহ আৰু আচাৰ্য ৰুদ্ৰটৰ নিয়ম কিছু কিছু মিলে। উক্ত দৃষ্টিকোণৰপৰা আধ্যায়িকা 'হুচৰিত'ত আৰু কথা 'কাদম্বৰী'ত আচাৰ্য্য ৰুদ্ৰটৰ বহুত নিয়ম খাটে ।
গত-সাহিত্য বুলিলে বিশেষকৈ হুবন্ধু, দণ্ডী আৰু বাগকৃত ৰচনাসমূহলৈ দৃষ্টি
সুবন্ধু - সুবন্ধুৰ জন্মস্থান ক'ত আৰু আবিৰ্ভাৱ কেতিয়া, সেই বিষয়ে পণ্ডিতসকল এতিয়াও নিশ্চিত নহয় । কিছুমান পণ্ডিতৰ মতে এওঁ বাণৰ পূৰ্বৱৰ্তী, আকৌ কিছুমানৰ মতে বাণৰ পৰৱৰ্তী। তলত দিয়া কথাবোৰৰপৰা হুবন্ধু বাণৰ পৰৱৰ্তীকালৰ বুলি কবলৈ প্ৰয়াস কৰে।
হুবন্ধুৱে নিজ গ্ৰন্থত 'কিং বহুনা, দেৱঃ প্ৰমাণম্', 'অচিন্তয়চ্চ' আৰু 'আসীচ্চাঙ্গ মনসি' আদি বাণৰ শব্দাৱলী আৰু পদাৱলী বহু ঠাইত উল্লেখ কৰিছে। বাণে হর্ষচৰিতত যি 'বাসৱদত্তাৰ' উল্লেখ কৰিছে, সি সুবন্ধুকৃত নহয়, আন কোনোৱা প্রাচীন গ্ৰন্থকাৰহে । বাণে 'কাদম্বৰীত' ভাটৌ চৰাইৰ দ্বাৰা কোৱা কথাক অনুকৰণ কৰি নুবন্ধুই 'বাসবদত্তা'ৰ কথা ভাটৌ চৰাইৰ দ্বাৰা কয়। ইয়াৰপৰা ঠিৰাং কৰিব পাৰি হুবন্ধু বাণৰ পৰৱৰ্তীকালৰ।
কিন্তু বেছিভাগ পণ্ডিতেই সুবন্ধু বাণৰ পূৰ্বৰ বুলি মতপোষণ কৰে। সুবন্ধু আৰু বাণ ছুয়ো বামণাচাৰ্যৰ (৮০০ খ্ৰীঃৰ) পূৰ্বৰ। কাৰণ 'কাব্যালংকাৰ হুত্রবৃত্তি'ত দুয়োজনৰে ৰচনাৰপৰা উদাহৰণ উদ্ধৃত কৰিছে। কবিৰাজে ( ১২০০ খ্রীঃ) ৰাঘবপাণ্ডবীয়ত সুবন্ধু, বাণ আৰু নিজৰ নাম ঐতিহাসিক ক্রম দি লিখিছে - 'হুবন্ধুবাণভট্টশ্চ কবিৰাজ ইতি জয়ঃ'। বাক্পতিৰাজৰ (৭০০ খ্ৰীঃৰ ) প্ৰাকৃত কাব্য 'গৌভবহো'ত ভাস আদি গ্ৰন্থকাৰসকলৰ লগত সুবন্ধুৰ উল্লেখ আছে। কিন্তু বাণৰ নাই। মংঘৰ ( ১১ শতাব্দীৰ ) 'শ্ৰীকণ্ঠচৰিতত বাণ আৰু
হুবন্ধু দুয়োৰে উল্লেখ আছে। কিন্তু সুবন্ধুৰ নাম প্রথমে উল্লেখ কৰিছে। ৰাণে 'কাদৰী'ৰ প্ৰস্তাৱনাত 'অলব্ধবৈদ্যবিলাসমুগ্ধয়া ধিয়া নিবন্ধেয়মতিদ্বয়ী কথা' কৈ যি 'অতিদ্বয়ী কথা'ৰ সংকেত দিছে সি হুবন্ধুৰ "বাসবদত্তা' আৰু গুণাঢ্যৰ 'বৃহৎকথা'ৰ বাহিৰে আন একো নহয় ।
বাসবদত্তাৰ অন্তৰঙ্গ প্ৰসঙ্গৰপৰাও সুবন্ধু বানৰ পূৰ্ববর্তী বুলি বিদিত। এইটো নিশ্চিত যে যদি সুবন্ধু বাণৰ পৰবৰ্তীকালৰ, তেনেহলে বাসবদত্তাৰ স্বয়ম্বৰত উপস্থিত ৰাজকুমাৰ কন্দর্পকেতুৰ প্ৰসঙ্গত বর্ণিত নল-দময়ন্তী, অস্ত্র-ইন্দুমতী, দুষ্যন্তশকুন্তলা, নৰবাহন-মদনমঞ্জৰী, নলকুৱৰ-ৰঙা, ধৰ্মৰাজ-ধুৰ্মোণা, কুবেৰ-ঋদ্ধি আৰু দেবেন্দ্র-ইন্দ্রাণীৰ প্ৰসিদ্ধ প্ৰেমাখ্যানৰ চৰিত্ৰদায়কৰ উল্লেখ কৰি এওঁ চন্দ্ৰাপীড় কাদম্বৰীৰ উল্লেখ কৰিছে। উক্ত আধাৰত এইটো স্পষ্টৰৰূপে প্ৰমাণিত হয় সুবন্ধু বাণৰ পূৰ্বৰ ।
তদুপৰি বাণে 'হুৰ্ষচৰিত'ৰ প্ৰাস্তৱিক পথত বাসবদত্তাৰ উল্লেখ কৰিছে। সুবন্ধুৰ ৰচনাৰ দুটা শ্লেষ এনেকুৱা যি এওঁক বাণৰ সমকালীন বুলি সিদ্ধ কৰিছে । ইয়াৰপৰা এইটো অনুমান কৰিব পাৰি সুবন্ধুই 'বাসবদত্তা' ৰচনা কৰে সাত খ্ৰীষ্টাব্দৰ উত্তৰাৰ্দ্ধত। " এক শ্লিষ্ট পদৰ দ্বাৰা এওঁ নায়িকাৰ বৰ্ণনা কৰি কৈছে - বৌদ্ধসঙ্গতিমিবালঙ্কাৰভূষিভম্' যাৰ ব্যাখ্যা কৰা টীকাকাৰৰ পৰিচয় ধর্মকীতি প্রণীত 'বৌদ্ধসঙ্গত্যলংকাৰ' নামৰ গ্ৰন্থত পোৱা যায় । আন শ্লিষ্টপদত সুবন্ধুই নায়িকাৰ সৌন্দৰ্য্য-বৰ্ণনাত 'ন্যায়স্থিতিমিবোদ্যোতকৰশ্বৰৰূপাম্' বুলি কৈ ন্যায়শাস্ত্ৰৰ সুপণ্ডিত 'উদ্যোতকৰ'ক স্পষ্টৰূপে উল্লিখিত কৰিছে। উদ্যোতকাৰ ধৰ্মকীতিৰ সমকালীন । এতেকে হুবন্ধুৰ আবিৰ্ভাৱকাল সপ্তম খ্ৰীষ্টাব্দৰ পূৰ্বাদ্ধ ।
অৱস্থে সুর্বন্ধু, বাণ আৰু দণ্ডী - এই তিনিও জন ব্যক্তি ৫৫০ খ্ৰীঃৰ পৰা ৬৫০ খ্ৰীঃৰ ভিতৰত। কিন্তু সকলোবিলাক কথা অতি সূক্ষ্মভাৱে পৰ্যালোচনা
কৰি চালে দেখা যায় হুবন্ধু ৬ষ্ঠ শতাব্দীর শেষ ভাগৰ। এওঁৰ একমাত্ৰ ৰচনা
বাসরদত্তাৰ কথা-বস্তু : 'বাসবদত্তা'ৰ কথা-বস্তু অতি চুটি। চিন্তামণিৰ পুত্ৰ ৰাজকুমাৰ কন্দর্পকেতুই স্বপ্নত এক 'ওঠৰ বছৰীয়া, কন্যা দেখা পালে। সেই কন্যা-পাৰণ্যত আছিল মানৱ মনৰ আকৰ্ষণমন্ত্রসিদ্ধি, কামৰূপী যাদুকৰৰ চকুৰন্ধা মহৌষধি আৰু প্ৰজাপতিৰ ত্রিভুবনবিলোভন সৃষ্টি। এই অজ্ঞাত হুন্দৰী ৰমণীক বিচাৰি উলিয়াবৰ নিমিত্তে কাপকেতুই প্রিয়বন্ধু মন্দৰ লগত
-নগৰৰ পৰা বাহিৰ হ'ল। পথভ্ৰমণত ক্লান্ত হৈ দুয়ো বিদ্যপৰ্বতৰ পাদদেশৰ এডাল গছৰ তলত জিৰণি ললে। ৰাতি সেই গছত থকা ভাটৌ-দম্পতীৰ কথা-বতৰা কন্দর্পকেতুই গুনিব পালে। সিহঁতৰ কথা-বতৰাৰপৰা কন্দর্পকেতুই পাটলীপুত্ৰৰ ৰাজকুমাৰী বাসৱদত্তাৰ কথা জানিব পাৰিলে। এদিন বাসবদত্তায়ো সোপানত কন্দর্পকেতুক দেখা পালে আৰু তেওঁৰ নামো স্বপ্নত শুনিলে। বাসবদত্তাই সখীয়েক তমালিকাক সেই অপৰূপ যুৱকৰ অনুসন্ধান কৰিবলৈ পঠালে। গছৰ তলত বিশ্রাম লৈ থকা কন্দৰ্পকেতু আৰু মন্দই ভাটৌটোৰ কথা শুনি আনন্দিত হৈ উঠিল। ভাটৌ-দম্পতিৰ সহায়ত কদর্পকেতু আৰু বাসৱদত্তাৰ স্লিন হ'ল। বাসৱদত্তাৰ পিতৃশৃঙ্গাৰ শেখৰে বাসৱদত্তাৰ বিবাহ কন্দৰ্পকেতুৰ লগত সম্পন্ন নকৰি কোনোবা বিভাধৰৰ লগত কৰিবলৈ ইচ্ছা কৰিছিল, সেইবাৰে দুয়ো প্রেমিক-প্রেমিকা যাদু-ঘোঁৰাত উঠি বিন্ধ্যপৰ্বতৰ হাবিলৈ পলাই গ'ল। কন্দর্পকেতুই শুই থাকোতে হাবিত বাসৱদত্তাক ঘূৰি-ফুৰি থকা অৱস্থাত দেখি তেওঁৰ ৰূপত মুগ্ধ হৈ তেওঁক লাভ কৰাৰ অৰ্থে দুজন কিৰাতৰ মাজত ভয়ামরা যুদ্ধ হয়। যুদ্ধত দুয়োজন কিৰাতৰ মৃত্যু হয়। সেই অৰণ্যত এজন ঋষিয়ে আশ্রম কৰি আছিল। বাসবদত্তাই সেই আশ্ৰমত প্ৰৱেশ কৰাত ঋষিৰ শাপত তেওঁ শিলামূৰ্তী ধাৰণ কৰিলে। ইফালে কন্দর্পকেতুই দুখতে আত্মহত্যা কৰিবলৈ উদ্যত হ'ল। এনেতে এক দৈৱবাণীয়ে তেওঁক প্ৰিয়াৰ লগত মিলন কৰি দিব বুলি আশ্বাস দিয়ে । শেষত হাবিত ভ্ৰমণ কৰি কৰি বাসৱদত্তাৰ শিলাযুৰ্তীক লগ পালে আৰু তেওঁৰ হাতৰ স্পৰ্শত বাসৱদত্তাই পুনৰ মানৱী জীৱন ধাৰণ কৰে। শাপৰ প্ৰভাৱ সমাপ্ত হয়। মকন্দইও লগালগি হয়। পিচত নিজৰাজ্যলৈ গৈ কন্দর্পকেতুই বাসৱদত্তাৰ লগত অলভ্য মনোবাঞ্ছিত সুখ উপভোগ কৰি বহুদিন কাল কটায়।
কবিত্ব-প্রতিভা-বাণৰ ৰচনাত যি অপাৰ শব্দভাণ্ডাৰ, অলংকাৰ আৰু কল্পনাৰ অপূৰ্ব সমাবেশ, বর্ণনাৰ তীব্ৰ পৰ্য্যৰেক্ষণ শক্তি, সঙ্গীতাত্মক ভাষা তথা ভাৱপক্ষৰ তৰলতা বিদ্যমান, হুবন্ধুৰ লিখনিত কেৱল শাৰী-ক্রীড়াহে বিৰাজমান । স্থবন্ধুৰ প্ৰাকৃতিক বর্ণনাৰ চিত্ৰণও বাণৰ সমকক্ষ নহয়। ভারপক্ষৰ চিত্ৰণত সুবন্ধুৰ উত্কৃষ্ট কৱিত্ব-প্ৰতিভাৰ পৰিচয় পোৱা নাযায়। বাসবদত্তাৰ বিৰহ বর্ণনাত হুবন্ধুই আহুপ্রাসিক চমৎকাৰৰূহে বিশেষ প্ৰদৰ্শন কৰিছে -
'লুকান্তে কান্তিমতি, মন্দং মন্দষপনয় বাপবিন্দুন । যুখিকালঞ্জ রুতে মুখিকে,
সঞ্চৰিয় নলিনীদপভালবৃত্তেনাৰ্দ্ৰবাতান্ এইি ভগৱতি নিত্রে অহগৃহাণ মাম্, ফিক্ ইস্ত্ৰিৱৈৰপৰৈঃ, কিমিতি লোচনমরাতের কৃতান্তঙ্গানি বিধিনা। ভগবন্ কুহুমানুষ, তবায়মঞ্জলিঃ অবশো ভব ভাববতি মাদৃশে অনে। মলয়ানিল খুৰাহোৎ, সম্বদীক্ষাগুৰোৱহ যথেষ্টম ; অপগতা মমঃ প্রাণাঃ, ইতি বহুবিধং ভাষমাণ। বাসৱাত্তা সখীজনেন সমং সৎমুমূচ্ছ।' (পৃঃ - ১৪৩ - ৪৪ )
অর্থাৎ, "সথি কান্তিমতি, মোৰ চকুলো লাহে লাহে মুছি দিয়া। যূথিকাৰ ফুলৰ দ্বাৰা অলঙ্কৃত সখি যুথিকে, কমল-পাতৰ বিচনীৰে শীলত বা দিয়া। ভগৱতি নিজে, আহা, মোক কৃপা কৰা । আন ইন্দ্ৰিয়বোৰ ব্যৰ্থ। ব্রহ্মাই মোৰ শৰীৰত আটাইবোৰ 'ইন্দ্ৰিয়ৰ কিয় চকু তৈয়াৰ নকৰিলে । ভগৱান কুসুমায়ুধ, এইয়া প্ৰণামাঞ্জলি, প্ৰেমৰ দ্বাৰা অভিভূত মোৰ নিচিনা ব্যক্তিক কৃপা কৰা ।
হুতৰমহোৎসৱদীক্ষাগুৰু মঙ্গয়ানিল, খুব বেছি, মোৰ প্ৰাণ ওলাই যায়এইদৰে অনেক কথা কৈ বাসৱদত্তাই সখীয়েকসকলৰ লগত মূৰ্চ্ছিত গ'ল।"
বাণৰ দৰে বন্ধুৰ ৰচনা-শৈলীত দীঘল দীঘল বাক্যৰ প্ৰয়োগ নাই। ক্ষৰচুৰ দীঘদ দীঘল সমাসান্ত পদ প্রয়োগ কৰিলেও কথোপকথনত চুটি চুটি বাক্য প্ৰয়োগ কৰিছে। বৰ্ণনাত বাণৰ দৰে সুবন্ধুৰো বাক্য দীঘঙ্গীয়া। উদাহৰণস্বৰূপে সপোনত দৃষ্ট বাসবদত্তাৰ বৰ্ণনা পুৰা ২০ পৃষ্ঠাত লিখা। নায়ক-নায়িকাৰ বর্ণনাত কৰিয়ে উপমা, উৎপ্রেক্ষা, গ্লেষ আদি অলংকাৰৰ পিনে অধিক মন দিয়ে ।
মিষ্ট প্রয়োগত হুবন্ধু অতি বিচক্ষণ। দুটা-এটা বৰ্ণনাৰ মাজত স্বভাবোক্তিৰ ৰমণীয়তা দেখা যায়। বিন্ধ্যপর্বতত হাতীৰ লগত বাঘৰ যুদ্ধ লগা বর্ণনাত স্বভাৱোক্তিৰ সমাবেশ ঘটা দেখা যায়।
হুবহু চমৎকাৰবাদী কবি। এওঁৰ অলংকাৰৰ প্ৰয়োগ কেৱল অলংকাৰৰ বাবেই হৈছে। ই অলংকাৰ্য্য বা ৰসৰ উপস্কাৰক হোৱা নাই ।
যধিক প্লেয যোজনা অভঙ্গ তথা সভঙ্গ হুয়োটাতে পোৱ। যায়। কিন্তু এওঁ অভঙ্গ গেষত অধিক পটু। অভঙ্গ গেষৰ এটা নমুনা দিয়া হ'ল'স ৰসবত্তা বিহিতা ন বা বিগসন্তি চৰতি নো কঙ্কঃ । সৰসীব কীৰ্তিশেৰং গতবতি ছবি বিক্রমাদিত্যে ।।'
অৰ্থীৎ "যিদৰে পুখুৰীত বোকা শেষ হলে সসপক্ষী গুছি যায়, বগলীও দেখা নেষার
আৰু কহু পক্ষীও বিচৰণ নকৰে, সেইদৰে বিক্রমাদিত্যৰ কীৰ্তি শেষ হোৱাত এওঁৰ ৰসিকতা বিনাশ হ'ল।
কবিৰ এনেকুৱা অপ্ৰসিদ্ধ তথা কঠিন শ্লেষ প্ৰয়োগৰ হেতু পণ্ডিতসকলে তেওঁৰ ৰচনাৱলী স্পষ্টৰূপে বুজা দুঃসাধ্য। কবিয়ে লিখনিত অর্থ বুজিবৰ নিমিত্তে পাঠকমণ্ডলীৰ ওপৰত 'কোষং পান্ পদে সদে' উক্তিৰ চৰিতাৰ্থ কৰিছে।
বাণ - বাণে হর্ষচৰিতৰ প্রথম তিনি উচ্ছ্বাসত আৰু কাদম্বৰীৰ প্ৰভাৱনাত নিজৰ পৰিচয় দিছে। এওঁ আছিল বৎস গোত্ৰৰ ব্ৰাহ্মণ আৰু এওঁৰ পূৰ্বৰ নাম আছিল 'কুবেৰ'।
কুবেৰ আছিল কর্মকাণ্ডী আৰু শ্ৰুতিশাস্ত্র সম্পন্ন ব্ৰাহ্মণ। নিজৰ পাণ্ডিত্যৰ পৰিচয় দি বাণে কৈছে যে ভাটৌৰ মাতৰ সহায়ত শিষ্যসকলক যজুর্বেদ আৰু সামবেদৰ মন্ত্ৰৰ উচ্চাৰণ শিকাইছিল। কুবেৰৰ চাৰ্জিন পুত্ৰ - অচ্যুত, ঈশান, হৰ আৰু পাশুপত । পাশুপতৰ পুত্ৰ অৰ্থপতি। অৰ্থপতিৰ এঘাৰজন পুত্র জন্মে। এওঁলোকৰ ভিতৰত এজনৰ নাম চিত্রভানু। বাণ আছিল চিত্রভাহুৰ পুত্ৰ । এওঁৰ মাতৃৰ নাম ৰাজদেৱী। বাণৰ সৰুকালতেই মাতৃ বিয়োগ হয়। ১৪ বছৰ বয়সত ভৰি দিওঁতে পিতৃ-বিয়োগও হয়।
পিতৃৰ মৃত্যুৰ পিচত অভিভাৱকৰ অভাৱত বাণ উচ্ছৃঙ্খল হৈ পৰে। ভিন্ ভিন্ ধৰণৰ মানুহৰ সংস্পৰ্শত থাকি বহুতো দেশ-বিদেশ পৰ্যটন কৰি ঘৰলৈ উভতি আহি বিদ্যা অধ্যয়ন কৰি আগৰ উচ্ছৃঙ্খল সভাৱ পৰিহাৰ কৰে। এদিন মহাৰাজ হৰ্ষবর্ধনৰ ভায়েক কৃষ্ণই বাণক ৰাজসভালৈ আমন্ত্ৰণ কৰে। পিছদিনাখন বাণ ঘৰৰপৰা ৰাওনা হ'ল। ৰাজদৰবাৰলৈ গৈ প্রথমে তেওঁ ৰজাৰপৰা সমাদৰ নাপালে । পিছত কৃষ্ণৰ সহায়ত ৰাজসভাত আদব-সম্ভাষণ পায় আৰু লাহে লাহে হৰ্ষৰ বিশ্বাসপাত্ৰ তথা স্নেহভাজন হৈ পৰে ।
বাণৰ আবিৰ্ভাৱকাল সম্পর্কে পণ্ডিতসকলৰ মাজত মতানৈক্য আছে যদিও তলত দিয়া কথাখিনিৰপৰা ৭ম শতাব্দী বুলি জনা যায়। হৰ্ষই ৬০৬ খ্রীঃত ৰাজপাটত বহে আৰু ৬৪৮ খ্ৰীঃত মৃত্যুবৰণ কৰে। এই ক্ষেত্ৰত ইতিহাসকাৰসকল দ্বিমত নহয়। দানপত্র তথা তাম্ৰপত্ৰবোৰৰপৰা হৰ্ষ এই সময়ৰ বুলি প্রমাণিত হৈছে। তদুপৰি আচাৰ্য্য কৰ্য্যকৰ 'অলংকাৰসৰ্বস্ব'ত, ভোজৰ 'সৰস্বতীকণ্ঠাভৰণ'ত ধনঞ্জয়ৰ 'দশৰপক'ত, আনন্দবর্ধনৰ 'ধন্যালোক'ত, বামণাচাৰ্য্যৰ 'কাব্যলংকাৰ স্বজবৃত্তি'ত বাণৰ তথা তেওঁৰ ৰচনাৱলীৰ যি উল্লেখ আছে তাৰপৰা প্রমাণিত হয় বাণ ৭ম শতাব্দীৰ।
ৰচনাৱলী - বাণৰ নামত মূলতঃ তিনিখন গ্রন্থ পোৱা যায়- চণ্ডীশতক, হয়ঁচৰিত আৰু কাদম্বৰী। নলচম্পুৰ টীকাকাৰ চণ্ডপালে বাণৰ নামেৰে 'মুকুটতাভিতক' নামক এখন নাটকৰ উল্লেখ কৰিছে। সম্প্রতি ই দুষ্প্রাপ্য। কিছুদিন আগেয়ে ভুলবশতঃ বাণৰ নামেৰে 'পাৰ্বতী পৰিণয়' নামক নাটকখন উল্লেখ কৰা হৈছিল। কিন্তু এতিয়া স্পষ্টীকৰণ হৈছে যে ই বামণভট্টৰ দ্বাৰাহে ৰচিত, বাণভট্টৰ নহয় ।
হর্ষচৰিঙৰ কথা-বস্তু - হর্ষচৰিতৰ প্ৰথম উচ্ছ্বাস ২৩টা পথৰ প্ৰস্তাৱনাৰে আৰম্ভ। ইয়াত কবিয়ে তেওঁৰ পূৰ্ববর্তী শ্রেষ্ঠ কবি আৰু গ্যকাৰসকলৰ যশগুণ কীৰ্তন কৰিছে। প্ৰস্তাৱনাত মহাভাৰত ৰচয়িতা ব্যাস, 'বাসবদত্তা'ৰ ৰচক বন্ধু তথা হৰিশচন্দ্ৰৰ গ্য-প্ৰৱন্ধক শ্রদ্ধাসহকাৰে স্মৰণ কৰিছে। ইয়াৰ বাহিৰেও শাতবাহনৰ প্ৰাকৃত গ্যসমূহ, প্ৰৱৰসেনৰ সেতুবন্ধ, ভাসৰ নাটক তথা কালিদাসৰ 'মধুৰসাঞ্জ' কবিতা আৰু গুণাঢ্যৰ বৃহৎ কথাৰ নাম উল্লেখ কৰিছে ।
প্রথম উচ্ছ্বসিত প্রথমে বাণে বংশ পৰিচয় দিয়ে। বাণে ইয়াত বাৎস্যায়ন গোত্র ব্রাহ্মণসকলৰ "উৎপত্তিৰ সংকেত কৰাৰ লগতে দুর্বাসাই সৰস্বতীক শাপ দিয়াৰ কথা লিপিবদ্ধ কৰে। শাপৰ ফলত সৰস্বতীৰ জন্ম হয় মর্ত্যলোকত। সৰস্বতীৰ লগত সাবিত্রীও পৃথিৱীলৈ আহে। দুয়ো এটা নদীৰ তীৰত লতাগুল্মৰ তলত বহি থাকোতে সসৈন্যে ঘোঁৰাত উঠি অহা এজন ওঠৰ বছৰীয়া যুৱক দেখা পালে। যুকৰ সৰস্বতীৰ ওপৰত দৃষ্টি পৰে আৰু দুয়ো দুয়োৰে প্ৰতি আসক্ত হয়। যুৱকজন আছিল চাৱন ঋষিৰ পুত্ৰ দধীচি। সৰস্বতী তথা দধীচিৰ প্ৰণয় কাহিনী প্রথম উচ্ছ্বাসত বিস্তৃতভাৱে বৰ্ণনা কৰিছে। সাবিত্ৰী আৰু দধীচিৰ বন্ধু বিকুক্ষিৰ যত্নত প্রেমিক-প্রেমিকা দুয়োৰে মিলন হ'ল। সৰস্বতীৰ গৰ্ভত সাৰম্বত নামৰ এজন পুত্র সন্তান ওপজে। সান্বতক লাৰ্গন-পালন কৰে অক্ষমালা নামৰ এজন ঋষিপত্নীয়ে । অক্ষমালাৰ পুত্ৰ বৎসই সাৰস্বতৰ লগত খেলা-ধূলা কৰি ডাঙৰ-দীঘল হয় । এই বংশতেই বাণৰ বংশধৰ কুবেৰৰ জন্ম হয়। ইয়াৰ কেইবা পীড়িমান পিছত জন্ম হয় চিত্রভাহৰ। চিত্রভাহৰ ঔৰসত জন্ম হয় বাণৰ।
দ্বিতীয় উচ্ছ্বাসত বাণে কৃষ্ণৰপৰা চিঠি পাই ৰজাক দেখা কৰিবলৈ নিজ পুৰী এৰি ৰাজদৰবাৰলৈ ৰাওনা হয়। দ্বিতীয় উচ্ছ্বাসৰ আৰম্ভণিত গ্রীষ্মৰ প্ৰচণ্ডতাৰ বর্ণনা তথা ৰাজদৰবাৰৰ বৰ্ণনা অত্যাধিক অলংকৃত আৰু কলাত্মক।
তৃতীয় উচ্ছ্বাসত বাণে কিছুদিনৰ পিচত নিজ পুৰীলৈ উভতি আহে। গাওঁলৈ
উভতি আহি ভায়েকৰ অনুৰোধ ক্ৰমে বাণে হৰ্ষৰ চৰিত্ৰ বৰ্ণনা কৰে। এই উচ্ছ্বাসত থানেশ্বৰৰ বিস্তৃত বর্ণনা তথা ৰজাসকলৰ বংশৰ বৰ্ণনা কৰি কাল্পনিক অৰ্ধ-ঐতিহাসিক ৰজা পুষ্পভূতিৰ সংকেত দিয়ে। পুষ্পভূতি আছিল হৰ্ষৰ পূর্বপুরুষ। ইয়াত পুষ্পস্মৃতি আৰু ভৈৰবাচাৰ্য্য নামক শৈৱ যোগীৰ হুন্দৰ বর্ণনা পোৱা যায়।
হর্ষচৰিতৰ বাস্তৱিক কথা আৰম্ভ হয় চতুর্থ উচ্ছ্বাসৰপৰা। প্রভাকৰবৰ্তনৰ বৰ্ণনা কৰাৰ সময়ত তেওঁৰ শৌৰ্য্য-বীৰ্য্যৰ কথা লিপিবদ্ধ কৰা নাই । আৰম্ভণিত ৰাজমহিষী যশোৱতীৰ স্বপ্নৰ বৰ্ণনা কৰিছে । পিছত যশোৱতীৰ প্রথম প্রক সংকেত দিয়ে। ৰাজ্যবৰ্দ্ধনৰ জন্মৰ পিছত হয় আৰু ৰাজ্যৰ জৰ বর্ণনা থাক মৌখৰি গৃহবৰ্মাৰ লগত ৰাজ্যশ্ৰীক বিবাহৰ কথা নিৱন্ধ কৰা আছে। ইয়াত ৰাজ্যবৰ্দ্ধনে ণবিজয়ৰ বাবে যাত্ৰা কৰাৰ কথা পোৱা যায়। হর্ষইও ৰাজ্যবৰ্জনৰ লগত যাত্ৰা কৰে, কিন্তু মাজবাটতে তেওঁ মৃগয়া কৰিবলৈ ৰৈ যায়। মৃগয়া কৰি থাকোতে হৰ্ষই পিতাকৰ বেমাৰ হোৱা বুলি খবৰ পাই ৰাজধানীলৈ উভতি গ'ল। পিতাকৰ অৱস্থা অতি সঙ্কটজনক। প্রভাকৰবৰ্দ্ধনক অন্তিম অৱস্থা দেখি যশোৱতীয়ে আগেয়ে নদীৰ তীৰত চিতাত সতী যাবলৈ ইচ্ছা কৰে। হৰ্ষই চকুলো টুকি টুকি বাধা দিয়ে। কিন্তু যশোৱতীয়ে পতি বিয়োগৰ পূৰ্বে ইহসংসাৰ ত্যাগ কৰিবলৈ ইচ্ছা প্রকাশ কৰে। এইদৰে হৰ্ষই মাতৃবিয়োগ দুখ সহ কৰিব লগা হয়। ইতিমধ্যে প্রভাকৰবৰ্দ্ধনৰ পঞ্চত্ব প্রাপ্ত হ'ল।
ষষ্ঠ উচ্ছ্বাসত ৰাজ্যবৰ্দ্ধনে হুণবিলাকক পৰাজয় কৰি উলটি আহে। এওঁ ৰাজ্যভাৰ হৰ্ষক দিবলৈ ইচ্ছা কৰে। ইতিমধ্যে মালৱৰাজে গ্ৰহৰৰ্মাক বধ কৰি ৰাজ্যশ্ৰীক বন্দী কৰ। বুলি খবৰ পায় । ৰাজ্যবৰ্দ্ধনে মালৱৰাজক আক্ৰমণ কৰিবলৈ সসৈন্যে প্রস্থান কৰে। হৰ্ষ ৰাজধানীতে থাকিল। ৰাজ্যবৰ্দ্ধনে মালৱৰাজক পৰাজয় কৰি উলটি আহোতে বাটত গৌড়াধিপতিয়ে তেওঁক বধ কৰে। হুবই খবৰ পাই গৌড়াধিপতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলৈ ওলাল। কিন্তু সেনাপতি সিংহনাদৰ পৰামৰ্শ মতে যুদ্ধ ঘোষণা কিছুদিনৰ বাবে স্থগিত ৰাখিলে।
সপ্তম উচ্ছ্বাসত হৰ্ষৰ সেনাসকলৰ বিস্তৃত বর্ণনা পোৱা যায়। প্ৰাগজ্যোতিষপুৰৰ ৰজাৰ দুতে ৰাজসভালৈ আহি নৰক ৰজাক বৰুণে দিয়া ছত্ৰটো হৰ্ষক উপহাৰস্বৰৰূপে দিয়ে। এই ছাতিটো বংশপৰম্পৰা হিচাবে ভগদত্তই পায় আৰু এওঁৰ কেই পীড়িমান পিছত প্ৰাগজ্যোতিষেশ্বৰে পায়। প্ৰাগজ্যোতিষৰ ৰজাই মিত্ৰতাৰ চিন স্বৰূপে এই ছাতিটে। হৰ্ষক উপহাৰ দিয়ে ।
| pdf |
25a0d22acfe246d177aa39379eadb40c31ed5e9f | Russian and Ukrainian couple get married যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তত গুলীবৰ্ষণ, ৰকেট-মিছাইলৰ আক্ৰমণ চলি আছে। প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে সমগ্ৰ ইউক্ৰেইন।
যুদ্ধ আৰম্ভ হোৱাৰ পৰা লাখ লাখ ইউক্ৰেনৰ নাগৰিকে নিজৰ জীৱন ৰক্ষা কৰিবলৈ দেশৰ পৰা পলাই গৈ বিভিন্ন চুবুৰীয়া দেশত আশ্ৰয় লৈছে। বাকী দেশখনৰ বাসিন্দাসকলে এতিয়াও অনিশ্চয়তাত জীৱন কটাইছে।
সম্প্ৰতি ইউক্ৰেইনবাসীৰ ক্ষোভৰ কাৰণ হৈছে ৰাছিয়া। কিন্তু দেশখনৰ নাগৰিকসকলৰ ওপৰত নহয়, পুটিনৰ নীতিৰ ওপৰতহে। এই যুদ্ধ পৰিস্থিতিৰ মাজতে দুয়োখন দেশৰ প্ৰেমিক যুগলে দিলে মিলনৰ বাৰ্তা।
ছেৰ্গেই নোভিকভ এজন ৰাছিয়ান নাগৰিক আৰু তেওঁ কৰ্মসূত্ৰে ইজৰাইলত থাকে। তেওঁৰ প্ৰেমিকা ইলোনা ব্ৰামোকা ইউক্ৰেইনৰ বাসিন্দা। তেওঁলোক দুয়োজনে তেওঁলোকৰ প্ৰেমক পূৰ্ণতা প্ৰদান কৰিলে।
যুদ্ধৰ পৰিস্থিতিৰ বাবে এই বিবাহ ইউক্ৰেইন বা ৰাছিয়াত সম্ভৱ হোৱা নাছিল। সেয়ে ভাৰতত বৈবাহিক মিলনেৰে পাতনি মেলিলে যুগ্মজীৱনৰ। ভাৰতৰ হিমাচল প্ৰদেশৰ ধৰ্মশালাত সম্পন্ন হয় দুয়োৰে বিবাহ।
ভাৰতীয় পৰম্পৰা মতে বিবাহপাশত আৱদ্ধ হৈ ইলোনা আৰু নোভিকভে যুদ্ধ আক্ৰান্ত দুয়োখন দেশৰ নাগৰিকসকলক এক বিশেষ বাৰ্তা প্ৰদান কৰিলে। | web |
264443884fa44a920e9a6cb3071a1e4419ee8e74 | অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বজালী শাখাৰ লগতে বজালী মহাবিদ্যালয় গোটৰ কৰ্মীসকলে বৰপেটা জিলাৰ পাঠশালাৰ বজালী মহাবিদ্যালয় চৌহদত শনিবাৰে ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদত এক মৌন সমদল উলিয়ায়।
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বজালী শাখা আৰু বজালী মহাবিদ্যালয় গোটে যুটীয়াভাৱে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰদৰ্শন কৰা প্লেকাৰ্ডসমূহত লিখা আছিল 'ড'ন্ট টেল মি হাউ টু ড্ৰেছ', 'টেল ডেম নট টু ৰেপ,' 'নাৰীৰ দাম দেশত সমান', 'নাৰীৰ সুৰক্ষা নিশ্চিত কৰক' ইত্যাদি।
এবিভিপিৰ কৰ্মীসকলে বৰপেটা জিলাৰ অন্তৰ্গত বজালী মহকুমা আৰু অসমৰ অন্যান্য স্থানত বৃদ্ধি পোৱা ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী জনায়।
উল্লেখযোগ্য যে অলপতে অৰুণাচল প্ৰদেশে শিশু ধৰ্ষণৰ বাবে মৃত্যুদণ্ডৰ শাস্তিত অনুমোদন জনাই এখন আইন গৃহিত কৰি দেশৰ চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত হৈছে।
অপৰাধ আইন (অৰুণাচল প্ৰদেশ) সংশোধনী বিধেয়ক-২০১৮ খন অৰুণাচল প্ৰদেশ ৰাজ্য বিধানসভাত সকলো সদস্যৰ উপস্থিতিত সৰ্বসন্মতভাৱে মৌখিক ভোটত গৃহিত হয়।
ইয়াৰ আগেয়ে একেধৰণৰ বিধেয়ক বিজেপি শাসিত তিনিখন ৰাজ্য মধ্য প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানত গৃহিত হৈছিল। | web |
4189c1a3d3e6214681ce20b14420545c793c4fb1 | হাৰ্টৰ বাবে ফাষ্ট ফুড অতি ক্ষতিকাৰক। ফাষ্ট ফুডে কলেষ্টেৰল বৃদ্ধিৰ কাম কৰে। বিশেষকৈ ৰাতি ফাষ্ট ফুড খোৱাৰ পৰা বিৰত থাকিব লাগে। পিজ্জা, পাস্তা, বাৰ্গাৰ আৰু নুডলছৰ দৰে ফাষ্ট ফুড আটা আৰু পনিৰৰ দ্বাৰা তৈয়াৰ কৰা হয়। এইবোৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে।
পনিৰ খোৱাটো আজিকালি এটা ডাঙৰ ট্ৰেণ্ড। চীজ অবিহনে পিজ্জা, বাৰ্গাৰ আৰু পাস্তাৰ দৰে ফাষ্ট ফুড খাবলৈ কোনেও ভাল নাপায়। পনিৰত প্ৰ'টিন পোৱা যায় যদিও বেছিকৈ পনিৰ খালে স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। ইয়াত অধিক পৰিমাণৰ চৰ্বি থাকে যি হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক।
নিৰামিষভোজী লোকে ৰাতি ৰঙা মাংস খাবলৈ ভাল পায়। এইবোৰত থকা পুষ্টিকৰ উপাদানে কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। ৰঙা মাংসত সংপৃক্ত চৰ্বিৰ পৰিমাণ পোৱা যায়, যিটো কলেষ্টেৰল আৰু হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক। ৰাতি ৰঙা মাংস খোৱাৰ পৰা বিৰত থাকিব।
ৰাতি অধিক টেঙা আৰু তেলীয়া খাদ্য খালে কলেষ্টেৰল বৃদ্ধি পাব পাৰে। তেলত সংপৃক্ত চৰ্বি থাকে, যিয়ে কলেষ্টেৰলৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি কৰাৰ কাম কৰে। চেচুৰেটেড ফেটে শিৰাত বহুত প্লেক জমা কৰে। ইয়াৰ ফলত তেজৰ সোঁতত প্ৰভাৱ পৰে।
ৰাতি মিঠা বস্তু খোৱাৰ পৰা বিৰত থাকক, মিঠা বস্তুৱে চেনি আৰু কলেষ্টেৰল দুয়োটা বৃদ্ধি কৰিব পাৰে। এই কাৰণে ৰাতি চাহ-কফিৰ পৰা আঁতৰি থকাটো বাঞ্ছনীয়। ৰাতি পুডিং, মিঠাই বা শীতল পানীয় সেৱন কৰিলেও হৃদযন্ত্ৰৰ ক্ষতি হব পাৰে। | web |
7d604ab72df0a3e7aae353f6134971565ae075db | মানেচেষ্টাৰত ১৫ মে'ৰ পৰা ১৯ মে'লৈ অনুষ্ঠিত হ'বলগীয়া বিশ্ব টাইকোৱানডো প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলগা অসমৰ প্ৰতিভাৱান টাইকানডো খেলুৱৈ ৰ'দালি বৰুৱা আৰু দীপিকা হাজৰিকাক প্ৰতিযোগিতাখনত ভাগ লোৱাৰ বাবে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে শুকুৰবাৰে ১. ৭০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে।
ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ প্ৰধান সচিব বিশ্বৰঞ্জন চামালে দুয়োগৰাকী খেলুৱৈক আনুষ্ঠানিকভাবে চেকৰ জৰিয়তে ধনৰাশিখিনি প্ৰদান কৰে। অনুষ্ঠান ক্ৰীড়া সঞ্চালক ধৰ্মকান্ত মিলি আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে। দুয়োগৰাকী খেলুৱৈক চেক প্ৰদান কৰি চামালে আগন্তুক প্ৰতিযোগিতাখনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উন্নত প্ৰদৰ্শনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰে।
বিশ্ব টাইকোৱানডো প্ৰতিযোগিতাখনত ৰ'দালিয়ে ৭৩ কেজি ঊৰ্দ্ধ শাখাত আৰু দীপিকাই ৪৬ কেজি অনূৰ্দ্ধ শাখাত ভাগ ল'ব।
উল্লেখযোগ্য যে, বিগত বৰ্ষত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছতো ভাৰতীয় টাইকোৱানডো দলক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল ৰ'দালিয়ে। | web |
35a7095b92395ee6f24bdd79363549499a3b04a3 | পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰত অভিযুক্ত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ ন্যায়িক জিম্মাৰ ম্যাদ আজি পুনৰ বৃদ্ধি কৰিছে মুম্বাইৰ এখন বিশেষ আদালতে। আজি আদালতে শিৱসেনাৰ নেতাগৰাকীক ৫ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে যোৱা ১ আগষ্টতে ৰাউটক এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে(ইডি) উপনগৰীয় গোৰেগাঁৱত পাত্ৰ চাওলৰ পুনৰ্বিকাশত বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।
প্ৰথমে আঠ দিনৰ বাবে সাংসদগৰাকীক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ ৮ আগষ্টত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
শিৱসেনা নেতাগৰাকীৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি আদালতে ন্যায়িক জিম্মাত ঘৰত বনোৱা খাদ্য আৰু ঔষধ গ্ৰহণ কৰিবলৈ অনুমতি দিছিল।
ৰাউটৰ লগতে তেওঁৰ পত্নী আৰু আন কেইজনমান লোকৰ বিৰুদ্ধে পাত্ৰ চাওলৰ বিত্তীয় অনিয়মৰ অভিযোগ তুলি এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে অভিযান চলাইছিল।
কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে গোচৰটোৰ তদন্তত যথেষ্ট অগ্ৰগতি লাভ কৰিছে বুলি দাবী কৰাৰ লগতে গোচৰটোৰ তদন্ত এতিয়াও চলি আছে বুলি আদালতৰ মজিয়াত উল্লেখ কৰে। | web |
1f1ba32009287f4738bf21dc2955e9781d49b5cf | দশক দশকজোৰা পুৰণি ৰাম জন্মভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে এতিয়া ৰাম মন্দিৰ নিৰ্মাণক লৈ প্ৰস্তুতি আৰম্ভ হৈছে। উচ্চতম ন্যায়ালয়কৰ নিৰ্দেশৰ পিছত এফালে কেন্দ্ৰীয় চৰকাৰে ৰাম মন্দিৰৰ বাবে ট্ৰাষ্ট গঠনক লৈ ব্যস্ত আছে, আনহাতে ৰাম মন্দিৰ কেনে হ'ব তাক লৈ চলিছে চৰ্চা।
প্ৰায় ৩০ বছৰ পূৰ্বে ৰাম মন্দিৰৰ আৰ্হি দাখিল কৰা প্ৰখ্যাত মন্দিৰ স্থপতিবিদ চন্দ্ৰকান্ত ভাই সোমপুৰাৰ মতে এই মন্দিৰ বিশ্বৰ আটাইতকৈ সুন্দৰ মন্দিৰসমূহৰ ভিতৰত এটা হ'ব।
চন্দ্ৰকান্ত ভাই সোমপুৰাই তৈয়াৰ কৰা ৰাম মন্দিৰৰ আৰ্হি অযোধ্যাৰ কাৰ্যসেৱকপুৰমত ৰখা হৈছে। এই আৰ্হি মতেই নিৰ্মাণ কৰা হ'ব প্ৰস্তাৱিত ৰাম মন্দিৰ। চন্দ্ৰকান্ত ভাইৰ মতে অযোধ্যাত হ'বলগীয়া ৰাম মন্দিৰত ১০৬টা স্তম্ভযুক্ত দুমহলীয়া মন্দিৰ হ'ব। যাৰ গৰ্ভগৃহত প্ৰভূ ৰাম বিৰাজমান হ'ব। ওপৰ মহলাত থাকিব ৰাম দৰবাৰ। চন্দ্ৰকান্ত ভাইৰ মতে, ৰাম মন্দিৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হ'ব প্ৰায় তিনি বছৰ সময়।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল' কৰক।
- First Published : | web |
81df1f45e87c49f9c244a97924e1ea67fd18aa12 | Begin typing your search above and press return to search.
ফলত সম্প্ৰতি ৰাজ্যত সক্ৰিয় ক'ৱিড ৰোগীৰ সংখ্যা ৬৮০ জনলৈ হ্ৰাস পাইছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সমান্তৰালভাবে এই মহামাৰীৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে । ক'ৰ'না পজিটিভ চিনাক্ত হোৱাৰ পাছৰে পৰা চিকিত্সাধীন হৈ থকা আৰু ২৫ জন লোকক আজি চিকিত্সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ২৫ জন লোকৰ ২২জনে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিত্সাধীন হৈ আছিল। আনকেইজনৰ দুজনে শিলচৰ মেডিকেল কলেজ হাস্পতালত আৰু এজন যোৰহাট চিকিত্সা মহাবিদ্যালয় হাস্পতালত চিকিত্সাধীন হৈ আছিল। | web |
e28875c6e50070effc634c97b2c35076b7bd4716 | ফাইজাৰৰ কোভিড-১৯ ভেকচিন গ্ৰহণ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত পৰ্টুগালত এগৰাকী নাৰ্চৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
চোনিয়া চিভেদো নামৰ ৪১ বছৰীয়া নাৰ্চ গৰাকীয়ে ৩০ ডিচেম্বৰত ফাইজাৰৰ কোভিড ভেকচিন গ্ৰহণ কৰিছিল আৰু ১ জানুৱাৰিত তেওঁৰ মৃত্যু হয়।
চোনিয়াৰ মৃত্যুৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছতে পৰ্টুগালত ৰাইজৰ মাজত ফাইজাৰৰ কোভিড ভেকচিনৰ সুৰক্ষা আৰু বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নবোধৰ সৃষ্টি হৈছে।
পৰ্টুগালৰ পোৰ্টোত থকা ইষ্টিটিউট অফ অনকোলোজিত চোনিয়াই নাৰ্চ হিচাপে কৰ্মৰত আছিল।
চোনিয়াৰ পিতৃ আলিবো চিভোদোৱে জীয়ৰীৰ আকস্মিক মৃত্যুৰ হতভম্ব হৈ ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে।
"তেওঁ সাধাৰণ অৱস্থাতে আছিল আৰু কোনোধৰণৰ হৃদৰোগজনিত সমস্যাত ভূগি থকা নাছিল," চোনিয়াৰ পিতৃয়ে এইদৰে সদৰী কৰে।
"কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতো চোনিয়াৰ শৰীৰত কোনোধৰণৰ লক্ষণ দেখা দিয়া নাছিল। মই নাজানো কি হ'ল হঠাৎ। মই কি কাৰণে মোৰ জীয়ৰীৰ মৃত্যু হ'ল জানিব বিচাৰো," নাৰ্চ গৰাকীৰ পিতৃয়ে ক্ষোভ আৰু দুখ ব্যক্ত কৰি এইদৰে কয়।
উল্লেখযোগ্য যে, আমেৰিকান ঔষধ নিৰ্মাতা সংস্থা ফাইজাৰে তেওঁলোকৰ কোভিড-১৯ ভেকচিন ৯৫ শতাংশ কাৰ্য্যক্ষম বুলি উল্লেখ কৰাৰ লগতে কোনোধৰণৰ পাৰ্শ্চক্ৰিয়াহীন বুলিও কৈছিল।
ফাইজাৰে বায়োটেকৰ সহযোগত কোভিড-১৯ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছিল।
মাত্ৰ ১০ মাহৰ ভিতৰতে ফাইজাৰে কোভিড ভেকচিন প্ৰস্তুত কৰি উলিয়াইছিল। | web |
2bde7c0c36b25d7848b1b88cf82f64419d5b081b | পথাৰতে নষ্ট হৈ পৰিছে বিভিন্ন শাক পাচলি। এই দৃশ্য নগাঁও আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত চৰ চাপৰিত কৃষক সকলে কৰা পাচলিৰ খেতিৰ দৃশ্য।
লক ডাউনৰ বাবে পথাৰত বিলাহী, জলকীয়া, বেঙেনা ইত্যাদি পাচলি বিক্ৰী কৰিব নোৱাৰাৰ ফলত এনেদৰেই চকুৰ সন্মুখতে নষ্ট হৈ আছে।
হতাশাগ্ৰস্ত কৃষকৰ বাবে কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহবান জনাইছে । | web |
45396fc91dc919a2b3a30c24dd697f1068acadb8 | ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী খেলৰ আৰম্ভণি খেলখনত ভাৰতে অ'মানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব।
সোমবাৰে এই খেলখনৰ টিকট বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে।
ভাৰত আৰু অ'মানৰ মাজৰ ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী খেলখন অহা ৪ ছেপ্টেম্বৰত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।
লগতে পঢ়ক ভাৰতে গুৱাহাটীৰ সৰুসজাইৰ পৰা আৰম্ভ কৰিব বিশ্বকাপ অভিযান!
ভাৰত-অ'মানৰ মাজৰ খেলখনৰ বাবে টিকটৰ মূল্য ক্ৰমে ৫০, ১০০ আৰু ২০০ টকা নিৰ্দ্ধাৰণ কৰা হৈছে।
ভাৰতীয় দলৰ বাবে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামখনে সুখদায়ক স্মৃতি বহন কৰি আছে।
ভাৰতীয় দলটোৱে এই ষ্টেডিয়ামখনতেই উপৰ্যুপৰি দুখনকৈ খেলত বিজয় সাৱ্যস্ত কৰাৰ অভিজ্ঞতা লাভ কৰিছিল।
২০১৫ বৰ্ষৰ মাৰ্চত ভাৰতে ইয়াতেই নেপালৰ বিৰুদ্ধে ২-০ ব্যৱধানত বিজয় সাৱ্যস্ত কৰাৰ পাছত ২০১৬ বৰ্ষৰ জুনত লাওচৰ বিৰুদ্ধে ৬-১ ব্যৱধানত বিজয়ী হৈছিল। | web |
f3b61d0f3e7e1b26668195b81e11e2a005cd7346 | "জাতীয় কংগ্ৰেছ এটা পুৰণি দল, এই দলটোলৈ অসমত বিভিন্ন সময়ত চৰম বিপৰ্যয় আহিছিল, পিছত পুনৰ শক্তিশালী হৈ উঠে" - এই মন্তব্য কংগ্ৰেছৰ দুই বৰ্ষীয়ান নেতা ক্ৰমে ডাঃ ভূমিধৰ বৰ্মন আৰু আব্দুল মুহিব মজুমদাৰৰ।
দুয়োগৰাকী নেতাৰ মতে, অসমত জনতা দলৰ চৰকাৰৰ দিনত বিপৰ্যয়ৰ সন্মুখীন হোৱা কংগ্ৰেছৰ অসম আন্দোলনৰ সময়ত হৈছিল মহা বিপৰ্যয়। অসম আন্দোলন আৰু অসম চুক্তিৰ সময়ত আনকি কংগ্ৰেছৰ নেতা-কৰ্মীক ৰাজহুৱাভাৱে এঘৰীয়া কৰিছিল বুলি কয় ভূমিধৰ বৰ্মনে। অসম আন্দোলনৰ পিছতে অগপ চৰকাৰ গঠনৰ সময়ত বহুতেই অসমত কংগ্ৰেছ সম্পূৰ্ণ ৰূপে ধ্বংস হৈ যাব বুলি ভাবিছিল। দিন বাগৰাৰ লগে লগে পৰৱৰ্তী সময়ত প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনত পাঁচ বছৰ আৰু তৰুণ গগৈৰ নেতৃত্বত পোন্ধৰ বছৰ অসসত চৰকাৰ চলাইছিল জাতীয় কংগ্ৰেছে।
৭ বাৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৯০ বছৰীয়া ডাঃ ভূমিধৰ বৰ্মনৰ মতে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ৭১% ভোট লাভ কৰা বিৰোধী একগোট হ'লেই ৰাজ্যত চৰকাৰ গঠন হ'ব। চাৰিবাৰৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন আইন মন্ত্ৰী ৯০ বছৰীয়া আব্দুল মুহিব মজুমদাৰ বৰ্তমান অসুস্থ। অসুস্থ শৰীৰেৰে মুহিব মজুমদাৰে ক'লে - কংগ্ৰেছৰ আকৌ ভাল দিন আহিব। IMDT আইনৰ স্ৰষ্টা প্ৰাক্তন আইন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰে ভবিষ্যদ্বাণী কৰি কৈছে যে অতি সোনকালে এআইইউডিএফ দল কংগ্ৰেছত চামিল হ'ব আৰু বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আকৌ কংগ্ৰেছলৈ উভতি আহিব। নিজৰ ৰাজনৈতিক জীৱনত বহু উত্থান পতন প্ৰত্যক্ষ কৰা দুই প্ৰবীন নেতাই ২০২১ চনত কংগ্ৰেছে চমক সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে।
| web |
77b7023bfcbdc64561873e2140c2ec30e5354d30 | IPL 2022ত উজলিল অসমৰ খেলুৱৈ ৰিয়ান পৰাগ। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰিয়ানৰ দৰ্শনীয় অৰ্ধশতক। মাত্ৰ ২৯ টা বলতে অৰ্ধশতক অৰ্জন কৰে অসমৰ বেটছমেনজনে। প্ৰথমে বেট ধৰি ৰাজস্থানৰ আৰম্ভণি সুখকৰ নাছিল। ইজনৰ পিছত সিজন বেটছমেন বেংগালুৰুৰ বলিঙৰ সন্মুখত উইকেট হেৰুৱাইছিল। কিন্তু ছয় নম্বৰ স্থানত বেটিং কৰিবলৈ অহা ৰিয়ানে এটা দিশত দৃঢ়তাৰে খেলি দলক এক সন্মানজনক স্কৰত উপনীত কৰা নহয় ব্য়ক্তিগত ভাৱে চলিত আইপিএলত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে। ৰিয়ানে ৩১ টা বলত ৫৬ ৰান কৰি নটআউট হৈ থাকে আৰু ৰাজস্থানে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৪৪ ৰান কৰে।
IPL 2022ত ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RRvsRCB)। খেলখনত প্ৰথমে বেট ধৰি ৰিয়ান পৰাগৰ অনবদ্য অৰ্ধশতকৰ সহায়ত ৰাজস্থানে ৮ উইকেট হেৰুৱাই ১৪৪ ৰান সংগ্ৰহ কৰিছিল। প্ৰত্যুত্তৰত ১৪৫ ৰানৰ বিজয় লক্ষ্য আগত লৈ বেংগালুৰুৱে প্ৰথমে কোহলীৰ উইকেট হেৰুৱাই এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাবলৈ লয়। ৰাজস্থানৰ বলিঙৰ সন্মুখত RCBৰ কোনো এজন বেটছমেন তিষ্ঠিব নোৱাৰিলে আৰু দলটো অন্তিম অভাৰত ১১৫ ৰানত অলআউট হয়। ৰাজস্থানৰ কুলদীপ সেনে ৪টা, অশ্বিনে ৩টা আৰু প্ৰসিদ্ধা কৃষ্ণাই ২টা উইকেট দখল কৰে। | web |
509229afccb02344d7a3c1115167e91ff297fb23 | প্ৰতিভাৱান অভিনেতা কিশোৰ দাসৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগত ম্ৰিয়মাণ। বহুকেইটা জনপ্ৰিয় গীতত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰা অভিনেতাগৰাকীয়ে অসমীয়া ধাৰাবাহিকৰ লগতে কথাছবিতো অভিনয় কৰিছিল।
চেন্নাইলৈ যোৱাৰ পূৰ্বে কিশোৰ দাস আছিল সম্পূৰ্ণ আশাবাদী। হাঁহি হাঁহি তেওঁ কৈছিল তেওঁৰ চেন্নাই গমনৰ কথা আৰু তেওঁৰ আশাৰ কথা। সংবাদ মাধ্যমৰ ফালৰ পৰা তেওঁক সোধা হৈছিল তেওঁ কেনে পাইছে? হাঁহিৰে স্পষ্টভাৱে উত্তৰ দিছিল দাসে- "আগতকৈ কেনেকুৱা পাইছে সেইটো কওকচোন আপোনালোকে? মইতো বহুত ভাল পাইছোঁ। কাৰণ খোজ কাঢ়িব পৰা নাছিলোঁ। খাব পৰা নাছিলোঁ। এতিয়া সকলোখিনি কৰিব পৰা হৈছোঁ। খাব পাৰিছোঁ আপোনালোকৰ আশীৰ্বাদত, অসমৰ শিল্পী, চৰকাৰৰ আশীৰ্বাদত। " দাসে নিজৰ বন্ধু-বৰ্গ, গাঁওবাসী তথা ৰাইজৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছিল তেওঁলৈ দেখুওৱা সহায়-সমৰ্থনৰ বাবে।
- First Published : | web |
2137fad673483327e423bdc758948509 | ৰক্ষকেই ভক্ষক! : থানাত বন্দী কৰি ১০ দিন ধৰি এগৰাকী মহিলাক ধৰ্ষণ ৫ আৰক্ষীৰ!\nগুৱাহাটী , October 19, 2020 2:34 pm\nউত্তৰ প্ৰদেশৰ হাথৰাছৰ তৰুণীৰ গণ ধৰ্ষণে দেশ কঁপাই তোলাৰ সময়তে সমগ্ৰ দেশতে যোগী আদিত্যনাথৰ বিজেপি চৰকাৰে নাৰী সুৰক্ষা প্ৰদানত ব্যৰ্থ বুলি সমালোচিত হৈছিল।\nসমগ্ৰ দেশতে ধৰ্ষণৰ বিৰুদ্ধে উঠা গণ জোৱাৰে দেশত ধৰ্ষণজনিত অপৰাধৰ পৰিমাণ হ্ৰাস কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও সেই ধাৰণা ভুল বুলি বাৰে বাৰে প্ৰমাণিত কৰিছে সঘনাই সংঘটিত হৈ থকা ইটোৰ পিছত সিটো ধৰ্ষণ কাণ্ডই।\nবিকৃত আৰু অপৰাধী মানসিকাতাৰ লোকে এই ধৰ্ষণ কাণ্ডবোৰ সংঘটিত কৰি আহিছে মানুহে এক ধাৰণা কৰাৰ সময়তে এইবাৰ খোদ আৰক্ষীয়েই থানাত আৱদ্ধ কৰি ৰাখি এগৰাকী মহিলাক ১০ দিন ধৰি গণধৰ্ষণ কৰি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে গাপ দি ৰখা এই ঘটনাটো সংঘটিত হৈছিল বিগত মে' মাহত।\nসূত্ৰৰ খবৰ মতে যোৱা ১০ অক্টোবৰ দিনাই এই ঘটনাটো পোহৰলৈ আহিছিল। ঘটনাটো সংঘটিত হৈছে বিজেপিৰ শিৱৰাজ সিং চৌহানৰ শাসনাধিষ্ঠ মধ্য প্ৰদেশত।\nঘটনাৰ বিৱৰণীৰ মতে মধ্য প্ৰদেশৰ ৰেওৱা জিলাৰ মাঙ্গাউন থানাত হত্যাৰ অভিযোগত এগৰাকী মহিলাক বন্দী কৰি ৰাখি উপৰ্যুপৰি ১০ দিন ধৰি ৫ আৰক্ষীয়ে গণধৰ্ষণ কৰে।\nমহিলা গৰাকীয়ে দাবী কৰিছে যে তেওঁ নিজেও পূৰ্বতে এগৰাকী আৰক্ষী কনিষ্টবল আছিল। এক ভুৱা গোচৰত তেওঁক আটক কৰি থানাত আৱদ্ধ কৰি যোৱা ৯ মে'ৰ পৰা ২১ মে'লৈ ৫ জন আৰক্ষীৰ লোকে উপৰ্যুপৰি ধৰ্ষণ কৰিছিল।\nপিছে এই সমগ্ৰ ঘটনাটো গোপনে ৰখা হয় বুলিও মহিলা গৰাকীয়ে দাবী কৰিছে।\nবৰ্তমানেও জেইলত কাৰাৰুদ্ধ হৈ থকা মহিলা গৰাকীয়ে ৰেওৱা জিলাৰ অতিৰিক্ত জিলা আদালতৰ বিচাৰপতিয়ে কাৰাগাৰত সাক্ষাৎ কৰোতে এই সমস্ত ঘটনাটো অৱগত কৰে। মহিলা গৰাকীয়ে বিচাৰপতিক লগতে এইটোও জনায় যে কাৰাগাৰৰ ৱাৰ্ডেনকো এই ঘটনাৰ বিষয়ে জনোৱা হৈছিল। কিন্তু তেওঁ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।\nবিচাৰপতিয়ে এই অভিযোগ পোৱাৰ পিছতে ঘটনাটোৰ তদন্তৰ বাবে নিৰ্দেশ দিছে। ইফালে তদন্তত বহু চাঞ্চল্যকৰ তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে।\nইফালে কাৰাগাৰৰ ৱাৰ্ডেনে মহিলা গৰাকীয়ে তেওঁক ধৰ্ষণৰ বিষয়ে অৱগত কৰা বুলি স্বীকাৰ কৰিছে। আনহাতে মহিলা গৰাকীয়ে ভুৱা অভিযোগ উত্থাপন কৰা বুলি আৰক্ষীয়ে দাবী কৰি ২১ মে'ত মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰা বুলি জনাইছে।\nঘটনাটোৱে শিৱৰাজ সিং চৌহানৰ বিজেপিৰ চৰকাৰখনক যথেষ্ট অস্বস্তিত পেলোৱা পৰিলক্ষিত হৈছে।\nউল্লেখ্য যে ৰাজ্যখনত কিছু মাহৰ পাছতে ২৮ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন হোৱাৰ কথা। এই নিৰ্বাচনৰ ফলাফলৰ ওপৰতে চৌহানৰ চৰকাৰৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব বুলিও ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।
| web |
2151a99a4268213a548e2543335dd3b73f20320d | দেশত অভাৱনীয় হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ সময়তে অসম চৰকাৰে সুখবৰ কঢ়িয়াই আনিছে চাকৰি বিচাৰি থকা ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকললৈ।
অসমত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড (এছ এল পি আৰ বি) এ কনিষ্টবল পদৰ বাবে নিযুক্তি সম্বন্ধীয় জাননী জাৰি কৰিছে। মুঠ খালী থকা পদৰ সংখ্যা হৈছে ১২৮৩ টা।
জানিব পৰা অনুসৰি এই পদ সমূহ পূৰণৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত কৰা হ'ব নিয়োগ সমাবেশ।
কনিষ্টবলৰ খালী পদসমূহ APRO ৰ (যোগাযোগ/মেছেঞ্জাৰ/কাঠমিস্ত্ৰী/য়ু বি) আৰু অগ্নি নিৰ্বাপক আৰু জৰুৰী সেৱাত ছাব-অফিচাৰ, অগ্নিনিৰ্বাপক আৰু আপাতকালীন উদ্ধাৰকাৰী হিচাপে পূৰণ কৰিব।
এই পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে বিভাগীয় ৱেবছাইট (www. slprbassam. in) ৰ জৰিয়তে কৰিব পাৰিব আবেদন। অন্য ধৰণৰ আবেদন গ্ৰহণ কৰা নহ'ব বুলি জনাইছে।
প্ৰাৰ্থীসকলে পঞ্জীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সকলো তথ্যৰ লগতে ফটো আৰু চহীও আপলোড কৰিব লাগিব।
উল্লেখ্য যে এই পদ সমূহত নিযুক্তি লাভ কৰিবলগীয়া প্ৰাৰ্থী সকলৰ পে স্কেল ১৪ হাজাৰৰ পৰা ৪৯ হাজাৰ।
আবেদন পত্ৰৰ বাবে কোনো মাছুল নিৰ্দ্ধাৰণ কৰা হোৱা নাই। প্ৰাৰ্থীসকলৰ আবেদন সকলো দিশৰ পৰা শুদ্ধ হ'লে প্ৰথমে লিখিত পৰীক্ষা আৰু পিছত শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব।
জানিব পৰা অনুসৰি, এই পদসমূহত নিযুক্তিৰ বাবে আবেদন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া ১৫ জুনত আৰম্ভ হ'ব আৰু ৩০ জুন আবেদন পত্ৰ দাখিলৰ অন্তিম দিন। | web |
6326a564fc0ce160bbe10979858c23192af7c163 | নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী গোটৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ আন এজন মুল অভিযুক্ত আশ্বিকুল ইছলাম। ধিং আৰক্ষীৰ সহযোগত অভিযান চলাই আশ্বিকুলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে সংবাদ মাধ্যমক বৰ্তমানলৈকে আৰক্ষীয়ে সবিশেষ তথ্য প্ৰকাশ কৰা নাই।
উল্লেখযোগ্য যে বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰিবলৈ কেইবাগৰাকীও মহিলাক আশ্বিকুলে উচটনি দিয়াৰ ভিডিঅ' সংবাদ মাধ্যমত ভাইৰেল হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে মুল অভিযুক্তৰ তালিকাত সন্নিবিষ্ট কৰিছিল আশ্বিকুলৰ নাম।
ঘটনা সংঘটিত হোৱাৰ পিচৰে পৰা আশ্বিকুলে আত্মগোপন কৰি আছিল। বৰ্তমানেও আৰক্ষীয়ে আশ্বিকুলক ক'ৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল সেই সন্দৰ্ভত কোনো তথ্য সংবাদ মাধ্যমক সদৰি কৰা নাই। | web |
e2850cd940ae126300c7b8db0098848bdaa7c677 | দেশৰ সাধাৰণ বাজেটে আনি দিয়া নিৰাশাক অতিক্ৰম কৰিলে শ্বেয়াৰ বজাৰে। বাজেটৰ পিছত শনিবাৰে ১০০০ পইণ্ট নিম্নগামী হোৱা শ্বেয়াৰ বজাৰ মঙলবাৰে পুনৰ উৰ্ধমুখী হৈছে। মঙলবাৰে ছেনচেক্সে পুনৰ ৪০,০০০ পইণ্ট অতিক্ৰম কৰে। সোমবাৰে ১০. ২২ বজালৈকে মুম্বাইৰ ছেনচেক্স ৫৬০ পইণ্ট উৰ্ধমুখী হৈ ৪০,৪৩৩ পইণ্ট স্পৰ্শ কৰে। আনহাতে,নিফটীৰো মঙলবাৰৰ ব্যৱসায় ৬২ পইণ্ট উৰ্ধমুখী হৈ আৰম্ভ হয়। নিফটী ১১. ৭৮৬. ২৫ পইণ্টত আৰম্ভ হয়। | web |
cb5a5fa7406090c4892d422501bcfdf9a33b37be | ৰাজ্যৰ চৌদিশে নিৰ্বাচনী গৰম বতাহ বলিছে যদিও জনীয়া সমষ্টিত তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। যি সময়ত বিভিন্ন দলৰ মনোনীত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰাৰ বাবে হেতা ওপৰা লগাইছে তেনে সময়ত জনীয়া সমষ্টিৰ কংগ্ৰেছৰ পঞ্চায়ত প্ৰতিনিধি, নেতা, কৰ্মী আৰু সমৰ্থক সকলে হাই কমাণ্ডৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰা দেখা গৈছে।
টকাৰ বিনিময়ত জনীয়াত কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিয়া হোৱা নাই বুলি অভিযোগ তোলাৰ লগতে মহাজোঁট নেতৃত্ব ই জনীয়াৰ পৰা কংগ্ৰেছ নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। উত্তেজিত কংগ্ৰেছী সকলে নিজ সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থী দিব নোৱাৰা সাংসদ আব্দুল খালেকৰ যোগ্যতাৰ ওপৰতো নানান প্ৰশ্নৰ অৱতাৰণা কৰিছে আনকি বিভিন্ন ধৰনে সমালোচনা কৰিছে।
ইফালে সন্ধিয়াৰ ভিতৰত হাইকমাণ্ডে জনীয়াত কংগ্ৰেছ প্ৰদান নকৰিলে সকলো পঞ্চায়ত প্ৰতিনিধি, পেৰেন্ট কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ সকলো বিষয়ববীয়াই সমূহীয়া পদত্যাগ কৰি প্ৰয়োজনত বিজেপি দলত ভোট প্ৰদান কৰিব বুলি তীব্ৰ হুংকাৰ প্ৰদান কৰে । | web |
6d5ef7438e4b742e06f9edba62398b891fda7ef3 | উত্তৰ পূবৰ বৰ্ষাৰণ্য দিহিং পাটকাই হ'ব ৰাষ্ট্ৰীয় উদ্যান । সোমাবাৰে গুৱাহাটীত এখন বৈঠক অনষ্ঠিত কৰি এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । লগতে মুখ্যমন্ত্ৰী সোনোৱালে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে বিগত দিনত দিহিং পাটকাইত কয়লা খননাখননৰ সন্দৰ্ভত সমগ্ৰ দেশত অন্যান্য ক্ষেত্ৰৰ লগতে ছ'চিয়েল মিডিয়াতো প্ৰতিবাদৰ জোৱাৰ উঠিছিল। ইয়াৰ পিছত বৰ্ষাৰণ্যখনৰ সন্দৰ্ভত চৰকাৰে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছিল । | web |
678dc52c5d891d44585c842e37ef03dc8b2e4a3e | ক'ৰ'না ভাইৰাছত আক্রান্ত অসম আৰক্ষীৰ হাজাৰৰো অধিক বিষয়া-জোৱান। শুকুুুৰবাৰৰ দিনটোলৈ অসম আৰক্ষীত আক্রান্ত হৈছে ১০৪৬জন। তাৰে ৭৩০জন সুস্থ হোৱাৰ বিপৰীতে ৩১৩জন বৰ্তমান চিকিৎসাধীন হৈ আছে। এই কথা জনালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।
গুৰুত্বপূৰ্ণ যে ক'ৰ'নাত আক্রান্ত হৈ অসম আৰক্ষীৰ তিনিজনকৈ যোদ্ধাই ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। এই কথা জনালে মহন্তই। | web |
86e5ef4620b402eab56ee54bdb715fd954842637aa0003c7ed38d2bdbec59aa1 | অকণে গোনে-পোনে সুধিলে, "মনোৰঞ্জন দাসে যে সেই তাত গুদামঘৰটো সজালে, - - আপুনি বোলে সজাবলৈ দিছিল ?"
"তেওঁ সজাম নে বুলি সুধিছিল, মই সজোৱা বুলি ক'লো।"--মহানন্দই জেপৰ পৰা ছিগাৰেটৰ টেমাটো উলিয়ালে।
"তেওঁ" কথাটো মোক সুধি ল'ব লাগিছিল। তেওঁক বোলে আপুনি ক'লে - মোক নুসুধিলেও হ'ব বুলি ?"
"এঃ এইবোৰ সৰু কথা কিয়নো চবকে সুধি ফুৰিব লাগিছে ?" মহানন্দই ছিগাৰেট খোৱাৰ আয়োজন কৰিলে।
"চবকে মানে?" অকণে খঙটো লুকুৱাই ৰাখিব নোৱাৰিলে।-"আৰু এইটোক মই যদি সৰু কথা বুলি ভাবোঁ, মাই যদি সৰু কথা বুলি ভাবে, মোমাইদেৱে যদি সৰু কথা বুলি ভাবে, তেনেহ'লে সৰু কথা। কিন্তু আপুনি সৰু কথা বুলি ভাবিব কিয় ?"
মহানন্দই নিৰ্বিকাৰভাৱে ছিগাৰেট এটা জ্বলালে। খঙত অকণৰ দাঁত কামোৰ খাই গ'ল। সি প্রায় চিঞৰিয়েই সুধিলে, "আগুনি আমাক নুসুধিলেও হ'ব বুলি মনোৰঞ্জন দাসক কিয় কৈছিল ?"
অলপ দূৰত মানুহকেইটামানে কাঠৰ খুঁটা কেইটামানত মাটিতেল লগাই আছিল। সিহঁতে অকণহঁতৰ ফালে চালে। মহানন্দই ধীৰে-সুস্থিৰে ক'লে, "তোমাৰ হৈছে কি অকণ? তুমি দেখোন সদায় মোক ডবিয়াবলৈ অহা কৰিলা। এইটো তুমি বেয়া কাম কৰিছা।"
অকপে গর্জি উঠিল, "কোনটো বেয়া কাম কোনটো ভাল কাম সেইবোৰ মই ভাবিম। আপুনি মোক নোসোধাকৈ মনোৰঞ্জন দাসক সেই ডোখৰ ৱিটিত ঘৰ সাজিবলৈ দিলে কিয় ?"
"বাৰু, ময়ো তোমাক সোধোঁ। মনোৰঞ্জন দাসে তোমালোকক নুসুধি কথাটো মোক সুধিলে কিয় ? সুধিলে কিয়? তেওঁ তো তোমালোকক সদায় দেখিয়েই আছে!" মহানন্দই এইবাৰ মাতটো অলপ গম্ভীৰ কৰিলে।
"তেওঁ ভাবিলে আপুনি মোৰ ককায়েক। আপুনি মোতকৈ ডাঙৰ। কিন্তু আপুনিতো জানে আচল কথাবোৰ কেনেকুৱা !"
তেওঁ ভুলকৈ ভাবিলে নে কি? তেওঁ তো ঠিকেই ভাবিছে! তুমিও ঠিকেই কৈছা। --আচল কথাবোৰ কেনেকুৱা ময়ো জানো।"
"মানেতো শুনা অকণ । এতিয়া মনোৰঞ্জন দাসে মাটিডোখৰ কামত লগাই থাকক। পাছত দৰকাৰ হ'লে মই কামত লগাম। তেওঁৰ দৰকাৰ যদি মোতকৈ বেছি হয়, তেনেহ'লে তেৱেঁই লৈ নব।"
"আমি যদি নেবেচোঁ ?"
"দেউতাৰ মাটি মই ললেও কিনি লব লাগিব নে কি ?
"নহয় এইবোৰ আপোনাৰ দেউতাকৰ মাটি।" অকপে আকৌ গর্জি উঠিল।
মহানন্দই মাটিতেল লগাই থকা মানুহকেইটালৈ চাই আচম্বিতে চিঞৰ এটা মাৰিলে, "তহঁতে কি শুনিছ ? কাম কৰ।"
তাৰ পাছত এহোঁপা ছিগাৰেট খাই তেওঁ মাতটো আগৰ সমানলৈ নমালে। মাটিলৈ চাই, ছাইখিনি পেলাবলৈ ছিগাৰেটটো টুকৰিয়াইটুকৰিয়াই তেওঁ ক'লে, "এইবোৰ দেউতাৰ মাটি নহ'লেও মোৰ মাৰ মাটি হ'ব পাৰিলেহেঁতেন।" তাৰ পাছত হঠাতে মহানন্দই তীব্র খণ্ডৰ সুৰেৰে সুধিলে, "কিয় নহ'ল ? কাৰ কাৰণে নহ'ল ?"
অকণে হাত এখন দাঙি চিঞৰিবলৈ মুখ মেলিলে মহানন্দই ছিগাৰেউটো লৈ থকা হাতখন দাঙি ক'লে, "আৰু একো ক'ব নালাগে। भই যি দুটা কথা সুধিলো, তাৰ উত্তৰ ভাবা। উত্তৰ পালে ঠাণ্ডা মগজেৰে মোৰ ওচৰলৈ আহিবা।"
খঙত অকণৰ গাটো যেন কঁপি উঠিল। অলপমান সময় তাঁর দৃষ্টিৰে মহানন্দৰ মুখলৈ চাই থাকি সি ৰাস্তাৰ ফালে ঘূৰিল।
মহানন্দই লাহে-লাহে মাটিতেল লগাই থকা মানুহকেইটাৰ ওচৰলৈ গৈ অলপ সময় সিহঁতৰ কাম চাই ৰ'ল। তাৰ পাছত তেওঁ ক'লে, "এঃ ! অলপ অলপকৈ লগাই যা অ' ! একে ঠাইতে লেপি আছ কিয় ?"
অকণ ঘৰত সোমাওঁ তে যোগমায়া মাজৰ বহা কোঠালিটোতে আছিল। অকণৰ খোজ আৰু মুখখন দেখি তাইৰ মুখেদি আপোনা-আপুনি ওলাই গ'ল.~-"কি হ'ল ?"
একো নোকোৱাকৈ অকণ তাৰ কোঠালিলৈ সোমাই গ'ল। যোগমায়াও তাৰ পিছে-পিছে গ'ল আৰু তাৰ ওচৰত থিয় হৈ আকৌ সুধিলে, "হুঁ ? কি হ'ল অকণ ?"
বিছনাখনত বহি অকণে ক'লে, "সাংঘাতিক কাণ্ড হ'ব কিন্তু, মই কৈ দিছোঁ।"
"কি হ'ল কচোন।"
"তই যেতিয়াই যি কৈছ, মই সকলো মানি আছোঁ মোৰ ইচ্ছা থাকক নাথাকক, তই কোৱা মতেই কাম কৰি আছোঁ। এইবাৰ কিন্তু মই নিজৰ ইচ্ছামতে কাম কৰিম। তই বেয়া নাপাবি। যিমানেই সাংঘাতিক কাণ্ড নহওক, তই মনে-মনে চাই থাকিব লাগিব।"
যোগমায়াই আকৌ অধৈৰ্য হৈ চিঞৰিলে, "হ'ল কি? কাৰ কথা কছ ? কিহৰ কথা কৈছ ? খুলি কচোন।"
গণ্ডগোল শুনি ৰাধা কোঠালিটোলৈ সোমাই আহিল। তৰায়ো দুৱাৰমুখত থিয় দিলেহি। মাক-জীয়েক দুয়ো কি হৈছে জানিবলৈ পেৰাপেৰি কৰাৰ পাছত অকণে ক'লে, "লাহে-লাহে। এইবোৰ এতিয়া এনেকৈ ক'ব পৰা কথা নহয়। নুবুজিবি।"
পাছদিনা আবেলি ৰাধা স্কুলৰ পৰা পলমকৈ উভতিল। তাই যেনেকৈ ঘৰ সোমালহি,--যোগমায়া, তৰা, গৌৰী এটাইমখা উচপ খাই উঠিল। আকৌ কি হ'ল?
এজনী ছোৱালীয়ে যোগমায়া হাইস্কুলত চাকৰিৰ খবৰ কৰিবলৈ আহিছিল। স্কুল ছুটীৰ পাছত তাইৰ লগত কথা পাতি-পাতি ৰাধা ঘনশ্যাম চৌধুৰী উদ্যানৰ সিফালৰ বাহ ৰোৱা ঠাইডোখৰলৈকে আগবাঢ়ি গৈছিল। ছোৱালীজনীক ৰাহত তুলি দি উভতি আহোঁতে হঠাতে তাইৰ চকুত পৰিল -মহানন্দহঁতৰ ঘৰটোৰ আগফালৰ পেটৰ পিলাৰটোত যোগমায়া নিকেতন বুলি লিখা প্লেটখন নাই। গিজাৰটোৰ সেই ঠাইডোখৰ কুৎসিৎ হৈ
| pdf |
1774c47adda76b18f9a97f4af5dbadf22fa44a09 | মই গাড়ী লৈ সচিবালয়ৰ সন্মুখেদি ওলাই আহিলোঁ।
: ছাৰ কি পালে এইটো?
: এহ বাহাৰুল, কি ক'বা আৰু! কালিলৈ বিশ্ব যোগদিৱস নহয়, তাৰ কাৰণে T-shirt দুটামান ল'লোঁ। পাৰ্টিৰ ওপৰৰ পৰা অৰ্ডাৰ আছে। কালিলৈ ৩০০০ T-Shirt ৰ অৰ্ডাৰ দিয়া আছে বুইছা।
: অ ঠিকেই ছাৰ, কালিলৈ ২১ জুন নহয়।
পিছদিনা ৰাতিপুৱা ৫ বজাত চাইকেলত উঠাই মোৰ পাঁচবছৰীয়া ল'ৰাটোকো লৈ আনিলোঁ ছাৰৰ ঘৰলৈ। তাক নমাই গাড়ীখন উলিয়াই আনিলোঁ। পানী অলপ লৈ গাড়ীখন ধুলোঁ। ইতিমধ্যে ছাৰ ওলাই আহিছিল ঘৰৰ পৰা। বগা কপাহী T-shirt পিন্ধাৰ কাৰণে ছাৰক বেছি পেটুৱা লাগিছিল দেখিবলৈ।
: কিহে বাহাৰুল, আজি ল'ৰাকো লৈ আহিলা নেকি?
: হেঃ হেঃ! হয় নেকি? ব'লা ব'লা ইয়াকো লৈ ব'লা।
ছাৰ ইতিমধ্যে আহি গাড়ীত বহিলহি। ল'ৰাক পিছৰ চিটত বহিবলৈ দি মই গাড়ী উলিয়াই আনিলোঁ। ৰাজহুৱা খেলপথাৰ পালোঁগৈ আমি। ইতিমধ্যে ঢেৰ মানুহ গোট খাইছিল। সকলোৱে বগা ৰঙৰ T-Shirt পিন্ধি ফিল্ডত আসন কৰিবলৈ আৰম্ভ কৰিছিল।
যোগগুৰুৰ আদেশত সকলোৱে আসন কৰি গৈছে।
মোৰ ল'ৰাই দূৰৈৰ পৰা চাই আছে এইবোৰ। ইমান ধুনীয়া মঞ্চ, লাইটিং সি আগতে কেতিয়াও দেখা নাছিল। হঠাৎ তাৰ মুখৰ পৰা ওলাই গ'ল,
: বুইছা বাহাৰুল, যোগাসন কৰিব লাগে। স্বাস্থ্যৰ বাবে বৰ ভাল।
: হয় ছাৰ।
: এইয়া আমাৰ ভাৰতীয় সংস্কৃতিৰ পৰিচয় হয়।
: হয় ছাৰ।
: আমাৰ চৰকাৰ আহিয়েই যোগাসনক বিশ্ববিখ্যাত কৰি দিলে বুইছা। যোগ দিৱস আমাৰ দিনতেই স্বীকৃতি পালে।
: বৰদেউতা, আপুনি কি দে'তাক যোগাসন কৰাৰ কথা কৈছে?
: অ আকৌ, কি হ'ল নো?
: ই বৰদেউতা, আমাৰ দে'তাই সদায় ৰাতিপুৱা নামাজ পঢ়ি উঠি যোগাসন কৰে, আজিও কৰি আহিছে।
ল'ৰাই আকৌ মাত লগালে,
: কি বাহাৰুল? সঁচা?
: তেন্তে আজি আমাৰ লগত নকৰিলা কিয়?
: মানে ?
কথাখিনি শুনি MLA ছাৰ মৌন হৈ থাকিল। তেখেতে পিন্ধি থকা হাজাৰ টকীয়া T-Shirt টো চাই মনে মনে কিবা ভাবি গৈ থাকিল। | web |
117fa4f81efc8f9c45a31c1f2b25f53e74c6bdf1 | লিডুঃ সমগ্ৰ বিশ্ব এতিয়া ক'ৰণা মহামাৰীৰ ৰোষত ভুগি আছে। সমগ্ৰ অসমতেও চলিছে এতিয়া মিনি লকডাউন। ফলত পদপথত বসবাস কৰা মানসিক বিকৃতি লোকসকলৰ খোৱাৰ ব্যৱস্থা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে।
তেনে এটা সময়ত মানবতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে তিনিচুকীয়া জিলাৰ লিডুৰ অন্তৰ্গত ইয়ং পেইন্টাৰ চোছাইটিৰ একাংশ সদস্যই। লিডুৰ পদপথত বসবাস কৰা সমগ্ৰ মানসিক বিকৃতি হেৰোৱা দৰিদ্ৰ অসহায় লোকৰ লগতে পশুসকলৰ বাবেও কিছুদিন যাবত খাদ্য-সামগ্ৰী যোগানৰ ব্যৱস্থা কৰি আহিছে সদস্যসকলে।
এটা কথা কব লাগিব যে যি বয়সত একাংশ যুবকে অধিক সময় খেল জগতত সময় অতিবাহিত কৰে তেনে বয়সত লিডুৰ ইয়ং পেইন্টাৰ চোছাইটিৰ একাংশ সদস্যই নিজৰ উপাৰ্জনৰ পৰাই দৰিদ্ৰসকলক সহায়ৰ হাত আগবঢ়াই আহিছে।
সুদীৰ্ঘ সময় ধৰি উদীয়মান এই যুবক কেইজন চিত্ৰাংকণ কৰি যি অৰ্থ উপাৰ্জন কৰে তাৰ সম্পূৰ্ণ দৰিদ্ৰসকলৰ কাৰণে ব্যয় কৰি আহিছে। ইয়ং পেইন্টাৰ চোছাইটিৰ সদস্যসকলে জানিবলৈ দিয়ে যে কোনোবা যদি স্থানীয় সদাশয় ব্যক্তিয়ে সিহঁতৰ লগতে দৰিদ্ৰসকলক সহায়ৰ হাত আগবঢ়ালে সিহতে ধন্যবাদ সহকাৰে দৰিদ্ৰসকলৰ সহায়ৰ বাবে গ্ৰহণ কৰিব। লিডু ইয়থ ক্লাবৰ এনেকোৱা প্ৰচেষ্টামূলক কৰ্মক সৰ্বসাধাৰণ ৰাইজে ভূয়সী প্ৰশংসা জ্ঞাপন কৰিছে। | web |
97251c1d4525019c8b1d6a6bd4c81516ad2017acf76e28ce26628821aedcdcff | অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব
ডক্টৰ উপেন্দ্রনাথ গোস্বামী
অসমীয়া ব্যাকৰণৰ, বিশেষকৈ অসমীয়া ভাষাৰ ইতিহাসৰ দৃষ্টিৰে কালিৰাম মেধিৰ 'অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব' নামৰ গ্ৰন্থখম এখন উল্লেখযোগ্য মূল্যৱান গ্রন্থ। ১৯৩৬ চনত পৃথিখন ছপা কৰি মেধিয়ে অসমীয়া ভাষাটোক আর্য-অনার্য ভাষাৰ বিবিধ উপাদানেৰে সমৃদ্ধ অথচ স্বতন্ত্রভাবে অসমত বিকাশপ্রাপ্ত এটা প্রাচীন ভাষাৰূপে সুপ্রতিষ্ঠিত কৰি ৰাখিলে। ১৯৪১ চনত ডঃ বাণীকান্ত কাকতিৰ 'অসমীয়া ভাষাৰ গঠন আৰু বিকাশ' নামৰ গৱেষণা-গ্ৰন্থখনৰ প্ৰকাশৰ পাছত 'অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব খনৰ প্ৰচাৰত কিছু বাধাপ্রাপ্ত হ'ল। ডঃ কাকতিয়ে পুথিখনৰ বিষয়ে সুচিন্তিত মন্তব্য নিদিয়াটো এপিনৰপৰা আচৰিত হবলগীয়া কথা। নিৰপেক্ষভাবে বিচাৰ কৰি চালে মেধি ডাঙীয়াৰ গ্ৰন্থখনে ডঃ কাকতিৰ গ্ৰন্থখনে আলোচনা নকৰা অথচ আৱশ্যকীয় বহুতো কথা আলোচনা কৰাহে দেখা যায়। সেইবোৰে বিশেষকৈ অসমীয়া ভাষাটোৰ আঁতি-গুৰি দেখুওৱাত যথেষ্টৰূপে সহায় কৰিছে। মেধিয়ে আলোচনাৰ বাবে অকল মান্য ৰূপটোকে লোৱা নাই। তেওঁ উপভাষাৰে সৈতে অসমীয়া ভাষাৰ সমগ্ৰ ৰূপটোহে লৈছে; কাৰণ, অসমীয়া ভাষাৰ "মূল অসমৰ উপভাষাবোৰৰ মাজতে আছে।" অৱশ্যে অসমীয়া ভাষাৰ মূল নিৰ্ধাৰণ কৰিবলৈ হ'লে ভাৰতীয় আন আন ভাষা,
ভাৰতীয় আর্য-ভাষা আৰু ভাৰপৰা বিকশিত মধ্য ভাৰতীয় আর্য-ভাষা আলোচনাও অপৰিহাৰ্য। সেইটে। অনুভৱ কৰিয়ে মেধিয়ে বৈদিক ভাষা, সংস্কৃত ভাষা, প্রাকৃত ভাষা, সেই আটাইবোৰৰ উৎপত্তি, বিকাশ আৰু বিস্তৃতিৰ সাধাৰণ আলোচনা দাঙি ধৰি অৱশেষত সেইবোৰৰ বিবিধ উপাদানেৰে অসমীয়া ভাষাটো কেনেদৰে গঢ়ি উঠিছে তাৰ বহল আলোচনা ইংৰাজী পাতনিখনত সন্নিৱিষ্ট কৰিছে। ভাৰতীয় আর্য-ভাষাৰ উৎপত্তি আৰু বিকাশৰ পৰিচয়ৰ বাবে সেই আলোচনাখিনি ।সকলোৰে কাৰণে মনোগ্রাহী।
অসমীয়া ভাষাটোৰ প্ৰাচীনভাৰ ওপৰত মেধিয়ে গুৰুত্ব আৰোপ কৰি নানা যুক্তিৰ সহায়ত অসমীয়া ভাষাৰ লগত প্রাকৃ-বৈদিক আৰু বৈদিক ভাষাৰ
| pdf |
4fdcfee8dbf780199e1cd6fa384f8bab129eb5ea | সপ্তম দৰমহা আয়োগৰ পিছত আকৌ নতুনকৈ গঠন নহ'বও পাৰে অষ্টম দৰমহা আয়োগ! মোদী চৰকাৰৰ সপ্তম দৰমহা আয়োগৰ ভিত্তিত এতিয়া দৰমহা লাভ কৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে। সেইদৰে অসমতো এতিয়া ৰাজ্যিক কৰ্মচাৰীয়ে সপ্তম দৰমহা আয়োগ অনুযায়ী লাভ কৰি আছে দৰমহা।
দেশৰ বিভিন্ন আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি সম্ভৱতঃ বন্ধ হৈ যাব পাৰে দৰমহা আয়োগ। দৰমহা আয়োগৰ ঠাইত কেন্দ্ৰীয় চৰকাৰে অতি সোনকালেই আৰম্ভ কৰিব পাৰে এক বিকল্প ব্যৱস্থা। সম্ভৱতঃ ACROID মেথড আৰম্ভ কৰিব পাৰে কৰ্মচাৰীৰৰ বেতন বৃদ্ধিৰ ক্ষেত্ৰত।
বিশিষ্ট বিজ্ঞানী ওয়ালেক ৰুডেলে আবিষ্কাৰ কৰিছিল ACROID মেথড। এই পদ্ধতিৰ জৰিয়তে দেশৰ আৰ্থিক মুদ্ৰাস্ফীতি আৰু কৰ্মচাৰীৰৰ যোগ্যতা বিচাৰ কৰি বৃদ্ধি কৰা হ'ব দৰমহা। এই পদ্ধতিত সকলো কৰ্মচাৰীৰৰ দৰমহা একে সময়তে বৃদ্ধি নাপায়।
এই নতুন পদ্ধতিৰ কথা সপ্তম দৰমহা আয়োগ গঠন হোৱাৰ আগতেই চৰ্চালৈ আহিছিল। এই পদ্ধতি কাৰ্যকৰী হ'লে কৰ্মচাৰীৰৰ দৰমহা বৃদ্ধি নিৰ্ভৰ কৰিব কৰ্মচাৰীৰৰ কৰ্ম দক্ষতাৰ ওপৰত!
- First Published : | web |
4fc07d462a5646d436de6b37605bb9374df7bbc6 | দেশজুৰি কোৰোণাৰ সংহাৰ অব্যাহত থকাৰ মাজতে ২ৰ পৰা ১৮ বছৰ বয়সৰ লোকৰ মাজত ভাৰত বায়'টেকৰ কোভাক্সিন(Covaxin)ৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি।
কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সন্থা (Central Drugs Standard Control Organization (CDSCO))ৰ বিশেষজ্ঞ কমিটীয়ে (Subject Expert Committee (SEC)) এই অনুমোদন দিছে মঙলবাৰে। এক চৰকাৰী সূত্ৰত প্ৰকাশ এই খবৰ।
এই পৰীক্ষণ দিল্লীৰ এইমছ (AIIMS, Delhi) পাটনাৰ এইমছ (AIIMS, Patna) আৰু নাগপুৰৰ মেডিতৃণা চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত মুঠ ৫২৫ গৰাকী লোকৰ দেহত কৰা হ'ব।
ভাৰত বায়'টেকে ২ৰ পৰা ১৮ বছৰৰ লোকৰ দেহত কোভাক্সিন কিমান সুৰক্ষিত, ইয়াৰ পাৰ্শ্বক্ৰিয়া আৰু প্ৰতিৰোধ ক্ষমতা সম্পৰ্কে পৰীক্ষণৰ বাবে কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সন্থাৰ পৰা অনুমতি বিচাৰিছিল।
এই পৰীক্ষণৰ সকলো দিশ বিচাৰ-বিবেচনা কৰি অৱশেষত কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সন্থাই ভোাৰত বায়'টেকক পৰীক্ষণৰ বাবে অনুমতি দিয়ে। ইয়াৰ ফলত কোৰোণাৰ বিৰুদ্ধে য়ুঁজ অধিক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে কোভিশ্বীল্ডৰ লগতে ১৮ৰ উৰ্ধৰ সকলো লোককে দেশত দি থকা হৈছে কোভাক্সিন।
- First Published : | web |
6c2171031a0b0a2fa620fc0cd93c248c5a8537e1 | ৬২ শতাংশতকৈ ও অধিক মহিলা প্ৰাৰ্থীক বিজেপি দলৰ মনোনয়ন প্ৰদান কৰা হৈছে। এই পদক্ষেপৰ দ্বাৰা বিজেপিয়ে মহিলা সৱলীকৰণৰ শ্লোগানক বাস্তৱত ৰূপায়িত কৰাৰ বুলি দাবী কৰিছে মহিলা নিৰ্যাতনৰ বাবে পঞ্চায়ত সমূহত মুকলি কৰিব হেল্পলাইন কেন্দ্ৰ । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখপাত্ৰ অপৰাজিতা ভূঞাই এখনি সংবাদমেলত এনেদৰে মন্তব্য কৰে। তাৰোপৰি আঞ্চলিক পঞ্চায়তৰ সদস্য, গাঁও পঞ্চায়তৰ সভাপতি আৰু গাঁও সভাৰ সদস্যৰ বাবে প্ৰায় ৬০ শতাংশ মহিলাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে জানিব দিয়ে।
সংবাদমেল খনত তেওঁ লগতে কয় - "কনকলতা মহিলা সৱলীকৰণ" আঁচনিৰ জৰিয়তে প্ৰতিটো বিধানসভা সমষ্টিতে ১০০০ টা কৈ মহিলা আত্মসহায়ক গোটক এবছৰত ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱাৰ ফলত গোটৰ কেইবা লাখ মহিলাৰ আত্ম সংস্থাপন হৈছে। যাৰ ফলত গ্ৰামাঞ্চলৰ কেইবা লাখ মহিলাৰ আৰ্থিক আত্মনিৰ্ভৰশীলতা অহাৰ লগে লগে ৰাজ্যখনৰ অৰ্থনীতিয়ে এটা নতুন পৰ্যায় লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে গ্ৰামাঞ্চলত বিনামূলীয়া 'চেনিটেৰী নেপকিন ' আৰু 'আইৰণ পিল ' ৰ বিতৰণত পঞ্চায়তৰ ভূমিকা উল্লেখযোগ্য হ'ব বুলিও মুখপাত্ৰ গৰাকীয়ে কয়। শিশু আৰু মহিলা সকলৰ ওপৰত হোৱা নিৰ্যাতনৰ তৎকালীন খবৰ দিয়াৰ বাবে প্ৰতিখন পঞ্চায়তত একোটাকৈ ' হেল্পলাইন' গঠন কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ কথাও সদৰী কৰে মুখপাত্ৰ গৰাকীয়ে। | web |
0c61535d0bcd7b2794396223e5d7140d4f36af1c | ঢকুৱাখনা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰ দুলেন চুতীয়াই বুধবাৰে ভাৰাঘৰত চিপ লৈ আত্মহত্যা কৰাৰ পাছত বৃহস্পতিবাৰে ঢকুৱাখনা চালিআলিত সংঘৰ্ষময় পৰিস্থিতিৰ উদ্ভৱ হয়।
জানিব পৰা মতে বুধবাৰে এগৰাকী ছাত্ৰীক জোকোৱাৰ ঘটনাক কেন্দ্ৰ কৰি দুলেন চুতীয়া আৰু আন এজন সতীৰ্থ ছাত্ৰক খনীন্দ্ৰ দত্ত নামৰ মহাবিদ্যালয়খনৰ এগৰাকী অধ্যাপকে চৰিওৱাৰ লগতে অধ্যক্ষৰ কোঠালৈ লৈ যায়। অধ্যক্ষ ড০ যোগানন্দ সূতে ছাত্ৰজনৰ পৰিচয়পত্ৰ কাঢ়ি লৈ ছাত্ৰ দুজনক ককৰ্থনা কৰাৰ লগতে ছাত্ৰজনক মহাবিদ্যালয়ৰ পৰা বহিস্কাৰ কৰাৰ হুমকি দিয়ে।
ইয়াৰ পাছতেই দুলেন চুতীয়া ভাৰাঘৰলৈ আহি মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি থকা অৱস্থাৰেই দুপৰীয়া প্ৰায় এক বজাত চিপ লৈ আত্মহত্যা কৰে। এই ঘটনা বিয়পি পৰাৰ লগে লগে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উত্তেজিত হৈ বুধবাৰে গধূলিয়েই সমদল কৰি অধ্যক্ষৰ বাসভৱন ঘেৰাও কৰে।
কিন্তু অধ্যক্ষক বিচাৰি নাপাই ছাত্ৰ-ছাত্ৰীৰ দলটোৱে থানা ঘেৰাও কৰে। অৱশ্যে, বুধবাৰে আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ বিষয়াই দলটোক দোষীক শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি ঘূৰাই পঠিয়ায়।
কিন্তু বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত ছাত্ৰ-ছাত্ৰীসকলে পুনৰ এক বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়। মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শ্ল'গান দি তেওঁলোকে ঢকুৱাখনা থানা ঘেৰাও কৰে। পুৱা প্ৰায় ১০ বজাৰ পৰা মহকুমা প্ৰশাসন আৰু আৰক্ষী-প্ৰশাসনৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ কেইবালানিও আলোচনা হয় যদিও আলোচনা ব্যৰ্থ হয়। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল উত্তেজিত হৈ ঢকুৱাখনা সদৰলৈ অহা পথসমূহ বন্ধ কৰি দিয়াৰ লগতে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষক বৰ্খাস্ত কৰা আৰু গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ইপিনে মহকুমা তথা আৰক্ষী-প্ৰশাসনে ন্যায়িক তদন্ত দিয়াৰ কথা সদৰী কৰে যদিও ছাত্ৰ-ছাত্ৰীসকলে সেয়া মানি নোলোৱাত পৰিস্থিতি জটিল হৈ পৰে।
অৱশেষত আৰক্ষীয়ে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰে। ছাত্ৰ-ছাত্ৰীসকলেও আৰক্ষীক উদ্দেশ্যি শিলাবৰ্ষণ আৰম্ভ কৰে। ফলত কেইবাখনো যান-বাহনৰ ব্যাপক ক্ষতিসাধন হয়। বিয়লি জিলা উপায়ুক্ত ডাঃ জীৱন বি, আৰক্ষী অধীক্ষক সুধাকৰ সিং ঢকুৱাখনাত উপস্থিত হৈ সাতিদিনৰ ভিতৰত দোষীক আটক কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত পৰিস্থিতি কিছু শাম কাটিছে।
জানিব পৰা মতে আজি দিনৰ ১০ বজাত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে মহাবিদ্যালয়ৰ শিক্ষকসকলক লৈ এখনি সভা অনুষ্ঠিত কৰিব আৰু তাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ লগতো আলোচনা আন এক আলোচনা অনুষ্ঠিত কৰিব। | web |
b36b26db36b55a61fa4bae17cfeada8d | যোৱা ৬ নৱেম্বৰৰ দিনা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত যোৱা কনভয়ৰ গাড়ীৰ খুন্দাত মহানগৰীত থকা ত্ৰিপুৰাৰ অনুপম চাকমা নামৰ এজন যুৱকৰ মৃত্যু হৈছিল। তাৰ পাছতেই বহু পলমকৈ হ'লেও আজি ভৰলুমুখ আৰক্ষীয়ে কনভয়ৰ বাহনখনৰ বিৰুদ্ধে ৯১৩/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে বুলি ভৰলুমুখ আৰক্ষীয়ে জানিবলৈ দিয়ে।
প্ৰণিধানযোগ্য যে, ৬ নৱেম্বৰত পুৱতি নিশা প্ৰায় ৩ বজাত গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ ষষ্ঠ ষান্মষিকত অধ্যয়ণৰত অনুপম পানবজাৰৰ দিশৰ পৰা বাইকেৰে তীব্ৰগতিৰে আহি থকা অৱস্থাতে জালুকবাৰীৰ দিশৰ পৰা অহা মন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ লগত অহা এখন বাহনৰ সৈতে সংঘৰ্ষ হৈছিল। যাৰ ফলত যুৱকজন গুৰুতৰভাৱে আহত হোৱাত তেওঁক ততাতৈয়াকৈ জিএনআৰচি হাস্পতালত ভৰ্তি কৰাৰ পাছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।
তেওঁ লগতে কয়, "দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ব্যক্তিগত আছিল আৰু সেইখনে আৰক্ষী কঢ়িয়াই আনিছিল।" লগতে গাড়ীখন চৰকাৰে ভাড়াত লোৱা বুলিও আমাৰ আগত উল্লেখ কৰে।
আনহাতে, এ এছ ০১এইচ চি ৮৬০০ নম্বৰৰ বলেৰ' গাড়ীখন কাহিলীপাৰাৰ কুদ্দুছ আলিয়ে চলাই আহিছিল বুলি সহকাৰী আৰক্ষী উপ পৰিদৰ্শক গৰাকীয়ে আমাক জানিবলৈ দিয়ে। জানিব পৰা মতে কুদ্দুছৰ ঘৰ ধীৰেনপাৰাত।
আনহাতে, গাড়ীখনৰ মালিকৰ নামটো প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ভৰলু আৰক্ষী। এক সুত্ৰৰ পৰা জানিব পৰা মতে অংকুৰ দত্ত নামৰ লোকজন উক্ত গাড়ীখনৰ মালিক তথা কামৰূপ মহানগৰত পঞ্জীয়নভুত উক্ত বাহনখন।
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
| web |
22ea9c17e99c599e70b7268940fdfe37335b1bef | মঙলদৈঃ মঙলদৈ কুঁৱৰী পুখুৰী প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ব্যতিক্ৰমী প্ৰধান শিক্ষক। তেখেত হৈছে দুলু বড়ো। পেছাত এগৰাকী শিক্ষক কিন্তু তেখেত এগৰাকী অসমৰ লোক সংস্কৃতিৰ সাধক। নিজ ঘৰতে খুলি লৈছে লোক কলা সংস্কৃতিৰ এক প্ৰশিক্ষণ কেন্দ্ৰ। প্ৰশিক্ষণ দিছে বৰঢুলীয়া, নাগৰা নাম, ওজাপালি, সত্ৰীয়া নৃত্য, বিহু নৃত্য, বিয়ানাম, লোকগীত আদিৰ।
শিক্ষক দুলু বড়োয়ে নিজেই সকলো লোকবাদ্য বজাব পৰাৰ লগতে লোক নৃত্যৰ ওপৰত আছে অগাধ জ্ঞান। তেওঁৰ ঘৰখনক নাম দিছে "প্ৰেৰণা" আশ্ৰম। য'ত অনাথ আৰু দুখীয়া ছাত্ৰ ছাত্ৰীক নিজ গৃহত ৰাখি লালন পালন কৰাৰ উপৰি লোক নৃত্য, লোক বাদ্যৰ প্ৰশিক্ষণ দিয়ে নিজে। নিজৰ দৰমহা টকাৰ ৫০ শতাংশ তেওঁ খৰছ কৰে এইসকল অনাথ আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী আৰু কলা সংস্কৃতিৰ চৰ্চাৰ নামত। প্ৰচাৰ বিমুখ এই গৰাকী কৃতী শিক্ষকৰ লগতে লোক কৃষ্টিৰ সাধক দুলু বড়োৰ শিক্ষক দিৱসৰ দিনটোত আমি জনালো শুভকামনা। | web |
9300031657cd765c7dc133d5c78c2863b5bed4ec | কৰ'নাৰ বিৰুদ্ধে যুঁজত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি সদৰী কৰি প্ৰশংসাৰে উপচাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এক সংবাদমেল সম্বোধন কৰে।
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সংবাদমেল সম্বোধন কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে।
মুখ্য মন্ত্ৰীয়ে কয় যে কৰোনা ভাইৰাছে মানৱ সমাজৰ ওচৰত প্ৰত্বাহ্বান সৃষ্টি কৰাৰ সময়ত দেশবাসী কৰ'নাৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৱে থিয় হৈছে।
মুখ্য মন্ত্ৰী সোণোৱালে প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজক প্ৰসংশা কৰি ইয়াৰ পৰা অসমবাসীয়ো উপকৃত হ'ব বুলি কয়।
প্ৰধানমন্ত্ৰীৰ সময়োচিত পদক্ষেপে দেশবাসীক কৰোনাৰ পৰা ৰক্ষা কৰিলে বুলি মন্তব্য কৰে সোণোৱালে।
"এই দুৰ্দিনৰ সময়ত তেওঁ দৰিদ্ৰ লোকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে সেয়া নিশ্চয়কৈ প্ৰশংসনীয়। তেওঁ দৰিদ্ৰৰ বন্ধু হিচাপে বিপদত থিয় দিছে"-তেওঁ কয়।
"বিদেশী বিনিয়োগকাৰীক আদঁৰণি জনাবলৈও কেন্দ্ৰলৈ অনুৰোধ প্ৰেৰণ কৰা হৈছে। যিবোৰ উদ্যোগত পি এফৰ সমস্যা আছিল সেই উদ্যোগৰ মালিক-শ্ৰমিকৰ ১২ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰৰ এই আচঁনিৰ পৰা লাভান্বিত হ'ব,"-তেওঁ কয়।
মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ১৯৫২ চনৰ পিচত প্ৰথম বাৰৰ বাবে এনে দুৰ্যোগ আহিছে। প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা ভিডিও কনফাৰেন্সত ৰাজ্যৰ বাবে অৰ্থনৈতিক সহায় বিচৰা হৈছিল।
তেওঁ বাহিৰৰ পৰা অহা শ্ৰমিকক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে।
মুখ্য মন্ত্ৰী সোণোৱালে জানিবলৈ দিয়ে যে অসম চৰকাৰ তৰফৰ পৰা পুনৰ ১৪ দিন অসমত লকডাউন বৃদ্ধি কৰিবলৈ প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।
মুখ্য মন্ত্ৰীয়ে ইয়াৰ মাজতে কৃষক সন্মান নিধি কেলেংকাৰিৰ তদন্ত চলি আছে বুলিও জানিবলৈ দিয়ে। | web |
deddefec0e0d344e23582424f6366e929c536b3e | আজি মহা শিৱৰাত্রি। গধূলি ৫ বজাৰ পৰা মহা শিৱৰাত্রিৰ লগ্ন আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ সমূহ শৈৱিক দেৱালয়,শিৱ মন্দিৰত দেৱাদিদেৱ মহাদেৱৰ পূজা-অৰ্চনা আৰম্ভ কৰিছে ভক্তসকলে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত মহাদেৱৰ পূজা-অৰ্চনা কৰিবলৈ বিপুলসংখ্যক ভক্তৰ সমাগম ঘটিছে। আহোম যুগত প্ৰতিষ্ঠিত গুৱাহাটীৰ শুক্ৰেশ্বৰ দেৱালয়, উমানন্দ দেৱালয়,উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ দেৱালয়,ৰুদ্ৰেশ্বৰ দেৱালয়ত শিৱ আৰাধনাৰ বাবে অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। | web |
96cc71cbab025342e008ffb633c4b4d2eab47a79 | মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যখনৰ সামাজিক উন্নয়ন, জনজাতি উন্নয়ন, যুৱ কল্যাণ, মহিলা সৱলীকৰণ, সমবায় খণ্ডৰ উন্নয়ন আৰু আন্তঃৰাজ্যিক সীমান্তত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ দিশত উল্লেখযোগ্য বৰঙণি যোগাই অহা কেইগৰাকীমান অগ্ৰণী ব্যক্তিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে।
বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে দেশত আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত জনসাধাৰণক সজাগ আৰু সামাজিক দূৰত্ব বজাই ৰখাত অগ্ৰণী ভূমিকা পালন কৰিবলৈ এই সকল ব্যক্তিক আহ্বান জনায়।
মুখ্য মন্ত্ৰী সোণোৱালে লগতে এই সময়ছোৱাত জনসাধাৰণৰ মনোবল বৃদ্ধিৰ বাবে উদ্বুদ্ধ কৰাৰ বাবেও আহ্বান জনায়।
মুখ্য মন্ত্ৰীয়ে আজি পোনযোগে বাৰ্তালাপ কৰা ব্যক্তি কেইগৰাকী হ'ল ডাঃ মালতি বৰা, শশীকান্ত চৌথাইবালে, শংকৰ দাস কলিতা, নিৰ্মলেন্দু দে, ভূপেন শৰ্মা, পুৰন্দৰ বৰুৱা, খগেন শইকীয়া, যোগেশ শাস্ত্ৰী, শ্ৰী শ্ৰী কৃষ্ণ ভীড়ে, সন্দিপ কবিশ্বৰ, ব্ৰহ্মাজী ৰাও।
ইয়াৰ উপৰি পৱন তিৱাৰী, ড০ নিৰ্মল বৰুৱা, কুলেন্দ্ৰ কুমাৰ ভাগৱতী, নিৰৱ ঘেলানী, গঃএশ কুণ্ডে, প্ৰদীপ কুমাৰ, পি সূৰ্য্যনাৰায়ণ, ৰমেন শৰ্মা, বিপুল ডেকা, মৃণাল লস্কৰ, সুৰেন্দ্ৰ নাথ কলিতা, ভৱেন সিং বসুমতাৰী আৰু যোগেশ্বৰ গোস্বামীৰ সৈতেও টেলিফোনযোগে বাৰ্তালাপ কৰে।
উল্লেখ্য যে মহামাৰী ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত চলি থকা লকডাউনৰ সময়ছোৱাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সময়ে সময়ে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত ব্যক্তিসকলৰ সৈতে এই টেলিফোনযোগে বাৰ্তালাপ কৰি থকা পৰিলক্ষিত হৈছে। | web |
d061864212b712e5b3ab4dbefbc588d6ce85bc68 | "পন্নিয়িন চেলভান"-অৰ্থাৎ প'ন্নিৰ পুত্ৰ। তামিল ভাষাৰ এই ব্যয়বহুল ছবিখনৰ কাহিনীভাগ লিখক কল্কি কৃষ্ণমূৰ্তিৰ একেই নামৰ উপন্যাসখনৰ(১৯৫৫ চন)ভেটিত। ৰাজতন্ত্ৰৰ কূটনীতি কেন্দ্ৰীক বুৰঞ্জীমূলক এখন ছবি পন্নিয়িন চেলভান। বিখ্যাত পৰিচালক মনিৰত্নমৰ এই ছবিখনৰ বাবে বহু আগ্ৰহী দৰ্শকে বাট চাই আছিলে। ছবিখনৰ পৰিচালনা মনিৰত্নমৰ,যুটীয়াভাৱে চিত্ৰনাট্য লিখিছে-মনিৰত্নম আৰু ইলাংগ' কুমাৰাভেলে। সংলাপ-আৰ বিজয়মোহনৰ। সংগীত পৰিচালনাৰ সামগ্ৰিক দিশ-এ আৰ ৰেহমানৰ। এই ছবিখন মনিৰত্মমৰ স্বপ্নৰ ছবি আছিল। বৰ্ণাঢ্য আয়োজন আৰু বিশাল বাজেটেৰে গত ৩০ ছেপ্তেম্বৰত মুক্তিপ্ৰাপ্ত ছবিখনে যথেষ্ট ব্যৱসায়িক মুনাফাও লাভ কৰিবলৈ সক্ষম হ'ল। ছবিখন দৰ্শকৰ বাবে এমেজন প্ৰাইমত উপলব্ধ।
কিছু কাহিনী কথনেৰে আৰম্ভণি ঘটা ছবিখনৰ প্ৰথম দৃশ্যাংশই যুদ্ধৰে। চ্চ'লা সাম্ৰাজ্যৰ ভৱিষ্যতক লৈ বিভিন্ন ঘটনাবহুল দৃশ্যাংশৰে ছবিৰ কাহিনীভাগ আগুৱাই। পিছে মূল কাহিনীয়ে কি ক'ব খুজিছে,বা কাহিনীকাৰে কি প্ৰদৰ্শন কৰিব বিচাৰিছে,সেয়া প্ৰথমাৰ্দ্ধত বাদেই,দ্বিতীয়াৰ্দ্ধ পৰ্যন্ত সুস্পষ্ট নহ'ল। মূল কাহিনীক দৰ্শকৰ বাবে এক স্পষ্ট ৰূপত গ্ৰহণযোগ্য কৰি তোলাৰ পৰিৱৰ্তে আনুষংগিক আৰু বিশেষ কোনো প্ৰয়োজনীয়তা নথকা ঘটনা,পৰিস্থিতিৰ চিত্ৰায়নত অপ্ৰয়োজনীয়ভাৱে বহু সময়ৰ অপচয় কৰা দেখা গ'ল-সমগ্ৰ ছবিখনতেই। অৰ্থাৎ,যুদ্ধ-বিগ্ৰহ,উত্তেজনা আদি উপাদান থাকিলেও,ছবিখনৰ কোনো এটা অংশতেই পৰৱৰ্তী পৰ্যায়ত কি হ'ব পাৰে,তাক লৈ সামান্যতম কৌতূহলো অনুভৱ নহ'ল। গতিকে,কাহিনীকাৰ সম্পূ্ৰ্ণৰূপে বিফল বুলিব লাগিব।
এই অপ্ৰয়োজনীয় ঘটনাবহুলতা,দৃশ্যাংশৰ উপস্থাপনে কাহিনীৰ মূল বিষয়বস্তুক কক্ষচ্যুত কৰিলে। উপন্যাসৰ বৰ্ণনাধৰ্মীতাক ছবিত হুবহু ৰূপত দৃশ্যায়িত কৰাৰ এক অতিশয় ভুল পদক্ষেপ আছিল বুলি অনুভূত হয়। মনোৰঞ্জনধৰ্মী ছবিত গীত-নৃত্যৰ ব্যৱহাৰ অস্বাভাৱিক নহয়। পিছে এই ছবিখনত কাহিনীভাগৰ দৰে একেদৰেই,একেবাৰেই অপ্ৰয়োজনীয়ভাৱে বাৰম্বাৰ নাটকীয় গীত-নৃত্যৰ প্ৰয়োগ,আন এক সময়ৰ অপব্যৱহাৰ আৰু বিৰক্তিদায়ক অংশ। গতিকে কাহিনীৰ গতি অৱশ্যেই অতি মন্থৰ বা,প্ৰায় সময়তেই চিনেমা এখন চাই থকা যেন অনুভৱ নোহোৱা বিধৰ।
চিনেমাখনত তিনিটিমান নাৰী চৰিত্ৰ আছে,প্ৰথমেই ৰাজসভাত নাৰীক কেন্দ্ৰ কৰি অপমানসূচক কথা-বাৰ্তাৰ উপস্থাপন,আৰু এই প্ৰতিটো চৰিত্ৰকেই অতিশয় ৰূপ-লাৱণ্যময়ী,আৱেদময়ী আৰু পুৰুষৰ মনোৰঞ্জনধৰ্মী এক উপাদানৰ দৰেহে ব্যৱহাৰ কৰা দেখা গ'ল। লগতে কূটনৈতিক বুদ্ধিৰে সমৃদ্ধ আৰু ছলনাময়ী এক ৰূপকেই প্ৰতিটো নাৰী চৰিত্ৰৰ মাজেৰে প্ৰদৰ্শন কৰা হ'ল। চিনেমাখনৰ নান্দনিক দিশটো ভাল বুলিবই লাগিব। পিছে বহু সময়ত নাৰী চৰিত্ৰকেইটিক এইক্ষেত্ৰতো এক আলংকাৰিক ৰূপ প্ৰদৰ্শনৰ বাবেই ব্যৱহাৰ কৰা দেখা গ'ল। কলা নিৰ্দেশনা কৰিছে-ইলিয়া ৰাজাই। মাজে মাজে হাস্যৰস দিবৰ উদ্দেশ্যে এটি চৰিত্ৰৰ উপস্থাপন কৰিছে যদিও,হাস্যৰসৰ প্ৰয়োগ বলপূৰ্বক।
মনিৰত্মমৰ দৰে পৰিচালক,কাহিনীকাৰৰ পৰা এনেধৰণৰ দুৰ্বল দিশ মুঠেই প্ৰত্যাশিত নাছিল। অতি ব্যয়বহুলতা আৰু চাকচিক্যৰ আয়োজনত চিনেমাৰ পৰিভাষাই বিভ্ৰান্ত হ'ল। অভিব্যক্তি প্ৰকাশত দুই এটি চৰিত্ৰৰ বাদে বাকী সকলোৰে অতি নাটকীয়তা,আন এক ভাল নলগা দিশ। ল'কেচনবিলাকৰ খুবেই সুন্দৰ নিৰ্বাচন,লগতেই আৱহ-সংগীতৰংগীতৰ প্ৰয়োগো প্ৰায় সময়তে খাপ খোৱাবিধৰ। কেমেৰাৰ কৌণিক দিশ(এংগল)ৰ ব্যৱহাৰ ভাল। ৰবি বাৰ্মানৰ আলোকশিল্পৰ কাম ভালেই বুলিব লাগিব।
বিক্ৰম, ঐশ্চৰ্য ৰায় বচ্চন, ঐশ্চৰ্যলক্ষ্মী, জয়ৰাম ৰবী আদিৰ দৰে অভিনেতা-অভিনেত্ৰীৰে সমৃদ্ধ হ'লেও, কাৰো অভিনয়তেই উল্লেখনীয় তেনে কোনো উপাদান দেখা নগ'ল। দুঘন্টা ৫০মিনিট সময়,এই ছবিখনক দিবলৈ দুনাই ভবাৰ থল আছে। শেষাংশলৈকে ইমান অপ্ৰয়োজনীয়ভাৱে দীঘলীয়া কৰিছিল যে,অন্তিম দৃশ্যটি চাবৰ বাবে বহুখিনি ধৈৰ্যৰ প্ৰয়োজন হৈছিল। এই ছবিখনৰ দ্বিতীয়ভাগ অৰ্থাৎ চিকুৱেলে ২০২৩ ত মুক্তিলাভ কৰিব। | web |
ae01e768910de627a20563e5a9dde05f2e1a5690 | - বৰছলা সমষ্টিত পৰাজয়ৰ দিশে কংগ্ৰেছ প্ৰাৰ্থী আৰ পি শৰ্মা।
- সমষ্টিটোৰ পৰা বিজেপিৰ গণেশ কুমাৰ লিম্বুৱে ১৭ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে।
- ইফালে বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা নিশ্চিত বিজয়ৰ দিশে।
- বটদ্ৰৱা সমষ্টিত বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকা প্ৰায় ২৪ হাজাৰ ভোটৰ ব্যৱধানত পিছ পৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published : | web |
cc2e91f5b8358eae401802fd1a03e2992bb0de71 | Ngalenga tigini, Anyakaro no mayonbona.
1 Yame ilibafe gane tigini, ji pas beha elebe tere yerege tagi ngani. Pas nga beha langa ji tere beele le tigehenga, tere jaimu tigonga tere ege dada beha bonade ninatege isi bonade, tere tebere ninatege oruwanga tigini inyonbona. 2 Ji tere dada iinga ege heigonbona waha nomo beele bonade ninatege isagu ganga boni gau hina, wa nere Itou nomo profet malalamudu lewane. Onodu tere Anyakaro nomo nuuni beele bonade fere ninatege isagu, no ere ege gidu haigou fai. Tere nuuni beele waha, nere aposel tere bagu mayane waha nebere huranege langa iseyeha.
3 Onou wa, dada anyakaro tere isagu ganga wa benou, Fati usuwou saini langa, nere memesi beele lewei nomo fai heigodbode, onodu nere nebere huwanyanege nomo gauwou inyaba oojo wodbode. Nere memesi beele 4 benou lewodbode, "No benou lewai, no ege gidu mayonbona yo? Ariya no alanga yafana? No ada mayona. Saini nere asage gane umeru wane langa mai elebe, dada oruwanga hogo etenga inyina, gai amina saini oula heigai langa inyai dorofenga." 5 Nere ninanege isi dedu dada waha bode isei nomo awane. Gai amina langa Itou no lewainga taene heigaiha. Onodu Itou no yaage tedu oula yaage gama langa tafainga heigai. 6 Onodu iinga Itou no lewainga yaage ege heigedu kuwei anyakaro oula beha kutau wainga, oula inyaba borowaiha. 7 Onodu elebe, Itou nomo beele onounga langa, taene oula bagu eeya heigedu inyabamu nirei nomo itaridere. Taene oula bagu nere kot nomo fati anyakaro heigei nomo itaridere, onodu nere fai Itou moge tuwane waha, nere inyaba boro wodbode. 8 Tere ilibafe gane tigini, tere dada etenga beha bonade ninatege adai hilalawou. Anyakaro nomo ninau langa fati etenga waha 1,000 haga orei dorofe, onodu 1,000 haga orei no fati etenga dorofe. 9 Anyakaro no dada heigemuwei nomo beele baara tawai waha no haruwe foifoi ada tetena, nere fai ila lede dorofe. Uwa. Ariya, no fai ete te yaaewei nomo gau tuwei uwa. No fai oruwa huwanyanege ubuluwei nomo gau tuna, onou waha bona, no tere foinga ono tigi bona, gai itari tigi bona yafana.
Oula taene bagu beha usu wodbodere.
10 Onou wa, Anyakaro nomo Fati no yebu fai maide dorofe fasayadu heigonbona. Fati waha langa taene no inyangaro boloudu gai usu dewonbona. Onodu dada mene-mene oruwanga Itou no oula langa tafai waha, eeya biteru wonga usu wodbode. Onou waha bona oula bagu dada oruwanga oula langa tafai inyina waha ege ada inyonbona. 11 Ariya, tere ninatege isagu. Nere dada waha oruwanga fanyimu onou langa usu wogunga, tere isagu tere fanyimu adoha waha oojo wagu ganga? Tere tebere agetege auma yafou Itou tudu bonade, tere fanyimu guuni langa golo bonade, Itou nomo onowou oruwanga oojo wagu. 12 Tere fanyimu waha langa Itou nomo Fati heigei nomo itari wagu, onodu Fati waha siisa tuwei nomo haruwe danga bagu tadenga, no fasayadu heigonbona. Fati waha langanga taene no eeyadu bona usu wonbona, onodu eeya gai ngasu bagu no Itou dada mene-mene oruwanga oula langa tafai waha biteru wonga ewe yaage wodbode. 13 Onou wa, Itou no oula eege bagu taene eege bagu atei nomo beele baara tawaiha, onodu fanyimu tigini wahanga walanga inyonbona. Ere dada wahanga heigei nomo itariya.
Ere Anyakaro itari tuboya ure dewoboya.
14 Tere ilibafe gane tigini, tere dada waha heigei nomo itari-itariya. Onou waha bona, tere tage Itou ago langa jijiga uwau, dada ete bonade nyabuluwou ete uwau yafagu ganga bona haruwe danga bagu taagu. Onodu tere Itou bagu huwanyatege etenga yafagu. Onodu Anyakaro nomo Fati langa, Itou no tere tebere fanyitege hilobainga waha uronbona. 15 Anyakaro no gai itari bona, foinga ono higina. Tere isagu, no fanyimu onou langa onona waha taate bona, no ere ege gidu haigei nomo bona onona. Itou no ere ebere baige tigini Pol isou hilobainga tuwai, onodu no fere beele benounga tere yerege tagai. 16 No nomo pas oruwa langa, no dada waha bona le‑lena. Ngalenga, pas beha langa beele ila foo dewei uwa, onodu ere beele hugu isi dewoboya ababi-ababiya. Onou waha bona, nere fai isou uwau nebere huwanyanege ngalengawou danga uwa waha, nere beele beha hilalamu bode, Itou nomo buk langa beele oruwanga inyina fere onounga ono-onode. Onou bona nere inyaba dewodbode.
17 Tere ilibafe gane tigini, Tere dada iinga gonga heigonbona waha amina iseye. Onou waha bona, tere tage ure dewagu. Gamaji nere fai nuuni beele feiyagou nebere yaawawou kuse tigonga, tere huwanyatege ngalengawou langa ege danga bagu ada otowagu ganga. 18 Yesus Kristus no ere ebere Anyakaro, no ere ege gidu haigou Fai, no tere bona augami tuganga tere no iside tuya. Onodu tere Kristus nomo aau warou awa tuwadenga dangamu tigi gonga, tere isou baingaro no langa taagu ganga. No unyi tigini anyakaro, onodu ere no unyi elebe bagu saini oruwanga isou woboya. Wa ngalenga.
| web |
c4f9fbfa8c5a5ca6477a2248262a2cbc16ce20bb | আজি হায়দৰাবাদ হাউছত বৈঠকত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ভাৰত-মার্কিন প্রতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্রত দুই দেশৰ মাজত উল্লেখযোগ্য আলোচনা হোৱা বুলি প্রেছ বিবৃতিত জনায় দুই ৰাষ্ট্রপ্রধানে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয়, প্রতিৰক্ষা আৰু নিৰাপত্তা, শক্তি ক্ষেত্রত কৌশলগত অংশিদাৰিত্ব, তথ্য-প্রযুক্তি দ্বিপাক্ষিক বাণিজ্যিক সম্পর্কৰ দৰে সকলো বিষয়েই আলোচনা হৈছে।
ডোনাল্ড ট্রাম্পৰ বক্তব্য :
মোদীৰ বক্তব্যঃ | web |
8b0b20e73159128104687035ca855aab741bd58a | অসম সমবায় এপেক্স বেংকে CA,CS,MBA/PGDM আৰু যিকোনো ডিগ্ৰীধাৰী লোকৰ বাবে জেনেৰেল মেনেজাৰ, ডেপুতি জেনেৰেল মেনেজাৰ পদৰ বাবে আবেদন মুকলি কৰিছে । আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ১০/২/২০২০ আগত নিদ্ধাৰিত ফৰমেতত আবেদন কৰিব পাৰিব।
আবেদনকাৰী সকলে মেনেজমেন ডাইৰেক্ট্ৰৰ বিষয়াৰ কাৰ্যালয়ত বেংকযোগে ১০/২/২০২০ চনৰ আবেলি ৫ বজালৈ আবেদন সমুহ প্ৰেৰণ কৰিব পাৰিব । আবেদনকাৰী সকলে সম্পূণ প্ৰমান প্ৰত্ৰ সমুহ www. apexbankassam. com ৰ পৰা ডাওনলোড কৰিব পাৰিব । | web |
End of preview. Expand
in Dataset Viewer.
No dataset card yet
- Downloads last month
- 64